অসমৰ-নাট্য-জগতৰ মহীৰূহ কুলদা কুমাৰ ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ

কুলদা কুমাৰ ভট্টাচাৰ্য৷  ১৯৩৩ চনত জন্মলাভ কৰা মানুহজন আজিও চিৰ তৰুণ৷ অসমৰ নাট্য জগতৰ পিতৃস্বৰূপ কুলদা কুমাৰ ভট্টাচাৰ্যই শৈশৱৰ পৰাই নাটকৰ সতে জড়িত হৈ আছে৷ এসময়ত বি বি চি এচিয়াৰ বাংলা বিভাগত কৰ্মৰত ভট্টাচাৰ্যই নিউয়ৰ্কৰ হামবাৰ্গ চহৰত ৰেডিঅ ঘোষক হিচাবে সেৱা আগবঢ়াইছিল আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত যোগদান কৰি ‘পৰশুৰাম’ নাটকৰ যোগেৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ প্ৰখ্যাত নাট্যকাৰ ডঃ ভবেন্দ্ৰনাথ শইকীয়া, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ আদিৰ সৈতে লগ লাগি তেওঁ ৰেডিঅ নাটক, ভ্ৰাম্যমান নাটকৰ ক্ষেত্ৰতো এক বিপ্লৱৰ সূচনা কৰিছিল৷ দূৰদৰ্শনৰ বিভিন্ন ধাৰাবাহিকত অভিনয় কৰা ভট্টাচাৰ্যদেৱে ৰীমা দাসৰ বহুল চৰ্চিত ’ভিলেজ ৰকষ্টাৰ’ত অভিনয় কৰি তেওঁৰ অনবদ্য অভিনয় প্ৰতিভা যে এইসময়তো অক্ষুণ্ণ হৈ আছে, তাকেই প্ৰমাণ কৰিছে৷ তেখেতক জানিবলৈ আৰু তেখেতৰ পৰা অসমৰ নাট্য জগতৰ ধাৰা আৰু ক্ৰমবিকাশ সম্পৰ্কে জানিবলৈ সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা অভিজিত দত্তই তেওঁৰ ৰিহাবাৰীস্থিত বাসভৱনত তেখেতক সাক্ষাৎ কৰিছিল৷ তেখেতৰ সতে হোৱা কথা-বতৰাখিনি ইয়াত উপস্থাপন কৰা হ’ল৷


সাহিত্য ডট্ অৰ্গঃ– শৈশৱৰ পৰাই আপুনি অসমৰ সাংস্কৃতিক জগতখনৰ সতে জড়িত হৈ আছে৷ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই কবিতা আবৃত্তিৰে আপুনি প্ৰতিভাৰ পৰিচয় দিছিল৷ আমি জানিব পৰা মতে ছয় বছৰ বয়সৰ পৰাই পাণবজাৰৰ হৰিসভাত আহি উপস্থিত হোৱা যাত্ৰা পাৰ্টিৰ সংগঠকসকলৰ সতে জড়িত হৈ পৰিছিল৷ শৈশৱৰ সেই দিনবোৰ আৰু সেই সময়ৰ গুৱাহাটীৰ সাংস্কৃতিক পৰিবেশ সম্পৰ্কে অনুগ্ৰহ কৰি আপোনাৰ অনুভৱ আমাৰ আগত ব্যক্ত কৰিবনে?

কুলদা কুমাৰ ভট্টাচাৰ্য – যাত্ৰাপাৰ্টিৰ পিছে পিছে ঘূৰি ফুৰিছিলো সেই সময়ত৷ ৰাতিপুৱা উঠিয়েই তেওঁলোকৰ ৰিহাৰ্চেল চাবলৈ যাও৷ গধূলি আঠমান বজাত যাত্ৰা আৰম্ভ হ’য়৷ মই ছয়মান বজাতেই গৈ হৰিসভা পাওগৈ৷ অভিনেতা-অভিনেত্ৰীসকলে মেক-আপ কৰা চাও৷ তাৰ পিছতেই যাত্ৰা আৰম্ভ হোৱাৰ সময়ত দৰ্শকৰ একেবাৰে প্ৰথম শাৰীত বহোগৈ৷ তেতিয়া বহিবলৈ খেৰৰ ওপৰত সতৰঞ্চি  পাৰি বহাৰ ব্যৱস্থা কৰা হৈছিল৷ আমাৰ লগৰকেইটি বাৰমান বজাতে শুই পৰিছিল৷ মই পিছে সদায়েই শেষলৈকে যাত্ৰা চাইছিলো৷ পিছদিনাখন আকৌ আমি অভিনেতা-অভিনেত্ৰী সকলক দেখি “অ, এইজন যাত্ৰাত অমুক আছিল, সেইজন তমুক আছিল“ বুলি আলোচনা কৰিছিলো৷ তেনেদৰে দুৰ্গাপূজাৰ সপ্তমী, অষ্ঠমী আৰু নৱমীত যাত্ৰা হৈছিল৷ দশমীত হৰিসভাত যাত্ৰা হোৱা নাছিল৷ একাদশীত দুৰ্গাপূজাৰ সমিতিৰ সভাপতি কালিচৰণ সেনৰ ঘৰত এই যাত্ৰা অনুষ্ঠিত হৈছিল৷

সেই সময়ত গুৱাহাটীত দুটা ভাষাৰ দুটা সাংস্কৃতিক অনুষ্ঠান গঢ় লৈ উঠিছিল- অসমীয়া আৰু বঙালী৷ দুই পক্ষই নিজৰ নিজৰ ভাবে সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৰিহণা যোগাই আছিল৷ আপাতঃ দৃষ্টিত কোনো বৈষম্য সৃষ্টি হোৱা নাছিল৷  মোৰ মনত আছে যে প্ৰথমতে মই মাৰ সৈতে তিৰোতা মানুহ বহা আছুতীয়া স্থানত মাৰ কোলাত বহি যাত্ৰা চাইছিলো৷ ১৯৪৩ চনৰ পৰা মই যাত্ৰা পাৰ্টি চোৱা মনত পৰে৷ তাৰ আগৰ কথা অলপো অৱশ্যে মোৰ মনত আছে৷ ক্ষেত্ৰ চটোপাধ্যায় নামৰ এগৰাকীয়ে নায়িকাৰ ভূমিকাত অভিনয় কৰি মোৰ মনত আছে৷

১৯৪৩ চনৰ পৰা যাত্ৰাৰ কথা মোৰ ভালকৈ মনত আছে৷ সেই সময়ৰ কথা৷ তেতিয়া প্ৰভাত অপেৰা গুৱাহাটীলৈ আহিছিল৷ সেই সময়ত যাত্ৰা পাৰ্টিসমূহ বৰিশালৰ পৰা আহিছিল৷ দেশ বিভাজনৰ পিছত এই পাৰ্টিসমূহ চিটপুৰলৈ গৈছিল৷ চিটপুৰ সেই সময়ত যেন ‘যাত্ৰাউড’ আছিল৷ ধৰা আজিৰ হলিউড, বলিউডৰ দৰে৷ সেই সময়ত ভোলানাথ অপেৰা এটা ডাঙৰ যাত্ৰাপাৰ্টি আছিল৷ তাৰেই এটা ঠাল আছিল প্ৰভাত অপেৰা৷ সেই সময়ত বিলাতৰ দৰেই অপেৰাসমূহত ’এক্টৰ মেনেজাৰ’ আছিল৷ অৰ্থাৎ মেইন এক্টৰজনেই অপেৰাৰ ডাইৰেক্টৰ আৰু মেনেজাৰ আছিল৷ অপেৰাসমূহত ’গ্ৰেডেশ্বন’ ব্যৱস্থাৰ প্ৰচলন আছিল৷ যিসকল চিনিয়ৰ এক্টৰ, তেওঁলোকৰ থকা-খোৱাৰ সুব্যৱস্থা আছিল৷ এক্টৰ মেনেজাৰজনৰ অফিচ আৰু খোৱা-লোৱাৰ ব্যৱস্থা আছিল৷ অন্যান্য অভিনেতাসকল একেলগে আছিল৷ সেই সময়ত ‘ছোটো ফনী’ নামে বিখ্যাত ফনীভূষণ মতিলাল প্ৰভাত অপেৰাত আছিল৷ তেওঁ আছিল এজন সুদক্ষ অভিনেতা৷ যিকোনো চৰিত্ৰতেই তেওঁ একাত্ম হৈ যাব পাৰিছিল৷ সেই সময়ৰ যাত্ৰাসমূহ পৌৰাণিক, ঐতিহাসিক আৰু সামাজিক ভাগত ভাগ কৰা হৈছিল৷ সেই সময়ত ’ছোটো ফনী’য়ে সকলো ধৰণৰ নাটকত অভিনয় কৰি দক্ষতাৰ পৰিচয় দিছিল৷ সেই সময়ত অপেন অডিটৰিয়ামৰ ব্যৱস্থা আছিল৷ এটা কথা মোৰ মনত আছে৷ ছোটো ফনীয়ে এখন নাটকত এজন বৃদ্ধৰ চৰিত্ৰত অভিনয় কৰিছিল৷ সেইখন এখন সামাজিক নাটক আছিল৷ তাৰ পিছদিনাখন আকৌ একেজন অভিনেতাই ঐতিহাসিক নাট ’টিপু চুলতান’ত অভিনয় কৰিছিল৷ সেই নাটকখনত তেওঁ টিপুৰ সেনাপতি মৌচিয়ে লালিৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল৷ সেই নাটকখনত মানুহজনে এজন চৰিত্ৰত তজবজীয়া অভিনয় কৰিছিল৷ সেইবাৰেই ‘চিৰাজউদ্দোল্লা’ নাটকত তেওঁ দুৰ্দান্ত অভিনয় কৰিছিল৷ ছোটো ফনী আছিল এনে এগৰাকী অভিনেতা যিয়ে চৰিত্ৰৰ দাবী আৰু নিজৰ শাৰীৰিক অৱস্থাক সমাহাৰ কৰি অভিনয় কৰিছিল৷ ১৯৬০ চনত ভোলানাথ অপেৰাত তেওঁ ’চিৰাজউদ্দোল্লা’ নাটখনত এজন ৰাজনৈতিক নেতাৰ ভাওত অভিনয় কৰিছিল৷ প্ৰভাত অপেৰাত ছোটো ফনীৰ দৰেই এগৰাকী প্ৰতিভাশালী অভিনেত্ৰী আছিল৷ ’চন্দ্ৰহাস’ নামৰ এখন নাটকত তেওঁ দুৰ্দান্ত অভিনয় কৰিছিল৷

আজি আৰু সেই দিন নাই৷ বৰ্তমান অৱশ্যে Group থিয়েটাৰৰ যথেষ্ট উন্নতি সম্ভৱ হৈছে৷ এই ক্ষেত্ৰত বাহাৰুল ইছলাম, জ্যোতিনাৰায়ন আদিৰ নাম লম৷ NSD ৰ পৰা অহা লোকসকলে Group থিয়েটাৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ মই এওঁলোকক লৈ যথেষ্ট আশাবাদী৷

সাহিত্য ডট্ অৰ্গঃ– চাৰ, ছোটো ফনী অৰ্থাৎ অৰ্থাৎ ফনীভূষণ মতিলাল নামৰ অভিনেতাজনৰ অভিনয়ৰ আলম লৈ আপুনি আপোনাৰ শৈশৱৰ দিনবোৰ তথা সেই সময়ৰ গুৱাহাটীৰ সাংস্কৃতিক পৰিবেশ সম্পৰ্কে আমাক যথেষ্ট তথ্য যোগালে৷ শৈশৱৰ কালছোৱাত আপুনিও অভিনয় প্ৰতিভা আৰু দক্ষতাৰ প্ৰমাণ দিছিল৷ বাল্যকালত আপুনি কবিগুৰুৰ ’ডাকঘৰ’ নামৰ নাটকখনত অমলৰ চৰিত্ৰটোত অভিনয় কৰিছিল৷ সেই সময়ত বহু দিনলৈ আপুনি অমল বুলিয়েই জনাজাত হৈ পৰিছিল৷ অমলৰ চৰিত্ৰত অভিনয় কৰা সেই সৰু অভিনেতাজন সম্পৰ্কে আপুনি কি ভাবে?

কুলদা কুমাৰ ভট্টাচাৰ্য– আচলতে মই তেতিয়াৰ পৰা মানে ল’ৰালি কালৰ পৰাই অভিনয় কৰিছো৷ এটা চৰিত্ৰত অভিনয় কৰিবলৈ লৈ মই বৰ বিশেষ ভাবি নাথাকো৷ অভিমন্যুৰ দৰে এইয়া মোৰ হয়তো কিবা এটা জন্মগত গুণ৷ মই সদায় স্বাভাৱিকভাবে অভিনয় কৰো আৰু কেতিয়াও অতি-নাটকীয়তা নকৰো৷ আনহাতে পৰিচালনাৰ সময়ত মই যথেষ্ট পৰিশ্ৰম কৰো৷ কিছুমান স্মৃতি মোৰ সদায়েই সজীৱ হৈ থাকে৷ এই তুমি কোৱা ’ডাকঘৰ’খন যদি মোক আকৌ দিয়া, মই অমলৰ চৰিত্ৰটোতেই পুনৰ অভিনয় কৰিবলৈ ভাল পাম৷

আচলতে কি জানা, মই অভিনয় কৰা আৰু পৰিচালনা কৰা কামসমূহত একোটা দৰ্শন দাঙি ধৰিছো৷ আকৌ যিসকল পৰিচালকৰ সতে মই কাম কৰিছো, তেওঁলোকেও মোৰ যোগেদি একোটা দৰ্শন দাঙি ধৰে৷ কাৰণ তেওঁলোকে ভাবে যে এনে একোটা দৰ্শন মই ভালকৈ প্ৰক্ষেপ কৰিব পাৰো৷ মই এটা কথা দাবী কৰিব পাৰো যে এই বয়সতো মোৰ কণ্ঠ স্পষ্ট৷ বিদেশত গৈ মই এই দক্ষতা আহৰণ কৰিছো৷ সেইবাবে পৰিচালকৰ দৰ্শন মোৰ অভিনয়ৰ মাজেৰে তেওঁলোকে উপস্থাপন কৰে৷

সাহিত্য ডট্ অৰ্গঃবৰ্তমানৰ যুৱ সমাজৰ সাংস্কৃতিক সচেতনতা সম্পৰ্কে আপুনি কি ভাবে অনুগ্ৰহ কৰি আমাক জনাবনে?

কুলদা কুমাৰ ভট্টাচাৰ্য– চোৱা, এই বিষয়েমই নাজানো৷ মই মাথোঁঁ জানো যে পৃথিৱীৰ সকলো ক্ৰিয়া-কৰ্ম পৰিৱৰ্তনশীল৷ কিন্তু আচলটো আচলেই৷ এইযে ’নিশি উজাগৰী’ নামৰ টেলিফিল্মখন, তাত শেষ কথাটো নীলমণি ফুকনৰ কবিতাৰে দিয়া হৈছিল৷ “পথাৰখন পাৰ হৈ তুমি বহুদূৰ গলাগৈ, কিন্তু সজাত ভৰাই থোৱা আছে তোমাৰ চিঞৰ৷” চিঞৰটোৱেই আচল কথা৷ কথাটো ব্যাখ্যা কৰিবলৈ মই তোমাক মোৰ ডকুমেণ্টৰী এখনৰকথা কও৷ চৰকাৰী খৰচত নিৰ্মাণ কৰা ডকুমেণ্টৰীখনত মোৰ দৰ্শনটো আছিল, ’Carry the Colours Along’৷ এইটো কিজানা? আধুনিকতাৰ নামত আমি যিমানেই বাহিৰৰ সংস্কৃতিৰ লগত মিলি নাযাও কিয়, কিন্তু এই পৰিৱৰ্তনশীল সময়ৰ সতে নিজৰটো অৰ্থাৎ মৌলিকতাটোও কঢ়িয়াই নিয়া দৰকাৰ৷ মই ভাবো যে এই মৌলিকতাৰ কথাটো অসমৰ যুৱসমাজক মনত পেলাই দিয়া হওক৷ ৰবি ঠাকুৰে কোৱাৰ দৰে, “দিবে আৰ নিবে, মিলাবে মিলিবে, যাবে না ফিৰে৷ “ তেওঁলোকক কোৱা হওক-Please Carry the Colours Along৷ এনেধৰণৰ চিন্তাধাৰাৰে শান্তিপূৰ্ণ সহাৱস্থান সম্ভৱ যিয়ে জাতি এটিৰ স্বকীয়তা বজাই ৰখাত সহায়ক হব৷ সংস্কৃতি, জীৱন আৰু সমাজৰ ক্ষেত্ৰত এই কথাই প্ৰযোজ্য৷

সাহিত্য ডট্ অৰ্গঃ আপুনি অসম, ভাৰত আনকি বিদেশতো নাটক সম্পৰ্কে যথেষ্ট অধ্যয়ন কৰিছে৷ স্বনামধন্য নাট্যকাৰ প্ৰয়াত অৰুণ শৰ্মা, ডঃ ভবেন্দ্ৰনাথ শইকীয়া, দূৰ্গেশ্বৰ বৰঠাকুৰ আদিৰ সতে আপুনি নাট্যক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিছে৷ এই সম্পৰ্কে আমাক অলপ কবনে?

কুলদা কুমাৰ ভট্টাচাৰ্য : অসমৰ জাতীয় নাট্যশালা আন্দোলন-এই ধাৰাটো আমি আৰম্ভ কৰিছিলো। এই জাতীয় নাট্যশালাৰ কথাটো হল যে চৰকাৰে নাটকৰ ক্ষেত্ৰত আৰ্থিক অৰিহণা যোগাব। কিন্তু পৰিচালনাৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ থাকিব নোৱাৰিব। মই এই সম্পৰ্কে মোৰ ‘নাটঘৰ ছবিঘৰ’ নামৰ কিতাপখনত অলপ কথা উল্লেখ কৰিছো। কামটোত মই অলপ অসুবিধা পাইছিলো। কথাটো মই কিতাপখনত লিখিছিলো।

সাহিত্য ডট্ অৰ্গ- আপুনি অভিনয়ৰ সতে কেনেদৰে জড়িত হৈ পৰিল সেই সম্পৰ্কে অলপ কবনে?

কুলদা কুমাৰ ভট্টাচাৰ্য- তেতিয়া মই বিদেশৰ পৰা ঘূৰি আহিছো। কলিকতাত তেতিয়া ভূপেন হাজৰিকাৰ ‘শকুন্তলা’ চিনেমাৰ চুটিং চলি আছে। হঠাৎ তেওঁ মোক চিনেমাখনত মাছমৰীয়াৰ চৰিত্ৰটো কৰিবলৈ দিলে। মইও অভিনয় কৰিলো চৰিত্ৰটোত। সেইয়া ১৯৬১ চনৰ কথা। সেই চিনেমাখন ১৯৬২ চনত ‘ৰিলিজ’ হৈছিল। আচলতে বিদেশলৈ যোৱাৰ আগৰে পৰা চিনেমা সম্পৰ্কীয় প্ৰায়ভাগ কথাকেই মই আয়ত্ত কৰিছিলো। পিছত দিল্লীত গৈ মই বিভিন্ন নাটকত অভিনয় কৰিলো। তাৰো এটা কাহিনী আছে। মই দিল্লীলৈ কাম বিচাৰি গৈছিলো। পিছে তাত গৈ মই প্ৰথমতে হতাশ হৈ পৰিলো। কাৰণ তাত হিন্দীতহে কামবোৰ চলে। সেই সময়তেই মই এক্সটাৰনেল এফেয়াৰ্চৰ এচিন্টেন্ট ষ্টেচন ডিৰেক্টৰ শৈলেন্দ্ৰ শংকৰক পালো। তেওঁ মোক কিবা এটা কাম দিলে। সিদিনাখনেই তেওঁ কলে যে শঙ্কৰ মাৰ্কেটত তেওঁলোকৰ সিদিনা আবেলি এখন নাটক আছে আৰু মই তালৈ যাব লাগে। মই গলো আৰু সেই নাটকখনত মই এটা চৰিত্ৰত অভিনয় কৰিলো। তাৰপিছতেই মই দিল্লীত জনপ্ৰিয় হৈ গলো আৰু এখনৰ পিছত সিখনকৈ নাটক কৰি গলো। এনেদৰে মই অভিনয়ৰ লগত জড়িত হৈ পৰিলো।

সাহিত্য ডট্ অৰ্গঃ আমি জনামতে আপুনি ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ আছিল৷

কুলদা কুমাৰ ভট্টাচাৰ্য-  হয়, আছিলো৷ পিছে বৰ্তমানৰ ভ্ৰাম্যমাণত নাটকৰ আচল কথাখিনি নাই৷ ইয়াত আজিকালি ’গ্লেমাৰ’হে বেছি হৈছে৷ মহেন্দ্ৰ বৰঠাকুৰে মোক ভ্ৰাম্যমানলৈ নিছিল৷ সেইবাৰ নামী-দামী অভিনেতাক বাদ দি আমি অনাড়ম্বৰভাবে নাটক কৰিছিলো৷ এসময়ত IPT ৰ হেমাংগ বিশ্বাস আদিৰ সতেকাম কৰাৰ অভিজ্ঞতাই ভ্ৰাম্যমানত কাম কৰাত মোক সহায় কৰিছিল৷ সেই সময়ৰ নাটক আৰু আজিৰ নাটকৰ মাজত বহু পৰিবৰ্তন দেখা পোৱা গৈছে৷ আজিকালি কাহিনী বা টেকনিকেল দিশতকৈ নৃত্য, আলোকসজ্জা আদিৰ ক্ষেত্ৰতহে প্ৰাধান্য দিয়া দেখা গৈছে৷ কাহিনীৰ বিন্যাস নাম মাত্ৰ৷ নাটক লিখা, অভিনয় কৰা, কাৰিকৰী দিশৰ সম্পূৰ্ণ ব্যৱহাৰ আদি সকলো ক্ষেত্ৰতেই ভ্ৰাম্যমান নাটকত গুৰুত্ব দিয়া উচিত৷ একেদৰে বাণিজ্যিকৰণৰ লগে লগে মৌলিকতাৰ দিশটো চোৱা আৱশ্যক৷ এনেদৰে কৰিলে ভ্ৰাম্যমান দলসমূহ দুই-এবছৰৰ বাবে লোকচানৰ সন্মুখীন হলেও ইএক নাটসচেতনতাৰ জন্ম দিব৷ ’মেজি’ নামৰ এনে এখন নাটক মই সৃষ্টি কৰিছিলো৷ পিছে সেইখন সেইসময়ত সিমান সফল নহ’ল৷

সাহিত্য ডট্ অৰ্গঃ আপুনি দূৰদৰ্শনৰ লগতো জড়িত হৈ আছে৷ ’দামিনী’ নামৰ আপুনি অভিনয় কৰা এখন ধাৰাবাহিক এতিয়াও সম্প্ৰচাৰিত হৈ আছে৷ দূৰদৰ্শনৰ জনপ্ৰিয়তা সম্পৰ্কে আপুনি কি ভাবে?

কুলদা কুমাৰ ভট্টাচাৰ্য – আজিকালি দূৰদৰ্শনে কমিচনড প্ৰগ্ৰেম কৰা বাদেই দিলে৷ স্পনচৰড চিৰিয়েলো আজিকালি দূৰদৰ্শনে নলয়৷ বৰ্তমান বহু পৰিচালক নিবনুৱা হৈ পৰিছে৷ এতিয়া দূৰদৰ্শন বাণিজ্যিক চেনেলহে হৈ পৰিছে৷ দূৰদৰ্শনে কথাবোৰত গুৰুত্ব দিয়া ভাল হব৷

সাহিত্য ডট্ অৰ্গঃ আপুনি এসময়ত অনাতাঁৰ কেন্দ্ৰৰ সৈতেও জড়িত হৈ আছিল৷ বৰ্তমান ৰেডিঅৰ জনপ্ৰিয়তা বা ইয়াৰ সংযোগ ব্যৱস্থা সম্পৰ্কে আপোনাৰ মতামত জনাবনে?

কুলদা কুমাৰ ভট্টাচাৰ্য- ৰেডিঅৰ শ্ৰোতা আজিও কম হোৱা নাই৷ গাৱে-ভূঞে ৰেডিঅ’ আজিও জনপ্ৰিয় হৈ আছে৷ সৌ তাহানিৰ অনুষ্ঠানসমূহ এতিয়াও শ্ৰোতাই শুনে৷ ৰেডিঅ অৰ্থাৎ অনাতাঁৰ কেন্দ্ৰই বিচাৰিলে মই এতিয়াও তেওঁলোকক সহায় কৰিবলৈ সাজু আছো৷ নাটক নিৰ্বাচন, অভিনয় আদিৰ ক্ষেত্ৰত মই অনাতাঁৰ কেন্দ্ৰক পৰামৰ্শ দিব পাৰো৷ একেদৰে চৰিত্ৰ অনুযায়ী উপযুক্ত কণ্ঠ নিৰ্বাচনৰ কামো মই কৰিব পাৰো৷ আচলতে ৰেডিঅ’ত কণ্ঠৰ এক বিশেষ ভূমিকা আছে৷ মানে নাট্যকাৰে সৃষ্টি কৰা চৰিত্ৰটোত অভিনয় কৰা অভিনেতাজনে মহাভাৰতৰ সঞ্জয়ৰ দৰে জীৱন্ত ৰূপত কথাসমূহ বৰ্ণনা কৰে৷ নাটকৰ কাহিনী আৰু শ্ৰোতাৰ মাজত সেয়েহে সংযোগকাৰীজন হ’ল অভিনেতাজন যিয়ে নাটকখনত কণ্ঠদান কৰি চৰিত্ৰ আৰু কাহিনীক শ্ৰোতাৰ সন্মুখত দাঙি ধৰাত সমৰ্থ হ’য়৷

সাহিত্য ডট্ অৰ্গঃ ৰীমা দাসৰ বহুল চৰ্চিত ’ভিলেজ ৰকষ্টাৰ্চত আপুনি অনবদ্য অভিনয় কৰিছে৷ ’মনটো কেনেকৈ বেগেৰে যাব পাৰে’ বুলি প্ৰশ্ন সোধা ল’ৰাজনক সেই আপাৰ আসামৰ জ্ঞানলব্ধ ককাজনে দিয়া উত্তৰৰ দৰেই আপুনি আমাক ভ্ৰাম্যমাণ থিয়েটাৰ, নাটক, দূৰদৰ্শন, অনাতাঁৰকেন্দ্ৰ তথা সমসাময়িক নাট্যজগত সম্পৰ্কে সম্যক জ্ঞান দিলে‌৷ এক চিৰ তৰুণ সত্ত্বাৰ প্ৰতিভূ আপোনাৰ নিশ্চয়েই ভৱিষ্যতৰ বাবে বহু পৰিকল্পনা আছে৷ সেই সম্পৰ্কে জানিবলৈ আকৌ কেতিয়াবা উপস্থিত হম আপোনাৰ বাসভৱনত৷ আজিৰ এই সময়খিনি আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো৷ নমস্কাৰ৷

কুলদা কুমাৰ ভট্টাচাৰ্য- তোমালোকৰ আলোচনীখন সৰ্বাংগ-সুন্দৰ হোৱাৰ কামনা কৰিলো৷ নমস্কাৰ৷

◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

I really enjoyed reading your blog thank you so much

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক