অসম্পূৰ্ণ ( বন্দনা দত্ত মজুমদাৰ )

Asompurno_Bandana Dutta Majumdar

 

 

“তোমাৰ ওঁঠৰ ওপৰৰ এই তিলটো সঁচা নে? ওঁঠত তিল থকা মানুহবোৰ হেনো বৰ ৰোমাণ্টিক হ’য়৷ “ কোনোবা এটা সন্ধ্যাত কৃষ্ণেন্দুৱে এনেকৈ কৈছিল তাইক৷ আস! ভাৱ হ’য় যেন সিদিনাৰ হে কথা৷ অণুলেখাই আইনাৰ সন্মুখত ৰৈ তভক মাৰিলে অলপ সময়৷ ইমান ব্যস্ততা, কেইবাটাও বসন্ত পাৰ হৈ গ’ল, অথচ তাই পাহৰিব পৰা নাই কৃষ্ণেন্দুক৷ আজিও এই মুহূৰ্ত্তত লিপষ্টিক লগাবলৈ আহি হঠাতে তাইৰ আকৌ মনত পৰিল তালৈ৷ নিজেই চুই চালে তিলটো৷ ওঁঠৰ ওপৰেৰে হাঁহি বিৰিঙি পৰিল, ঘটনাটো মনত পৰি৷ গালখনত এতিয়াও সেইদিনাৰ কৃষ্ণচূড়াৰ বোলে আহি ৰহন সানিলেহি৷

অদ্ভুত খেয়ালী আছিল কৃষ্ণেন্দু৷ অত্যন্ত জেদী এই ল’ৰাটোৱে অণুলেখাৰ জীৱন ৰথৰ গতি সলাই দিছিল৷ ক’ত, কেনেকৈ লগ পাইছিল বাৰু তাক!

টিং টিং টিং… টুং….. ৱাইণ্ড ছাইমৰ মৃদু কম্পণৰ শব্দত বাস্তৱলৈ উভতি আহিল তাই৷ ইস! কি যে কথাবোৰ মনত পৰিছে আজি৷ ইফালে ঋষভ আহি পাবই এতিয়া৷ আহিয়েই হুলস্থুল কৰি দিব “অণু, তোমাৰ হোৱাই নাই নে? ৰেডি হোৱা সোনকালে৷ “ ঋষভৰ অফিচিয়েল গেট্ টুগেদাৰ এটা আছে আজি৷ সপৰিয়ালে নিমন্ত্ৰিত৷ লৰালৰিকৈ তাই শাৰীখন পিন্ধিবলৈ ল’লে৷ কিন্তু উফ! শাৰীৰ যে এই কোঁচ কেইটা! হায়ৰাণ কৰি দিয়ে তাইক৷ ঋষভ আহিলে সিয়েই অলপ ধৰি ঠিক কৰি দিব কোঁচকেইটা৷ অকলে চম্ভালিৱ নোৱাৰে তাই৷ চুলিকুচা ফণিয়াই মেলি থলে৷ “ঢৌ খেলোৱা মেলা চুলি শাৰীৰ লগত ভাল লাগে৷ “এইয়া ঋৃষভৰ মন্তব্য৷ ঘড়ীটো সোঁহাতত পিন্ধি লৈ দেখে ছয় বাজি পইত্ৰিছ মিনিট৷ সাত বজাৰ পিছতহে ঋৃষভ আহি পাব৷ তাই সাজু হৈ বেলকনীৰ বেটৰ চকীখনত বহিলহি৷ সন্ধিয়া লাগিছে৷ আহিনমহীয়া এছাটি বতাহে তাইক কোবাই গ’ল৷ মনটো কবিতাময় হৈ পৰিল৷

উভতি গ’ল আকৌ তাইৰ সেই দীঘলীপুখুৰী পাৰৰ দিনবোৰলৈ৷ সন্দিকৈ কলেজত পঢ়িছিল তাই৷ কলেজত প্ৰথম বাৰ্ষিকত গৈয়ে তাই সুকণ্ঠি গায়িকা হিচাবে জনাজাত হৈ পৰিছিল৷ মাক-দেউতাকৰ একমাত্ৰ সন্তান অণুলেখাই কম কথা কৈছিল বাবে সকলোৱে তাইৰ ভেম থকা বুলি ভাবিছিল৷ সেই স্বভাৱৰ কাৰণে সহজতে কোনেও তাইক মাতিবলৈ বা জোকাবলৈ সাহ কৰা নাছিল৷ যিখিনি সময়ত তাইৰ লগৰ মিতালী, বৰষাহতেঁ বয়ফ্ৰেণ্ডৰ লগত ঘণ্টা ধৰি ফুৰিবলৈ ওলাই গৈছিল, সেই সময়ত অণুলেখা গান বা কবিতা লৈয়ে ব্যস্ত আছিল৷ বহুতৰ প্ৰেম প্ৰত্যাখান কৰিছিল তাই৷ কাৰণ সেই প্ৰস্তাৱ বোৰত কেৱল শাৰীৰিক আকৰ্ষণ হে আছিল প্ৰেম নাছিল৷ অপেক্ষা কৰিছিল তাই সঁচা ভালপোৱালৈ৷ আহিছিল এদিন তাইৰ জীৱনলৈ সঁচা প্ৰেম কিন্তু বহু পলম হৈছিল তেতিয়া৷

সেই সময়ত অণুলেখা তৃতীয় বাৰ্ষিকত৷ জৰ্জ ফিল্ডত গ্ৰন্থমেলা আহিছে৷ “অই অণু, আজি ওলাবি, আমি গ্ৰন্থমেলালৈ যাম৷ কিমান পঢ়ি থাক’ আৰু৷ অলপ ফুৰি আহোঁ বল৷ আহোঁতে ৰেৱতীত চিকেন চাও খাই আহিম৷ “ বৰষাই তাইক দুৱাৰমুখৰ পৰাই ভুমুকি মাৰি কৈ গ’ল৷ বৰষা আৰু গ্ৰন্থমেলা! কিতাপ নপঢ়েই তাই৷ আজি চাগে ৰাজীৱ পাঠশালালৈ গ’ল, ঘৰলৈ৷ সেয়ে অণুলেখাক লগ লৈছে৷ দুয়োজনী ওলাই আহিল সোনকালে৷ গ্ৰন্থমেলাৰ আজি শেষ দিন৷ অসম্ভৱ ভিৰ৷ আগতেই ভাবি থোৱা কিতাপ কেইখনমান কিনিলে অণুলেখাই৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প আৰু অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস৷ এখন কিতাপ তাই বিচাৰি পোৱা নাই৷ কেইবাখনো বিপনী ঘূৰি ঘূৰি এখনত হঠাতে সোঁফালৰ ওপৰৰ ৰেকটোত তাই সেই কিতাপখন দেখা পালে৷ হিৰেণ ভট্টাচাৰ্যৰ ’শইচৰ পথাৰ মানুহ ’৷ উফ্! যি হে ভিৰ, তাই গৈ পোৱাৰ আগতে নিবই কোনোবাই! ! সন্মুখত পিঠি দি ৰৈ থকা ল’ৰাজনৰ পৰা তাইৰ হাত মেলাত অসুবিধা হৈছে৷ সেই ব্যক্তিয়েও কিন্তু আঁতৰি দিয়াৰ কোনো সৌজ্যনতা প্ৰকাশ কৰা নাই৷ তাই আনিবলৈ হাত মেলিলে৷ কিন্তু এইয়া কি! ! আন এখন হাতো সেই কিতাপখনত৷ ল’ৰাজনে কিবা কোৱাৰ আগতেই তাই কৈ উঠিল “মইহে আগতে হাত দিছোঁ৷ “ খুউব স্মাৰ্টলী ল’ৰাজনেও উত্তৰ দিলে “ হ’ব আপুনিয়েই লওক৷ মোক মাত্ৰ কেতিয়াবা ধাৰলৈ দিব পঢ়িবলৈ৷ মই কৃষ্ণেন্দু, কটনৰ SRB ত থাকোঁ৷ আপোনালোকৰ পৰিচয় পালে ভাল পাম৷ “ এই আকস্মিকতাত দুয়োজনী আচৰিত হৈছিল৷ সিহঁতেও নিজৰ পৰিচয় দিছিল সহজভাৱে৷ “কিতাপ ধাৰে নিবলৈ কিন্তু আপোনাৰ হোষ্টেল ওলামগৈ কেতিয়াবা৷ “ বাই দি ল’ৰাটোৱে অণুলেখালৈ চাই কৈ গৈছিল৷

সঁচাকৈয়ে পোন্ধৰদিন মানৰ পিছত এদিন কৃষ্ণেন্দু আহি হোষ্টেল ওলাইছিল অণুলেখাক বিচাৰি৷ কিতাপখন ধাৰলৈ নিবলৈ আহি তাইক কৃষ্ণেন্দুৱে কিছুমান নিজৰ কবিতা দি গৈছিল৷ এদিন আকৌ কিতাপখন ঘূৰাই দিব আহিছিল৷ অনৰ্গল কথা কয় কৃষ্ণেন্দুৱে৷ এই ল’ৰাটোৰ প্ৰতি প্ৰথমবাৰৰ বাবে অণুলেখা আকৰ্ষিত হৈছিল৷ সময় আগবাঢ়ি গৈছিল নিজৰ গতিত৷ এদিন অণুলেখাক আচৰিত কৰি কৃষ্ণেন্দুৱে কৈছিল যে তাৰ কোনোবা প্ৰেয়্সী আছে যাক লৈ সি কবিতা লিখে৷ বুকুৰ কোনোবা খিনিত তীব্ৰ এক বিষ অনুভৱ কৰিছিল তাই৷ কিন্তু সমূলি প্ৰকাশ হবলৈ নিদিলে তাৰ আগত৷ প্ৰশংসা কৰিছিল তাৰ কবিতাৰ৷

এই ঘটনাৰ পাছত অণুলেখাই তাক লগ ধৰিবলৈ এৰি দিছিল কিবাকিবি আজুহাত দেখুৱাই৷ সময়ে বাগৰ সলাইছিল৷ তাই ব্যস্ত হৈ পৰিছিল পঢ়া-শুনালৈ৷ ফাইনেল পৰীক্ষালৈ বেছি দিন নাছিল৷ কৃষ্ণেন্দুৰো বহু দিন কোনো খবৰ নাছিল৷

হঠাতে এদিন পুৱা তাইলৈ হোষ্টেলৰ টেলিফোনটোত ফোন আহিল৷ সেয়া কৃষ্ণেন্দু, খুব অস্থিৰ ভাৱে ক’লে যে সি তাইক লগ পাবলৈ বিচাৰিছে৷ জৰুৰী কথা আছ কিবা, তাই যেন শুক্লেশ্বৰ ঘাটলৈ আহে৷ আবেলি তাই ওলাই আহিল শুক্লেশ্বৰ ঘাটলৈ৷ কৃষ্ণেন্দু ৰৈ আছিল৷ কাষৰ এখন ৰেষ্টুৰাত বহিল দুয়ো৷ ব্ৰহ্মপুত্ৰৰ বুকুত তেতিয়া ৰান্ধনি বেলিটোৱে লুকা-ভাকু খেলিছিল৷ উদগ্ৰীৱ হৈ আছিল সি৷ হঠাতে কফি খোৱাৰ মাজতে কৃষ্ণেন্দুৱে তাইৰ ফালে চাই সুধিছিল “ওঁঠৰ ওপৰৰ তিলটো সঁচা নে? ওঁঠৰ ওপৰত তিল থকা মানুহ বোলে হেনো বৰ ৰোমাণ্টিক হ’য়! ! “ অণুলেখাৰ গাল দুখন সেন্দূৰীয়া হৈ পৰিছিল৷ কোনোবাই যে তাইক ইমান ওচৰৰ পৰা লক্ষ্য কৰিছে ভাবি লাজ লাগিছিল তাইৰ৷ কথাৰ মাজত কৃষ্ণেন্দুৱে ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল তাইক স্তম্ভিত কৰি৷ হতবাক হৈছিল তাই৷ জেদী আৰু আত্ম অভিমানী ছোৱালী আছিল তাই৷ কৃষ্ণেন্দুক প্ৰথমৰ পৰাই তাইৰ ভাল লাগিছিল যদিও তাই কেতিয়াও কাৰোবাৰ দ্বিতীয় প্ৰেম হবলৈ নিবিচাৰে৷ সেয়ে তাই তাক প্ৰত্যাখান কৰিছিল৷ প্ৰথম প্ৰেয়্সীৰ আকস্মিক বিয়োগত কৃষ্ণেন্দু যে ভাঙি পৰিছিল সেই কথা তাই জানে৷ গধূলিৰ এটা পাতল আৱৰণে ঘাটটো গহীন কৰি পেলাইছিল৷ তাই উভতি আহিছিল এবুকু বিষাদ সামৰি৷ পঢ়াশুনাত মন দিব পৰা নাছিল৷ বাৰে বাৰে কৃষ্ণেন্দুৰ আকুল চাৱনিটোৱে আমনি কৰিছিল৷ পৰীক্ষা দিয়ে তাই ঘৰলৈ উভতি গৈছিল৷ সময়ে ডেউকা কোবাইছিল৷ MA কৰাৰ পিছতেই তাইৰ বিয়া ঠিক হৈছিল ঘৰৰপৰা৷ সেই সময়ছোৱাত দুই এবাৰ কৃষ্ণেন্দুৰ সৈতে ফোনত কথা হৈছিল তাইৰ৷ সি তেতিয়াও অপেক্ষাৰত৷ মনটো দৃঢ় কৰি তাক জনাইছিল তাই বিয়াৰ কথা৷ নিশ্চুপ হৈ পৰিছিল সি সেইদিনা৷ তাইৰ দুখ লাগিছিল তাইৰ যে এই সঁচা ভালপোৱা কৃষ্ণেন্দুৱে কেতিয়াও নাজানিব৷ তথাপিও তাই সুখী হৈছিল কাৰণ যাৰ প্ৰতি তাই আকৰ্ষিত হৈছিল সেইজনেও তাইক দেৰিকৈ হলেও ভাল পাইছিল৷

ট্ৰিং ট্ৰিং ট্ৰিং …. কলিংবেলৰ শব্দত অণুলেখা উচপ খাই উঠিল৷ ঋৃষভ আহিছে৷ তাই লৰালৰিকৈ মনৰ জড়তাখিনি জাৰি জোকাৰি উঠি আহিল দৰজা খুলিবলৈ৷

মনৰ দিগবলয়ৰ কোনো সীমা নাই৷ শৰতৰ এই সন্ধিয়া তাইৰ মনটোও কহুৱাৰ দৰে উৰি গৈ স্মৃতি বুটলি আছিল৷ কিছুমান স্মৃতি সদায় সজীৱ৷ কিন্তু ঋৃষভেই এতিয়া তাইৰ জীৱন আৰু বিশ্বাস৷ কাৰণ trust is love.

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments