অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ পৰিচয় – (আশিক জামান)

ashique zaman photoঅসমৰ মুছলমানসকলক লৈ আলোচনা হ’লে দেখা যায় যে, সদায় মুছলমানসকলক ধৰ্মীয় পৰিচয়ৰ ভিত্তিত একাকাৰ কৰা হয়, যেন মুছলমান সমাজ সম্পূৰ্ণৰুপে একেটি সদৃশ গোট। অসমৰ হিন্দু সমাজত যিদৰে আহোম, কোচ, কলিতা, বামুণ, বিহাৰী, বাঙালী, নাথ, বড়ো, ৰাভা আদি এশ এটা জাতিগত-ভাষাগত গোট বিদ্যমান, ঠিক তেনে ধৰণেৰে অসমৰ মুছলমান সমাজো বিভিন্ন জাতিগত (ethnic) আৰু ভাষাগত (Linguistic) গোটত বিভক্ত। এই গোটসমূহৰ কিছুমানৰ বিষয়ে তলত এক আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে । কিন্তু এটা কথা পোনতে কৈ থওঁ যে, এই সূচী সম্পূৰ্ণ (exhaustive) নহয়, কেৱল নিৰ্দেশাত্মকহে।

ক) দেশী বা উজেনি বা গোৱালপৰীয়া : অবিভক্ত গোৱালপাৰা জিলা আৰু বৰ্তমান মেঘালয়ৰ গাৰো পাহাৰৰ নামনি অঞ্চলত এই জনগোষ্ঠীৰ বাস। গোৱালপৰীয়া উপভাষাৰ বিভিন্ন আঞ্চলিক প্ৰকাৰ এই জনগোষ্ঠীৰ মানুহৰ মাতৃভাষা। মূলতঃ কোচ-ৰাজবংশী, মেচ আদি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত লোক। বখতিয়াৰ খিলজিৰ কামৰূপ অভিযান (১২০৬)ৰ সময়ত মেচ ৰজাৰ ইছলাম ধৰ্ম গ্ৰহণৰ উল্লেখ পোৱা যায়, যাক সমসাময়িক পাৰ্চি ইতিহাসবিদ মিনহাজুদ্দিন চিৰাজৰ ‘তাবাকাত-ই-নাচিৰি’ত ‘আলি মেচ’ বুলি উল্লেখ কৰা হৈছে। যদিও ‘আলি মেচ’ ৰ ধৰ্মান্তৰকৰণ অসমৰ ইতিহাসত ইছলাম ধৰ্ম গ্ৰহণৰ প্ৰথম লিপিবদ্ধ ঘ্টনা, কিন্তু অমিত দেই তেওঁৰ “Some Aspects of Sufi Movement in Bengal” ত ১০৫৩ চনতে এজন কোচ ৰজাই চুফি পীৰৰ প্ৰভাৱত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। ঠিক সেই দৰে সূৰ্য কুমাৰ ভূঞা দেৱেও চুফি পীৰ শ্বাহ জালালে ১১৮৯ চনত মৃত্যুৰ আগত নামনি অসমত ইছলাম ধৰ্ম প্ৰচাৰৰ কথা উল্লেখ কৰিছে। ধুবুৰীৰ পাচঁ পীৰৰ দৰগাহ আৰু গাৰো পাহাৰৰ মহেন্দ্ৰগঞ্জৰ চুফী পীৰ শ্বাহ কামালৰ দৰগাহেও স্থানীয় মানুহৰ ইছলাম ধৰ্মগ্ৰহণৰ কথা প্ৰমাণ কৰে। দেশী সকলৰ শাৰিৰীক গঠন, সামাজিক আচাৰ-আচৰণ, সাজ-পাৰ, ভাষা, লোক-সংস্কৃতি, সাধুকথা অদি সকলো ৰাজবংশীসকলৰ সৈতে একে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বসবাস কৰা সকলে নিজকে দেশী বুলি পৰিচয় দিয়ে; কাৰণ উত্তৰ পাৰত গোৱালপৰীয়া উপভাষাক দেশী ভাষা বুলি কোৱা হয়, আনহাতে দক্ষিণ পাৰত বসবাস কৰা সকলে নিজকে ‘উজেনি’ বুলি পৰিচয় দিয়ে। এয়া সম্ভৱতঃ বাংলাভাষী অভিবাসী মুছলমানসকলৰ পৰা নিজৰ পৃথক পৰিচয় অক্ষুন্ন ৰখাৰ প্ৰয়াস, কাৰণ নদীৰ ভাটিত (down stream) বসবাস কৰা অভিবাসী মুছলমান সকলক ‘ভাটিয়া’ বুলি কোৱা হয়। ইয়াতে, উল্লেখ কৰিব পাৰি যে উজেনি বা দেশীসকলৰ লগত ‘ভাটিয়া’ সকলৰ সামাজিক সম্পৰ্ক খুব মধুৰ নহয়, বৈবাহিক সম্পৰ্ক প্ৰায় নাই।

খ) ডাটিয়া: মাতৃভাষা যদিও মূলত: গোৱালপৰীয়া, কিন্তু সামাজিক আচাৰ-আচৰণ, শাৰিৰীক গঠন আদি নমঃশুদ্ৰ সকলৰ লগত মিলে, খুব সম্ভৱ নমঃশুদ্ৰৰ পৰা ধৰ্মান্তৰিত। সংখ্যাত অতি তাকৰ, মূলতঃ ধুবুৰী জিলাত বাস কৰে। মাছমৰীয়া সম্প্ৰদায়। প্ৰধান জীৱিকা মাছমৰা আৰু নাওঁ চলোৱা। চৰকাৰী সহায় সহযোগ অবিহনে এই জনগোষ্ঠীটো অতি কম সময়ৰ ভিতৰত নিঃশ্চিহ্ন হৈ যোৱাৰ আশংকা আছে।

গ) জোলা: অবিভক্ত গোৱালপৰা জিলাত বসবাস। প্ৰায় নিঃশ্চিহ্ন হৈ গৈছে। মূল জীৱিকা কাপোৰ বোৱা। তথাকথিত নিম্ন বৰ্ণৰ হিন্দুৰ পৰা ধৰ্মান্তৰিত।

ঘ) ঢুলি: খুব সম্ভৱতঃ ইতিমধ্যে নিঃশ্চিহ্ন হৈ গৈছে। মূল জীৱিকা ঢোল আদি চামৰ বস্তু বনোৱা, নিম্ন বৰ্ণৰ হিন্দুৰ পৰা ধৰ্মান্তৰিত।

ঙ) গৰিয়া : বখতিয়াৰ খিলজিৰ কামৰূপ অভিযানৰ সময়ত (১২০৬), কামৰূপৰ ৰজা পৃথুৰ বাহিনীয়ে খিলজিৰ সৈন্যক কামৰূপ জিলাৰ কুমাৰীকাটা (ৰঙিয়াৰ ওচৰত)ত পৰাস্ত কৰে, আৰু বহু মুছলমান সৈন্যক যুদ্ধত বন্দী কৰে । সেই যুদ্ধ বন্দী সকলক পিছত ক্ষমাদান কৰি ইয়াতে মাটি-বাৰি দি থিতাপি দিয়া হয়। স্থানীয় মহিলাক বিয়া কৰোৱাৰ ফলত সৃষ্টি হোৱা এই নতুন সম্প্ৰদায়েই হ’ল গৰিয়া। নামনি অসমৰ গৰিয়া সকলৰ ইতিহাসৰ ইয়াৰ পৰাই আৰম্ভণি| গৰিয়া শব্দটো গৌড় শব্দৰ পৰা আহিছে। আনহাতে, আহোম আৰু মোগলৰ সংঘৰ্ষৰ ফলত হোৱা যুদ্ধবন্দীসকলৰ পৰা উজনি অসমৰ গৰিয়া সম্প্ৰদায়ৰ সৃষ্টি। আজান পীৰকে আদি কৰি আন চুফী পীৰ সকলৰ প্ৰভাৱত বহু স্থানীয় ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি গৰিয়া সম্প্ৰদায়ৰ সৈতে কালক্ৰমত একাকাৰ হৈ যায়। মাতৃ স্থানীয় জনগোষ্ঠীৰ হোৱাৰ ফলত গৰিয়া সকলৰ শাৰিৰীক গঠনত ইৰানী, আফগানি সকলৰ দৰে আৰ্য্যমূলীয় গঢ় যেনেকৈ দেখা যায়, স্থানীয় আহোম, বৰাহি, চুতিয়া, কছাৰী সকলৰ দৰে মংগোলীয় গঢ়ো দেখা যায়।

চ)মৰিয়া : কামৰূপ আৰু নগাওঁ জিলাত মূলতঃ বসবাস। ১৫৩২ চনত তুৰ্বকৰ অসম আক্ৰমণৰ সময়ত বন্দী হোৱা মুছলমান সৈন্য সকলক পিছত আহোম ৰজাই ৰজাৰ বাগিচা আৰু গৰু পালনৰ কাৰণে লগায়, কিন্তু সেই কাম ভাল দৰে কৰিব নোৱাৰাৰ ফলত এটা সময়ত ৰজা অতিষ্ঠ হৈ যি ইচ্ছা সেই কামকে কৰিবলৈ অনুমতি দিয়ে। তেতিয়া এই সৈন্য সকলে পিতলৰ বাচন-বৰ্তন গঢ়াৰ কাম আৰম্ভ কৰে, হাতুৰিৰে কোব মাৰি মাৰি এই বাচন-বৰ্তনবোৰ গঢ়িব লাগে কাৰণে ‘মৰা’ শব্দটোৰ পৰা ‘মৰিয়া’ শব্দটোৰ সৃষ্টি। স্থানীয় বিভিন্ন জনগোষ্ঠীৰ মহিলা বিয়া পাতি তেওঁ লোকেও এক নতুন জনগোষ্ঠীৰ সৃষ্টি কৰে।

ছ) মাইমল : বৰাক উপত্যকাৰ মাছমৰীয়া সম্প্ৰদায়। মূলত হিন্দু নিম্ন বৰ্ণৰ পৰা ধৰ্মান্তৰিত।

জ) ভূঞা : বৰাক উপত্যকাৰ ভূঞা সকল এক খিলঞ্জীয়া জনগোষ্ঠী। বৰাক উপত্যকা বাংলা সমতলৰ একেবাৰে গাতে লাগি থকাৰ কাৰণে আৰু সুৰমা উপত্যকাৰ অংশ হোৱা হেতুকে, সম্ভৱতঃ উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে ইছলাম ধৰ্মৰ সৈতে প্ৰথম সংস্পৰ্শত আহে। মুছলমান আৰু স্থানীয় মহিলাৰ মিলনৰ ফলত সৃষ্টি হোৱা বৰ্ণ-সংকৰ ‘কালিচা’ (মূল আৰৱী শব্দ খালাজি অৰ্থাৎ মিশ্ৰিত ৰক্ত) সকলৰ উল্লেখ ৮ম-৯ম শতিকাৰ মণিপুৰী ‘মেইতে পূয়া’ আৰু বৈষ্ণৱীয় সাহিত্যত পোৱা যায়। ভূঞা সকলৰ দৰে মাটিৰ লগত সম্পৰ্কীয় উপাধি থকা বৰাক উপত্যকাৰ সম্প্ৰদায়সমূহো যেনে চৌধুৰী, লস্কৰ, মজুমদাৰ, মণ্ডল আদি ইয়াৰে খিলঞ্জীয়া লোক|

ঝ) ‘ছান্দাৰ’ বা ‘শ্বান্দাৰ’ – মূলত: ধুবুৰী জিলা আৰু অসম-পশ্চিম বাংলা সীমান্তত বসবাস। ক্ষুদ্ৰ ব্যৱসায় এওঁলোকৰ মূল জীৱিকা। অতীতত গ্ৰাম্য অঞ্চলত ঘূৰি ফুৰি এওঁলোকে বিভিন্ন সামগ্ৰী বিক্ৰি কৰি ফুৰিছিল যাক স্থানীয় ভাষাত মণিহাৰী বুলি কোৱা হৈছিল, সম্ভৱতঃ ছোৱালী মানুহৰ সাজ-সজ্জাৰ বাবে হাৰ, মণি, পাউদাৰ আদি বিক্ৰি কৰাৰ বাবে এই নাম হ’ব পাৰে| গোলকীকৰণৰ প্ৰভাৱত এওঁলোকৰ পৰম্পৰাগত জীৱিকাৰ সলনি ঘটিছে। এই জনগোষ্ঠীটো ধৰ্মান্তৰিত হোৱাৰ খুব বেছি প্ৰজন্ম পাৰ হোৱা নাই যেন অনুভৱ হয়, এতিয়াও তেওঁলোকে নিম্নবৰ্ণ হিন্দু সমাজৰ বহু আচাৰ-আচৰণ পালন কৰা দেখা যায়। বিবাহ-পাৰ্ৱণ আদিতো বহু হিন্দু নিয়মৰ পালন হোৱা দেখা যায়। এক-দুই প্ৰজন্ম আগত বিবাহিতা মহিলাই সেন্দুৰ লোৱাৰো নিয়ম বিভিন্ন স্থানত আছিল বুলি জনা যায়।

ঞ) প’ঙ্গাল- মূলত কাছাৰ আৰু হাইলাকান্দি জিলাৰ মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস। প্ৰচলিত ভাষাত মণিপুৰী মুছলিম বুলি জনাজাত। মাতৃভাষা মেইতে (মণিপুৰি) যদিও বৰাক উপত্যকাৰ সাধাৰণ মুছলমানে গ্ৰহণ কৰা উপাধি যেনে ৰহমান, আলি, চৌধুৰী আদি ব্যৱহাৰ কৰে। সাজ-পাৰ, কৃষ্টি-সংস্কৃতি মেইতে মণিপুৰি সকলৰ সৈতে একে।

ভৌগোলিক ভাৱে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা বঙ্গ সমতলৰ অংশ হোৱা হেতুকে, অবিভক্ত গোৱালপাৰা জিলাৰ চৰ-চাপৰিত নিম্ন বৰ্ণৰ হিন্দু মানুহৰ বসতি আছিল, বিশেষকৈ নমঃশুদ্ৰ সম্প্ৰদায়ৰ। কিন্তু কালক্ৰমত বিভিন্ন কাৰক যেনে উচ্চ বৰ্ণ জমিদাৰৰ অত্যাচাৰ, সামাজিক শোষণ আদিৰ প্ৰভাৱত পূৰ্ৱ-বঙ্গত যেতিয়া নিম্ন বৰ্ণৰ হিন্দু মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰে, সেই একে সময়তে এই চৰ-চাপৰিত বসবাস কৰা মানুহ খিনিয়েও ইছলাম ধৰ্ম গ্ৰহণ কৰে। গতিকে সেই যুক্তিত বহু চৰ-চাপৰিবাসীও ইয়াৰ খিলঞ্জীয়া বাসিন্দা। কিন্তু বানপানী আৰু গৰা –খহনীয়াৰ বাবে চৰসমূহৰ স্থায়ীত্ব নথকাৰ ফলত তথা একে ভাষা আৰু নৃগোষ্ঠীয় মানুহৰ বৈধ (স্বাধীনতাৰ আগত) আৰু অবৈধ প্ৰব্ৰজনৰ ফলত কোনজন খিলঞ্জীয়া আৰু কোনজন প্ৰব্ৰজিত তাক ঠাৱৰ কৰাটো সম্ভৱ নহয়।হ’লেও এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰিব যে, নামনি ব্ৰহ্মপুত্ৰ উপত্যকা, বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ পুৰণি চৰ-চাপৰি সমূহত বাংলাভাষী নমঃশুদ্ৰ হিন্দুৰ পৰা ধৰ্মান্তৰিত বাংলাভাষী মুছলমান (মিঞা)ৰ আজিৰ প্ৰজন্মক কোনেও খিলঞ্জীয়া নহয় বুলি ক’ব নোৱাৰিব। কিন্তু সমস্যাটো হ’ল ব্ৰহ্মপুত্ৰৰ গৰা-খহনীয়া আৰু একে ভাষা আৰু জনগোষ্ঠীৰ অবিৰত বৈধ-অবৈধ প্ৰব্ৰজনৰ ফলত বাংলাভাষী খিলঞ্জীয়া আৰু অভিবাসী মুছলমানৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰা হৈ গৈছে।গতিকে, দেখা যায় যে, বঙ্গীয় মূলৰ মুছলমানৰ অবৈধ প্ৰব্ৰজনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত জনগোষ্ঠীটো হ’ল বাংলাভাষী খিলঞ্জীয়া মুছলমান সকল।কিয়নো প্ৰব্ৰজনৰ প্ৰৱাহত স্থানীয় বাংলাভাষী খিলঞ্জীয়া সকলে নিজৰ সুকীয়া পৰিচয় আৰু সংস্কৃতি অক্ষুন্ন ৰাখিব পৰা নাই।

ইয়াতে উল্লেখ কৰিব পাৰি যে, এতিয়ালৈকে ভাষা-সংস্কৃতিৰ পাৰ্থক্যৰ বলত গোৱালপৰীয়া, গৰিয়া, মৰিয়া আদি ইছলামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠী সমূহে নিজৰ সুকীয়া পৰিচয় ধৰি ৰাখিব পাৰিছে। কিন্তু যদি চৰকাৰ তথা বৃহত্তৰ অসমীয়া সমাজৰ সহায়-সহযোগ নাপায়, তেন্তে অবৈধ প্ৰব্ৰজন তথা বঙ্গীয় মূলৰ মুছলমানৰ সংখ্যাধিক্যৰ প্ৰভাৱত এই সৰু সৰু জনগোষ্ঠী সমূহ যে অতি সোনকালে নিজৰ জনগোষ্ঠীয় পৰি্চয়ৰ সলনি ধৰ্মীয় পৰিচয়ত বিলীন হৈ যাব সেই কথা সহজেই অনুমেয়। আৰু যদিহে জনগোষ্ঠীয় পৰিচয়ৰ সলনি ধৰ্মীয় পৰিচয়েই মুখ্য হৈ যায় তেন্তে, অনতিপলমে অসমত খিলঞ্জীয়া মুছলমানৰ পৰিৱৰ্তে কেৱল ‘মুছ্লমান’ লোকহে ৰ’বগৈ। অসমৰ জাতীয় সংগঠন সমূহ, অসমৰ বুদ্ধিজীৱি, অসমীয়া ৰাইজ সকলোৱে অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ হকে চিন্তা-চৰ্চা কৰিব লাগিব। ইতিমধ্যে বহু ইছ্লামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠী নিঃশ্চিহ্ন হৈ গৈছে বা হৈ যোৱাৰ পথত; এওঁলোকক অবৈধ প্ৰব্ৰজনৰ প্ৰকোপ আৰু আৰ্থ-সামাজিক প্ৰত্যাহ্বানৰ ফলত নিঃশ্চিহ্ন হৈ যোৱাৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে। কিন্ত কেনেকৈ ?

অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠী সমূহৰ ভিতৰত কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ মৰিয়াসকলৰ আৰু বৰাক উপত্যকাৰ মাছমৰীয়া জনগোষ্ঠী মাইম’ল সকলৰ চৰকাৰী স্বীকৃতি আছে।এই দুই জনগোষ্ঠীৰ নিজা উন্নয়ন পৰিষদো আছে। অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ ভিতৰত কেৱল মাত্ৰ এই দুই জনগোষ্ঠীকহে অন্যান্য পিছপৰা শ্ৰেণী(OBC)ৰ অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াতে উল্লেখ কৰিব পাৰি যে ইয়াৰ নিৰ্ণায়ক জাতি (Caste)নহয়, শ্ৰেণী (Class)হে। বিভিন্ন অনুন্নত জনগোষ্ঠীৰ পৰম্পৰাগত বৃত্তিৰ আধাৰত সাধাৰণতে একোটা জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰা হয়। ভাৰতৰ মুছলমান সকলৰ প্ৰায় ৪৫ শতাংশ নিজৰ নিজৰ জনগোষ্ঠীয় তথা পৰম্পৰাগত বৃত্তিৰ আধাৰত অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত। কেৰেলাৰ মুছলমান জনসংখ্যাৰ প্ৰায় ৯৯%, তামিল নাডুত প্ৰায় ৭০%, উত্তৰ প্ৰদেশত ৬০% লোক এই শ্ৰেণীৰ ভিতৰুৱা। আনহাতে অসমত ভাৰতৰ ভিতৰতে মু্ছলমান অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ সংখ্যা আটাইতকৈ কম – কেৱল মাত্ৰ ৩%(মৰিয়া আৰু মাইমল)| গতিকে ইয়াত উল্লেখ কৰিব পাৰি যে বৰাক উপত্যকাৰ মাছমৰীয়া সম্প্ৰদায় মাইম’ল যদি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত হ’ব পাৰে, একে যুক্তিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া মুছলমান মাছমৰীয়া জনগোষ্ঠীৰ ডাটিয়া সকলকো ইয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে। ঠিক সেইদৰে ৰাজবংশী অথবা আহোম সকল যদি অন্যান্য পিছপৰা শ্ৰেণী হ’ব পাৰে, একে ৰাজবংশীৰ পৰা ধৰ্মান্তৰিত দেশী বা উজেনি সকলক অথবা একে আহোমৰ পৰা ধৰ্মান্তৰিত গৰিয়া সকলক কিয় অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰি ? এইখিনিতে কোৱা ভাল যে অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত পশ্চিমবংগৰ চৰকাৰে কিন্তু খিলঞ্জীয়া মানুহৰ মাজত ধৰ্মৰ বিভেদ অনা নাই, গতিকে একে বেপাৰী, লস্কৰ বা জামাদাৰ বৃত্তিধাৰি সকলোকে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰা হৈছে, সেয়া হিন্দুৱেই হওক বা মুছলমান।

এইখিনিতে কোৱা ভাল যে অসমৰ খিলঞ্জীয়া মুছলমান সকলক অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্তিৰ দাবীৰ হকে কোনো ধৰণৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্য আমাৰ নহয়, আমি কেৱল সামগ্ৰিক ছৱিখনহে দাঙি ধৰিব বিচাৰিছোঁ। কিন্তু এটা কথা ডাঠি ক’ব পাৰি যে, অসমৰ ভূমিপুত্ৰ হিচাপে এই খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ আত্ম-নিয়ন্ত্ৰণ আৰু উন্নয়নৰ আশা কৰাৰ অধিকাৰ আন খিলঞ্জীয়া জনগোষ্ঠী সমূহতকৈ কোনো প্ৰকাৰে কম নহয়; কেৱল মাত্ৰ ধৰ্ম ভিন্ন হোৱা হেতুকে একোটা খিলঞ্জীয়া জনগোষ্ঠীৰ দাবীৰ ন্যায্যতা কমি নাযায়।

অসম তথা ভাৰত চৰকাৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰালয় এখন আছে; যাৰ যোগেদি অসমৰ সংখ্যালঘু সকলৰ উন্নয়ণৰ বিভিন্ন আচঁনি ৰূপায়ণ কৰা হয়। এতিয়া কথা হ’ল, অভিবাসী মুছলমানৰ সংখ্যাধিক্যৰ বাবে আজি অসমৰ মুছলমানৰ ৰাজনৈতিক প্ৰতিনিধিত্ব মূলত বঙ্গীয় মূলৰ ৰাজনৈতিক নেতা সকলৰ হাতত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী চৈয়দ চাদুল্লা বা অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা তাইমূৰে প্ৰতিনিধিত্ব কৰা গৰিয়া জনগোষ্ঠীৰ আজি এজনো বিধায়ক অসম বিধানসভাত নাই| দেশী মুছলমান সকলৰ প্ৰতিনিধিত্বও ক্ৰমাৎ কমি আহি আজি তিনি-চাৰি জনত সীমাবদ্ধ হৈছে। ডাটিয়া, জোলা, ছান্দাৰ, ঢুলি, পঙ্গাল আদি ক্ষুদ্ৰ জনগোষ্ঠী সমূহৰ প্ৰতিনিধি আনকি পঞ্চায়ততে পাবলৈ নাই। সংখ্যাত তাকৰ আৰু সিচঁৰতি হৈ থকাৰ ফলত ৰাজনৈতিকভাৱেও গুৰুত্ব পোৱাৰ পৰা তেওঁলোক বঞ্চিত। যাৰ ফলত যেতিয়া চৰকাৰী সা-সুবিধা অথবা আচঁনি ৰূপায়ণৰ কথা আহে, তেতিয়া দেখা যায় যে বঙ্গীয় মূলৰ ৰাজনৈতিক প্ৰতিনিধিৰ ৰাজনৈতিক বাধ্যবাধকতাৰ ফলত আঁচনিসমূহৰ ফলাফল কেৱল মাত্ৰ অভিবাসী মুছলমান গাওঁবোৰতে সীমাবদ্ধ থাকে। সৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহ নিজৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ অভাৱত বা ৰাজনৈতিক গুৰুত্বহীনতাৰ বাবে সকলোধৰণৰ সহায়-সহোযোগিতাৰ পৰা বঞ্চিত হয়। ঠিক সেইদৰে চৰকাৰী বিভিন্ন নিগম তথা অনুষ্ঠানসমূহতো যেতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সংৰক্ষিত কোনো পদবী বা স্থান ধাৰ্য্য কৰা হয়, তাতো ৰাজনৈতিক সংখ্যাধিক্যৰ বলত সদায় বঙ্গীয় মূলৰ প্ৰতিনিধিত্বহে দেখা যায়। ৱাক্‌ফ বৰ্ড সম্পৰ্কীয় বিতৰ্কৰ কথা বোধকৰো সকলোৰে মনত আছে।

গতিকে, দেখা যায় যে, আধুনিকতা আৰু গোলকীকৰণৰ প্ৰত্যাহ্বানত এফালে এই ক্ষুদ্ৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ নিজৰ পৰম্পৰাগত বৃত্তিৰ দ্বাৰা জীৱন সংগ্ৰামত তিষ্ঠি থাকিব নোৱাৰা হৈ গৈছে, আনহাতে ৰাজনৈতিক প্ৰতিনিধিত্ব তথা গুৰুত্বৰ অভাৱত চৰকাৰী সহায় সহযোগিতাৰ পৰাও বঞ্চিত হৈ ক্ৰমাৎ নিঃশ্চিহ্ন হৈ গৈ আছে। এই ক্ষুদ্ৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক অবৈধ প্ৰব্ৰজনৰ কুফল তথা ধৰ্মীয় পৰিচয়ৰ গড্ডালিকাত বিলীন হৈ যোৱাৰ পৰা বচাবলৈ আত্ম-নিয়ন্ত্ৰণ আৰু উন্নয়নৰ সুযোগ দিয়াটো অতিকৈ জৰুৰী হৈ পৰিছে। সততে অসমৰ স্বাৰ্থত তেজ দি জঙ্গি আন্দোলন কৰিবলৈ সাজু হোৱা সংগঠন সমূহেও এই জনগোষ্ঠীবিলাকৰ আত্ম-নিয়ন্ত্ৰণ আৰু সংৰক্ষণৰ কাৰণে মাত মতাটো প্ৰয়োজন হৈ পৰিছে।

কিন্তু কথাখিনি কোৱা যিমান সহজ, কৰাটো সহজ নহয়। তাৰ কাৰণ হ’ল অসমৰ ৰাজনীতি ধৰ্মীয় মেৰুকৰণৰ যিটো স্তৰত বৰ্তমান আছে, তাত ‘মুছলমান’ শব্দটো শুনিলেই ‘বাংলাদেশী-বাংলাদেশী’ বুলি তিনি জাপ মৰা তথাকথিত ‘ৰাষ্ট্ৰবাদী’ সকলৰ যেনেকৈ অভাৱ নাই, ঠিক সেইদৰে ধৰ্মীয় পৰিচয়ৰ বাহিৰে মুছলমানৰ আন সকলো পৰিচয় নস্যাৎ কৰা ‘ফতোৱা বীৰ’ৰো অভাৱ নাই। গতিকে বেছি বিতৰ্ক যাতে সৃষ্টি নহয় তাৰ বাবে দুটা অতি সহজ আৰু বাস্তৱিক পদক্ষেপ আগবঢ়াব পাৰি –

ক) এক চৰকাৰী বিশেষজ্ঞ গোটৰ দ্বাৰা অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ চিহ্নিতকৰণ আৰু এই চিহ্নিত জনগোষ্ঠীসমূহৰ আত্ম-নিয়ন্ত্ৰণ আৰু উন্নয়ণৰ বাবে উন্নয়ন পৰিষদৰ গঠন।

খ) সংখ্যালঘু মন্ত্ৰালয়ৰ অধীনত আচঁনি ৰূপায়ণৰ বাবে যিমান পুঁজি আহে, খিলঞ্জীয়া আৰু অভিবাসী জনগোষ্ঠীসমূহৰ মাজত সেই পুঁজিৰ সমানুপাতিক আৱণ্টণ, যাতে ৰাজনৈতিক প্ৰতিনিধিত্বৰ অভাৱত খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ উন্নয়্ণ আৰু সংৰক্ষণ বাধাগ্ৰস্ত নহয়।
শেষত, এটা কথা সকলোৰে জ্ঞাতাৰ্থে কওঁ যে বৃহত্তৰ অসমীয়া সমাজৰ সহানুভূতি আৰু সহযোগৰ অবিহনে অসমৰ এই মুছলমান খিলঞ্জীয়া জনগোষ্ঠী সমূহক নোহোৱা হোৱাৰ পৰা কোনেও বচাব নোৱাৰিব। কেৱল ধৰ্মীয় কাৰণতে আজি এই ক্ষুদ্ৰ জনগোষ্ঠী সমূহৰ কাষত যদি অন্যান্য জনগোষ্ঠী ৰাইজ থিয় নিদিয়ে তেন্তে ইতিহাসে কাকো ক্ষমা নকৰে। ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ উৰ্ধত আকৌ লাচিত আৰু বাঘ হাজৰিকা একেলগে অসমীয়া জাতিৰ হকে আগুৱাই আহক, সেয়াই আজিৰ দাবী।

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নুৰ
2 years ago

ধন্যবাদ দাদা

অাজাদ
2 years ago

আপোনাৰ লিখনিৰ কিছু সন্নিবিষ্ট কৰিবলগিয়া আছে

Anonymous
1 year ago

বহু নজনা কথা জানিব পাৰিলো। বহল ভাবে জানিব পাৰিলে ভাল আছিল

Anonymous
1 year ago

ভাল লাগিল পঢ়ি আগলৈ আৰু পাম বুলি আশা থাকিল

Anonymous
1 year ago

আপোনাক অশেষ ধন্যবাদ