অসমৰ আধুনিক নাট্য চৰ্চা আৰু ইয়াৰ সমস্যাসমূহ – ড॰ মৃণাল জ্যোতি গোস্বামী, ড° জোনমণি গগৈ

নাটক বুলি ক’লে আমি সাধাৰণতে জীৱনক জুকিয়াই চাব পৰা এক শিল্পৰ কথাই বুজোঁ৷ অসমীয়া নাটকৰ ইতিহাস শংকৰদেৱৰ পৰাই আৰম্ভ হৈছে৷ আধুনিক নাটকৰ ধাৰাটি আৰম্ভ হয় গুণাভিৰাম বৰুৱাৰ হাতত৷ গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা ‘ৰাম-নৱমী নাটক’খনৰে আৰম্ভ হোৱা এই আধুনিক অসমীয়া নাটকৰ ধাৰাটিয়ে কুৰি শতিকাৰ প্ৰথমাৰ্ধত জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত নতুন সুঁতি ল’লে৷ তেওঁ বাস্তৱবাদী চিন্তাচৰ্চা, অপূৰ্ব গীতিময়তা, ৰূপকধৰ্মীতা, ভাষাৰ সৌন্দৰ্য, বক্তব্যৰ প্ৰসংগিকতা তথা বৈচিত্ৰ্যময়তাৰে অসমীয়া নাট্য-সাহিত্যলৈ নতুনত্বৰ জোৱাৰ আনিলে৷ অৰ্থাৎ আধুনিক অসমীয়া নাটকে দ্বিতীয় এটি স্তৰত ভৰি দিলে৷ নাটকৰ পৰিৱেশনগত দিশতো নতুনত্বৰ চাপ পৰিল৷ এই সময়ছোৱাতে অসমৰ বিভিন্ন জিলাত পাশ্চাত্য ৰংগমঞ্চৰ আহিৰ্ত ৰংগশালা নিৰ্মাণ হয়৷ পূৰ্বৰ ভোটাচাকি, ডলা-চাকি, আৰিয়া, পেট্ৰোমাস্ক বা তেনেধৰণৰ পোহৰৰ ঠাইত মঞ্চলৈ বিজুলীৰ আমদানি ঘটিল৷ তেজপুৰৰ বাণ ৰংগমঞ্চত বিজুলী পোহৰ আহে ১৯২১ চনত আৰু গুৱাহাটী চহৰত ১৯২৭ চনত৷ বিজুলীৰ পোহৰত মঞ্চস্থ হোৱা প্ৰথমখন নাটক হ’ল প্ৰসন্নলাল চৌধুৰীৰ ‘নীলাম্বৰ’৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ দ্বিতীয়৷ উল্লেখযোগ্য যে এই সময়ছোৱাতে অসমীয়া নাটকত সহ-অভিনয় আৰম্ভ হয়, ছন্দোবদ্ধ সংলাপৰ ঠাইত স্বাভাৱিক বাক্‌-ভংগী ব্যবহৃত হয়৷
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা অসমীয়া নাটকৰ ধাৰাটিয়েও সম্পূৰ্ণৰূপে সামাজিক নাটকৰ সুঁতিটোকে অনুসৰণ কৰিলে৷ সেই সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তত চলা নাট্যপৰীক্ষাৰ তৰংগপ্ৰৱাহে অসমকো চুই যায়৷ সেই সময়ত প্ৰচলিত বিভিন্ন ধাৰাৰ নাটক পৰিৱেশনো অসমত ব্যাপকভাৱে প্ৰচলন হ’ল যদিও বিশেষ এটা ধাৰাৰ স্থায়ী সাঁচ যুগমীয়া নহ’ল৷ অৰূপ চক্ৰৱৰ্তী, মহেন্দ্ৰ বৰঠাকুৰ, ৰত্ন ওজা, আব্দুল মজিদ, হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰ, অতুল বৰদলৈ, অৰুণ শৰ্মা প্ৰভৃতি নাট্যকাৰসকলে অসমীয়া নাট্য সাহিত্যলৈ নতুনৰ বাৰ্তা আনিলে৷ ষাঠিৰ দশকতে আৰম্ভ হোৱা সেই নব্য নাট্যপ্ৰৱাহ সত্তৰ দশকত প্ৰৱেশ কৰি বৰ্তমানলৈকে প্ৰচলিত হৈ আছে৷ ষাঠিৰ দশকত যি ইংগিতৰ সূচনা হৈছিল সেই বৈচিত্ৰ্য আৰু অভিনৱত্বই সত্তৰ আৰু আশী দশকৰ পৰা এক সুনিৰ্দিষ্ট ৰূপ লাভ কৰে৷
সাহিত্যৰ যুগ বিভাজনৰ ক্ষেত্ৰত সমালোচক তথা সাহিত্যৰ বুৰঞ্জীকাৰসকলে ১৯৭০ চনৰ পৰা বৰ্তমান সময়লৈকে ৰচিত সাহিত্যৰাজিকহে সাম্প্ৰতিক কালৰ সাহিত্য হিচাপে চিহ্নিত কৰিছে৷ কিন্তু অসমীয়া নাটকৰ ক্ষেত্ৰত কোনখিনি সময়ৰ পৰা সাম্প্ৰতিক কাল হিচাপে চিহ্নিত কৰা হ’ব, সেয়া নিৰ্দিষ্টকৈ দেখুৱাই দিব নোৱাৰি৷ তথাপিও কেইবাটাও দিশ বিবেচনা কৰি সেই সময়সীমা ১৯৬৭ চনৰ পৰা নিৰ্ধাৰণ কৰিব পাৰা যায়৷
জ্যোতিপ্ৰসাদ আগৰৱালাৰ উত্তৰসুৰী হিচাপে আত্মপ্ৰকাশ কৰা অৰুণ শৰ্মাই ১৯৬১ চনত লিখি উলিয়াইছিল ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য’৷ সেই সময়ৰ প্ৰতিষ্ঠিত প্ৰায়বোৰ ধাৰণাৰ বিপৰীতে এইখন নাটকেৰে তেওঁ অসমীয়া নাট্য-সাহিত্যলৈ এটা নতুন ধাৰা সুমুৱাই আনিলে৷ সেই একে সময়তে ইংলণ্ডৰ পৰা নাট্য বিষয়ক প্ৰশিক্ষণ লাভ কৰি নিজৰ জন্মভূমিত নতুন ধাৰণাৰে, নব্য আলোকেৰে নাট মেলিবলৈ উভতি আহিল অসমৰে এজন যুৱক– কুলদা কুমাৰ ভট্টাচাৰ্য৷ তেওঁ ১৯৬৭ চনত পৰিচালনা কৰিবলৈ হাতত ল’লে অৰুণ শৰ্মা প্ৰণীত ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য’৷ প্ৰযোজনা কৰিছিল সেই সময়ৰ এটি অগ্ৰণী নাট্যদল ‘বৈজয়ন্তী নাট্যগোষ্ঠী’য়ে৷ পৰিচালনাৰ ক্ষেত্ৰত ভট্টাচাৰ্যই প্ৰচলিত পৰিৱেশন শৈলীৰ ঠাইত সেই সময়ত পাশ্চাত্যত বহুলভাৱে প্ৰচলিত শৈলী এটি গ্ৰহণ কৰিলে৷ এই নাটকখনি উপস্থাপনৰ বাবে তেওঁ অসমত পূৰ্বে প্ৰচলিত বাস্তৱধৰ্মী দৃশ্যসজ্জাৰ ঠাইত সাংকেতিক ধৰণৰ দৃশ্যসজ্জা এটি গ্ৰহণ কৰিলে৷ অৰ্থাৎ পোন প্ৰথমবাৰৰ বাবে অসমীয়া নাটকত ৰেম্প’ৰ (Ramp) প্ৰয়োগেৰে দৃশ্যসজ্জা কৰাৰ ধাৰণাটি আমদানি কৰিলে৷ তদুপৰি সেইখন নাটকেৰেতেওঁ পোহৰ পৰিকল্পনাৰ ধাৰণাটিও অসমীয়া নাট্য প্ৰযোজনাৰ অংগ কৰি তুলিলে৷ নাটৰ চৰিত্ৰৰ অন্তৰ্জগতৰ গতিয়ে চৰিত্ৰৰ বাহ্যিক গতিক কিদৰে প্ৰভাৱিত কৰে তথা চৰিত্ৰৰ ভাবৰ উঠা-নমাই কিদৰে পোহৰৰ বঢ়া-টুটাত প্ৰভাৱ পেলায় সেই বিষয়ে সচেতন হৈ তেখেতে পোহৰ পৰিকল্পনা কৰিছিল৷ পোহৰৰ গাঢ়তাৰ (Intensity of the lights) কম-বেছি, ৰঙৰ নিটোল প্ৰয়োগ তথা এক নিৰ্দিষ্ট স্থান (Zone)-ত আবদ্ধ পোহৰ আদিয়েও নাট পৰিৱেশনৰ দিশত পৰিচালকক সহায় কৰে৷ এই নব্য ধাৰণাটি অসমীয়া নাট্য প্ৰযোজনাৰ ক্ষেত্ৰখনলৈ আদৰি আনিলে৷ প্ৰযোজনাটি এনেদৰে গাঁথি উলিওৱাৰ বাবে সেই সময়ৰ অভিনেতা তথা প্ৰযোজনা কৰা নাট্যগোষ্ঠীটোৰ সৈতে তেওঁৰ মতবিৰোধ ঘটিছিল৷ পৰিশেষত পৰিচালনাৰ কাম আধাতে এৰি নাট পৰিৱেশনৰ কেইদিনমান আগতে কলিকতা (অধুনা কলকাতা)লৈ গুচি গৈছিল৷ নাটকখনি মঞ্চস্থ কৰা সময়ত যান্ত্ৰিক বিজুতিৰ বাবে আধাতে সামৰিব লগা হ’ল যদিও কুলদা কুমাৰ ভট্টাচাৰ্যই পৰিকল্পনা কৰা মতেই মঞ্চস্থ কৰিবলৈ চেষ্টা কৰা হৈছিল৷ এক অৰ্থত ক’ব পাৰি– এই প্ৰযোজনাটিৰ মাজেদিয়েই অসমীয়া নাটকে পৰিৱেশনগত দিশত নতুন সুঁতি ল’লে৷ সেই বাবেই ১৯৬৭ চনটিকে সাম্প্ৰতিক অসমীয়া নাটকৰ আৰম্ভণিৰ সময়সীমা বুলি বিবেচনা কৰিব পাৰোঁ৷ উল্লেখযোগ্য যে নাটকখনিৰ পৰিচালকৰ মতে সেই প্ৰযোজনাই অসমীয়া নাটকৰ ক্ষেত্ৰখনত কোনো ছাপ বহুৱাব নোৱাৰিলে৷ তথাপিও ক’ব লাগিব যে এই প্ৰযোজনাটিৰ পৰাই অসমীয়া নাটক পৰিৱেশনৰ শিল্পৰীতিৰ সংৰচনাৰ দিশত প্ৰকৃত অৰ্থত আধুনিকতাৰ আগমন ঘটিল৷
প্ৰণিধানযোগ্য যে সেই সময়ৰে পৰা অসমীয়া সমাজ জীৱন হৈ পৰিছিল অতিকে অস্থিৰ৷ অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপট বহু ঘটনা-পৰিঘটনাৰে পৰিপূৰ্ণ৷ বাংলাদেশৰ স্বাধীনতা আন্দোলন, অসম আন্দোলন আৰু তাৰ স্বপ্নভংগৰ যন্ত্ৰণা, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ উন্মেষ, তেওঁলোকে নিজৰ অস্তিত্বৰক্ষাৰ বাবে গঢ়ি তোলা সশস্ত্ৰ বিপ্লৱ, সামাজিক অবিচাৰৰ পটভূমিত বিপ্লৱৰ বিদ্যুৎ স্পৰ্শ, সুবিধাবাদী চৰিত্ৰৰ আত্মপ্ৰকাশ, কেইবাটাও সামৰিক অভিযান আদিৰে সংঘাতপূৰ্ণ৷ এই সকলো প্ৰতিকূলতাৰ বিপৰীতে অসমৰ প্ৰায় সকলো ঠাইতে নাটক পৰিৱেশন, প্ৰযোজনা হৈ আছিল৷ অস্থিৰ পৰিস্থিতিয়েও নাট্যকাৰ তথা পৰিচালকসকলক নাটক কৰাৰ পৰা বিৰত ৰাখিব পৰা নাছিল৷ অসম আন্দোলনৰ সময়খিনিতো উল্লেখযোগ্য নাটক মঞ্চস্থ হোৱা নাছিল যদিও নাট্য-প্ৰৱাহ একেবাৰে বন্ধ হৈ যোৱা নাছিল৷ নাটকসমূহ হৈ পৰিছিল সমসাময়িক সময়ৰ একো একোখন দলিল৷ বহুসময়ত নাটকসমূহৰ জৰিয়তে জনজাগৰণৰ সৃষ্টি কৰিবলৈও যত্নপৰ হোৱা পৰিলক্ষিত হয়৷ এই সময়ছোৱাতে কেইবাটাও উল্লেখযোগ্য নাট্য দল, কেইবাজনো প্ৰতিভাসম্পন্ন নতুন নাট্যকাৰ তথা পৰিচালকে অসমীয়া নাটকত দৃশ্যপটত ভূমুকি মাৰিলে৷
সত্তৰ দশকৰ আৰম্ভণিতে এক নব্য বিশেষত্বৰে অসমীয়া নাট্যক্ষেত্ৰখনলৈ আধুনিকতাৰ বাৰ্তা কঢ়িয়াই অনা আন এখন নাটক হ’ল ‘মা’৷ মেক্সিম গৰ্কীৰ প্ৰখ্যাত উপন্যাস মা-ৰ নাট্যৰূপ আছিল এইখন নাটক৷ পৰিচালনা কৰিছিল ৰত্ন ওজাই৷ উল্লেখযোগ্য যে এইখন নাটকতে অভিনেতা হিচাপে গুৱাহাটীৰ মঞ্চত ভূমুকি মাৰিছিল বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন যুৱকে৷ তেওঁ পাছলৈ অসমীয়া নাট্য ক্ষেত্ৰখনলৈ নিজস্ব ধৰণেৰে অৰিহণা আগবঢ়াইছিল৷ তেওঁ হ’ল স্বৰ্গীয় মুনীন ভূঞা৷ সেইসময়তে পৰিচালক হিচাপে ভূমুকি মাৰিছিল দুলাল ৰয়ে৷ ‘ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়’ আৰু পুনেৰ ‘ফ্লিম এণ্ড টেলিভিচন ইনষ্টিটিউট’ৰ স্নাতক দুলাল ৰয়ে একে সময়তে কেইবাখনো নাটক পৰিচালনা কৰি পোহৰ, শব্দ আৰু মঞ্চ পৰিকল্পনাৰ দিশত অভিনৱত্বৰ সূচনা কৰে৷ ১৯৭২ চনত তেওঁৰ পৰিচালনাৰে ‘নিউ আৰ্টচ প্লেয়াৰ্চে’ মঞ্চস্থ কৰে জৰ্জ বাৰ্ণাড শ্ব’ৰ ‘পিগমেলিয়ন’ৰ অসমীয়া অভিযোজনা ‘প্ৰেয়সী’৷ উল্লেখযোগ্য যে এইখন নাটকে নতুন দিল্লীতঅনুষ্ঠিত ৰাষ্ট্ৰীয় বহুভাষিক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ নাট্যদল আৰু শ্ৰেষ্ঠ অভিনেত্ৰী (সান্তনা বৰদলৈ)-ৰ বঁটা লাভ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিছিল৷ ১৯৭৬ চনত তেওঁৰ পৰিচালনাৰে মঞ্চস্থ হয় অৰুণ শৰ্মাৰ ‘আহাৰ’ আৰু অতুল বৰদলৈৰ ‘বৃক্ষৰ খোজ’৷ এই নাট প্ৰদৰ্শন দুটাৰ বিষয়ে সমালোকসকলৰ মন্তব্য– ‘‘অসমীয়া নাট্যৰ আধুনিক চৰ্চাৰ ক্ষেত্ৰত বৈপ্লৱিক ভূমিকা পালন কৰিছিল দুলাল ৰয় প্ৰযোজিত অৰুণ শৰ্মাৰ আহাৰ আৰু অতুল বৰদলৈৰ বৃক্ষৰ খোজে৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় এন. এচ. ডি.ত প্ৰশিক্ষিত দুলাল ৰয় আৰু তেওঁৰ সেই প্ৰযোজনা দুটাই গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল কেবাজনো তৰুণ তৰুণীক বৈজ্ঞানিক পদ্ধতিৰে প্ৰশিক্ষণ ল’বলৈ৷ তেতিয়াৰে পৰাহে আধুনিক নাট্য চৰ্চাৰ ধাৰাবাহিকতা আহিল৷’’ আনহাতে সেইসময়ৰ কাকতত এই পৰিৱেশন দুটাৰ বিষয়ে প্ৰকাশিত আন এটি মন্তব্যও স্মৰ্তব্য– ‘‘শ্ৰী ৰয়ে কেৱল অনুবাদ নাটৰ পৰিচালনাতহে দক্ষতা দেখুৱাব পাৰে বুলি তেওঁৰ ওপৰত থকা বহুদিনীয়া অভিযোগটি খণ্ডন কৰিব পাৰিছে৷ বিশেষকৈ অসমৰ জাতীয় নাট্যশালাৰ স্বপ্ন ৰচনাৰ পাতনিতে উচ্চ পৰ্যায়ৰ অসমীয়া নাটক প্ৰদৰ্শন কৰি তেওঁ অপৰিসীম নিষ্ঠা আৰু দূৰদৃষ্টিৰ পৰিচয় দাঙি ধৰিব পাৰিছে৷ ’’
এইকেইখনৰ উপৰি মোহন ৰাকেশৰ ‘আধে-অধুৰে (১৯৭৬), গগলৰ ৰেৱিচৰৰ অসমীয়া অভিযোজনা ‘চৰকাৰী ইন্সপেক্টৰ’ (১৯৭৭), চেমুৱেল বেকেটৰ ‘ৱেটিং ফৰ গডো’ৰ ড॰ শৈলেন ভৰালীয়ে কৰা অসমীয়া অনুবাদ ‘গডোৰ প্ৰতীক্ষাত’, এলবাৰ্ট কেম্যুৰ ‘কেলিগুলা’ (অসমীয়া অভিযোজনা বিমল কুমাৰ হাজৰিকা), সতীশ ভট্টাচাৰ্যৰ ‘মহাৰাজ’, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’, ফণী শৰ্মাৰ ‘চিৰাজ’, মলিয়েৰৰ ‘দি মাইজাৰ’ৰ অসমীয়া ৰূপান্তৰ ‘মাছৰ তেলেৰে মাছ’ (১৯৭৪), গাৰ্থিয়া ল’ৰ্কাৰ ‘হাউচ অব বাৰ্ণাড আলবাৰ’ৰ অসমীয়া অভিযোজনা ‘ফাটেমা বিবিৰ ঘৰ’ (১৯৭৪) আদি তেখেতৰ পৰিচালনাৰে মঞ্চস্থ হোৱা উল্লেখযোগ্য নাটক৷
এইসময়ৰ অসমৰ আন এজন উল্লেখযোগ্য নাট্যকাৰ হ’ল মহেন্দ্ৰ বৰঠাকুৰ৷ ১৯৭১ চনত প্ৰগতি শিল্পী সংঘৰ বাবে লিখা ‘জন্ম’ শীৰ্ষক নাটকখনিৰে তেওঁ অসমীয়া নাট্যক্ষেত্ৰত প্ৰৱেশ কৰিলে৷ এইখন নাটকৰ বাবে ১৯৭৩ চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মানো তেওঁ লাভ কৰিছিল৷ তেওঁ প্ৰধানতঃ অসমৰ ভ্ৰাম্যমাণ নাট্য দলৰ বাবে নাট ৰচনা কৰিছিল যদিও অব্যৱসায়ী নাট্য দলৰ বাবেও নাটক ৰচনা নকৰাকৈ থকা নাছিল৷ সেইবোৰৰ ভিতৰত ‘শিপা’ (১৯৮২), ‘পিতামহৰ শৰশয্যা’ (১৯৮২), ‘আঁহতগুৰিৰ নতুন বাট’ (১৯৮২), ‘এই মাটিতে’ (১৯৮২), ‘‘শ’ৰাগুৰি চাপৰি’’ (১৯৮৩), ‘দধীচি’ (১৯৮৫), ‘মুখ্যমন্ত্ৰী’ (১৯৮৮), ‘সম্ৰাট আৰু সুন্দৰী’ (১৯৮৯), ‘মাজনিশাৰ চিঞৰ’ (১৯৯৪), ‘বলিয়া মেঘ’ (১৯৯৪), ‘বিষ্ণুপ্ৰসাদ’ (১৯৯৯) আদি উল্লেখযোগ্য৷ এই নাটকসমূহ অসমৰ ভ্ৰাম্যমাণ মঞ্চৰ উপৰি বিভিন্ন অব্যৱসায়িক মঞ্চটো সমানে সমাদৃত৷ তথাপিও স্মৰ্তব্য যে এইবোৰ নাটকে পৰিৱেশনগত দিশত বৰ বেছি নতুনত্ব দেখুওৱাব পৰা নাই৷ সেই বাবেই কুলদা কুমাৰ ভট্টাচাৰ্যই মন্তব্য আগবঢ়াইছে– ‘‘তেওঁৰ নাটকবোৰ বাস্তৱতা আৰু সামাজিক দায়িত্ববোধৰ দ্বাৰা নিয়ন্ত্ৰিত৷ ফলত নাট্যৰ ক্ষেত্ৰত জন্মৰ বাহিৰে আনবোৰত বিশেষ পৰীক্ষা-নিৰীক্ষা নাই৷ ’’
এইসময়ৰ আন কেইজনমান উল্লেখযোগ্য নাট্যকাৰ আৰু পৰিচালক হ’ল– অৰুণ শৰ্মা, সত্যপ্ৰসাদ বৰুৱা, হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰ, বসন্ত শইকীয়া, যুগল দাস, ড॰ অখিল চক্ৰৱৰ্ত্তী, সতীশ ভট্টাচাৰ্য, কৰুণা ডেকা, ৰফিকুল হোছেইন, আলি হাইদৰ, ৰমণী বৰ্মন, ভূপেন গোস্বামী, ড॰ অমৰ জ্যোতি চৌধুৰী, ঐশ্বৰ্য কাকতি, ড॰ সীতানাথ লহকৰ, অবিনাশ শৰ্মা, লিয়াকৎ আলি, সঞ্জীৱ হাজৰিকা, নয়ন প্ৰসাদ, তপন দাস, মৃদুল ভূঞা, অৰূপ বৰঠাকুৰ, হৰেণ বৰঠাকুৰ, অজিত মহন্ত, প্ৰমোদ দাস, বসন্ত দাস, প্ৰশান্ত শৰ্মা, ড॰ অনিল শইকীয়া, দীপক মহন্ত, অমৰ শৰ্মা, বাহাৰুল ইছলাম, ভাগীৰথী, সপোনজ্যোতি ঠাকুৰ, জ্যোতিপ্ৰসাদ দাস, দীপক গগৈ, নৰেন পাটগিৰি, গুণাকৰ দেৱ গোস্বামী, পংকজজ্যোতি ভূঞা, অৰ্পণ বেজবৰুৱা, অনুপ হাজৰিকা, পাকিজা বেগম, গিয়াচউদ্দিন আহমেদ, জ্যোতি নাৰায়ণ নাথ, জিন্তু হাজৰিকা, দেৱব্ৰত বৰঠাকুৰ, ড॰ পৰমানন্দ ৰাজবংশী, ডা° জয়ন্ত দাস, ৰবিজিতা গগৈ, পবিত্ৰ ৰাভা, শুক্ৰাচাৰ্য ৰাভা, ড॰ মৃণাল জ্যোতি গোস্বামী, কুশল ডেকা, মৃণাল বৰা, শতদল বৈশ্য, জ্যোতি প্ৰসাদ ভূঞা, পবিত্ৰ চেতিয়া, ড° নিলীম চেতিয়া, মনবেন্দ্ৰ ৰাংহাং চৌধুৰী, হিমাশু প্ৰসাদ দাস, মণিমালা দাস আদি৷ এইসকল নাট্যকাৰ-পৰিচালকৰ উপৰি অসমৰ বিভিন্ন ঠাইত বহু নাট্যকাৰ-পৰিচালকে নিজস্ব ধৰণে অসমীয়া নাটকৰ ক্ষেত্ৰখনত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে সাৰুৱা কৰি ৰাখিছে৷
ঠিক সেইদৰে এই সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত কেইবাটাও নাট্য দল জন্ম হোৱাৰ লগতে পুৰণি কেইবাটাও নাট্য দলে নতুন ধৰণে উল্লেখযোগ্য নাটক নিবেদন কৰি অসমীয়া নাটকৰ ক্ষেত্ৰখন উজ্জ্বীৱিত কৰি তুলিছে৷ সময়ৰ বুকুত কেইবাটাও নাট্য দল হেৰাই গ’ল যদিও অসমীয়া নাটকলৈ তেওঁলোকৰ অৱদান অপৰিসীম৷ তেনে দুটিমান নাট্য দল হ’ল– ‘বৈজয়ন্তী নাট্যগোষ্ঠী’, ‘প্ৰগতি নাট্য সংঘ’ আদি৷ বৰ্তমানো নাট্য চৰ্চা অব্যাহত ৰখা ‘নিউ আটৰ্চ প্লেয়াৰ্চে’ ১৯৬৭ চনতে গুৱাহাটীৰ জিলা পুথিভঁৰালত ‘বনহংসী’ নাটকেৰে নিয়মিয়াকৈ নাট প্ৰযোজনা কৰিবলৈ চেষ্টা কৰিছিল৷ ঠিক সেইদৰে ১৯৯৮ চনত অৰূপ চক্ৰৱৰ্তীৰ পৰিচালনাৰে অতুলচন্দ্ৰ হাজৰিকাৰ ‘নৰকাসুৰ’ নাটকখন কামাখ্যা মন্দিৰৰ মুকলি প্ৰাংগণৰ প্ৰাকৃতিক পৰিৱেশত পৰিৱেশন কৰিছিল৷ উল্লেখযোগ্য যে এনেদৰে মুক্তাঙ্গণত নাটক পৰিবেশন কৰা ধাৰণাটি অসমৰ বাহিৰে দেশৰ আনবোৰ ঠাইত সুলভ আছিল৷ গণ নাট্য সংঘৰ অসম শাখাই কেইবাখনো নাটক এনেদৰে উপস্থাপন কৰাৰ উপৰি তেজপুৰৰ দীপক মহন্তই বাদল সৰকাৰৰ কেইবাখনো নাটক অসমীয়ালৈ অনুবাদ কৰি এনেদৰে উপস্থাপন কৰিছিল৷ ঠিক সেইদৰে দুলাল ৰয়ে ‘কাৰেঙৰ লিগিৰী’ মঞ্চস্থ কৰিছিল৷ এই সময়ৰ কেইটিমান উল্লেখযোগ্য নাট্য দলৰ ভিতৰত গুৱাহাটীৰ ‘সূৰ্য্য’ অন্যতম৷ ১৯৮৫ চনত স্থাপিত এই সংঘটিয়ে ‘কুকুৰনেচীয়া মানুহ’, মহাৰাজ, ‘হোলী’, ‘যযাতি’, ‘তদন্ত’, ‘ভয়’ আদি নাটক সাৰ্থকভাৱে প্ৰযোজনা কৰিছে৷ ২০১০ চনত তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখন ‘ৰাষ্ট্ৰীয় নাট মহোৎসৱ’ৰো আয়োজন কৰিছিল৷ সেইদৰে গুৱাহাটীৰে ‘নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী সমিতি’ৰ প্ৰণিধানযোগ্য প্ৰযোজনাসমূহ হ’ল– ‘চিৰাজ’, ‘ন্যায়নিষ্ঠা’, ‘ডেৰ ইঞ্চি ওপৰত’ ইত্যাদি৷ স্মৰ্তব্য যে তেওঁলোকে অৰুণ শৰ্মাৰ নাটকসমূহৰ এক নিৰ্বাচিত সংকলন প্ৰকাশ কৰাৰ লগতে কেইবাখনো নাট্য বিষয়ক অসমীয়া গ্ৰন্থ প্ৰকাশ কৰিছে৷ আনহাতে প্ৰতি বছৰে নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ সফলভাৱে আয়োজন কৰি অসমীয়া নাট্য চৰ্চাৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই আহিছে৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক বাহাৰুল ইছলাম আৰু তেওঁৰ পত্নী ভাগীৰথীয়ে ছিগাল থিয়েটাৰ স্থাপন কৰি ‘উৰুখা’, ‘অভিমন্যু’, আহাৰৰ এদিন, ‘পৰশুৰাম’, ‘শৰাইঘাট’, ‘গাধনৃত্য’, ‘যাত্ৰা’, ‘এডাল সেউজীয়া সাপ’, ‘আকাশ’ আদি নাট অসমৰ উপৰি দেশৰ বিভিন্ন ঠাইত, বিভিন্ন নাট সমাৰোহত মঞ্চস্থ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিছে৷ অসমীয়া নাটকলৈ তেওঁলোকৰ প্ৰধান অৱদান হ’ল – ১৯৯৫ চনত প্ৰতিষ্ঠা কৰা ছিগাল থিয়েটাৰ একাডেমী৷ বৰ্তমানলৈকে প্ৰতি বছৰে ১৫-২০জন শিক্ষাৰ্থীক নাট্য বিষয়ক বিজ্ঞানসন্মত প্ৰশিক্ষণ প্ৰদান কৰি অসমত নাট্য চৰ্চাৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত এই প্ৰশিক্ষণ কেন্দ্ৰটিৰ অৱদান প্ৰায় অদ্বিতীয় বুলিব পাৰি৷ ইয়াৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, সংগীত নাটক অকাডেমী আৰু নিজস্ব প্ৰচেষ্টাৰে কেইবাটিও নাট কৰ্মশালা আয়োজন কৰিছে৷ ২০১০ চনৰ পৰা উদীয়মান নাট্যকৰ্মীসকলক অনুপ্ৰেৰণা যোগাবৰ বাবে দুটাকৈ বঁটা প্ৰদান কৰিছে৷ লগতে তাৰ আগৰ বছৰৰ পৰা ‘ছিগাল নাট্যমেলা’ (Seagull North East Theatre Festival) আয়োজন কৰি নবীন পৰিচালকৰ নাট মঞ্চস্থ কৰিবলৈ সুবিধা দি অনুপ্ৰেৰণা যোগাইছে৷ ঠিক সেইদৰে গুৱাহাটীৰে ‘কথা’ নাট্য দলৰ ‘পুৰুষ’, ‘মমৰ ঘৰ’, ‘অস্তৰাগ’ অদি সাৰ্থক প্ৰযোজনা৷ গুণাকৰ দেৱ গোস্বামীৰ পূৰ্বৰংগই থলুৱা পৰম্পৰাগত লোক-নাট্যশৈলী আৰ্হিত উপস্থাপন কৰিছিল ‘জেৰেঙা’, ‘সতী’, ‘বীৰাঙ্গনা’, ‘দেওধাই’৷ এই নাট্য দলটিৰ আন কেইখনমান উল্লেখযোগ্য নাট প্ৰযোজনা হ’ল– ‘মাদল’, ‘কালান্তৰৰ গদ্য’, ‘মা’, ‘সন্ত্ৰাস’, ‘হুইল চেয়াৰ’ আদি৷ নৰেন পাটগিৰিৰ ৰচনা আৰু পৰিচালনাৰে ‘থিয়েটাৰ গীল্ডে’ প্ৰযোজনা কৰা নাটসমূহৰ ভিতৰত– ‘ৰজা আহে’, ‘কৰ্ণকথা’, ‘এদল একলব্য’ আদি প্ৰণিধানযোগ্য৷ ডিফুত জন্ম লাভ কৰিলেও কৰ্মক্ষেত্ৰ হিচাপে গুৱাহাটীকে বাচি লোৱা জিৰছং থিয়েটাৰৰ উল্লেখনীয় প্ৰযোজনাসমূহ হ’ল– ‘নিশাৰ ৰাগিনী’, ‘ৰংফাৰপী ৰংবে’, ‘মৃত্যুৰ ডাঠ ছাঁ’, ‘থং নক্‌বে’, ‘গাথা-the 1st text’, ‘যাত্ৰা শুভ হওক’, ‘নেওতা নিৰ্মাণ’, ‘ৰজাই হুকুম দিছে’ আদি৷ ৰূপালী জয়ন্তী বৰ্ষ গৰকা ‘সমাহাৰ’ নাট্যগোষ্ঠীয়েও ‘কহয় চণ্ডীদাস’, ‘মা নিষাদা’ আদি উল্লেখযোগ্য নাট প্ৰযোজনা কৰাৰ লগতে অসমৰ নাট্যক্ষেত্ৰৰ এজন পুৰুধা ব্যক্তি ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত ‘ব্ৰজনাথ শৰ্মা নাট সমাৰোহ’ৰ আয়োজন কৰি অসমৰ নাট্যক্ষেত্ৰক ত্বৰান্বিত কৰি ৰাখিছে৷ ‘বা’ নাট্য দলৰ ‘আহাৰৰ এদিন’, ‘চৰণদাস চোৰ’, ‘মেনকা’, ‘অগ্নিগড়’ আদি উল্লেখযোগ্য প্ৰযোজনা৷
ডিব্ৰুগড় জিলাৰ ভাবীকালে ‘এণ্টিগণি’; বিজয় সংঘই ‘সভ্যতাৰ সংকট’, ‘কোৰাছ’, ব্ৰেখটৰ ‘থ্ৰি পেনি অপেৰা’ৰ অসমীয়া অনুবাদ; নাট্যচৰ্চাই ‘জৰৌ-ৰৌৱা পৰজা’, ‘হাতী আৰু ফান্দী’, ‘সন্ধিক্ষণ’, ‘ন্যায়নিষ্ঠা’, ‘মা’, ‘হানুচ’; চয়নিকাই ‘গোমধৰ কোঁৱৰ’, ‘মহাৰাজ’, ‘ক্ৰান্তিকালৰ গদ্য’, ‘কুশল কোঁৱৰ’ আদি নাট পৰিৱেশন কৰি দৰ্শক-সমালোচকৰ পৰা সমাদৃত হৈছে৷ ১৯৯২ চনৰ পৰা চয়নিকা নাট্যদলটিয়ে প্ৰতিবছৰে ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ পাতি আহিছে আৰু নাট সমাৰোহখনৰ স্মৃতি স্থায়ী কৰাৰ মানসেৰে নাট্য বিষয়ক বিভিন্ন প্ৰবন্ধ, বিভিন্ন নাটকৰ আলোচনা আদি সন্নিৱিষ্ট কৰি একোখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি আহিছে৷ ইয়াৰ উপৰি আখৰাঘৰ, বিজয় সংঘ, চৌকিডিঙ্গি ইউথ ক্লাৱ আদি নাট্যদলে ডিব্ৰুগড়ৰ নাট্যক্ষেত্ৰখন জীপাল কৰি ৰাখিছে৷
লখিমপুৰ জিলাৰ নাট্য বিকাশ কেন্দ্ৰ বা নাবিকে (স্থাপিত ১৯৭৯ চন) ‘বুৰঞ্জীপাঠ’, ‘অন্য এক অধ্যায়’, ‘এখন নিলাজ মানুহৰ দেশ’, ‘যুগসন্ধিৰ কাব্য’ আদি সফলভাৱে উপস্থাপন কৰিছিল৷ তেওঁলোকে ১৯৮৮, ১৯৯০, ১৯৯৩, ১৯৯৫ আৰু ২০০০ চনত নাট-সমাৰোহ আয়োজন কৰাৰ লগতে নাট্য-আন্দোলন নামৰ এখন নাট্যবিষয়ক আলোচনীও প্ৰকাশ কৰিছিল৷ ১৯৮৬ চনত আলি হাইদৰৰ যত্ন আৰু প্ৰচেষ্টাত জন্ম লাভ কৰা নাট্য দল নাট-সৈনিকে ‘নাস্তিক’, ‘হিয়াৰ পুং’, ‘এক দিন কা বাদশ্বাহ’, ‘নৈশযুদ্ধ’, ‘একাংগীগ্ৰস্ত ক্লান্তি’ আদি সফলভাৱে মঞ্চস্থ কৰি অসমীয়া নাটকৰ ক্ষেত্ৰখনত নিজস্ব স্থিতি সবলভাৱে উপস্থাপন কৰিছে৷ ইয়াৰ লগতে অধুনা স্থৱিৰ ‘নাটঘৰ’ আৰু ‘মিলিত শিল্পী সংঘ’ই এটা সময়ত অসমীয়া নাটকলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে৷
যোৰহাটৰ যোৰহাট থিয়েটাৰ, শিল্প; নগাঁৱৰ নগাঁও নাট্য সমিতি, ৰংগালয়; তেজপুৰৰ বাণ ৰংগমঞ্চ, মণিকূট কলাক্ষেত্ৰ, অসমীয়া সাংস্কৃতিক সমাজ, জংগম (অধুনা স্থৱিৰ), অনামিকা যুৱ-সমাজ (অধুনা স্থৱিৰ); জামুগুৰিহাটৰ বাপুজী ভৱন নাট্য সমিতি; চতিয়াৰ ভিলেজাৰ, ইষ্টান্তিক, চতিয়া নাট্য সমাজ; বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য সমাজ; বিহপুৰীয়াৰ সন্মিলিত নাট সমাজ; দেৰগাঁৱৰ নাট্য চৰ্চা কেন্দ্ৰ; গোলাঘাটৰ এমেশ্যাৰ থিয়েটাৰ ছ’চাইটি; শিৱসাগৰৰ নাট্যপীঠ, শিৱসাগৰ নাট্য সমাজ, নাটকথা, নৱজাগৰণ; দুলীয়াজানৰ পথাৰ, কঠীয়া; বৰপেটাৰ ৰংঘৰ, দাপোন; নলবাৰীৰ ৰঙ্গমণ্ডল; মংগলদৈৰ জিপছি গিল্ড; ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখা, জন সংস্কৃতি পৰিষদ, অসম নাট্য সন্মিলনৰ বিভিন্ন শাখাসমূহে বিভিন্ন সময়ত বিবিধ পৰীক্ষা-নিৰীক্ষাৰে উল্লেখযোগ্য নাট প্ৰদৰ্শন কৰি অসমীয়া নাটকক জগত সভালৈ লৈ যাবলৈ যত্নপৰ৷ ইয়াৰ উপৰি অসমৰ বিভিন্ন ঠাইত বহুতো সৰু-ডাঙৰ নাট্যগোষ্ঠীয়ে নীৰৱচ্ছিন্নভাবে নাট প্ৰযোজনা কৰি অসমৰ নাট্যক্ষেত্ৰলৈ অৱদান আগবঢ়াই আহিছে৷
সত্তৰ দশকতে অসমীয়া নাট্যধাৰাত জাৰ্মান দেশীয় নাট্যমঞ্চত জনপ্ৰিয় হোৱা এপিক থিয়েটাৰ আৰু আমেৰিকাত আলোড়ন সৃষ্টি কৰা এবছাৰ্ড নাটকেও ঠাই পালে৷ দুটাকৈ বিধবংসী যুদ্ধৰ পাচত পশ্চিমীয়া মানুহৰ জীৱনবোধৰ মোহভংগ, মোহভংগৰ যন্ত্ৰণাৰ প্ৰকাশেৰে আৰম্ভ হোৱা এবছাৰ্ড নাটক অসমীয়াত ৰচনা কৰিলে অৰুণ শৰ্মাই৷ তেওঁৰ আহাৰ এখন সাৰ্থক এবছাৰ্ড নাটক৷ এইখনৰ লগতে বসন্ত শইকীয়াৰ মৃগতৃষ্ণা, মানুহ আৰু অসুৰ আদি উল্লেখযোগ্য এবছাৰ্ড নাটক৷ সত্তৰ দশকত ওলোৱা কেইখনমান নাটকত সমাজবাদী আৰু যু্‌ক্তিবাদী চিন্তাৰ লগতে চৰিত্ৰৰ অন্তদ্বৰ্ন্দ্বৰ মনস্তাত্বিক প্ৰকাশ ঘটা দেখা যায়৷ এইবোৰৰ ভিতৰত হিমেন্দ্ৰ বৰঠাকুৰৰ ‘বাঘ’, অৰুণ শৰ্মাৰ ‘চিঞৰ’, অখিল চক্ৰৱৰ্তীৰ ‘উত্তৰ পুৰুষ’ আদি উল্লেখযোগ্য৷ এনে ধৰণৰ চিন্তাধাৰা আগতে সুলভ নাছিল৷ সত্তৰ দশকৰ পাছৰ নাটকত বিষয়বস্তু ফ্ৰয়েডীয় মনোবিশ্লেষণৰ মাজতে সীমাবদ্ধ নাথাকি সমাজ ব্যৱস্থাৰ বাবে সৃষ্টি হোৱা যুৱ-অশান্তি, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ উন্মেষ আৰু সশস্ত্ৰ সংগ্ৰাম আদিৰ দৰে বিষয়বস্তুয়েও ঠাই পালে৷
ষাঠিৰ দশকত ভাৰতৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোৱা নাটকত লোকনাট্যৰ আংগিকৰ ব্যৱহাৰে আশীৰ দশকত অসমীয়া নাটকত প্ৰৱেশ কৰিলে৷ অসমৰ সমৃদ্ধ লোকনাট্যৰ আংগিক আৰু শৈলীৰ প্ৰয়োগ শংকৰদেৱৰ সৃষ্টি অংকীয়া নাটতো হৈছিল৷ জ্যোতিপ্ৰসাদেও বিবিধ অসমীয়া লোকগীতৰ সুৰ তেওঁৰ নাটকৰ গীতত ব্যৱহাৰ কৰিছিল৷ বৰ্তমানো কেইবাজনো নাট্যকাৰ-পৰিচালকে লোকনাট্যৰ আংগিকৰ সাৰ্থক প্ৰয়োগেৰে এক নতুন আংগিকৰ সন্ধানত অহো-পুৰুষাৰ্থভাৱে চেষ্টা কৰি আছে৷ এই সময়ছোৱাতে কেইবাজনো অসমীয়া যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নাট্য বিষয়ক প্ৰশিক্ষণ লাভ কৰি অসমলৈ উভতি আহি নতুন নতুন নাট্যধাৰাৰে অসমীয়া নাটকক প্ৰাণ দিবলৈ যত্নপৰ হ’ল৷ ইয়াৰ উপৰি এই সময়ছোৱাত অসমত প্ৰচলিত ভ্ৰাম্যমাণ নাটকৰ বাবে ভবেন্দ্ৰ নাথ শইকীয়া, জীতেন শৰ্মা, মুনীন বৰুৱা, হেমন্ত দত্তই ৰচনা কৰা নাটসমূহ উল্লেখযোগ্য৷ অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা একাংকিকা নাটকসমূহেও অসমীয়া নাট্যধাৰাটিলৈ নতুনত্বৰ বতৰা কঢ়িয়াইছে৷ তদুপৰি বিভিন্ন বিখ্যাত নাটকৰ অসমীয়া অনুবাদ তথা প্ৰদৰ্শন হৈয়েই আছে৷
উপৰ্যুক্ত আলোচনাৰ পৰা প্ৰতিপন্ন হৈছে যে এই সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত বিভিন্ন নাট্যকৰ্মীয়ে নিজস্ব পৰিৱেশনশৈলী, কাৰিকৰী কৌশল, বিভিন্ন পৰীক্ষা-নিৰীক্ষা তথা ধাৰণাৰে নাটক পৰিৱেশন অব্যাহত ৰাখিছে৷ অসমৰ নাট্য-পৰিমণ্ডল সৃজনীশীল কৰি ৰাখিবলৈ অনেক নিষ্ঠাৱান নাট্যকৰ্মীয়ে জীৱনমুখী গতিময়তা আৰু অক্লান্ত পৰিশ্ৰমেৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এক ইতিবাচক গণনাট্যৰ ভেটি নিমাৰ্ণ কৰিছে৷ এই সময়ছোৱাত আমাৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰা অসমীয়া নাটকৰ প্ৰধান সমস্যাসমূহ তলত দিয়া ধৰণে লিপিবদ্ধ কৰিব পাৰি –
• মঞ্চ আৰু তাৰ প্ৰয়োজনীয় আন্তঃগাঁথনি : নাটক এখন পৰিৱেশন কৰিবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল পৰিৱেশনৰ স্থান৷ সাম্প্ৰতিক সময়ত পৰিৱেশিত প্ৰায় ভাগ নাটকেই উপস্থাপন কৰা হৈছে প্ৰছেনিয়াম মঞ্চত৷ প্ৰংসগক্ৰমে উল্লেখ কৰিব পাৰি যে, এখন সুন্দৰ আৰু প্ৰয়োজনীয় অন্তঃগাঁথনিৰে পূৰ্ণ নাট্য মঞ্চতহে সাৰ্থক আৰু সুন্দৰভাৱে কোনো নাটক উপস্থাপন কৰিব পাৰি৷ তদুপৰি সম্পৰীক্ষামূলক নাট্য পৰিৱেশনৰ বাবেও লাগে প্ৰয়োজনীয় অন্তঃগাঁথনিৰে পৰিপূৰ্ণ এটি নাট্য মঞ্চ তথা প্ৰেক্ষাগৃহ৷ গুৱাহাটী চহৰ অঞ্চলৰ লগতে সামগ্ৰিকভাৱে অসমৰ প্ৰেক্ষাগৃহসমূহ ব্যক্তিগতভাৱে কৰা পৰ্যৱেক্ষণ আৰু বিভিন্ন নাট্য কৰ্মীৰ লগত হোৱা কথোপকথনৰ আধাৰত এটা সিদ্ধান্তত উপনীত হ’ব পৰা যায় যে সামগ্ৰিকভাৱে অসমৰ সকলোবিলাক নাট্য মঞ্চতে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আছে৷ তদুপৰি বিভিন্ন সময়ত প্ৰেক্ষাগৃহ আধুনিকীকৰণৰ বাবেও বহু সময় নাট্য মঞ্চসমূহ বন্ধ হৈ থকাত নাট্য দলসমূহৰ নাটক পৰিৱেশনত অসুবিধাৰ সৃষ্টি হয়৷ জিৰছং থিয়েটাৰৰ কৰ্ণধাৰ ৰবিজিতা গগৈয়ে এঠাইত লিখি গৈছে – ‘‘ৰবীন্দ্ৰ ভৱন অবিহনে অসমীয়া নাটকৰ পৰা কিছুদিন বিৰতিয়েই ল’ব লাগিব বুলি ভবা জিৰছং থিয়েটাৰৰ শিল্পীসকলে ডেৰটা বছৰত তিনিখন নাটক কৰিলে৷ সূৰ্য্যৰ সেই ২৫ ফুট দীঘল, ১২ ফুট বহল মজিয়াখনেই এতিয়া বহুকেইটা নাট্যদলৰ বিভিন্ন চিন্তা-চৰ্চা, সাধনা আৰু পৰিৱেশনাৰ সাক্ষী৷ ’’ (গগৈ, ২০০৬, পৃ. ৪৭) এই কথাখিনিয়েই প্ৰমাণ স্বৰূপ গুৱাহাটী তথা সামগ্ৰিকভাৱে অসমৰ নাট্য মঞ্চৰ অৱস্থা কেনে৷
আনহাতে অসমৰে শ্ৰেষ্ঠ প্ৰেক্ষাগৃহ বুলি বিবেচিত ‘ৰবীন্দ্ৰ ভৱন’ তথা আন আন উল্লেখযোগ্য প্ৰেক্ষাগৃহ কেইটাতো যে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আছে তাৰ প্ৰমাণ স্বৰূপে উল্লেখ কৰিব পাৰি এষাৰ কথা – ‘‘গুৱাহাটীত থকা ৰবীন্দ্ৰ ভৱন, মাছখোৱা প্ৰাগ্‌জ্যোতি সাংস্কৃতিক প্ৰকল্প বা কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ কোনোটোতেই পোহৰ প্ৰক্ষেপণৰ বাবে প্ৰয়োজনীয় সুবিধা লাভ কৰা নাযায়৷ উদাহৰণস্বৰূপে ৰবীন্দ্ৰ ভৱনৰ ডাউন ষ্টেজত পোহৰ নিক্ষেপ কৰিবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী লগোৱাৰ ঠাই নাই৷ সেই ঠাইখিনি পোহৰাবৰ বাবে যিখিনি ঠাইত পোহৰ প্ৰক্ষেপণৰ সামগ্ৰী লগোৱাৰ সুবিধা আছে সেই ঠাইবোৰৰ পৰা নিৰ্দিষ্ট ঠাইখিনি পোহৰাবৰ বাবে প্ৰয়োজনীয় কৌণিক মান আৰু মাত্ৰা লাভ কৰা নাযায়৷ সেইবাবেই আমি পোহৰ পৰিকল্পনা কৰোঁতে এক নিৰ্দিষ্ট বাধাৰ মাজেদিহে সেয়া কৰিব পাৰোঁ৷’’ এয়া এক ধৰণৰ আন্তঃগাঁথনিৰ অভাৱ বুলিয়েই ক’ব পাৰি৷ অসমৰ নাট্য চৰ্চাৰ বিকাশৰ বাবে বিজ্ঞানসন্মত আন্তঃগাঁথনি গঢ়ি তুলিবই লাগিব৷ তথাপিতো এটা কথা ক’ব পাৰি যে ইমান প্ৰতিকূলতাৰ পাছতো অসমৰ নাট্য চৰ্চা ব্যাহত হোৱা নাই৷ নাট্য কৰ্মীসকলে বিকল্প স্থানৰ সন্ধান কৰি হ’লেও নাটক পৰিৱেশন কৰিছে, দুই এক নাট্য দলে নিজাকৈ সৰু ষ্টুডিঅ’ থিয়েটাৰ নিৰ্মাণ কৰি হ’লেও নাট্য চৰ্চা অব্যাহত ৰাখিছে, নতুন সম্পৰীক্ষা কৰি আহিছে৷ এয়া আমাৰ বাবে বিভিন্ন প্ৰতিকূলতাৰ মাজতো আশাৰ বতৰা৷
একে সময়তে প্ৰাকৃতিক পৰিৱেশত বহু নাট্যদলে নাটকৰ পৰিৱেশন কৰাৰ লগতে নাট্য উৎসৱ অনুষ্ঠিত কৰিবলৈ লৈছে৷ কিন্তু এইখিনিতেই আমাৰ দৃষ্টিত পৰা দুটামান কথা উল্লেখ কৰি যাব বিচাৰিছোঁ—
o এই নাট্য উৎসৱসমূহত এক বিকল্প পৰিৱেশন স্থানৰ ধাৰণাটি গ্ৰহণ কৰিব বিচৰা হৈছে যদিও বেছিভাগতে গ্ৰীক এৰেণা তথা প্ৰচেনিয়ামৰ দৰে বেকড্ৰপ, উয়িংচ (হয়তো সেয়া বাঁহ, খেৰ, কলপাতৰে নিৰ্মিত) নিৰ্মাণ কৰি লৈছে আৰু সম্মুখভাগত প্ৰচেনিয়ামৰ আৰ্চৰ ব্যৱস্থা কৰি লৈছে৷
o Site specific Artৰ ধাৰণাত পৰিৱৰ্তে প্ৰচেনিয়াম মঞ্চৰ উপযোগী নাটকখনেই কেৱল পৰিৱেশন কৰাৰ স্বাৰ্থত পূৰ্বে ব্যৱহাৰ কৰা আলংকাৰিক উপাদানসমূহ (পোহৰ ব্যৱস্থা, দৃশ্যসজ্জা, ৰূপসজ্জা ইত্যাদি) বৰ্জন কৰি উপস্থাপন কৰিছে৷
o দৰ্শকসকলকো বহাৰ বাবে এক ধৰণৰ নিৰ্দিষ্ট স্থান নিৰ্মাণ কৰি দিছে (ক’ৰবাত খেৰ পাৰি, ক’ৰবাত চকী বা ক’ৰবাত বাঁহেৰে গেলাৰী নিৰ্মাণ কৰি)৷তাৰ ফলত নাট্য প্ৰদৰ্শনসমূহে ক’ৰবাত বাধাগ্ৰস্ত হয় যেন আমি বোধ কৰোঁ৷
• শিল্পী, নাট্য প্ৰশিক্ষণ আৰু আৰ্থিক দিশ : নাটক পৰিৱেশ্য কলা৷ কোনো নাটকৰ মঞ্চায়নৰ কথা আহি যোৱাৰ লগে লগে অৱধাৰিতভাৱে আহি পৰা আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল – শিল্পী৷ শিল্পী বুলি ক’লে নাটকৰ ক্ষেত্ৰত অভিনয় শিল্পীৰ লগতে কাৰিকৰী দিশৰ শিল্পীসকলৰ কথাও ক’ব লাগিব৷ অসমৰ নাট্য ক্ষেত্ৰখন বিচাৰ-বিশ্লেষণ কৰিলে চকুত পৰে যে, মঞ্চত অভিনয় কৰিবলৈ শিল্পী পোৱা যায় যদিও কাৰিকৰী দিশৰ শিল্পীৰ বহু অভাৱ৷ বিশেষকৈ পোহৰ পৰিকল্পনা, সংগীত, দৃশ্যসজ্জা, ৰূপসজ্জা আদি সকলো দিশতে সেই অভাৱ অনুভূত হয়৷ একোজন পৰিচালকেই প্ৰায় সকলো বিলাক দিশতে চকু দিবলগীয়া হোৱাত তেওঁলোকে প্ৰতিটো দিশত সমানে গুৰুত্ব প্ৰদান কৰিব নোৱাৰে৷ তদুপৰি অভিনয়ৰ লগতে আন আন কাৰিকৰী দিশবোৰৰ বাবেও যে অধ্যয়ন, প্ৰণালীবদ্ধ অনুশীলন তথা প্ৰশিক্ষণৰ প্ৰয়োজন সেই কথা নাট্য কৰ্মীসকলে অনুভৱ নকৰে৷ তদুপৰি এই সকলোবিলাক দিশ সূচাৰুৰূপে শিকাবৰ বাবে অসমত কোনো এখন প্ৰণালীবদ্ধ, বিজ্ঞানসন্মত আৰু সম্পূৰ্ণৰূপে আন্তঃগাঁথনি থকা প্ৰশিক্ষণ কেন্দ্ৰ পোৱা নাযায়৷ যিখিনি নাট্য বিদ্যালয় আছে তাৰে প্ৰায় ভাগতে সাধাৰণভাৱে অভিনয়ৰ অ, আ, ক, খ শিকোৱা হয় যদিও বাকী দিশবোৰৰ কোনো ধৰণৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ লাভ নকৰে৷ অধ্যয়ন কৰি শিকিবৰ বাবে কাৰিকৰী দিশৰ কোনো ধৰণৰ উন্নত মানৰ কিতাপ অসমীয়া ভাষাত উপলব্ধ নহয়৷ ইংৰাজী ভাষাত পোৱা যায় যদিও সেয়াও সহজলভ্য নহয় তথা কি কিতাপ পঢ়িব লাগে সেই বিষয়েও কোনেও প্ৰকৃত তথ্য প্ৰদান নকৰে৷ ফলস্বৰূপে আধাকেঁচেলুৱা নাট্য কৰ্মীৰ সংখ্যাই অধিক৷ ইয়াৰ মাজতে ‘ছিগাল থিয়েটাৰে’ আৰম্ভ কৰা নাট্য প্ৰশিক্ষণ কেন্দ্ৰত কিছু পৰিমাণে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ তৈয়াৰ কৰি লৈছে৷ অৱশ্যে তেওঁলোকৰ তাত প্ৰয়োগ হোৱা আন্তঃগাঁথনি সম্পূৰ্ণ প্ৰশিক্ষণৰ বাবে পৰ্যাপ্ত নহয় বুলিও এই নাট্য দলটোৰ মূল ব্যক্তি বাহাৰুল ইছলামে বিবেচনা কৰে৷
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ‘ৰংগ সম্প্ৰসাৰণ’ কাৰ্যসূচীৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ অহা বা বহু দিন নাটকৰ ক্ষেত্ৰখনত জড়িত হৈ থকা নাট্য কৰ্মীয়ে অসমৰ বিভিন্ন ঠাইত নাট-কৰ্মশালা আয়োজন কৰিও নাট্য প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে৷ অৱশ্যে তাৰে বেছিভাগ কৰ্মশালাতে নাটক এখন মঞ্চস্থ কৰাটোৱেই অধিক প্ৰাধান্য লাভ কৰাৰ ফলত কিমানজন প্ৰকৃত নাট্য কৰ্মীৰ সৃষ্টি হৈছে সেয়াও এক বিচাৰ্য বিষয়৷ অৱশ্যে তাৰ মাজতে বহু নিষ্ঠাৱান কৰ্মীৰো সৃষ্টি নাই হোৱা বুলি ক’ব নোৱাৰি৷ তথাপিতো এতিয়াও অসমৰ নাট্য ক্ষেত্ৰখনত ভাল কাৰিকৰী দিশৰ শিল্পীৰ অভাৱ বহুত৷
আনহাতে যোৱা দশক কেইটাত আৰম্ভ হোৱা টেলিভিছনৰ ছিৰিয়েল আৰু ভি.চি.ডিৰ ব্যৱসায় তথা নতুনকৈ আৰম্ভ হোৱা টেলিভিচন চেনেলবোৰৰ চিৰিয়েলে নাটকৰ শিল্পীসকলক সেই দিশে আকৰ্ষিত কৰি লৈ গ’ল৷ ঠিক সেইদৰে এতিয়া আহিছে youtube channelৰ ধাৰণাটি৷ অৱশ্যে ইয়াৰ লগত আৰ্থিক দিশটোও সোমাই আছে৷ নাট্য কৰ্মীসকলেতো পেটত গামোচা বান্ধি নাটক কৰিব নোৱাৰে৷ নাটক কৰা দলসমূহে নাট্য কৰ্মীসকলৰ পৰ্যাপ্ত পৰিমাণৰ পাৰিশ্ৰমিক প্ৰদান কৰিব নোৱাৰে৷ বিভিন্ন বহুজাতিক কোম্পানী, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, সংগীত নাটক অকাডেমী, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে অৰ্থ সাহায্য আগ বঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়৷ তাতে বেছিভাগ পুৰণি নাট্য কৰ্মী বা গ্লেমাৰ থকা শিল্পীসকলেহে এই সুবিধাসমূহ লাভ কৰে৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে নাট্য কৰ্মীসকলক নীৰৱচ্ছিন্নভাৱে নাটক কৰি যাবৰ বাবে মাহেকীয়া বেতনৰো ব্যৱস্থা কৰিছে৷ সেই সুবিধাসমূহ লাভ কৰি থকা নাট্য গুৰুসকলে কিন্তু নাট্য কৰ্মীসকলক সেই বেতন প্ৰদান নকৰি অধিকাংশ ক্ষেত্ৰত আত্মসাৎহে কৰিছিল৷ তেওঁলোকে ভাবে যে শিক্ষাৰ্থীজনক নাটক কৰিবলৈ সুবিধা দিয়াটোৱেই যথেষ্ট৷ সেইবাবে বহু নাট্য কৰ্মীয়ে অৰ্থনৈতিক অনাটনৰ সন্মুখীন হৈ নাট্য ক্ষেত্ৰখন এৰি যাবলৈ বাধ্য হৈছে৷ কিন্তু বৰ্তমান এই অৰ্থখিনি পোনে পোনে পাবলগীয়া শিল্পীগৰাকীৰ বেংক একাউণ্টত জমা হয় বাবে কিছু সংখ্যকে পাবলৈ আৰম্ভ কৰিছে৷ বহু অপেছাদাৰী নাট্য শিল্পীয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে টি.ভি. অভিনয় কৰিবলৈ ঢাপলি মেলিলে৷ অৱশ্যে ইয়াৰ লগত গ্লেমাৰৰ কথাটোও যুক্ত হৈ আছে৷ নাটকৰ পৰিৱৰ্তে অন্যান্য মাধ্যমসমূহত অতি সহজতে গ্লেমাৰ আহৰণ কৰিব পাৰি৷ অৱশ্যে ইয়াৰ মাজতে বহু নাট্য কৰ্মীয়ে অহৰহ প্ৰচেষ্টাৰে অসমৰ নাট্য চৰ্চা উন্নত কৰিবলৈ যত্নপৰ৷
সম্পৰীক্ষামূলক নাটক পৰিৱেশনৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক চৰ্তটো হ’ল প্ৰয়োজনীয় অৰ্থ৷ বৰ্তমানলৈকে এই দিশত অসম চৰকাৰৰ কোনো ধৰণৰ ফলপ্ৰসূ নীতি থকা দেখা নাযায়৷ সেই বাবে নিজৰ জেপৰ ধন ভাঙি নাট্য চৰ্চা কৰিবলৈ আৰম্ভ কৰা নাট্য দলসমূহৰ অধিকাংশই আজি নিষ্ক্ৰিয় হৈ পৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নাটকৰ বাবে প্ৰয়োজনীয় অধ্যয়নৰ বাবেও পৰ্যাপ্ত পৰিমাণে অৰ্থৰ দৰকাৰ৷ ইয়াত ‘অধ্যয়ন’ শব্দটোৰে নাটকৰ তত্ত্বগত দিশৰ লগতে পৰিৱেশনগত দিশৰ লগত সম্পৰ্কিত বিভিন্ন দিশ, নিজৰ ঐতিহ্যৰ উপৰি অনেক চিন্তা উদ্ৰেককাৰী দেশীয়, লোকজ তথা পাশ্চাত্যমুখী বিষয়বস্তু, বিবিধ সাহিত্য-সাহিত্যতত্ত্ব, অন্যান্য বিভিন্ন পৰিৱেশ্য কলাৰ দৰ্শন তথা অধ্যয়নৰ কথা সামৰা হৈছে৷ ইয়াৰ বাবেও প্ৰয়োজন অৰ্থৰ৷ ভাৰত চৰকাৰে সেয়া অধ্যয়ন কৰিবৰ বাবে জলপানিৰ ব্যৱস্থা কৰে যদিও সেই অধ্যয়নৰ ফলত লব্ধ তথ্যসমূহ তেওঁলোকৰ ৰঙা ফিতাৰ মাজতে ৰৈ যোৱাত আন নাট্য কৰ্মীসকলৰ কোনো ধৰণৰ লাভ নহয়৷ সেই তথ্যসমূহ সৰ্বসাধাৰণ ৰাইজৰ সহজলভ্য কৰি দিলে নাট্য কৰ্মীৰ লগতে সকলোৱে লাভবান হ’ব৷
• অধ্যয়ন বিমুখিতা : মন কৰিবলগীয়া যে অসমৰ অধিকাংশ নাট্য কৰ্মীৰ মাজত কোনো ধৰণৰ অধ্যয়ন স্পৃহা দেখা পোৱা নাযায়৷ আনটো বাদেই সমগ্ৰ অসমত কোন কোন নাট্য দলে নাটক পৰিৱেশন কৰি আছে সেই বিষয়েও তেওঁলোক অজ্ঞ৷ তেওঁলোকে হয়তো অনুধাৱন কৰিব পৰা নাই যে – অধ্যয়নে মনৰ দিগন্ত বহল কৰাৰ লগতে নব্য শিল্পদৃষ্টি প্ৰদান কৰিব পাৰে৷ তদুপৰি অসমৰ উচ্চস্তৰৰ বিদ্যায়তনিক প্ৰতিষ্ঠানসমূহতো নাট্য চৰ্চা সম্পৰ্কে কোনো ধৰণৰ সঠিক আৰু প্ৰণালীবদ্ধ পৰিকল্পনা আজিকোপতি দৃষ্টিগোচৰ হোৱা নাই৷ অৱশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোৱা ২০০৮ চনত ‘পৰিৱেশ্য কলাকেন্দ্ৰ’ নামেৰে এটি বিভাগ আৰম্ভ কৰিছিল৷ সম্প্ৰতি ইয়াক ‘ড॰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ষ্টাডিচ পাৰফৰ্মিং আৰ্টচ’ (ড্ডব্জ. Bhupen Hazarika Centre for Studies Performing Arts) নামেৰে নামকৰণ কৰিছে৷ এই বিভাগটিয়ে ‘ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লী’ৰ তত্ত্বাৱধানত তথা নিজাববীয়াকৈও নাট প্ৰদৰ্শন কৰাৰ লগতে নাট্য বিষয়ক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছে৷ সম্প্ৰতি কেইবাটাও বিষয়ত, যথা– সত্ৰীয়া নৃত্য, থিয়েটাৰ আৰু কণ্ঠ সংগীতত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগতে পৰিৱেশ্য কলাৰ স্নাতক পাঠ্যক্ৰম আগবঢ়াইছে৷ ঠিক সেইদৰে জাগিৰোড মহাবিদ্যালয় আৰু ছয়দুৱাৰ মহাবিদ্যালয়ত অভিনয়ৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ হৈছে৷ সোণাপুৰ মহাবিদ্যালয়ত নাটকৰ কাৰিকৰী প্ৰশিক্ষণৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিছে৷ মহাপুৰুষ শংকৰদেৱ বিশ্ববিদ্যালয়ে পৰিৱেশ্য কলাৰ বিভাগ এটি আৰম্ভ কৰিছে যদিও আন্তঃগাঁথনি একেবাৰে দুখজনক৷ এনেদৰে অসমৰ প্ৰতিখন মহাবিদ্যালয়তে নহ’লেও কিছু নিৰ্দিষ্ট মহাবিদ্যালয় তথা প্ৰতিখন বিশ্ববিদ্যায়তে সম্পূৰ্ণ আন্তঃগাঁথনি সম্বলিত পূৰ্ণ পৰ্যায়ৰ প্ৰায়োগিক বিভাগ এটা আৰম্ভ কৰিলে অসমৰ নাট্য চৰ্চাৰ ক্ষেত্ৰখন অধিক সাৰুৱা হ’ব বুলি বোধ হয়৷
এই তিনিটা প্ৰধান কাৰকৰ উপৰি আন কেইবাটাও সৰু সৰু কাৰকেও অসমৰ নাট্য ক্ষেত্ৰখন উচ্চতৰ পৰ্যায়ত উপবিষ্ট হোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰি আহিছে৷ তাৰে ভিতৰত উল্লেখযোগ্য এটা হ’ল – অসমৰ নাট্য দলসমূহৰ মাজত সমন্বয়ৰ অভাৱ৷ ঐক্য আৰু সহমৰ্মিতাৰে সাংগঠনিক ভেটি সৱল কৰি সামগ্ৰিকভাৱে অসমৰ নাট্য ক্ষেত্ৰক আগবঢ়াই নিয়াৰ বিপৰীতে তেওঁলোকে নিজৰ মাজতে খোৱা-কামোৰাত ব্যস্ত৷ তদুপৰি নাটক পৰিৱেশন সম্পৰ্কে গঠনমূলকভাৱে পৰ্যালোচনা কৰাৰ পৰিৱৰ্তে বিয়নি মেলতহে অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়৷ ‘অসমীয়া জাতীয় নাট্যশালা’ ধাৰণাৰ সম্পৰ্কে কুলদা কুমাৰ ভট্টাচাৰ্যই এসময়ত ব্যক্ত কৰা – ‘‘শুনিছো কাউৰীয়ে কাউৰীৰ মঙহ নাখায়, কিন্তু অসমত নাট্য কৰ্মীয়ে নাট্য কৰ্মীৰ মঙহ খায়’’ কথাষাৰ আজিও প্ৰযোজ্য৷ আনকি নতুন ধৰণৰ সম্পৰীক্ষামূলক নাটক কৰিলে সেয়া বহুতৰ বাবে মূৰৰ কামোৰণিস্বৰূপ হৈ পৰাৰ লগতে গুৱাল-গালি পাৰি থকাসৰকা কৰে৷ ফলস্বৰূপে নতুন ধৰণৰ চিন্তা-চৰ্চাই পোখা মেলিব নোৱৰা ধৰণৰ পৰিস্থিতি এটাৰো সৃষ্টি হয়৷
এই ক্ষেত্ৰত আৰু এটা কথা ক’ব পাৰি যে অসমীয়া নাটক পৰিৱেশন সম্পৰ্কে সঠিক ধৰণে মূল্যায়ন কৰিব পৰা সমালোচকৰ অভাৱ৷ বেছিভাগ নাট্য সমালোচকেই নাটকৰ পৰিৱেশনগত দিশৰ লগত সম্পৰ্কিত নহয় আৰু বিশেষভাৱে নাটকৰ কাৰিকৰী দিশৰ কোনো ধৰণৰ কথাই ভালদৰে নজনাৰ ফলত নাটক এখনৰ প্ৰকৃত বিশ্লেষণ নহয়৷ নাটকখনৰ ৰং, পোহৰৰ ৰং-বৰ্ণ-বাক, সংগীত আদিয়েও যে নাটকখনৰ একোটা চৰিত্ৰৰ দৰে উদ্ভাসিত হৈ উঠিব পাৰে সেয়া তেওঁলোকে বিবেচনা কৰা দেখা নাযায়৷ সাধাৰণতে – ‘পোহৰ যথাযথ’, ‘সংগীতে মুড সৃষ্টিত সহায় কৰিছে’, ‘ৰূপসজ্জা সুন্দৰ’ এনে ধৰণৰ বিশেষণ প্ৰয়োগ কৰি সমালোচনা সামৰি থোৱাৰ ফলত প্ৰকৃত ছবিখন ফুটি নুঠে৷
অসমৰ নাটকৰ ক্ষেত্ৰখনৰ আটাইতকৈ দুখজনক কথাটো হ’ল নাটকৰ অভাৱ৷ এয়া যে কেৱল ছপা নাটকৰ অভাৱ সেয়াই নহয় নাট্যকাৰসকলেও আজি কালি নাটক লিখাৰ তাগিদা অনুভৱ নকৰে৷ অসমৰ নাট্য ক্ষেত্ৰখনলৈ চকু দিলেই আমি অনুধাৱন কৰাৰ অসুবিধা নহয় যে বৰ্তমানলৈকে যিমান কেইগৰাকী উল্লেখযোগ্য নাট্যকাৰ সৃষ্টি হৈছে সেয়া প্ৰায় যোৱাটো শতিকাৰে নাট্য কৰ্মী৷ সাম্প্ৰতিক সময়ত বহু কম সংখ্যক নাট্যকাৰেহে নাটক লিখি তেওঁলোকৰ নাট্য প্ৰতিভাৰ চানেকী দিবলৈ সক্ষম হৈছে৷ সেইবাবেই নাট্য দলসমূহেও বেছিভাগ পুৰণি নাটক বা অনুবাদ নাটককে মঞ্চস্থ কৰি আহিছে৷ তদুপৰি নাটকৰ প্ৰকাশক পোৱা নাযায়৷ বহু হাতে লিখা নাটক এনেদৰেই কালৰ গৰ্ভত লোপ পালে৷ সেই বাবেও নাট্যকাৰসকলে নাটক লিখাৰ ইমান তাগিদা অনুভৱ নকৰে৷ তাৰ মাজতে দুই এজনে অৱশ্যে নিজা প্ৰচেষ্টাত দুই এখন নাটক প্ৰকাশ কৰিছে৷ এই প্ৰসংগত উল্লেখযোগ্য যে আজি কালি পৰিচালকসকলে সুনিৰ্দিষ্ট পাঠ হিচাপে থকা নাটক (well-made play) পৰিৱেশনৰ বাবে নিৰ্বাচন কৰাৰ পৰিৱৰ্তে বহুসময়ত ‘পেষ্টিজ’ কৰিও নাটকৰ পাঠ নিৰ্মাণ কৰি লয় বা ‘ইম্প্ৰভাইজেশ্বন’ কৰি নাটকৰ পৰিৱেশন পাঠ নিৰ্মাণ কৰি লয় আৰু সেয়া ‘দৃশ্য-শ্ৰব্য পাঠ’ হিচাপে দৰ্শকৰ সন্মুখলৈ উলিয়াই দিয়ে৷ এয়া এক ধৰণৰ সম্পৰীক্ষাৰ লগতে অসমৰ নাট্য ক্ষেত্ৰৰ বাবে আশাৰ বতৰা৷
ইমানবোৰ প্ৰতিকূলতা থকাৰ বিপৰীতে অসমৰ নাট্য ক্ষেত্ৰৰ বহু শক্তিশালী দিশ আছে৷ ‘‘অসমীয়া নাটকৰ এক সুদীৰ্ঘ পৰম্পৰা বিৰাজমান৷ বিবিধ লোক সাংস্কৃতিক সমলেৰে অসমভূমি ভৰপূৰ, ইয়াৰ সুষম প্ৰয়োগেৰে এক নব্য নাট্য ধাৰাৰ সৃষ্টি হ’ব পাৰে৷ অসমত নাটক চাই ভালপোৱা বহু দৰ্শক আছে, বছৰৰ পাছত বছৰ ধৰি ৰাইজৰ আশিস আৰু সহায়-সহযোগত চলি থকা ভ্ৰাম্যমাণ নাট্য দলবোৰ এই ক্ষেত্ৰত উৎকৃষ্ট উদাহৰণ৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল অসমত নাটক কৰি ভালপোৱা এচাম নিষ্ঠাবান নাট্য কৰ্মী আছে৷ তেওঁলোকক প্ৰয়োজন মাথোঁন সঠিক দিক্‌ নিৰ্দেশকৰ৷’’ এই কথা কেইটাৰ খেও ধৰিয়েই ক’ব পৰা যায় যে উল্লিখিত শক্তিশালী দিশবোৰৰ সঠিক প্ৰয়োগ কৰিলেই সেইবোৰে অসমীয়া নাটকক নতুন দিক্‌দৰ্শন কৰাব৷ এই ক্ষেত্ৰত ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ ইয়াৰ লগতে অৱশ্যে একধৰণৰ পেছাদাৰী মনোভংগী সংযোগ কৰি নাট্য দলসমূহৰ সাংগঠনিক দিশ তথা নাটক ব্যৱস্থাপনাৰ উন্নতি সাধন কৰিব লাগিব৷ লগতে চৰকাৰেও সঠিক নীতি গ্ৰহণ কৰি নাট্য ক্ষেত্ৰৰ উন্নতিৰ বাবে সুনিৰ্দিষ্ট বাট ঠিক কৰি দিব লাগিব; নাট্য কৰ্মীসকলেও ইতিমধ্যে উল্লেখ কৰি অহা প্ৰতিকূলতাসমূহৰ পৰা বাহিৰ হ’বলৈ অধ্যয়নৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব৷ মনত ৰখা উচিত যে, বৰ্তমান নাটক কেৱল মনোৰঞ্জনৰ আহিলা নহয়, ই জীৱনৰ পৰীক্ষাগাৰ তথা নব্য চিন্তাৰ বাহক; ঐতিহ্য, পৰম্পৰা আৰু লোকায়তৰ মাজেৰে আত্মানুসন্ধানত ৰত হৈ নাট্য চিন্তাত অগ্ৰসৰ হ’লেই বাট বিচাৰি পাব পাৰি৷
এই আলোচনাৰ পৰা এটা কথা স্পষ্ট ৰূপত ফুটি উঠিছে যে, অসমৰ নাট্য ক্ষেত্ৰত বিভিন্ন সমস্যা আছে যদিও এইবোৰৰ পৰা পৰিত্ৰাণৰ পথো ৰুদ্ধ হৈ থকা নাই৷ ইয়াৰ বাবে নাট্য দল, নাট্য কৰ্মীসমূহৰ লগতে চৰকাৰৰো কিছু কৰণীয় আছে৷ ইমান প্ৰতিকূলতাৰ মাজতো সমগ্ৰ অসমৰ নাটক ভালপোৱা চামটোৱে নাটক কৰিয়েই আছে আৰু ভৱিষ্যতেও কৰি থাকিব৷ এই সম্পৰ্কে ৰফিকুল হোছেইনে কোৱা এষাৰ কথা প্ৰণিধানযোগ্য– ‘‘অগণন নাট্যপ্ৰেমীয়ে অনেক শ্ৰমেৰে গঢ়ি তুলিছে নাটক চোৱাৰ এক সজীৱ আৰু সুস্থ পৰিৱেশ; সংগঠিত কৰিছে অগণন দৰ্শক সমাজ৷ গঢ়ি তুলিছে বহু চিন্তা-উদ্ৰেককাৰী পৰীক্ষা-নিৰীক্ষাৰ এক ইতিবাচক গণনাট্যৰ ভেটি৷ ’’এই প্ৰৱাহ কেতিয়াও ৰুদ্ধ হৈ নাযায়৷


প্ৰসংগ পুথি
গগৈ, জোনমণি (২০১৬); গুৱাহাটীৰ আধুনিক নাট্যচৰ্চা : এটি সমীক্ষাত্মক অধ্যয়ন; (অপ্ৰকাশিত গৱেষণা গ্ৰন্থ) গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়৷
গোস্বামী, মৃণাল জ্যোতি (২০১২); সমাজ বাস্তৱতাবাদ আৰু মঞ্চৰীতিৰ আলোকৰ সাম্প্ৰতিক অসমীয়া নাটক : এটি অধ্যয়ন (১৯৬৭-২০০৩ চনলৈ); (অপ্ৰকাশিত গৱেষণা গ্ৰন্থ) গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়৷
তালুকদাৰ, ফণী (মুখ্য সম্পাঃ) (১৯৯৮); অসমত নাট্য-পৰম্পৰা আৰু গতিধাৰা; গুৱাহাটী : নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী সমিতি৷
ভট্টাচাৰ্য, কুলদা কুমাৰ (২০০৮); ‘আধুনিক অসমীয়া নাটক : পৰীক্ষা নিৰীক্ষা আৰু বিভিন্ন ধাৰা’; খাউণ্ড, ভুৱন আৰু তাঁতী, সমীৰ (সম্পাঃ)ৰ স্মৃতিগ্ৰন্থ, নৰকৰ গোপন কক্ষ (পৃ. ১৫-২১); গুৱাহাটী৷
ভৰালী, শৈলেন (২০০৮); অসমীয়া নাটক : স্বৰাজোত্তৰ কাল; গুৱাহাটী : চন্দ্ৰ প্ৰকাশ৷
শৰ্মা, অৰুণ (২০০৪, ২৪ এপ্ৰিল); বিংশ শতাব্দীৰ অসমীয়া নাটক (১৯০১-২০০০); গুৱাহাটী : কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আয়োজিত প্ৰথম মহেন্দ্ৰ অধিকাৰী স্মাৰক বক্তৃতানুষ্ঠানত পঠিত৷
শৰ্মা, অৰুণ (২০০৭); ‘পাতনি : ডেৰশ বছৰৰ আধুনিক অসমীয়া নাটক (১৯৮৫-২০০৫)’; শৰ্মা, অৰুণ (সম্পাঃ)ৰ ডেৰশ বছৰৰ নিৰ্বাচিত অসমীয়া নাট্য সংকলন, প্ৰথম খণ্ড (পৃ. উ. না.); নগাঁও : অসম নাট্য সন্মিলন৷
শাণ্ডিল্য, অৰূপ (২০১০, ছেপ্তেম্বৰ); ‘বাহাৰুল-ভাগীৰথীৰ নাট্য বিদ্যালয়’, সাতসৰী; পৃ. ২১৷
হোছেইন, ৰফিকুল (২০০৮); ‘অসমৰ অপেছাদাৰী নাট্যদলৰ সংগঠন, ঐক্য আৰু নাট্য চৰ্চাৰ সমস্যা’; শইকীয়া, অজিৎ (সম্পাঃ)ৰ ছশ বছৰৰ অসমীয়া নাটক : পৰম্পৰা আৰু পৰিৱৰ্তন (পৃ. ৫৬৩-৫৬৮); দুলীয়াজান : পথাৰ প্ৰকাশ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক