অসমীয়া সাহিত্য, ই-সাহিত্য, ইউনিক’ড ইত্যাদি… (দিব্য দত্ত)

অসমীয়া সাহিত্যৰ ইতিহাস অতি প্ৰাচীন। প্ৰায় ৮-১২শ শতিকাতেই সৃষ্ট চৰ্যাপদসমূহকেই প্ৰথম অসমীয়া লিখিত সাহিত্য বুলি গণ্য কৰা হয়। চৰ্যাপদসমূহক অসমীয়া লিখিত সাহিত্যৰ চানেকি হিচাপে গণ্য কৰা হয় যদিও ইয়াৰ লিপি সম্পূৰ্ণৰূপে অসমীয়া নাছিল, সেয়ে চৰ্যাপদসমূহৰ লিপিৰ সৈতে সাদৃশ্য থকা অন্য নব্য ভাৰতীয় আৰ্য ভাষা, যেনে- বাংলা, উৰিয়া, মৈথিলী, বিষ্ণুপ্ৰিয়া মণিপুৰী আদি ভাষাৰ প্ৰাক-সাহিত্য বুলিও নিজৰ নিজৰ পণ্ডিতসকলে চিহ্নিত কৰে। যিকি নহওক চৰ্যাপদৰ পিছতেই ১৪শ শতিকাত হেম সৰস্বতীৰ দ্বাৰা ৰচিত ‘প্ৰহ্লাদ চৰিত’ পুথি খনেই হৈছে পূৰ্ণাংগ অসমীয়া লিখিত সাহিত্য। একে সময়তে মাধৱ কন্দলীয়ে ‘বাল্মীকিৰ ৰামায়ন’ আৰু ৰুদ্ৰ কন্দলীয়ে মহাভাৰতৰ ‘দ্ৰোণ পৰ্ব’ অসমীয়ালৈ অনুবাদ কৰে। সেই সময়ৰ আন কেইজনমান উল্লেখযোগ্য অসমীয়া সাহিত্যিক আছিল দূৰ্গাবৰ, মনকৰ, পীতাম্বৰ আদি। ইয়াৰ পাছতেই অসমীয়া সাহিত্যক ন-ৰূপেৰে সজাই তোলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে। আহোম যুগত সৃষ্টি হয় বুৰঞ্জীৰ, যিয়ে অসমীয়া সাহিত্যক এক সুকীয়া বৈশিষ্ট প্ৰদান কৰে। ১৮৪৬ চনত নাথান ব্ৰাউন, মাইল্চ ব্ৰনচন আদিৰ প্ৰচেষ্টাত প্ৰকাশিত আলোচনী ‘অৰুণোদয়’ৰ জৰিয়তে সূচনা হয় এক নতুন যুগ, ‘অৰুণোদয় যুগ’। আত্মাৰাম শৰ্মাই ‘বাইবেল’ অসমীয়ালৈ অনুবাদ কৰে, এইখনেই প্ৰথম অসমীয়া ছপা পুথি। ১৮৫৭ চনত গুণাভিৰাম বৰুৱাই ‘ৰাম-নৱমী’, ১৮৬৭ চনত মাইল্চ ব্ৰনচনে ‘অসমীয়া-ইংৰাজী অভিধান’, হেমচন্দ্ৰ বৰুৱাই ১৮৬১ চনত ‘কানীয়া কীৰ্তন’, ১৮৯৫ চনত ‘অসমীয়া ব্যাকৰণ’ আৰু ১৯০০ চনত ‘হেমকোষ’ ৰচনা কৰে। অসমীয়া সাহিত্যৰ এই ধাৰা চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোশ্বামী, কমলাকান্ত ভট্টাচাৰ্য, ৰজনীকান্ত বৰদলৈ, ৰঘুনাথ চৌধাৰীৰ পৰা আৰম্ভ কৰি নলিনীবালা দেৱী, পাৰ্বতী প্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা, জ্যোতিপ্ৰসাদ আগৰৱালা, দেৱকান্ত বৰুৱাৰ মাজেৰে চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়চম গোশ্বামী, হীৰেণ ভট্টাচাৰ্যলৈকে প্ৰবাহমান হৈ আছে আৰু অনাদি কাললৈ হৈ থাকিব।
সাহিত্যৰ এই চিৰ প্ৰবাহমান ধাৰা লক্ষ্য কৰিলে বহুতো পৰিবৰ্তন দেখা পোৱা যায়। ধ্বনিতাত্বিক, ৰূপতাত্বিক আদি অনেক বিশ্লেষণেৰে এই সাহিত্যক তুলনা কৰিব পাৰি, কিন্তু ইমান গভীৰলৈ নগৈ সহজতে পৰিলক্ষিত হোৱা এটা পৰিবৰ্তন হৈছে প্ৰকাশৰ মাধ্যম তথা লিখন সঁজুলি। অতীতৰ চৰ্যাপদবোৰ হয়তো শিল, তাম অথবা সোণ-ৰূপৰ ফলিত খোদিত কৰা হৈছিল, বৈষ্ণৱ যুগত সাঁচি পাতত লিখিছিল, তাৰ পিছত কাগজত কলমেৰে লিখিছিল। ১৮৬৮ চনত ছপাশাল আবিস্কাৰৰ পিছত কলমৰ ব্যৱহাৰ লাহে লাহে কমিবলৈ ধৰে আৰু লিখন সহজসাধ্য হবলৈ ধৰে আৰু কম্পিউটাৰৰ আবিস্কাৰৰ পিছত কলমৰ ব্যৱহাৰ একেবাৰে কমি আহে। সাঁচি পাতৰ দিনত যদি এখন পুথি প্ৰকাশ কৰিবলৈ এমাহ লাগিছিল, এতিয়া এদিনতে সেই কাম কৰিব পৰা হ’ল, ফলস্বৰূপে সাহিত্য সৃষ্টিও বাঢ়িবলৈ ধৰিলে। তাৰ পিছত আহিল ইণ্টাৰনেট, আহিল ফেচবুক, ব্লগ, ৱিকিপিডিয়া। সাহিত্য সৃষ্টিৰ লগতে বৃদ্ধি পালে সাহিত্যানুৰাগীও। কেই ছেকেণ্ডমানৰ ভিতৰতে সদ্য সৃষ্ট সাহিত্যই পাখি মেলি দেশৰ সীমা অতিক্ৰমি বিশ্বব্যাপি হোৱাৰ সক্ষমতা লাভ কৰিলে। আৰম্ভ হ’ল ‘ই-সাহিত্য’ৰ যুগ।
প্ৰকৃততে ইমান সহজ হয়নে? উত্তৰটো কিন্তু অসমীয়া সাহিত্যৰ ক্ষেত্ৰত নেতিবাচক। কাৰণটো হৈছে আজি ব্যৱহাৰ কৰি থকা এই কম্পিউটাৰ-ইণ্টাৰনেটৰ প্ৰযুক্তি অসমীয়া নহয়। কম্পিউটাৰৰ লিখন সঁজুলি মূলতঃ ইংৰাজী লিখিবলৈ বিকশিত কৰা হৈছিল। ইয়াত লিখিবলৈ প্ৰতিটো আখৰ সন্নিবিষ্ট কৰা একোটা ফণ্ট ব্যৱবাৰ কৰা হয়। পূৰ্বতে সেই ফণ্টবোৰত কেৱল ইংৰাজী আখৰহে আছিল, অসমীয়া নাছিল। তেতিয়া কিছুলোকে সেই ফণ্টৰ আৰ্হিত অসমীয়া আখৰ সন্নিবিষ্ট কৰি নতুন ফণ্ট সৃষ্টি কৰি অসমীয়া লিখিব পৰা কৰিলে আৰু সেই ফণ্ট ব্যৱহাৰ কৰিব পৰাকৈ লিখন সঁজূলিও বিকাশ কৰিলে। ৰামধেনু, লিপ অফিচ আদি এনে সঁজুলি আৰু Geetanjalilight, Assamese (Sankar) আদি হৈছে অসমীয়া আখৰ থকা ফণ্ট। কিন্তু এই ফণ্টবোৰ প্ৰকৃততে অসমীয়া ফণ্ট নাছিল, কিয়নো এই ফণ্টবোৰৰ কিছুমানৰ ক্ষেত্ৰত ইংৰাজী ফণ্টৰ ইংৰাজী আখৰবোৰকে সম্পাদনা কৰি অসমীয়া কৰা হৈছিল আৰু আন কিছুমানত নতুন অজ্ঞাত আখৰক অসমীয়া কৰা হৈছিল। উদাহৰণস্বৰূপে ‘আছামিজ (শংকৰ)’ ফণ্টটোত ইংৰাজী ‘k’ আখৰটোক সম্পাদনা কৰি ‘ক’ কৰা হৈছিল। ইণ্টাৰনেট অহাৰ লগে লগে এই কথাবোৰে খেলিমেলি লগাবলৈ আৰম্ভ কৰিলে, কিয়নো যদি কোনোবাই লিপ অফিচ বা তেনে কোনো সঁজুলিত গীতাঞ্জলি ফণ্ট ব্যৱবাৰ কৰি লিখা কোনো লেখা ইণ্টাৰনেটত আপল’ড কৰিলে সি আৰু অসমীয়া হৈ নেথাকে, যেনে- ‘গীতাঞ্জলি’ ফণ্টত লিখা “মই অসমীয়া” বাক্যটো ইণ্টাৰনেটত “’±ø˜ ’¸˜œ˚ˇ±” বুলি, ‘আছামিজ (শংকৰ)’ ফণ্টত লিখিলে “Aaem AsmER^a” বুলি নাইবা এনে অন্য কোনো ফণ্টত লিখিলে হয়তো “⎕⎕⎕⎕ ⎕⎕⎕⎕⎕⎕” হিচাপে বা অন্য কোনো ধৰণে প্ৰদৰ্শন কৰিব। এনে সমস্যাৰ বাবে অসমীয়া সাহিত্য ইণ্টাৰনেটত বহু পিছ পৰি ৰল। মন কৰিবলগীয়া কথা যে এই সমস্যা কেৱল অসমীয়া ভাষাৰ ক্ষেত্ৰতেই হোৱা নাই, অন্য সকলো ভাৰতীয় তথা অনা ইংৰাজী ভাষাৰেই এই সমস্যা হৈছিল। এই সমস্যাটো কেৱল ইণ্টাৰনেটতহে হৈছিল এনে নহয়, এটা কম্পিউটাৰত কোনো ফণ্টত লিখা লেখা অন্য কম্পিউটাৰলৈ নিলেও এই ধৰণৰ সমস্যাই দেখা দিছিল। আনটো কম্পিউটাৰটোতো নিৰ্দিষ্ট ফণ্টটো ইণষ্টল কৰিলেহে লিখাবোৰ প্ৰদৰ্শন কৰিছিল।
তথাপি অসমীয়া ই-সাহিত্য থমকি ৰোৱা নাই। কিয়নো ইতিমধ্যে তাৰ সমাধান ওলাইছিল। সমাধান সুত্ৰ লৈ ১৯৯১ চনত আগবাঢ়ি আহে কেলিফৰ্ণিয়াৰ এটা অপেছাদাৰী সংগঠন, ‘ইউনিক’ড কনচ’ৰ্টীয়াম’। তেওঁলোকে পৃথিৱীৰ প্ৰতিটো ভাষাৰ লিপিবোৰৰ প্ৰত্যেকটো আখৰৰ বাবে সুকীয়া তথা সুনিৰ্দিষ্ট সংকেট ব্যৱহাৰ কৰি এক প্ৰকাৰৰ নতুন ফণ্ট সৃষ্টি কৰাৰ ব্যৱস্থা কৰে। সেয়াই হৈছে ইউনিক’ড অৰ্থাৎ অনন্য, সংযুক্ত, বিশ্বজনীন সাংকেতিকৰণ। প্ৰকৃততে ইউনিক’ড পদ্ধতিত “পৃথিৱীৰ প্ৰায় সকলো ভাষাৰ লিপিসমূহ একো একোটা বিশেষ মানদণ্ডত ৰখাৰ ব্যৱস্থা কৰা হৈছে”। বৰ্তমান ইউনিক’ডত ১১,১৪,১১২ টা সংকেতৰ বাবে স্থান আছে, অৰ্থাৎ ইউনিক’ডে এঘাৰ লাখ চৈধ্য হেজাৰ এশ বাৰটা আখৰ সুকীয়াকৈ চিহ্নিত কৰিব পাৰে। বৰ্তমান ইউনিক’ড ১৩৫ টাতকৈও অধিক আধুনিক আৰু ঐতিহাসিক লিপিৰ প্ৰায় ১,২৮,০০০ টা সুকীয়া আখৰৰ সংকেত সৃষ্টি কৰিছে।
সুখৰ কথা অসমীয়া ভাষাৰ আখৰবোৰৰো ইউনিক’ড সৃষ্টি কৰা হৈছে। ইউনিক’ড নং U+0980 ৰ পৰা U+09FF লৈ মুঠ ১২৮ টা ক’ড বিন্দুত অসমীয়া আৰু বাংলা লিপিৰ আখৰসমূহ “বাংলা আৰু অসমীয়া ব্লক” নামেৰে সন্নিবিষ্ট কৰা হৈছে। বাংলা আৰু অসমীয়া ব্লকৰ সংকেতসমূহ বৰ্তমান বাংলা, অসমীয়া, বিষ্ণুপ্ৰিয়া মণিপুৰী, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাওতালি ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। প্ৰথমে ওপৰত উল্লেখিত ব্লকটো ইউনিক’ডে কেৱল “বাংলা ব্লক” বুলি আৰু অসমীয়া ভাষাক বাংলা ভাষাৰ উপভাষা বুলিহে উল্লেখ কৰিছিল। পৰবৰ্তী পৰ্যায়ত ‘অসম সাহিত্য সভা’ আৰু অন্য কিছু ব্যক্তিৰ অবিৰত প্ৰচেষ্টাৰ ফলত ইয়াক বাংলা আৰু অসমীয়া ব্লকলৈ সলনি কৰে। কিন্তু আজিও ইউনিক’ডে সলনি কৰা “বাংলা আৰু অসমীয়া” লিপিৰ অন্তৰ্গত বিষয়সমূহত কেৱল বাংলা বুলিয়ে প্ৰদৰ্শিত হৈ আছে, কেৱল শিৰোনামটোহে সলনি কৰা হৈছে। এই বিবাদত তিনিটা ফৈদৰ লোকে তিনিটা ভিন্ন মত পোষণ কৰা দেখা যায়। কিছুমানৰ মতে, “অসমীয়া ভাষাৰ বাবে এটা সুকীয়া অসমীয়া ব্লক সৃষ্টি কৰিব লাগে”, কিছুমানৰ মতে “নেলাগে” আৰু অন্য কিছুমানৰ মতে “বাংলা আৰু অসমীয়া ব্লকৰ সলনি অন্য কোনো নাম ৰাখিব লাগে, কিয়নো একেখিনি আখৰৰ বাবে এটা সুকীয়া ব্লক সৃষ্টি কৰি ক’ড বিন্দু খৰছ কৰাৰ কোনো যুক্তি নাই আৰু ভৱিষ্যতে যদি বিষ্ণুপ্ৰিয়া মণিপুৰী আদি ভাষাইও সুকীয়া ব্লক দাবী কৰে, তেতিয়া আৰু সমস্যাৰ সৃষ্টি হ’ব তথা ই ইউনিক’ডৰ সাফল্যত অন্তৰায় সৃষ্টি কৰিব”।
যিকিনহওক ইউনিক’ডৰ জৰিয়তে অসমীয়া লিখিব পৰা হ’ল। কিন্তু এইবাৰ আহিলে লিখন সঁজুলিৰ সমস্যা। পূৰ্বতে অসমীয়া লিখা সঁজুলিবোৰ ব্যৱহাৰ কৰি ইউনিক’ডত অসমীয়া লিখিব নোৱাৰা হ’ল। অসুবিধাসমুহ আঁতৰ কৰিবলৈ আগবাঢ়ি আহিল উৎপল ফুকন, বিতুপন দাস, হিমজ্যোতি তালুকদাৰ, মৃদুল কুমাৰ শৰ্মা, বনজিৎ পাঠক, গীতাৰ্থ বৰদলৈ, উদ্দীপ তালুকদাৰ, পংকজ জ্যোতি মহন্ত, দ্বীজেন মহন্ত, গুনদীপ চেতিয়াৰ দৰে অসমীয়াসকল। তেওঁলোকে অশেষ কষ্ট কৰি সাজি উলিয়ালে অসমীয়া লিখন সঁজুলি। এইক্ষেত্ৰত উৎপল ফুকনৰ “জাহ্নৱী কী-বৰ্ড”, মৃদুল কুমাৰ শৰ্মাৰ “লাচিত কী-বৰ্ড”, “ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসম”ৰ “ৰ’দালী কী-বৰ্ড”, ‘শব্দ.অৰ্গ’ৰ “শব্দ কী-বৰ্ড” উল্লেখযোগ্য। বানান পৰীক্ষাৰ বাবেও “লাচিত” নামৰ এটা অসমীয়া সঁজূলি নিৰ্মান কৰি উলিয়ালে বিতুপন দাস আৰু মৃদুল কুমাৰ শৰ্মাই। বৰ্তমান কম্পিউটাৰ আদিৰ নিজা কী-বৰ্ড ব্যৱহাৰ কৰিও অসমীয়া লিখিব পৰা হ’ল।
সকলো সমস্যাৰ ওৰ পৰাৰ পিছতো কিন্তু অসমীয়া ই-সাহিত্যৰ সম্ভাৰ এতিয়াও লেখত লবলগীয়াকৈ আগবঢ়া নাই। ইণ্টাৰনেটত উপলব্ধ অসমীয়া ব্লগ তথা আলোচনীৰ সংখ্যা এতিয়াও আঙুলিৰ মূৰত লেখিব পাৰি। অসমীয়া ই-সাহিত্যৰ ইতিহাস বিচাৰ কৰিলে প্ৰথমেই উল্লেখ কৰিবলগীয়া নামটো হৈছে ডা. যুগল কলিতা। তেখেতে প্ৰথমখন অসমীয়া ই-পত্ৰ লিখিছিল বুলি জনা যায়। তাৰ পিছত ড. প্ৰিয়াংকু শৰ্মাই ইণ্টাৰনেটত প্ৰথম ব্লগ সৃষ্টি কৰে। পৰবৰ্তী সময়ত আৰু অসমীয়া ব্লগ সৃষ্টি কৰা হয়, তাৰে ভিতৰত কেইটামান উল্লেখনীয় ব্লগ হৈছে: যামিনী অনুৰাগৰ ‘আকাশ’ (http://www.jamini.co.in/), মনোজ মন কলিতাৰ ‘মোৰ অন্তৰৰ দুৱাৰ’ (http://monojmonkalita.blogspot.com/), বিক্ৰম মজিন্দাৰ বৰুৱাৰ ‘জালপঞ্জী’ (http://bikram98.blogspot.com/), বিশ্বজিৎ নাথৰ ‘স্পন্দন’ (http://osrukona.blogspot.com/), অঞ্জল বৰাৰ ‘প্ৰত্যাশা’ (http://anjalborah.blogspot.com/), বৰ্ণালী দেউৰী বৰাৰ ‘মন কহুৱা বন’ (http://barnali-blogerspot.blogspot.com/), মিতালী বৰ্মনৰ ‘সত্ত্বা..… এক অবিৰত যাত্ৰা..…’ (http://www.mbarman.blogspot.com), ড. প্ৰবোধ বৰাৰ ‘বিজ্ঞানৰ বিচিত্ৰ কথা’ (http://bigyanbichitra.blogspot.com/) ইত্যাদি।
ইয়াৰ পিছত আহিল ফেচবুক। ই এটা চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত ইন্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল। যদিও ফেচবুক এটা মনোৰঞ্জনধৰ্মী ৱেবচাইট তথাপি ই-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰায়ভাগ অসমীয়া ই-আলোচনীৰ আৰম্ভনী ফেচবুকৰ যোগেৰেই হৈছিল। বৰ্তমান ফেচবুকৰ বহুকেইটা গোটত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ চৰ্চা কৰা হয়। ইয়াৰে এটা উল্লেখযোগ্য গোট হৈছে “অসমীয়াত কথা বতৰা”। ২০১০ চনৰ ২৭ নৱেম্বৰত গোটটিৰ জন্ম হৈছিল। এই গোটৰ উদ্যোগতে ২০১১ চনৰ জুলাই মাহৰ পৰা “সাহিত্য ডট অৰ্গ” বুলি এখন অসমীয়া ই-আলোচনীও প্ৰকাশ কৰা হয়। ইয়াৰোপৰি আখৰুৱা, ‘অনুৰাগ’, ‘মোৰ অনুভৱেৰে কিছু সময় তোমালৈ’, ‘মানুহ আমি মানুহৰ অনুভূতিত আমাৰ কবিতাবোৰ’, ‘অসমীয়া জতুৱা-ঠাঁচ, খণ্ডবাক্য, প্ৰবাদ আৰু সাঁথৰ ইত্যাদি’, ‘চিঠি’ আদি হৈছে অসমীয়া সাহিত্য চৰ্চাৰ অন্যতম ফেচবুক গোট। লগতে ‘মহীৰুহ’ আদিৰ দৰে ফেচবক পৃষ্ঠাসমূহেও অসমীয়া ই-সাহিত্যৰ ভঁৰাল চহকী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। অসমীয়াত কথা বতৰাৰ দৰে ফেচবুক গোটবোৰে কেৱল অসমীয়া ই-সাহিত্য ক্ষেত্ৰতেই অৱদান আগবঢ়াইছে বুলিলে ভুল হ’ব, অসমীয়া লিখিত সাহিত্যতো ইয়াৰ প্ৰভাৱ পৰিছে। ইয়াৰ মাধ্যমেৰেই ‘অণুগল্প’ নামৰ এক শ্ৰেণীৰ নতুন সাহিত্যই অসমীয়া সাহিত্যৰ সমৃদ্ধিশালী কৰি তুলিছে। জয়ন্ত আকাশ বৰ্মনৰ ‘একাৱন্ন’, উৎপল জোনাক হাজৰিকাৰ ‘১০০ অণুগল্প’ নামৰ দুখন কিতাপো ছপা মাধ্যমত প্ৰকাশিত হৈছে।
অসমীয়া ই-আলোচনীৰ কথা ক’লে প্ৰথমেই নাম লব লাগিব “এনাজৰী”ৰ। “এনাজৰী” (www.enajori.com) হৈছে ইউনিক’ডত প্ৰকাশিত প্ৰথমখন অসমীয়া ই-আলোচনী। ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য সম্পাদক আৰু মুখ্য পৰিকল্পনাকাৰী হ’ল হিমজ্যোতি তালুকদাৰ। ২০১২ বৰ্ষৰ তথ্য-প্ৰযুক্তিৰ সন্মানীয় ‘মন্থন ছাউথ এছিয়া’ আৰু ‘এছিয়া পেচিফিক’ বঁটা লাভ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰিছে। দক্ষিণ এছিয়াকে ধৰি এছিয়া পেচিফিক অঞ্চলৰ ৩৬ খন দেশৰ অন্তৰ্ভুক্তিৰে প্ৰদান কৰা এই বঁটা লাভ কৰা এনাজৰী ডট কম হৈছে অসমৰ প্ৰথমটো প্ৰকল্প। ২০১৩ চনৰ অক্টোবৰ মাহত শ্ৰী লংকাৰ কলম্বোত আয়োজিত ৱৰ্ল্ড ছামিট এৱাৰ্ড ২০১৩ অনুষ্ঠানত এনাজৰীয়ে ই ‘কন্টেন্ট+ ক্ৰিয়েটিভিটী শাখা’ত বিজয়ীৰ বঁটা লাভ কৰে। ‘আমি অসমীয়া ডট অৰ্গ’, ‘নীলা চৰাই ডট কম’, ‘সন্ধান ডট কম’, ‘স্পন্দন ডট কম’, ‘সাহিত্য ডট অৰ্গ’, ‘চুটিবুদ্ধি ডট কম’, ‘আখৰ ডট ইন’ আদি হৈছে কেইখনমান উল্লেখযোগ্য অসমীয়া ই-আলোচনী। কেৱল অসমীয়া ই-আলোচনীয়েই নহয় বৰ্তমান ইণ্টাৰনেটত ‘শব্দ ডট অৰ্গ’ নামৰ অসমীয়া ভাষাৰ শব্দকোষ, ‘সাহিত্যৰথী ডট কম’ত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্ম আদিও উপলব্ধ হৈছে।
অসমীয়া ই-সাহিত্যৰ প্ৰসাৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অন্য দুটা প্ৰধান ৱেবচাইট হৈছে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস। ২০০২ চনৰ ১০ জুনত আৰম্ভ হোৱা অসমীয়া বিকিপিডিয়াত বৰ্তমান প্ৰায় ৫০০০ টা অসমীয়া লেখা উপলব্ধ, সমান্তৰালভাৱে ৱিকিউৎসটো স্বত্বাধিকাৰ বিলোপ হোৱা প্ৰায় ১৩০০ টা লেখা ডিজিটেল ৰূপত সংৰক্ষণ কৰা হৈছে। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব পৰা লেখাবোৰ হৈছে: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত বৰগীতসমূহ, কীৰ্তন ঘোষা, লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্মসমূহ, কবি অমূল্য বৰুৱাৰ অচিনা, পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’, চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যকৰ্ম, মাধৱ কন্দলীৰ সাহিত্যকৰ্ম ইত্যাদি।
অসমীয়া সাহিত্যক ইণ্টাৰনেটত উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত বিভিন্ন অসমীয়া ব্লগ, ৱিকিপিডিয়া, ৱিকিউৎস, ফেচবুকৰ দৰে ৱেবচাইট, বিভিন্ন ই-আলোচনী আদিৰ ওপৰিও আন এটা মাধ্যম হৈছে ই-কিতাপ। ই-কিতাপবোৰ হৈছে সাধাৰণ কিতাপৰ নিচিনাই কিছুমান কিতাপ। সাধাৰণ কিতাপৰ লগত ইয়াৰ পাৰ্থক্য হৈছে সাধাৰণ কিতাপবোৰ কাগজৰ ওপৰত চিয়াঁহীৰে ছপা কৰি প্ৰস্তুত কৰাৰ সলনি ই-কিতাপবোৰ কম্পিউটাৰত এটা বিশেষ ফৰ্মেটৰ ফাইল বা নথি (.pdf আৰু .epub) হিচাপে জমা কৰি থব পৰা এখন কিতাপ আৰু এই কিতাপ কম্পিউটাৰ বা মোবাইলত পঢ়িব পাৰি। ইণ্টাৰনেটৰ ই-কিতাপ সংৰক্ষণ কৰা বিভিন্ন ৱেৱচাইট আছে, ইয়াৰে কিছুমান ব্যৱসায়িক ৱেবচাইটৰ পৰা ই-কিতাপ নিৰ্দিষ্ট মূল্য দি ক্ৰয় কৰিব লাগে। অসমীয়া ই-কিতাপৰ এনে এটা ৱেবচাইট হৈছে আচামকাৰ্ট ডট‌ কম (Assamkart.com)।
‘প্ৰহ্লাদ চৰিত’ৰ পৰা ‘একাৱন্ন’লৈ, ‘অৰুণোদয়’ৰ পৰা ‘এনাজৰী ডট কম’লৈ অসমীয়া সাহিত্যই আজি এক সূদীৰ্ঘ পথ অতিক্ৰম কৰিলে। ইণ্টাৰনেট-ফেচবুক হ’ল, অসমীয়া ইউনিক’ড হ’ল, অসমীয়া কী-বৰ্ড হ’ল, বানান পৰীক্ষক হ’ল, ই-কিতাপ আৰু ই-আলোচনী হ’ল। তথাপি যেন কৰবাত কিবা এটাৰ অভাৱ হয় অসমীয়া ভাষাৰ ইমানখিনি উত্তৰণৰ পিছতো অন্য ভাৰতীয় ভাষাৰ তুলনাত ইণ্টাৰনেটত অসমীয়া সমল নিচেই তাকৰ। অসমীয়া ৱিকিপিডিয়াতকৈ প্ৰায় দুবছৰ পিছত অৰ্থাৎ ২০০৪ চনত আৰম্ভ হোৱা বাংলা উইকিপেডিয়াত থকা লেখাৰ সংখ্যা প্ৰায় ৪৭,০০০ টা কিন্তু অসমীয়া ৱিকিপিডিয়াত ৭০০০ সম্পূৰ্ণ হবলৈ এতিয়াও বহু বাকী। ই এটা উদাহৰণহে মাত্ৰ। গতিকে আজি অসমীয়াই এলাহ কৰিলে নহব, হাতে কামে লাগিবৰ হল। অসমীয়া ভাষাক বিশ্বজনীন কৰাৰ বাবে অলপ কময় খৰছ কৰি লিখোঁ আহক। লিখিব পৰা সকলে নিজৰ লেখা লিখক, আমি যিসকলে নিজে গল্প-কবিতা লিখিব নোৱাৰোঁ, আমি আনৰ লেখাকে লিখোঁ আহক। ১৯৫৫ চনৰ আগতে মৃত্যু হোৱা যিকোনো লিখকৰ যিকোনো লেখা আমি ৱিকিউৎসত (as.wikisource.org) সংৰক্ষণ কৰোঁ আহক। গতিকে আহক, এই তথ্য-প্ৰযুক্তিৰ যুগত, ইণ্টাৰনেট-ইউনিক’ডৰ যুগত আমাৰ চিৰ চেনেহী অসমীয়া ভাষাটোক এক নতুন দিগন্তলৈ প্ৰসাৰিত কৰোঁ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

আপোনাৰ প্ৰৱন্ধটো পঢ়ি উপকৃত হৈছোঁ। তথ্যসমূহ ব্যৱহাৰ কৰিব পাৰিম নে?

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক