অসমীয়া সাহিত্যৰ বুৰঞ্জী : দ্বিতীয় অধ্যায় (-মৃণাল জ্যোতি গোস্বামী)

২.১ শংকৰী যুগৰ অসমীয়া সাহিত্য

শংকৰীযুগৰ অসমীয়া সাহিত্য বুলি ক’লে আমি খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰাসপ্তদশ শতিকাৰ আদি ভাগ পৰ্যন্ত ৰচিত সাহিত্যৰাজিৰ কথাই বুজোঁ। এই সময়ছোৱাইআছিল অসমীয়া সাহিত্যৰ ঐশ্বৰ্যময় আৰু সমৃদ্ধিশালী যুগ। শংকৰদেৱে নৱ-বৈষ্ণৱধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰৰ অৰ্থে ৰচনা কৰা সাহিত্যৰাজিৰ মাজত এইসন্তগৰাকীৰ প্ৰতিভাৰ পূৰ্ণ প্ৰতিফলন ঘটাৰ লগতে তেওঁৰ আদৰ্শেৰ অনুপ্ৰাণিতকৰি বহু সাহিত্যিক-কবিক কাব্যচৰ্চাত আত্মনিয়োগ কৰাবলৈ সক্ষম হৈছিল।
শংকৰদেৱৰবহুমুখী অৱদানলৈ লক্ষ্য কৰি সাহিত্যৰ ইতিহাসকাৰসকলে এই যুগটিক ‘শংকৰী যুগ’ বুলি অভিহিত কৰাৰ লগতে ‘নৱ-বৈষ্ণৱ যুগ’ বুলিও অভিহিত কৰে। অসমত শংকৰদেৱেআৰম্ভ কৰা ‘নৱ-বৈষ্ণৱ আন্দোলন’ৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিবিধ সাহিত্যৰাজিৰচিত হৈছিল বাবে ‘ভক্তি সাহিত্য’ বা ‘নৱ-বৈষ্ণৱ সাহিত্য’ৰ প্ৰকাশে অন্যতমপ্ৰধান স্থান লাভ কৰিছিল। এই যুগটিক ‘শংকৰী যুগ’ ‘নৱ-বৈষ্ণৱ যুগ’ বা ‘ভক্তিযুগ’ বুলি কোৱাৰ খেও ধৰিয়েই ক’ব পাৰি ‘শংকৰী সাহিত্য’, ‘নৱ-বৈষ্ণৱসাহিত্য’ বা ‘অসমীয়া ভক্তি-সাহিত্য’ৰ মাজত কোনো পাৰ্থক্য নাই।
এইযুগটিৰ পটভূমি সম্পৰ্কে ক’বলৈ হ’লে আমি সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হোৱা ‘ভক্তি আন্দোলন’ৰ বিষয়েও সম্যক ধাৰণা লাভ কৰিব লাগিব। খ্ৰীঃ পঞ্চদশ শতিকাৰআশ-পাশৰ সময়খিনিত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হৈছিল বৈষ্ণৱ ভক্তি আন্দোলন।ভক্তি ধৰ্মৰ মূল লক্ষ্য আছিল লোকজীৱনৰ সমুন্নতি। পণ্ডিতসকলে মত পোষণ কৰে যেবৈদিক বিষ্ণু উপাসনা পদ্ধতিৰ লগত লোকধৰ্মৰ সংযোগ প্ৰক্ৰিয়াৰ ফলত নৱ-বৈষ্ণৱবা ভক্তি ধৰ্মৰ উদ্ভৱ আৰু বিকাশ হৈছে। খ্ৰীঃ পূৰ্ব কেইবা শতিকাৰ আগৰে পৰাবৈষ্ণৱ সমপ্ৰদায়ৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। বিভিন্ন সময়ৰ না নাসাহিত্যৰাজি, প্ৰত্নলিপি, শিলালিপি, বেদ-বেদান্ত আদি শাস্ত্ৰসমূহেই ইয়াৰপ্ৰতিফলক। খ্ৰীঃ সপ্তমৰ পৰা দশম শতাব্দীত তামিল দেশৰ আলোৱাৰ ভক্তসকলেবৈষ্ণৱ ধৰ্মক অভিনৱভাৱে জনপ্ৰিয় কৰি তোলে। তেওঁলোকে তামিল ভাষাত ৰচিতআবেগপ্ৰসূত গীত (হেজাৰ গীত) পদ আৰু নৃত্যৰে বাল-গোপালক উপাসনা কৰিছিল।বিভিন্ন সমীক্ষকে ধাৰণা কৰে যে এই সময়ছোৱাতে ‘ভাগৱত পুৰাণ’খন ৰচনা কৰাহৈছিল। পৰৱৰ্তী কালত প্ৰসিদ্ধ যমুনাচাৰ্য, ৰামানুজ, নিম্বাকাচাৰ্য, মধবাচাৰ্য, জ্ঞানদেৱ, নামদেৱ, কবীৰ, বল্লভাচাৰ্য, দাদুদয়াল আদি সন্তমহাপুৰুষসকলে ভিন্ ভিন্ সময়ত বেলেগ বেলেগ ধৰণে ভাৰতৰ বিভিন্ন স্থানত বৈষ্ণৱআন্দোলন প্ৰসাৰিত কৰে। তেওঁলোকৰ শিষ্য-প্ৰশিষ্যসকলে এই জাগৰণ তীব্ৰতৰ আৰুব্যাপক ৰূপ প্ৰদান কৰে। চতুদৰ্শ-পঞ্চদশ শতিকাত বংগত চৈতন্যদেৱ আৰু অসমতশংকৰদেৱে ভক্তি আন্দোলনৰ গুৰি বঠা ধৰি সমাজত বৈপ্লৱিক পৰিৱৰ্তন সূচনা কৰে।সবৰ্ভাৰতীয় প্ৰেক্ষাপটত ভক্তি আন্দোলন বিকাশৰ আঁৰত কিছুমান ৰাজনৈতিক আৰুসামাজিক কাৰণেও অনুঘটক হিচাপে ক্তিয়া কৰিছিল। যথা-

• নব্য ভাৰতীয় আৰ্যভাষাৰ স্বকীয় ৰূপ লাভ আৰু এই ভাষাবোৰলৈ সংস্কৃত সাহিত্যৰাজিৰ অনুবাদ।
• একেশ্বৰবাদৰ পুনৰ প্ৰতিষ্ঠা। বৈষ্ণৱ ভক্তি মাৰ্গৰ সহায়েৰে ঐকাতিনক ভক্তিৰ আদৰ্শৰ প্ৰসাৰ তথা প্ৰচাৰ।
• প্ৰান্তীয় ভাষাত সাধন প্ৰণালীৰ অনুশীলন আৰু ভক্তিমাৰ্গক প্ৰাধান্য দি প্ৰান্তীয় ভাষাত ৰচিত পুথিৰ প্ৰসাৰ।
• ধৰ্ম সংস্কাৰকসকলে ভক্তিমাৰ্গৰ সংস্কাৰ সাধন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক আত্মিক বিকাশৰ সুবিধা প্ৰদান।
অসমতোখ্ৰীঃ শতাব্দীৰ আদি ভাগতে বিষ্ণু উপাসনা বা বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত হৈছিল।প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ৰচনাত বিভিন্ন ৰূপত বিষ্ণু মাহাত্ম্য বৰ্ণিতহৈছিল যদিও এক জাগৰণৰ বাবে যিমানখিনি প্ৰয়োজন সেয়া সৃষ্টি হোৱা নাছিল।শংকৰদেৱে হাতত আঁৰিয়া লৈ এই জাগৰণ অসমলৈ বোৱাই আনিলে আৰু পূৰ্বৰ বৈষ্ণৱপৰম্পৰাৰ আধাৰত এক স্বতন্ত্ৰ বিশিষ্টতা প্ৰদান কৰি নৱ-বৈষ্ণৱ ধৰ্মৰসাৰ্বজনীন ভেটি নিৰ্মাণ কৰিলে।
শংকৰদেৱে জীৱনৰ আদি কালছোৱাত বাৰ বছৰকাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান, মঠ-মন্দিৰ ভ্ৰমণ কৰি সেইসময়ৰবিশিষ্ট ধৰ্মসাধকসকলৰ চিন্তাধাৰাৰ সৈতে পৰিচিত হৈছিল। এইবোৰৰ প্ৰভাৱত নিজদেশলৈ উভতি আহি নিজৰ দেশ কাল আৰু পাত্ৰৰ উপযোগীকৈ বিভিন্ন সাহিত্য সৃষ্টিকৰি এক শৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা কৰে। এই ক্ষেত্ৰত অসমৰ সামাজিক আৰুৰাজনৈতিক প্ৰক্ষাপটেও শংকৰদেৱক সহায় কৰিছিল। পুৰণি অসমত ইমূৰৰ পৰা সিমূৰলৈপৰিভ্ৰমণ কৰি অসমৰ সকলো জাতি-উপজাতিক একতাৰ ডোলেৰে বান্ধি বহুদেৱতা উপাসনাৰঠাইত এক ঈশ্বৰৰ ভেটি স্থাপন কৰি সৰ্বসাধাৰণক ভগৱৎমুখী কৰি তোলে তেওঁ। মনকৰিবলগীয়া যে নিধানপুৰ তামৰ ফলি পুষ্যবৰ্মণৰ ডুবি তামৰ ফলি, ধৰ্মপালৰপুষ্পভদ্ৰা শাসন আদিত বিষ্ণু উপাসনাৰ সমল উপলব্ধ হয়। এইবোৰে পূৰ্বৰে পৰা যেঅসমত বিষ্ণু উপাসনা বা বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত হৈছিল তাৰ প্ৰমাণ দাঙি ধৰে।
আটাইতকৈডাঙৰ কথাটো হ’ল- সেইসময়ৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি তথা শাসকসকলে সৰ্বসাধাৰণৰাইজৰ সামাজিক মৰ্যাদা একেবাৰে নিম্ন কৰি ৰাখিছিল। এওঁলোকেও এই অৱস্থাৰপৰা পৰিত্ৰাণৰ বাট বিচাৰি ফুৰিছিল। সেই সময়তে শংকৰদেৱে প্ৰতিষ্ঠা কৰা একশৰণ নাম ধৰ্মৰ সমমৰ্যাদাৰ ধবনিয়ে সকলোকে আকৃষ্ট কৰে। কাৰণ সামাজিক মৰ্যাদানোপোৱাৰ ক্ষোভ অলপ হলেও প্ৰশমিত কৰিছিল ধৰ্মীয় সমমৰ্যাদায়। তদপুৰিপ্ৰাক্-শংকৰী যুগৰ কবিকূলে নিৰ্মাণ কৰি যোৱা অসমীয়া সাহিত্যৰ ভেটিত শংকৰদেৱআৰু তেৰাৰ ছাঁয়া-প্ৰছাঁয়াৰ কবিসকলে বিবিধ কাব্য, গীত, নাটক, গদ্য আদিৰসহায়েৰে এক মন্দিৰ প্ৰতিষ্ঠা কৰাৰ লগতে জনগণৰ মনত সৌন্দৰ্যবোধ জগাইসাংস্কৃতিকভাৱে সচেতনতা বৃদ্ধি কৰে। এই ক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰমন্তব্য স্মতৰ্ৱ্য-”অসমত নৱ জাগৃতিৰ শুভ সূচনা হয় যাৰ ফলত অসমীয়া সামাজিকজীৱন বহু পৰিমাণে শ্ৰীমণ্ডিত হৈ উঠে।”
ইতিমধ্যে উল্লেখ কৰা হৈছে যেশংকৰী যুগৰ সাহিত্যৰাজি ৰচিত হৈছিল মূলতঃ ধৰ্ম প্ৰচাৰৰ অৰ্থে। ধৰ্মৰ জটিলতত্ত্ব কথাবোৰ জনগণৰ সহজে বোধগম্য হোৱাকৈ শ্ৰৱণ-কীৰ্তন কৰিবলৈ সহায়ক হোৱাকৈকৃষ্ণ-মাহাত্ম্য প্ৰচাৰৰ অৰ্থে এই সকলোবোৰ ৰচিত হৈছিল। আদৰ্শবাদী ধাৰাৰপ্ৰাধান্যৰে ৰচিত সাহিত্যৰাজিৰ মাজত সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথা ব্যক্ত হোৱানাই। ভগৱন্ত পুৰুষৰ অৱতাৰী কথা, কৃষ্ণভক্তিৰ তাত্ত্বিক কথাবোৰেই এইৰচনাসমূহৰ মাজত উদ্ভাসিত হৈছে। সেইবাবে তেওঁলোকে ৰচনা কৰা কাব্য-নাট-গীততবিবিধ ৰসৰ প্ৰকাশ ঘটিলেও সেয়া যে ভগৱন্তৰ লীলাহে তাক বাৰে বাৰে সোঁৱৰাবলৈপাহৰা নাই আৰু ভক্তিৰসৰ অমৃত ভণ্ডত সকলো ৰস বিলীন হৈছে। অন্তঃসলিলা ফুল্গুৰদৰে সকলোৰে অন্তৰালত বৈ থাকে কৃষ্ণ ৰতি বা ভক্তি ৰস।
এই সময়ৰসাহিত্যৰাজি আছিল মূলতঃ অনুবাদমূলক। ভাগৱত পুৰাণকে মুখ্য হিচাপে লৈ বিবিধপুৰাণৰ পৰা সমল সংগ্ৰহ কৰি সাহিত্য ৰচনাত ব্ৰতী হৈছিল এই সময়ৰ কবিসকল।উল্লেখযোগ্য যে অনুবাদমূলক সাহিত্য বা কোনো পুৰাণৰ আধাৰত সাহিত্য সৃষ্টিকৰিছিল যদিও এইবোৰৰ মাজত তেওঁলোকৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰ যে প্ৰতিভাতহোৱা নাছিল এনে নহয়। বৰং মৌলিকতাৰ পৰশ ছত্ৰে ছত্ৰে অনুভূত হোৱাৰ লগতেঅসমীয়া সমাজ জীৱনৰ অতিকে চিনাকী বিবিধ চিত্ৰেৰে ভৰপূৰ আছিল। নৱ-বৈষ্ণৱকবিসকলে প্ৰদৰ্শন কৰা আদৰ্শ আৰু মাৰ্গ পৰিহাৰ কৰি লৌকিক ৰুচিৰে কাব্য বাসাহিত্য ৰচনা কৰা কবিসকলক এওঁলোকে বৰ ভাল চকুৰে চোৱা নাছিল। আনকি বহুসময়ততুচ্ছ-তাচ্ছিল্যও কৰা হৈছিল। এই যুগৰ সাহিত্যৰাজিক আমি কাব্য, নাটক, গীত-বৰগীত-ভটিমা-অংকৰ গীত, অনুবাদমূলক, কথাবন্ধে ৰচিত গ্ৰন্থ আৰু চৰিতসাহিত্য আদি ভাগত বিভাজন কৰিব পাৰোঁ। এটা কথা ঠিক যে স্ত্ৰী-শূদ্ৰেসৰ্বলোকে বুজিব পৰাকৈ ৰচনা কৰা এই সময়ৰ সাহিত্যৰাজিয়ে আজিও অসমীয়া জাতীয়জীৱনত সমতা আৰু সংহতি অনাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আছে। অসমৰনিৰক্ষৰ সমাজক অনানুষ্ঠানিকভাৱে শিক্ষা প্ৰদান কৰি আহিছে। তলত এই সময়ছোৱাৰপ্ৰধান কবিসকল আৰু তেওঁলোকৰ সাহিত্যকৃতি সম্পৰ্কে আলোচনা কৰা হ’ল।

২.৪ শংকৰীযুগৰসাহিত্যিকসকল

অসমীয়াসাহিত্যৰ জনক শংকৰদেৱকে কেন্দ্ৰত লৈ এই সময়ছোৱাত বিভিন্ন ভক্ত সন্তসকলেঅসমীয়া ভাষা-সাহিত্যক উচ্চ স্থানত উপৱিষ্ট কৰালে৷ শংকৰদেৱৰ বাদে এই সময়ৰ আনআন ভক্ত সাহিত্যিকসকল হ’ল মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী, কংসাৰিকবি, সাৰ্বভৌম ভট্টাচাৰ্য, শ্ৰীধৰ কন্দলি, ৰত্নাকৰ কন্দলি, ৰত্নাকৰ মিশ্ৰ, দামোদৰদেৱ, ভট্টদেৱ আদি৷ তলত তেওঁলোকৰ সাহিত্যকৰ্ম সম্পৰ্কে আলোচনা কৰাহ’ল৷

২.৪.১ শংকৰদেৱ

শংকৰদেৱে নিজৰ পৰিচয় তেওঁৰ বিভিন্ন ৰচনাৱলীত ছেগা-চোৰোকাকৈ দি গৈছে৷ ৮ম স্কন্ধভাগৱতত এওঁ উল্লেখ কৰা নিজৰ বংশ পৰিচয়টি এই ক্ষেত্ৰত উল্লেখযোগ্য—
টেমোনীয়া বন্ধে গ্ৰাম বটদ্ৰৱা যাৰ নাম
লৌহিত্যৰ জলে অনুকূল৷
ভৈলা সেহি গ্ৰামেশ্বৰ যাৰ নাম ৰাজধৰ
কায়স্থ কুলৰ পদ্মফুল৷৷
তান পুত্ৰ সূৰ্যধৰ মহা বৰা বংশধৰ
আতি গুণৱন্ত সন্ত শিষ্ট৷
যাৰ যশ এভো জ্বলৈ জয়ন্ত মাধৱ দলৈ
দুই ভাই যাহাৰ কনিষ্ঠ৷৷
তান হৈতে ভৈল জাত সমস্ত দেশতে খ্যাত
প্ৰসিদ্ধ কুসুম নাম যাৰ৷
গুণৱন্ত মহামানী দাতাৰ অগ্ৰতগণি
শিৰোমণি সমস্ত ভূঞাৰ৷৷
তাহাৰ তনয় কবি কৃষ্ণৰ চৰণ সেবি
শংকৰে ৰচিলা ইটো গীত৷
শুনিয়োক বুধ লোক মোৰ পদ যেন হোক
কৃষ্ণকথা শুনি ৰঞ্জা চিত্ত৷৷
বৰদোৱাৰকুসুম্বৰ ভূঞা আৰু সত্যসন্ধাৰ পুত্ৰ হিচাপে ১৪৪৯ চনত শংকৰদেৱৰ জন্ম হয়৷নিচেই সৰু কালতে তেওঁৰ পিতৃ-মাতৃৰ লোকান্তৰ ঘটে৷ বুঢ়ীমাক খেৰসুঁতীৰতত্ত্বাৱধানত ডাঙৰ দীঘল হোৱা শংকৰদেৱৱ প্ৰায় দহ বছৰ বয়সলৈকে কোনোশিক্ষানুষ্ঠানত ভৰ্তি হোৱা নাছিল৷ দহ বছৰ বয়সত বুঢ়ী মাকে তেওঁক মহেন্দ্ৰকন্দলিৰ টোলত নাম ভৰ্তি কৰাই দিয়ে৷ তেওঁ অতি কম বয়সৰ ভিতৰতেই নিজৰ প্ৰতিভাৰপৰিচয় দাঙি ধৰি টোলৰ ওজা ছাত্ৰ হিচাপে নিৰ্বাচিত হয়৷ প্ৰচলিত বিশ্বাস মতেইয়াত পঢ়ি থকা কালতেই ‘ভকতিৰ চাৰিখুটি মাৰি’ হৰিশ্চন্দ্ৰউপাখ্যানপুথিখন ৰচনা কৰে৷ সোতৰৰ পৰা কুৰি বছৰ বয়সৰ ভিতৰত তেওঁ পঢ়াশলীয়া শিক্ষা সাং কৰি পাৰিবাৰিক দায়িত্ব কান্ধ পাতি লয়৷
ডেকাগিৰিহিচাপে পৰিচিত হৈ পৰা শংকৰদেৱে টোলৰ পৰা উভতি আহি ‘শিৰোমণি ভূঞা’ৰ বাবগ্ৰহণ কৰে আৰু একৈশ বছৰ বয়সত সূৰ্যৱতীক বিবাহ কৰায়৷ এটি কন্যা সন্তান জন্মদিয়াৰ ন মাহ পাছতেই সূৰ্যৱতীয়ে ইহলীলা সম্বৰণ কৰে৷ এই ঘটনাই শংকৰদেৱকসংসাৰৰ প্ৰতি বিৰাগ জন্মায় আৰু ইহ সংসাৰৰ প্ৰতি নিস্পৃহ কৰি তোলে৷কন্যামনুক বিয়া দিয়েই কেইজনমান সংগী (সোতৰজন)ৰ সৈতে তেওঁ বত্ৰিশ বছৰ বয়সত (১৪৮১খ্ৰীঃ) প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলাই যায়৷ বাৰ বছৰ কাল ভাৰতৰ বিভিন্নতীৰ্থ স্থান, ধৰ্ম স্থান ভ্ৰমণ কৰে৷ এই ভ্ৰমণ কালতে তেওঁ ভাৰতৰ বিভিন্নপ্ৰান্তত বিভিন্ন সন্ত-মহন্তক, বিশেষকৈ ভক্তি আন্দোলনৰ পুৰোধা ব্যক্তি, প্ৰচাৰকাৰীসকলক লগ পাইছিল৷ তেওঁলোকৰ সৈতে ধৰ্ম-দৰ্শন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি দিশসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰিছিল আৰু ইয়াৰ দ্বাৰাপ্ৰভাৱিত হৈ নতুন ধৰণে, অসমৰ সামাজিক প্ৰেক্ষাপটত খাপ খোৱাকৈ নৱ-বৈষ্ণৱধৰ্ম প্ৰতিষ্ঠা কৰাৰ অনুপ্ৰেৰণা লাভ কৰে৷
তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰপাছত বিভিন্ন আত্মীয়-স্বজনৰ অনুৰোধ পেলাব নোৱাৰি শংকৰদেৱে দ্বিতীয়বাৰৰবাবে বিবাহ কৰাবলৈ সন্মত হয় আৰু কালিন্দী আইৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷তথাপিও তেওঁ গৃহস্থী ধৰ্মত বৰ মন নিদি ভক্তি ধৰ্ম প্ৰচাৰলৈহে মন মেলে৷প্ৰথমতে জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভকৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰে সংস্কাৰ সাধন কৰি বেলেগ ধৰণে এক শৰণ নামধৰ্মৰ প্ৰচাৰত মনোনিৱেশ কৰে৷ বৰদোৱাত থকা কালতে তেওঁ সৰিয়হ তলি চিকুণাইতাতে নামঘৰ প্ৰতিষ্ঠা কৰিচিহ্নযাত্ৰা ভাওনা মঞ্চস্থ কৰে আৰু নব্য ধাৰণাৰে ধৰ্ম প্ৰচাৰৰ প্ৰক্রিয়া আৰম্ভ কৰে৷
ইয়াৰপাছতেই তেওঁ ১৫১৬ চন মানত বৰদোৱা এৰি লুইতৰ উত্তৰ পাৰলৈ গৈ বিভিন্ন ঠাইপৰিভ্ৰমণ কৰি গাংমৌত থাকে৷ ১৫২১চন মানত তেওঁ মাজুলীৰ ধুঁৱাহাট বেলগুৰিলৈযায়৷ উল্লেখযোগ্য যে ইয়াত থকা কালছোৱাতেই তেওঁৰ প্ৰধান শিষ্য ‘বৰাৰ পো’ মাধৱদেৱৰ সৈতে মিলন ঘটে৷ এই মিলনক পণ্ডিত সমাজে ‘গুৰু শিষ্যৰ মণিকাঞ্চনসংযোগ’ বুলি চিহ্নিত কৰে৷ এই সময়ছোৱাতে মাধৱদেৱৰ উপৰি ৰত্নাকৰ কন্দলি, ভাস্কৰ বিপ্ৰ, ব্যাস কলাই আদিয়েই শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি মধ্য অসমৰআকাশ-বতাহ নাম-কীৰ্তনৰ ৰোলেৰে মুখৰিত কৰে৷ অৱশ্যে এটা কথা উল্লেখযোগ্য যেশংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ পথ ইমান নিষ্কণ্টক নাছিল৷ বিভিন্ন সময়ত ভিন্‌ ভিন্‌ব্যক্তি তথা আহোম ৰজাৰ ফালৰ পৰাও অসুবিধাৰ সন্মুখীন হৈছিল৷ আনকি হাতী ধৰিবনোৱাৰাৰ অজুহাতত আহোম ৰজাই এওঁৰ জোঁৱায়েক হৰিদেৱক শিৰচ্ছেদ কৰে আৰুমাধৱদেৱক বছৰেক কাল বন্দী কৰি থোৱাৰ দৰে হয়৷
এই ঘটনাই শংকৰদেৱৰ স্থানপৰিৱৰ্তন কৰাবলৈ বাধ্য কৰিলে৷ তেওঁ কোচ ৰজা নৰনাৰায়ণৰ অধীনত অসমৰপশ্চিমাঞ্চললৈ যায় আৰু বিভিন্ন ঠাইত অলপ অলপ দিন থাকি পাটবাউসীত কীৰ্তন ঘৰসাজি থাকিবলৈ লয়৷ ইয়াৰ পৰাই ১৫৪৬চন মানত তেওঁ পুনৰ দ্বিতীয়বাৰৰ বাবে তীৰ্থভ্ৰমণলৈ ওলাই যায়৷ এইবাৰ পিছে তেওঁ ছমাহতে তীৰ্থ যাত্ৰা সামৰে৷ ইয়াত থকাকালছোৱা শংকৰদেৱৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আছিল৷ ধৰ্ম প্ৰচাৰৰ উপৰিবিভিন্ন সাহিত্য সৃষ্টিয়ে এই কালছোৱা ভৰাই তুলিছিল শংকৰদেৱে৷ উল্লেখযোগ্যযে ইয়াত থকা কালছোৱাতো তেওঁ নিষ্কণ্টকভাৱে ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল৷অৱশ্যে চিলাৰায় দেৱানৰ বিশেষ যত্নত তেওঁ নৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভকৰে৷ ইয়াত থকা কালছোৱাতে শংকৰদেৱে পাটবাউসীৰ পৰা বেহাৰলৈ ভালেমান বাৰঅহা-যোৱা কৰিছিল৷ বেহাৰত থকা সময়ছোৱাতে তেওঁৰ গাত এটা ফোঁহোৰা ওলায় আৰুইয়াৰ ফলতেই ১৫৬৮চনত ‘বৰাৰ পো’ মাধৱদেৱৰ হাতত ভক্তিধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰভাৰ সমৰ্পণ কৰি ভৱলীলা সম্বৰণ কৰে৷
অসমীয়া সংস্কৃতিৰ এনে এটা দিশ নাইয’ত শংকৰদেৱৰ হাতৰ পৰশ অনুভূত নহয়৷ অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধিসময়ৰ বান্ধোনেৰে একগোট কৰি সেই সমতি ৰূপটিক গভীৰ আৰু স্থায়ী ৰূপ দিয়াৰচেষ্টা কৰিছিল তেওঁ৷ একাধাৰে ধৰ্ম প্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি, অনুবাদকাৰী, সংগীতজ্ঞ, নাট্যকাৰ, চিত্ৰকাৰ আদি বিবিধ গুণৰ সমাহাৰেৰে এইজনামহান পুৰুষে অসমীয়া জাতিটোক এক নিজস্ব পৰিচয় দিয়ালে৷ এই ক্ষেত্ৰত বাণীকান্তকাকতিৰ এষাৰ মন্তব্য স্মৰ্তৱ্য— ‘‘বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধানদান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰজাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান৷’’
শংকৰদেৱৰবহুমুখী দান সাহিত্যৰাজিক বিভিন্ন পণ্ডিতে ভিন্‌ ভিন্‌ ধৰণে শ্ৰেণী বিভাজনকৰিছে ৰচনাক্রমৰ আধাৰত, তত্ত্ব নিৰূপণৰ আধাৰত, বন্ধৰ আধাৰত, মৌলিকতা আধাৰতবা ভাষা প্ৰয়োগৰ আধাৰত৷ আমি এই ক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাই তত্ত্বনিৰূপণৰ আধাৰত কৰা শ্ৰেণী বিভাজনকেই গ্ৰহণ কৰি ইয়াত উল্লেখ কৰিলোঁ৷
• কাব্যঃহৰিশ্চন্দ্ৰ উপাখ্যান, ৰুণিীহৰণ কাব্য, বলিছলন কাব্য, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ৷
• ভক্তিতত্ত্বপ্ৰকাশকগ্ৰন্থঃভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱ-সিদ্ধ-সংবাদ, অনাদিপতন৷
• অনুবাদমূলকঃভাগৱত ১ম, ২য়, ষষ্ঠ (অজামিল উপাখ্যান), ৮ম (বলিছলন, অমৃত মথন), আদ্য দশম, ১১শ, ১২শ স্কন্ধ ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ৷
• অংকীয়ানাটঃপত্নীপ্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুণিীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়৷
• গীতঃবৰগীত, ভটিমা, টোটয় আৰু চপয়৷
• নামপ্ৰসঙ্গঃকীৰ্তন আৰু গুণমালা৷
• কাব্যঃমাৰ্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়ৰ আধাৰত ৰচনা কৰা ‘হৰিশ্চন্দ্ৰ উপখ্যান’ শংকৰদেৱৰ আদি ৰচনা৷বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰাই হ’ল এইখন কাব্যৰ মূলউপপাদ্য৷ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে গুৰুজনাই মূলৰ কাহিনীভাগৰভালেখিনি পৰিৱৰ্তন সাধন কৰি এই কাব্যখনত উপস্থাপন কৰিছে৷ ‘চাৰিখুটা মাৰিসেৱক’লৈ অৰ্থাৎ ভক্তিৰ ক্ষেত্ৰখনি চাৰিওফালে খুটিমাৰি কৃষ্ণ সেৱকৰ বাবেনিকপকপীয়া কৰিবলৈকে শংকৰদেৱে এই কাব্যখন ৰচনা কৰিছিল৷
• হৰিবংশৰ পৰাগ্ৰহণ কৰা কাহিনীভাগৰ লগত ভাগৱত পুৰাণৰ কথা মিহলাই শংকৰদেৱে তেওঁৰদ্বিতীয়খন কাব্য ‘ৰুক্মিণী হৰণ কাব্য’ ৰচনা কৰে৷ স্থানীয় সাঁচত পেলাই কৰাচৰিত্ৰ চিত্ৰণ, পৰিৱেশ চিত্ৰণ আৰু স্থানীয় বচনভংগী এইখন কাব্যৰ প্ৰধানবৈশিষ্ট্য৷ মূলৰ পৰা কাহিনীভাগ চয়ন কৰিলেও কবিয়ে নিজৰ মৌলিকত্বৰ পৰশবাৰুকৈয়ে ৰাখি গৈছে এইখনি কাব্যত৷ শৃংগাৰ আৰু বীৰৰসৰ প্ৰাধান্য থাকিলেওকাব্যখনিত হাস্যৰসৰ ছিটিকনিয়ে উপভোগ্য কৰি তুলিছে৷ ভাগৱতৰ ৫ম স্কন্ধৰ ২য়অধ্যায়, ৬ষ্ঠ স্কন্ধৰ ১-৩ অধ্যায়ৰ পৰা আহৰণ কৰা কাহিনী ভাগেৰে ‘অজামিলউপাখ্যান’খন শংকৰদেৱে ৰচনা কৰে৷ মূলৰ পৰা আঁতৰি নাহি পৰম অনাচাৰী, পৰমপাতকীজনেও নামৰ মহিমাৰ বলত ‘চতুৰ্ভুজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ’ বুলি মন্তব্যকৰি কৃষ্ণ-বিষুৰ মাহাত্ম্য প্ৰকাশ কৰা এইখনি কাব্যত গভীৰ ভক্তিতত্ত্বককাব্যিক সুষমাৰে আকৰ্ষণীয় ৰূপত তুলি ধৰাত সফল হৈছে শংকৰদেৱ৷
• ‘বলিচলন’ কাব্যখন ভাগৱত আৰু বামণ পুৰাণৰ পৰা সমল আহৰণ কৰি ৰচনা কৰা হৈছে৷ বামণেতিনিপদ ভূমি বিচাৰি কিদৰে অত্যাচাৰী বলিক ছলনা কৰিলে সেয়া বৰ্ণনা কৰি কবিয়েকৃষ্ণপদৰ মাহাত্ম্য ঘোষণা কৰিছে৷ ভাগৱতৰ অষ্টম স্কন্ধৰ আধাৰতে ‘অমৃত মথন’ নামৰ কাব্যখন কবিজনাই ৰচনা কৰে৷ ভাগৱতৰ ১৫ম-১৩শ অধ্যায়ত বৰ্ণিত কাহিনীভাগৰলগত নিজস্ব কিছু সংযোগ কৰি দেৱতা অসুৰৰ মাজৰ যুদ্ধৰ কথা বৰ্ণনা কৰি অমৃতহস্তগত কৰিবলৈ বিষুৱে কেনেদৰে মোহিনী ৰূপ ধাৰণ কৰিছিল সেই কথা বৰ্ণনা কৰিছেএইখন কাব্যত৷ ঠিক সেইদৰে ভাগৱতৰ দশম স্কন্ধৰ ৮২-৮৫ম অধ্যায়ৰ বৰ্ণিত কৃষ্ণতথা যাদৱ বংশৰ কুৰুক্ষেত্ৰলৈ যাত্ৰা, নন্দ যশোদা আৰু গোপসকলৰ লগত পুনৰমিলন, কৃষ্ণৰ প্ৰধান মহিষীসকলৰ নিজ নিজ বিবাহৰ বিৱৰণ, বাসুদেৱৰ যজ্ঞঅনুষ্ঠান, নন্দ যশোদাৰ কৰুণ বিদায় আদি ঘটনাকে আধাৰ হিচাপে লৈ ‘কুৰুক্ষেত্ৰ’ কাব্যখন ৰচনা কৰা হৈছে৷ এই তিনিওখন কাব্যৰ বৰ্ণনাত ভক্তিবাদৰ মনোৰম সংযোগঘটিছে বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে৷
• ভক্তিতত্ত্বপ্ৰকাশকগ্ৰন্থঃকৃষ্ণ-অৰ্জুনৰ কথোপকথনৰ জৰিয়তে ভক্তিৰ তত্ত্বসমূহ প্ৰকাশ কৰিবলৈকেমহাপুৰুষজনাই ‘ভক্তি প্ৰদীপ’ ৰচনা কৰিছিল৷ ঠিক সেইদৰে সৃষ্টিতত্ত্ব, পিণ্ডব্ৰহ্মাণ্ড-তত্ত্ব, ষট চক্রৰ কথা, ছৌবিছ তত্ত্বৰ উৎপত্তি আৰু বিকাশৰবিৱৰণেৰে ৰচনা কৰা ‘অনাদি পতন’ গ্ৰন্থখনৰ আধাৰ গ্ৰন্থ হ’ল ভাগৱতৰ তৃতীয়স্কন্ধ আৰু বামণ পুৰাণ৷ ন-গৰাকী সিদ্ধৰ লগত নিমি ৰজাৰ কথোপকথনৰ যোগেদিআধ্যাত্মিক আৰু ভক্তিতত্ত্বৰ কথা আলোচনা কৰা হৈছে ‘নিমি-নৱ-সিদ্ধ সংবাদ’ত৷ ‘ভক্তি ৰত্নাকৰ’ সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল৷ এইখন এখন প্ৰকৰণমূলক গ্ৰন্থআৰু ইয়াত বিভিন্ন শ্লোক সংস্কৃত শাস্ত্ৰৰ পৰা চয়ন কৰি সংকলিত কৰা হৈছে৷পৰৱৰ্তী কালত ৰামচৰণ ঠাকুৰে এই কাব্যখন অসমীয়ালৈ অনুবাদ কৰে৷ বৈষ্ণৱ ধৰ্মৰতাত্ত্বিক দিশসমূহ সহজবোধ্য কৰি প্ৰকাশ কৰিবলৈ চেষ্টা কৰাৰ প্ৰচেষ্টা এইকাব্যকেইখনত অনুভূত হয়৷
• অনুবাদমূলকঃশংকৰদেৱৰপ্ৰায়খিনি ৰচনাই মূলতঃ অনুবাদমূলক যদিও কেইখনমান অনুবাদ কৰোঁতে তেওঁ সততেমূলৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিছিল আৰু কল্পনা সংযত কৰিছিল৷ সেই ৰচনাৰাজিকেঅনুবাদমূলক সাহিত্যৰ অন্তৰ্ভুক্ত বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে৷উল্লেখযোগ্য যে পুৰাণ সূৰ্য ভাগৱত হ’ল বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথিস্বৰূপ৷ এইখন পুৰাণৰ ১ম, ২য়, ৬ষ্ঠ, ৮ম, ১১শ, ১২শ স্কন্ধ শংকৰদেৱে অসমীয়ালোকসমাজৰ সহজবোধ্যভাৱে অনুবাদ কৰিছিল৷ ভাগৱতৰ দশম স্কন্ধৰ প্ৰথম ৪৯টাঅধ্যায় (৯০টা ভিতৰত) শংকৰদেৱে অসমীয়ালৈ অনুবাদ কৰিছিল৷ এইখিনিক আদি দশমবুলি কোৱা হয়৷ কৃষ্ণৰ ল’ৰালি কালৰ বিভিন্ন কাহিনী আৰু ঘটনা এই অংশটোতবৰ্ণিত হৈছে৷মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰু উত্তৰাকাণ্ড দুয়োটানোহোৱা হোৱাত গুৰুজনাই নিজে উত্তৰা কাণ্ড ৰচনা কৰে আৰু প্ৰধান শিষ্যমাধৱদেৱক আদি কাণ্ড ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে৷
• অংকীয়ানাটঃশংকৰদেৱৰ প্ৰধান সৃষ্টিকাৰ্যসমূহৰ ভিতৰত এক নব্য নাট্য শৈলী সৃষ্টিয়েই হ’লআটাইতকৈ উল্লেখযোগ্য৷ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে সৰিয়হ তলি চিকুণাইনামঘৰ পাতি তাতে চিহ্নযাত্ৰা অভিনয় কৰি শংকৰদেৱে এই পৰম্পৰাৰ পাতনি মেলে৷ ‘চিহ্নযাত্ৰা’ নাটখন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই৷ এটা কথা ঠিক যে পূৰ্বতেঅসমত বিভিন্ন লোকনাট্য পৰম্পৰা চলি আছিল যদিও সেইবোৰৰ সংস্কাৰ সাধন কৰিসৃষ্টি কৰা কোনো ধৰণৰ নাট্য পৰম্পৰাৰ প্ৰচলন নাছিল৷ শংকৰদেৱ হ’ল ইয়াৰ প্ৰথমসংস্কাৰক, সেয়ে তেৰাক অসমীয়া নাটকৰ জনক বোলা হয়৷ ব্ৰজাৱলী ভাষাত ৰচনা কৰাতেওঁৰ নাটকসমূহ হ’ল ক্রমে পত্নী প্ৰসাদ, কালিদমন, কেলিগোপাল, ৰুক্মীণিহৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়৷
• গীতঃশংকৰদেৱে ৰচনাকৰা গীতসমূহক মূলতঃ তিনিটা প্ৰধান ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি৷ যথাবৰগীত, ভটিমা, টোটয় আৰু চপয়৷’বৰগীত’ মহাপুৰুষজনাৰ অন্যতম অভিনৱ সৃষ্টি৷ এইনামকৰণটি মহাপুৰুষজনাই কৰা নাই যদিও পৰৱৰ্তীকালত বৈষ্ণৱ ভক্তসকলে আন গীতৰপৰা পৃথক কৰিবলৈ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণী গীতক বৰগীত বুলিআখ্যায়িত কৰে৷ ‘মন মেৰি ৰাম চৰণেহি লাগু’ শিৰোনামৰে বদৰিকাশ্ৰমত ৰচনা কৰা (প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কালত) গীতটোৱেই হ’ল প্ৰথম বৰগীত৷ শংকৰদেৱে বাৰকুৰিবৰগীত ৰচনা কৰিছিল যদিও কমলা বায়ন নামৰ ভকত এজনে আওৰাবলৈ নিওঁতে সেয়াবনপোৰা জুয়ে পুৰিলে৷ তাৰে ৩৪টাহে ভকতৰ মুখত ৰ’ল৷ সেই দুখতে শংকৰদেৱে আৰুবৰগীত ৰচনা নকৰি মাধৱদেৱক ৰচনা কৰিবলৈ আজ্ঞা কৰে৷ বৰগীতৰ ভাষা ব্ৰজাৱলী৷ভটিমা মানে স্তুতি বা প্ৰশস্তি৷ ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলকগীতসমূহেই ভটিমা৷ মহাপুৰুষজনাই ‘নাট-ভটিমা’, ‘দেৱ ভটিমা’ আৰু ‘ৰাজ ভটিমা’ বুলি তিনিশ্ৰেণীৰ ভটিমা সৃষ্টি কৰিছিল৷ দেৱতাক স্তুতি কৰা গীতসমূহ দেৱভটিমা, ৰজাৰ স্তুতি কৰা ভটিমাসমূহ ৰাজ ভটিমা আৰু নাটবোৰ কাহিনীৰ স্বাৰ্থতকাৰোবাৰ স্তুতি বা প্ৰশস্তিত গোৱা গীতসমূহ নাট ভটিমা৷ উল্লেখযোগ্য যেপৰৱৰ্তী সময়ত মাধৱদেৱে শংকৰদেৱক স্তুতি কৰাৰ নিমিত্তে ‘গুৰু ভটিমা’ সংযোগকৰি চতুৰ্থটো ভটিমাৰ সৃষ্টি কৰে৷ ‘টোটয়’ পদটো সংস্কৃত ‘টোটক’ পদৰ পৰাআহিছে৷ ই এবিধ সংস্কৃত ছন্দ বিশেষ৷ নৰনাৰায়ণৰ ৰাজসভাত থাকোঁতে বিষ্ণুৰমহিমা প্ৰকাশক এক শ্ৰেণীৰ শ্লোক লিখিছিল শংকৰদেৱে আৰু সেয়াই টোটক৷উদাহৰণস্বৰূপে ‘মধু-দানৱ-দাৰণ দেৱ বৰম্‌’ শ্লোকটিৰ কথা ক’ব পাৰি৷ আনহাতে ‘চপয়’ ছন্দত ৰচিত স্তৱ বা গুণানুকীৰ্তনমূলক গীতবোৰেই চপয়৷
• নামপ্ৰসংগমূলকগ্ৰন্থঃএক শৰণ নাম ধৰ্মৰ চাৰি পুথিৰ অন্যতম ‘কীৰ্তন’খন হ’ল শংকৰদেৱৰ এখনউল্লেখযোগ্য পুথি৷ কীৰ্তনত মুঠতে ২৭টা স্বয়ংসম্পূৰ্ণ কাহিনী সন্নিৱিষ্ট হৈআছে৷ শংকৰদেৱৰ তিৰোভাৱৰ পিছত মাধৱদেৱৰ আজ্ঞা মতে ভাগিন ৰামচৰণে বিভিন্নখণ্ড সংগ্ৰহ কৰি একগোট কৰি সংকলিত কৰে৷ নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্তনৰগুৰুত্ব সৰ্বাধিক বুলি শংকৰদেৱে বিবেচনা কৰে৷ সেয়ে এই দুয়োটা দিশৰ অভাৱপূৰণ কৰিবৰ বাবেই তেওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত এই খণ্ডসমূহ লিপিবদ্ধকৰিছিল৷ভগৱন্তৰ নাম বা লীলামালাক আবৃত্তি কৰাকে কীৰ্তন আৰু শুনাকে শ্ৰৱণকৰা বুলি কোৱা হয়৷ইয়াত ভজনীয় ঈশ্বৰৰ স্বৰূপ নিৰ্ণীত হৈছে৷
• এইগ্ৰন্থখনৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এষাৰ মন্তব্য কৰিছিল— ‘‘ভাষাৰ লালিত্য, ছন্দৰ ঝংকাৰ, সুৰৰ লাৱণ্য, ভাবৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰউচ্চতা আদিৰ সমষ্টিৰে শংকৰদেৱৰ কীৰ্ত্তন ৰচিত৷’’ ইয়াৰ পৰাই অনুধাৱন কৰিবপাৰি গ্ৰন্থখনৰ সুদূৰ প্ৰসাৰী ভূমিকাৰ কথা, কালজয়ী ভাবটিৰ কথা৷ উল্লেখযোগ্যযে বৰ্তমান প্ৰচলিত কীৰ্তন পুথিখনত মাধৱদেৱৰ ভণিতাযুক্ত ‘ধ্যানবৰ্ণন’, ৰত্নাকৰ কন্দলিৰ ‘সহস্ৰ নাম বৃত্তান্ত’ আৰু শ্ৰীধৰ কন্দলিৰ ‘ঘুনুচাকীৰ্তনো’ সন্নিৱিষ্ট হৈ আছে৷
• মাত্ৰ ৩৭৭ টা পদৰ সমষ্টি, ছয় আখৰীয়াকুসুমমালা ছন্দেৰে ৰচিত গুণমালা এখন উল্লেখযোগ্য গ্ৰন্থ৷ ব্যক্তিগতভাৱে বাঅকলশৰীয়াকৈ ঈশ্বৰৰ লীলা স্মৰণ কৰাৰ বাবে এইখন পুথি ৰচিত৷ নৰনাৰায়ণৰ ৰাজসভাততেওঁ পণ্ডিতসকলক হাতী মাৰি ভুৰুকাত ভৰাবলৈ কোৱাত শংকৰদেৱে সমস্ত ভাগৱতপুৰণাখনৰ কথাবস্তু এই কেইটামান পদত প্ৰতীকাত্মকভাৱে ভুৰুকাত ভৰাই তুলিদিছিল৷ গুণমালাখনত ৬টা খণ্ডত বিষয়বস্তু বিভাজন কৰি থোৱা হৈছে৷
২.৪.২ মাধৱদেৱ

মহাপুৰুষশংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ খ্ৰীঃত বৰ্তমানৰ উত্তৰলখিমপুৰৰ নাৰায়ণপুৰত৷ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা৷গোবিন্দগিৰিৰ আন এটি জনাজাত নাম আছিল লামকনা৷ জীৱিকাৰ সন্ধানতগোবিন্দগিৰিয়ে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হৈছিল৷ এনে দৰে ঘূৰি ঘূৰি আৰ্থিকদুৰৱস্থাৰ হেতু হাবুং নামৰ ঠাইলৈ আহি তাতে ঘাঘৰ মাজি নামৰ এজন লোকৰ আশ্ৰয়তথাকিবলৈ লয়৷ পৰৱৰ্তী কালত তেওঁলোক ভটিয়াই ৰৌতা অঞ্চললৈ আহে৷ ইয়াতেইমাধৱদেৱৰ ভনীয়েক উৰ্বশীক গয়াপাণি ভূঞা (পাছলৈ ৰামদাস বুলি খ্যাত) নামৰ এজনলোকলৈ বিয়া দিয়ে৷ ৰৌতাত কিছু কাল থাকি পিছত গোবিন্দগিৰিয়ে পূৰ্বৰ ঠাইবাণ্ডুকালৈ উভতি যায় আৰু তাতে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱৰ শিক্ষাআৰম্ভ হয়৷ ইতিমধ্যে বাপেক গোবিন্দগিৰিৰ দেহান্তৰ ঘটে৷ ৰাজেন্দ্ৰ অধ্যাপকৰটোলত শিক্ষা গ্ৰহণ কৰি মাধৱদেৱ সৰ্বশাস্ত্ৰ বিশাৰদ হৈ উঠে৷
মাধৱদেৱপ্ৰথমাৱস্থাত শক্তি পন্থাত বিশ্বাসী আছিল আৰু এবাৰ তেওঁ মাকৰ ৰুগ্নাৱস্থাৰপৰা হাত সাৰিবলৈ দুৰ্গা গোসাঁনীৰ আগত এটা পঠা ছাগলী বলি দিবলৈ আগ কৰিথৈছিল৷ এই পঠা ছাগলী বিচাৰিবলৈ ভনী-জোঁৱায়েক ৰামদাসক পাচিছিল যদিও তেওঁছাগলী বিচাৰি নানি শংকৰদেৱৰ ধৰ্মৰ কথা মাধৱক অৱগত কৰে৷ এই ঘটনা সন্দৰ্ভতে১৫২২ খ্ৰীঃত ধুঁৱাহাট-বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে তেওঁ শাস্ত্ৰযুদ্ধতপ্ৰবৃত্ত হয় আৰু পৰিশেষত শংকৰদেৱক গুৰু মানি তেওঁৰ অভয় চৰণত শৰণ লয়৷ এইমিলনক ‘গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয়৷মাধৱদেৱে সকলোক্ষেত্ৰতে, সকলো সময়তে গুৰুৰ পদাংক অনুসৰণ কৰিছিল, ছাঁৰ দৰে গুৰু সেৱাতমনোনিৱেশ কৰিছিল৷ ১৫৬৮ খ্ৰীঃত মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণৰ আগে আগেগুৰুজনাই মাধৱদেৱক ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ ভাৰ অৰ্পণ কৰে৷ গুৰু আজ্ঞা কান্ধপাতি লৈ ধৰ্মবস্তু প্ৰসাৰৰ উদ্দেশ্যে বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া আদিঠাইত থাকি শেষত তেওঁ বৰপেটাত বিখ্যাত ‘বৰপেটা সত্ৰ’ স্থাপন কৰে৷ শংকৰগুৰুজনাৰ দৰে মাধৱদেৱেও বিভিন্ন সময়ত জনৰোষ আৰু ৰাজৰোষৰ বলি হৈছিল, সুখে-সন্তোষে ধৰ্ম প্ৰচাৰত ব্ৰতী হ’ব পৰা নাছিল৷ সেইবাবেই তেওঁ জীৱনৰশেষৰফালে কোচৰজা লক্ষ্মীনাৰায়ণৰ আশ্ৰয়ত কোচবিহাৰলৈ যায় আৰু ভেলা-মধুপুৰসত্ৰত থকা অৱস্থাতেই ১৫৯৬ খ্ৰীঃত ইহলীলা সম্বৰণ কৰে৷গুৰুজনাক আদৰ্শ হিচাপেলৈ মাধৱদেৱেও নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ উচ্চ পৰ্যায়ৰসাহিত্য সৃষ্টি কৰি থৈ গৈছে৷ আলোচনাৰ সুবিধাৰ্থে তেওঁৰ সাহিত্যকৃতিক তলতদিয়া ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি
• আখ্যানমূলকঃৰামায়ণৰ আদিকাণ্ড, ৰাজসূয় কাব্য৷
• তত্ত্বমূলক ৰচনাঃজন্ম ৰহস্য, নামঘোষা, নামমালিকা, ভক্তি ৰত্নাৱলী৷
• নাটঃচোৰধৰা, পিপৰা গুচোৱা বা পিম্পৰা গুচোৱা, দধিমথন, ভূমি লেটোৱা, ভোজনবিহাৰ, ভূষণ-হৰণ বা ব্ৰহ্মামোহন৷
• গীতঃবৰগীত, ভটিমা৷
• আখ্যানমূলক ৰচনাঃমাধৱদেৱেৰচনা কৰা আখ্যানমূলক ৰচনা দুখন৷ ইয়াৰে প্ৰথমখন এখন অনুবাদমূলক ৰচনা৷প্ৰাক্‌-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখনৰ আদি আৰুউত্তৰা কাণ্ডটো বিচাৰি নোপোৱা হেতু শংকৰদেৱৰ নিৰ্দেশ অনুসৰি মাধৱদেৱেৰামায়ণৰ আদিকাণ্ডটো অনুবাদ কৰে৷ উল্লেখযোগ্য যে মাধৱদেৱৰ এই অনুবাদটিসৰ্ম্পূণৰূপে বাল্মীকি ৰামায়ণৰ আদিকাণ্ডৰ আধাৰত ৰচিত হোৱা নাই, কাৰণ ইয়াতমাধৱদেৱে নিজস্ব ধৰণে ৰাম কথা সংযোগ কৰিছে৷ কবিজনাই নিজস্ব মৌলিক প্ৰতিভাৰপ্ৰমাণ দি তদানীন্তন সমাজত মৌখিক পৰম্পৰাত প্ৰচলিত ৰামকথাৰ আধাৰত এইকাণ্ডটি নতুন ধৰণে সজাইছে৷ এই সন্দৰ্ভত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ মন্তব্যস্মৰ্তৱ্য— ‘‘আদিকাণ্ডৰ বহুখিনি কথা আৰু বৰ্ণনা কৃত্তিবাসী ৰামায়ণৰ লগতমিলে, বাল্মীকিত এইবোৰ কথা নাই৷ সম্ভৱতঃ বাণ্ডুকাত থাকোতে কৃত্তিবাসীৰামায়ণৰ লগত মাধৱদেৱৰ পৰিচয় ঘটিছিল, তাৰ প্ৰভাৱ তেওঁৰ আদিকাণ্ডত লক্ষ্য কৰাযায়৷’’ মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ হ’ল দ্বিতীয়খন আখ্যানমূলক ৰচনা৷ তেওঁৰকবিত্বৰ উজ্বল নিদৰ্শনস্বৰূপ এইখন কাব্যৰ বিষয়বস্তু শ্ৰীমদ্ভাগৱত পুৰাণৰঅন্তৰ্গত দশম স্কন্ধৰ ৭০-৭৫ অধ্যায়ৰ পৰা আহৃত৷ ইয়াৰ উপৰি কাব্যখন অধিকমনোগ্ৰাহী কৰি তুলিবলৈ কবিবৰে মাজে মাজে মহাভাৰতৰ সভাপৰ্বৰ বিষয়বস্তুওসংযোজন কৰিছে৷ মাধৱদেৱৰ সূক্ষ্ম আৰু ৰসাল বৰ্ণনা ৰীতিৰ নিদৰ্শন বহন কৰিছেএইখন কাব্যই৷ ইয়াৰ উদাহৰণ হিচাপে আমি কাব্যখনত সন্নিবিষ্ট ‘শ্ৰীকৃষ্ণসমদলে দ্বাৰকাৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ যাত্ৰাৰ বৰ্ণনা’, ‘ভীম-জৰাসন্ধৰথৈয়া-নথৈয়া যুদ্ধ’, ‘পাণ্ডৱৰ যজ্ঞশালাত শিশুপালৰ গৰ্ববাক্য’ আদি বৰ্ণনালৈআঙুলিয়াব পাৰোঁ৷ বিভিন্ন চিত্তচমৎকাৰী আৰু বীৰত্বব্যঞ্জক বৰ্ণনাই কাব্যখনতস্থান লভিছে যদিও কবিৰ মূল আদৰ্শ ভক্তি ৰসৰ প্ৰকাশ আন্তঃসলিলা ফল্গুৰ দৰেগোটেই কাব্যখনতে বিৰাজমান৷
• তত্ত্বমূলক ৰচনাঃমাধৱদেৱেৰচনা কৰা তত্ত্বমূলক ৰচনা চাৰিখিন৷ তাৰে এখন হ’ল ‘জন্মৰহস্য’ ৷ চিলাৰায়ৰপত্নী ৰাণী ভুৱনেশ্বৰীৰ অনুৰোধত মাধৱদেৱৰ ৰচনা কৰা এই সৰু গ্ৰন্থখনত সৃষ্টিআৰু প্ৰলয়ৰ বৰ্ণনাৰে হৰি শ্ৰেষ্ঠত্ব ঘোষণা কৰা হৈছে৷ মাধৱদেৱৰ তত্ত্বপূৰ্ণৰচনাৰ ভিতৰত ‘ভক্তি ৰত্নাৱলী’খনৰ স্থান ভক্ত সমাজত অতি ওপৰত৷ আনকিনৱ-বৈষ্ণৱ পৰম্পৰাৰ চাৰি পুথিৰ ভিতৰত ভক্তি ৰত্নাৱলীও এখন৷ মূল সংস্কৃত ‘ভক্তি ৰত্নাৱলী’খন ৰচনা কৰিছিল বিষুপুৰী সন্ন্যাসীয়ে৷ এইগৰাকী পণ্ডিতেইভক্তি ৰত্নাৱলীৰ ‘কান্তিমালা’ নামৰ এখন টীকাও ৰচনা কৰিছিল৷ এই দুখন গ্ৰন্থৰআধাৰত মহপুৰুষ মাধৱদেৱে ‘পদবন্ধে’ ভক্তি ৰত্নাৱলীখন অনুবাদ কৰে৷নৱবিধাভক্তি আৰু সৎসংগৰ মাহাত্ম্য বৰ্ণনা কৰা এই পুথিখন নান্দনিক দিশৰ পৰাবিশেষ তাৎপৰ্যপূৰ্ণ নহয় যদিও তাত্ত্বিক দিশৰ পৰা অসমীয়া বৈষ্ণৱ পৰম্পৰাতবিশেষ তাৎপৰ্য বহন কৰিছে৷মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হিচাপে পৰিচিত পুথিখন হ’ল ‘নামঘোষা’৷ নামঘোষা প্ৰায় এহেজাৰ পদৰ সমষ্টি আৰু সেইবাবে এই গ্ৰন্থৰ আনএটা নাম ‘হেজাৰী ঘোষা’৷ এই গ্ৰন্থখনৰ প্ৰায় ছশমান পদ বিভিন্ন সংস্কৃতশ্লোকৰ অনুবাদ আৰু বাকী চাৰিশ মাধৱদেৱৰ স্বকীয় সৃষ্টি৷ উল্লেখ্য যে বিভিন্নপুৰাণৰ পৰা অনূদিত বিষয়খিনি তেওঁ এনেদৰে আত্মভূত কৰি পেলাইছিল যে তাতঅনুবাদৰ ক্লিষ্টতা মুঠেই অনুভৱ কৰা নাযায়৷ আনহাতে মাধৱদেৱ আছিল এগৰাকীসুপণ্ডিত, সুগায়ক আৰু সুকবি৷ এই তিনিওটা গুণৰ সমাৱেশ ঘটিছে তেওঁৰআধ্যাত্মিক জীৱনৰ ছন্দোময় প্ৰকাশ নামঘোষাত৷ নামঘোষাখন মাধৱদেৱৰ ‘মহাপ্ৰস্থানিক গীত’ হিচাপেও বাণীকান্ত কাকতিয়ে আখ্যা দিছে৷ জীৱনৰ শেহৰফালে কোচবিহাৰত থকা সময়ছোৱাতে প্ৰণয়ন কৰা নামঘোষাখনত বাণীকান্ত কাকতিয়েতিনিটা ভাবৰ ধাৰা মিহলি হৈ আছে বুলি কৈছে, যথা (ক) পুণ্যশ্লোক শঙ্কৰৰস্মৃতি (খ) মাধৱদেৱৰ আত্মলঘিমা আৰু (গ) কৃষ্ণ ভক্তি মাহাত্ম্য৷ অৱশ্যে এইত্ৰিধাৰাৰো মূল উৎস এটাইসেইটো হৈছে মাধৱদেৱৰ ৰসময়ী ভক্তিৰ গভীৰআবেগ৷সত্যেন্দ্ৰনাথ শৰ্মাই বিষয়বস্তু অনুসৰি নামঘোষাখনক তিনিটা খণ্ডত ভাগকৰিছে৷ সেই কেইটা হ’ল প্ৰথম খণ্ডত নামধৰ্মৰ বৈশিষ্ট্যপূৰ্ণ মতবা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক