অসমীয়া সাহিত্যৰ বুৰঞ্জী — ড° মৃণাল জ্যোতি গোস্বামী

পঞ্চম অধ্যায় : প্ৰাক্-অৰুণোদয় যুগ

৫.১ আৰম্ভণি
আধুনিক অসমীয়া সাহিত্যৰ উন্মেষৰ স্তৰটোৰ নাম ‘অৰুণোদয় যুগ’৷ ১৮৪৬ চনৰ পৰা ১৮৮৯ চনৰ ভিতৰত ৰচিত অসমীয়া সাহিত্যখিনিক ‘অৰুণোদয় যুগ’ৰ সাহিত্য নামে অভিহিত কৰা হয়৷ দৰাচলতে ১৮৪৬ চনত ‘অৰুনোদই’ নামৰ এখনি আলোচনী তথা সংবাদপত্ৰ প্ৰকাশ পায়৷ এইখনেই অসমীয়া ভাষাত প্ৰকাশ পোৱা প্ৰথম আলোচনী বা বাতৰিকাকত৷ এই আলোচনীখনিৰ নামেৰে এই যুগটোক ‘অৰুণোদয়’ বুলি নামকৰণ কৰা হৈছে৷ ১৮৮৯ চনত ‘জোনাকী’ কাকতৰ প্ৰকাশৰ লগে লগে এই যুগটোৰ অৱসান ঘটে৷ অৱশ্যে এই যুগ বিভাজন বা সময়সীমাৰ নিৰ্ধাৰণ বা নাম নিৰ্ধাৰণ/নিৰূপণৰ ক্ষেত্ৰটো সাহিত্যৰ ইতিহাসকাৰসকলৰ মাজত মতবিৰোধ পৰিলক্ষিত হয়৷ উল্লেখযোগ্য যে ১৮৪৬ চনৰ আগতেও কিছু সংখ্যক লেখকে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাললৈ অৱদান আগ বঢ়াইছিল৷ তেওঁলোকক ‘প্ৰাক্-অৰুণোদয় স্তৰ’ৰ লেখক হিচাপে সাহিত্যৰ বুৰঞ্জীকাৰসকলে চিহ্নিত কৰিছে আৰু তেওঁলোকৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ১৮২৬-১৮৪৬ চনলৈ৷ অৱশ্যে এই নামকৰণৰ ক্ষেত্ৰটো সহিত্যৰ ইতিহাসকাৰসকলৰ মাজত মতবিৰোধ আছে৷ অসমীয়া সাহিত্যৰ ইতিহাসকাৰ সত্যেন্দ্ৰনাথ শৰ্মাই তেখেতৰ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ত একাদশ অধ্যায়টো ‘বৰ্তমান সাহিত্য’ নামদি ‘বৰ্তমান সাহিত্যৰ পটভূমি আৰু সূচনা’ বুলি আলোচনা কৰিছে৷ ইয়াতেই তেখেতে ১৮৩০-৭০ চনৰ কালছোৱাক ‘মিছনেৰী সাহিত্যৰ কাল’ বুলি কৈ তাক পুনৰ ‘প্ৰাক্-অৰুণোদয় (১৮৩০-১৮৪৬) আৰু অৰুণোদই স্তৰ (১৮৪৬-১৮৭০) হিচাপে ভাগ কৰি আলোচনা কৰিছে৷ ঠিক সেইদৰে অসমীয়া সাহিত্যৰ আন এগৰাকী ইতিহাসকাৰ মহেশ্বৰ নেওগে ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ গ্ৰন্থখনত ‘আদি ব্ৰিটিশ যুগৰ অন্ধকাৰঃ ঐতিহ্যসেৱীসকলঃ অসমীয়া ভাষাৰ অপসাৰণ’ শিৰোনামৰ অধ্যায়টোত ‘অৰুনোদই’ কাকতৰ প্ৰকাশৰ আগৰ সময়ছোৱাৰ কথা আলোচনা কৰিছে৷
এই দুয়োটা বিভাজনেই গুৰুত্ব সহকাৰে বিবেচনা কৰি এই চমু ইতিহাসখনত আমি ১৮২৬-১৮৪৬ চনৰ সময়সীমাক ‘প্ৰাক্-অৰুণোদয় স্তৰ’ হিচাপে চিহ্নিত কৰিছোঁ৷ ইয়াৰ পৰৱৰ্তী অধ্যায়টোত আমি ‘অৰুনোদয়’ কাকতখনৰ প্ৰকাশৰ পৰা ‘জোনাকী’ কাকতখন প্ৰকাশৰ সময়ছোৱাৰ কথা অন্তৰ্ভুক্ত কৰিম৷ প্ৰসংগক্ৰমে উল্লেখ কৰি যোৱা হ’ল যে, ‘অৰুনোদই’– শব্দটিৰ আখৰ-জোঁটনিৰ ক্ষেত্ৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সৈতে মিছনেৰীসকলৰ মতবিৰোধ হৈছিল৷ অৱশেষত হেমচন্দ্ৰ বৰুৱাৰ অকাট্য যুক্তিৰ ওচৰত তেওঁলোক সেও হ’ল৷ সেয়ে, ১৮৬১ চনৰ জানুৱাৰী মাহৰ সংখ্যাটিৰ পৰা আলোচনীখনৰ নাম– ‘অৰুনোদই’ৰ সলনি ‘অৰুণোদয়’ কৰা হ’ল৷

৫.২ পটভূমি
প্ৰাক্-অৰুণোদয় যুগৰ সামাজিক পটভূমি সম্পৰ্কে আলোচনা কৰিবলৈ হ’লে আমি অসম বুৰঞ্জীৰ মানৰ আক্ৰমণৰ সময়লৈ উভতি যাব লাগিব৷ এবাৰ এবাৰকৈ তিনিবাৰ অসম আক্ৰমণ কৰিছিল মান সকলে৷ এই আক্ৰমণৰ ফলত অসম প্ৰায় মৰিশালিত পৰিণত হৈছিল৷ মানৰ অত্যাচাৰত অসমীয়া মানুহে যি জীয়াতু ভুগিবলগীয়া হৈছিল, তাৰ তুলনা পাবলৈ নাই৷ মানৰ আক্ৰমণত জুৰুলা হোৱা অসমীয়া জাতি সেই সময়ত মৰিশালিৰ পৰা অহা মানুহৰ দৰে আনন্দবিহীন, উৎসাহশূন্য হৈ পৰিছিল৷ অসমীয়া মানুহে যিকোনো উপায়ে এই দুৰ্দশাপূৰ্ণ অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰিছিল৷ সেই সময়তে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে অসমীয়া মানুহক মানৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ অসমত আহি উপস্থিত হয়৷ ফলত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ লগত মানৰ ‘ইয়াণ্ডাবু সন্ধি’ স্বাক্ষৰিত হয়৷ ১৮২৬ চনৰ এই ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশ ইষ্ট-ইণ্ডিয়া কোম্পানী অৰ্থাৎ ইংৰাজৰ হাতলৈ যায়৷ ইংৰাজৰ হাতলৈ শাসন ব্যৱস্থা গ’লেও মানৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাত অসমীয়া মানুহে স্বস্তিৰ নিশ্বাস পেলালে৷ শান্তিৰে উশাহ লোৱাৰ স্বাৰ্থতে ইংৰাজৰ শাসন মানি লোৱাৰ বাহিৰে অসমীয়া মানুহৰ আন উপায়ো নাছিল৷ মানৰ আক্ৰমণত বিপৰ্যস্ত অসমীয়া জাতিৰ জীৱনী শক্তিও তেতিয়া তেনেই ক্ষীণ হৈ পৰিছিল৷
মানক খেদি দেশখন থান-থিত লগাৰ পাছত ইংৰাজসকলে অসম এৰি গুচি যাব বুলি ভবা হৈছিল৷ কিন্তু বাস্তৱত তেওঁলোকে অসমখন স্থায়ীভাৱে দখল কৰি লোৱাৰ বাবেহে উঠি-পৰি লাগিল৷ বিপদৰ সময়ত সহায় কৰিবলৈ আহি ৰক্ষকেই যেতিয়া ভক্ষক হৈ সকলো ক্ষমতা নিজৰ হাতলৈ নিলে, তেতিয়াই অসমীয়া জাতিৰ স্বাধীনতাৰো বিলুপ্তি ঘটিল৷ সেই সময়ত মানৰ আক্ৰমণত জৰ্জড়িত অসমীয়া মানুহৰ প্ৰতিবাদ কৰিবলৈও শক্তি নাছিল৷ গতিকে ইংৰাজৰ ৰাজত্বক মানি লৈ যি শান্তি-সমৃদ্ধি দেশখনলৈ আহিব বুলি ভবা হৈছিল, সেই শান্তি-সমৃদ্ধি নাহিল৷ মানক খেদাৰ ছলেৰে ইংৰাজে অসমত খুঁটি পুতি বহিহে ল’লে৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে ব্ৰিটিছসকলে অসমত তেওঁলোকৰ উপনিৱেশ স্থাপন কৰাৰ আগৰ সময়ছোৱা আছিল অসমৰ বাবে একেবাৰে অন্ধকাৰাছন্ন সময়৷ মায়ামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আদিয়ে অসমীয়া সমাজ গাঁথনিৰ গোটেই ব্যৱস্থাটোৱেই ভাঙি পেলাইছিল৷ এই কথা Moffatt Millsৰ প্ৰতিৱেদনতো উল্লেখ আছে৷
ব্ৰিটিছে অসম দখল কৰাৰ পৰৱৰ্তী কালত অসমৰ সমাজ গাঁথনিত কিছু পৰিমাণে ৰূপান্তৰ সাধিত হয় যদিও মূল গঠন বিন্যাস প্ৰায় একেই থাকিল৷ অৱশ্যে নতুন সমাজ ব্যৱস্থাত ‘মধ্যবিত্ত’ নামেৰে এক নতুন সামাজিক শ্ৰেণীয়ে আত্মপ্ৰকাশ কৰে৷ ইংৰাজসকলৰ আমোলত আহোম স্বৰ্গদেউসকলৰ দিনত বিষয়া, ডা-ডাঙৰীয়াসকলে লাভ কৰা পদমৰ্যাদা আৰু সা-সুবিধাসমূহ কৰ্তন কৰা হয়৷ ভাৰতৰ উত্তৰ-পূব সীমান্ত অঞ্চলৰ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে কৰ্মৰত ডেভিদ স্কটে অসমতো তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰ্হিত প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰে৷ নব্য ভূমি নীতি, মুদ্ৰা অৰ্থনীতিৰ বিকাশ, টকাৰ মাধ্যমত মাটিৰ খাজানা, হাট, ঘাট, বিল, হাবি-জংঘল আদিৰ ওপৰত নতুন নতুন কৰ-কাটল বহুওৱা হয়৷ প্ৰতি পাইকৰ ওপৰত তিনি টকাকৈ কৰ আৰোপ, ৰায়তৰ মাটিৰ ওপৰত খাজনা আৰোপ, ব্ৰহ্মোত্তৰ আৰু দেৱোত্তৰ মাটিৰ ওপৰত খাজনা আৰোপ আদিৰ যোগেদি ইংৰাজে অসমীয়া মানুহক শোষণ কৰি প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ধৰিলে৷ প্ৰতি পাইকৰ ওপৰত তিনি টকাকৈ কৰ আৰোপ, ৰায়তৰ মাটিৰ ওপৰত খাজানা আদিয়ে অসমীয়া সমাজখনৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ আৰ্থিক স্থিতি আৰু অৱনমিত কৰি তোলে৷ ইংৰাজসকলে জাপি দিয়া নতুন আইন-কানুন, পদ্ধতি আদি অসমৰ বাবে আচহুৱা আছিল; পুৰণি ডা-ডাঙৰীয়াসকলেও তাৰ আও-ভাও পোৱা নাছিল৷ সেইবাবে এই নব্য শাসন ব্যৱস্থাত ঠাই পালে শিক্ষিত ব্যক্তিয়ে৷ ‘‘ইতিহাসৰ গতিগোত্ৰ অনুধাৱন কৰি অসমীয়া আঢ্যৱন্ত আৰু উচ্ছ-বৰ্ণৰ লোকসকলে ব্ৰিটিছৰ অনুগত হয়; কাৰণ শিক্ষিত শ্ৰেণীটোৰ অধিকাংশই আছিল এই শ্ৰেণীৰ অন্তৰ্গত৷’’ অৱশ্যে লক্ষণীয় যে অসমীয়া সমাজলৈ অহা এই পৰিৱৰ্তনে কিন্তু অসমীয়া সৰ্বসাধাৰণ ৰাইজৰ চুব পৰা নছিল৷ তেওঁলোক ব্ৰিটিছৰ শোষণ-নিপীড়নৰ বিৰুদ্ধে নিজকে প্ৰস্তুত কৰাত ব্যস্ত আছিল বুলি প্ৰফুল্ল মহন্তই ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ত উল্লেখ কৰি গৈছে৷ এই সময়ছোৱাত অসমৰ সমাজ জীৱনত হোৱা পৰিৱৰ্তনসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি৷
এনে দুৰ্যোগপূৰ্ণ অৱস্থাত অসমৰ শিক্ষা আৰু সাহিত্যলৈ চাবৰ কাৰো আহৰি নাছিল৷ জীয়াই থকাটোৱে মুখ্য সমস্যা হৈ পৰিছিল৷ তাতে আকৌ যেতিয়া অসমীয়া ভাষাক বহিষ্কাৰ কৰি বাংলা ভাষাক পঢ়াশালি আৰু আদালতত ঠাই দিলে তেতিয়া শিক্ষা আৰু সাহিত্যচৰ্চাৰ সামান্য সম্ভাৱনাকণো নোহোৱা হৈ পৰিল৷ ইংৰাজে তেওঁলোকৰ শাসন কাৰ্যত সহায়ৰ বাবে, কেৰাণী-মহৰী আদি কামৰ বাবে বংগদেশৰপৰা বাঙালী লোকক অসমলৈ আমদানি কৰিছিল৷ বাঙালী আমোলাসকলৰ কিছু অংশই ইংৰাজক বুজাই দিলে যে অসমীয়া ভাষা এটা স্বতন্তৰীয়া ভাষা নহয়, ই বাংলা ভাষাৰে এটা গ্ৰাম্য অপভ্ৰংশ মাত্ৰ৷ গতিকে অসমীয়া ভাষাৰ সলনি অসমৰ পঢ়াশালি, আদালতত বাংলা ভাষাৰহে প্ৰচলন হ’ব লাগে৷ ইংৰাজ শাসকসকলেও দেখিলে অসমত বাংলা ভাষা চলালে প্ৰশাসনিক সুবিধা বেছি৷ সেয়ে ১৮৩৬ চনত স্কুল-কাছাৰী আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাক ইংৰাজে প্ৰতিষ্ঠা কৰিলে৷ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ প্ৰায় দুকৰি বছৰকাল বাংলা ভাষাই অসমৰ পঢ়াশালি আৰু আদালতত আধিপত্য লাভ কৰাৰ ফলত অসমৰ শিক্ষা, ভাষা, সাহিত্যৰ ক্ষেত্ৰত অশেষ ক্ষতি হ’ল৷ তদুপৰি ইয়াৰ ফলত অসমীয়া মানুহ পঞ্চাশ বছৰকাল পিছুৱাই যাবলগীয়াত পৰিল৷ সেইবাবে ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ এই সময়ছোৱাক অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰসকলে ‘অন্ধকাৰ যুগ’ বুলিও আখ্যা দিছে৷
অসমীয়া ভাষাৰ এনে দুৰৱস্থা আৰু অন্ধকাৰময় সময়তে ১৮৩৬ চনত সুদূৰ আমেৰিকাৰ পৰা বেপ্তিষ্ট মিছনেৰীসকলে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমত ভৰি দিয়েহি৷ নাথান ব্ৰাউন, ও.টি.কট্টাৰ, মাইলচ্ ব্ৰন্সন আদি মিছনেৰীয়ে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শদিয়া, শিৱসাগৰ, নগাঁও, গুৱাহাটী আদি ঠাইত থিতাপি লয়৷ অসমত ধৰ্মপ্ৰচাৰ কৰিবলৈ লওঁতেই মিছনেৰীসকলৰ সন্মুখত দেখা দিলে ভাষা সমস্যাই৷ তেওঁলোকে বঢ়িয়াকৈ বুজি উঠিছিল যে থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি-পাঁজি প্ৰকাশ নকৰি বিদেশী অথবা বাংলা ভাষাৰ সহায় ল’লে উদ্দেশ্য সিদ্ধি নহয়৷ অথচ তেওঁলোকে দেখা পালে যে মাতৃভাষাৰ সলনি তেতিয়া অসমৰ পঢ়াশালি, আইন-আদালত আৰু শাসন ব্যৱস্থা সকলোতে বাংলা ভাষাৰহে প্ৰচলন৷ বিদেশী আচহুৱা ভাষা এটাৰ যোগেদি যে এটা জাতিক শিক্ষিত আৰু জ্ঞানী কৰি তুলিব নোৱাৰি সেইকথা মিছনেৰীসকলে বুজি পাইছিল৷ কিন্তু ব্ৰিটিছ শাসকসকলেহে সাধাৰণ কথাটো বুজিও নুবুজাৰ দৰে বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল৷
অসমীয়া ভাষাৰ সম্প্ৰসাৰণৰ বাবে মিছনেৰীসকলে অসমৰ বিভিন্ন ঠাইত পঢ়াশালি স্থাপন কৰে৷ মিছনেৰীসকলৰ সহযোগত অসমৰ বিভিন্ন ঠাইত গঢ়ি উঠা পঢ়াশালিবোৰে অসমত শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গতিকে দেখা যায় যে আধুনিক অসমীয়া ভাষা- সাহিত্যৰ বিকাশত মিছনেৰীসকলে আগবঢ়োৱা অৱদানৰ ভিতৰত পঢ়াশালি স্থাপন প্ৰথম আৰু গুৰুত্বপূৰ্ণ অৱদান৷
অসমীয়া ভাষা প্ৰচলনৰ বাবে পঢ়াশালি প্ৰতিষ্ঠা কৰাৰ পাছত দেখা দিয়া সমস্যাটো হ’ল পাঠ্যপুথিৰ অভাৱ৷ সেয়ে মিছনেৰীসকলেই অসমীয়া ভাষাত পাঠ্যপুথি প্ৰণয়ন কৰিবলগীয়া হ’ল৷ ইয়াৰ ফলস্বৰূপে ছপা হৈ ওলাল– বাৰেমতৰা, প্ৰথম কিতাপ, সাধুকথা, প্ৰথম গণনা, দুতিয়া গণনা, পদাৰ্থবিদ্যা আদি পুথি৷ অসমীয়া ভাষাৰ প্ৰচলনৰ ক্ষেত্ৰত এইখিনি পাঠ্যপুথিৰ ঐতিহাসিক মূল্য অসীম৷
পঢ়াশালি স্থাপন আৰু পুথি ৰচনাৰ লগে লগে মিছনেৰীসকল আন এটা সমস্যাৰ সন্মুখীন হ’ল৷ সেই সমস্যাটো হ’ল– ছপাশালৰ সমস্যা৷ গতিকে মিছনেৰীসকলেই অসমত ছপাশালো বহুৱাব লগাত পৰিল৷ কট্টাৰ আৰু নাথান ব্ৰাউনৰ যত্নতে শিৱসাগৰত এটি ছপাশাল প্ৰতিষ্ঠা হয়৷ এইদৰে অসমত ছপাশাল প্ৰতিষ্ঠা হোৱাৰ ফলত পাঠ্যপুথি আৰু খ্ৰীষ্টধৰ্ম প্ৰচাৰমূলক অনেক পুথি ৰচনা আৰু ছপা হ’বলৈ ধৰে৷ ফলত অসমত এটা শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিবলৈ ধৰে৷
পঢ়াশালি স্থাপন, পাঠ্যপুথি প্ৰণয়ন, ছপাশাল স্থাপন কৰিয়েই মিছনেৰীসকল ক্ষান্ত থকা নাছিল৷ বাংলা ভাষাক অসমীয়াৰ ওপৰত জাপি দি তেতিয়াৰ ইংৰাজ চৰকাৰে যি ভুল ভাষা-নীতি গ্ৰহণ কৰিছিল তাৰ বিৰুদ্ধেও এওঁলোকে যুঁজ দিছিল৷ প্ৰমাণ সহকাৰে চৰকাৰী নীতিৰ ভুলবোৰ আঙুলিয়াই দিছিল৷ মিছনেৰীসকলৰ লগত যোগ দিছিল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি স্বদেশপ্ৰেমী যুৱকে৷ আনন্দৰাম ঢেকিয়াল ফুকনে অকলশৰীয়াকৈ অসমৰ পঢ়াশালি আৰু কাছাৰীত অসমীয়া ভাষা প্ৰৱৰ্তনৰ বাবে প্ৰথমবাৰৰ বাবে অনুৰোধ জনালে৷ ১৯৫৩ চনত মোফট মিলছ অসমলৈ প্ৰশাসনিক কামত আহোঁতে এই প্ৰতিবেদনখন দাখিল কৰা হৈছিল৷ মিলছেও তেওঁৰ প্ৰতিবেদনত অসমীয়া ভাষাৰ স্বকীয়তাৰ বিষয়ে সহমত পোষণ কৰিছিল৷ অৱশ্যে ইংৰাজ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি নিদিলে৷ সেয়ে পৰৱৰ্তী কালত আনন্দৰামে A Few Remarks on the Assamese Language and on Vernicular Education of Assam নামেৰে এখন পুস্তিকা প্ৰস্তুত কৰি অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি সাব্যস্ত কৰি স্ব-ভূমিত প্ৰাপ্য অধিকাৰ দিবৰ বাবে যুঁজ কৰিছিল৷ এই ক্ষেত্ৰত তেওঁক সহায়-সহযোগ আগবঢ়াইছিল মিছনেৰীসকলে৷ এইপুথিখন ১৮৫৫ চনত ছপা পুস্তিকা ৰূপে প্ৰকাশ কৰি মিছনেৰীসকলে ব্ৰিটিছ চৰকাৰলৈ পঠিওৱাৰ লগতে জনা-বুজা লোকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছিল৷ উল্লেখ্যযোগ্য যে এই পুস্তিকাখন আনন্দৰামে নিজৰ নামেৰে নিলিখি A Native ছদ্মনামেৰেহে লিখিছিল৷ এয়া হয়তো ব্ৰিটিছৰ সাম্ৰাজ্যবাদী নীতিৰ প্ৰতি তেওঁৰ আনুগত্যৰ এক নিদৰ্শন৷ অৱশ্যে এটা কথা ঠিক যে ব্ৰিটিছৰ একান্ত আনুগত্য স্বীকাৰ কৰিও আনন্দৰামে অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ইয়াৰ পূৰ্বেও তেওঁ অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে কেইবাখনো পুথি ৰচনা কৰিছিল৷ তেওঁক অনুসৰণ কৰিয়েই তেওঁৰ মৃত্যুৰ পাছত এই দুয়োটা কাম কান্ধ পাতি লয় হেমচন্দ্ৰ-গুণাভিৰামে৷
এইদৰে দেশী-বিদেশী অসমপ্ৰেমীসকলৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত ইংৰাজ চৰকাৰে অৱশেষত অসমত প্ৰয়োগ কৰা ভাষানীতি পৰিৱৰ্তন কৰাৰ প্ৰয়োজন বোধ কৰিলে৷ ১৮৭৩ চনত ইংৰাজ চৰকাৰে নিজৰ ভুল বুজি পাই অসমীয়া ভাষাক পুনৰ ন্যায্য স্থান ঘূৰাই দিয়ে৷ তথাপি ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমত মাতৃভাষাৰ সলনি বাংলা ভাষা প্ৰচলন হোৱাৰ ফলত অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত অপূৰণীয় ক্ষতি হ’ল৷ তাৰ ফলত অসমীয়া ভাষা-সাহিত্য ভাৰতবৰ্ষৰ আনবোৰ প্ৰদেশৰ তুলনাত বহুখিনি পিছ পৰি ৰ’ল৷
এইখিনিতে উল্লেখযোগ্য যে মিছনেৰীসকলে ১৮৪০ চনত শিৱসাগৰত স্থাপন কৰা মিছনেৰী প্ৰেছৰ পৰাই প্ৰথম অসমীয়া সংবাদ-পত্ৰ আৰু আলোচনী অৰুনোদই প্ৰকাশ হয় ১৮৪৬ চনত৷ অৰুনোদই কাকতে ধৰ্ম, সাহিত্য, বিজ্ঞান, ইতিহাস আদি বিষয়ক প্ৰবন্ধ প্ৰকাশ কৰাৰ উপৰি সাধাৰণ-জ্ঞান সম্বন্ধীয় অনেক সংবাদ যোগান ধৰি আধুনিক চিন্তা-চৰ্চাৰ বাট মুকলি কৰি দিছিল৷ মহেশ্বৰ নেওগৰ ভাষাত ‘‘ৰাজভগনৰপৰা বাদুলিয়ে কলঠোক খোৱালৈ’’ সকলোধৰণৰ সৰু-বৰ খবৰ অৰুনোদইত প্ৰকাশ পাইছিল৷ দৰাচলতে, মিছনেৰীসকলে অসমীয়া মানুহৰ এক দুৰ্যোগপূৰ্ণ সময়ত অসমীয়া মানুহৰ পক্ষত থিয় দি ত্ৰাণকৰ্তাৰ ভূমিকা পালন কৰিছিল৷ সেইবাবে হেমচন্দ্ৰ গোস্বামীয়ে সঠিকভাৱেই কৈ গৈছে – “পাদুৰী চাহাবসকল এন্ধাৰ অসমত খ্ৰীষ্টধৰ্মৰ পোহৰ সুমুৱাবলৈ আহিছিল৷ তেওঁবিলাকে ভাবি-চিন্তি দেখিলে, অসমীয়া ভাষাৰ নুমাওঁ নুমাওঁ হোৱা চাকিটিত তেল নিদিলে খ্ৰীষ্টধৰ্মৰ আলোকেৰে মানুহৰ মন পোহৰ কৰা টান হ’ব৷ কাজেই অসমীয়া ভাষাৰ শলিতা গছিৰ গুৰিত তেল ঢালিবলৈ, তেওঁবিলাক সাজু হ’ল৷”
এইদৰে ইংৰাজে ৰাজ্য লোৱাৰ পৰা অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হোৱালৈকে প্ৰায় পঞ্চাশ বছৰকালৰ ভিতৰত সাহিত্যৰ যিখিনি চৰ্চা হ’ল– সেইখিনিয়েই অসমীয়া সাহিত্যৰ আধুনিকতাৰ ভেটি স্থাপন কৰিলে৷

৫.৩ প্ৰাক্-অৰুণোদয় যুগৰ অসমীয়া সাহিত্য
অৰুনোদই কাকতখনকে আধাৰ হিচাপে লৈ ১৮২৬ চনৰ পৰা ১৮৮৯ চনলৈ ৰচিত অসমীয়া সাহিত্যৰাজিক আমি তিনিটা সৰু সৰু যুগত বিভাজন কৰি আলোচনা কৰিব পাৰোঁ– ‘প্ৰাক্-অৰুণোদয় স্তৰ’ (১৮২৬-১৮৪৬), ‘অৰুনোদইঃ অসমীয়া ভাষাৰ পুনঃ প্ৰতিষ্ঠাৰ সময়’ (১৮৪৬-১৮৭৩) আৰু ‘আধুনিক অসমীয়া ভাষা-সহিত্যৰ প্ৰতিষ্ঠাৰ যুগ’ (১৮৭৩-১৮৮৯)৷ ইংৰাজসকলে অসমত তেওঁলোকৰ উপনিৱেশ স্থাপন কৰাৰ আগৰ কালছোৱাত মায়ামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ বাবে অসমীয়া সমাজ জীৱন জুৰুলা হৈ পৰিছিল, এই বিষয়ে ইতিমধ্যে আগৰ শাখাটোত উল্লেখ কৰি অহা হৈছে৷ অসমীয়া সমাজ জীৱনৰ এনে পৰিৱেশ কেনো ধৰণৰ সুকুমাৰ কলা আৰু সাহিত্য সৃষ্টিৰ বাবে অনুকূল নাছিল৷ সেইবাবে ঊনবিংশ শতিকাৰ প্ৰথম তিনিটা দশকত কোনো ধৰণৰ উল্লেখযোগ্য সাহিত্য সৃষ্টি হোৱা নাছিল বুলিয়েই ক’ব পাৰি৷ তথাপি তাৰ মাজতেই প্ৰথমখন অসমীয়া ছপা পুথি ধৰ্মপুস্তক (বাইবেলৰ অসমীয়া ভাঙনি) ১৮১৩ চনত শ্ৰীৰামপুৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পায়৷ অৱশ্যে মন কৰিবলগীয়া যে ধৰ্মপুস্তকখনৰ অসমীয়া আখৰৰ গঢ় থকা প্ৰথম পৃষ্ঠাটোত ১৮১৩ চন বুলি উল্লেখ আছে যদিও ইংৰাজী পৃষ্ঠাটোত ১৮১৯ চনত বুলি উল্লেখ আছে৷ আনকি বাণীকান্ত কাকতিয়েও তেখেতৰ গৱেষণা গ্ৰন্থখনত এই পুথিখনৰ ছপাৰ চন ১৮১৯ চুল বুলিহে উল্লেখ কৰিছে৷ এই প্ৰসংগত আৰু এটি তথ্য সংযোগ কৰি দিব বিছাৰিছো যে শ্ৰীৰামপুৰ মেমৰিজ শীৰ্ষক যি কেইখন কিতাপ প্ৰকাশ পাইছে তাতে সেই প্ৰেছৰ জমা-খৰচৰ হিচাপো সন্নিৱিষ্ট হৈছে৷ ইয়াৰে Seventh Memoir respecting Translationsত ১৮১৯ চনত হে অসমীয়া অনুবাদৰ খৰচখিনি অন্তৰ্ভুক্ত কৰা হৈছে৷ এই বিষয়ে এতিয়াও গভীৰ গৱেষণাৰ থল বাকী আছে৷
এই শতিকাটোৰ তৃতীয়টো দশকৰ পাছত অৱশ্যে কেইবাজনো অসমপ্ৰেমী লেখকে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল৷ কেইবাজনো মিছনেৰীৰ সহযোগত আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে৷ অৰুনোদই কাকতখন প্ৰকাশৰ সময়ৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হোৱা সময়ছোৱাক, অৰ্থাৎ ১৮৪৬-১৮৭৩ কালছোৱাক মহেশ্বৰ নেওগে ‘অৰুনোদইঃ অসমীয়া ভাষাৰ পুনঃ প্ৰতিষ্ঠাৰ সময়’ বুলি অভিহিত কৰিছে৷ অৱশ্যে মন কৰিবলগীয়া যে অৰুনোদই কাকতখন ১৮৮০ চনলৈকে (কোনো কোনোৰ মতে ১৮৮৩ চনলৈকে) ছেগা-চোৰোকাকৈ চলি আছিল৷ এই বিষয়ে ইতিমধ্যে উল্লেখ কৰি অহা হৈছে৷ কিন্তু অসমৰ অফিচ-কাছাৰীত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা অসমীয়া ভাষা-সাহিত্যলৈ নতুন প্ৰাণ আহে৷ সেইবাবে মহেশ্বৰ নেওগে– ‘‘ভাষা-সাহিত্যৰ বুৰঞ্জীৰ ফালৰ পৰা ১৮৭৩ চনটোকহে এটা স্পষ্ট মাইলৰ খুঁটি বুলি ধৰিব পাৰি’’ বুলি মন্তব্য কৰিছে৷ এই সময়ছোৱাত কেইবাজনো খ্ৰীষ্টীয়ান লেখকৰ লগতে অখ্ৰীষ্টীয়ান লেখকে অসমীয়া ভাষা-সাহিত্যৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল৷
অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হোৱাৰ সময়ৰে পৰা ‘জোনাকী’ কাকত প্ৰকাশৰ সময়ছোৱা, অৰ্থাৎ ১৮৭৩-১৮৮৯ কালছোৱা অসমীয়া ভাষা-সাহিত্যৰ বাবে আন এক বৈশিষ্ট্য্যপূৰ্ণ সময়৷ এই সময়ছোৱাতে হেমচন্দ্ৰ বৰুৱাই অসমীয়া বৰ্ণ-বিন্যাসৰ ৰূপ নিৰূপণ কৰিলে৷ মন কৰিবলগীয়া যে অৰুনোদই কাকত প্ৰকাশৰপৰৱৰ্তী সময়ত কেইবাখনো আলোচনীৰ উদ্ভৱ হৈছিল– আউনীআটী সত্ৰৰ পৰা ‘আসাম-বিলাসিনী’ (১৮৭১-১৮৮৩), হেমচন্দ্ৰ বৰুৱাৰ ‘আসাম নিউজ’ (১৮৮২-১৮৮৫), গুণাভিৰাম বৰুৱাৰ ‘আসাম বন্ধু’ (১৮৮৫-১৮৮৬), হৰিনাৰায়ণ বৰাৰ সম্পাদিত বলিনাৰায়ণ বৰাৰ ‘মৌ’ (১৮৮৬), শ্ৰীধৰ বৰুৱাৰ ‘আসাম তৰা’ (১৮৮৯-১৮৯০), কৰুণাভিৰাম বৰুৱাৰ শিশু আলোচনী ‘‘ল’ৰাবন্ধু’’ (১৮৮৮) ইত্যাদি৷ এই আলোচনীসমূহে অসমীয়া সাহিত্যৰ ধাৰাটো বৰ্তাই ৰাখিলে যদিও একোটা যুগ সৃষ্টি কৰিবলৈ সক্ষম নহ’ল৷ ১৮৮৯ চনত প্ৰকাশিত ‘জোনাকী’ কাকতে অসমীয়া সাহিত্যলৈ নতুন ভাবধাৰা সুমুৱাই আনিলে আৰু নতুন এটা যুগৰ সৃষ্টি কৰিলে৷
উল্লেখযোগ্য যে অৰুনোদই কাকত প্ৰকাশ হোৱাৰ আগতে মুষ্টিমেয় কেইজনমান লেখকেহে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল৷ এইসময়তে শ্ৰীৰামপুৰ প্ৰেছৰ পৰা ১৮৩৩ খ্ৰীঃত আত্মাৰাম শৰ্মাই কৰা ‘বাইবেলৰ অসমীয়া ভাঙনি’ৰ ২য় সংস্কৰণ প্ৰকাশ পাইছিল৷ ঠিক সেইদৰে ৰবিন্সন চাহাবে ইংৰাজীত লিখা ‘অসমীয়া ব্যাকৰণ’ (১৮৩৯), কাশীনাথ তামোলীফুকনৰ অসম বুৰঞ্জী (১৮৪৪), মি. কাট্টাৰৰ পত্নী শ্ৰীমতী কাট্টাৰে লিখা ‘অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য’ (১৮৪০), বিশ্বেশ্বৰ বৈদ্যাধিপৰ ‘বেলিমাৰৰ বুৰঞ্জী’ (১৮৩৩-৩৮), যদুৰাম ডেকাবৰুৱাৰ প্ৰথম ‘বঙলা-অসমীয়া অভিধান’ (১৮৩৯), মণিৰাম বৰভাণ্ডাৰ বৰুৱা (মণিৰাম দেৱান)ৰ ‘বুৰঞ্জী বিৱেকৰত্ন’ (১৮৩৮) আদি পুথি এই সময়ছোৱাত ৰচনা কৰা হৈছিল আৰু তেওঁলোকে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিত সহযোগ কৰিছিল৷ উল্লেখ্য যে হলিৰাম ঢেকিয়াল ফুকনেও এই সময়ছোৱাতে সাহিত্য ৰচনাত হাত দিছিল যদিও তেওঁ অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষাতহে সাহিত্য ৰচনাত হাত দিছিল৷ তেওঁ বাংলা ভাষাত ‘আসাম বুৰঞ্জি’ প্ৰণয়ন কৰিছিল৷ এই সময়ৰ লেখকসকলৰ বিষয়ে চমুকৈ তলত উল্লেখ কৰা হ’ল৷
• আত্মাৰাম শৰ্মা : কলিয়াবৰৰ আত্মাৰাম শৰ্মাই জগন্নাথ ক্ষেত্ৰ দৰ্শন কৰি ঘূৰি আহোঁতে শ্ৰীৰামপুৰত উইলিয়াম কেৰি চাহাবৰ সংস্পৰ্শলৈ আহি খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰে৷ তেওঁ কেৰি চাহাবৰ নিৰ্দেশমতে ‘নিউ টেষ্টামেণ্ট’ আৰু পাছত ‘অল্ড টেষ্টামেণ্ট’ অসমীয়ালৈ অনুবাদ কৰে৷ তদুপৰি সেই সময়ত প্ৰকাশ পোৱা খ্ৰীষ্ট ধৰ্ম সম্পৰ্কীয় অসমীয়া প্ৰচাৰ পুস্তিকাসমূহো আত্মাৰাম শৰ্মাই ৰচনা কৰিছিল বুলি ধাৰণা কৰা হয়৷ এওঁৰ ৰচনাত তৎসম শব্দৰ প্ৰয়োগ অধিক আৰু আখৰ জোঁটনিও ব্ৰাউন, ব্ৰন্সন চাহাবতকৈ কিছু পৃথক৷
• কাশীনাথ তামোলীফুকন : পুৰন্দৰ সিংহৰ লালবন্দীকে লোৱা ৰাজত্ব কালত তেওঁৰ ৰাজসভাসদ হোৱাৰ লগতে ইংৰাজৰ অধীনত মুন্সিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কাশীনাথ তামোলী ফুকনে৷ এওঁ ৰচনা কৰা ‘অসম বুৰঞ্জী’খন শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ হৈছিল৷ ১৮৪৪ খ্ৰীঃত এই পুথিখন শিৱসাগৰৰ আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলৰ ছপাশালত ছপা হৈ প্ৰকাশ হৈছিল৷ উল্লেখযোগ্য যে এই বুৰঞ্জীখন ৰচনা কৰাৰ ক্ষেত্ৰত তেওঁলৈ সহায়ৰ হাত আগবঢ়াইছিল তুংখুঙীয়া বুৰঞ্জীৰ লেখক শ্ৰীনাথ বৰবৰুৱাৰ পুতেক ৰাধানাথ বৰবৰুৱাই৷ এওঁৰ বুৰঞ্জীখনৰ আলমতে পৰৱৰ্তীকালত হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱাই ‘আসাম বুৰঞ্জী’খন ৰচনা কৰে৷
• বিশ্বেশ্বৰ বৈদ্যাধিপ : পুৰন্দৰ সিংহৰ আমোলত ৰাজ বৈদ্যৰ আসন শুৱনি কৰা বিশ্বেশ্বৰ বৈদ্যাধিপে পুৰণি কাব্যৰ ৰীতিৰে (পদ, দুলড়ী, ছবি, লেছাৰি, ঝুমুৰা ছন্দত) এখন বুৰঞ্জী প্ৰণয়ন কৰে৷ গৌৰীনাথ সিংহৰ পৰা চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালৰ ঐতিহাসিক ঘটনাৰাজিক অবিকৃতভাৱে আৰু কাব্যসুলভ ভাষাৰে ‘বেলিমাৰৰ বুৰঞ্জী’ত এওঁ সন্নিৱিষ্ট কৰিছে৷ বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাই এওঁৰ বুৰঞ্জীখনক ‘বেলিমাৰৰ বুৰঞ্জী’ বুলি নামকৰণ কৰি প্ৰকাশ কৰিছে৷ এই বুৰঞ্জীখনত ১৭৯০ চনৰ পৰা ১৮১৯ চনৰ প্ৰাৰম্ভলৈকে অসম বুৰঞ্জীৰ ঘটনাৰাজি সন্নিৱিষ্ট আছে৷ সূৰ্যকুমাৰ ভূঞাই এই বুৰঞ্জীখন ৰচনাৰ সময়সীমা ১৮৩৩ চনৰ পৰা ১৮৪৬ চনৰ ভিতৰত বুলি মত পোষণ কৰিছে৷
• মণিৰাম দেৱান : শিৱসাগৰ চাৰিঙৰ ৰাজদত্ত বৰুৱাৰ পুত্ৰ মণিৰাম দেৱান পুৰন্দৰ সিংহৰ ৰাজত্বৰ দ্বিতীয় কালত ৰাজসভাসদ আছিল৷ তেওঁ ইংৰাজীৰ অধীনত মিৰমুঞ্চি আৰু পেচকাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল যদিও পৰৱৰ্তীকালত অসম চাহ কোম্পানীত দেৱান হিচাপে নিযুক্তি লভিছিল৷ অৱশ্যে পাছলৈ নিজাকৈ চাহ বাগিচা খুলিছিল৷ তেওঁ ইংৰাজ ৰাজত্বৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছিল৷ এই দ্ৰোহৰ বাবে ইংৰাজসকলে মণিৰাম দেৱানক মৃত্যুদণ্ডৰে দণ্ডিত কৰে৷ মণিৰাম দেৱানে ৰচনা কৰা ‘বুৰঞ্জী বিৱেকৰত্ন’ৰ দ্বিতীয়টো খণ্ডহে বৰ্তমানলৈকে উদ্ধাৰ হৈছে৷ ১৮৩৮ চনত ৰচনা কৰা এই খণ্ডটো প্ৰাচীন কামৰূপ-অসমৰ সামাজিক-সাংস্কৃতিক বুৰঞ্জীৰ এক বিৰাট ভঁৰাল বুলি সাহিত্যৰ ইতিহাসকাৰসকলে বিবেচনা কৰে৷ প্ৰাচীন কামৰূপৰ ধৰ্ম আৰু সমাজ, জাতি আৰু বৰ্ণ, আহোম শাসন পদ্ধতিৰ কিছু দিশ, বৈষ্ণৱ গ্ৰন্থ আৰু সত্ৰৰ উৎপত্তি, বৈষ্ণৱ সত্ৰৰ চাৰি সংহতিৰ বিকাশ, শাক্ত গোস্বামীসকলৰ ‘আগমোক্ত মাৰ্গ’ৰ প্ৰচাৰ, মোৱামৰীয়া বিদ্ৰোহ তথা মানৰ দিনৰ কিছু কথা এই খণ্ডটোত বৰ্ণিত হৈছে৷
• যদুৰাম ডেকাবৰুৱা : অসমীয়া ভাষাত অভিধান প্ৰণেতা যদুৰাম ডেকাবৰুৱাৰ ঘৰ যোৰহাটত আৰু পিতৃ কৃষ্ণদাস ভৰালী বৰুৱা৷ চন্দ্ৰকান্ত সিংহ তথা পুৰন্দৰ সিংহৰ চ’ৰাত বিষয়া হিচাপে থকাৰ লগতে ইংৰাজ শাসন কালত মুন্সিফ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৩৯ চনত তেওঁ ‘বঙলা-অসমীয়া অভিধান’খন প্ৰণয়ন কৰি কৰ্ণেল জেনকিঞ্চ চাহাবৰ হাতত অৰ্পণ কৰে৷ এই অভিধানখনকে ভিত্তি হিচাপে লৈ পৰৱৰ্তী সময়ত ব্ৰন্সনে তেওঁৰ অভিধানখন প্ৰণয়ন কৰিছিল বুলি সত্যেন্দ্ৰনাথ শৰ্মাই অনুমান কৰে৷
এই আদি ব্ৰিটিছ যুগত কমকৈ হ’লেও বৈষ্ণৱ সাহিত্যৰ ধাৰা এটিও চলি আছিল৷ ঘনশ্যাম খাৰঘৰীয়া ফুকনে এই সময়তে ‘কল্কিপুৰাণ’ৰ পদ অসমীয়ালৈ অনুবাদ কৰিছিল৷ ঠিক সেইদৰে পৰশুৰাম দ্বিজে ‘ধৰ্মপুৰাণ’ আৰু ‘বিষ্ণুপুৰাণ’ৰ পদ অসমীয়ালৈ ভাঙনি কৰে আৰু ললিতচন্দ্ৰ গোস্বামীয়ে ‘শ্ৰীকেলিৰহস্য’ ৰচনা কৰে৷ এই সময়ছোৱাতে দুতিৰাম হাজৰিকাই মূলতঃ তুংখুঙীয়া ৰাজবংশৰ কথা বৰ্ণনা কৰি লিখা ‘কলিভাৰত’ত বৈষ্ণৱ আদৰ্শৰ দৰে বিলাপত প্ৰয়োগ কৰা মুক্তাৱলী, লেছাৰি আদি ছন্দ ব্যৱহাৰ কৰিছে৷ এওঁৰ ৰচনাৰ ঠাঁচত জতুৱা আৰু ঘৰুৱা প্ৰভাৱ দেখা যায় যদিও আৰৱী-ফাৰ্চীমূলীয় আৰু ইংৰাজীৰ প্ৰভাৱান্বিত প্ৰশাসনীয় ভাষাও ব্যৱহৃত হৈছে৷
এনেদৰে বিভিন্নজনে অসমীয়া সাহিত্যৰ অন্ধকাৰাচ্ছন্ন এই সময়ছোৱাতো বিবিধ সাহিত্য ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ শ্ৰীবৃদ্ধিত সহযোগ কৰিছে৷


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক