অসমীয়া সাহিত্যৰ বুৰঞ্জী:চতুৰ্থ অধ্যায়( -মৃণালজ্যোতি গোস্বামী )

.৩ পাঁচালী কবিসকল

উল্লেখযোগ্য পাঁচালী কবিসকল হ’ল— পীতাম্বৰ দ্বিজ, মনকৰ, সুকবি নাৰায়ণদেৱ, দুৰ্গাবৰ আৰু ষষ্ঠীবৰ৷ এই কাব্য পৰম্পৰাৰ প্ৰখ্যাত কবিকেইজনৰ জীৱন আৰু কৃতিৰ বিষয়ে অলপ চমুৱাই আলোচনা দাঙি ধৰা হ’ল৷

.. দুৰ্গাবৰ কায়স্থঃ

মহাকাব্যীয় আৰু মনসা-বিষহৰী এই দুয়োটা শ্ৰেণীৰে পাঁচালী পৰম্পৰাৰ কথাবৃত্তক লিখিত ৰূপ প্ৰদান কৰা দুৰ্গাবৰ কায়স্থৰ আত্ম্পৰিচয় বৰ বিশেষভাৱে পোৱা নাযায়৷ এওঁ লিখা ৰামায়ণখনতো কোনো আত্ম্পৰিচয়মূলক কথা পোৱা নাযায়৷ পদ্মাপুৰাণতো যৎকিঞ্চিতহে ব্যক্ত হৈছে-

কায়স্থ শ্ৰীচন্দ্ৰধৰ      আন পুত্ৰ দুৰ্গাবৰ

বিৰচিলা গীত বিতোপন

দুৰ্গাবৰে অৱশ্যে একাধিক স্থানত বাহুবল শিকদাৰ নামৰ এগৰাকী ব্যক্তিৰ কথাও উল্লেখ কৰিছে-

বাহুবল শিকদাৰ গন্ধৰ্ব যে অৱতাৰ৷

কবি দুৰ্গাবৰে গীত কৰিলা প্ৰচাৰ৷৷

নাইবা

বাহুবল শিকদাৰ যে পোৱা সুপ্ৰসন্নে৷

চিৰঞ্জীৱ হোক কবি দুৰ্গাবৰে ভণে৷৷

এনে ভণিতাৰ পৰা দুৰ্গাবৰে কায়স্থ কূলত জন্ম লাভ কৰিছিল বুলি গম পোৱাৰ লগতে তেওঁৰ পিতাকৰ নাম শ্ৰীচন্দ্ৰধৰ কায়স্থ বুলি ধাৰণা কৰিব পাৰি৷ তদুপৰি তেওঁ বাহুবল শিকদাৰ নামৰ এগৰাকী বিষয়াৰ পৃষ্ঠপোষকতাত পদ্মাৰ গীত প্ৰচাৰ কৰাৰ কথা এই ভণিতাসমূহে আমাক জনায়৷ এওঁ নীলগিৰি পাহাৰৰ নীলাচল গ্ৰামত থাকি পদ্মাপুৰাণৰ গীত ৰচনা কৰিছিল৷উল্লেখযোগ্য যে কবিজনায়ো মনসা বিষয়ক পুথিখনক ‘কাব্য’ আখ্যা দিয়াৰ বিপৰীতে ‘গীত’ বুলিহে আখ্যা দিছে৷ যথা- ‘কবি দুৰ্গাবৰে গীত কৰিলা বাখ্যান৷’ বা ‘কবি দুৰ্গাবৰ গীত অমূল৷’ পদ্মাপুৰাণত দুৰ্গাবৰে কমতাৰাজ বিশ্বসিংহৰ বন্দনা কৰিছে-

কমতা ঈশ্বৰে ৰাজা বন্দো বিশ্বসিংহ নপৃবৰ৷

আঠচল্লিশ মহিষী বন্দো ওঠৰ কোঁৱৰ৷৷

পিতৃ-মাতৃক বন্দো সহসেক বাৰ৷

গুৰুৰ চৰণ বন্দিবো শতবাৰ৷৷

এনেদৰে কৰা বন্দনাৰ পৰা অনুমান কৰিব পাৰি যে এইজনা কবিৰ সময়সীমা বিশ্বসিংহৰ সমসাময়িক আছিল৷ বুৰঞ্জীবিদসকলে বিশ্বসিংহৰ সময়সীমা ষোড়শ শতিকাৰ প্ৰথমাৰ্ধত স্থাপন কৰিছে৷ সেই ফালৰ পৰা দুৰ্গাবৰকো ষোড়শ শতিকাৰ প্ৰথমাৰ্ধত স্থাপন কৰিব পাৰি৷

বৰ্তমানলৈকে কবিজনাই ৰচনা কৰা দুখন পুথিৰ সম্ভেদ পোৱা গৈছে৷ যথা-‘পদ্মাপুৰাণ’ বা ‘পোঞাৰ পাঁচালী’ আৰু ‘ৰামায়ণ’৷ এই দুয়োখন পুথিয়েই হাজো অঞ্চলৰ পৰা উদ্ধাৰ হোৱালৈ চাই কবিজনাৰ জন্মস্থান হাজো অঞ্চল আছিল বুলিয়েই ‘গীতি ৰামায়ণ’ৰ প্ৰথম গৰাকী সম্পাদক বিষয়চন্দ্ৰ বিশ্বাসীয়ে মত পোষণ কৰে৷ বিষয়বস্তু, ৰচনাশৈলী, সাংগীতিক বৈশিষ্ট্য আৰু ভাব-ভাষাৰ বৈশিষ্ট্যৰ ফালৰ পৰা পদ্মাপুৰাণখন কবিৰ প্ৰথম আৰু ৰামায়ণখন দ্বিতীয় ৰচনা বুলি ঠাৱৰ কৰা হৈছে৷

প্ৰায় তেৰশ পদ বিশিষ্ট আৰু ১৫৫টা গীত সন্নিৱিষ্ট দুৰ্গাবৰৰ পদ্মা পুৰাণখনত সৰ্পৰ অধিস্থাত্ৰী দেৱী পদ্মাৰ মহিমা কীৰ্তন কৰা হৈছে৷ ‘পদুমাইৰ দাস’ দুৰ্গাবৰে প্ৰথমেই পদ্মাৰ চৰণ বন্দনা কৰি মনসা গীত ৰচনা কৰিছে৷ ইয়াৰ লগতে বিভিন্ন দেৱ-দেৱীকো প্ৰণিপাত জনাবলৈ পাহৰা নাই৷ এই কাব্যখনত চান্দো সদাগৰৰ কাহিনী আৰু বেউলাৰ আখ্যান বৰ্ণিত হৈছে৷ চন্দ্ৰধৰ সাউদৰ চম্পাৱতী নগৰৰ বৰ্ণনাৰে মূল কাহিনী আৰম্ভ কৰা এই কাব্যখনত সোনেকাৰ সন্তানহীনতাৰ দুখ, পুত্ৰলাভৰ উপায়, পুত্ৰৰ জন্ম, বিবাহ, সোনেকাৰ পদুমাই পূজাৰ আয়োজন, চান্দোৰ দ্বাৰা পূজা নষ্ট, পদ্মাৰ কোপ আৰু বিৰোধ, চন্দ্ৰধৰৰ ওপৰত পদ্মাৰ প্ৰতিশোধমূলক অত্যাচাৰ, পদ্মাৰ বৰত সোনেকাৰ লখিন্দৰ পুত্ৰ লাভ, বেউলাৰ সৈতে বিবাহ, সর্পদংশন লখিন্দৰৰ মৃত্যু, পতিৰ প্ৰাণ বিচাৰি বেউলাৰ অনিশ্চিত যাত্ৰা, নেতাৰ সহায়ত স্বৰ্গত উপস্থিত, লখিন্দৰৰ প্ৰাণ লাভ, বেউলাৰ চম্পাৱতী নগৰলৈ প্ৰত্যাৱৰ্তন আৰু পদ্মাপূজা কৰিবলৈ চন্দ্ৰধৰৰ সন্মতিৰে কাব্যখন সামৰণি পৰিছে৷

এই কাব্যখনত কাহিনী বৰ্ণনা, চৰিত্ৰৰ সৃষ্টি আৰু তেওঁলোকৰ মানসিক স্থিতিৰ চিত্ৰণ, পৰিৱেশ ৰচনা আৰু উপস্থাপন শৈলীত দুৰ্গাবৰে নিজস্ব মৌলিক প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে৷ ঘৰুৱা চিত্ৰকল্পৰ প্ৰয়োগ, ভাষাৰ প্ৰয়োগ এই কাব্যৰ মূল বৈশিষ্ট্য৷উল্লেখযোগ্য যে দুৰ্গাবৰৰ শৃংগাৰ ৰসৰ বৰ্ণনা বৰ সুৰুচিপূৰ্ণ, কৰুণ ৰসসিক্ত গীতসমূহ মৰ্ম্মস্পৰ্শী আৰু কাব্যখনত সন্নিৱিষ্ট গীতসমূহত ৰাগ-ৰাগিনীৰ উল্লেখে কবিজনাৰ সংগীতৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতাৰ কথা প্ৰমাণ কৰে৷ মূলতঃ ৰামগিৰি, সুহাই, ভাঠিয়ালী আৰু পটমঞ্জৰী ৰাগ-ৰাগিনীৰ প্ৰয়োগ এই কাব্যখনত অধিক৷ কবিজনাই মূল কাহিনী বৰ্ণনা কৰোঁতে বিভিন্ন উপকাহিনী, শাখা-প্ৰশাখাৰে কাব্যখন ভাৰাক্ৰান্ত নকৰি পোনপটীয়াভাৱে মূল কাহিনী ভাগ উপস্থাপন কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে৷ কাব্যখনত ‘মানুহ দেৱত্বলৈ পৰিণত হৈছে আৰু দেৱতা মানুহৰ শাৰীলৈ নামি আহিছে৷’ তদুপৰি সমসাময়িক সমাজ আৰু লোকজীৱনৰ চিত্ৰায়ণে কাব্যখনক লোকমহাকাব্যৰ গাম্ভীৰ্য প্ৰদান কৰিছে৷

দুৰ্গাবৰৰ দ্বিতীয়খন পুথি হ’ল ‘গীতি ৰামায়ণ৷’ উল্লেখযোগ্য যে এই ৰামায়ণখন পাঁঞ্চালী শৈলীত উপস্থাপন কৰা বাবে ‘দুৰ্গাবৰৰ ৰামায়ণ’, ‘দুৰ্গাবৰী’ বা ‘দুৰ্গাবৰী ৰামায়ণ’ ৰূপেহে পৰিচিত৷ পুথিখনৰ প্ৰথম সংকলক-সম্পাদক বিষয়চন্দ্ৰ বিশ্বাসীয়ে ইয়াৰ নাম ‘গীতি ৰামায়ণ’ বুলি উল্লেখ কৰিছে৷ পুথিখনৰ শেষত কবিগৰাকীয়ে ‘দুৰ্গাবৰী সমাপ্তী’ বুলিহে উল্লেখ কৰাৰ পৰা অনুমান কৰিব পাৰি যে পুথিখনৰ প্ৰথম সম্পাদক হাজোৰ বিষয়চন্দ্ৰ বিশ্বাসীয়ে(১৯১৫ খ্ৰীঃ)হে পুথিখনৰ নাম ‘গীতি ৰামায়ণ’বুলি নামাকৰণ কৰিছিল৷ এই সম্পৰ্কে তেওঁ পুথিখনৰ পাতনিতে উল্লেখ কৰা কথাখিনি প্ৰণিধানযোগ্য-‘বর্তমান পুথিখনিৰ নাম দুৰ্গাবৰী৷ দুৰ্গাবৰ নামৰ জনৈক কবিৰ লিখা এই নিমিত্তে এই নামেই সৰ্বসাধাৰণৰ ওচৰত পৰিচিত৷ অন্য পক্ষত ইয়াক গীতি ৰামায়ণহে বুলিব পাৰি যিহেতু ইয়াৰ বৰ্ণিত বিষয়ৰ ৰচনা ৰাগ আৰু পদত৷ এনেকুৱা কাব্য আমাৰ ভাষাত প্ৰায়ে বিৰল৷

পৰৱৰ্তী কালৰ মহেশ্বৰ নেওগেও ১৯৫৪ চনত এই পুথিখন প্ৰথম সংস্কৰণৰ আধাৰত ‘দুৰ্গাৱৰী গীতি ৰামায়ণ’ নামেৰে প্ৰকাশ কৰে৷ ১৯৯২ চনত শশী শৰ্মাইও ‘দুৰ্গাৱৰী ৰামায়ণ’ৰ এটা সংস্কৰণ সম্পাদনা কৰে৷ এই গোটেই কেইটা সংস্কৰণতে প্ৰথম দুটা কাণ্ড (বাল আৰু অযোধ্যা) সংকলিত হোৱা নাছিল; কাৰণ, এই দুয়োটা কাণ্ড তেতিয়ালৈকে বিচাৰি পোৱাই নাছিল৷ কেইবছৰমানৰ পূৰ্বে ১৯৯৪ চনত হাজোৰ তৰুচন্দ্ৰ ভাগৱতীৰ পৰা পুথিখনৰ ‘অযোধ্যা’ কাণ্ডটি সংগ্ৰহ কৰি প্ৰবীন চন্দ্ৰ দাসে এই কাণ্ডটি সংযোজন কৰি ‘দুৰ্গাবৰী ৰামায়ণ’ ৰূপে প্ৰকাশ কৰে৷

দুৰ্গাবৰে মাধৱ কন্দলিৰ ৰামায়ণখনকে আধাৰ হিচাপে লৈ এই গীতি ৰামায়ণখন ৰচনা কৰাৰ বাবে অৰণ্যকাণ্ডটিৰ বাদে বাকীকেইটাত বৰ বেছি মৌলিকত্বৰ পৰিচয় পোৱা নাযায়৷ অৱশ্যে অৰণ্যকাণ্ডটিত কবি প্ৰতিভাৰ চূড়ান্ত স্ফুৰণ ঘটা দেখা গৈছে৷ গোটেই কাব্যখনৰ অধিকাংশ ঠাই আগুৰি আছে এই খণ্ডটিয়ে৷ দুৰ্গাবৰে ইয়াত মূলৰ পৰা আহৰণ কৰা ঘটনাৰ লগতে মৌলিক পৰম্পৰাত প্ৰচলিত ৰামকথাও সংযোগ কৰিছে৷ উদাহৰণস্বৰূপে- সীতাৰ দ্বাৰা দশৰথক বালিৰ পিণ্ডদান, মায়া অযোধ্যাৰ সৃষ্টি আৰু মোট খেলৰ বৰ্ণনা,শূৰ্পণখাৰ প্ৰেমৰ বিষময় পৰিণতি, ৰামৰ বেদনাবিধুৰ অৱস্থা, ৰাৱণ আৰু মন্দোদৰীক সীতাৰ দ্বাৰা পিতৃ-মাতৃ ৰূপে পৰিচয় প্ৰদান, চাকৈচকোৱা আৰু বগুলাৰ অনুকথা, ৰামৰ প্ৰতি তাৰাৰ অভিশাপ আদি কবিৰ স্বকীয় সৃষ্টি আৰু এইবোৰে কবিৰ মৌলিকত্ব আৰু সৃজনী শক্তিৰ পৰিচয় দাঙি ধৰে৷ দুৰ্গাবৰৰ ৰামায়ণখনত ৰাম অৱতাৰী পুৰুষ হ’লেও কাম-কাজ বা কাণ্ড-কাৰখানাবোৰ লক্ষ্য কৰিলে সাধাৰণ মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যহে ফুটি উঠে৷ সেইবাবেই হয়তো ড° বাণীকান্ত কাকতিয়ে গীতিৰামায়ণক লৌকিকতাৰ আৱেগ আৰু বাল্মিকী ৰামায়ণৰ ‘গাঁৱলীয়া তাঙৰণ’ বুলি অভিহিত কৰিছে৷ এই ক্ষেত্ৰত মহেশ্বৰ নেওগৰ এষাৰ মন্তব্য স্মৰ্তব্য- ‘অৰণ্যকাণ্ডৰ শেষৰ ফালৰ পৰাই পিছৰ ডোখৰ লক্ষ্য কৰিলে গীতি ৰামায়ণক মাধৱ কন্দলিৰ পদ ৰামায়ণৰ ওজাপালি তাঙৰণ বুলিহে বেছি ৰজিতা খাব যেন লাগে৷’

এই কাব্যখনত ৰাগ-ৰাগিনীৰ প্ৰয়োগ এক উল্লেখনীয় বৈশিষ্ট্য৷ অহিৰ, আকাশমণ্ডলি, কম্বাৰ, গুঞ্জৰি, চালনি, দেৱজিনি, দেৱমোহন, ধনশ্ৰী, পটমঞ্জৰী, শ্ৰীগান্ধাৰ, বৰাৰি, বসন্ত,সুহাই, ভৈৰৱী, মাৰোৱাৰ, ভাঠিয়ালী, ৰামগিৰি আদি ৰাগ-ৰাগিনীৰ সুষম প্ৰয়োগ ঘটিছে৷ এক কথাত ক’ব পাৰি অসমীয়া ৰামায়ণী পৰম্পৰাত দুৰ্গাবৰৰ স্থান বৈশিষ্ট্যপূৰ্ণ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক