অসমীয়া ৰহস্য সাহিত্য — যাদৱ বৰা

অসমীয়া সাহিত্যৰ ভঁৰাললৈ ৰহস্য সাহিত্যৰ অৰিহণাও কম নহয়। বহুকেইটা জনপ্ৰিয় তথা কালজয়ী ৰহস্য চিৰিজ অসমীয়া সাহিত্যত থকা সত্ত্বেও তথাপি যেন সেই অতীতৰে পৰাই উপক্ষিত হৈ আহিছে অসমীয়া ৰহস্য সাহিত্য তথা ইয়াৰ পূজাৰীসকল। মূল সুঁতিৰ সাহিত্যৰ লগত যেন চামিল কৰিব নোখোজে! ইও এক ৰহস্য! আমি জনাত কুমুদেশ্বৰ বৰঠাকুৰৰ “গোলাই চিৰিজ” আছিল অসমৰ প্ৰথমটো ৰহস্য চিৰিজ (চনটো নাজানো)। গোলাই নামৰ এটা চোৰক কেন্দ্ৰ কৰি এইটো চিৰিজ লিখা হৈছিল। সৰু পকেট চাইজৰ আছিল কিতাপ বোৰ। গোলাই চিৰিজৰ দুখনমান কিতাপ হ’ল — প্ৰিয়ে, পুতুমাইৰ বিয়া, ৰূপহী, কেৰপাই, এটম বোমা,ব্লেক মাৰ্কেট, ইণজেকশ্যন, ভাকৌ, সাগৰ তলী, খুনী কোন, লাওচা, হত্যাকাণ্ড আদি৷ তাৰ পৰৱৰ্তী সময়ত লাহে লাহে প্ৰেম নাৰায়ণ দত্তৰ “পাফু চিৰিজ”(১৯৪৬চনত প্ৰথম প্ৰকাশ) প্ৰকাশ হয়। যিয়ে অসমীয়া পাঠকৰ মাজত এক আলোড়ণ সৃষ্টি কৰে। এই পাফু চিৰিজ এতিয়াও সমানেই জনপ্ৰিয়। (মুঠ একৈশখন কিতাপ) পাঁচজন অসমীয়া ডেকাৰ সমাজৰ এচাম মানুহৰ দুনীৰ্তি আৰু অপকৰ্মৰ বিৰুদ্ধে ঠিয় দি গৈ দুখীয়া নিছলাক ন্যায় প্ৰদান কৰা এই চিৰিজৰ মূল বৈশিষ্ট্য। এই চিৰিজৰ কিতাপ সমূহৰ যোগেদি প্ৰচুৰ জাতীয়তা বোধ, দেশ প্ৰেম আদিৰ সুন্দৰ প্ৰকাশ ঘটিছে। এতিয়াও পুৰ্বৰ দৰেই জনপ্ৰিয় এই চিৰিজ বৰ্তমানো উপলব্ধ। আনহাতে ১৯৪৬ চনত প্ৰকুদ-ৰ ছদ্মনামেৰে “প্ৰতিফল” নামৰ এখন সৰু কিতাপ প্ৰকাশ হয়। আৰু এইখন আছিল চিৰিজ হিচাপে নথকা প্ৰথম অসমীয়া ৰহস্য উপন্যাস। বৰ্তমান কিতাপখন wikisource ত উপলব্ধ। আনহাতে পাফু চিৰিজৰ স্ৰষ্টা প্ৰেমনাৰায়ন দত্ত ৰচিত ‘ৰহস্য চিৰিজ’ৰ কিতাপ সমূহ হৈছে- ১)অগ্নিবান ২) নৰবলী ৩) হত্যাৰহস্য ৪) জেৰিয়া গাঠি ৫) যমকাল ৬) মেৰপেচ ৭) অভিসন্ধি ৮) চক্ৰবেহু। কিন্তু দুখৰ বিষয় ইয়াৰ স্ৰষ্টা প্ৰেম নাৰায়ণ দত্ত দেৱ অন্ধাৰতে থাকি গ’ল আজিও! আজিৰ প্ৰজন্মই দত্তদেৱৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলেও সেয়া সহজতে উপলব্ধ নহয়।

ইয়াৰ পাছতে শিৱসাগৰৰ ৰবীন দে’ ডাঙৰীয়াই ৰংমন ছদ্ম নামেৰে আৰম্ভ কৰে আন এটা ৰহস্য চিৰিজ— দস্যু ভাস্কৰ চিৰিজ। যিটো চিৰিজৰ কিতাপসমূহে ( মুঠ ৬১ খন) আৰম্ভণিৰে পৰা অসমীয়া পাঠকৰ মন জয় কৰি আহিছে, বৰ্তমান পৰ্যন্ত। ইয়াৰ মূল চৰিত্ৰ হ’ল ভাস্কৰ। এজন সাহসী উদ্যমী, চৰিত্ৰৱান তথা দেশপ্ৰেমী অসমীয়া যুৱক। সহযোগী হিচাপে থাকে ফেহু, ফিঙা, পাৰ্থ আদি। ইয়াতো সমাজৰ দুষ্কৃতিকাৰী সমূহক দস্যু ভাস্কৰৰ দলে নিজাববীয়া অনুসন্ধানৰ যোগেদি চিনাক্ত কৰে আৰু নিজেই বিচাৰ নকৰি আইনৰ হাতত চমজাই দিয়ে। আৰক্ষীৰ বাবে ভাস্কৰ চকুৰ টোপনি কঢ়া এটা দস্যু হ’লেও সাধাৰণ মানুহৰ বাবে ঈশ্বৰ। ভাস্কৰ চিৰিজত দস্যু ভাস্কৰৰ প্ৰচুৰ জাতিপ্ৰেম, আৰু নিমিষতে ছদ্মৱেশ ধাৰণ কৰিব পৰাটো ইয়াৰ অন্য এটা আৰ্কষণীয় দিশ। কিন্তু পৰিতাপৰ বিষয় দস্যু ভাস্কৰ চিৰিজৰ স্ৰষ্টা ৰবীন দে’ স্বীকৃতি তথা সন্মান আদি পোৱাটো দূৰৈৰ কথা, পৰৱত্তী সময়ত এচাম উগ্ৰ জাতীয়তাবাদী লোকৰ হাতত নিগৃহীত হৈ অসম ত্যাগ কৰিবলৈ বাধ্য হয়। বৰ্তমান ভাস্কৰ চিৰিজৰ পুৰণা প্ৰিণ্টৰ কিতাপ শেষ হৈছে, হয়টো নৱেম্বৰ মাহ মানলৈ পুনৰ পাঠকৰ ওচৰলৈ আহিব নতুন সংস্কৰণৰ কিতাপ।

পাফু, ভাস্কৰ চিৰিজৰ উপৰি ইন্দ্ৰজিতৰ আছিল “চক্ৰান্ত চিৰিজ।” এই চিৰিজৰ মুঠ কিতাপ ১০খন। কিন্তু বৰ্তমান বজাৰত ই উপলব্ধ নহয়। প্ৰেম নাৰায়ণ দত্ত অথবা ৰবীন দে’ৰ দৰেই ইন্দ্ৰজিতো অসমীয়া সাহিত্যৰ উপেক্ষিত নায়ক। সঞ্জয় ৰচিত আন এটা ৰহস্য চিৰিজ হ’ল “ইনকাজ চিৰিজ।” এই চিৰিজৰ দুখনমান কিতাপ হ’ল, সোণালী চুলি, দেৱী ইন্দ্ৰানী, জৰাসন্ধৰ নৃত্য, ত্ৰিনয়ন আদি। । বৰ্তমান এইসমূহ দুস্প্ৰাপ্য।

আনহাতে অশোক ৰচিত এটা চিৰিজ হ’ল “চক্ৰধ্বজ চিৰিজ।” বিশ্বাস নহয়, চতুৰ্থ সহযাত্ৰী এই দুখন চক্ৰধ্বজ চিৰিজৰ উল্লেখযোগ্য কিতাপ৷ তদুপৰি প্ৰবাল ছদ্ম নাম লৈ ৮০ ৰ দশকত আন এখন ৰহস্য চিৰিজ ওলাইছিল। নাম আছিল “ডবল জিৰ”৷ এইখিনিতে আমি আন এজন উপেক্ষিত ৰহস্য সাহিত্যিকৰ নাম ল’ব লাগিব। তেওঁ হ’ল সত্য ৰঞ্জন কলিতা। তেজপুৰৰ নিৱাসী আছিল। তেখেতৰ ৰহস্য সাহিত্য সমূহ অসমীয়া পাঠক সমাজৰ মাজত অতি জনপ্ৰিয়। তেখেতৰ গ্ৰন্থ সমূহ প্ৰকাশ কৰিছিল হিৰণ্য ৰঞ্জন গ্ৰন্থ কুটীৰ নামৰ প্ৰতিষ্ঠানটোৱে। গ্ৰন্থ সমূহৰ নাম আছিল — নৃশংস, গুলমাৰ্গ ৰহস্য, গেম অব ফ’ৰ( বঙালী) , দি প্ৰফেছনেল ( বঙালী), নতুন দিনৰ সপোন, প্ৰতিশ্ৰুতি, কিড্নাপ, চুইট হাৰ্ট, বেঙ্ক ৰবাৰী, গেংঅব ফ’ৰ, প্ৰফেছনেল, অপাৰেচন গেংটক, অপাৰেচন বেইৰুট, স্পাই, ডায়মণ্ড ৰবাৰী, ক্ৰিমিনেল, দি কীলাৰ, গান পিণ্টু, স্কাউণ্ড্ৰেল, ডাৰ্লিং ডাৰ্লিং, দি ব্লেক লেডী, মধুপুৰ জংচনৰ যুৱতী হত্যা, উপলব্ধি, আৰ্তনাদ আদি। ইয়াৰ উপৰি সেই সময়ৰ বহু আলোচনীৰ পাতত কলিতা দেৱৰ সৃষ্টি সিঁচৰতি হৈ আছে। কিন্তু দুখৰ বিষয়, বৰ্তমান কিতাপবোৰ উপলব্ধ নহয়। পুনৰ প্ৰকাশৰ যো-জা কৰিছে বুলি শুনিছো। কিন্তু কিমান দূৰ সত্য নাজানো।

১৯৭৩ চনতেই “বহুৰূপী” নামৰ ৰহস্য উপন্যাসখনেৰে অসমীয়া ৰহস্য সাহিত্যত কুমুদ হাজৰিকাই “ৰঞ্জু হাজৰিকা” ছদ্মনামেৰে আত্ম প্ৰকাশ কৰি এতিয়াও অসমীয়া ৰহস্য সাহিত্যৰ জতীল ধাৰাটো অব্যাহত ৰাখিছে। এই পয্যন্ত ৰঞ্জু হাজৰিকা ডাঙৰীয়াই ৭০০ ৰো অধিক গ্ৰন্থ লিখি অসমীয়া ৰহস্য সাহিত্যলৈ এক বৃহৎ অৱদান আগ বঢ়াইছে। অথচ আজিও তেওঁ প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত। তথাপি তেখেতৰ অলপো যেন অভিমান নাই। নীৰৱে কৰি গৈছে তেওঁৰ কাম! এই ছেগতে তেওঁলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম!

ৰঞ্জু হাজৰিকাৰে প্ৰায় সমসাময়িক আন এজন ৰহস্য সাহিত্যিক হ’ল ড° প্ৰণৱজ্যোতি ডেকা। বতাহত পতাকা কঁপে আৰু এটা অমিমাংসিত হত্যা আদি তেখেতৰ সৃষ্টি।
ইয়াৰোপৰি এই তালিকাখনত দীন তামূলীদেৱৰ নামো ল’ব পাৰি। তেখেতেও অসমীয়া ৰহস্য সাহিত্যলৈ বুজনসংখ্যক বৰঙণি আগ বঢ়াই গৈছে। অসমীয়া ৰহস্য সাহিত্যক ত্ৰিশূল, আমাৰ প্ৰতিনিধি, বিস্ময়, ৰহস্য আদি আলোচনীয়ে এক অনন্য মাত্ৰা প্ৰদান কৰে। এই বিস্ময়, ৰহস্য আদিয়ে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিল ৰহস্য উপনাস বা গল্প। ইয়াৰ যোগেদিও বহু নতুন লিখকৰ সৃষ্টি হৈছিল। অথবা পাঠকৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰে বহুতে আধাতেই এই ৰহস্য সাহিত্যৰ ক্ষেত্ৰখন ত্যাগ কৰাও পৰিলক্ষিত হৈছে।

এসময়ত ড° দীপক মজুমদাৰ, মহেন্দ্ৰ গগৈ, অৰবিন্দ ৰাজখোৱা আদিয়ে ৰহস্য সাহিত্যত ভাল পাৰদৰ্শিতা দেখুৱাইছিল। (অৱশ্যে এতিয়াও যদি কৰি আছে নাজানো)
ৰহস্য সাহিত্য বুলিলে যে কেৱল ভূত প্ৰেত, হত্যাকাৰী বিচৰা আদিতেই সীমাবদ্ধ নহয়। ইয়াৰ পৰিসৰ বহল। ইয়াত ডিটেক্টিভ, থ্ৰিলাৰ, ভৌতিক, হ’ৰৰ, চায়’ফিক, ফেণ্টাছী আদি বহু কেইটা বিষয় ইয়াৰ অন্তভুক্ত। হ’ৰৰ ৰচনাৰ ক্ষেত্ৰত ৰঞ্জু হাজৰিকা, সত্যৰঞ্জন কলিতা, প্ৰফুল্ল কুমাৰ দত্ত আদি উল্লেখ যোগ্য। ঠিক সেইদৰে চায়ফিক উপন্যাসৰ ক্ষেত্ৰত ড° বন্দীতা ফুকনৰ লগতে ৰঞ্জু হাজৰিকাৰ নামো ল’ব পাৰি!

অসমীয়া ৰহস্য সাহিত্য বুলিলে এজন লিখকৰ নাম সততে আলোচনাৰ মেজলৈ অহা দেখা নাযায়। তেখেত হ’ল বিস্ময় আলোচনীৰ যোগে প্ৰতিষ্ঠা লাভ কৰা জনপ্ৰিয় লেখক বৈদুৰ্য্য বৰুৱা। অপু আৰু চেণ্টুদা নামৰ দুটা মুখ্য চৰিত্ৰ তেখেতৰ উপন্যাসৰ মূল উপজীব্য। তেখেতৰ সেই চেণ্টুদা চিৰিজৰ উপন্যাস সমূহ থ্ৰীল, চাচপেন্স, ৰহস্যৰ মায়াজালেৰে ভৰপুৰ। যিয়ে তেওঁৰ কিতাপ পঢ়িছে তেওঁ হয়টো বুজিছে বৈদুৰ্য্য বৰুৱা সৃষ্টিৰ সোৱাদ। তেখেতৰ চেণ্টুদা চিৰিজৰ সাত/ আঠখন মান কিতাপ আছে। অসমীয়া ৰহস্য সাহিত্যলৈ এয়াও এক বৃহৎ অৱদান বুলি আমি ধৰিব পাৰো নিশ্চয়।

শেহতীয়াভাৱে অজয় প্ৰীতম, ৰামানুজ গোস্বামীৰ নামো উল্লেখ কৰিব পাৰি। সদৌ শেষত ফেচবুকৰ “ৰহস্য সাহিত্য” নামৰ গোটটোত চৰ্চা কৰি থকা ৰামানুজ গোস্বামী, নিশাংক নাথ, জয়ন্ত প্ৰীতম, পিনাক পানী বৰুৱা, অসীম তালুকদাৰ, দীপ শৰ্মা, কনক দাস, ইয়ামিন আলি, আদিয়েও তেখেতসকলৰ ৰহস্য লিখনিৰে পাঠকৰ মন জয় কৰা পৰিলক্ষিত হৈছে আৰু ইয়ে আমাৰ পঢ়ুৱৈসকলৰ বাবে এক আশাৰ সঞ্চাৰো কৰিছে।

(লিখকৰ টোকাঃ এইটো কোনো ধৰণৰ গৱেষণাধৰ্মী লেখা নহয়, সেয়ে ক’ৰবাত আসোঁৱাহ বা ভুল ৰৈ যাবও পাৰে। হয়তো আৰু বহুত লিখকৰ নাম বা ৰহস্য চিৰিজৰ নাম ৰৈ গৈছে মোৰ অজানিতে অথবা অজ্ঞতাৰ বাবে। পুনৰবাৰ ৰৈ যোৱা ভুলৰ ক্ষমা বিচাৰিলোঁ। প্ৰসংগক্ৰমে উল্লেখ কৰি যাওঁ যে, বহু দিনৰ আগতে জয়ন্ত বৰুৱাৰ এখন ৰহস্য উপন্যাস পঢ়িছিলোঁ। বেটুপাতো নাছিল। শেষৰ দুটা পৃষ্ঠাও নাছিল। কিন্তু পাহৰিলোঁ নামটো। তেখেতেও অসমীয়া ৰহস্য সাহিত্যলৈ মূল্যৱান অৱদান দি গৈছে। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments