অসমীয়া সাহিত্যৰ বুৰঞ্জী (ড° মৃণাল জ্যোতি গোস্বামী)

অসমীয়া সাহিত্যৰ বুৰঞ্জী

২.৪.৩ অনন্ত কন্দলি

অসমীয়ালৈ ভাগৱত অনুবাদ কৰা অনন্ত কন্দলিৰ জন্ম হৈছিল হাজোত, মাধৱ মন্দিৰৰ ওচৰত৷ শঙ্কৰদেৱৰ সমসাময়িক কিন্তু বয়সত কনিষ্ঠ এইজনা কবিৰ পিতৃৰ নাম ৰত্ন পাঠক, তেওঁ হাজোৰ মাধৱ দেৱালয়ৰ পাঠক আছিল৷ অনন্ত কন্দলিয়ে তেওঁৰ ষষ্ঠ আৰু দশম স্কন্ধ (মধ্য আৰু শেষ দশম) ভাগৱতৰ অনুবাদৰ প্ৰসংগত নিজৰ আত্মপৰিচয় দিছে এনেদৰে,

 

ৰতন পাঠক নামে পণ্ডিত পৰম৷

ভাগৱত শাস্ত্ৰে যাৰ আছিল বিক্রম৷৷

শ্ৰীহৰিচৰণ নামে তাহান সন্ততি৷

ব্যাকৰণ পঢ়ি নাম শ্ৰীচন্দ্ৰভাৰতী৷৷

তৰ্কত লভিলা নাম অনন্ত কন্দলি৷

ভাগৱত আচাৰ্য পদবী ভৈলা বলী৷৷

ভাগৱত ভট্টাচাৰ্য বোলে আৰ্যজন৷

তেহো বিৰচিলা পদ কৃষ্ণৰ চৰণে৷৷

 

এইজনা কবিৰ সময়সীমা সম্পৰ্কেও কিছু বিৰ্তক আছে যদিও খ্ৰীঃ ষোড়শ শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকৰ ভিতৰত জন্ম লাভ কৰি এই শতিকাৰ শেষভাগলৈ তেওঁ জীয়াই আছিল; অৰ্থাৎ খ্ৰীঃ ১৫২০-১৫৩০ চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছিল বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মত পোষণ কৰে৷ অনন্ত কন্দলি সম্ভৱতঃ পাটবাউসী অঞ্চলত শঙ্কৰদেৱৰ সান্নিধ্যলৈ আহিছিল আৰু তেৰাৰ শৰণ লৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে৷ শঙ্কৰদেৱৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ, তেৰাৰ উপদেশ মতেই দশম স্কন্ধ ভাগৱতৰ উত্তৰাৰ্ধৰ পদ-ভাঙনি কৰে৷ ভাগৱতখন অনুবাদ কৰাৰ উপৰি অনন্ত কন্দলিয়ে বিবিধ সাহিত্য ৰচনা কৰিছিল৷ বিষয়বস্তু অনুসৰি তেওঁৰ গ্ৰন্থসমূহ তলত দিয়া ধৰণে ভাগ কৰি দেখুৱাব পাৰি—

 

•          কাব্য: কুমৰ হৰণ কাব্য, বৃত্ৰাসুৰ বধ৷

•          ধৰ্মতত্ত্ব সম্পৰ্কীয়: জীৱতুতি, বৈষ্ণৱামৃত৷

•          অনুবাদ: দশম (মধ্য আৰু অন্ত্য), ৰামায়ণৰ অযোধ্যাকাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধ্যা কাণ্ড, সুন্দৰাকাণ্ড আৰু লংকাকাণ্ড৷

•          স্মৃতি শাস্ত্ৰ সম্পাদন: নীতিৰত্ন আৰু কল্পদ্ৰুম৷

 

কাব্য: অনন্ত কন্দলিৰ কাব্য-কৃতিৰ প্ৰথম নিদৰ্শন ‘কুমৰ হৰণ কাব্য’৷ শ্ৰীচন্দ্ৰভাৰতী নামেৰে ভণিতা পেলাই ৰচনা কৰা এইখন কাব্যৰ বিষয়বস্তু চয়ন কৰিছে ‘ভাগৱত পুৰাণ’ আৰু ‘হৰিবংশ’ৰ পৰা৷ অৱশ্যে ‘বিষু পুৰাণ’তো কুমৰ হৰণৰ কথাবস্তু বৰ্ণিত হৈছে৷ মূলৰ পৰা বিষয়বস্তু গ্ৰহণ কৰি কবিয়ে স্বকীয়ভাৱে উদ্ভাৱন কৰা কিছু মৌলিক উপাদানো সংযোজন কৰিছে, উদাহৰণস্বৰূপে— কুঁজীবুঢ়ী আৰু তেওঁৰ কাৰ্যাৱলী, গণক, নাপিত আদি চৰিত্ৰ সৃষ্টি, ইত্যাদি৷ কাব্যখনত ঊষা-অনিৰুদ্ধৰ বিবাহ আৰু হৰি-হৰৰ যুদ্ধৰ বৰ্ণনা সন্নিৱিষ্ট হৈছে৷ এই কাব্যখনৰ প্ৰথমছোৱাত আদি ৰস আৰু শেষৰছোৱাত বীৰ ৰসে প্ৰাধান্য লভিছে৷ অৱশ্যে কবিয়ে মাজে মাজে হাস্যৰস সৃষ্টিৰ বাবেও কিছু নব্য চিত্ৰ সংযোগ কৰিছে৷ কাব্যখনৰ বিষয়বস্তু বিন্যাস তথা উপস্থাপন, চৰিত্ৰ সৃষ্টি, পৰিৱেশ ৰচনা আদিত কবি চন্দ্ৰভাৰতীয়ে মৌলিকতাৰ পৰিচয় দিব পাৰিছে৷ চন্দ্ৰভাৰতীয়ে তেওঁৰ এইখন কাব্যত শৃংগাৰ ৰস সৃষ্টিত অধিক গুৰুত্ব দিয়া যেন লাগে যদিও কাব্যখনৰ শেষলৈ সেয়া পৰিমাৰ্জিত ভক্তি ৰসলৈ উত্তৰিত হৈছে৷ কবি এই ক্ষেত্ৰত সফল হৈছে বুলিয়েই ক’ব পাৰি৷ অনন্ত কন্দলিয়ে ৰচনা কৰা দ্বিতীয়খন কাব্যপুথি হ’ল ‘বৃত্ৰাসুৰ বধ’৷ এইখন কাব্যটো কবি অনন্ত কন্দলিয়ে ‘চন্দ্ৰভাৰতী’ নামেৰে ভণিতা পেলাইছে৷ ভাগৱত-পুৰাণৰ অন্তৰ্গত ষষ্ঠ স্কন্ধৰ (অজামিল উপাখ্যান বাহিৰে) পৰা আহৰণ কৰা বিষয়বস্তুৰ আধাৰত লিখা এইখন কাব্যত কবিয়ে কথাবস্তু নিৰ্মাণত মূলৰ পৰা বৰ বিশেষ আঁতৰি অহা নাই৷ অৱশ্যে দুই এঠাইত আমাৰ কবিয়ে স্থানীয় ৰহণ সানিছে৷ ইন্দ্ৰই বৃত্ৰাসুৰ বধৰ বাবে দধীচি মুনিৰ অস্থিৰে বজ্ৰ নিৰ্মাণ কৰা আৰু সেই অস্ত্ৰৰে বৃত্ৰাসুৰ বধ কৰাৰ কাহিনীভাগ প্ৰাঞ্জল আৰু সৰসভাৱে বৰ্ণনা কৰা হৈছে এইখনি কাব্যত৷ পয়াৰ ছন্দত ৰচিত এইখন কাব্যত কবিয়ে অৱশ্যে বিষু-নাম অৰ্থাৎ কৃষ্ণ-নামৰ মাহাত্ম্য বৰ্ণন কৰিবলৈ পাহৰা নাই৷

 

ধৰ্মতত্ত্ব সম্পৰ্কীয় গ্ৰন্থ: অনন্ত কন্দলিৰ ভণিতা থকা ধৰ্মতত্ত্ব সম্পৰ্কীয় দুখন পুথি পোৱা যায়৷ সেই কেইখন হ’ল ‘জীৱতুতি’ আৰু ‘বৈষ্ণৱামৃত’৷ এই দুখন সৰু পুথিত মূলতঃ ধৰ্ম আৰু দৰ্শন সম্পৰ্কীয় সমস্যা আৰু তাৰ সমাধান বিষয়ক আলোচনাই স্থান পাইছে৷

 

অনুবাদ: অনন্ত কন্দলিয়ে কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰিছে৷ তাৰে ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল ভাগৱত পুৰাণৰ মধ্য দশম আৰু অন্ত্য দশম৷ শঙ্কৰদেৱে ভাগৱত-পুৰাণৰ অন্তৰ্গত দশমস্কন্ধৰ প্ৰথম অধ্যায়ৰ পৰা ৪৯তম অধ্যায়লৈ অনুবাদ কৰে৷ নানা কাৰণবশতঃ তেওঁ গোটেইখন দশমৰ অনুবাদ সম্পূৰ্ণ কৰিব নোৱাৰিলে৷ সেয়ে তেওঁ দশমৰ বাকী অধ্যায় কেইটা (৫০তমৰ পৰা ৮১তমলৈ মধ্য দশম আৰু ৮২তমৰ পৰা ৯০তমলৈ অন্ত্য দশম বুলি কোৱা হয়৷) অনুবাদ কৰাৰ দায়িত্ব দিয়ে শ্ৰীচন্দ্ৰভাৰতী ওৰফে অনন্ত  কন্দলিক৷ উল্লেখযোগ্য যে শংকৰদেৱেও অন্ত্য দশমৰ কেইটিমান অধ্যায় অনুবাদ কৰিছিল৷ ভাগৱতৰ অনুবাদৰ প্ৰসঙ্গতে তেওঁ ‘ভাগৱত ভট্টাচাৰ্য’ আৰু ‘ভাগৱতাচাৰ্য’ উপাধি দুটি ভাগৱত-প্ৰেমী বিদ্বৎমণ্ডলীৰ পৰা লাভ কৰে৷ অনন্ত কন্দলিয়ে ভাগৱত অনুবাদৰ ক্ষেত্ৰত শ্ৰীধৰ স্বামীৰ টীকা ভাগৱৎ-ভাবাৰ্থ দীপিকাৰ সহায় গ্ৰহণ কৰিছে৷ পৰিৱেশ ৰচনাত তেওঁ অসমৰ লোকজীৱনৰ পৰা সমল গ্ৰহণ কৰিছে আৰু বহুক্ষেত্ৰত শংকৰদেৱৰ ৰচনাৰদ্বাৰা বিশেষভাৱে প্ৰভাৱাতি হৈছে৷ কন্দলিৰ অনুবাদ ৰসাল, মঞ্জুল আৰু আকৰ্ষণীয়৷ অনুবাদ বিষয়ত কবিবৰে মহাপুৰুষজনাৰ ৰীতিকে অনুসৰণ কৰিছে আৰু যুদ্ধৰ বৰ্ণনাত অধিক গুৰুত্ব দিছে৷ এই সম্পৰ্কে শংকৰ গুৰুৱে বোলে কৈছিল— ‘‘বামুণী পো হই টোকৰ মাইলা, বেল শিৰত নপৈল, ভক্তিপৰ হ’ল ৰস্ব (হ্ৰস্ব), যুদ্ধৰ কৈলা দীৰ্ঘ৷’’ এই পুথিখনৰ আটাইতকৈ আকৰ্ষণীয় অংশ বুলি মহেশ্বৰ নেওগে মন্তব্য কৰে ৮৭শ অধ্যায়ৰ ‘বেদৰ দ্বাৰা নাৰায়ণ-স্তুতি’ৰ অনুবাদ অংশটি৷ অনন্ত কন্দলিয়ে অনুবাদ কৰা আন এখন গ্ৰন্থ হ’ল মহাকাব্য ‘ৰামায়ণ’৷ এই ৰামায়ণখনৰো মাজৰ পাঁচটা কাণ্ডহে পোৱা যায়৷ পূৰ্বতে মাধৱ কন্দলিৰ দ্বাৰা অনূদিত এখন ৰামায়ণ থকা সত্বেও অনন্ত কন্দলিয়ে আকৌ কিয় ৰামায়ণ অনুবাদ কৰিলেসেই বিষয়ে তেওঁ কৈছে—

 

মাধৱ কন্দলি বিৰচিলা ৰামায়ণ৷

তাক শুনি আমাৰ কৌতুক কৰে মন৷৷

ৰামৰ সামান্য সন্ত কথা যথাৱত৷

ভজনীয় গুণ যত নভৈল বেকত৷৷

এতেকে যতন কৰো ভকতিৰ পদে৷

নুবুলিবা নিন্দা সদা শুনা সভাসদে৷৷

সাক্ষাতে পৰম ব্ৰহ্ম জানিবা শ্ৰীৰাম৷

আন চিন্তা তেজি তান ধৰা গুণ নাম৷৷

 

এই কাব্যাংশৰ পৰাই অনুধাৱন কৰিব পৰা যায় যে অনন্ত কন্দলিয়ে তেওঁৰ এই অনুবাদটিত বাল্মীকিৰ ৰামায়ণৰ লগতে ভাগৱতৰ সমল সংযোজন কৰি ৰামচন্দ্ৰক পৰম ভজনীয় ব্ৰহ্ম স্বৰূপে অংকন কৰিছে৷ সেইবাবেই অনন্ত কন্দলিৰ ৰামায়ণক মাধৱ কন্দলিৰ ৰামায়ণৰ ভাগৱত বা বৈষ্ণৱ সংস্কৰণ বুলি আখ্যা দিয়ে৷ এটা কথা ঠিক যে অনন্ত কন্দলিৰ অনুবাদ সাৱলীল আৰু স্পষ্ট আৰু এই ফালৰ পৰা তেওঁ অনুবাদক হিচাপে সফল৷

 

স্মৃতি শাস্ত্ৰ সম্পাদন: এই ধৰণৰ বিবিধ কাব্যৰ উপৰি অনন্ত কন্দলিয়ে দুখন স্মৃতি শাস্ত্ৰ সংকলন কৰিছিল৷ সেই দুখন স্মৃতিশাস্ত্ৰৰ হ’ল ‘নীতিৰত্ন’ আৰু ‘কল্পদ্ৰুম’৷ উল্লেখ্য যে এওঁ আছিল সংস্কৃত ধৰ্মশাস্ত্ৰত সুপণ্ডিত৷ কামৰূপীয় স্মৃতি বা ধৰ্মশাস্ত্ৰৰ চিন্তা-চৰ্চাত এই গ্ৰন্থ দুখনৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি।

 

২.৪.৪ৰাম সৰস্বতী

 

নৱ-বৈষ্ণৱ যুগৰ আন এগৰাকী বিশিষ্ট কবি হ’ল ৰামসৰস্বতী৷ শংকৰদেৱতকৈ অধিক পদ ৰচনা কৰি যোৱা এইজনা কবিক ‘অসমীয়া ব্যাস’ নামৰেও জনা যায়৷ মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা কবিয়ে মহাভাৰতৰ বেছিভাগ শ্লোকেই অসমীয়া পদলৈ অনুবাদ কৰাৰ লগতে ‘বধকাব্য’ নামেৰে এক শ্ৰেণীৰ কাব্য শৈলীও সৃষ্টি কৰি যায় ৷ মহাৰাজ নৰনাৰায়ণৰ উপৰি ৰঘুদেৱ, বলীনাৰায়ণ আৰু মকৰধ্বজ ৰজাৰো পৃষ্ঠপোষকতা লাভ কৰিছিল ৰাম সৰস্বতীয়ে৷ মহাভাৰতৰ বিভিন্ন পৰ্বৰ ভাঙনিত তেওঁ আত্মপৰিচয় প্ৰদান কৰি গৈছে৷ এই আত্মপৰিচয়মূলক বিৱৰণত উল্লেখ থকা মতে ৰাম সৰস্বতী কামৰূপৰ পচৰীয়া (কোনো কোনো পুথিত চমৰীয়া) নামৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল৷ এওঁৰ পিতৃৰ নাম আছিল ভীমসেন কবি চূড়ামণি৷ ভীমসেনৰ দুগৰাকী পুতেক কবিচন্দ্ৰ আৰু অনিৰুদ্ধ৷ এই অনিৰুদ্ধই পাছত ৰাম সৰস্বতী নামেৰে প্ৰখ্যাত হয়৷ এটা কথা ঠিক যে ৰাম সৰস্বতীৰ পৰিচয় সন্দৰ্ভত তেওঁ অনুবাদ কৰা মহাভাৰতৰ অসমীয়া পাঠত বিভিন্ন ঠাইৰ নাম উল্লেখ আছে, যেনে—  পচৰীয়া, চমৰীয়া, চিনকোনো, পাটচৌৰা আদি৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ৰাম সৰস্বতী সম্ভৱতঃ কোনো এক নিদিষ্ট ঠাইত থকা নাছিল৷ তদুপৰি তেওঁ জীৱনৰ আদিচোৱাত কোচবিহাৰ (কোচবেহাৰ)ত আছিল আৰু পৰৱৰ্তী সময়ত বিজয় নগৰ, মোহনপুৰ বা ৰাজহাউলী (দৰঙী ৰজাৰ ৰাজসভাত) আদিত তেওঁ থাকিব লগা হৈছিল৷ মহাৰাজ নৰনাৰায়ণৰ আদেশ ক্রমেই যে তেওঁ  ‘মহাভাৰত’ৰ বিষয়বস্তু ‘পদবন্ধে’ ৰচনা কৰিছিল সেই কথা নিজেই উল্লেখ কৰিছে,

 

গৌড় কামৰূপে যত পণ্ডিত আছিলা৷

সমস্তকে আনি সত্ৰ-দেৱাল পাতিলা৷৷

শুনিয়োক আজ্ঞা মোৰ ৰাম সৰস্বতী৷

ভাৰতৰ পদ তুমি কৰিয়ো সম্প্ৰতি৷৷

 

মহাৰাজ নৰনাৰায়ণেই কবি অনিৰুদ্ধক ৰামসৰস্বতী উপাধি প্ৰদান কৰিছিল৷ ইয়াত থকা কালতেই তেওঁ মহাপুৰুষ শংকৰদেৱৰ সংশ্ৰৱলৈ আহে আৰু তেওঁৰ দ্বাৰা বিশেষভাৱে আকৃষ্ট আৰু প্ৰভাৱাতি হয়৷ উল্লেখ্য যে মহাভাৰত পদ ৰচনা কৰোঁতে ৰাম সৰস্বতীক বিভিন্নজনে সহায় কৰিছিল৷ গোপীনাথ পাঠক, বিদ্যাপঞ্চানন, কংসাৰি কবি আদিৰ নাম এই ক্ষেত্ৰত উল্লেখযোগ্য৷ ৰাম সৰস্বতী ৰচনাৱলীক পূৰ্বতে দুটা ভাগত বিভক্ত কৰি আলোচনা কৰা হৈছিল যদিও সম্প্ৰতি আলোচনাৰ সুবিধাৰ্থে চাৰিটা ভাগত বিভাজন কৰি আলোচনা কৰা হয়৷ সেই কেইটা হৈছে,

 

•          মহাভাৰতৰ অনুবাদ: আদিপৰ্ব, সভাপৰ্ব(কিছু অংশ), বনপৰ্ব, বিৰাট পৰ্ব (কীচক বধ পৰ্যন্ত), উদ্যোগ পৰ্ব, ভীষ্মপৰ্ব (অধিকাংশ), দ্ৰোণ পৰ্ব (গোপীনাথ পাঠকৰ সহযোগত), কৰ্ণপৰ্ব (বিদ্যাপঞ্চাননৰ সহায়ত)৷

•          মহাভাৰতৰ বাহিৰে অন্য কাব্যৰ অনুবাদ: গীতগোবিন্দ (জয়দেৱৰ গীতগোবিন্দ কাব্যৰ বিষয়বস্তুৰ লগত ভাগৱত পুৰাণৰ কথাবস্তুৰ সংমিশ্ৰণ)

•          বধকাব্য: পুষ্পহৰণ পৰ্ব, মণিচন্দ্ৰঘোষ, বিজয়পৰ্ব, যজ্ঞপৰ্ব, কুলাচল বধ, বঘাসুৰ বধ, কালকুঞ্জ শোষক বধ, কালজংঘহবধ, খটাসুৰ বধ, অশ্বকৰ্ণ বধ, জংঘাসুৰ বধ, সিন্ধুযাত্ৰা, ভোজকট, বিহঙ্গম মোক্ষ, মহৰ্ষি দানৱ বধ, সুধা বধ, ভীম চৰিত ইত্যাদি৷

•          মহাভাৰতৰ কথাবস্তুৰ লগত সম্পৰ্কযুক্ত সুকীয়া কাব্য: পাঞ্চালী বিবাহ, তীৰ্থ যাত্ৰা পৰ্ব, ব্যঞ্জনপৰ্ব, ব্যাসাশ্ৰম, সাৱিত্ৰী উপাখ্যান, স্ত্ৰীপৰ্ব৷ ইয়াৰ উপৰি ৰাম সৰস্বতীৰ নামত লক্ষ্মণৰ শক্তিশেল, তাম্ৰধ্বজৰ যুদ্ধ, ব্যাধ চৰিত্ৰ, লক্ষ্মী চৰিত্ৰ আদি পুথিৰ প্ৰচলন হৈ থকা দেখা যায়৷ এই কেইখন পুথি আচলতে ৰাম সৰস্বতীয়ে লিখা নহয় বুলি সাহিত্যৰ বুৰঞ্জীকাৰসকলে ক’ব খোজে৷ ৰাম সৰস্বতীৰ লিখনিৰ জনপ্ৰিয়তাৰ বাবেই পিছৰ কালৰ কোনো কোনো লেখকে তেওঁলোকৰ ৰচনা এই কাব্য কেইখন ৰাম সৰস্বতীৰ নামত ভণিতা পেলাইছে৷

 

মহাভাৰতৰ অনুবাদ: ৰাম সৰস্বতীয়ে মহাভাৰতৰ মুঠ আঠটা পৰ্ব অনুবাদ কৰিছিল৷ এই অনুবাদসমূহত তেওঁক কেইবাজনো কবিয়ে সহায় কৰিছিল বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে৷ ৰামসৰস্বতীয়ে মহাভাৰতৰ বিভিন্ন পৰ্ব অনুবাদৰ প্ৰসঙ্গত গ্ৰহণ কৰা অনুবাদ ৰীতি সম্পৰ্কে নিজে ব্যক্ত কৰিছে এনেদৰে

সংক্ষেপ অৰ্থক ধৰি কহিলো নিশ্চয়৷

বাহুল্য কৰিলে কথা অনেক আছয়৷৷

ৰাম সৰস্বতীয়ে মহাভাৰতৰ অনুবাদসমূহ হুবহু মূলৰ দৰে অনূদিত নকৰি লোকজীৱনৰ ৰুচি-অভিৰুচিৰ প্ৰতি সততে সচেতন হৈ স্থানীয় ৰহণ সানি অৰ্থাৎ, লোকসংস্কৃতিৰ সমল সংযোজন কৰি লোক মহাকাব্যৰ ৰূপ দিবলৈ চেষ্টা কৰিছে৷ দ্বিতীয়তে, কবিয়ে ক’ৰবাত ক’ৰবাত নিজৰ মৌলিকত্বৰ চানেকি দাঙি ধৰি  মূলত নথকা বিভিন্ন উপ-কাহিনীও সংমিশ্ৰণ কৰিছে৷ তৃতীয়তে, ভক্তিবাদৰ সমাৰ্থক গ্ৰন্থৰূপে প্ৰতিপন্ন কৰিবলৈ মহাভাৰতৰ অনুবাদত আমাৰ কবিয়ে ভাগৱত-পুৰাণৰ সমলো উৎসাহেৰে সংযোজন কৰিছে৷ কবিয়ে এই বিষয়ে নিজেই কৈছে,

মহাপুৰাণৰ কথা ইহাত আছয়৷

ভাগৱত শাস্ত্ৰ আৰো মিশ্ৰিত হোৱয়৷৷

অৱশ্যে এটা কথা ঠিক যে ৰাম সৰস্বতীয়ে মহাভাৰতখনক লোক মহাকাব্যৰ পৰশ দিবলৈ যত্ন কৰিছে যদিও কোনো ক্ষেত্ৰতে ৰুচিবোধ আৰু কাব্যখনৰ মূল আদৰ্শত আঘাত কৰা নাই৷ কবিৰ সাৰ্থকতাও তাতেই৷

মহাভাৰতৰ বাহিৰে অন্য কাব্যৰ অনুবাদ: জয়দেৱৰ গীতগোবিন্দ কাব্যৰ বিষয়বস্তুৰ লগত ভাগৱত পুৰাণৰ কথাবস্তুৰ সংমিশ্ৰণ ঘটাই অসমীয়া কবিয়ে ‘গীতগোবিন্দ’ নামৰ এখন পুথি ৰচনা কৰিছে৷ এইখন কাব্যৰ অনুবাদৰ প্ৰসংগত ৰামসৰস্বতীয়ে ভাগৱতৰ ৰাস পঞ্চাধ্যায়ৰ সমল সংমিশ্ৰণ কৰিছে৷ কবিয়ে কৈছে,

গোবিন্দৰ ৰাসক্রিড়া গোপিকা সহিত৷

একত্ৰ কৰিয়া ভাগৱত সমতি৷৷

দুয়োকথা নিৱন্ধ কৰিবো একে ঠাই৷

যাহাকে স্মৰণে লোক বৈকুণ্ঠক যাই৷৷

কবিয়ে এইখন কাব্য কোচ নৃপতি নৰনাৰায়ণৰ বংশধৰ ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত ভাঙণি কৰিছিল৷ জয়দেৱৰ কাব্যখনত থকা সৰ্গৰ বিভাজন পৰিহাৰ কৰি গতানুগতিক পয়াৰ ত্ৰিপদীত ৰচনা কৰা এই কাব্যখনত গীতৰ মাধুৰ্য প্ৰকাশতকৈ গোবিন্দৰ মাহাত্ম্য প্ৰকাশত অধিক গুৰুত্ব আৰোপ কৰিছে৷ সেইবাবেইে নাৰায়ণ দাসে ”সমগ্ৰ অনুবাদটিতে বিলাসকলাৰ স্বাভাৱিক ধাৰা ব্যাহত হৈ পৰিছে আৰু ‘হৰি স্মৰণৰদ্বাৰা’ মন নিকা কৰাৰ প্ৰবৃতি তুঙ্গত উঠিছেগৈ৷”

বধকাব্য: ৰাম সৰস্বতীৰ আটাইতকৈ উল্লেখনীয় সৃষ্টি হৈছে ‘বধকাব্য’ সৃষ্টি৷ মূলতঃ  অন্যায়, অশান্তি আৰু আসুৰিক শক্তিৰ প্ৰতিনিধি, অপৰাজেয় দৈত্য-দানৱৰ মৃত্যু প্ৰদৰ্শন কৰা আৰু কৃষ্ণ-বিষুৰ মাহাত্ম্য প্ৰকাশক এইবিধ কাব্যৰ উদ্দেশ্য জগতত শান্তি প্ৰতিষ্ঠা কৰা৷ আসুৰিক শক্তিৰ বিপৰীতে বৈষ্ণৱ সজ্জনৰ বিজয় ঘোষণা বধকাব্যৰাজিৰ অন্যতম লক্ষ্য হোৱা হেতু এই জাতীয় সাহিত্যক ‘জয়কাব্য’ বুলিও সমালোচকসকলে চিহ্নিত কৰে৷ আনহাতে পাণ্ডৱসকলৰ বনবাসৰ কালৰ আধাৰতে  বধকাব্যসমূহৰ কথাবস্তু পল্লৱিত হোৱা হেতু এই গ্ৰন্থসমূহৰ আন এটা নাম ‘বনপৰ্ব’৷ পাণ্ডৱসকলক সৰ্ব বিপদত ৰক্ষা কৰিছিল ভগৱন্ত কৃষ্ণই, তেৰাৰ কথাই এইবোৰ কাব্যত ব্যক্ত হৈছে বাবে এইবিধ কাব্যক ‘ভক্তিকাব্য’ বা ‘কৃষ্ণায়ন কাব্য’ বুলিও অভিহিত কৰা হয়৷ বাণীকান্ত কাকতিয়ে এই কাব্যসমূহক এক প্ৰকাৰৰ ৰূপকাব্য বুলি অভিহিত কৰিছে৷ অসমীয়া লোকসমাজত বধকাব্যসমূহ ধৰ্ম-গ্ৰন্থ, কাব্য, উপন্যাস, গীত, নাটক ৰূপে সমাদৃত হৈ আহিছে৷ বধকাব্য সম্পৰ্কে বিৰিঞ্চি কুমাৰ বৰুৱাই কৰা এষাৰ মন্তব্য এই ক্ষেত্ৰত উল্লেখযোগ্য ”ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হ’লেও বধকাব্যসমূহ সাহিত্যিক গুণৰাজি  বিবৰ্জিত নহয়৷ বৰঞ্চ ভক্তি ৰসত মিহলি হৈ মধু-মিশ্ৰিত দুগ্ধ যেন কাব্যস্বাদ ‘অতিশয় মিলিছে’৷ অন্যান্য বৈষ্ণৱ গ্ৰন্থৰ দৰে, এই কাব্যমালাই আধ্যাত্মিক হিত সধাৰ উপৰিও ধীৰ আৰু কল্যাণকৰ আনন্দ দিছে৷”

মহাভাৰতৰ কথাবস্তুৰ লগত সম্পৰ্কযুক্ত সুকীয়া কাব্য: মহাভাৰতৰ বিষয়বস্তু চয়ন কৰি ৰাম সৰস্বতীয়ে কেইবাখনো কাব্য প্ৰণয়ন কৰিছিল৷ সেই কেইখন হ’ল পাঞ্চালী বিবাহ, তীৰ্থ যাত্ৰা পৰ্ব,  ব্যঞ্জনপৰ্ব,  ব্যাসাশ্ৰম, সাৱিত্ৰী উপাখ্যান আৰু স্ত্ৰীপৰ্ব৷ ইয়াৰে পাঞ্চালী বিবাহত মাৰ্কণ্ডেয় পুৰাণৰ সমলো সংযোজিত হৈছে৷ এই গোটেই কেইখন কাব্যত কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ চেষ্টা সততে বিদ্যমান৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক