অসমৰ থলুৱা শিল্প (- নিতুল বৰা )


(টোকাঃ- লেখাটিত ডঃ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ অসমৰ লোক-কলা নামৰ কিতাপ খনৰ পৰা কিছু আভাস লোৱা হৈছে )

অসমীয়া মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰী সমূহ আৰু বিভিন্নঅনুষ্ঠানত বিশেষ ৰূপত প্ৰয়োজনীয় সৃষ্টিৰাজিয়েই অসমৰ কলা-শিল্পৰ ঐতিহ্য।বাঁহ, বেত, বয়নশিল্প, ধাতু শিল্প, মূখা শিল্প আদিলৈকে ইয়াৰ পৰিসৰ ব্যাপ্ত।

১) অসমৰ বাঁহ-বেত শিল্প

অসমৰ লোক সংস্কৃতি তথা শিল্প সমূহৰ ভিতৰত বাঁহ-বেত শিল্পও অপৰিহাৰ্য্য ।পাহাৰে-ভৈয়ামে উভৈনদী ৰূপত থকা বিভিন্ন জাতিৰ বাঁহ-বেতেৰে তৈয়াৰ কৰা হয়অসমীয়াৰ জাতীয় জীৱনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী।
অৰণ্য এৰি কৃষিমুখীহোৱাৰ দিনৰে পৰাই অসমীয়া মানুহে টকৌপাত, ঢকুৱা, কল-মাৰলীৰে ৰদ-বৰষুৰ পৰাহাত সাৰিবলৈ আশ্ৰয় গ্ৰহন কৰাৰে পৰা বনৰীয়া প্ৰাণী চিকাৰ কৰিবলৈ সহায়কহিচাপে বাঁহ ব্যৱহাৰ কৰিছিল, তেতিয়াৰে পৰাই হয়তো বাঁহ অসমীয়াৰ অজস্ৰ শিল্পকাৰ্য্যৰ প্ৰধান আহিলা হৈ পৰিল। অসমীয়া মানুহে নিজে থাকিবলৈ ব্যৱহাৰ কৰাঘৰৰ খুটা, চৌতি, মাৰলি, বেৰ, ছাল তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰা হয়।
মাছ ধৰিবলৈ ব্যৱহাৰ কৰা সজুলি যেনে- জাকৈ, খালৈ, পল, চেপা, ঘণী, খোকা, দলঙা, বাণ, জাল পাতিবলৈ পেং, পাঁৱৰি আদি বিভিন্ন সজুলি নিৰ্মানত বাঁহব্যৱহাৰ কৰা হয়।
তাৰোপৰি কৃষি কাৰ্য্যত ব্যৱহাৰ হোৱা সজুলি যেনে- ধানথোৱা ভঁৰাল, ডুলি, পাচি, খৰাহি, ধান থোৱা দোণ, ওখোন, কোহোনা, যুঁৱলি, গৰুগাডীৰ কিছু অংশ, মৈ, কোৰৰ নাল, বিৰিয়া, হোলোঙা, জাপি, বিভিন্ন সময়তঘৰুৱা কামত ব্যৱহাৰ হোৱা কুলা, চালনী, ডলা, ঢাৰি, বাঁহৰ বিচনী, বাঢনী আদিঅজস্ৰ বস্তুৰ উপৰিও শোৱা চাং, জেওৰা, জপনা, গোজ,দলং, চকোৱা, আৰু তাঁতৰ শালৰসজুলি উঘা, চেৰেকী, লেটাই, ব চূঙা, খুঁটি, কাণমাৰি, শলি, ৰাচ, চিৰি, মহুৰা, দোৰপতি, ফুল তোলা কাঠি, তাঁত শালৰ নাচনি, গৰকা আদিৰ লগতে বহিবলৈব্যৱহাৰ কৰা কঠ, মূঢত বোৱা মোৰ আদিত বাঁহ ব্যৱহাৰ কৰা হয়। অসমীয়া জাপিটিওলোক কলাৰ এক সুন্দৰ নিদৰ্শন। গছৰ পাত, বাঁহ আৰু বেতেৰে সজা পদুমীয়াসৰুদৈয়া, ফুলাম আৰু বৰজাপি , পাহাৰ ভৈয়াম দুয়ো ঠাইৰে মানুহৰ বৰ আদৰৰ।সৰুউকা জাপি আকৌ বনুৱা, হালোৱা আৰু গৰখীয়াই ৰদ-বৰষুনৰ পৰা সাৰিবলৈ ব্যৱহাৰ কৰে
সত্ৰৰ বেতৰ বিচনীৰ কাৰুকাৰ্য্য চালে চকুৰোৱা । এনে বিচনী মাজুলীৰসত্ৰ সমূহত দেখা যায়। বাঁহৰ শলিৰ মোৰ দি বেতেৰে সজা জপা, বেতৰ শঁৰাই, মূঢা, বেগ, মেজ, চকী, আৰামি চকী, চোফা, দোলনা, বাকচ, ফুলৰ পাত্ৰ, আদি বেতেৰে অতিসুন্দৰকৈ নিৰ্মিত হৈছে ।

২)বয়ন শিল্পঃ-

অসমৰ সকলোজন-গোষ্ঠীয়ে বোৱা-কটাত অৰ্পূব্ব কলা প্ৰৰ্দশন কৰি আহিছে। অসমীয়া নাৰীয়েৰাতিটোৰ ভিতৰতে কঁপাহ নেওঠি, পাঁজি বাটি, সূতা কাটি, কৱচ কাপোৰ বৈ স্বামীকৰণলৈ পঠোৱাৰ অতীতৰ সেই দিনবোৰেই বোৱা-কটাত নিৰ্পূনতাৰআটাইটকৈ সুন্দৰউদাহৰণ। ঘৰতে লেটাই, চেৰেকী, উঘা, খুটি, ৰাচ, ব তোলা চুঙা, টোলোঠা, নাঁচনী, কাণমাৰী, মহুৰা, যঁতৰ, দোৰপতি, গৰকা, ফুলতোলা কাঠী আৰু শলিৰ সঁজুলিৰেঅসমীয়া নাৰীয়ে এৰি, মূগা, পাট, মেজাঙ্কৰী কাপোৰত সোন-বৰণীয়া ফুল তুলি অভিনবকাৰুকাৰ্য্য কৰা অথবা সোণোৱালী গুনাৰে বন কৰা ছাঁতে শুকুৱা, মুঠিতে লুকুৱাঅসমীয়া পাট-মূগাৰ কাপোৰে বিশ্ব-বজাৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষমহৈছে । অসমীয়া নিৰক্ষৰ জীয়াৰী-বোৱাৰীয়ে নিজৰ কল্পনাৰে এশ, দুশ, তিনিশফুলতোলা কাঠীৰে গামোচা, চাদৰ-মেখেলা, চেলেং, বৰ-কাপোৰ আদিত ফুল বাচে । ৰঙীনসূতা আৰু গুনাৰে মিনা কৰি চালিধৰা ময়ুৰ, উৰণীয়া মইনা, শেন, আদি বিভিন্নচৰাই অতি সুন্দৰকৈ তোলে। গোসাঁইৰ গামোচা আৰু সিংহাসনৰ কাপোৰাত গছা, বন্তি, শৰাই, ধুপদানি, ৰামনাম আদিও তোলে । কলগছ, বৰগছ, নাৰিকল গছ, আদি বিভিন্ন গছ, বেলপতীয়া লতা, লিহিৰি, কাষৰি, চঁপা চাকলি ফুল, কেৰুমূখীয়া ফুল, আঠপহীয়া, ছপহীয়া, চাৰিপহীয়া ফুল, লটকন, কল্কা, জোন, তৰা, পখিলা, আদি অনায়াসে তাঁতজিলিকাই তোলে ।জনজাতি সকলে ৰেখা. ত্ৰিভূজ, আদি ধৰনৰ জ্যামিতিক চিত্ৰও আঁকে।অসমীয়াৰ ঘৰে ঘৰে থকা তাঁতশাল অসমীয়াৰ অৰ্থনৈতিক জীৱনৰ এক এৰাব নোৱাৰাআহিলা। জীবিকাৰ অন্য উপাই নোহোৱা দুখীয়া বিধবায়ো তাঁত-শাল খনকেই সাৱটিজীবিকাৰ পথ মুকলি কৰে। সামৰন কাপোৰৰ উপৰিও নিতৌ ব্যৱহাৰ কৰা চাদৰ-মেখেলা, ৰিহা, চোলা, চুৰীয়া, সকলো কাপোৰ অসমীয়া শিপিনীয়ে ঘৰতে বৈ লোৱা নিয়ম আছে ।

ক্ৰমশ……….

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰূপম বৰা /Rupam borah
9 months ago

বৰ সুন্দৰকৈ লিখিছে
আগলৈও এনেকৈয়ে লিখি থাকিব নহ’লে অসমীয়াৰ লোকসামাজিক সম্পদবোৰ নাইকিয়া হৈ আহিছে ।
প্লাষ্টিকৰ সাগ্ৰীৰে ভৰি পৰিছে।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক