অসমীয়া সাহিত্যৰ বুৰঞ্জী (মৃণাল জ্যোতি গোস্বামী)

অসমীয়া সাহিত্যৰ বুৰঞ্জী

মৃণাল জ্যোতি গোস্বামী

(টোকাঃ আমাৰ বাবে আচলতে এটা মৰসাহ— ইণ্টাৰনেটত উপলব্ধ হোৱাকৈ এখন অসমীয়া ভাষাৰ বুৰঞ্জী প্ৰস্তুত কৰাটো ৷ বহু দিনৰে এটা হেঁপাহ আছিল— ইণ্টাৰনেটত অসমীয়া সাহিত্যৰ বুৰঞ্জী এখন লিখিব লাগিব ৷ কাৰণ আজিৰ প্ৰজন্মই বেছিকৈ ইণ্টাৰনেটহে ব্যৱহাৰ কৰে ৷ তেখেতসকলেও অসমীয়া-সাহিত্যৰ বুৰঞ্জী জানিবলৈ চেষ্টা কৰে৷ কামটো হাতত ল’বলৈ লওঁতে ভয়, দ্বিধা সকলোৱে জুমুৰি দিলেহি৷ তথাপিতো বেজবৰুৱাৰ দেশৰ যুৱক হিচাপে কঁকালত টঙালি বান্ধি ল’লোঁ৷ তাতে এইজনা মহাপ্ৰাণ অসমীয়াৰ জন্ম শতবৰ্ষও আহি আছে৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিবলৈকে এই প্ৰকল্পটো হাতত ল’লো৷ মোৰ পৰিবাৰ জোনমণি গগৈয়েও বুৰঞ্জীখন লিখোঁতে মোক সহায় কৰিছে৷ এক কথাত এয়া আমাৰ দুয়োৰে যুটীয়া লেখাহে৷ প্ৰতি মাহতে একোটাকৈ খণ্ড লিখিবলৈ যত্ন কৰিম ৷ ভুল হ’লে সুধীজনে আঙুলিয়াই দিলে সুখী হম৷ এই প্ৰাৰম্ভিক লেখনীটোৰ কিছু অংশ ইউনিক’ডলৈ ৰূপান্তৰ কৰোতে Tezpur University, NLPLab এ নিৰ্মাণ কৰা Geetanjali to unicode converter v.10 ৰ সহায় লোৱা হৈছে৷)

(প্ৰথম অধ্যায়)

অসমীয়া সাহিত্যৰ যুগ বিভাজন আৰু অসমীয়া লোকসাহিত্য

 

১.১ অসমীয়া সাহিত্যৰ যুগ বিভাজন :

যিকোনো জাতিৰ সাহিত্য পৰিক্ৰমাত প্ৰথমে মৌখিক সাহিত্যৰ সৃষ্টি হয়৷ মৌখিক সাহিত্যই ক্ৰমবিৱতৰ্নেৰে পৰৱৰ্তী কালত লিখিত সাহিত্যৰ ৰূপ পৰিগ্ৰহ কৰে৷ অসমীয়া সাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়৷ আজিৰ অসমীয়া সাহিত্যয়ো বিভিন্ন অৱস্থাৰ মাজেদি আহি বতৰ্মানৰ অৱস্থাত উপনীত হৈছেহি৷ প্ৰণিধানযোগ্য যে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ ক্ষেত্ৰত সাহিত্যৰ বুৰঞ্জীকাৰসকলৰ মাজত মতৰ মিল থকা দেখা নাযায়৷ তথাপিও সকলোৰে মত পৰ্যালোচনা কৰি অসমীয়া সাহিত্যক মূলতঃ তিনিটা প্ৰধান ভাগত বিভাজন কৰি আলোচনা কৰিব পাৰি৷ যথা-

(ক) আদি যুগঃ উদ্ভৱ কালৰ সাহিত্য (আৰম্ভণিৰ পৰা চতুদৰ্শ শতিকা)

(খ) মধ্যযুগঃ

(১) প্ৰাক্-শংকৰী যুগ (চতুদৰ্শ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ শেষ ভাগলৈ)

(২) শংকৰী যুগ (পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আদি ভাগলৈকে)

(৩) শংকৰোত্তৰ যুগ (সপ্তদশ শতিকাৰ আদি ভাগৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগলৈ)

(গ) বতৰ্মান যুগঃ

(১) অৰুণোদয় যুগ (১৯২৬ৰ পৰা ১৮৮৯)

(২) জোনাকী যুগ (১৮৮৯ৰ পৰা ১৯৪০)

(৩) সাম্প্ৰতিক যুগ (১৯৪০ৰ পৰা বতৰ্মান কাললৈ)

ইয়াৰে সাম্প্ৰতিক যুগটিক পুনৰ কেইবাটিও সৰু সৰু ভাগত বিভাজন কৰাও দেখা যায়৷

ইতিমধ্যেই উল্লেখ কৰা হৈছে যে সাহিত্যই লিখিত ৰূপ পৰিগ্ৰহ কৰাৰ আগতে মৌখিকভাৱে বা মুখে মুখে প্ৰচলিত হৈ থাকে৷ কোনো ভাষাৰ লিখিত সাহিত্য সম্পৰ্কে অধ্যয়ন কৰাৰ পূৰ্বে সেই ভাষাৰ মৌখিক বা লোকসাহিত্য সম্পৰ্কে সম্যক ধাৰণা থকাৰ প্ৰয়োজনীয়তা আছে৷ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন হিচাপে চিহ্নিত ‘চৰ্যাপদ’সমূহ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি পণ্ডিতসমাজে মত পোষণ কৰে৷ এই চৰ্যাপদসমূহৰ আগতেও অসমীয়া লোকসমাজত অলিখিতভাৱে বিভিন্ন সাহিত্য প্ৰচলন হৈ থকাৰ প্ৰমাণ পোৱা যায়৷ এই সকলোবোৰকে মৌখিক সাহিত্য বা লোকসাহিত্য বুলি কোৱা হয়৷ অসমীয়া সমাজ সংস্কৃতি পৰম্পৰাৰ বিষয়ে জানিবলৈ হ’লে আমি এই মৌখিক সাহিত্যসমূহ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে৷ অতীত কালৰে পৰা পৰম্পৰাগতভাৱে মুখে মুখে চলি অহা বিবিধ গীত-মাত, সাধুকথা, ফকৰা-যোজনা, প্ৰবাদ-পটন্তৰ, সাঁথৰ, সামাজিক ৰীতি-নীতি, জনবিশ্বাস, ধৰ্মীয় আচাৰ-বিচাৰ আদিকে আধাৰ হিচাপে লৈ ৰচনা কৰা ৰসাল আৰু অথৰ্ব্যঞ্জক কমৰ্ৰাজিয়েই লোকসাহিত্যৰ অন্তভুৰ্ক্ত৷

অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত ‘চৰ্যাপদ’সমূহেই অসমীয়া লিখিত সাহিত্যৰ আদি নিদৰ্শন৷ চৰ্যাপদসমূহত অসমীয়াৰ উপৰি হিন্দী, মৈথিলী, বাংলা, উড়িয়া আদি আধুনিক ভাৰতীয় ভাষাসমূহৰো আদি স্তৰৰ ভাষাৰ নিদশৰ্ন আছে৷ এই চৰ্যাপদসমূহৰ সমসাময়িকভাৱে অসমীয়া আৰু বাংলা ভাষাৰ নিদশৰ্ন থকা আৰু এক শ্ৰেণীৰ সাহিত্যও সৃষ্টি হৈছিল৷ সেই সাহিত্যসমূহত উভয় ভাষাৰে কিছুমান লক্ষণ পৰিদৃষ্ট হৈছে৷ সেইবাবে এই সাহিত্যৰাজিক সমপূৰ্ণৰূপে অসমীয়া বা সমপূৰ্ণৰূপে বাংলা ভাষাৰ সাহিত্য হিচাপে চিহ্নিত নকৰি ‘মিশ্ৰ অসমীয়া সাহিত্য’ বুলি কোৱা হয়৷ ‘শ্ৰীকৃষ্ণ কীতৰ্ন’ আৰু ‘শূন্যপুৰাণ’ ‘মিশ্ৰ অসমীয়া সাহিত্য’ৰ অন্তৰ্ভুক্ত৷ বিবিধ মৌখিক সাহিত্য, চৰ্যাপদ আৰু এই মিশ্ৰ অসমীয়া সাহিত্যৰাজিক লৈয়েই অসমীয়া সাহিত্যৰ উদ্ভৱ কালটি সৃষ্টি হৈছে; অৰ্থাৎ উদ্ভৱ কালৰ অসমীয়া সাহিত্যত এই তিনি শ্ৰেণীৰ সাহিত্য অন্তৰ্ভুক্ত হৈ আছে৷

১.২ অসমীয়া লোকসাহিত্য :

অসমীয়া লোকসাহিত্য সম্পৰ্কে আলোচনাত প্ৰবৃত্ত হোৱাৰ আগতে আমি লোকসাহিত্য মানেনো কি সেই বিষয়ে জনা উচিত৷ লোকসাহিত্য বুলিলে সাধাৰণতে পৰম্পৰাগতভাৱে জনসমাজৰ মুখে মুখে চলি অহা কাহিনী, আখ্যান, বেলাড গীত, যোজনা পটন্তৰ, নাটকীয় কাহিনী আদিৰ সমাহাৰকে বুজা যায়৷ লোকসাহিত্যক ‘বাচিক কলা’ ‘মৌখিক সাহিত্য’ ‘অলিখিত সাহিত্য’ ‘চহা সাহিত্য’ ‘লৌকিক সাহিত্য’ আদি বিভিন্ন অভিধাৰেও অভিহিত কৰা হয়৷ লোকসাহিত্যৰ ৰচয়িতা কোন সেয়া নিৰ্ণয় কৰা কঠিন আৰু মৌখিক পৰম্পৰা অনুক্ৰমে প্ৰবাহমান বাবে আঞ্চলিক ৰূপ বা পাঠান্তৰ থকাও পৰিলক্ষিত হয়৷ তদপুৰি ব্যক্তি নিৰপেক্ষ ৰূপো ইয়াৰ এক উল্লেখযোগ্য বৈশিষ্ট্য৷ মৌখিক সাহিত্য বা লোকসাহিত্যই সঘনে লিখিত পৰম্পৰা বা সাহিত্যত প্ৰৱেশ কৰিব পাৰে৷ ঠিক সেইদৰে লিখিত সাহিত্যয়ো লোকসাহিত্যত প্ৰৱেশ কৰিব পাৰে৷ লোকসাহিত্যৰ মূল বৈশিষ্ট্য হ’ল অনুভূতিৰ অকৃত্ৰিমতা আৰু স্বতঃস্ফূৰ্ততা৷ প্ৰাকৃতিক জগতৰ লগত ইয়াৰ সম্পৰ্ক অতি নিবিড়৷ তদপুৰি লোকসাহিত্যৰ উপাদানৰাজি অনুষ্ঠেয় কলাৰ সৈতে সম্পৃক্ত, কাৰণ ই এক সামাজিক ব্যাপাৰ আৰু সেইবাবেই ইয়াৰ সামাজিক প্ৰকাৰ্য অস্বীকাৰ কৰিব নোৱাৰি৷ এই প্ৰসংগৰ আঁত টানি ক’ব পাৰি যে অতীত, বতৰ্মান আৰু ভৱিষ্যতৰ সীমাৰেখাৰে লোকসাহিত্য সীমিত নহয়৷ লোকসাহিত্য সংস্কৃতিৰ সোণসেৰীয়া উপাদান৷ সমাজৰ দৈনন্দিন জীৱন পদ্ধতি, চিন্তা-চৰ্চা, বিশ্বাস, পৰম্পৰা, সংস্কাৰ আদিৰ ই এক সমৃদ্ধ ভঁৰাল৷ অসমীয়া জনসমাজত প্ৰচলিত এনেবোৰ বিবিধ উপাদানেৰেই অসমীয়া জাতীয় জীৱনৰ পৰিচয় দাঙি ধৰিব পৰাকৈ অসমীয়া লোকসাহিত্যৰ ভঁৰাল বিভিন্ন উপকৰণেৰে ঠাহ খাই আছে৷ ৰূপ, বিষয়বস্তু, শৈলী, সংযুতি, জমিন, পাঠ, প্ৰসংগ বা অনুষঙ্গ, প্ৰকাৰ্য, প্ৰয়োগ, ৰূপক, অৰ্থ আদি বিভিন্ন দিশেৰে লোকসাহিত্যক শ্ৰেণী বিভাজন কৰি বিচাৰ বিশ্লেষণ কৰিব পাৰি৷ পূবৰ্তে কেৱল বিষয়বস্তুৰ ফালৰ পৰা লোকগীত, সাধুকথা, আৰু ফকৰা-যোজনা, প্ৰবাদ-পটন্তৰ, সাঁথৰ আদি ভাগত লোকসাহিত্যক বিভাজন কৰি আলোচনা কৰা হৈছিল৷ সাম্প্ৰতিক সময়ত অৱশ্যে বিভিন্ন দৃষ্টিভংগীৰে লোকসাহিত্যক বিভাজন কৰি আলোচনা কৰা হয়৷ সেইকেইটা হ’ল-

ক) জাতিগত শ্ৰেণীবিভাজন

খ) তাত্ত্বিক শ্ৰেণীবিভাজন

গ) বিষয়বস্তু অনুসৰি কৰা শ্ৰেণীবিভাজন

ঘ) প্ৰকাৰ্যাত্মক শ্ৰেণীবিভাজন

ঙ) অনুষঙ্গগত শ্ৰেণীবিভাজন চ) আঞ্চলিক শ্ৰেণীবিভাজন

 

ক) জাতিগত শ্ৰেণীবিভাজনঃ সাংস্কৃতিক পদ্ধতিৰে লোকসাহিত্যক বিভাজন কৰা পদ্ধতিটোকে জাতিগত শ্ৰেণী বিভাজন বুলি কোৱা হয়৷ প্ৰত্যেকটো জাতি-জনজাতি নৃ-গোষ্ঠীৰ মাজত লোকসাহিত্যৰ বিভিন্ন বিভাগসমূহ সূচাবলৈ বিভিন্ন পৰিভাষাৰ ব্যৱহাৰ কৰা হয়৷ উদাহৰণস্বৰূপে অসমৰ সাধুকথাক সূচাবৰ বাবে ‘সাধু’ ‘সাধুকথা’ ‘উপকথা’ ‘উককথা’ ‘সাজোকথা’ ‘গোসাঁইকথা’ ‘কিচ্ছা’ ইত্যাদি পৰিভাষাৰ ব্যৱহাৰ কৰা যায়৷ উল্লেখযোগ্য যে জাতিগত শ্ৰেণীবিভাজনক অন্য প্ৰকাৰে নৃ-গোষ্ঠীগত শ্ৰেণীবিভাজন বুলিও ক’ব পাৰি৷ তদপুৰি এইবিধ শ্ৰেণীবিভাজনক স্থানীয় শ্ৰেণীবিভাজন বুলি ক’লেও ৰজিতা খায়৷

খ) তাত্ত্বিক শ্ৰেণীবিভাজনঃ লোকসাহিত্যৰ পাঠ পদ্ধতিগতভাৱে সু-সংবদ্ধ সংগঠনৰ আৰ্হি প্ৰদশৰ্নৰে বিভাজন কৰা প্ৰথাটোকে তাত্ত্বিক শ্ৰেণীবিভাজন বুলি কোৱা হয়৷ বিদ্যায়তনিক দৃষ্টিভংগী তথা আন্তৰ্জাতিক শ্ৰেণীবিভাজনৰ প্ৰতি দৃষ্টি ৰাখি লোকসাহিত্যৰ বিভিন্ন পাঠক ভাগ কৰা হয় এই তাত্ত্বিক শ্ৰেণীবিভাজনত৷ তাত্ত্বিক শ্ৰেণীবিভাজনৰ আৰ্হি অনুসৰি লোকসাহিত্যৰ পাঠ কেইবাটাও ভাগত শ্ৰেণীবিভাজন কৰি আলোচনা কৰা হয়৷ যথা-

(১) লোককবিতা বা লোকগীত

(২) গদ্যধৰ্মী লোককথা

(৩) প্ৰবচন-লোকোক্তি-যোজনা আৰু পটন্তৰ

(৪) সাঁথৰ, দৃষ্টান্ত

(৫) লোকভাষা৷

এই পাঁচটা ভাগক পুনৰ কেইবাটিও সৰু সৰু উপ-ভাগত ভাগ কৰি আলোচনা কৰা হয়৷

গ) বিষয়বস্তু অনুসৰি শ্ৰেণীবিভাজনঃ লোকসাহিত্যৰ বিভিন্ন উপাদানসমূহৰ বিষয়বস্তু অনুসৰি শ্ৰেণীভুক্ত বা পৰ্যায়ভুক্ত কৰা পদ্ধতিটোৱে হ’ল বিষয়বস্তু অনুসৰি কৰা শ্ৰেণীবিভাজন৷ সাধাৰণতে আঠোটা ভাগত ভাগ কৰি বিষয়বস্তুগত শ্ৰেণী বিভাজন কৰা হয়-

(১) অনুৰাগ আসক্তি প্ৰেম-প্ৰণয় আৰু বিৰহ-মিলন বিষয়ত গীত-পদ বা বাচিক কলা

(২) ভক্তিমূলক বা ভক্তি প্ৰধান বা ভক্তি বিষয়ক গীত-পদ বা বাচিক কলা

(৩) দাশৰ্নিক ভাবপ্ৰধান গীত-পদ ব বাচিক কলা

(৪) ব্যঙ্গপ্ৰধান বা ব্যঙ্গ বিষয়ক গীত-পদ বা বাচিক কলা

(৫) হাস্য প্ৰধান বা হাস্য বিষয়ক গীত-পদ বা বাচিক কলা

(৬) আৰ্থ-সামাজিক ভাব প্ৰধান গীত-পদ বা বাচিক কলা

(৭) আশা-আকাংক্ষা আৰু উৎসাহ-উদ্দীপনা বিষয়ক গীত-পদ বা বাচিক কলা

(৮) ঐতিহাসিক, ৰাজনৈতিক আদি বিষয়ক গীত-পদ বা বাচিক কলা৷

ঘ) প্ৰকাৰ্যাত্মক শ্ৰেণীবিভাজনঃ লোকসাহিত্যৰ বিভিন্ন উপাদানৰাজিৰ আছে সুনিৰ্দিষ্ট সামাজিক প্ৰকাৰ্য৷ এনেদৰে নিৰ্দিষ্ট প্ৰকাৰ্য আধাৰত লোকসাহিত্যৰ শ্ৰেণীবিভাজন কৰা পদ্ধতিটোকেই প্ৰকাৰ্যাত্মক শ্ৰেণীবিভাজন বোলা হয়৷

ঙ) অনুষঙ্গগত শ্ৰেণীবিভাজনঃ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে লোকসাহিত্যৰ উপাদানৰাজি অনুষ্ঠেয় কলাৰ সৈতে সংপৃক্ত৷ অৰ্থাৎ সমাজৰ একোটা নিৰ্দিষ্ট পৰিস্থিতিত এইবোৰ কোৱা হয়, গোৱা হয় বা আবৃত্তি কৰা হয়৷ এই সামাজিক পৰিস্থিতিবোৰকেই একোটা প্ৰসংগ বা অনুষঙ্গবোলে৷ এনেদৰে অনুষঙ্গগতভাৱে লোকসাহিত্যক শ্ৰেণীবিভাজন কৰাটোকেই অনুষঙ্গগত শ্ৰেণীবিভাজন বোলা হয়৷ উদাহৰণস্বৰূপে বিহু সম্পৰ্কে নাজানিলে বিহুগীতৰ বিষয়ে সঠিকভাৱে ধাৰণা লাভ কৰিব নোৱাৰি৷ ইয়াৰ পৰা সহজে অনুমেয় যে লোকসাহিত্যৰ উপাদানৰাজি ভালদৰে অনুধাৱন কৰিবলৈ হ’লে তাৰ অনুষঙ্গৰ বিষয়েও সম্যক ধাৰণা থকা উচিত৷ সেইবাবে প্ৰসংগ অনুসৰিহে লোকসাহিত্য বিভাজিত হোৱা উচিত বুলি এচাম লোকসংস্কৃতিবিদে মন্তব্য কৰে৷

চ) আঞ্চলিক শ্ৰেণীবিভাজনঃ লোকসাহিত্যক আঞ্চলিক বৈশিষ্ট্যৰাজিৰ আধাৰত বা ভৌগোলিক বৈশিষ্ট্যৰাজিৰ আধাৰতো শ্ৰেণীবিভাজন কৰা দেখা যায়৷ এনেদৰে কৰা বিভাজনকেই আঞ্চলিক শ্ৰেণীবিভাজন বোলে৷ উল্লেখযোগ্য যে আঞ্চলিক শ্ৰেণীবিভাজনত গুৰুত্ব লাভ কৰে সেই অঞ্চলত প্ৰচলিত ভাষিক ৰূপটোৱে৷ ইয়াকে আমি লোকসাহিত্যৰ উপাদানৰাজিৰ জমিন (Text)বুলি আখ্যা দিব পাৰোঁ৷

এনেদৰে বিভিন্ন ধৰণে লোকসাহিত্যক বিভাজন কৰি আলোচনা কৰা যায় যদিও তাত্ত্বিকগত শ্ৰেণীবিভাজন আৰু অনুষঙ্গগত শ্ৰেণীবিভাজনহে বিজ্ঞানসন্মত বুলি লোকসংস্কৃতিবিদসকলে বিবেচনা কৰিছে৷ আমাৰ এই সাহিত্যৰ বুৰঞ্জীটো শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত তাত্ত্বিকগত শ্ৰেণীবিভাজনটিকেই আধাৰ হিচাপে লোৱা হ’ব৷ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে তাত্ত্বিকগত শ্ৰেণীবিভাজনত লোকসাহিত্যৰ পাঠসমূহ পুনৰ পাঁচটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি৷ ইয়াৰ আধাৰতেই অসমীয়া লোকসাহিত্যৰ পাঠসমূহক তলত বহলাই আলোচনা কৰা হ’ব৷

(ক্ৰমশঃ)

Subscribe
Notify of
15 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মণীষা হাজৰিকা
6 years ago

প্ৰবব্ধটো পঢ়ি মই উপকৃত হ’লো ।

ধন্যবাদ
মৃণাল
জ্যোতি গোস্বামী ।

আৰ কে
5 years ago

প্ৰবব্ধটো পঢ়ি মই উপকৃত হ’লো ।ধন্যবাদমৃণালজ্যোতি গোস্বামী ।

পোহৰ
4 years ago

প্ৰৱন্ধটো পঢ়ি মই বহুত উপকৃত হলো।পৰবৰ্তী সময়ত আৰু অধিক তথ্য সম্বলিত এনে ধৰণৰ প্ৰৱন্ধ প্ৰকাশ কৰিবলৈ পাম বুলি আশা কৰিল।

গুণজিত
3 years ago

আগলৈ এইদৰে লিখি যাওক

2 years ago

যুগ বিভাজনৰ সমস্া বিষয়ে দিলে ভাল হয়

বিমল মরাঙ
2 years ago

যুগ বিভাজনৰ সমস্যা সমূহ লগতে থকা হলে আৰু মোৰ উপকৃত হলে হেঁতেন, ধন্যবাদ

Anonymous
2 years ago

উপকৃত হৈছো

2 years ago

মই পড়ি ভাল পালো

Baruah gitu
1 year ago

অসমীয়া সাহিত্যত দুজন বুৰঞ্জীবিদে আগবঢ়োৱা যুগ বিভাজন সম্পৰ্কে মতামত

ইয়াত পাম বুলি আশা ৰাখিলোঁ।

Jonny
1 year ago

ভাষাৰ মূল কি???

অলপ কব বুলি আশা কৰিছো

Dipu
1 year ago

সচাকৈয় বহুত উপকৃত হলো অধ্যয়ন কৰি।

ছাবুল হক
1 year ago

Sir, বৰ্তমান যুগৰ :
1/অৰুণোদয় যুগৰ সময় 1826-1889 হ’ব লাগিছিল ।

Anonymous
1 year ago

উপকৃত হলো

6 months ago

বহুত ধূনীয়াকৈ লিখিছে

Anonymous
5 months ago

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ সমস্যা সমূহ বিষয়ে পাম বুলি আশা কৰিলো . ধণ্যবাদ