অসমীয়া সাহিত্যৰ বুৰঞ্জী (ড° মৃণাল জ্যোতি গোস্বামী)

. . কংসাৰি কবি, সাৰ্বভৌম ভট্টাচাৰ্য, শ্ৰীধৰ কন্দলি আৰু অন্যান্য

ৰাম সৰস্বতীৰ সমসাময়িক কংসাৰি কবি সম্পৰ্কে বৰ বিশেষ সমল পোৱা নাযায়৷ তেওঁৰ ৰচনাৰাজিৰ আধাৰত সাহিত্যৰ বুৰঞ্জীকাৰসকলে তেওঁক কামৰূপৰ ব্যক্তি বুলি চিহ্নিত কৰিছে আৰু তেওঁ গোপালৰ সেৱক যশচন্দ্ৰ খাঁৰ বংশৰ লোক আছিল৷ শ্ৰীমন্ত গাভৰু খাঁৰ আজ্ঞা মতে কংসাৰি কবিয়ে মহাভাৰতৰ পদ ৰচনাত হাত দিছিল৷ ৰাম সৰস্বতীয়ে মহাভাৰত অনুবাদ কৰোঁতে তেওঁক সহায় কৰিছিল এইজনা কবিয়ে৷ কবি ৰাম সৰস্বতীয়ে এই বিষয়ে এনেদৰে উল্লেখ কৰিছে

ৰাম সৰস্বতী নাম নৃপতি দিলন্ত৷

ভাৰতৰ পদ কৰা মোক বুলিলন্ত৷৷

কংসাৰি প্ৰমুখ্যে কবি আছে যত যত৷

সিসবেয়ো পদচয় কৰিলা পাচত৷৷ (খটাসুৰ বধ)

ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে কংসাৰি কবিয়েও নৰনাৰায়ণৰ দৰে ৰজাৰ ৰাজপৃষ্ঠপোষকতা পাই মহাভাৰতৰ পদ ভঙাত আত্মনিয়োগ কৰিছিল৷

অসম তথা ৰংপুৰত প্ৰাপ্ত তথ্য অনুযায়ী এইগৰাকী কবিয়ে মহাভাৰতৰ বনপৰ্বৰ অন্তৰ্গত কিৰাত অনুপৰ্ব, তথা বিৰাট পৰ্বৰ অন্তৰ্গত উত্তৰ গোগ্ৰাহ আৰু দক্ষিণ গোগ্ৰাহৰ পদ ভাঙিছিল৷ কিৰাত অনুপৰ্বৰ অন্তৰ্গত বিষয়সমূহ হ’ল— ইন্দ্ৰৰ অধীনত স্বৰ্গত অৰ্জুনৰ অস্ত্ৰ-বিদ্যা লাভ, অৰ্জুনৰ দ্বাৰা নিবাত, কবচ, কালকেয়ী, পুলোমা আদি দৈত্য বধ, কিৰাতবেশী শিৱক পৰাজিত কৰি পাশুপাত অস্ত্ৰ লাভ ইত্যাদি৷ কবিৰ ভাষা অনাড়ম্বৰ যদিও জনমনোৰঞ্জক৷ কবিৰ ৰচনাত বৈষ্ণৱীয় চিন্তাচৰ্চাৰ প্ৰকাশ স্পষ্ট৷ যেনে—

শ্ৰীজয়ৰ্নমো কৃষ্ণদেৱ জনাৰ্দন৷

ভকত জনৰ প্ৰভু দুৰ্গতি তাৰণ৷৷

সহস্ৰেক বাৰেহো কৰো নমস্কাৰ৷

দিয়োক সুমতি প্ৰভু কৰিবো পয়াৰ৷৷

ভাৰত কাহিনী যিটো শুনে প্ৰতি নিত৷

যমে বোলে দূত তাৰ নাযাইবি সমীপে৷৷

ইয়াৰ উপৰি কংসাৰি কবিয়ে বিৰাটপৰ্বৰ অন্তৰ্গত উত্তৰ গো-গ্ৰাহ আৰু দক্ষিণ গো-গ্ৰাহ খণ্ডৰ ভাঙনিৰ যোগেদি নিজৰ প্ৰতিভাৰ প্ৰমাণ দি গৈছে৷ এই ৰচনা দুটি বেছ কবিত্বব্যঞ্জক৷ দক্ষিণ গোগ্ৰাহৰ বিষয়বস্তু হৈছে কৌৰৱৰ দ্বাৰা বিৰাট ৰজাৰ ৰাজ্য আক্রমণ আৰু গো-হৰণৰ প্ৰচেষ্টা; আৰু উত্তৰ গোগ্ৰাহত অৰ্জুনৰ দ্বাৰা যুদ্ধত কৌৰৱকুলক পৰাস্ত আৰু গো-উদ্ধাৰৰ ঘটনাংশ সন্নিৱিষ্ট হৈছে৷ কবিয়ে ঘটনাবস্তুৰ সাৱলীল বৰ্ণনা আগবঢ়োৱাৰ উপৰি যুদ্ধৰ বৰ্ণনা তেজোদ্দীপ্ত ভাষাৰে বৰ্ণনা কৰিছে৷ যেনে—

কম্পিলা পৃথিৱীখন পাতাল পৰ্যন্তে৷

ডৰে জীৱজন্তু বোলে মিলিল যুগান্তে৷৷

বানৰধজগোট তেজিলা আটাস৷

শৱদে পুৰিলা মহী গগন আকাশ৷৷

বীৰগণে কানাকানি কৰে জুমাজুমি৷

মহাৰথীগণসৱে কৰে মুণ্ডঘুসি৷৷

ৰক্তঘোৰ সম শুনি ধনুৰ টংকাৰ৷

মহাভয় লাগি গৈলা কৌৰৱী সেনাৰ৷৷

এই উদাহৰণটিৰ পৰাই আমি ধাৰণা কৰিব পাৰোঁ যে কবি লোকভাষা, লোকশব্দ আদি প্ৰয়োগত বিশেষ প্ৰতিভাধৰ আছিল আৰু জনচিত্ত বিনোদনৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছিল৷ সেয়ে ক’ব পাৰি মহাভাৰতৰ পদ ভাঙনিত অন্যান্য কবিকুলৰ লগতে কংসাৰি এজন লেখৰ কবি তথা সামাজিকভাৱে দায়বদ্ধ ৰসিক স্ৰষ্টা আছিল৷

গুৰু-চৰিত-কথাত উল্লেখ থকা মতে সাৰ্বভৌম ভট্টাচাৰ্য শঙ্কৰদেৱৰ সমসাময়িক আৰু তেওঁৰ শিষ্য আছিল৷ পিছে অন্যান্য চৰিত পুথিত (দৈতাৰি ঠাকুৰ, ভূষণ দ্বিজ, অনিৰুদ্ধ কায়স্থ ৰচিত) কবিগৰাকীৰ বিশেষ উল্লেখ নাই৷ অৱশ্যে এইজনা কবিয়ে ‘ক্ষুদ্ৰ স্বৰ্গ খণ্ড’ত নিজ পৰিচয় দাঙি ধৰিছে এনেদৰে—

সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ৷

দেৱী উপাসক আছিলোহো দুৰাচাৰ৷৷

………………………………..

শঙ্কৰৰ সঙ্গে বাহু বাদক কৰিলো৷

বাদে ভঙ্গ হুয়া শাস্ত্ৰ পঢ়িবাক গৈলো৷৷

কাশী দেশে বিশ্বেশ্বৰ চক্রৱৰ্তী নাম৷

চাৰিবেদ পঢ়িলোহো তৈতে অনুপাম৷৷

এনেদৰে কবিয়ে শঙ্কৰদেৱৰ লগত বাদ কৰা, বাদত পৰাজিত হৈ কাশীলৈ শাস্ত্ৰাধ্যয়ন কৰিবলৈ যোৱা ইত্যাদি কথাৰো উল্লেখ তেওঁৰ পৰিচয়ত ব্যক্ত কৰি গৈছে৷ সেইবাবেই মহেশ্বৰ নেওগে তেওঁৰ অস্তিত্ব সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে৷

বৰ্তমানলৈকে এইজনা কবিয়ে ৰচনা কৰা দুখন পুথিৰ সম্ভেদ পোৱা গৈছে৷ যথা ক্ষুদ্ৰ স্বৰ্গখণ্ড আৰু বৰ স্বৰ্গখণ্ড৷ ক্ষুদ্ৰ স্বৰ্গখণ্ডৰ মূল পদ্মপুৰাণৰ স্বৰ্গখণ্ড যদিও মূলৰ লগত এই পুথিখনৰ বিশেষ সাদৃশ্য নাই৷ ২৯০টা পদত ৰচিত এই সৰু পুথিখন শঙ্কৰদেৱৰ বন্দনাৰে আৰম্ভ হৈছে আৰু এই কলিকালত নামধৰ্মই একমাত্ৰ সাৰ বুলি কৈ শঙ্কৰদেৱক সাক্ষাৎ ভগৱান অৱতাৰ বুলি দেখুৱাব বিচৰা হৈছে৷

এই খণ্ডপুথিখনত কবিয়ে পদ্মপুৰাণৰ স্বৰ্গখণ্ড, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, যোগিনীতন্ত্ৰ, সাস্বত তন্ত্ৰ, দীপিকাচন্দ্ৰ, স্বৰোদয়, বশিষ্ঠ-সংহিতা, অগস্তি সংহিতা, বিষু ধৰ্মোত্তৰ আদি গ্ৰন্থৰো উদ্ধৃতি দাঙি ধৰিছে৷আনহাতে কবিৰ দ্বিতীয়খন ৰচনা বৰ স্বৰ্গখণ্ড বা বৃহৎ স্বৰ্গখণ্ডৰ আধাৰ গ্ৰন্থ হ’ল ব্ৰহ্মবৈৱৰ্ত পুৰাণ৷ ৪৪৭টা পদত সম্পূৰ্ণ হোৱা পুথিখনত ব্ৰহ্মাণ্ডৰ সন্ত-আৱৰণৰ লগতে পৃথিৱীৰ ওপৰত থকা শান্তনু কনকদণ্ড, ব্ৰহ্ম বিলাস, অম্বৰু বিলাস, বিচিত্ৰ বিলাস, পঙ্কজ বিলাস আৰু গোলোক এই সপ্ত বৈকুণ্ঠৰ বৰ্ণনা কৰা হৈছে৷ গোলোক বৈকুণ্ঠ ধামত শ্ৰীমতী ৰাধাই শ্ৰীকৃষ্ণৰ অবিবাহিত প্ৰেমিকাৰ ৰূপত ধৰা দিয়াতো পুথিখনত মন কৰিবলগীয়া কথা৷ এইখন কাব্যতো কবিয়ে ঘোষণা কৰিবলৈ পাহৰা নাই যে, কলিযুগত শ্ৰীমন্তশঙ্কৰদেৱেই ভগৱান পূৰ্ণকৃষ্ণ অৱতাৰ৷ কবিৰ এই ঘোষণাই নিজকে বৈষ্ণৱ বুলি পৰিচয় দিয়াৰ লগতে পুথি দুখনকো বৈষ্ণৱ সাহিত্যৰূপে স্বীকৃতি প্ৰদান কৰিছে৷

শ্ৰীধৰ কন্দলি শংকৰী যুগৰ আন এগৰাকী উল্লেখযোগ্য কবি৷ এওঁৰ সময়সীমা সম্পৰ্কে বিভিন্নজন পণ্ডিতৰ মাজত মতবিৰোধ আছে৷ এওঁৰ নামত ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্তন’ নামৰ দুখন পুথি পোৱা যায়৷ ইয়াৰ উপৰি আৰু কেইবাখনো গ্ৰন্থৰ ৰচয়িতা হিচাপে এওঁক চিহ্নিত কৰিব বিচৰা হয় যদিও সকলো পণ্ডিতে সেয়া মানি ল’ব নোখোজে৷

বৈষ্ণৱ যুগত মৌলিক সাহিত্যৰ ভিতৰত এইজনা কবিয়ে ৰচনা কৰা কাণখোৱা অন্যতম৷ নিচুকনি গীতৰ আৰ্হিৰে ৰচনা কৰা এইখন কাব্য অতীজৰে পৰা অসমীয়া জনসমাজৰ অতিকে আপোন৷ কাণখোৱাৰ বিষয়বস্তু অনুসৰি এদিনাখন মাতৃ যশোদাই শিশু কৃষ্ণক শুৱাবলৈ গৈ নিচুকনিৰ ছলেৰে কাণখোৱাৰ কথা গাবলৈ ধৰিলে— ”ঘুমটি যায়োৰে /অৰে কানাই /হুৰে কাণখোৱা আসে /সকল শিশুৰ /কাণ খাই খাই/ আসয় তোমাৰ পাশে৷৷” কাণখোৱাৰ কথা শুনি ভয়তে বিহ্বল হোৱা যেন দেখুৱাই শিশু কৃষ্ণই নিজৰ বিগত অৱতাৰবোৰৰ কথা স্মৰণ কৰি কানখোৱাৰ শুং-সূত্ৰ বিচাৰি নাপাই মাকক কাণখোৱাৰ বিষয়ে সুধি ব্যতিব্যস্ত কৰে৷ পুত্ৰ কৃষ্ণৰ কথাত কাণখোৱাৰ পৰিচয় দিব নোৱাৰি কিন্তু মাক যশোদাৰ মুখৰ মাত হেৰাল আৰু ‘‘মিছাসে বুলিয়া/মুখে তন দিলা/ কৃষ্ণক সাৱটি ধৰি৷’’ কাণখোৱা কবিতাৰ দ্বিতীয় অংশত বৰ্ণিত হৈছে মাতৃ যশোদাই গৰু চৰাবৰ কাৰণে শিশুকৃষ্ণক জগাবলৈ যোৱা প্ৰাণস্পৰ্শী বৰ্ণনা আছে৷ যশোদাই অমৃত মধুৰ মাতেৰে মাতিছে ”উঠিও কৃষ্ণাই/হাৰলি বোপাই/ৰোষ তাপ ত্যাজি মনে৷/পুহাইল ৰজনীউঠা যদুমণি/বুলি ডাকে শিশুগণে৷৷” মাকে জগোৱাত কৃষ্ণ খঙত টিঙৰি তুলা হৈ ক’লে ‘‘মই নাৰায়ণ/জগত কাৰণ/তুমি গোৱালৰ ঝীৱ/তথাপি তোমাক/দেখন্তে ডৰত/উৰি যায় মোৰ জীৱ৷৷’’ আৰু যশোদাক বিভিন্ন কথা কৈ নিৰ্দয় বুলি অভিযোগ কৰে৷ তেতিয়া যশোদাই সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি ক’লে যে অভাগীৰ দোষ এইবাৰলৈ মৰিষণ কৰিব লাগে আৰু ইয়াৰ পাছৰ পৰা তেনে কৰিলে গালি পাৰিবা৷ শিশু কৃষ্ণই তেতিয়া ‘‘একেডেৱে গৈয়া /কোলাত চাড়িয়া/ পিবাক লাগিল স্তন৷’’

সহজ সৰল দুলড়ি ছন্দত কেৱল মাত্ৰ তিনি কুৰি আঠটা স্তৱকত ৰচিত ‘কাণখোৱা’ কাব্যৰ মাজেৰে চিৰন্তন শিশু আৰু মাতৃৰ ৰূপ কবিয়ে সাৰ্থকভাৱে তুলি ধৰিছে৷ এই পুথি সম্পৰ্কে বাণীকান্ত কাকতিয়ে কোৱা এষাৰ মন্তব্য উল্লেখযোগ্য ‘‘বৈষ্ণৱ কবিৰ অন্তৰ্মুখী কল্পনাৰ মনোৰম ৰচনা৷ ই অতিশয় মনোমোহা, সৰল অথচ নিৰুপম কৌশলপূৰ্ণ৷ এপিনে ইয়াত শিশু-জীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তিভাৱ পূৰ্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে৷’’ শিশুক নিচুকোৱাৰ ছলেৰে বিষ্ণুভক্তিত অৱগাহন কৰোঁৱা এই কাব্য অসমীয়া সাহিত্যতে নালাগে বিশ্ব সাহিত্যতে বিৰল বুলি নাৰয়ণ দাসে মন্তব্য কৰিছে৷

শংকৰদেৱৰ বিভিন্ন ৰচনাৰ হাতেলিখা পুথিৰ সামৰণিত লগাই দিয়া তথা হৰিবিলাস আগৰৱালাই ছপা কৰা কীৰ্তনঘোষাৰ মাজতো স্থান দিয়া ‘ঘুনুচা কীৰ্তন’ হৈছে ১৭৭ পদৰ সমষ্টি৷ ‘জগন্নাথ পুৰাণ’ৰ পৰা মূল কথা চয়ন কৰি তাতে বিভিন্ন শাস্ত্ৰৰ কথা সংযোগ কৰি এইখন কাব্য ৰচনা কৰিছিল বুলি কবিয়ে নিজে কৈ গৈছে৷ অৱশ্যে আজিলৈকে ‘জগন্নাথ পুৰাণ’খন উদ্ধাৰ হোৱা নাই বাবে স্কন্দ পুৰাণৰ উৎকলখণ্ডই ঘুনুচা কীৰ্তনৰ মূল বুলি ধাৰণা কৰা হৈছে; কাৰণ ইয়াতে ‘গুণ্ডিচা-যাত্ৰা’ আৰু ‘গুণ্ডিচাৰ আখ্যান’ ভাগ পোৱা গৈছে৷ শ্ৰীকৃষ্ণই ইন্দ্ৰদ্যুম্নৰ ৰূপৱতী কন্যা ঘুনুচাৰ ঘৰলৈ যোৱাত লক্ষ্মীৰ ঈৰ্ষা-খং-অভিমান ওপজা আদি কথাই পুথিখনত বৰ্ণিত হৈছে৷ নাৰী-পুৰুষৰ মাজত থকা স্বভাৱজাত মানৱীয় ঈৰ্ষা-অসুয়াৰ প্ৰতিফলন ঘটা বাবেই সাতটা কীৰ্তন থকা এইখন কাব্যই সৰ্বসাধাৰণক আজিও আকৰ্ষণ কৰে৷ এইখন পুথিৰ উপৰি এইজনা কবিৰ ভণিতাযুক্ত ‘কানাই ধেমেলীয়া’ বা ‘ৰাধা-হৰণ’ নামৰ এখন পুথি পোৱা যায়৷ এইখন পুথিত শ্ৰীকৃষ্ণই ঘিলাখেলি চাতুৰীৰে ৰাধাৰ গালৈ ঘিলামাৰি তেওঁক চুৰুণী পাতি বেয়াকৈ লটিঘটি কৰাৰ বিৱৰণ সন্নিৱিষ্ট হৈছে৷ কিন্তু পুথিখনৰ ভাষা তলখাপৰ হোৱা বাবে কোনো কোনোৱে ইয়াক শ্ৰীধৰ কন্দলিৰ ৰচনা নহয় বুলি কয়৷ বেজবৰুৱা আৰু বাণীকান্ত কাকতিয়ে শ্ৰীধৰ কন্দলিয়ে মহাভাৰতৰ অশ্বমেধ পৰ্বৰো ভাঙনি কাৰ্য সমাপন কৰিছিল বুলি মত পোষণ কৰে৷

এই সকল প্ৰধান কবি-সাহিত্যিকৰ উপৰি আৰু কেইবাজনো কবি-সাহিত্যিকে শংকৰী যুগটিক সমৃদ্ধ কৰিছিল৷ তেওঁলোক হ’ল ৰত্নাকৰ কন্দলি, ৰত্নাকৰ মিশ্ৰ, নাৰায়ণ দাস ঠাকুৰ আতা, ছান্দসাই, দামোদৰদেৱ আৰু হৰিদেৱ৷

ৰত্নাকৰ কন্দলিৰ বিষয়ে বৰ সবিশেষ তথ্য এতিয়ালৈকে আবিষ্কৃত হোৱা নাই৷ শংকৰদেৱ মাজুলীৰ ধুৱাহাটা-বেলগুৰিত থাকোঁতেই তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে৷ দৈত্যাৰি ঠাকুৰৰ চৰিত পুথি মতে ৰত্নাকৰ কন্দলিয়ে সেই সময়ত ব্যাসকলাই লগত ব্ৰহ্মপুত্ৰৰ তীৰৰ বালিত বহি নিতৌ গীতা পাঠ আৰু ব্যাখ্যা কৰিছিল আৰু শ্ৰোতা আছিল শংকৰদেৱ সহিতে তেৰাৰ শিষ্যবৃন্দ৷ ৰত্নাকৰ কন্দলিয়ে তেওঁৰ ৰচনাত ‘কবি শেখৰ’ বা ‘দ্বিজ কবিশেখৰ’ নাম দুটিও ব্যৱহাৰ কৰিছে৷  বৰ্তমান কীৰ্তনৰ অন্তৰ্গত ‘সহস্ৰনাম বৃত্তান্ত’ অধ্যায়টিৰ ৰচক ৰত্নাকৰ কন্দলি এগৰাকী বিশিষ্ট বৈষ্ণৱ কবি তথা পদ ৰচক৷ ৭৭টা পদৰ সমষ্টিৰে দুটা ঘোষাত বৰ্ণিত এই অধ্যায়টিৰ বিষয়বস্তু চয়ন কৰা হৈছে পদ্মাপুৰাণৰ পৰা৷ ইয়াত হৰৰ দ্বাৰা হৰিৰ নাম মাহাত্ম্য ঘোষণা কৰা হৈছে৷ বিষয়বস্তু আৰু ৰচনাৰ প্ৰতি লক্ষ্য ৰাখি মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰে শঙ্কৰদেৱৰ কীৰ্তনঘোষাৰ মাজতে এই খণ্ডটোক স্থান দিয়ে৷ উল্লেখযোগ্য যে এওঁৰ বাহিৰেও আন এগৰাকী ৰত্নাকৰ কন্দলিৰ উল্লেখ অসমীয়া সাহিত্যত পোৱা যায়৷ এই গৰাকী ৰত্নাকৰ কন্দলি নৰনাৰায়ণ ৰজাৰ সভাকবি আছিল আৰু এওঁ জয়দেৱৰ গীত গোবিন্দৰ টীকা হিচাপে ‘সাৰ-দীপিকা’ নামৰ পুথিখন ৰচনা কৰিছিল৷

এই সময়ৰ আন এগৰাকী কবি হ’ল ৰত্নাকৰ মিশ্ৰ৷ বহুতে এওঁক ৰত্নাকৰ কন্দলি বুলিয়েই চিহ্নিত কৰিব বিচাৰে৷ ৰত্নাকৰ মিশ্ৰৰ নামত দুখন পুথি পোৱা যায় ‘ব্ৰহ্মগীতা’ আৰু ‘গীতা কীৰ্তন’৷ এই পুথি দুখন বিশেষকৈ গীতা কীৰ্তনৰ ৰচনা ৰীতি ৰত্নাকৰ কন্দলিৰ সহস্ৰ নাম বৃত্তান্তৰ অনুৰূপ৷ স্কন্ধপুৰাণৰ আধাৰতে ব্ৰহ্মগীতা ৰচনা কৰা হৈছে৷ এইখন কাব্যৰ কথাবস্তু শ্ৰীকৃষ্ণৰ মুখেৰেই ব্যক্ত কৰাটো মনকৰিবলগীয়া৷ অৰ্জুন আৰু কৃষ্ণৰ কথোপকথনৰ মাধ্যমেৰেই কাব্যখনত বিষয়বস্তু আগবাঢ়িছে৷ উদাহৰণস্বৰূপে

অৰ্জুনে বোলন্ত শুনা প্ৰভু নাৰায়ণ৷

নামৰ মহিমা-তত্ত্ব কহিও কাৰণ৷৷

কিমত উত্তম নাম কিমত বিশ্বাস৷

নমো যোগেশ্বৰ প্ৰভু কৰিও প্ৰকাশ৷৷

ব্ৰহ্ম সত্য, জগৎ মিথ্যা এই পৰম সত্যই মূলতঃ ব্যক্ত হৈছে ব্ৰহ্মগীতাৰ মাজত৷একোটি ঘোষাৰে আৰম্ভ হোৱা গীত কীৰ্তনত তত্ত্বগধুৰ গীতাখনক কীৰ্তনীয়া ৰূপদান কৰিছে ৰত্নাকৰ মিশ্ৰই৷ নিত্য প্ৰসঙ্গৰ বাবে ৰচিত এই পুথিখনৰ দুফাঁকিমান পদ এনে ধৰণৰ

ঘোষাঃ

ৰাম হৰি সংসাৰ ভয়              খণ্ডিয়ো কৰুণাময়

চৰণে শৰণ লৈলো বাপ৷

তোমাৰ নুশুনি কথা               বিষয় কৰিলো বেথা

হৃদয়ে নখণ্ডে সদা তাপ৷৷

পদঃ

অৰ্জুনে বোলন্ত স্বামী              তোমাৰ বাক্যত আমি

ভালমতে নুবুজিলো মৰ্ম৷

জ্ঞান বৰ্গ ধৰি আতি               মোহময় বান্ধ কাটি

পাছে কিয় আচৰিত ধৰ্ম৷৷

মাধৱদেৱৰ ঘনিষ্ঠ তথা শংকৰদেৱৰ প্ৰিয় শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাই ভকতীয়া ফকৰা ৰচনা কৰাৰ উপৰি গোটাদিয়েক গীত আৰু কবিতা ৰচনা কৰিছিল বুলি চৰিত পুথিৰ পৰা জনা গৈছে৷ ‘ভৱানন্দ’ আছিল এওঁৰ পিতৃপ্ৰদত্ত নাম; শংকৰদেৱে ‘নাৰায়ণ দাস’ নামটি দিয়ে আৰু পৰৱৰ্তী সময়ত ‘ঠাকুৰ আতা’ নামেৰে পৰিচিত এই গৰাকী বৈষ্ণৱ আগ বয়সত আছিল এগৰাকী ব্যৱসায়ী৷ তেওঁ ভাস্কৰ বিপ্ৰ নামৰ ভক্ত গৰাকীৰ মুখেৰে শংকৰদেৱৰ মাহাত্ম্য শুনি বৰপেটাৰ চূণপোৰাত গৈ শংকৰদেৱৰ ওচৰত শৰণ লৈ শিষ্যত্ব লভে৷ উল্লেখ্য যে এবাৰ তেওঁ গুৰুৰ প্ৰাণ ৰক্ষাৰ বাবে নিগৃহীত হ’ব লগীয়াও হৈছিল৷ এওঁ সাংসাৰিক আছিল যদিও গুৰুসেৱাৰ লগতে সাহিত্য চৰ্চাও অব্যাহত ৰাখিছিল৷ লুইতেদি শংকৰ-মাধৱসহিতে ভটিয়াই গৈ থাকোঁতে গুৰু আজ্ঞা মানি নাৰায়ণ দাসে ৰচনা কৰা ‘‘জয় জয় অনাদি শংকৰ, মই তুৱা দাসকু দাস’’ শীৰ্ষক গীতটি শুনি শংকৰদেৱে ‘‘নাৰায়ণদাসৰ কবিতা নাঞ চপচপিয়া হ’ল’’ বুলি মন্তব্য কৰালৈ চাই ধাৰণা কৰিব পাৰি যে এই শংকৰদেৱৰ প্ৰিয়পাত্ৰ আছিল৷

শঙ্কৰদেৱৰ আন এগৰাকী শিষ্য আছিল চান্দসাই বা চান্দ খাঁ৷ এওঁ এগৰাকী মুছলমান দৰ্জী আছিল৷ শঙ্কৰদেৱ পাটবাউসীত থকা কালত তেওঁক এটা চোলা সীবলৈ দিয়ে আৰু এনেদৰে শংকৰদেৱৰ সান্নিধ্যলৈ আহি তেৰাৰ শ্ৰীচৰণত শৰণ লয়৷ এওঁৰ সাহিত্য কৃতি বৰ বিশেষ নহয়, কেৱল কেইটিমান বিশেষ গীতহে পোৱা যায়৷ চান্দসাই ৰচনা কৰা গীতসমূহ মূলতঃ ফকৰাধৰ্মী তথা দাৰ্শনিক ভাৱাপন্ন৷ তেনে গীত এটিৰ নমুনা তলত উল্লেখ কৰা হ’ল

কিনো গীত গাইলি                চান্দৰে বৰাই

কিনো গীত গাইলি চান্দে৷

গঁতুৱা এন্দুৰৰ                    পাৱত পৰিয়া

বোন্দা মেকুৰীয়ে কান্দে৷৷

শংকৰী যুগৰ আন এগৰাকী প্ৰসিদ্ধ পুৰুষ হ’ল দামোদৰদেৱ৷ নৱ-বৈষ্ণৱ ধৰ্মৰ দামোদৰী পন্থৰ প্ৰৱৰ্তক দামোদৰদেৱে ধৰ্ম প্ৰচাৰ কৰাৰ লগতে তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱক কথাবন্ধে ভাগৱত ৰচনা কৰিবলৈ নিদেৰ্শ দি অসমীয়া সাহিত্যলৈ পৰোক্ষভাৱে হ’লেও অৱদান যোগাই গৈছে৷ তদুপৰি এওঁ ৰচনা কৰা কিছু সংখ্যক গীতৰ কথাও পোৱা যায়৷ দামোদৰদেৱে ৰচনা কৰা গীতসমূহ ৰূপকধৰ্মী আৰু দেহবিচাৰৰ গীতৰ দৰে৷ উদাহৰণস্বৰূপে

ভৱ অৰণ্যত     দেহ পশুগণ     বিষয়-খাগৰ খায়৷

সাম্প্ৰতিক সময়ত শংকৰদেৱৰ সমসাময়িক আৰু দুগৰাকী ব্যক্তিক গ্ৰন্থাকাৰ ৰূপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছে৷ তেওঁলোক হ’ল হৰিদেৱ পন্থৰ প্ৰৱৰ্তক হৰিদেৱ আৰু শংকৰদেৱৰ সতীয়া ভায়েক বনগঞাগিৰী৷ ‘শৰণ সংহিতা’ আৰু ‘ভক্তিৰসতৰঙ্গিনী’ নামৰ দুখন প্ৰকৰণ গ্ৰন্থৰ প্ৰণেতা হিচাপে হৰিদেৱক ঠাৱৰ কৰিব বিচৰা হৈছে৷ কিন্তু এতিয়াও এইখিনি যে হৰিদেৱৰ ৰচনা সেয়া প্ৰামাণিক সন্দেহৰ ঊৰ্ধত নহয়৷ ঠিক সেইদৰে বনগঞাগিৰীৰ ভণিতা থকা ‘শ্ৰীশ্ৰীহৰিদেৱ চৰিত’ নামৰ এখন চৰিত বজালীৰ হৰিপুৰ সত্ৰৰ অধিকাৰ সূৰ্যকান্ত গোস্বামীদেৱৰ পৰা পাই সেই অঞ্চলৰ ১৯৬০ চনত পুথি আকাৰে প্ৰকাশ কৰে৷ অৱশ্যে এইখন চৰিত পুথি সম্পৰ্কেও পণ্ডিতসকলে সন্দেহ প্ৰকাশ কৰিছে৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক