অসমীয়া সাহিত্যৰ বুৰঞ্জী (৬): মৃণাল জ্যোতি গোস্বামী

হৰিবৰ বিপ্ৰ
প্ৰাক্-শংকৰী যুগৰ কবিকুলৰ ভিতৰত মাধৱ কন্দলিৰ পিছতে হৰিবৰ বিপ্ৰক ঠাই দিয়া হয়। কাব্যকৃতিৰ পৰিসৰ, গুৰুত্ব বিচাৰ কৰি সমালোচকসকলে যুদ্ধ কাব্যৰ কবি হৰিবৰ বিপ্ৰক এই স্থান দিছে। এওঁৰ জন্মস্থান, জন্মৰ সময়, বংশ পৰিচয় পোৱা নাযায় যদিও তেওঁ যে জাতত ব্ৰাহ্মণ আছিল আৰু কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল সেই বিষয়ে তেওঁৰ কাব্যত ভণিতা হিচাপে উল্লেখ কৰিছে। ‘বব্ৰুবাহনৰ যুদ্ধ’ত তেওঁ লিখি থৈ গৈছে-

জয় জয় নৃপবৰ দুৰ্লভনাৰায়ণ ৰাজা
কমতাপুৰে ভৈলা বীৰবৰ।
সপুত্ৰবান্ধবে যেবে সুখে ৰাজ্য কৰতেনাক
জীৱতেনাক সহস্ৰ বৎসৰ।।
তাহান ৰাজ্যত থিত সবৰ্জন মনোনীত
অশ্বমেধ পৰ্ব মধ্যে সাৰ।
বিপ্ৰ হৰিবৰ কবি হৰিৰ (গৌৰীৰ?) চৰণ সেৱি
পদবন্ধে কৰিলো প্ৰচাৰ।।

বিভিন্ন ইতিহাসবিদ আৰু সাহিত্যৰ বুৰঞ্জীকাৰসকলৰ মাজত এওঁৰ পৃষ্ঠপোষক ৰজা দুৰ্লভনাৰায়ণৰ সময়সীমা সম্পৰ্কে মতবিৰোধ আছে। তথাপিতো সকলো দিশ চালি-জাৰি চাই এওঁক চতুৰ্দশ শতিকাৰ প্ৰথমাৰ্ধত থাপন কৰিব পাৰি।
হৰিবৰ বিপ্ৰই জৈমিনীয় মহাভাৰতৰ অশ্বমেধ পৰ্বৰ দ্বাদশ অধ্যায়ৰ পৰা ষটচত্বাবিংশ (১২শ-৪৬শ) অধ্যায়লৈ বৰ্ণিত কাহিনীকে বিষয়বস্তু হিচাপে লৈ তিনিখন কাব্য ৰচনা কৰিছে। সেইকেইখন হ’ল- ‘লৱ-কুশৰ যুদ্ধ’, ‘বব্ৰুবাহনৰ যুদ্ধ’ আৰু ‘তাম্ৰধ্বজৰ যুদ্ধ’। মূল গ্ৰন্থখনত অশ্বমেধ পৰ্বত যজ্ঞৰ ঘোঁৰা অনুসৰণ কৰি যোৱা অজুৰ্নৰ লগত বব্ৰুবাহনৰ যুদ্ধৰ বৰ্ণনাৰ মাজতে লৱ কুশৰ লগত ৰামচন্দ্ৰৰ যুদ্ধৰ কথা তুলনাৰ ছলেৰে বৰ্ণনা কৰা হৈছে। জন্মেজয়ে সেই বিষয়ে বহল প্ৰশ্ন কৰাত জৈমিনী ঋষিয়ে সেই ছলতে ৰাৱণ বধৰ পিছৰে পৰা ৰামকথা চমুকৈ আৰম্ভ কৰি ৰাম আৰু কুশৰ যুদ্ধ কথা বিস্তৃতভাৱে বৰ্ণনা কৰিছে। হৰিবৰ বিপ্ৰৰ ‘লৱ-কুশৰ যুদ্ধ’ কাব্যত কবিয়ে ব্যক্ত কৰিছে-

দুয়ো কথা শুনিবাৰ মোৰ মনে লাগে।
তথাপিতো ৰাম-কথা কহিয়োক আগে।।
আকৌ এঠাইত কৈছে-
অজুৰ্নৰ যুদ্ধ আছোক এখনে
পাছে কহোঁ সিটো কথা।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এইখন কবিজনাৰ প্ৰথম কাব্য। এইখন কাব্যৰ বৰ্ণনাত কবিয়ে মূলৰ পৰা বৰ বিশেষ আঁতৰি যোৱা নাই যদিও ঠাই বিশেষে বহু কথা সংক্ষেপ কৰিছে। স্মৰণযোগ্য যে-

কাহাৰো হৰিষ পদে শ্লোক এক গৈল।
কাহাৰো হৰিষ বিশ্ৰিত লম্ভা থৈল।।
সৱাৰো আনিয়া সাৰ বিপ্ৰ হৰিবৰ।
বোলে অশ্বমেধ-যজ্ঞ পদ ৰুচিকৰ।।

জৈমিনীয় মহাভাৰতৰ অশ্বমেধ পৰ্বত ২৫শ-৩৬শ অধ্যায়ত বৰ্ণিত এই কাহিনী ভাগক আধাৰ হিচাপে লৈ ৰচনা কৰা ‘লৱ-কুশৰ যুদ্ধ’ কাব্যতো প্ৰায়খিনি কথা মূলৰ সৈতে একেই ৰাখিছে। ৰামৰ লংকা বিজয়ৰ পৰা অযোধ্যালৈ গমন, সীতাৰ অগ্নি পৰীক্ষা, ৰামৰ সপোন, সীতাৰ পুংসৱন সংস্কাৰ, সীতাক পৰিত্যাগ, বাল্মীকিৰ আগমন আশ্ৰমলৈ গমন, লৱ-কুশৰ জন্ম, বাল্মীকিৰ দ্বাৰা শিক্ষাদান, ৰামৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা আশ্ৰমত প্ৰৱেশ, শেষত কুশৰ সৈতে ৰামৰ যুদ্ধ আৰু পতন, লৱৰ দ্বাৰা হনুমান আদিক সীতাৰ ওচৰলৈ আনয়ন, সীতাৰ দ্বাৰা তেওঁলোকৰ মুক্তি, বাল্মীকিৰ আগমন আৰু অমৃতময় জলেৰে সকলোৰে জীৱন দান, ৰাম আদিৰ অযোধ্যালৈ প্ৰত্যাগমন আদি কাহিনী এই কাব্যখনত বৰ্ণনা কৰা হৈছে। অৱশ্যে মূলত থকা সীতা আৰু লৱ-কুশৰ অযোধ্যাগমন আৰু ৰামৰ অশ্বমেধ যজ্ঞ সম্পন্ন কৰাটো কবিয়ে উল্লেখ কৰা নাই।
কবিজনাই এই কাহিনীভাগ বৰ্ণনা কৰোঁতে সৰু সুৰা কথাৰ সামান্য সালসলনি ঘটাইছে। যেনে- লৱ-কুশৰ হাতত ৰাম আদিৰ পতনৰ পাছত সিহঁতে ৰাম-লক্ষণৰ আ-অলংকাৰ পৰিধান কৰা কথাটো মূলত নাই। ঠিক সেইদৰে সীতাৰ পুংসৱন উৎসৱত ‘সুৱণৰ্ৰ থালে সীতা গভৰ্ক ঢাকিলা।’ আদি কবিৰ নিজস্ব সৃষ্টি। মুঠতে কবিয়ে অসমীয়া পাঠক-শ্ৰোতাৰ উপযোগীকৈ কাহিনীভাগ তুলি ধৰাত সাৰ্থক হৈছে।
একেখন মূল পুথিৰ ১২-১৫শ অধ্যায় আৰু ৩৭-৪০শ অধ্যায়ৰ কথাবস্তুৰে হৰিবৰ বিপ্ৰই ৰচনা কৰে ‘বব্ৰুবাহনৰ যুদ্ধ’ কাব্যখনি। অৱশ্যে মূলত নামটো ‘বভ্ৰবাহন’ বুলিহে আছে। কাহিনী বৰ্ণনা কৰাৰ স্বাৰ্থত গ্ৰহণ বৰ্জন সংক্ষিপ্তকৰণ আৰু বিস্তৃতকৰণেৰে কবিয়ে মূল কাহিনীৰ পৰা সাৰভাগ গ্ৰহণ কৰি এই কাব্যখন ৰচনা কৰিছে। মুঠ ৬০৫টা পদত ৰচিত এই কাব্যখনিত যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা অনুসৰণ কৰি অৰ্জুনৰ মণিপুৰত প্ৰৱেশ, বব্ৰুবাহনৰ সৈতে যুদ্ধ, যুদ্ধত অৰ্জুনৰ পৰাজয় আৰু মৃত্যু, মাতৃৰ কথা মতে পাতালৰ পৰা সঞ্জীৱনী মণি সংগ্ৰহ কৰি আনি অৰ্জুন-বৃষকেতুক জীৱন দান- দিয়া এই প্ৰধান ঘটনাবোৰৰ লগত বিভিন্ন আনুষংগিক কথা সংযোগ কৰি গোটেই কাহিনীভাগ বৰ্ণনা কৰিছে। হৰিবৰ বিপ্ৰৰ কাব্যত অৰ্জুনে শোকত কাতৰ হোৱা মণিপুৰৰ বিজয়োৎসৱৰ বৰ্ণনা আদিত কবিজনাৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰ জিলিকি আছে। সেই বাবেই ড° মহেশ্বৰ নেওগে মন্তব্য কৰিছে যে- ‘অৰ্জুনৰ শোক গাথা ৰচনাত কবি কৃতকাৰ্য হৈছে।’
কবিজনাৰ তৃতীয়খন কাব্যও একে মূলৰ পৰা আহৰণ কৰা বিষয়বস্তুৰে ৰচিত এখন যুদ্ধ কাব্য। মণিপুৰৰ পৰা যজ্ঞৰ ঘোঁৰা লৈ মাধৱ আৰু অজুৰ্ন ময়ূৰধ্বজ ৰজাৰ ৰাজ্য বাণপুৰত প্ৰৱেশ কৰে। তাতে ময়ূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজে ঘোঁৰা ধৰে। ময়ূৰধ্বজে ইতিমধ্যে ছটা অশ্বমেধ যজ্ঞ শেষ কৰি সপ্তমটোৰ বাবে ঘোঁৰা মেলিছিল। ইয়াতে তাম্ৰধ্বজৰ লগত অনিৰুদ্ধ, বৃষকেতু, সাত্যকি, বব্ৰুবাহন আৰু কৃষ্ণ-অৰ্জুনৰ যুদ্ধ হয়। যুদ্ধত সকলো পৰাস্ত হয় আৰু মূৰ্ছা যায়। শেষত কৃষ্ণ অৰ্জুনে ব্ৰাহ্মণ-শিষ্যৰ বেশ ধৰি ময়ূৰধ্বজ ৰজাৰ পৰা যুদ্ধৰ ঘোঁৰা মুকলি কৰে।
হৰিবৰ বিপ্ৰৰ তিনিওখন কাব্যতে তেওঁৰ কবি প্ৰতিভাৰ স্বাক্ষৰ প্ৰতিভাত হৈ উঠিছে। এওঁৰ ভাষা আৰু ৰচনাশৈলী সৰস আৰু প্ৰাঞ্জল তথা সাৱলীল। কবিয়ে য’তেই সুৰুঙা পাইছে তাতেই নিজা কথা সংযোগ কৰি কাব্যকেইখনৰ ৰমণীয়তা তথা আকৰ্ষণীয়তা বৃদ্ধি কৰিছে। লিখনি তথা বিষয়বস্তু অধিক প্ৰাঞ্জল আৰু মনোগ্ৰাহী কৰাৰ উদ্দেশ্যে বিভিন্ন অলংকাৰ প্ৰয়োগ কৰিছে। যেনে-

হৃদয়ত পৰি বীৰে দুই হাতে আটে।
বলৱনত নাৰী যেন বেসুৱাৰ বাটে।। (বব্ৰুবাহনৰ যুদ্ধ)
হস্তীৰ আগত যেন কদলীৰ পখা। (তাম্রধবজৰ যুদ্ধ)
লোণ নাৱ তল গৈল আঙ্গুলিক চাখা। (লৱ-কুশৰ যুদ্ধ)

ঠিক সেইদৰে অসমীয়া ঘৰুৱা জতুৱা ঠাঁচৰ ব্যৱহাৰে এওঁৰ ভাষা অধিক প্ৰাঞ্জল কৰি তুলিছে, যেনে- ‘হস্তীৰো পিছলে পাৱ সুজানে বুডাবে নাৱ।'(বব্ৰুবাহনৰ যুদ্ধ,) ‘উগাৰ চাৰস’ (লৱ-কুশৰ যুদ্ধ), ‘কটকটায় ঘাৰ’ (বব্ৰুবাহনৰ যুদ্ধ)। অসমীয়া সমাজৰ লোকাচাৰ, লোকবিশ্বাস আদিৰো প্ৰয়োগ এই কাব্যকেইখনত বিদ্যমান। পদ, দুলড়ী, ঝুমুৰী আৰু ছবি ছন্দৰ সুব্যৱহাৰেৰে এওঁ প্ৰাক্-শংকৰী যুগৰ এজন শ্ৰেষ্ঠ কবি হিচাপে চিহ্নিত হৈছে। প্ৰণিধানযোগ্য যে এই তিনিওখন কাব্যতে তৰুণ তেজৰ বিজয়ী গাথা ঘোষিত হৈছে। সেইবাবেই সত্যেন্দ্ৰনাথ শৰ্মাই এই কাব্য তিনিওখনক ‘তৰুণ প্ৰশস্তিমূলক কাব্য’ বুলি অভিহিত কৰিছে। আনহাতে বধ কাব্য শ্ৰেণীৰ পথ প্ৰদৰ্শক বুলিও এওঁক চিহ্নিত কৰিব পাৰি।

 

মাধৱ কন্দলি
প্ৰাক্-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি জনেই হৈছে মাধৱ কন্দলি। এইজনা কবিৰো জীৱন, বংশ পৰিচয় আদি আন প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ দৰেই অন্ধকাৰাচ্ছন্ন। একমাত্ৰ তেওঁ কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল সেই বিষয়েহে তেওঁ অনুবাদ কৰা ‘ৰামায়ণ’খনৰ লংকা কাণ্ডত উল্লেখ আছে-

কবিৰাজ কন্দলি যে আমাকেসে বুলিবয়
কৰিলোহো সবৰ্জন-বোধে।
ৰামায়ণ সপুয়াৰ শ্ৰীমহামাণিক্য যে
বৰাহ ৰাজাৰ অনুৰোধ।।

উল্লেখযোগ্য যে আধুনিক ভাৰতীয় আৰ্য ভাষালৈ অনুবাদ কৰা বাল্মীকিৰ ৰামায়ণৰ ভিতৰত সৰ্বপ্ৰথম স্থান অধিকাৰ কৰি থকা অসমীয়া ৰামায়ণৰ অনুবাদকজনৰ পৃষ্ঠপোষক ৰজাজনৰ বিষয়েও মত বিৰোধ আছে। তথাপিতো বিভিন্ন সাক্ষ্য প্ৰমাণ, যেনে- কছাৰী বুৰঞ্জী, ত্ৰিপুৰা ৰাজমালা, অন্যান্য পাৰিপাৰ্শ্বিক বিৱৰণ আৰু কবিজনাৰ ৰচনাৰ ভাষিক বৈশিষ্ট্য বিচাৰৰ অন্ততঃ এটা মতত উপনীত হোৱা গৈছে যে- এওঁৰ পৃষ্ঠপোষক মহামাণিক্য ৰজাই মধ্য অসমৰ নগাঁৱৰ কপিলি উপত্যকাত ৰাজত্ব কৰিছিল আৰু তেওঁৰ সময় চতুৰ্দশ শতিকা। সেই হিচাপে কবিজনাৰ সময়কালো চতুৰ্দশ শতিকা। মাধৱ কন্দলিয়ে লংকাকাণ্ডৰ সামৰণিত সাতকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ বুলি স্পষ্টভাৱে মন্তব্য কৰিছে যদিও বৰ্তমানলৈকে তেওঁ ৰচনা কৰা পাঁচটা কাণ্ডহে উদ্ধাৰ হৈছে। সেইকেইটা হৈছে- অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিস্কিন্ধ্যা কাণ্ড, সুন্দৰা কাণ্ড আৰু লংকা কাণ্ড। আদি আৰু উত্তৰা কাণ্ড বিচাৰি নোপোৱাত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ক্ৰমে উত্তৰা আৰু আদি কাণ্ড ৰামায়ণ অনুবাদ কৰি সপ্তকাণ্ড সম্পূৰ্ণ কৰে।
মাধৱ কন্দলিয়ে ৰামায়ণখন মূলৰ পৰা অনুবাদ কৰোঁতে নীতি হিচাপে গ্ৰহণ কৰিছিল- ‘লম্ভা পৰিহৰি সাৰোদ্ধৃতে’ কথাফাঁকি। বাল্মীকি ৰামায়ণৰ প্ৰতিটো কাণ্ড ভালদৰে অনুধাৱন কৰি গ্ৰহণ, বৰ্জন, সংযোজন আৰু স্থানীয় ৰহণ সানি অসমীয়া ৰামায়ণখন ৰচনা কৰিছে কন্দলিয়ে। মূলৰ কাণ্ড বিভাজন একে ৰাখি সৰ্গৰ ঠাইত অধ্যায় বিভাজন কৰি জনমানসৰ আবেগ-অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে মাজত জনপ্ৰিয় হোৱাকৈ ৰচনা কৰিছে ৰামায়ণখন। অনুবাদ ৰীতি সম্পৰ্কে নিজেই মন্তব্য কৰি গৈছে-

বাল্মীকি ৰচিলা শাস্ত্ৰ গদ্য পদ্য ছন্দে।
তাহাক বিচাৰ কৰিয়া প্ৰবন্ধে।।
আপোনাৰ বুদ্ধি অৰ্থ যিমত বুজিলোঁ।
সংক্ষেপ কৰিয়া তাক পদ বিৰছিলোঁ।।
……
……
কবিসব নিবন্ধয় লোক ব্যৱহাৰে।
কতো নিজ কতো লম্ভা কথা অনুসাৰে।

মাধৱ কন্দলিয়ে অসমীয়া লোকভাষাক কাব্য ভাষা ৰূপে সুপ্ৰতিষ্ঠিত কৰিলে। এওঁৰ ৰচনাৰ আধাৰ গ্ৰন্থখন সংস্কৃত আছিল যদিও কবিবৰৰ ৰচনাক তৎসম শব্দই ভাৰাক্ৰান্ত কৰি তোলা নাই। বৰং তৎসম, অৰ্ধ-তৎসম, তদ্ভৱ আৰু দেশী ভাষাৰ শব্দৰ যথাযথ প্ৰয়োগে কাব্যখন অধিক ৰমণীয় আৰু সুখ পাঠ্য কৰি তুলিছে। আলোচকসকলে এওঁৰ ভাষাত দুই ধৰণৰ ভাষিক বৈশিষ্ট্য ৰক্ষিত হৈছে বুলি মত দিয়ে। যথা-শিষ্ট ভাষা আৰু লোকভাষা। এই ভাষাক সমৃদ্ধ কৰিছে ব্যৱহাৰিক জীৱনৰ পৰা তুলি অনা বিবিধ চিত্ৰকল্প, উপমা, জতুৱা ঠাঁচ আদিয়ে। বিবিধ অলংকাৰৰ প্ৰয়োগ কবি মাধৱ কন্দলিৰ ভাষাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। উদাহৰণস্বৰূপে-

ৰাজহংস দেখা সীতা তোমাৰ গমন।
চক্ৰবাক যুগল তোমাৰ দুই তন।।

প্ৰচলিত বিবিধ কবি প্ৰসিদ্ধ- ‘পদুমৰ পাহি’ বা ‘হৰিণৰ দৰে চকু’, ‘ডম্বৰুৰ দৰে চিয়া কঁকাল’ আদিৰ প্ৰয়োগ; বক্তব্য অনুসৰি ব্যৱহৃত ছন্দ বা ছন্দৰ সুষম প্ৰয়োগ; প্ৰসংগৰ লগত খাপ খোৱাকৈ পৰিস্থিতিৰ চিত্ৰণ; চৰিত্ৰৰ মানসিক স্থিতিৰ নিটোল উপস্থাপন; ভাৱ অনুসৰি ভাষাৰ প্ৰয়োগ; উপযুক্ত ধ্বনিবিন্যাস; ৰস সৃষ্টি আদিয়ে কবিৰ ৰচনাশৈলীক অধিক মোহনীয় কৰি তুলিছে। এওঁক আনকি উপমা প্ৰয়োগৰ বিশিষ্টতাৰ বাবে ‘অসমৰ কালিদাস’ বুলিও পণ্ডিতসকলে চিহ্নিত কৰে। কন্দলিৰ ৰামায়ণত পদ বা পয়াৰ ছবি দুলড়ীৰ লগতে ঝুমুৰী ছন্দৰো ব্যৱহাৰ হোৱা দেখা যায়।
কন্দলিৰ বৰ্ণনাত গতিশীলতা অনুভৱ কৰা যায়। যি কোনো বৰ্ণনাই জীৱন্ত ৰূপত উদ্ভাসিত হয়। উদাহৰণস্বৰূপে-

ভাইৰ সনতাপে ৰাম দশ গুণে চণ্ড।
শৰীৰৰ মাংসক কৰিলা খণ্ড খণ্ড।।
আস্ফোট কৰিয়া ৰামে বীৰ কাছে কাছি।
অৰ্দ্ধচন্দ্ৰ নৰাচ হানন্ত বাছি বাছি।।
ৰাৱণক নানা শৰ হানি বনমালী।
নাকে মুখে গাণ্ডি মুণ্ডে থৈলা শালি শালি।।

উল্লেখযোগ্য যে মাধৱ কন্দলিয়ে অতি কম কথাৰে সৌন্দৰ্যক মনোৰম আৰু কদৰ্যক অতি ভয়ংকৰ ৰূপত তুলি ধৰিব পাৰে। কন্দলি অনুবাদক হিচাপেও যে সফল আছিল তাৰ উদাহৰণ হিচাপে লংকাকাণ্ডৰ এটি শ্লোকলৈ আঙুলিয়াব পাৰি-

মূলত আছে : দেশে দেশে কলত্ৰানি দেশে দেশে চবান্ধবাঃ।
তং তু দেশং স পশ্যামি যত্ৰ ভ্ৰাতা সহোদাৰাঃ।।
অনুবাদ : ভাৰ্যা পুত্ৰ বন্ধু যত পাই যথা তথা।
হেন নতু দেখহ সোদৰ পাই কোথা।।

কন্দলিৰ ৰামায়ণখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সুন্দৰ কথাটি হ’ল এই কাব্যৰ মাজত সেই সময়ৰ অসমীয়া সমাজ জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে। তৎকালীন অসমীয়া সমাজত প্ৰচলিত বৰ্ণ ব্যৱস্থা, ধৰ্মীয় পৰম্পৰা, অসমৰ প্ৰাকৃতিক চিত্ৰ, চৰাই-চিৰিকটি, ফল-ফুলৰ বিৱৰণ আদিৰে ভৰপূৰ এওঁৰ ৰামায়ণ। প্ৰণিধানযোগ্য যে মাধৱ কন্দলিৰ এনে শক্তিশালী ভাষাৰ আধাৰতেই পৰৱৰ্তীকালত শংকৰদেৱকে আদি কৰি বৈষ্ণৱ কবিসকলে বিশাল নৱ-বৈষ্ণৱ সাহিত্যৰাজিৰ সৃষ্টি কৰিলে। এক কথাত ক’ব পাৰি মাধৱ কন্দলিয়ে অসমীয়া ভাষা-সাহিত্যক এক উচ্চ স্থানত উপবিষ্ট কৰালে। সেইবাবেই হয়তো গুৰুজনাই অভিভূত হৈ নিজকে শহা আৰু এওঁক হস্তীৰ লগত তুলনা কৰি কবিজনাৰ প্ৰতিভাক স্বীকৃতি দিছিল।
মাধৱ কন্দলিৰ নামত ‘দেৱজিৎ’ নামৰ কাব্য এখনো প্ৰচলিত হৈ আছে। বহু সমালোচকে অৱশ্যে এই দেৱজিৎ পুথিৰ ৰচক মাধৱ কন্দলিজন বেলেগ বুলি ক’ব বিচাৰে। কিন্তু ৰামায়ণৰ ভাষা তথা প্ৰকাশৰীতিৰ লগতে বহুকালৰে পৰা চলি অহা বিষ্ণুভক্তিৰ আলোচনাৰ প্ৰসংগ টানি শৈলেন ভৰালীয়ে দুয়োখনৰে ৰচক মাধৱ কন্দলি এজনেই বুলি প্ৰতিপন্ন কৰিছে। দেৱজিৎ কাব্যৰ বিষয়বস্তু হ’ল বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা। স্বৰ্গত আয়োজন কৰা এক যজ্ঞত নাৰদে ইন্দ্ৰক কৃষ্ণৰ পূজা কৰিবলৈ কোৱাত ইন্দ্ৰ অমান্তি হয় আৰু কৃষ্ণৰ প্ৰতি অপমানসূচক মন্তব্য কৰে। তাকে দেখি ‘ব্ৰহ্মা বিষ্ণু হৰে কৰ্ণে দিলা হাত’ আৰু অৰ্জুনৰ সৈতে কৃষ্ণ আহি ইন্দ্ৰৰ দৰ্প চূৰ্ণ কৰিব বুলি সকীয়াই থৈ যায়। এদিন কৃষ্ণ-অজুৰ্নে ইন্দ্ৰ সহিতে দেৱতাগণৰ লগত যুদ্ধত প্ৰবৃত্ত হয় আৰু তেওঁলোকক পৰাস্ত কৰে। দেৱতাসকল শিৱৰ শৰণাপন্ন হোৱাত জঁটাধাৰীয়ে অৰ্জুনৰ সৈতে যুদ্ধ কৰি শেষত পৰাজয়বৰণ কৰে। অৰ্জুনে শৰেৰে ঘৰ বান্ধি হৰক বন্দী কৰে। কিন্তু পাশুপতি পুনৰ তাৰ পৰা ওলাই আহি যুদ্ধত প্ৰবৃত্ত হয়। কৃষ্ণই সুদৰ্শন চক্ৰৰে যুদ্ধ কৰিবলৈ আৰম্ভ কৰাত শিৱৰ পাশুপাত ভয়তে তৃণত সোমাই থাকে আৰু অৰ্জুনে শাৰঙ্গ ধনুৰে শৰ মাৰি হৰক পৃষ্ঠভংগ দিয়ায়। হৰ ভয়ত বিতত হৈ ব্ৰহ্মাৰ শৰণাপন্ন হয়। এনেদৰে অৰ্জুনৰ দ্বাৰা দেৱতাসকলৰ পৰাস্ত হোৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে কাব্যখনিত। পুথিখনত বৈষ্ণৱ আদৰ্শ প্ৰতিষ্ঠাৰ যত্ন সুস্পষ্ট।
অৱশ্যে এটা কথা উল্লেখযোগ্য যে ৰামায়ণখনত কবিৰ যি নিপুণতা, পদবন্ধৰ কোমলতা, সাঙ্গীতিক লয়, ছন্দ-অলংকাৰ মঞ্জুল প্ৰয়োগ, ৰসৰ গভীৰ ব্যঞ্জনা দেখা পোৱা গৈছিল সেয়া এই দেৱজিৎ কাব্যত অনুপস্থিত। এওঁ আগবঢ়োৱা ভণিতা-

মাধৱ কন্দলি ৰচিলনত ইটো পদ।
আকে শুনি এৰা সবে দুৰ্ঘোৰ আপদ।।
অনুসৰি কাব্যখন মাধৱ কন্দলিৰ ৰচনা বুলি স্থিৰ কৰা হৈছে।

 

ৰুদ্র কন্দলি
প্ৰাক্-শংকৰী যুগৰ একেবাৰে শেষৰ জনা কবিৰূপে চিহ্নিত ৰুদ্ৰ কন্দলিয়ে তাম্ৰধ্বজ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি মহাভাৰতৰ দ্ৰোণপৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধ উপ পৰ্বত উল্লেখ থকা ‘সাত্যকি প্ৰৱেশ’ৰ অনুবাদ কৰে। কবিয়ে ভণিতা পেলাইছিল এনেদৰে-

শ্ৰীমন্ত তাম্ৰধ্বজ অনুজে সহিতে।
বৃদ্ধৰ সমান ধৰ্ম শিশু বয়সতে।।
বুদ্ধিত গম্ভীৰ ক্ষেমাৱন্ত শুভনয়।
যাহাৰ যশক সৰ্ব্বজনে প্ৰশংসয়।।
বিষ্ণুৰ ভকত মহামায়াৰ সেৱক।
পুত্ৰৰ সমান কৰি দৰিদ্ৰ-পালক।।
দুই ভাইৰ স্নেহ যেন ৰাম-লক্ষণৰ।
সবান্ধৱে জীৱন্তোক সহস্ৰ বৎসৰ।।

অৱশ্যে এওঁৰ পৃষ্ঠপোষক তাম্ৰধ্বজ ৰজা প্ৰকৃততে কোন, কেতিয়াৰ সেই বিষয়ে পণ্ডিতসকল একমত নহয়। কনকলাল বৰুৱাই অভিমত প্ৰকাশ কৰিছে যে কামৰূপ কমতা ৰাজ্যৰ পূৰ্বফালে দুৰ্লভ নাৰায়ণে আৰু পশ্চিমে ধৰ্মনাৰায়ণে চতুৰ্দশ শতিকাৰ প্ৰথম ভাগত ৰাজত্ব কৰিছিল। ধৰ্ম নাৰায়ণৰ পুত্ৰ তাম্ৰধ্বজেই এওঁৰ পৃষ্ঠপোষক। আনহাতে ১৭০৬-০৮ খ্ৰীঃৰ খাচপুৰৰ কছাৰী ৰজাজনৰ নামো আছিল তাম্ৰধ্বজ। মহেশ্বৰ নেওগে এওঁৰ সময়তেই ৰুদ্ৰ কন্দলিক থাপিব খোজে। পিছে এয়া শুদ্ধ নহয়।
এওঁ ৰচনা কৰা ‘সাত্যকি প্ৰৱেশ’ কাব্যখনৰ মূল হ’ল মহাভাৰতৰ দ্ৰোণপৰ্বৰ অন্তৰ্গত ‘জয়দ্ৰথ বধ’ উপপৰ্ব। ১০৫শ অধ্যায়ত সন্নিবিষ্ট শিনিপুত্ৰ সাত্যকিৰ যুদ্ধযাত্ৰা আৰু বীৰত্বব্যঞ্জক কথাখিনি এইখন কাব্যত লিপিবদ্ধ হৈছে। ইয়াত কবিয়ে পূৰ্বসুৰী কবিসকলৰ দৰে আক্ষৰিক অনুবাদ নকৰি প্ৰয়োজন অনুসাৰে নিজাকৈ দীঘল কৰাৰ লগতে ঠাই বিশেষে চমুৱাইছে। সমগ্ৰ কাব্যখন যুদ্ধৰ বিৱৰেণেৰে ভৰি আছে। উল্লেখযোগ্য যে কাব্যখনৰ যুদ্ধৰ বৰ্ণনাসমূহ নৱ-বৈষ্ণৱ যুগৰ বধকাব্যৰ যুদ্ধৰ বিৱৰণ তথা ৰীতিৰ সৈতে সাদৃশ্য থকা। কাব্যখনত যুদ্ধৰ বৰ্ণনাই ভৰি থকাৰ বাবে অন্য পৰিৱেশ-পৰিস্থিতি অংকনৰ কোনো ধৰণৰ অৱকাশ বিচাৰি পোৱা নাযায়। বহু সময়ত কবিয়ে ইতৰ খাপৰ লোকৰ ঘৰুৱা গালি-শপনিৰ প্ৰয়োগ কৰিছে। অৱশ্যে ঘৰুৱা চিত্ৰকল্পৰে নিৰ্মিত অলংকাৰ, যেনে- ভাস্কৰক ঢাকে যেন বাৰিষাৰ মেঘ (উপমা), পূৰ্ণচন্দ্ৰ সম জ্বলে চাৰিৰো বদন (ৰূপক) আদি অলংকাৰ প্ৰয়োগ কৰি নিজৰ কাব্যিক শক্তিৰ পৰিচয় দাঙি ধৰিছে। মূলৰ উপমাবোৰৰ কিছুমান সাধাৰণ মানুহৰ দুৰ্বোধ্য হ’ব বুলি ভাবি বাদ দিছে আৰু কিছুমান ৰাখিছে। ভাষাৰ ফালৰ পৰা এই কাব্যখনৰ ইমান প্ৰাচীন বুলি ক’ব নোৱাৰি বুলি সমালোচকসকলে মত পোষণ কৰে। অৱশ্যে প্ৰাক্-শংকৰী যুগৰ ব্যাকৰণগত নিদৰ্শন ‘-ইবা’ প্ৰত্যয়ান্ত অতীত কৃদন্তৰ ব্যৱহাৰ এইখন কাব্যত বিশেষভাৱে কৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments