অসমৰ ঐতিহাসিক সমলসমূহৰ সু-সংৰক্ষণ হোৱা উচিত (প্ৰিয়ংকু নাৰায়ন বৰুৱা)

 

ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সংৰক্ষণ আৰু যথাযথ মৰ্যাদা প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ৷ বিভিন্ন সময়ত দেখা যায় যে বহু ইতিহাস প্ৰসিদ্ধ স্থান সংৰক্ষণৰ অভাৱত ধ্বংসৰ মুখলৈ গতি কৰিছে৷ অধ্যাপক দেৱেন দত্তই এঠাইত লিখিছে “The government has neglected the preservation of our ancient monuments, historical places which are reminiscent of our past.” ইতিহসমৃদ্ধ বিভিন্ন ক্ষেত্ৰ অথবা বিভিন্ন স্থাপত্য-ভাস্কৰ্যৰ লগত নিহিত থাকে এটা অঞ্চলৰ ইতিহাস৷ কোনো বিশেষ সময়ৰ ঘটনাবহুল তথ্য অথবা সাংস্কৃতিক সমৃদ্ধিৰ নিৰ্দশন হ’ব পাৰে এনে ধৰণৰ ঐতিহাসিকভাৱে সমৃদ্ধ সমলসমূহ যিয়ে এটা অঞ্চলৰ বহু গোপন কাহিনী, অলিখিত দিশ বুকুত কঢ়িয়াই ফুৰে৷ এনে ঐতিহাসিক সম্পদৰাজি হ’ব পাৰে ভ্ৰমণকাৰী অতিথিৰ আকৰ্ষণৰ থলী৷ হ’ব পাৰে কৌতূহলৰ অভিকেন্দ্ৰ৷ অৱশ্যে এনে দিশত চৰকাৰৰ সদিচ্ছা সৰ্ন্দভত প্ৰায়ে প্ৰশ্ন উত্থাপিত হৈছে৷ কিয়? বিভিন্ন সময়ত যথাৰীতি কিছুমান আইন প্ৰণয়ন হৈ আহিছে কিন্তু এই আইন সমূহৰ সু প্ৰয়োগ হোৱা নাই কিয়? পৰিতাপৰ বিষয় নহয়নে? ১৯৫৯ চনৰ ২৮ চেপ্তেম্বৰত সেই সময়ৰ তদানীন্তন ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা“The Assam Ancient Monument and Record Act” খন ভালুকৰ সাঙীত পৰিণত হ’ল কিয়? অৱহেলা নে আওকণীয়া মনোবৃত্তি? অনস্বীকাৰ্য যে অসমভূমি এখন ইতিহাস প্ৰসিদ্ধ ঠাই৷ ইয়াৰ চুকে কোণে বহু বুৰঞ্জী সমাহিত৷ বহু ঐতিহাসিক সমলে অসমৰ সমৃদ্ধিশালী ইতিহাসৰ পৰিচয় দাঙি ধৰে৷ উপযুক্ত অধ্যয়ন, খনন, জৰীপৰ ব্যৱস্থা হ’লে আৰু বহু নতুন নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ অসম নামৰ ভূ-খণ্ডৰ আৰু ইয়াৰ কেইবাশ বছৰজোৰা বুৰঞ্জীৰ লগত জড়িত এই সমলসমূহে প্ৰাচীন অসমৰ গৌৰৱময় ইতিহাসৰো বহু দিশ নিৰ্দেশ কৰে৷ বুৰঞ্জী প্ৰসিদ্ধ এনে কিছু ইতিহাস প্ৰসিদ্ধ সমল হৈছে-বৰ্তমানৰ গুৱাহাটীৰ কামাখ্যা, নৱগ্ৰহ, উমানন্দ, বশিষ্ঠাশ্ৰম, তেজপুৰৰ মহাভৈৰৱ দেৱালয়, ভৈৰৱী দেৱালয়, শিঙৰী পাহাৰ, বামুণী পাহাৰ, অগ্নিগড় পাহাৰ, পবিতৰা ইত্যাদি, শিৱসাগৰৰ ৰংঘৰ, তলাতল ঘৰ, জয়দৌল, শিৱদৌল, জয়সাগৰ আৰু গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ ইত্যাদি৷ ইয়াৰোপৰি আন কিছুমান বুৰঞ্জীপ্ৰসিদ্ধ ক্ষেত্ৰ হৈছে মদন কামদেৱ দেৱালয়, ১৭ শতিকাৰ কোঁচ ৰাজবংশৰ স্থাপত্য কলাৰ নিৰ্দশন স্বৰূপ সত্ৰসমূহ, গৰুড়াচল পাহাৰত ১২ শতিকাতে প্ৰতিষ্ঠিত শান্তি-সম্প্ৰীতিৰ বাৰ্তাবাহক ৰূপী পোৱামক্কা ইত্যাদি৷ আনহাতে গুপ্ত বংশৰ ভাস্কৰ্যশৈলী সাদৃশ্য আহোম ৰাজবংশৰ স্মৃতিচিহ্নসমূহ যেনে বিভিন্ন শিলালিপি, তাম্ৰলিপি, দেৱ-দেৱীৰ মূৰ্ত্তি, ইত্যাদি বিভিন্ন সময়ত অধ্যয়ন হৈছে৷ প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ সমূহে নিৰ্দেশ কৰে ৰীতি-নীতিৰ উচ্চস্তৰীয় আৰু সমৃদ্ধিশালী নিৰ্দশন৷ বাণ-উষা-অনিৰুদ্ধৰ কাহিনী অথবা হৰি-হৰৰ যুদ্ধৰ বাবে প্ৰখ্যাত অগ্নিগড় পাহাৰ অথবা নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰৰো আছে প্ৰাচীন ইতিহাস৷ এনে ঐতিহ্য সমূহে যথোচিত মৰ্যাদা সকলো পক্ষৰ পৰাই পোৱা উচিত নহয়নে? অসমৰ জনসাধাৰণৰো এই দিশত যথোচিত সঁহাৰিৰ প্ৰয়োজন নিশ্চয় আছে৷ “Role of civil society” কথাষাৰৰ গুৰুত্ব এইখিনিতে অনুভৱ হয়৷ বিভিন্ন দল সংগঠনৰ উচিত সঁহাৰি অবিহনে বিভাগীয় কৰ্তৃপক্ষৰ গা নলৰাটো অস্বাভাৱিক নহয়৷ চৰকাৰৰ ধাৰাবাহিক সু-দৃষ্টিৰ অভাৱ স্পষ্ট৷ ফলস্বৰূপে দেখা গৈছে কোঁচ-কছাৰী, আহোম ৰাজবংশৰ বহু ঐতিহাসিক সমল স্মৃতিচিহ্ন জহি-খহি যাবলৈ ধৰিছে৷ মোমাই কটা গড়, আৰিমত্ত গড়, ৰাজগড়, পাটলিগড়, চামধৰাগড় আদিয়ে স্বপৰিচয় হেৰুৱালে আৰু বহুতো ঐতিহ্য ধ্বংসৰ গৰাহত৷ আশ্চৰ্যজনক ভাৱে সমাজৰ নেতৃস্থানীয় বৰমূৰীয়া সকলে এইক্ষেত্ৰত যথাসময়ত নিৰ্লিপ্ত হৈ থকাৰ লজ্জাজনক নজিৰ এইখন অসমতে আছে৷ সম্প্ৰতি এইদিশত পণ্ডিত শ্ৰেষ্ঠসকলে চিন্তা কৰাৰ প্ৰয়োজন৷ দল-সংগঠন সমূহেও কেৱল চৰকাৰৰ দোষাৰোপ কৰাতেই ব্যস্ত নাথাকি অসমৰ প্ৰাচীন ঐতিহ্যসমূহৰ সংৰক্ষণৰ চেষ্টাত গুৰুত্ব দিয়া উচিত৷ ১৯৮৭ চনত গঠিত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অন্যতম শাখা পূৰাতত্ত্ব বিভাগে (Directorate of cultural affairs) উল্লেখনীয় সাফল্য অৰ্জন কৰিব নোৱাৰাটো দুখজনক৷ এনে বিভাগসমূহক কৰ্মতৎপৰ আৰু সজীৱ কৰাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়৷ সময়ে সময়ে বিভাগীয় কাৰ্য সমূহৰ পৰ্যবেক্ষন আৰু পৰিদৰ্শন অত্যন্ত জৰুৰী৷ চৰকাৰী আয়োগ তথা অন্য সকলো স্তৰতে অসমৰ প্ৰাচীন ঐতিহ্য জড়িত সমলসমূহৰ লগত সংলগ্ন মূল্যবোধ, জাতিটোৰ আত্মগৌৰৱ, চেতনাবোধ, আদি বিষয়সমূহে যথাযথ গুৰুত্ব লাভ কৰা দৰকাৰ৷ প্ৰাচীন বুৰঞ্জীৰ পাত লুটিয়ালেই বৰ্তমানক সমৃদ্ধ কৰাৰ সমল যুগুতাব পাৰি৷ এনে সম্পদসমূহ মেৰামতি আৰু সু-সংৰক্ষণৰ দাবীত এক মঞ্চৰ পৰাই আহ্বান জনোৱাৰ প্ৰয়োজন নিশ্চয়কৈ অনুভৱ হয়৷ এনে বিভিন্ন সমল সৰ্ম্পকে যথাযথ অধ্যয়ন আৰু গৱেষণাৰ পৰিৱেশ তৈয়াৰ কৰা দিশটো অন্যতম জৰুৰী বিবেচিত হ’ব পাৰে৷ প্ৰস্তৰ ভাস্কৰ্য, ভূতাত্ত্বিক অধ্যয়ণ আৰু খনন জৰীপ আদিৰ জ্ঞান অৰ্জনৰ বাবে নতুন প্ৰজন্মক আগ্ৰহী কৰি তোলাৰ এক সবল শৈক্ষিক আৰু বিজ্ঞানসন্মত পৰিৱেশ তৈয়াৰ কৰিব পৰা যাবনে? “The real challenge before us is to plan the necessary measures of conservation with a view to assure the survival of these built cultural heritage and unique symbols of our civilizations for centuries to come, with as little intervention as possible but without altering or modifying in any way the authenticity of their original character. To ensure the stability as well as proper conservation of our cultural heritage, there is a need to give more thrust to the scientific research in conservation options must be based on a preliminary investigation which includes the knowledge of physical nature of the object (constituent materials, architectural characteristics, production techniques, state of decay) and of the factors which induce or could induced its decay. In other words, as in the case of medical study the field of conservation therapy to be based on a correct diagnosis.” মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ত পুৰাতত্ত্ব অধ্যয়ন কেন্দ্ৰ তৈয়াৰ কৰি শিক্ষা আৰু গৱেষণাৰ পৰিৱেশ এটা তৈয়াৰ কৰিব পৰা যায়৷ বিভিন্ন স্তৰৰ শৈক্ষিক পাঠ্যক্ৰমত ঐতিহাসিক দিশ আৰু বিষয়বস্তুৰ আলমত পাঠ প্ৰস্তুত কৰিব পৰা যায়৷ পৌৰাণিক সম্পদ ৰাজিৰ বিচাৰ, বিশ্লেষণ আৰু পুংখানুপুঙ্খ অধ্যয়নে জাতীয় গৌৰৱৰ বিভিন্ন দিশৰ উন্মোচন কৰাৰ সম্ভাৱনা আছে৷ এই সম্পদসমূহৰ নিত্যান্তই সু সংৰক্ষণ জৰুৰী৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক