অসমৰ চাহ উদ্যোগত যান্ত্ৰিকীকৰণৰ প্ৰয়োজনীয়তা (বিক্ৰমজিৎ কাকতি)

(১)
চাহ, বিশ্বৰ অন্যতম জনপ্ৰিয় এবিধ পানীয়৷ ইংৰাজীত ইয়াক ‘beverage’ বোলা হয়৷ চাহৰ আবিষ্কাৰ চীন দেশত হৈছিল যদিও সমগ্ৰ বিশ্বতে ইংৰাজ সকলেহে ইয়াক জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল৷ আদিতে চীন দেশত চাহক ঔষধীয় গুণাগুণৰ বাবে পান কৰা হৈছিল৷ ১৭শ শতিকাৰ আগভাগত ওলন্দাজ (Dutch) ব্যৱসায়ী সকলে ইউৰোপত ইয়াক জনপ্ৰিয় কৰি তুলিছিল৷ লণ্ডনৰ “Garraway’s Coffee House“ত ১৬৫৭ত প্ৰথম বাৰৰ বাবে ব্যৱসায়িক ভিত্তিত চাহ বিক্ৰী কৰা হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে চাহৰ জনপ্ৰিয়তা আৰু চাহিদা বাঢ়িবলৈ ধৰে৷
         চিত্ৰ ১: Garraway’s Coffee House
(Source: http: //www.british-history.ac.uk/old-new-london/vol2/pp170-183)

ইয়াৰ ফলস্বৰূপে ১৬৮৯ ৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চীনদেশৰ পৰা চাহপাত আমদানি কৰিবলৈ আৰম্ভ কৰে৷ ১৭০০ খ্ৰীষ্টাব্দলৈ ইংলেণ্ডত চাহ সৰ্বাধিক জনপ্ৰিয় এলক’হল নথকা (non alcoholic) পানীয় হৈ পৰে৷ ১৭০০ খ্ৰীষ্টাব্দৰ পৰা কেইদশকমান ইউৰোপলৈ চীনদেশৰ পৰা চাহ আমদানি হৈ আছিল যদিও প্ৰায় ১৭৮০ খ্ৰীষ্টাব্দৰ পৰা বিভিন্ন কাৰণৰ বাবে চীনদেশৰ লগত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ব্যৱসায়িক সম্বন্ধৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে৷ এইবাবেই ইংৰাজসকলে চাহৰ উৎপাদনৰ বাবে আন উৎসৰ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে৷ ১৭৭৪ খ্ৰীষ্টাব্দত ইংৰাজ সকলে পোন প্ৰথমবাৰৰ বাবে চাহগছৰ বীজ ভাৰতলৈ আনিছিল৷ ইয়াৰে কিছু বীজৰ পৰা কলিকতাৰ উদ্ভিদ উদ্যানত পৰীক্ষণীয় ভিত্তিত চাহ গছ অংকুৰিত কৰা হৈছিল আৰু বাকী বীজ ভুটানলৈ পঠোৱা হৈছিল৷ ১৭৯৩ খ্ৰীষ্টাব্দত Royal Botanical Garden, Kew ৰ তেতিয়াৰ সঞ্চালক Sir Joseph Bank ক চাহ খেতিৰ বিষয়ে আৰু অধিক তথ্য আৰু জ্ঞান লাভ কৰিবলৈ চীন দেশলৈ পঠোৱা হৈছিল৷

কিন্তু ইয়াৰ পাছত অসমৰ বনত চাহ গছৰ আবিষ্কাৰে ভাৰতৰ চাহ শিল্পলৈ এক বিপ্লৱ আনে৷ অনুসন্ধানৰ পাছত ইংৰাজ সকলে জানিবলৈ পাৰে যে চিংফৌ আৰু খামটি সকলে অতীজৰে পৰা চাহ পানীয় হিচাপে তেওঁলোকৰ সমাজত ব্যৱহাৰ কৰি আহিছে৷ যোগীঘোপাত স্কটলেণ্ড নিবাসী ৰবাৰ্ট ব্ৰুছৰ এটা কাৰখানা আছিল৷ তেওঁ ১৮২৩ খ্ৰীষ্টাব্দত তেতিয়াৰ ৰংপুৰলৈ আহি মণিৰাম দেৱানক প্ৰথমে লগ পায়৷ মণিৰাম দেৱানৰ লগত ব্যৱসায়িক কথা বতৰা পতাৰ সময়ত ব্ৰুছে অসমত চাহ উদ্যোগৰ সম্ভাৱনাৰ কথা জানিব পাৰে৷ দেৱানৰ সহযোগত তেওঁ চিংফৌ ৰজা বিছাগামক লগ কৰে৷ দীৰ্ঘ দৃষ্টি সম্পন্ন ব্যৱসায়ী ব্ৰুছে বিছাগামৰ লগত এখন চুক্তি কৰে যে চিংফৌসকলে ইংৰাজক চাহগছৰ গুটি আৰু পুলি যোগান ধৰিব৷

১৮২৪ খ্ৰীষ্টাব্দত অকস্মাতে ৰবাৰ্ট ব্ৰুছ মৃত্যুমুখত পৰে৷ কিন্তু মৃত্যুৰ আগতে তেখেতে তেখেতৰ ভাতৃ চাৰ্লছ ব্ৰুছক এইসম্পৰ্কে অৱগত কৰি গৈছিল৷ সেই বছৰেই অৰ্থাৎ ১৮২৪ খ্ৰীষ্টাব্দত বাৰ্মিজ যুদ্ধ আৰম্ভ হৈছিল আৰু কৌশলগত কাৰণে ইংৰাজসকলে অসমৰ হৈ মানৰ বিপক্ষে যুঁজ দিছিল৷ সেই সময়ত অসমত গভৰ্ণৰ জেনেৰেল আছিল ডেভিড স্কট৷ চাৰ্লছ ব্ৰুছে ডেভিড স্কটক এই যুদ্ধত ভাগ লবলৈ তেওঁৰ ইচ্ছা প্ৰকাশ কৰে৷ কিন্তু ইয়াৰ মূলতে আছিল অসমৰ চাহৰ বিষয়ে আৰু অধিক তথ্য সংগ্ৰহ কৰা৷ স্কটে ব্ৰুছৰ অনুৰোধ মৰ্মে তেওঁক এখন বৃটিছ যুদ্ধ জাহাজ “H.M. Diana“ৰ কমাণ্ডাৰৰ দায়িত্ব অৰ্পণ কৰি কৰ্ণেল ৰিচাৰ্ডৰ সৈতে উজনি অসমলৈ প্ৰেৰণ কৰে৷ ১৮২৫ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত স্কট আহি মণিৰাম দেৱানক শিৱসাগৰত লগ কৰেহি৷ ইয়াৰ পাছত দেৱানৰ সহযোগত চিংফৌ সকলৰ পৰা চাহৰ পুলি আৰু বীজ সংগ্ৰহ কৰি তেওঁ লৈ যায়৷ ইয়াৰে কিছু সংখ্যক বীজ আৰু পুলি গুৱাহাটীত ৰাখি বাকীখিনি চিনাক্তকৰণৰ বাবে কলিকতাৰ উদ্ভিদ উদ্যান বিভাগলৈ (botanical garden) লৈ প্ৰেৰণ কৰে৷ পৰীক্ষা নিৰীক্ষাৰ অন্তত গম পোৱা গল যে যদিও অসমত পোৱা চাহগছ সমূহ ‘Camellia’ পৰিয়ালৰ কিন্তু এইবোৰ প্ৰকৃত চাহ গছ নাছিল৷ এই ৰিপৰ্ট পোৱাৰ পাছত ব্ৰুছৰ উৎসাহ কিছু পৰিমানে কমি যায়৷ কিন্তু সৌভাগ্য ক্ৰমে ১৮৩৩ খ্ৰীষ্টাব্দত ইংৰাজ আৰু চীনৰ মাজত ব্যৱসায়িক সম্বন্ধ প্ৰায় যতি পৰাৰ পাছত চাহৰ আমদানি লৈ বৃটিছ চৰকাৰ বিমোৰত পৰে৷ লৰ্ড বেণ্টিকে এই সমস্যা সমাধানৰ বাবে ১৮৩৪ চনৰ পহিলা ফেব্ৰুৱাৰীৰ দিনাখন ঐতিহাসিক ‘চাহ সমিতি’ (Tea Committee) গঠন কৰে৷ এই সমিতিখনে থলুৱা প্ৰজাতিৰ চাহগছৰ খেতি কৰাতকৈ চীনৰ পৰা অনা চাহৰ সঁচেৰে ভাৰতত চাহ খেতি কৰাত গুৰুত্ব আৰোপ কৰে৷ তদুপৰি চাহ খেতিৰ উপযোগী অঞ্চল চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ সেই সময়ৰ অসমৰ গভৰ্ণৰ জেনেৰেল কেপ্তেইন জেনকিংএ এই কমিটিক অৱগত কৰাই যে অসমেই চাহ খেতিৰ বাবে উপযুক্ত স্থান হব৷

        চিত্ৰ-২: ১৮৮৩ চনৰ পৰা ১৮৮৯ চনলৈ ইংলণ্ডলৈ আমদানি কৰা চাহৰ তুলনামূলক পৰিসংখ্যা

ইয়াৰ উপৰিও তেওঁ আৰু কিছুমান চাহ গছৰ সঁচ অসমৰ পৰা সংগ্ৰহ কৰি সমিতিখনলৈ পঠাই দিয়ে৷ আশ্চৰ্যকৰভাবে কলিকতা ‘বটানিকেল গাৰ্ডেন’ৰ তেতিয়াৰ অধীক্ষক ডঃ ৱালেছে ( Dr Wallich) এইবাৰ পঠিওৱা প্ৰজাতিখিনি সঠিক চাহৰ প্ৰজাতি বুলি নিশ্চিত কৰে আৰু গুণাগুণ চীনদেশৰ চাহৰ সৈতে একে বুলিও উল্লেখ কৰে৷ ইয়াৰ পাছত সমিতিয়ে উল্লেখ কৰে যে সঠিক প্ৰতিপালনৰ দ্বাৰা এই প্ৰজাতিৰ পৰা ব্যৱসায়িক ভিত্তিত অসমত চাহ খেতি কৰা সম্ভৱ৷ ১৮৩৬ খ্ৰীষ্টাব্দত চাহ কমিটিয়ে চি এ ব্ৰুচৰ সহযোগিতাত অসম পৰিদৰ্শন কৰি চাহ বাগান স্থাপন কৰিব পৰা সম্ভাৱনীয় স্থানসমূহ পৰিদৰ্শন কৰেহি৷ ইয়াৰ পাছত ১৮৩৭ ত অসমৰ চাবুৱাত চি এ ব্ৰুচৰ তত্ত্বাৱধানত প্ৰথমখন চাহ বাগান স্থাপন কৰা হয়৷

(২)

এইদৰেই অসমত চাহ বাগিছা স্থাপন হোৱাৰ পাছত ১৮৩৮ চনৰ মে’ মাহৰ ৪ তাৰিখে ৩৮০ পাউণ্ড ( ৮ বাকচ) Assam Tea জাহাজেৰে লণ্ডনলৈ নিলামৰ বাবে পঠিওৱা হৈছিল৷ লণ্ডনত পৰীক্ষা কৰাৰ পাছত ইয়াক উৎকৃষ্ট মানদণ্ডৰ চাহ বুলি ঘোষণা কৰা হয়৷ আৰু ১৮৩৯ চনৰ ১০ জানুৱাৰী তাৰিখে এই চাহখিনি নীলাম কৰা হয়৷ কেপ্তেইন পিডিং (Capt. Pidding) নামৰ ব্যৱসায়ী এজনে এইখিনি ক্ৰয় কৰিছিল৷ চাবুৱাৰ পাছত জয়পুৰ, দিনজয়, ছোটা টিংৰাই, শুকান পুখুৰী আদিত চাহ বাগিচা স্থাপন হয়৷ ইয়াৰ পাছতেই ১৮৩৯ চনত চাহৰ প্ৰথমটো কোম্পানী “Assam Company“ স্থাপন হয়৷

লাহে লাহে সময়ৰ সোঁতত অসমত চাহ উদ্যোগৰ সম্প্ৰসাৰণ ঘটে৷ চাহ বাগিচাত কাম কৰিবৰ বাবে মানুহৰ প্ৰয়োজন হৈ পৰে৷ মানৰ আক্ৰমণত জুৰুলা হোৱা অসমত সেই সময়ত স্থানীয় লোক সকলে চাহ বাগানত কাম কৰাৰ বাবে কোনো আগ্ৰহ প্ৰকাশ নকৰা দেখি ইংৰাজ সকলে চীনদেশৰ পৰা বনুৱা অনা স্থিৰ কৰিলে৷ অসম কোম্পানীৰ ১৮৪৪ ৰ ৯ ছেপ্টেম্বৰৰ ৰিপোৰ্ট অনুসৰি বুজন সংখ্যক চীনা বনুৱা চিংগাপুৰ হৈ অসমলৈ অনা হৈছিল৷ কিন্তু চীনা বনুৱা সকলক অধিক হাজিৰা দিব লগা হৈছিল আৰু তেওঁলোকে স্থানীয় লোক সকলৰ লগতো কাজিয়া পেছালত লিপ্ত হোৱা দেখি কোম্পানীয়ে কলিকতালৈ ঘূৰাই পঠাব লগা হল৷ ইয়াৰ পাছতে চাহ উদ্যোগত কৰ্মীৰ নাটনি বৃদ্ধি পাবলৈ ধৰিলে৷ চৰকাৰে এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভাৰতৰ আন স্থানৰ পৰা মানুহ আনিবলৈ স্থিৰ কৰিলে৷ সেয়েহে প্ৰথম বাৰ ৬৫২ জন কৰ্মী অসমলৈ পঠোৱা হৈছিল৷ বাটত তাৰে বুজন সংখ্যকৰ কলেৰাত পৰি মৃত্যু হল আৰু কিছুমান পলাল বা সন্ধানহীন হল৷ এনে ধৰণৰ অসুবিধাৰ মাজতো ১৮৪০ চনত ২৬৩৮ একৰ ভূমিত চাহ বাগান স্থাপন হল আৰু ১০,২০২ পাউণ্ড চাহ নিলামৰ বাবে লণ্ডনলৈ পঠিওৱা হয়৷

ইয়াৰ পাছতে ১৮৫৯ ৰ জুন মাহৰ ২৯ তাৰিখে অসমত দ্বিতীয়টো চাহৰ কোম্পানী “Jorehaut Tea Company“ স্থাপন হয়৷ লাহে লাহে অসমত চাহৰ জনপ্ৰিয়তা বিশ্বত বাঢ়িবলৈ ধৰাৰ লগে লগে অসমত চাহ বাগানৰ সংখ্যাও বাঢ়িবলৈ ধৰে, ১৮৫৯ চনত অসমত ৫১ খন চাহ বাগান আছিল আৰু ১৮৫২ চনলৈ বাগানৰ সংখ্যা ১৬০ খন হলগৈ৷ ইয়াৰ লগেলগে বনুৱাৰ সংকটো বাঢ়িবলৈ ধৰে৷ সেয়াহে বিস্তৰ ধনজন হানি হোৱাৰ পাছতো চাহ কোম্পানী সমূহে ভাৰতৰ আন ৰাজ্যৰ পৰা কৰ্মী আনিবলৈ সিদ্ধান্ত লয় আৰু ইয়াৰ বাবে কিছু এজেণ্ট নিয়োগ কৰে৷ অধিক মুনাফা লাভৰ আশাত এই এজেণ্ট সকলৰ কিছুসংখ্যকে নানা প্ৰলোভন দেখুৱাই ভাৰতৰ আন কিছু ৰাজ্যৰ পৰা মানুহ আনিবলৈ আৰম্ভ কৰে৷ এই ৰাজ্য সমূহৰ ভিতৰত অন্যতম আছিল পশ্চিম বংগ, ঝাৰখণ্ড, চট্টিশ গড়, বিহাৰ, তামিলনাডু আদি৷

পাৰ্চিভেল গ্ৰীফিটচৰ মতে বিংশ শতিকাৰ আৰম্ভণি পৰ্য্যন্ত অসমৰ চাহ বাগিচা সমূহত পাঁচ ধৰণেৰে বনুৱা নিযুক্তি দিয়া হৈছিল৷
সেইবোৰ আছিল এনেধৰণৰ:

১) অনুজ্ঞা পত্ৰ নথকা ব্যক্তিৰ দ্বাৰা সংগৃহীত বনুৱাৰ নিযুক্তি
২) অনুজ্ঞাপত্ৰ থকা ব্যক্তি আৰু বাগিচাৰ চৰ্দাৰ সকলে সংগ্ৰহ কৰা বনুৱাৰ নিযুক্তি
৩) ধুবুৰী প্ৰথা আৰু বাগিচা কৰ্তৃপক্ষই পোনপটীয়াকৈ দিয়া নিযুক্তি
৪) চুক্তিৰ ম্যাদ উকলি যোৱাৰ বনুৱাৰ পুনৰ নিযুক্তি
৫) থলুৱা বনুৱাৰ নিযুক্তি
ধুবুৰী প্ৰথাটো এক আমোদজনক প্ৰথা, এই প্ৰথা অনুসৰি এজেণ্ট সকলে সকলো ধৰণৰ চৰকাৰী নিয়ম অনুকৰণ নকৰি বনুৱা সকলক ধুবুৰী পৰ্য্যন্ত আনি দিয়ে আৰু তাতেই বাগান সমূহে বনুৱা সকলক চমজি লয়৷ ইয়াৰ উপৰিও থলুৱা বনুৱা ৰূপে সেই সময়ত কছাৰী সম্প্ৰদায়ৰ কিছু লোকে বাগানত কাম কৰা বুলি জানিব পাৰি৷

চৰকাৰী ভাবে অনুজ্ঞা পত্ৰ পোৱা বনুৱা সংগ্ৰহকাৰীসকলক সংশ্লিষ্ট অঞ্চলৰ মানুহে ‘আৰকাটি’ বুলিছিল আৰু এই প্ৰথাটোক ‘আৰকাটি প্ৰথা’ বুলি জনাজাত আছিল৷ বহু বাগিচাত ‘আৰকাটি’ শব্দটো এতিয়াও অপহৰণকাৰীক বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ পাছলৈ বাগিচা সমূহে নিযুক্তি দিয়া চৰ্দাৰ সকলে নিজ নিজ অঞ্চলৰ পৰা বনুৱা আনিবলৈ আৰম্ভ কৰিছিল৷

চিত্ৰ-৩: ১৯ শতিকাৰ ভাৰতৰ এখন চাহ বাগিছা (Source: Royal Geographical Society)

অসমলৈ অহা বনুৱা সকলৰ কাহিনী অতি কৰুণ আছিল আৰু বাটতে উপযুক্ত সা সুবিধাৰ আৰু চিকিৎসা অভাৱত বহু বনুৱাৰ মৃত্যু ঘটিছিল৷ তদুপৰি বহু বাগিচা কৰ্তৃপক্ষই তেওঁলোকক সেই সময়ত বিভিন্ন ধৰণেৰে শোষণ কৰা বুলি জানিবলৈ পৰা যায়৷ এইদৰে ১৯১৫ সময়লৈকে বনুৱা আমদানি কৰা হৈছিল৷ অৱশ্যে ইয়াৰ বহু বছৰ পাছলৈকে ছেগা-চোৰোকা কৈ চাহ বাগিচা সমূহলৈ বনুৱা আমদানি কৰি থকা হৈছিল৷

কিন্তু অতীজৰ পৰা আজিলৈকে অসমৰ বাগিচা সমূহত বনুৱাৰ অভাৱৰ সমস্যটো বৰ্তি থাকিল৷ বৰ্তমান সময়ত অসমৰ বহুবোৰ প্ৰতিস্থিত কোম্পানীয়ে বনুৱাৰ অভাৱৰ বাবে লোকচানৰ সন্মুখীন হব লগা হৈছে৷ অসমৰ চাহ বাগান সমূহত সাধাৰণতে মে’ মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত চাহপাতৰ “চিজন টাইম“ বুলি কোৱা হয় আৰু পাতৰ উৎপাদন এই সময়খিনিত সৰ্বাধিক হয়৷ চাহপাত তোলাৰ এক নিৰ্দিষ্ট চক্ৰ (cycle) থাকে সাধাৰণতে এই চক্ৰ ৭ ৰ পৰা ৯ দিন হয়, এডৰা চাহখেতিৰ পৰা ৭ৰ পৰা ৯ দিনৰ ভিতৰত পাত তুলিব লাগে৷ যদি এই সময়ৰ ভিতৰত পাত তোলা নহয় তেনেহলে ভাল গুণ বা মানৰ (quality) চাহ তৈয়াৰী কৰিব নোৱাৰি৷ ফলত চাহৰ তীব্ৰ প্ৰতিযোগিতামূলক বজাৰত ভাল দামত চাহপাত বিক্ৰী কৰিব পৰা নাযায় ফলত কোম্পানীয়ে লোকচানৰ মুখ দেখিব লগা হয়৷ ৭ ৰ পৰা ৯ দিন এই কাৰণেই কৈছোঁ যে এই সময়চোৱা বহুবোৰ কাৰকৰ ওপৰত নিৰ্ভৰশীল৷

চিত্ৰ-৪: অসমত চাহ উৎপাদনৰ মাহেকীয়া পৰিসংখ্যা

আজিকালি বহুতো কাৰণৰ বাবে এই চিজন টাইমত বনুৱাৰ নাটনি হয়৷ আজি কালি চৰকাৰী আঁচনি সমূহৰ অধীনত কাম কৰিলে চাহ বাগানতকৈ বেছি মজুৰি পোৱা যায় আৰু তুলনামূলক ভাবে কম কষ্ট কৰিবলগীয়া হয়, সেয়ে বহু কৰ্মীয়ে আজিকালি এই আঁচনিবোৰত কাম কৰাৰ বাবে মন মেলে৷ আনহাতে অসমত ক্ষুদ্ৰ চাহবাগান সমূহ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, চিজন টাইমত বেছি মজুৰি পোৱাৰ বাবে এই ধৰণৰ চাহবাগান সমূহতো কাম কৰিবলৈ বহু কৰ্মী গুচি যায়, তদুপৰি চাহ জনগোষ্ঠীৰ মাজত শিক্ষাৰ ক্ষীপ্ৰ সম্প্ৰসাৰণ ঘটাৰ বাবে বহু নৱপ্ৰজন্মই চাহবাগানৰ কাম কৰাৰ সলনি আন আন জীৱিকা আৰ্জনৰ পথ বাছি লৈছে৷ ইয়াৰ ফলত বহু চাহ কোম্পানীৰ বাগিচাত চিজন টাইমত বহু চাহপাত সময়মতে তুলিব পৰা নাযায়গৈ যাৰ ফলত এই কোম্পানী সমূহে লোকচানৰ মুখ দেখিব লগীয়া হৈছে৷

এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চাহ কোম্পানী সমূহে চৰকাৰৰ কাষ চাপে৷ তেওঁলোকৰ অনুৰোধ মৰ্মে ভাৰত চৰকাৰে এখন পাৰ্লিয়ামেণ্টৰী ষ্টেণ্ডিং কমিটি গঠন কৰে, এই কমিটিয়ে বিতংকৈ সমস্যাটোৰ অনুসন্ধান কৰাৰ পাছত এক ৰিপোৰ্ট ২০১২ চনৰ আগষ্ট মাহত দাখিল কৰে৷ উক্ত ৰিপোৰ্টৰ মতে এই জ্বলন্ত সমস্যাৰ সমাধানৰ এটাই উপায় আছে সেইটো হৈছে পাততোলা প্ৰক্ৰিয়াৰ সঠিক যান্ত্ৰিকীকৰণৰ৷

চিত্ৰ-৫: বেটাৰী চালিত চাহপাত তোলা যন্ত্ৰ ( Source: tradeindia.com)

চাহ খেতিত সকলোতকৈ বেছি মানুহৰ প্ৰয়োজন হয় বাগানত পাত তোলাত আৰু অসমৰ বাগানত পাততোলা কাৰ্য্যতেই সৰ্বাধিক মহিলা শ্ৰমিক নিয়োগ কৰা হয়৷ অসমৰ বাগান বোৰত নানা কাৰণত জাপান আদি দেশৰ দৰে সম্পূৰ্ণ স্বয়ংক্ৰিয় মেচিনৰ দ্বাৰা পাত তোলা সম্ভৱ নহয়৷ অধ্যয়নৰ দ্বাৰা গমপোৱা গৈছে যে অসমত গুণগত মানদণ্ডৰ অৱনতি নোহোৱাকৈ মহিলাই হাতত লৈ চলাবপৰা বেটাৰী চালিত চাহপাত তোলা মেচিনৰ অতি শীঘ্ৰে প্ৰয়োজন অন্যথা অদূৰ ভৱিষ্যতে আৰু অধিক লোকচানৰ সন্মুখীন হৈ অসমৰ চাহ উদ্যোগ বন্ধ হোৱাৰ উপক্ৰম হবগৈ৷
☆★☆

References:

1. Akhtar, S. M. (1939). Emigrant Labour for Assam Tea Gardens. Lahore: S.M.Akhtar.
2. Arya, N. (2013). Indian tea scenario. International Journal of Scientific and Research Publications, 3(7), 01-10.
3. Awasthi, R., & Sarkar, A. (1983). A study on labour cost components in tea industry in Assam Valley. Two Bud, 30(1&2).
4. Baildon, S. (1881). Origin and future prospect of Tea in India. (F. Wyman, Ed.) Tea Cyclopedia, pp. 9-18.
5. Baisya, S., Murari, P., Gogoi, H. N., Sarma, J., Das, R., & Saikia, R. (2014). Impact of mechanised harvesting on area coverage and cost economics in tea: A case study. Two and a Bud, 61(1 & 2), 81-84.
6. Barkakoty, B. (2011). 16th Biennial General Meeting Speech by Chairman. Guwahati: North Eastern Tea Association.
7. Barua, P. (2015). Problems of Small Tea Growers: A Study in Sonitpur District, Assam. Social Change and Development, XII(1), 88-96.
8. Baruah, P. (2008). The Tea Industry of Assam, Origin and Development. EBH Publisher.
9. Borah, K. (2013, January). Entrepreneurship in Small Tea Plantation: A case of Assam. The Eco, I(III), 79-90.
10. Bore, J. B. (2009). Mechanical harvesting of tea in Kenya: a review and future prospects. Stir tea & coffee industry bi-monthly, 30(2), 30-39.
11. Burgess, P. C. (2006). Evaluation of simple hand-held mechanical systems for harvesting tea (Camellia sinensis). Experimental Agriculture, 165-187.
12. Director General, Ministry of Labour and Employment. (2016). Indian labour year book 2013 and 2014. Shimla: Director General, Ministry of Labour and Employment.
13. Directorate of Economics and Statistics. (2015). A Type Study Report On The Economic Activities of Small Tea Growers of Assam. Guwahati: Directorate of Economics and Statistics, Govt of Assam.
14. Dutta, A. K. (1992). Cha Garam – The tea story. Guwahati: Paloma Publication.
15. Hazorika, R. D. (2016). Recruitment of Tea Labour into Assam and Evil day of Women Labourer. Pratidhwani the Echo, IV(III), 29-36.
16. Meghalaya Times. (2012, February 26). Assam tea producers cry for survival. Retrieved May 14, 2012, from Meghalaya Times: http: //meghalayatimes.info/index.php/front-page/31-archive/front-page/february-2012/472-assam-tea-producers-cry-for-survival
17. Rajya Sabha Secretariat. (2012). Performance of plantation sector – tea and coffee industry. Parliament of India, Department related parliamentary standing committee on commerce. New Delhi.
18. Sarma, G. (2013). A Historical Background of Tea in Assam. The Eco: An Online Journal of Humanities & Social Science, I(IV), 123-131.
19. Tea Board of India. (2016). Estimated Production. Retrieved January 24, 2016, from Tea Board of India: http: //www.teaboard.gov.in/
20. Tea Board of India. (2015). Estimated Apparent Consumption of Tea in India. Kolkata: Tea Board of India.
21. Tea Board of India. (2015). TEA AREA as on 31-12-2013 & PRODUCTION IN 2013-14. Tea Board of India.
22. Tea Board of India. (2014-15). 61st Annual Report. Tea Board of India. Kolkata: Tea Board of India.
23. Tea Board of India. (2013). Black tea and health. Retrieved April 19, 2016, from Tea Board of India: http: //www.teaboard.gov.in/pdf/black%20tea%20vs%20green%20tea.pdf
24. Willson, K. C., & Clifford, M. N. (1992). Tea: Cultivation to Consumption. London: Chapman and Hall.
25. Saikia, M. (2008). Axomiya Samaj Saniskritiloi Chah Janagusthir Abadan. Dibrugarh: Dibrugarh University.

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments