অসমীয়া সাহিত্যৰ বুৰঞ্জী — ড° মৃণাল জ্যোতি গোস্বামী

সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য

৭.৩ জোনাকী যুগৰ অসমীয়া সাহিত্য
পাশ্চাত্য সাহিত্যৰ দৰে অসমীয়া সাহিত্যতো জোনাকী যুগতেই কবিতা, চুটিগল্প, উপন্যাস, নাটক আদি নতুন নতুন সাহিত্যৰ সৃষ্টি হ’বলৈ ধৰে৷ মূলতঃ নতুন নতুন ভাবধাৰা কঢ়িয়াই নানাবিধ সাহিত্যৰে নতুন উদ্যমভৰা বিবিধ সাহিত্যধাৰাৰ আৰম্ভ হ’ল৷ অৱশ্যে এটা কথা ঠিক যে আৰুণোদয় যুগতে তেনে সাহিত্যৰাজিৰ উকমুকনি উঠিছিল আৰু জোনাকীৰ পোহৰত প্ৰতিটো ঠালেই অধিক প্ৰস্ফুটিত হৈ উঠে৷

৭.৩.১ কবিতা

জোনাকী আলোচনীৰ যোগেদি অসমীয়া সাহিত্যত ৰোমাণ্টিক কবিতাৰ শুভাৰম্ভ হয়৷ অৱশ্যে জোনাকী যুগৰ অলপ আগৰে পৰা এই শ্ৰেণী কবিতাৰ পূৰ্বাভাস দিয়ে ভোলানাথ দাস, ৰমাকান্ত চৌধুৰী আৰু কমলাকান্ত ভট্টাচাৰ্যই৷ এই তিনিগৰাকী কবিক প্ৰাক্-জোনাকী বা প্ৰাক্-ৰোমাণ্টিক কবি বুলিও কোৱা হয়৷ ভোলানাথ দাস আৰু ৰমাকান্ত চৌধুৰীৰ সৰ্বশ্ৰেষ্ঠ কৃৰ্তি হ’ল– অসমীয়া কাব্যত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ৷ ভোলানাথ দাসৰ ‘সীতাহৰণ-কাব্য’ আৰু ৰমাকান্ত চৌধুৰীৰ ‘অভিমুন্য-বধ’ এই প্ৰসংগত উল্লেখনীয়৷ এওঁলোক দুজনৰ পাছতে স্মৰণীয় প্ৰতিভাশালী কবিগৰাকী হ’ল কমলাকান্ত ভট্টাচাৰ্য৷ এওঁৰ কবিতাতে প্ৰথমবাৰৰ বাবে পাশ্চাত্যৰ ধ্যান-ধাৰণা প্ৰকাশ পাবলৈ ধৰে৷ অসমীয়া কাব্য-সাহিত্যৰ বুৰঞ্জীত কমলাকান্ত ভট্টাচাৰ্য এজন নতুন যুগৰ বাৰ্তাবাহী প্ৰাক্-ৰোমাণ্টিক কবি৷ দৰাচলতে, এওঁ ‘অৰুণোদয়’ আৰু ‘জোনাকী’ যুগৰ মাজত সেতুবন্ধ স্বৰূপ৷ এওঁৰেই উত্তৰ-সাধক কবিকেইগৰাকী হ’ল জোনাকীৰ ত্ৰিমূৰ্তি– চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী৷
অসমীয়া ৰোমাণ্টিক কবিতাৰ আলোচনা প্ৰসংগত মহেন্দ্ৰ বৰাই এই যুগটোক তিনিটা প্ৰধান স্তৰ বা তৰংগত বিভক্ত কৰিছে৷ প্ৰথম তৰংগৰ কবি তিনিগৰাকী হ’ল– চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী৷ আনহাতে মহেশ্বৰ নেওগে জোনাকী যুগক ‘বেজবৰুৱাৰ যুগ’ ৰূপে চিহ্নিত কৰি তাৰ পাঁচটা স্তৰ ভাগ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰি অহা হৈছে৷ তেওঁ এই স্তৰ কেইটা মূলতঃ সেই সময়ত ৰচিত কবিতাৰ কথা আলোচনা কৰিবলৈকে উল্লেখ কৰিছিল৷ মহেন্দ্ৰ বৰা বা মহেশ্বৰ নেওগে যি ধৰণেই এই যুগটোক শ্ৰেণী বিভাজন নকৰক কিয়, উল্লিখিত স্তৰ কেইটালৈ লক্ষ্য কৰিলে সহজেই অনুধাৱন কৰিব পাৰি যে প্ৰতিটো স্তৰতে অসমীয়া কবিতাই বিবিধ বিষয়, ভাব আৰু ৰূপৰ বৈশিষ্ট্যৰে ব্যাপ্তি আৰু গভীৰতা লাভ কৰি পৰিৱৰ্তনৰো বাট লৈছিল৷
‘ৰোমাণ্টিকতা’ জোনাকী যুগৰ সাহিত্যৰ প্ৰধান বৈশিষ্ট্য আৰু কবিতাৰ মাজতে ৰোমাণ্টিক আদৰ্শ আৰু ভাবধাৰা সকলোতকৈ স্পষ্ট ৰূপত ফুটি উঠে৷ মন কৰিবলগীয়া যে, ইংৰাজী সাহিত্যৰ প্ৰভাৱেই জোনাকী যুগৰ কবিতাৰ ভাবাদৰ্শ নিৰ্মাণত গভীৰভাৱে ক্ৰিয়া কৰিছিল যদিও স্বদেশ-স্বজাতিৰ উত্তৰণৰ চিন্তা আৰু অসমীয়া ভাষাৰ হৃতগৌৰৱ উদ্ধাৰৰ মনোভাবেহে এই সময়ৰ কবিসকলৰ সাহিত্য সিদ্ধিৰ বুনিয়াদ আছিল৷ একাৰ্থত ক’ব পাৰি ‘গভীৰ স্বদেশানুৰাগ’, ‘ঐতিহ্যৰ অন্বেষণ তথা উদ্ধাৰ’ আৰু ‘মানৱতাবাদ’ আছিল অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰধান তিনিটা ভাবধাৰা৷ তিনিটা ধাৰাৰ অন্তৰালত নিহিত আছে ভাষিক উত্তৰণ তথা জাতীয়তাবোধৰ প্ৰেৰণা৷
অৱশ্যে মহেশ্বৰ নেওগে কৰা বিভাজনৰ প্ৰথম তিনিটা স্তৰৰ কবিকূলৰ সাধনা আৰু সিদ্ধিত ৰাজনৈতিক প্ৰেৰণাৰ অনুপস্থিতিৰ বাবে আদৰ্শগত জাতীয়তাবোধৰো বহু সীমাবদ্ধতা থাকি যোৱা যেন বোধ হয়৷ আনহাতে পিছৰ দুটা স্তৰৰ বহু কবি ৰাজনৈতিক প্ৰেৰণাৰে উতলা হ’ল যদিও বহুজনৰ কবিতাই নান্দনিক সিদ্ধি লাভ কৰিব নোৱাৰিলে৷ গতিকে ভাৱবস্তু, ৰূপবস্তু আৰু নান্দনিক আবেদনৰ বিচাৰত সামগ্ৰিকভাৱে জোনাকী যুগৰ অসমীয়া কবিতা প্ৰাচ্য আৰু পাশ্চাত্য ভাব-আদৰ্শৰ প্ৰেৰণাৰে যুগচেতনাৰ প্ৰতি কবিৰ ব্যক্তিসত্তাৰ সহাঁৰি বুলিব পাৰি৷
মন কৰিবলগীয়া যে, জোনাকী যুগৰ কবিতাৰ স্বদেশানুৰাগ ভাষিক জাতীয়তাবোধৰে আনটো পিঠি৷ ঐতিহ্যৰ গৌৰৱপূৰ্ণ অধ্যায়ৰ আৱেগিক স্মৰণ, স্বদেশৰ প্ৰকৃতিৰ মাজত অনিৰ্বচনীয় সৌন্দৰ্যৰ সন্ধানো স্বদেশানুৰাগৰে অংশস্বৰূপ৷ প্ৰসন্নলাল চৌধুৰী, অম্বিকাগিৰী ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা আদি কিছু সংখ্যক কবিৰ কবিতাত প্ৰকাশিত সংস্কাৰ আৰু বিদ্ৰোহৰ ভাবো এই আদৰ্শৰে মূৰ্ত প্ৰকাশহে৷ আনহাতে যেতিয়াই গভীৰ দেশাত্মবোধ/স্বদেশানুৰাগে ভাল সাহিত্যৰ সৰ্বজনীনতাৰ গুণত ভৌগোলিক-ভৌতিক-ৰাজনৈতিক পৰিধি ভাঙি মানুহ-বিষয়লৈ প্ৰসাৰিত হৈছে তেতিয়াই সেই কবিতাই মানৱতাবাদৰ আদৰ্শ সাৱটি লৈছে৷ উদাহৰণ স্বৰূপে ক’ব পাৰি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘তেজীমলা’ কবিতাৰ সৃষ্টিৰ আঁৰত অসমৰ লোককথাৰ আজলী তেজীমলাজনীয়েই আছে যদিও কবিয়ে তেজীমলাৰ কাহিনীৰ মৰ্মবাণীক প্ৰখৰ মানৱীয় চেতনাৰ শিল্পবস্তুলৈ ৰূপান্তৰ কৰিছে; ইয়াত তেজীমলা হৈ পৰিছে সকলো পীড়িত মানুহৰ বেদনা, ক্ষোভ-অভিযোগৰ প্ৰতীক৷
বিষয়-ভাৱগতভাৱে বিচাৰ কৰিলে দেখা যায় যে- বিস্ময়কৰ কল্পনাৰ বিচিত্ৰ প্ৰবাহ আছিল জোনাকী যুগৰ কবিতাৰ নান্দনিক সৌন্দৰ্যৰ অন্যতম আধাৰ৷ কল্পলোকৰ অলেখ বুজা-নুবুজা, চিনা-নিচিনা খণ্ডচিত্ৰৰ সমাহাৰ, জীৱন-জগতৰ চিৰন্তন ৰহস্যৰ প্ৰতি সৰল আগ্ৰহ যেতিয়া বোধগত নিৰ্মাণৰ মাজেদি প্ৰকাশ পায়, তেতিয়াই সি অপূৰ্ব শিল্পলৈ ৰূপান্তৰিত হৈছে৷ সেই বাবে গছকত পৰা দূৱৰী বনৰ পাতে সৰগৰ বতৰা দিয়ে, চকুৰে দেখা নোপোৱা যখিনী ছোৱালীৰ নাচ, নিয়ৰৰ টোপালত সৰগী অপ্সৰীৰ সন্ধান পোৱা যায়, কেতেকীৰ মাতত বিশ্বব্ৰহ্মাণ্ডৰ মঙ্গলময় বাৰ্তা ঘোষিত হয়৷ এনেদৰে অলেখ উদাহৰণ এই প্ৰসঙ্গত দিব পাৰি৷
ৰূপগত নিৰ্মাণতো পৰম্পৰাগত ছন্দৰীতিৰ বুকুতে ভাবানুগামী নতুন ছন্দ সৃষ্টি বা কেইবাটাও ছন্দৰূপৰ মিশ্ৰণ কৰা হ’ল৷ লোকজীৱনৰ পৰা বুটলি অনা শব্দেৰে গভীৰ ব্যঞ্জনাত্মক ভাব প্ৰকাশক অলঙ্কাৰ সুনিপুণ নিৰ্মাণ এই যুগৰ কবিতাৰ আন এক উল্লেখযোগ্য বিশেষত্ব৷ প্ৰধানতঃ অৰ্থালংকাৰৰ ক্ষেত্ৰত এনে প্ৰকাশ অতি গভীৰ বুলি ক’ব পাৰি৷ উদাহৰণ স্বৰূপে যতীন্দ্ৰনাথ দুৱৰাৰ ‘‘মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে/ সেউজীয়া বৰণৰ বৰণেৰে ঢকা’’— ভাবত ৰোমাণ্টিক, কিন্তু নিৰ্মাণত আধুনিক কবিতাৰে কাষৰীয়া৷ লোকভাষা আৰু লোকজীৱনৰ বিষয়বৈভৱক আপোন কৰি নিজ সৃজনী প্ৰতিভাৰে পুনৰ নিৰ্মাণ এই যুগৰ কবিতাতে আৰম্ভ হ’ল৷ অনকি লোকশিল্পৰ প্ৰতি এই যুগৰ লেখকসকলেই প্ৰথম চকু দি তাৰ ঋদ্ধ বৈভৱক উলিয়াই আনিলে৷
সামগ্ৰিকভাৱে এই যুগত কবিতাৰ বিষয়ভাব আৰু ৰূপ অনুসৰি পাঁচটা ভাগত ভগাব পাৰি৷ সেইকেইটা হ’ল–

• গীতি কবিতা (Lyrics): এইবিধ কবিতা মূলতঃ ব্যক্তিনিষ্ঠ আৰু মন্ময়ধৰ্মী৷ বিচিত্ৰ বিষয়ত কবি কল্পনাৰ অবাধ বিৱৰণৰ মাজত ব্যক্তি মনৰ একান্ত উপলব্ধি এইবিধ কবিতাৰ বিশেষত্ব৷
• ছনেট (Sonnet): ই ছন্দ বৈশিষ্ট্যৰ ফালৰ পৰা স্থিৰ নিৰ্দিষ্ট কাব্যৰূপ৷ অসমীয়া সাহিত্যত এইবিধ কবিতাৰ সংখ্যা বৰ বেছি নহয়৷
• খণ্ডকাব্য বা সাহিত্যিক মহাকাব্য (Literary epic): এইবিধ মহাকাব্যৰে খণ্ডিত ৰূপ৷ প্ৰাচীন কাব্যৰ প্ৰেৰণাতে ৰোমাণ্টিক কবিসকলৰ বহুতে নতুন ৰুচি আৰু আদৰ্শৰে খণ্ডকাব্য ৰচনা কৰিছিল৷ পদ্মনাথ গোহাঞিবৰুৱাৰ ‘লীলা কাব্য’, হিতেশ্বৰ বৰবৰুৱাৰ ‘যুদ্ধক্ষেত্ৰত আহোম ৰমণী’ আদি ইয়াৰ উদাহৰণ৷
• মালিতা (Ballad): লোকসাহিত্যৰ আখ্যানগীতৰ অনুপ্ৰেৰণাত ৰচিত কবিতা৷ কিন্তু ৰোমাণ্টিক কবিৰ মালিতা লোকগীতৰ দৰে কেৱল লোকায়ত আনন্দৰ বাহক নহয়; বৰং কাহিনীৰ মৰ্মবাণীক মানৱীয় চেতনাৰ শিল্পবস্তুলৈ ৰূপান্তৰ কৰিছে য’ত বোধ আৰু মননশীলতাৰ সংযোগ ঘটিছে৷
• শোক কবিতা (Elegy): শোককবিতা মূলতঃ বিয়োগ-ব্যাখ্যা, স্মৃতিজনিত অশ্ৰুপাতৰ কবিতা; আপোনজনক হেৰুৱাৰ ফলত পোৱা গভীৰ আঘাতৰ মৰ্মান্তিক যাতনাৰ শিল্পময় নিঃসৰণ৷
‘জোনাকী’ৰ প্ৰথম বছৰ, প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ কবিতা এটি প্ৰকাশ পায়৷ এইটোৱেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা৷ আগৰৱালাৰ ৰচনাৰ সংখ্যা কম; কিন্তু তেওঁৰ ‘প্ৰতিমা’ নামৰ কবিতা পুথিখনি বেজবৰুৱাই কোৱাৰ দৰে ‘‘প্ৰতিমাখনি সৰু কিন্তু নিভাঁজ সোণৰ৷’’ আনহাতে ‘নিয়ৰ’, ‘মাধুৰী’, ‘তেজীমলা’, ‘বনকুঁৱৰী’ আদি কবিতাত সৌন্দৰ্যৰ যি অপৰূপ প্ৰকাশ ঘটিছে, পৃথিৱীৰ অতি কম কবিয়েহে তেনে সফলতাৰ অধিকাৰী হ’ব পাৰিছে৷ সময়ৰ লেখেৰেই নহয় গুণগত দিশৰ পৰাও চন্দ্ৰকুমাৰৰ কবিতা কালোত্তীৰ্ণ৷ প্ৰখৰ সৌন্দৰ্য চেতনা, গভীৰ মানৱতাবোধ, অকৃত্ৰিম স্বদেশানুৰাগ, প্ৰকৃতিপ্ৰীতি— চন্দ্ৰকুমাৰৰ কবিতাৰ বিশেষত্ব৷ ক’ব পাৰি আগৰৱালাৰ কবিতাত ৰোমাণ্টিক কবিতাৰ বিশেষ লক্ষণ ‘মানৱতাবোধ’ যেনেদৰে প্ৰকাশ পাইছে, আন কোনো অসমীয়া কবিৰ কবিতাত আজিলৈকে প্ৰকাশ পোৱা নাই৷
আগৰৱালাৰ পাছতে ৰোমাণ্টিক কবি হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ নাম সদা স্মৰণীয়৷ ‘কদমকলি’ নামৰ কবিতা পুথিৰ কবিজনে ‘‘কবিতা হয় যদি হওক, নহয় যদি নহওক’’ বুলিয়েই এমুঠিমান কবিতা ৰচিছিল৷ তাৰে কেইটিমান কবিতা মহেশ্বৰ নেওগে কোৱাৰ দৰে ‘‘সোণপানীৰে ছপাই বন্ধাই থ’বলগীয়া৷’’ লোকজীৱনৰ ভাষা-শিল্প-সাহিত্যক আটোম-টোকাৰিকৈ নিজৰ কবিতালৈ আনি নতুন ৰূপত সজাই তোলাৰ ক্ষেত্ৰত বেজবৰুৱাৰ অৱদান সৰ্বাগণ্য৷ ৰোমাণ্টিক ধাৰাটোৰ প্ৰথম তৰংগৰ আনগৰাকী কবি হ’ল— হেমচন্দ্ৰ গোস্বামী৷ ‘জোনাকী’ৰ দ্বিতীয় সংখ্যাত প্ৰকাশ পোৱা গোস্বামীৰ ‘জোনাকী’ (পাছত ‘পুৱা’ নামেৰে প্ৰকাশিত) নামৰ কবিতাটোৱেই অসমীয়া ৰোমাণ্টিক যুগৰ দ্বিতীয়টো কবিতা৷ হেমচন্দ্ৰ গোস্বামীৰ বিশেষত্ব এইখিনিতেই যে তেওঁ অসমীয়া চতুৰ্দশপদী বা চনেট নামৰ কবিতাৰ জন্মদাতা৷ ‘জোনাকী’ত প্ৰকাশ পোৱা গোস্বামীৰ ‘প্ৰিয়তমাৰ চিঠি’ নামৰ কবিতাটিয়েই প্ৰথম অসমীয়া চনেট৷ প্ৰথম তৰংগৰ এই তিনিগৰাকী কবিৰ ওচৰে-পাঁজৰে আন কেইগৰাকীমান কবিৰ উপস্থিতিও লক্ষ্য কৰা যায়৷ তেওঁলোক হ’ল— পদ্মনাথ গোহাঞিবৰুৱা, মফিজুদ্দিন আহমদ হাজৰিকা, আনন্দচন্দ্ৰ আগৰৱালা আৰু হিতেশ্বৰ বৰবৰুৱা৷ গোহাঞিবৰুৱাৰ কবিতাৰ পুথি তিনিখন— ‘লীলা কাব্য’, ‘ফুলৰ চানেকী’ আৰু ‘জুৰণি’৷ পদ্মনাথ গোহাঞি বৰুৱাৰ ‘লীলা কাব্য’ অসমীয়া ৰোমাণ্টিক যুগৰ খণ্ডকাব্যৰ বাটকটীয়া৷ ‘জোনাকী’ কাকতৰ লগত জড়িত নোহোৱাকৈ কাব্য চৰ্চা কৰা এই স্তৰৰ অন্য এগৰাকী কবি মফিজুদ্দিন আহমদ হাজৰিকা৷ তেওঁৰ ১৮৯৬ চনত প্ৰকাশিত জ্ঞানমালিনী কাব্যগ্ৰন্থৰ কবিতাবোৰৰ মাজেদি সৰল ভাষাৰে আধ্যাত্মিকতাক কাব্যৰূপ দিছিল৷ আনন্দচন্দ্ৰ আগৰৱালাৰো কবিতাৰ পুথি মাথোঁন এখন ‘জিলিকনি’৷ আনহাতে এওঁ ভালেমান বিদেশী কবিতা অসমীয়ালৈ অনুবাদ কৰে৷ সেইবাবে তেওঁক ‘ভাঙনি কোঁৱৰ’ বুলিও কোৱা হয়৷ হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’ আৰু ‘চকুলো’ চতুৰ্দশপদী বা চনেট কবিতা পুথি৷
মহেন্দ্ৰ বৰাই উল্লেখ কৰা ৰোমাণ্টিক যুগৰ দ্বিতীয় তৰংগৰ অগ্ৰণী কবিগৰাকী হ’ল ৰঘুনাথ চৌধাৰী৷ প্ৰকৃতিৰ প্ৰেমত বন্দী এই কবিগৰাকীৰ ‘চৰাই’ কবিতালানিৰ প্ৰতিটো কবিতাই অসমীয়া কাব্যৰাজকোষৰ একোমুঠি হীৰা-মণি-মৰকত হিচাপে ৰৈ গৈছে৷ ৰূপকে-যমকে, উপমাই-অনুপ্ৰাসে উপচি উঠা এওঁৰ কবিতাৰ সাধাৰণ লক্ষণ৷ তিনিকুৰি বছৰে কাব্যচৰ্চা কৰা এইগৰাকী কবিৰ কবিতাৰ পুথিসমূহ হ’ল— ‘সাদৰী’, ‘দহিকতৰা’, ‘কেতেকী’, ‘কাৰবালা’ আৰু ‘নৱমল্লিকা’৷ এই তৰংগৰে আন এগৰাকী দাৰ্শনিক কবি হ’ল নীলমণি ফুকন (জ্যেষ্ঠ)৷ এওঁৰ কবিতাত আছে সত্য আৰু সুন্দৰক একেটা পাত্ৰতে বিধৃত কৰাৰ প্ৰচেষ্টা৷
এই তৰঙ্গৰ আন এগৰাকী বিশিষ্ট কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দুটা ধাৰা লক্ষ্য কৰা যায়৷ এটা বিপ্লৱী চিন্তাধাৰা আৰু আনটো ৰহস্যময় আধ্যাত্মিকতাৰ অভিব্যক্তি৷ বিদ্ৰোহাত্মক চিন্তা আৰু স্বদেশপ্ৰেমৰ অপূৰ্ব সমাহাৰত তেওঁৰ কবিতাৰ শক্তিশালী ৰূপ এটি দেখিবলৈ পোৱা যায়৷ তাৰ মাজতে ‘তুমি’ নামৰ কাব্যপুথিত ডেকা প্ৰেমিকে যৌৱনৰ স্বৰূপৰ মাজেদি অনন্ত প্ৰেমে ভূমুকি মৰা দেখা পাইছে৷ এই কাব্যত তেওঁৰ প্ৰিয়াৰ ৰূপ কেনেদৰে ক্ৰমে ক্ৰমে বিকশিত হৈ নানা স্তৰৰ মাজেদি গৈ ভগৱৎ প্ৰেমত পৰিণত হৈছে, সেয়া চমকলগা ৰূপত বৰ্ণিত হৈছে৷ ৰায়চৌধুৰীৰ কবিতা পুথিকেইখন হ’ল ‘তুমি’, ‘বাণী’, ‘অনুভূতি’, ‘বন্দো কি ছন্দেৰে’, ‘দেশেই ভগৱান’ আৰু ‘বেদনাৰ উল্কা’৷
ৰোমাণ্টিক কবি যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা সাৱলীল, কোমল, মধুৰ, কৰুণ ৰসসিক্ত আৰু আত্মকেন্দ্ৰিক৷ দুৱৰা অসমীয়া কাব্য জগতত প্ৰেমৰ কবি হিচাপে পৰিচিত৷ ব্যক্তিগত প্ৰেমৰ কৰুণ হুমুনিয়াহেৰে এওঁৰ কবিতা সিক্ত৷ ব্যৰ্থ প্ৰেমত ক্ষত-বিক্ষত হৈ কবিয়ে আৰ্তনাদ কৰিছে৷কবিৰ চাৰিওফালে মাথোঁ শূন্যতা আৰু অতীত দিনৰ সোঁৱৰণি৷ তাৰপৰা পৰিত্ৰাণৰ উপায় একমাত্ৰ পাহৰণি৷ সেইবাবে বহুতে দুৱৰাক ‘নিৰাশাবাদী’ আৰু কেতিয়াবা ‘দুঃখবাদী কবি’ বুলিও আখ্যা দিয়া দেখা যায়৷ ‘আপোন সুৰ’, ‘বনফুল’ আৰু ‘মৰমৰ সুৰ’ এওঁৰ প্ৰধান কবিতাৰ পুথি৷ প্ৰসংগক্ৰমে উল্লেখ কৰি যাওঁ যে, ‘বনফুল’ কবিতা পুথিখনৰ বাবেই দুৱৰাই ১৯৫৫ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল৷ এৱেঁই সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক৷
‘শেৱালি’ কবিৰূপে খ্যাত ৰত্নকান্ত বৰকাকতী মুখ্যতঃ প্ৰেমৰ কবি৷ এওঁৰ প্ৰেমে কেতিয়াবা দেহজ প্ৰেম অতিক্ৰম কৰি বিশ্বজগতক সাঙুৰি লৈছে৷ কেতিয়াবা আকৌ মানৱীয় স্তৰ পাৰ হৈ অতীন্দ্ৰিয় পৰ্যায়লৈ গতি কৰিছে৷ দাৰ্শনিক ভাবৰ পাতল অনুলেপনে বৰকাকতীৰ কোনো কোনো কবিতাক গাম্ভীৰ্য দান কৰিছে৷ ‘তৰ্পণ’, ‘শেৱালি’ আৰু ‘চন্দ্ৰহাৰ’ —এই তিনিখন বৰকাকতীৰ কবিতাৰ পুথি৷
অসমীয়া ৰহস্যবাদী ধাৰাটোৰ শ্ৰেষ্ঠ কবিগৰাকী হ’ল নলিনীবালা দেৱী৷ ব্যক্তিগত জীৱনৰ কাৰুণ্যই কবিৰ ৰহস্যবাদৰ মূল উৎস৷ গীতা, উপনিষদ, অসমীয়া বৈষ্ণৱ সাহিত্য আৰু ৰবীন্দ্ৰনাথৰ কবিতাৰ অধ্যয়নে নলিনীবালা দেৱীৰ কাব্যিক দৃষ্টিভংগী আধ্যাত্মিকমুখী আৰু অতীন্দ্ৰিয়বাদী কৰাত ইন্ধন যোগাইছে৷ ভাৰতীয় বেদান্ত দৰ্শনৰ ছাঁত জীৱন-জগত সম্পৰ্কীয় চিন্তাই কবিৰ কাব্যবস্তু৷ ‘পদ্মশ্ৰী’ উপাধি তথা ‘সাহিত্য অকাডেমী’ বঁটাৰে সন্মানীত নলিনীবালা দেৱীয়ে ‘সপোনৰ সুৰ’, ‘সন্ধিয়াৰ সুৰ’, ‘পৰশমণি’, ‘অলকানন্দা’, ‘অন্তিম সুৰ’, ‘যুগদেৱতা’, ‘জাগৃতি’ আদি কবিতাৰ পুথি ৰচনা কৰে৷
মহেন্দ্ৰ বৰাই উল্লেখ কৰা অসমীয়া ৰোমাণ্টিক কবিতাৰ তৃতীয় তৰংগটো হৈছে ভাবধাৰাৰ অৱক্ষয়ৰ যুগ৷ এইছোৱা সময়ৰ কবিতাই লাহে লাহে ৰোমাণ্টিক ভাবধাৰাৰ পৰা আঁতৰি আহিবলৈ ধৰে৷ জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতীপ্ৰসাদ বৰুৱা, গণেশ গগৈ, দেৱকান্ত বৰুৱা এই তৰংগৰ উল্লেখযোগ্য কবি৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাত স্বদেশানুৰাগ, প্ৰগতিমূলক ধাৰণা, সৌন্দৰ্যবোধ, মানৱতাবাদ, দুষ্কৃতি, শোষণৰ প্ৰতি ঘৃণা ভাব প্ৰকট হৈছে৷ কবিতাই ভাববস্তু আৰু ৰূপবস্তু দুয়ো দিশতে নতুন প্ৰকাশৰ বাট বিচাৰিছে৷ শিল্পীসত্তাৰ অধিকাৰী কবিৰ গণমুখী চেতনাই, শোষণ নিপীড়ণৰ বিৰুদ্ধে বিদ্ৰোহৰ শংখ বজাই মানৱতাৰ মাজতে জাতীয়তাবাদৰ প্ৰকাশ বিচাৰিছে৷ সৌন্দৰ্য সম্পৰ্কে নিজস্ব দৃষ্টিভংগী কবিৰ কবিতাত প্ৰকাশিত হৈছে৷ আংগিকৰ ক্ষেত্ৰতো নতুন ছন্দৰীতিৰ সাৰ্থক প্ৰয়োগ জ্যোতিপ্ৰসাদৰ কবিতাৰ বিশেষত্ব৷ পাৰ্বতীপ্ৰসাদ বৰুৱা ‘গীতিকবি’ ৰূপে খ্যাত৷ সৰু সৰু কবিতাবোৰত/গীতবোৰত ঘৰুৱা কোমল শব্দৰ সুনিপুণ চয়ন আৰু আৱেশঘন ভাবৰ সংবেদনশীল প্ৰকাশ পাৰ্বতীপ্ৰসাদৰ কবিতাৰ বৈশিষ্ট্য৷গণেশ গগৈৰ কবিতাত যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত উপলব্ধ বিষয়বস্তুৰ চূড়ান্ত পৰিণতি পৰিলক্ষিত হয়৷ কিন্তু যতীন দুৱৰাৰ দৰে জীৱনৰ বাস্তৱতাৰ পৰা গগৈয়ে পলায়ন কৰিব নোখোজে; বৰং দেহজ চেতনাকো স্বীকাৰ কৰি ল’ব খোজে৷ তেওঁৰ কবিতা পুথিসমূহ হ’ল— ‘পাপৰি’, ‘স্বপ্নভংগ’ আৰু ‘ৰূপজ্যোতি’৷
দেৱকান্ত বৰুৱা যুগসন্ধিৰ কবি৷ এওঁৰ একমাত্ৰ কাব্য সংকলন ‘সাগৰ দেখিছা’ অসমীয়া কাব্য-সাহিত্যৰ এটি অপৰূপ বিস্ময়৷ বৰুৱাৰ কবিতাত দৈহিক প্ৰেমৰ সৰ্বোত্তম প্ৰকাশ ঘটিছে৷ এওঁ অসমীয়া কবিতাৰ আংগিক, বিশেষকৈ নতুন ছন্দ আৰু কলা-কৌশলৰ প্ৰয়োগেৰে নতুনত্বৰ সূচনা কৰে৷ ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ ‘নাটকীয় একোক্তি’ৰ ঠাঁচত দেৱকান্ত বৰুৱাই অসমীয়া কাব্য সাহিত্যৰ ৰোমাণ্টিক যুগৰ সামৰণি সূচনা কৰে আৰু ‘আমি দুৱাৰ মুকলি কৰোঁ’ৰে নতুন যুগৰ পাতনি মেলে৷ ৰোমাণ্টিক ভাবৰ পৰা বাস্তৱমুখী চেতনালৈ কাব্যভাৱনাৰ সম্প্ৰসাৰণেৰে এওঁ আধুনিক কবিতাৰ বাট মোকলাই দিয়ে৷ সেইবাবেই তেওঁ দুয়োটা যুগৰ মাজৰ অৰ্থাৎ সন্ধিসন্ধিৰ কবি৷

৭.৩.২ চুটিগল্প

আধুনিক অসমীয়া সাহিত্যৰ ভিতৰত চুটিগল্প অন্যতম৷ অসমীয়া ‘চুটিগল্প’ শব্দটো ইংৰাজী Short Story শব্দৰপৰা আহিছে৷ ভাৰতীয় পৰম্পৰাগত কথা (Fable), আখ্যায়িকা (tale) বা বিভিন্ন ৰূপকথা (fairy tale) বা উপকথা (legend) আদিৰ সমৃদ্ধ পৰম্পৰা আছে যদিও আধুনিক চুটিগল্পৰ প্ৰত্যক্ষ প্ৰেৰণা সেইবোৰৰ পৰা আহিছে বুলি ক’ব নোৱাৰি৷ অসমীয়া বা ভাৰতীয় চুটিগল্পৰ ধাৰণা আৰু বিকাশ মূলতঃ পাশ্চাত্য আদৰ্শৰ ফল৷ লোকজীৱনত পৰম্পৰাগতভাৱে প্ৰচলিত মৌখিক গদ্যধৰ্মী লোককথাবোৰ এখন সৰল, প্ৰকৃতি নিৰ্ভৰ আৰু জীৱন যাত্ৰাৰ বৈচিত্ৰ্যহীন সমাজৰ সম্পদ৷ তাত বাস্তৱ-অবাস্তৱ, দৈৱীক পাৰত্ৰিক বিষয়-ভাব একাকাৰ হৈ থাকে৷ ইয়াৰ বিপৰীতে পৰিৱৰ্তীত সময়ৰ লগে লগে মানৱ সমাজ ক্ৰমশঃ জটিল আৰু বৈচিত্ৰ্যময় হৈ আহিছে৷ সমাজ জীৱনত সংঘটিত বিভিন্ন ঘটনা-পৰিঘটনাৰ বাবে, জ্ঞান-বিজ্ঞানৰ অভিৱন বিকাশে এসময়ৰ নিস্তৰংগ মানৱ সমাজ অস্থিৰ কৰি তুলিলে৷ এনে পটভূমিত প্ৰথমে উপন্যাস আৰু ঊনবিংশ শতিকাৰ প্ৰথম ভাগতে পাশ্চাত্য সাহিত্যত চুটিগল্পৰ জন্ম হয়৷ আনকি সমালোচকসকলে ইংৰাজী ৰমন্যাসিক কাব্য সাহিত্যৰ লগতো চুটিগল্পৰ সম্পৰ্ক বিচাৰি পাইছে– “ঊনৈশ শতিকাৰ চুটিগল্পৰ লগত ইংলেণ্ডৰ এই ৰোমাণ্টিক সাহিত্যৰ এক মৰ্ম সম্বন্ধ আছে৷ একেই যন্ত্ৰণাত জৰ্জড়িত, একেই প্ৰত্যাশাত উদ্দীপ্ত, একেই ঘৃণাত বিৰক্ত হৈ তেওঁলোকে লেখনী হাতত লৈছিল৷ ভৱিষ্যতৰ স্বপ্নত আচ্চন্ন-দৃষ্টি, আশাবাদী শ্যেলীৰ যেন এণ্টন চেকভৰ ভূমিকা, ক্ষুব্ধ-ক্ষিপ্ৰ বায়ৰন যেন গী-দ্য মোপাছাঁৰ পূৰ্ব পুৰুষ৷’’
চুটিগল্প জন্মৰ কমদিনৰ ভিতৰতে সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰিল, কাৰণ ই ব্যস্ততাৰ মাজতে মানুহক সাহিত্য পাঠৰ নান্দনিক সৌন্দৰ্য প্ৰদান কৰিলে৷ লগতে, দ্ৰুত পৰিৱৰ্তনশীল তথা সংঘাত জৰ্জৰ জীৱন প্ৰবাহৰ ক্ষণিক মূহূৰ্তৰ গভীৰ উপলব্ধি আৰু সূক্ষ্ম ৰূপায়ণ কৰিব পৰা গুণৰ বাবে মানুহ সহজে ইয়াৰ ফালে আকৃষ্ট হ’ল৷ এই ক্ষেত্ৰত পাশ্চাত্যৰ এড্গাৰ এলেন পো, মোপাছাঁ, টুৰ্গেনিভ আৰু ছেকভৰ ভূমিকা তাৎপৰ্যপূৰ্ণ৷ ভাৰতীয় সাহিত্যত চুটিগল্পৰ প্ৰথম স্তৰৰ গল্পকাৰসকলৰ ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰ (বাংলা) আৰু প্ৰেমচান্দ (হিন্দী)ৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷
এই সময়ছোৱাতে অসমীয়া সাহিত্যতো চুটিগল্পৰ সৃষ্টি অভিনৱ আৰু গুৰুত্বপূৰ্ণ সাহিত্যিক সংঘটন ৰূপেই জিলিকি উঠিল৷ মন কৰিবলগীয়া যে ভাৰতীয় চুটিগল্পৰ জন্ম হৈছিল আলোচনীৰ পাততহে৷ বাংলা সাহিত্যত ‘হিতবাদী’ আলোচনীৰ বুকুতে চুটিগল্পৰ জন্ম হোৱাৰ দৰে অসমীয়া সাহিত্যতো ‘জোনাকী’ আলোচনীৰ বুকুতে চুটিগল্পৰ জন্ম হয়৷ বেজবৰুৱাই প্ৰথমে লোকসমাজত সিঁচৰতি হৈ থকা মৌখিক লোককথাবোৰ বুটলি আনি ‘বুঢ়ী আইৰ সাধু’ নামেৰে সাহিত্য ৰূপ দিছিল৷ বেজবৰুৱাই প্ৰথমে সাধুকথা আৰু চুটিগল্পৰ মাজত বৰ বেছি পাৰ্থক্য ৰখা নাছিল৷ কিন্তু সাহিত্যৰ এটা জনপ্ৰিয় নব্যশাখা হিচাপে চুটিগল্পৰ জন্মও বেজবৰুৱাৰ হাততে সম্ভৱ হৈ উঠিল৷ ‘জোনাকী’ৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত ‘সেউতী’ নামৰ গল্পটোকেই সমালোচকসকলে প্ৰথম অসমীয়া চুটিগল্প বুলি অভিহিত কৰিছে৷ অৱশ্যে মন কৰিবলগীয়া যে ‘আসাম বন্ধু’ (১৮৮৫)ত প্ৰকাশিত লম্বোদৰ বড়াৰ ‘সদানন্দৰ কলাঘুমতি’, ‘সদানন্দৰ সানমিহলি টোকা’, ‘সদান্দৰৰ সমাচাৰ’ আদি লিখনি ‘‘ব্যঙ্গ সাহিত্য হিচাপে জোনাকী যুগৰ ব্যঙ্গ গল্পৰ পূৰ্বস্তৰ হিচাপে গণ্য কৰিব লাগিব’’ বুলি প্ৰহ্লাদ কুমাৰ বৰুৱাই মন্তব্য অগ বঢ়াইছে৷
জোনাকী যুগৰ কবিসকলৰ দৰে গল্পকাৰসকলো আদৰ্শগতভাৱে প্ৰধানতঃ মানৱতাবাদী৷ সমাজ জীৱনৰ সূক্ষ্ম চিত্ৰায়ণতো এই সময়ৰ গল্পকাৰসকলৰ হাতত কিছু পৰিমাণে প্ৰকাশ হোৱা দেখিবলৈ পোৱা যায়৷ সেইবাবেই হোমেন বৰগোহাঞিয়ে মন্তব্য আগ বঢ়াইছে— “বস্তুতঃ এই গল্পবোৰৰ (ৰমন্যাসিক যুগৰ) মাজত ঊনৈশ শতিকাৰ শেষাৰ্ধৰ পৰা আৰম্ভ কৰি বিংশ শতিকৰ অসমীয়া সমাজৰ জীৱনধাৰাৰ মানসিকতা, আশা আকাংক্ষা আৰু ঐতিহ্য আৰু আধুনিকতাৰ দ্বন্দ্ব এনে জীৱন্ত ৰূপত পৰিস্ফুট হৈছে যে ইয়াক অসমীয়া সমাজৰ এটা যুগৰ ইতিহাসৰ প্ৰামাণ্য দলিল বুলি অভিহিত কৰিব পাৰি৷ চুটিগল্পৰ বাহিৰে এই যুগৰ অসমীয়া কাব্য, নাটক আৰু উপন্যাস আদি সৃজনধৰ্মী সাহিত্যৰ আন কোনো শাখাই এনে কৃতিত্ব দাবী কৰিব নোৱাৰে৷” এই যুগৰ গল্পৰ মানৱতাবাদী আদৰ্শও আকৌ ভিন ভিন ৰূপত উদ্ভাসিত হ’ল —মানৱ হৃদয়ৰ মহৎ আৰু বৃহৎ অভিব্যক্তিৰ ৰূপত, নাৰীৰ ব্যক্তিত্ব আৰু মৰ্যাদাবোধৰ প্ৰকাশৰ ৰূপত, প্ৰেমৰ সম্পৰ্কৰ বৈচিত্ৰ্যময় ৰূপ আৰু সামাজিক সংঘাতৰ ৰূপত আৰু মানুহৰ ক্ষুধা আৰু জৈৱিক বাসনাৰ ৰূপত৷
মুক্তি চেতনা ৰমন্যাসিক সাহিত্য আদৰ্শৰ অন্যতম প্ৰধান বৈশিষ্ট্য৷ বহুসময়ত এই সময়ছোৱাৰ গল্পকাৰসকল ৰাজনৈতিকভাৱে নিস্পৃহ আছিল যদিও ক’ব নোৱৰাকৈয়ে হ’লেও সমাজ-সংস্কাৰৰ বাধাৰ পৰা মুক্তিৰ চেতনা; আনকি স্বাধীনতা সংগ্ৰামৰ আদৰ্শৰো প্ৰকাশ ঘটিল৷ সেইবাবেই লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পাতমুগী’ গল্পৰ নায়িকা পাতমুগীয়ে গান্ধীৰ আদৰ্শ লৈ স্বদেশৰ বাবে জীৱন উছৰ্গা কৰিছে৷ ঠিক সেইদৰে লক্ষ্মীধৰ শৰ্মাৰ গল্পত ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে স্পষ্ট বিদ্ৰোহ ঘোষিত হৈছে৷
ৰমন্যাসিক কল্পদৃষ্টি আৰু জীৱনবোধৰ ৰূপায়ণ অন্য এক লক্ষণীয় দিশ৷ বেজবৰুৱাতে এই বৈশিষ্ট্যৰ শুভ উন্মোচন ঘটিলেও এই যুগৰ অন্তিম স্তৰতহে ব্যাপ্তি লাভ কৰিলে৷ এই সময়ৰ উল্লেখযোগ্য গল্পকাৰ কেইগৰাকী হ’ল— লক্ষ্মীনাথ বেজবৰুৱা, শৰৎ চন্দ্ৰ গোস্বামী, দণ্ডীনাথ কলিতা, নকুল চন্দ্ৰ ভূঞা, লক্ষ্মীনাথ ফুকন, সূৰ্য্য কুমাৰ ভূঞা, লক্ষ্মীধৰ শৰ্মা উল্লেখযোগ্য৷

• লক্ষ্মীনাথ বেজবৰুৱা : লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক৷ বেজবৰুৱাই অসমীয়া গল্প সাহিত্যক সাধুকথাৰ পৰা আঁতৰাই আনি আধুনিক চুটিগল্পৰ ওচৰ চপাই নিয়ে৷ অৱশ্যে বেজবৰুৱাই সাধুকথা আৰু চুটিগল্পৰ মাজত বিশেষ পাৰ্থক্য ৰখা নাছিল৷ জন্মকাল গল্প হোৱা বাবে বেজবৰুৱাৰ গল্পসমূহৰ আংগিকগত দিশটো বৰ সবল নহয়; তৎসত্ত্বেও তেওঁৰ কেইটামান গল্পৰ ভাব, কলা-কৌশল আৰু আবেদনৰ কালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ বুলিব পাৰি৷ চুটিগল্পৰ বাটকটীয়া হোৱাৰ বাবেই হয়তো তেওঁৰ গল্পত সাধুকথাৰ কিছুমান বৈশিষ্ট্য থাকি গ’ল৷ বেজবৰুৱাৰ গল্প পুথি চাৰিখন— ‘সুৰভি’ (১৯০৯), ‘সাধুকথাৰ কুঁকি’ (১৯১০), ‘জোনবিৰি’ (১৯১৩) আৰু ‘কেঁহোকলি’৷ ‘কেঁহোকলি’ বেজবৰুৱাৰ মৃত্যুৰ পাছত প্ৰকাশিত চৈধ্যটা গল্পৰ সংকলন৷ পটভূমিৰ ফালৰ বেজবৰুৱাৰ গল্পত প্ৰধানকৈ তিনিখন সমাজৰ চিত্ৰ প্ৰতিফলিত হৈছে –
o ইতিহাস-আশ্ৰিত আৰু জনসমাজত প্ৰচলিত কিংবদন্তি আৰু উপাখ্যান আদিৰ মাজেদি ফুটি ওলোৱা পুৰণি অসমৰ সমাজ জীৱনৰ ছবি৷ ‘মৈদাম’, ‘জয়ন্তী’, ‘কনকলতা’, ‘মালতী’ আদি এই শ্ৰেণীৰ গল্প৷
o সমসাময়িক অসমীয়া সমাজৰ ছবি৷ ‘ধোঁৱাখোৱা’, ‘মলক গুইন-গুইন’, ‘নাঙলুচন্দ্ৰ’, ‘ভোকেন্দ্ৰ বৰুৱা’, ‘ঘণ্টাকৰ্ণ শৰ্মা’ আদিত সমকালীন সমাজৰ ছবি প্ৰতিফলিত হৈছে৷
o কলিকতা, সম্বলপুৰ আদি ঠাইৰ পটভূমিত ৰচিত গল্প৷ বেজবৰুৱাই জীৱিকা তথা ব্যৱসায় সূত্ৰে এইবোৰ ঠাইত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত এক শ্ৰেণীৰ গল্প ৰচনা কৰিছিল৷ ‘লাওখোলা’, ‘ৰতনমুণ্ডা’, ‘ভৈৰা’ আদিত এই সমাজৰ ছবি পোৱা যায়৷
বেজবৰুৱাৰ সৰহভাগ গল্পই আছিল সংস্কাৰমূলক৷ সমকালীন অসমীয়া সমাজৰ হীনতা, নীচতা, অহংকাৰ, ভেম-ভণ্ডামি আদিত আলোকপাত কৰি সেইবোৰৰ গৰাহত পৰা অসমীয়া সমাজখন মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল৷ বেজবৰুৱাৰ ৰচনাৰ এক মূলগত বৈশিষ্ট্য হ’ল হাস্যৰস আৰু শাণিত ব্যঙ্গ৷ এই বৈশিষ্ট্যটো তেওঁৰ প্ৰায়বোৰ গল্পতে ৰক্ষিত হৈছে বুলি ক’ব পাৰি৷ সেয়া হোৱাটোও স্বাভাৱিক কাৰণ ‘‘তেওঁৰ গল্পবোৰতো শিল্প চেতনা বা ৰস সৃষ্টিতকৈ সমাজ সংস্কাৰৰ ইচ্চাই অধিক প্ৰবল৷” সেই বাবেই হয়তো তেওঁৰ গল্পবোৰত গল্পৰ চুম্বকীয় কৌশলৰ সলনি বক্তৃতাধৰ্মীতাহে প্ৰকাশ পাইছে৷ অসমীয়া সমাজৰ দোষ-দুৰ্বলতা, ভেম-ভণ্ডামি, ভুৱা আভিজাত্য আদিলৈ হাস্যৰ ছলেৰে চোকা বাক্যবাণ প্ৰয়োগ কৰিবলৈকো তেওঁ কুণ্ঠাবোধ কৰা নাই৷ বেজবৰুৱাৰ মন আছিল সমাজ সচেতন৷ সেইবাবে অসমীয়া সমাজত প্ৰচলিত জাতিভেদ প্ৰথাৰ বিৰুদ্ধে, কানি বৰবিহৰ বিৰুদ্ধে, ইংৰাজী শিক্ষাৰ প্ৰতি অন্ধ অনুকৰণৰ বিৰুদ্ধে তেওঁ কলম তুলি লৈছিল৷ বেজবৰুৱাই কিছু গল্পত স্বভাৱসুলভ হাস্যৰসেৰে নিজেও হাঁহিছে, পাঠককো হঁহুৱাইছে৷ কোনো কোনো গল্পত আকৌ ব্যংগৰ শাণিত অস্ত্ৰেৰে বাহিৰ শুৱনি জীৱনৰ অন্তঃসাৰশূন্যতা খণ্ড খণ্ডকৈ বিশ্লেষণ কৰি দেখুৱাইছে৷ বেজবৰুৱাৰ গল্পত আংগিক বৈচিত্ৰ্য্যৰ সহায়ত ৰস সৃষ্টিতকৈ সমাজ সংস্কাৰৰ স্পৃহাই অধিক প্ৰৱল হৈ প্ৰকাশ পোৱা দেখা যায়৷ সেইবাবে বহুতে ক’ব খোজে যে ব্যংগাত্মক আৰু সংস্কাৰমূলক মনোবৃত্তিৰ প্ৰাধান্যৰ বাবে বেজবৰুৱাৰ গল্পত সুকুমাৰ অনুভূতিৰ প্ৰকাশ দেখিবলৈ পোৱা নাযায়৷ শিল্পমূল্য আৰু বিষয়বস্তুৰ গভীৰতাৰ দিশৰ পৰা ‘বাপিৰাম’, ‘মুক্তি’, ‘পাতমুগী’, ‘ভদৰী’ আদি গল্পৰ মূল্য অনস্বীকাৰ্য৷ বগা চাহাবৰ অমানৱীয় কামুকতা, দেশীয় কৰ্মচাৰীৰ অৰ্থলিপ্সাৰ বিৰুদ্ধে লগুৱা বাপিৰামৰ শক্তিশালী প্ৰতিবাদ ‘বাপিৰাম’ গল্পৰ বিষয়বস্তু৷ ‘পাতমুগী’ আৰু ‘ভদৰী’ মানৱ মনস্তত্ত্ব আৰু ৰহস্যময় হৃদয় বৃত্তিৰ মহত্ত্ব প্ৰকাশক গল্প৷
• শৰৎ চন্দ্ৰ গোস্বামী : লক্ষ্মীনাথ বেজবৰুৱাৰ পাছতে জোনাকী যুগৰ গল্পকাৰসকলৰ ভিতৰত নাম ল’বলগীয়া গল্পকাৰগৰাকী হ’ল শৰৎ চন্দ্ৰ গোস্বামী৷ এওঁৰ হাততে অসমীয়া চুটিগল্পই আংগিকৰ দিশৰ পৰা এটা নিটোল ৰূপলৈ বিকশিত হয়৷ ‘গল্পাঞ্জলি’ (১৯১৪), ‘ময়না’ (১৯২০) আৰু ‘বাজীকৰ’ —ই তিনিখন গল্পপুথিৰ উপৰি মৰণোত্তৰভাৱে ‘পৰিদৰ্শন’ নামৰ গল্প সংকলনৰ যোগেদি গোস্বামীয়ে কথা-শিল্পত মৌলিকত্বৰ পৰিচয় দাঙি ধৰিছে৷ আংগিক আৰু কলা-কৌশলৰ ক্ষেত্ৰত গোস্বামী এগৰাকী সচেতন গল্পকাৰ৷ গল্পৰ কেন্দ্ৰস্থ ভাব, বিষয়বস্তু, ঘটনাৰ ঐক্যসূত্ৰ, চৰিত্ৰ বিকাশ আৰু ভাষাৰ মিতব্যয়িতা— চুটিগল্পৰ এই অনুশাসনবোৰ মানি চলাৰ লক্ষণ গোস্বামীৰ চুটিগল্পত স্পষ্ট৷ এইখিনিতেই বেজবৰুৱাৰ লগতে গোস্বামীৰ চুটি গল্পৰ পাৰ্থক্য৷ বেজবৰুৱাৰ আংগিক আৰু কলা-কৌশলৰ শিথিলতাৰ বিপৰীতে গোস্বামী যেন কিছু পৰিমাণে সচেতন৷ বেজবৰুৱাৰ সাধুকথাধৰ্মী ৰীতিৰ পৰা গোস্বামীয়ে আঁতৰি আহি বাস্তৱ আশ্ৰয় ল’বলৈ প্ৰয়াস কৰে৷
শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পত অসহায় পীড়িতজন আৰু সমাজৰ সাধাৰণ শ্ৰেণীৰ প্ৰতি সহানুভূতিসম্পন্ন মনোভাব বা সমবেদনা ফুটি উঠিছে৷ তেওঁৰ কৰুণ ভাবযুক্ত গল্পসমূহত নিয়তিৰ পৰিহাস আৰু ভাগ্য বা অদৃষ্টৰ বুজিব নোৱাৰা ক্ৰূৰতা ঘনীভূত হৈ আছে৷ সাংসাৰিক জীৱনত যিবোৰ কৰুণ ঘটনা ঘটে তাৰ বেছিভাগতে মানুহৰ হাত নাথাকে৷ নিয়তিৰ দুৰ্বাৰ শক্তিৰ উপলব্ধি আৰু এটি কৰুণ বিষাদ চেতনাই তেওঁৰ ‘ঘুনুচা’, ‘ময়না’, ‘অদৃষ্ট’ আদি গল্প আচ্ছন্ন কৰি ৰাখিছে৷
গোস্বামীৰ চুটিগল্পত বেজবৰুৱাৰ দৰে তীব্ৰ ব্যঙ্গ বা হাস্যৰস নাই৷ তথাপি সমাজৰ অসংগতিপূৰ্ণ দিশবোৰলৈ, সমাজৰ নিষ্ঠুৰতালৈ বা কেৰোণলৈ তেওঁ চকু নিদিয়াকৈ থকা নাই৷ গাঁৱলীয়া পটভূমিতে তেওঁৰ বেছিভাগ গল্প প্ৰতিষ্ঠিত৷ আনহাতে, জীৱনৰ ৰহস্য আৰু বৈচিত্ৰৰ বিভিন্ন উদ্ঘাটনৰ প্ৰয়াস শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পত দেখা যায়৷ তেওঁৰ গল্পত ৰেখাংকন ঋজুতা আৰু বাকভঙ্গীৰ সৰলতা মন কৰিবলগীয়া বিশেষত্ব৷ এই আটাইবোৰ দিশৰ ওপৰত দৃষ্টি ৰাখি চুটিগল্পৰ এগৰাকী সমালোচকে গোস্বামীৰ গল্প সম্পৰ্কে মন্তব্য দি কৈছে — “ঘটনাৰ ঐক্য, ভাবৰ সংযম আৰু কাব্যিক অনুভূতিৰ গভীৰ আবেদনৰ বাবেই গোস্বামীৰ গল্পই অসমীয়া চুটিগল্পক বিকাশৰ বাটত বহু পৰিমাণে আগুৱাই আনিলে আৰু আঙ্গিকৰ দিশতো চুটিগল্পৰ শিল্পমূল্যৰ উত্তৰণ ঘটালে৷”
• সূৰ্য্য কুমাৰ ভূঞা : ইতিহাস চৰ্চা তথা অধ্যয়নত প্ৰসিদ্ধি লাভ কৰা সূৰ্য্যকুমাৰ ভূঞা এগৰাকী গল্পকাৰো আছিল৷ অৱশ্যে তেওঁ ৰচনা কৰা গল্পৰ সংখ্যা তেনেই কম৷ মাথোঁ পাঁচটা গল্পৰ সমষ্টি তথা প্ৰকাশিত একমাত্ৰ গল্প পুথি হ’ল ‘পঞ্চমী’ (১৯২৩)৷ সংখ্যাত কম হ’লেও এই পাঁচটা গল্পৰ যোগেদিয়েই ভূঞাই চুটিগল্পৰ ক্ষেত্ৰতো সুকীয়া পৰিচয় দিবলৈ সক্ষম হয়৷ জোনাকী যুগৰ অন্যান্য চুটিগল্পৰ দৰে ভূঞাৰ গল্পতো কলা-কৌশলৰ দুৰ্বলতা আছে৷ তথাপি তেওঁ চুটিগল্পসমূহৰ জৰিয়তে চৰিত্ৰৰ মানসিক সংঘাত বা দ্বন্দ্বক ৰূপায়িত কৰাৰ ক্ষেত্ৰত ভালেখিনি সফলতা অৰ্জন কৰিছে৷ মধ্যবিত্ত শ্ৰেণীৰ মানসিকতা, প্ৰেম আদি তেওঁৰ গল্পৰ বিষয়বস্তু৷ জোনাকী যুগৰ চুটিগল্পৰ ভঁৰাল চহকী কৰি তোলাৰ ক্ষেত্ৰত সূৰ্য্যকুমাৰ ভূঞাৰ নাম ল’বই লাগিব৷
• দণ্ডিনাথ কলিতা : বেজবৰুৱা আৰু শৰৎ চন্দ্ৰ গোস্বামীয়ে প্ৰতিষ্ঠা কৰা অসমীয়া চুটিগল্পৰ ধাৰাটোক প্ৰৱাহিত কৰি ৰখাত সহযোগীৰ ভূমিকা লোৱা আন এগৰাকী গল্পকাৰ হ’ল দণ্ডিনাথ কলিতা৷ পূৰ্বসূৰী গল্পকাৰসকলৰ ধাৰাতে কলিতাই গল্প লিখিবলৈ লৈছিল; নতুন পৰীক্ষা নিৰীক্ষা কৰা নাই৷ তেওঁৰ একমাত্ৰ গল্প সংকলন ‘সাতসৰী’ (১৯২৫)৷ গল্পৰ বিষয়বস্তু আৰু বক্তব্য সৰল তথা গতানুগতিক৷ সমসাময়িক সমাজত প্ৰচলিত জাতিভেদ, ধনী-দুখীয়াৰ ব্যৱধান, দুৰ্নীতি, কুসংস্কাৰ আদি বিষয়ক লৈ কলিতাৰ গল্প নিৰ্মিত হৈছে৷ কিন্তু কলা-কৌশলৰ দিশত এওঁ নতুনত্ব প্ৰদৰ্শন কৰিব নোৱাৰিলে৷ ফলত বেজবৰুৱা বা শৰৎচন্দ্ৰ গোস্বামীৰ দৰে কলিতাৰ গল্প পাঠকৰ বাবে আকৰ্ষণীয় হৈ নুঠিল৷ তথাপি আৰম্ভণী কালৰ গল্পকাৰ হিচাপে দণ্ডিনাথ কলিতাৰ নাম নিশ্চয় উল্লেখনীয়৷ এক কথাত ক’ব পাৰি গল্পকাৰ হিচাপে কলিতাৰ মূল্য মূলতঃ ঐতিহাসিক৷ আনহাতে, চুটিগল্পৰ সলনি উপন্যাস ৰচনাত অধিক মনোনিৱেশ কৰা বাবেও হয়তো কলিতাৰ গল্পৰ যিমানখিনি উৎকৰ্ষ সাধন হ’ব লাগিছিল সিমানখিনি নহ’লগৈ৷
• নকুলচন্দ্ৰ ভূঞা : জোনাকী যুগত আৰম্ভ কৰি আৱাহন যুগলৈকে চুটিগল্প ৰচনা কৰা গল্পকাৰসকলৰ ভিতৰত নকুলচন্দ্ৰ ভূঞা অন্যতম৷ ‘চোৰাংচোৱা’ (১৯১৮) আৰু ‘গল্পৰ শৰাই’ (১৯৬২) তেওঁৰ গল্পপুথি৷ ভূঞাৰ গল্পত জটিল সামাজিক, অৰ্থনৈতিক বা জৈৱিক সমস্যাৰ উদ্ভাৱন বা সমাধানৰ চেষ্টা নাই৷ দৈনন্দিন জীৱনত ঘটি থকা সৰু-সুৰা ঘটনাৰ চিত্ৰণহে দেখিবলৈ পোৱা যায়৷ সেইবাবে তেওঁৰ গল্পৰ বিষয়বস্তু একেষাৰতে ক’বলৈ গ’লে অতি সহজ-সৰল৷ দৰিদ্ৰতা আৰু প্ৰেম— এই দুটা বিষয়ৰ চুটিগল্পই অধিক৷ ভূঞাৰ গল্পত ব্যংগ আছে যদিও সি বেজবৰুৱাৰ পৰ্যায় পোৱাগৈ নাই৷ সেইবাবে ক’ব পাৰি নকুলচন্দ্ৰ ভূঞাৰ গল্প জন্মযুগৰ বৈশিষ্ট্যৰ দৰেই গতানুগতিক আৰু চালুকীয় গুণধৰ্মী৷
• লক্ষ্মীনাথ ফুকন : জোনাকী যুগতে গল্প লিখিবলৈ আৰম্ভ কৰি পৰৱৰ্তী সময়লৈকে কলম চলাই ৰখা এগৰাকী শক্তিশালী গল্পকাৰ হ’ল লক্ষ্মীনাথ ফুকন৷ ‘মালা’ (১৯১৮), ‘ওফাইডাং’ (১৯৫২) আৰু ‘মৰমৰ মাধুৰী’ (১৯৬৩)— এওঁৰ তিনিখন চুটিগল্পৰ সংকলন৷ মালাৰ পৰা ওফাইডাং-লৈ প্ৰায় ২৫ বছৰৰ ব্যৱধান৷ সেইফালৰ পৰা মালাতকৈ পাছৰ দুটা সংকলনৰ গল্পসমূহ অধিক পৈণত৷ বাস্তৱ সমাজৰ পৰাই গল্পৰ বিষয়বস্তু আহৰণ কৰি লিখা ফুকনৰ গল্পবোৰৰ ৰচনাশৈলী মনোগ্ৰাহী৷ কেবাটাও গল্পৰ হাস্য-ব্যঙ্গ উপভোগ্য৷ ত্ৰৈলোক্য নাথ গোস্বামীয়ে কৈছে— “অকল বাক্-চাতুৰ্য্যৰে হাস্যৰস সৃষ্টি নকৰি ফুকনে চৰিত্ৰৰ কথা আৰু কাৰ্যৰ মাজত থকা বিৰোধৰ নিপুন অথচ সৰল বৰ্ণনাৰে ভিতৰৰ ফোঁপোলা জীৱন উদঙাই দেখুৱায়৷’’ ফুকনৰ গল্পত ভাৰতীয় মনৰ ছাপ স্পষ্ট৷ জৈৱিক সমস্যাক কেন্দ্ৰ কৰি ৰচনা কৰা ‘মৰমৰ মাধুৰী’, ‘মেধি’, ‘ডাক্তৰ’ ‘টাইপিষ্টৰ জীৱন’ প্ৰভৃতি গল্পবোৰত ঘটনা-সংযোগৰ দক্ষতা আৰু প্ৰকাশৰ কুশলতাৰ বাবে চৰিত্ৰবোৰ স্পষ্ট; কিন্তু আধুনিক মনস্তত্ত্ব তথা পাশ্চাত্য মনোদৈহিক বৈজ্ঞানিক চিন্তা দৰ্শনৰ পোহৰত চৰিত্ৰৰ চিত্ৰণ নোহোৱাৰ বাবে চৰিত্ৰবোৰ অজটিল৷ সমসাময়িক গল্পকাৰৰ দৰে ফুকনৰ গল্পও শিথিলধৰ্মী৷ ফুকনৰ ভাষা সাৱলীল৷ সেই বাবে তেওঁ জনপ্ৰীয়তা অৰ্জন কৰাৰ লগতে এনে ভাষাই গল্পসমূহক সুখপাঠ্য তথা উপাদেয় কৰি তুলিছে৷ আনহাতে, ব্যঙ্গাত্মক ৰচনাৰ ক্ষেত্ৰত লক্ষ্মীনাথ ফুকনেও পাৰদৰ্শিতা দেখুৱাইছে আৰু এই ক্ষেত্ৰত বেজবৰুৱাৰ উপযুক্ত উত্তৰসূৰী বুলি অভিহিত কৰা হৈছে৷
• লক্ষ্মীধৰ শৰ্মা : প্ৰবল স্বদেশানুৰাগী আৰু বিপ্লৱী চেতনাৰ অধিকাৰী লক্ষ্মীধৰ শৰ্মা আলোচ্য যুগৰ এজন উল্লেখযোগ্য লেখক৷ ‘বাঁহী’, ‘বন্তি’, ‘চেতনা’ আৰু ‘আৱাহন’ৰ পাতত গল্পকাৰ হিচাপে নিজৰ স্থান সুদৃঢ় কৰা শৰ্মাৰ আটাইতকৈ উল্লেখযোগ্য গল্পটো হ’ল ‘ছিৰাজ’৷ এই গল্পটোকেই ফণী শৰ্মাই একে নামেৰে নাট্যৰূপ প্ৰদান কৰিছিল৷ ১৯৩৮ চনত প্ৰকাশিত ‘ব্যৰ্থতাৰ দান’ গল্প সংকলনখনৰ গল্পবোৰৰ উপৰি বহু গল্প আলোচনীৰ পাততে আছে৷ সমকালীন সমাজ জীৱনৰ নিমোৰ্হ অথচ শিল্পসন্মত সমালোচনা, মানুহৰ যৌন প্ৰবৃত্তিৰ অসংযত গতি শৰ্মাৰ গল্পৰ প্ৰধান বিষয়৷ ত্ৰৈলোক্যনাথ গোস্বামীয়ে লিখিছে — “যিটো সময়ত যৌন আকাংক্ষাৰ বিশদ বিশ্লেষণেৰে সাহিত্যৰ শুচিতা নষ্ট কৰিব পাৰে বুলি লেখকসকলে জীৱনৰ এটা কক্ষত তলা বন্ধ কৰি বাহিৰত ঘূৰি ফুৰিছিল সেই সময়ত সাহসেৰে আন্ধাৰ কক্ষত পোহৰ পেলাবলৈ লক্ষ্মীধৰ শৰ্মাই যত্ন কৰিলে৷… …পাশ্চাত্য ভাবাদৰ্শৰে অনুপ্ৰাণিত হৈ শৰ্মাই যৌন প্ৰবৃত্তিৰ বহল বিশ্লেষণেৰে মানুহক চমক লগালে৷” শৰ্মা সময়ৰ লেখেৰে জোনাকী যুগৰ লেখক হ’লেও গুণগত দিশত আধুনিক কালৰ লেখক৷ জীৱনৰ দ্বন্দ্ব আৰু সংগ্ৰামৰ ছবিয়ে তেওঁৰ গল্পক শৈল্পিকবোধ আৰু আনন্দ ৰূপময়ত্ব দান কৰিছে৷ ‘পৰাজয়’ৰ দৰে গল্পত সামাজিক অন্যায়-অবিচাৰ আৰু মানৱতাৰ ভীষণ লুণ্ঠনে মানুহৰ জীৱনলৈ নমাই অনা কৰুণ পৰিণতি প্ৰকাশ পাইছে৷ নাৰীৰ মুক্তি চেতনাও তেজস্বী ৰূপত শৰ্মাৰ গল্পত প্ৰকাশ পাইছে৷
তদানীন্তন সময়ত উল্লিখিত গল্পকাৰসকলৰ উপৰি আৰু কেইবাজনো অসমীয়া সাহিত্যৰ সাধকে চুটিগল্প ৰচনা কৰা অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ যত্নপৰ হৈছিল৷ তেওঁলোক হ’ল — নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, ৰমা দাশ, হলীৰাম ডেকা, বীণা বৰুৱা, মহীচন্দ্ৰ বৰা আদি৷ চৌধুৰীৰ গল্পত নাগৰিক জীৱনৰ প্ৰবঞ্চনা আৰু ভুৱা স্বাচ্চন্দ্যতকৈ জনজাতীয় গঞা জীৱনৰ মহত্ত্ব প্ৰকাশ পাইছে৷ তেওঁ মূলতঃ ‘আৱাহন’ কাকতৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটোৰ পাতত গল্পকাৰ হিচাপে ভূমুকি মাৰিছিল ‘পোহাৰী’ গল্পটোৰে৷ ‘ধন-ভঁৰাল’, ‘ভাগ-বটোৱাৰা’ ‘ৰসায়ন’, ‘মুক্তি’, ‘টুনী’ আদি তেওঁৰ উল্লেখযোগ্য গল্প৷ হাস্য-ব্যঙ্গৰ ধাৰাটো বৰ্তাই ৰখা আন গৰাকী গল্পকাৰ আছিল মহীচন্দ্ৰ বৰা৷ ‘কেৰাণীৰ কপাল’, ‘চৰ্দাৰ-বিল’, ‘অব্যয়’, ‘চাকনৈয়া’ আদি গল্পৰে অসমীয়া গল্প সাহিত্যৰ ইতিহাসত নিজৰ স্থান সুদৃঢ় কৰা মহীচন্দ্ৰ বৰাৰ গল্পত উদাৰনৈতিক মানৱতাৰ জয়গান আছে৷ জীৱন্ত আৰু বাস্তৱচিত্ৰ অংকনেৰে সমকালীন সমাজৰ চিত্ৰ তেওঁৰ অতি দক্ষতাৰে অংকন কৰিছে৷ তেওঁৰ প্ৰকাশিত গল্পপুথি এখনৰ নাম হ’ল ‘উকীলৰ জন্ম ৰহস্য’৷ হলিৰাম ডেকাই ‘আৱাহন’ৰ পাততে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু জীৱনবোধৰ গভীৰতা হ’ল তেওঁৰ গল্পৰ আটাইতকৈ উল্লেখনীয় দিশ৷ ‘ৰে বড়ে ভাই’, ‘ভ্ৰষ্ট লিপি’, ‘দ্বিতীয় পক্ষ’, ‘বিয়া বিভ্ৰাট’, ‘যোদ্দাৰ’, ‘পৰ্বতৰ টিঙত বঙলা ঘৰ’ আদি তেওঁৰ উল্লেখযোগ্য গল্প৷ হোমেন বৰগোহাঞিয়ে এওঁৰ গল্প সম্পৰ্কে মন্তব্য কৰিছে— ‘‘সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ ছবি তেওঁৰ গল্পত প্ৰতিবিম্বিত হৈছে৷’’ আনহাতে এই সময়তে ‘আৱাহন’ৰ পাততে আত্মপ্ৰকাশ কৰা ৰমা দাসৰ ‘‘শিল্পগত গুণৰ ফালৰপৰা শ্ৰেষ্ঠ অথবা সাৰ্থক গল্পৰ অভাৱ’’ বুলি সমালোচকসকলে মন্তব্য কৰে৷ অৱশ্যে ‘প্ৰয়াশ্চিত্ত’ গল্পটো কিছু উন্নত বুলি সমালোচকসকলে কয়৷ তেওঁ লিখা কেইটামান গল্প হ’ল ‘বৰ্ষা যেতিয়া নামে’, ‘অবুজ মায়া’, ‘অচল টকা’, ‘কোন এই নতুন মিৰাণ্ডা’৷ ‘আৱাহন’তে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা বীণা বৰুৱাই ৰামধেনু যুগলৈকে গল্প লিখিছিল৷ ‘পট পৰিৱৰ্তন’ আৰু ‘আঘোণী বাই’ তেওঁৰ প্ৰকাশিত গল্প পুথি৷ ‘জনসংখ্যা’, ‘সাঁথৰ’, ‘প্ৰৱেশ নিষেধ’ আদি গল্পত তেওঁ ৰোমাণ্টিকতাৰ ভাব প্ৰকাশ কৰিছে৷
মন কৰিবলগীয়া যে জোনাকী যুগতে ‘আৱাহন’ৰ পাতত আৰু বহু কেইগৰাকী নতুন নতুন গল্পকাৰে ভুমুকি মাৰিছিল৷ তেওঁলোকৰ গল্প সাধনাৰ বাট পৰৱৰ্তী সময়লৈকে বিস্তৃত৷


(ক্ৰমশঃ…)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক