অসমীয়া সাহিত্যৰ বুৰঞ্জী:তৃতীয় অধ্যায়( -মৃণালজ্যোতি গোস্বামী )


পাঁচালী সাহিত্য

৩.১ পাঁচালীসাহিত্য
নৱ-বৈষ্ণৱযুগত আত্মপ্ৰকাশ কৰিলেও বৈষ্ণৱ সাহিত্যৰাজিৰ বিষয়বস্তু, ৰচনাশৈলী, ৰূপ, গঠন আৰু আদৰ্শগত পাৰ্থক্য বজাই ৰাখি এক শ্ৰেণীৰ নতুন সাহিত্যৰ সৃষ্টিহৈছিল৷ সেই শ্ৰেণীৰ সাহিত্যকে সমালোচক, সাহিত্যৰ ইতিহাসকাৰসকলে পাঁচালী বাপাঞ্চালী সাহিত্য বুলি অভিহিত কৰিছে আৰু তেনে সাহিত্য সৃষ্টি কৰা কবিসকলকপাঁচালী কবি বুলি কোৱা হয়৷ মূলতঃ লৌকিকতাক প্ৰাধান্য দি ওজাপালিৰ উদ্দেশ্যেএই শ্ৰেণীৰ সাহিত্যৰাজি ৰচনা কৰা হৈছিল৷ এই শ্ৰেণী সাহিত্যত বৈষ্ণৱ কবিৰদৰে ভক্তিৰ প্ৰতি এঢলীয়া টান নাই৷ জগতখনৰ প্ৰতি বিৰক্তি বা উদাস ভাবো পোষণকৰা দেখা নাযায়৷ ভাষাও কথিত ভাষাৰ বেছি ওচৰ চপা৷ কাব্যসমূহৰ চৰিত্ৰবোৰলৌকিক মানুহৰ দৰে মানৱীয় দুখ-সুখ, আবেগ-অনুভূতি, দুৰ্বলতা আদিৰে সিক্ত৷দুৰ্গাবৰ, পীতাম্বৰ, মনকৰ, সুকবি নাৰায়ণদেৱ আৰু ষষ্ঠীবৰ হ’ল এই ভাগটিৰপ্ৰখ্যাত কবি৷ এওঁলোকৰ কাব্যকৃতিৰ বিষয়ে বহলাই আলোচনা কৰাৰ আগতে পাঁচালী বাপাঞ্চালী সাহিত্য মানে কি সেই বিষয়ে আলোচনা কৰা হওক৷
পাঁচালী মানে কি এই সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন সময়ত ভিন্‌ ভিন্‌ মতআগবঢ়াইছে৷ তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল—
• সংস্কৃত ‘পাঞ্চালিকা’ শব্দৰ পৰা পাঁচালী বা পাঞ্চালী শব্দটো নিষ্পন্ন হৈছে৷পাঞ্চালিকা মানে পুতলা আৰু পুতলা নাচ যুক্ত গীতেই হ’ল পাঁচালী৷ পূৰ্বতেপুতলা নাচৰ সৈতে নৃত্য-গীত-অভিনয় কৰাকে পাঞ্চালিকা বিহাৰ বুলি কোৱা হৈছিল৷পৰৱৰ্তীকালত পুৰণি গুজৰাট, ৰাজস্থানকে ধৰি বংগ অসমত ই প্ৰাচীন আখ্যায়িকাৰসৈতে যুক্ত হয়৷ লোকসমাজত এইবিধ পৰিৱেশ্য কলাৰ সমাদৰ আজিও বিৰাজমান৷ ‘কালিকাপুৰাণ’ত চণ্ডিকাক উপাসনা কৰাৰ প্ৰসংগত পূষ্যা নক্ষত্ৰা যুক্তা তৃতীয়াতিথিত পাঞ্চালিকা বিহাৰ আৰু শিশু কৌতুক কৰাৰ বিধান আছে৷ মহেশ্বৰ নেওগে ‘পাঞ্চালিকা বিহাৰ’ শব্দটোত পুতলা নাচ অথবা ‘পাঁচালী গীত’ৰ আবৃত্তিকে ইংগিতকৰে বুলি মন্তব্য কৰিছে৷ ঠিক সেইদৰে বংগদেশত ৰচিত ‘বৃহদ্ধৰ্ম পুৰাণ’ (চতুদৰ্শ-পঞ্চদশ শতিকা)তো প্ৰাচীন পাঞ্চালী নাট-গীতৰ আভাস আছে৷ ইয়াৰ পৰাইধাৰণা কৰিব পাৰি যে অতি পুৰণি কালৰে পৰাই পাঞ্চালী বা পাঁচালী গীতৰ পৰম্পৰাএটা প্ৰচলন হৈ আহিছে৷
• ‘নাট্যশাস্ত্ৰ’তো বিভিন্ন নাট্য প্ৰবৃত্তিৰআলোচনাৰ প্ৰসংগত পাঞ্চালী প্ৰবৃত্তিৰ নাম উল্লেখ কৰি নৃত্য-গীত আৰু খোজৰআধিক্য থকাৰ কথা উনুকিওৱা হৈছে৷
• পাঞ্চাল বা কনৌজ দেশত প্ৰচলিতনৃত্য-গীত বিশিষ্ট যি গীত শৈলী বঙ্গদেশলৈ আহি প্ৰতিপত্তি লাভ কৰে তাকেপাঁচালী বুলি ‘দশৰথি ও তাহাৰ পাঞ্চালী’ৰ ভূমিকাত হৰিপদ চক্রৱৰ্তীয়ে মন্তব্যকৰিছে৷
• এসময়ত কোনো পুৰা কথা আবৃত্তি কৰাৰ প্ৰসংগত দৃশ্য-শ্ৰব্যউভয় দিশৰ দাবী পূৰণ কৰাৰ স্বাৰ্থতে পুতলা নাচৰ দৰে অনুষ্ঠেয় কলাৰ সংযোগঘটে৷ অৰ্থাৎ পুতলা নাচৰ দৰে পৰিৱেশ্য কলাক ধৰ্মীয় কৃত্যত দৃশ্য-শ্ৰাৱ্য দিশসম্পাদন কৰিবলৈ সংযোগ কৰা হয়৷ এই নব্য ৰূপ প্ৰদান কৰিবলৈ চেষ্টা কৰাৰফলতেই ই ‘পুতলা নাচ’ৰ পৰা ‘পাঞ্চালিকা বিহাৰ’লৈ ৰূপান্তৰিত হয়৷ কালক্রমতইয়াৰ লগত জড়িত অৰ্থাৎ পাঞ্চালিকা বিহাৰৰ লগত জড়িত পুৰা কথাই পাঞ্চালী বাপাঁচালী গীত ৰূপে কল্প সলায়৷ এনে পৰম্পৰাৰে সুযোগ্য বাহক আৰু ধাৰক হিচাপেঅসমৰ ‘ওজাপালি’ অনুষ্ঠানক নবীনচন্দ্ৰ শৰ্মাই চিহ্নিত কৰিছে৷ তেওঁ মন্তব্যকৰিছে যে মনসা পূজাৰ লগত জড়িত ওজাপালি অনুষ্ঠানত কাহিনীৰ বিষয়বস্তুৰ লগতসংগতি ৰাখি নৃত্য আৰু অভিনয় প্ৰদৰ্শন কৰা হয় আৰু ইয়ে পাঞ্চালী বা পাঁচালীপৰম্পৰা ৰূপে পৰিগণিত হয়৷ এইফালৰ পৰা চাবলৈ গ’লে দেৱ-দেৱীৰ মহিমা প্ৰকাশকপ্ৰাচীন কাহিনী বা পুৰা কথাই পাঞ্চালী বা পাঁচালী গীত ৰূপে আত্মপ্ৰকাশ কৰেবুলি ক’ব পাৰি৷
• কোনো কোনো পণ্ডিতৰ মতে পঞ্চ অংগযুক্ত সংগীত শৈলীয়েইপাঞ্চালী বা পাঁচালী৷ সংগীতৰ পঞ্চ অংগ হ’ল গান, সাজপাৰ, গীতৰ দ্বৈতঅনুশীলন, গীত ৰচনা-ৰীতি আৰু নৃত্য৷ ওজাপালি অনুষ্ঠানতো এই পাঁচটা অংগবিৰাজমান৷ আনহাতে ওজাপালি অনুষ্ঠানত পাঁচজন গায়ক-বাদক থাকে বাবেও পাঞ্চালীবা পাঁচালী হ’ব পাৰে বুলি বহুতে মত আগবঢ়ায়৷ তদুপৰি ওজাপালিৰ গীতত দিহা বাধুৰা, ৰাগ, পদ, বানা আৰু ভণিতা এই পাঁচ অংগ থাকে বাবেও পাঞ্চালী বা পাঁচালীবুলি কোৱা হয় বুলিও এচামে মন্তব্য কৰে৷
• গৌড়ীয় বৈষ্ণৱ সংগীত-শাস্ত্ৰকাৰ নৰহৰি চক্রৱৰ্তীয়ে অতি বিস্তীৰ্ণ ধ্ৰুবাপদ বা ধ্ৰুবাৰহিত পদযুক্ত গানক পাঁচালী বুলি অভিহিত কৰিছে৷
• কোনোকোনো পণ্ডিতৰ মতে পাঁচালী হ’ল একধৰণৰ গীত বা সুৰ৷ এই সুৰত গোৱা গীতেইপাঁচালী৷ আনহাতে পয়াৰ ছন্দকো বহুতে পাঁচালী বুলি ক’ব খোজে, অৱশ্যে এয়াআধুনিক স্বৰাবৃত্ত পয়াৰ নহয়৷
• ড০ সত্যেন্দ্ৰনাথ শৰ্মাই ”পাঁচালিকাব্যত সম্ভৱতঃ প্ৰথম স্তৰত গীতৰ মাধ্যমেদিয়েই ওজাই কাহিনী ৰূপায়ণ কৰিছিলআৰু তাকে কৰোঁতে বহু সময়ত ব্যাখ্যা প্ৰসঙ্গত কথা বহলাই বৰ্ণনা কৰিব লগাহৈছিল৷ গীতবোৰৰ মাজত থকা সুৰঙাখিনি পূৰাবৰ কাৰণে ওজাই বৰ্ণনাত্মক পদ সংযোগকৰি যোৱা ৰীতি, ক্রমে প্ৰৱৰ্তন কৰে৷ ফলত প্ৰত্যেক গীতৰ পাছত কিছুবৰ্ণনাত্মক পদ অন্তৰ্ভুক্ত কৰি পাঁচালি কাব্য ৰীতিত এইদৰেই প্ৰবৰ্তন কৰে” বুলি মত আগবঢ়াইছে৷
এই আলোচনাৰ পৰা এটা এটা কথাস্পষ্টৰূপে প্ৰতিভাত হৈছে যে পাঁচালী বা পাঞ্চালী এক প্ৰকাৰৰ সাংগীতিকশৈলী৷ এই বিষয়ে পাঁচালী কবি ৰূপে পৰিচিত সাহিত্যিকসকলৰ ৰচনাতো এনেদৰে পোৱাযায়—
সুকবি নাৰায়ণ দেৱৰ সৰল পাঞ্চালী৷
পয়াৰ প্ৰবন্ধে বুলি একয় লাচাৰি৷৷(নাৰায়ণদেৱ)
ঠিক সেইদৰে দুৰ্গাবৰে কৈছে—
পেহুলাইৰ পাঞ্চালি এহিমানে সমাপতি৷
বিষহৰিক বন্দি দূৰ্গাবৰে নিগতি৷৷
পীতাম্বৰে লিখিছে—
মোৰ দোষ মৰসিয়ো সভাসদ লোক৷
ৰচিবো পাঞ্চালি তাতে জত দোষ থাকে৷৷
মনকৰ, দুৰ্গাবৰ আৰু সুকবি নাৰায়ণদেৱ আদি প্ৰসিদ্ধ পাঁচালী কবিয়ে এনেদৰেতেওঁলোকৰ ৰচনাৰ উল্লেখ কৰাৰ পৰা অনুমান কৰিব পাৰি যে খ্ৰীঃ ১৫শ ১৬শ শতিকাতএই পাঁচালী সংগীত পৰম্পৰাই লিখিত ৰূপ লাভ কৰে আৰু পাঁচালী সাহিত্যৰূপেচিহ্নিত হয়৷ প্ৰসংগক্রমে উল্লেখ্য যে বৈষ্ণৱ কবিকূলে এই শ্ৰেণীৰসাহিত্যৰাজিক বৰ উদাৰ দৃষ্টিৰে চোৱা নাছিল৷ লৌকিকতাক অধিক গুৰুত্ব দিয়াৰবাবে শংকৰদেৱে পীতাম্বৰ কবিৰ পদ শুনি ‘তামসিক কবি’ বুলিও মন্তব্য কৰিছিল৷তথাপিও প্ৰণিধানযোগ্য যে ক’ব নোৱাৰাকৈ হ’লেও ইয়াৰ প্ৰভাৱ বৈষ্ণৱ সত্ৰসমূহতপৰিছিল৷ আউনীআটী সত্ৰত প্ৰচলিত ‘পাঞ্চালী ওজাপালি’ বা ‘পাঞ্চালী গায়ন-বায়ন’ ইয়াৰ এক প্ৰকৃষ্ট নিদৰ্শন৷বিষয়বস্তুৰ আধাৰত অসমীয়া পাঁচালী সাহিত্যক ড০নবীন চন্দ্ৰ শৰ্মাই তিনিটা শ্ৰেণীত বিভাজন কৰিছে৷ সেই কেইটা হ’ল
• মহাকাব্যীয় পাঁচালী
• মনসা বা বিষহৰী বিষয়ক পাঁচালী আৰু
• বিবিধ বিষয়ক পাঁচালী
যিবোৰ পাঁচালী সাহিত্যৰ আধাৰ গ্ৰন্থ মহাভাৰত, ৰামায়ণ বা এনে পুৰাণ তেনেপাঁচালীসমূহক মহাকাব্যীয় পাঁচালী বুলি আখ্যা দিয়া হয়৷ উদাহৰণ— পীতাম্বৰদ্বিজৰ ‘ঊষা পৰিণয়’, দুৰ্গাবৰৰ ‘গীতি ৰামায়ণ’ ইত্যাদি৷ বিষ্ণু বা কৃষ্ণকথা-বৃত্তৰ লগত জড়িত গীত-পদ আদিক কলাত্মক ৰূপ প্ৰদান কৰাই হ’ল মহাকাব্যীয়পাঁচালীৰ মূল উদ্দেশ্য৷ অৱশ্যে শাক্ত ভাবাপন্ন গীতপদ কোনো কোনো প্ৰসংগতআবৃত্তি কৰাৰ প্ৰৱণতাও এই শ্ৰেণীৰ ওজাপালিত দেখা যায়৷ কিন্তু এইবোৰঅৰ্বাচীন বুলি নবীন চন্দ্ৰ শৰ্মাই মন্তব্য কৰিছে৷
মনসাদেৱীৰ গুণানুকীৰ্তন কৰা পাঁচালী সাহিত্যৰাজিকে মনসা বা বিষহৰী বিষয়কপাঁচালী সাহিত্য বোলা হয়৷ মনকৰ তথা দুৰ্গাবৰৰ ‘মনসা কাব্য’, সুকবিনাৰায়ণদেৱৰ ‘পদ্মাপুৰাণ’ আৰু ষষ্ঠীবৰৰ ‘মনসা পুৰাণ’ এই শ্ৰেণীৰ পাঁচালীসাহিত্যৰ উদাহৰণ৷ মনসা শাখাৰ পাঁচালী গীতত সৰ্পৰ অধিষ্ঠাত্ৰী দেৱী মনসাকঅৰ্চনা কৰা হয়৷ মনসাৰ বিশেষণ আৰু শক্তিলৈ লক্ষ্য ৰাখি এওঁৰ অভিব্যক্তিতআৰ্য-অনাৰ্য, বৈদিক-অবৈদিক, হিন্দু-বৌদ্ধ-জৈন আদি ধৰ্মীয় পৰম্পৰাৰ সংস্কৃতিআৰু বিশ্বাসৰ সংমিশ্ৰণ ঘটিছে বুলি ভাবিবৰ থল আছে৷ উল্লেখ্য যে, ব্ৰহ্ম-বৈৱৰ্ত পুৰাণৰ বাদে আন সংস্কৃত পুৰাণসমূহত মনসাৰ মাহাত্ম্য বৰ্ণনাকৰা দেখা নাযায়৷ অসমতো মনসা পূজা কেতিয়াৰ পৰা প্ৰচলন আছিল কোৱা টান৷খ্ৰীষ্টিয় একাদশ শতিকা মানত হাতীৰ ওপৰত অধিষ্ঠিত ‘নাগেন্দ্ৰ বাহিনী মনসা’ৰমূৰ্তি নুমলীগড় অঞ্চলত উদ্ধাৰ হৈছে৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অতিপ্ৰাচীনকালৰ পৰাই অসমত মনসা পূজাৰ প্ৰচলন আছিল৷ অৱশ্যে খ্ৰীষ্টিয় ত্ৰয়োদশশতিকাৰ মানৰ পৰাই ব্ৰাহ্মণ্য ধৰ্মপূজাৰ পদ্ধতিত মনসাদেৱীৰ পূজাৰ প্ৰচলন হয়৷ইয়াৰ অনুষংগতে মনসাৰ মাহাত্ম্যাজ্ঞাপক গীত-পদ (পোঞাৰ পাঁচালী) ওজাপালিয়েপৰিৱেশন কৰে৷ ইয়াৰ লগতে দেওধানী উঠাৰ পৰম্পৰা এটিও গা কৰি উঠে৷ উল্লেখযোগ্যযে, মনসা পূজাৰ উপলক্ষে গোৱা পাঁচালী গীত-পদক দুটা ভাগত ভাগ কৰিব পাৰি৷যথা— মনসা বা পদ্মাৰ জন্ম বৃত্তান্ত আৰু বেউলা আখ্যান৷
এই দুয়োটা শ্ৰেণীবিভাজনৰ পৰিধিয়ে সামৰিব নোৱাৰা পাঁচালী সাহিত্যৰাজিকেবিবিধ বিষয়ক পাঁচালী বুলি নবীনচন্দ্ৰ শৰ্মাই চিহ্নিত কৰিছে৷ এই শ্ৰেণীৰপাঁচালীৰ বিষয়বস্তু বিবিধ উৎসৰ পৰা সংগৃহীত৷ বিশ্বেশ্বৰ দ্বিজৰ নামতপ্ৰচলিত ‘শ্ৰীশ্ৰী সত্য নাৰায়ণ পাঁচালী’, জয়ৰাম দাসৰ ‘শ্ৰীশ্ৰী শীতলাপাঁচালী’, অজ্ঞাত কবিৰ ‘শ্ৰীশ্ৰী লক্ষ্মীচৰিত পাঁচালী’, ‘শ্ৰীশ্ৰী শনিদেৱৰপাঁচালী’, ‘ত্ৰিনাথ পাঁচালী’ আৰু দীন দ্বিজবৰৰ ‘মাধৱ সুলোচনা’ আদি এইশ্ৰেণীৰ অন্তৰ্গত৷ দীন দ্বিজবৰৰ কাব্যখনত পাঁচালী নামতো যুক্ত হৈ থকা নাইযদিও কবিজনাই নিজেই উল্লেখ কৰিছে
মালিনী কহিলা মাধৱৰ ৰূপ গুণ৷
দ্বিজবৰে ৰচিলা পাঞ্চালী সবে শুন৷৷
ইয়াৰ পৰাই এই কাব্যখনো যে পাঁচালী সংগীতৰ শৈলীতে ৰচনা কৰা হৈছিল সেই বিষয়ে ধাৰণা কৰিব পাৰি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক