“অসমৰ নাৰীমুক্তি আন্দোলনৰ বাটকটীয়া –চন্দ্ৰপ্ৰভা শইকীয়ানী” (মৌচুমী বৰি)

“অসমৰ নাৰীমুক্তি আন্দোলনৰ বাটকটীয়া –চন্দ্ৰপ্ৰভা শইকীয়ানী”

মৌচুমী বৰি

“উপন্যাসখন লেখি থকা সময়ত একধৰণৰ মুগ্ধতায়ো মোৰ চেতনাক আচ্ছন্ন কৰি ৰাখিছিল। কলম উঠাই লৈ বহুবাৰ পৰম বিস্ময়েৰে এইকথা ভাবি বহি থাকিছিলোঁ যে প্ৰায় এশবছৰৰ আগতেই অসমৰ এখন পিছপৰা গাঁৱত এনে এগৰাকী নাৰীৰ জন্ম হৈছিল যাৰ বীৰত্ব, বিদ্ৰোহ, কষ্টসহিষ্ণুতা, কর্মক্ষমতা আৰু বর্ণাঢ্যতা আজিও অসমত বিৰল”।–“অভিযাত্ৰী”(নিৰূপমা বৰগোহাঞি)

অসমৰ নাৰীমুক্তিৰ বাবে আত্মোসর্গ কৰা এইগৰাকী বিদ্ৰোহী নাৰীয়েই আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী; তেখেতৰ জন্ম হৈছিল ১৯০১ চনৰ ১৬ মার্চত কামৰূপৰ বজালী অঞ্চলৰ দৈশিঙৰী গাঁৱত; সেই সময়ত অসমৰ গাঁওবোৰত নাৰী শিক্ষাৰ প্ৰচলন নাছিল বুলিবই পাৰি; ছোৱালীক শিক্ষা দিয়াটো আছিল আচৰিত ঘটনাৰ দৰে। শইকীয়ানী বাইদেউৰ দেউতাক আছিল সেইগাঁৱৰ গাঁওবুঢ়া ৰাতিৰাম মজুমদাৰ আৰু মাকৰ নাম আছিল গংগাপুৰীয়া; শিক্ষা-দীক্ষাৰ প্ৰতি মাক-দেউতাক দুয়োজনৰে ধাউতি আছিল বাবেই জীয়ৰী চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি আগ্ৰহ দেখি মাক গংগাপুৰীয়াই নিজৰ ভনীয়েকৰ ঘৰত ৰাখি দুয়োজনীকে পঢ়ুৱাইছিল; ১৯০৭ চনত চন্দ্ৰপ্ৰিয়াই ভালুকী গাঁৱৰ পৰা প্ৰাইমেৰী পৰীক্ষা পাছ কৰি হাইস্কুলীয়া শিক্ষাৰ বাবে কঁঠালগুৰি গাঁৱৰ স্কুললৈ বাৰিষাৰ একঁকাল পানী ভাঙি অশেষ কষ্ট কৰি অহা-যোৱা কৰিছিল; দুই বায়েক ভনীয়েকৰ কষ্ট দেখি পিতাকে নিজৰ গাঁৱৰ স্কুলত নাম লগাই দিয়ে আৰু চন্দ্ৰপ্ৰিয়াই পঢ়া-শুনাত বিচক্ষনতা দেখুৱাত সেই স্কুলৰ হেডপণ্ডিত কৃষ্ণকান্ত দত্তই ৰজা পঞ্চম জর্জৰ ছাব মৰা ৰূপৰ মেডেল দি পুৰস্কৃত কৰিছিল; পিছে সিমানতে শিক্ষা সাং কৰি চন্দ্ৰপ্ৰিয়াই সংসাৰ জালত বন্দী হ’ব লগা হয় যদিও সংসাৰৰ পৰা মুক্ত হৈ তেওঁ ঘৰলৈ উভতি আহে; তেতিয়া চন্দ্ৰপ্ৰিয়াৰ বয়স আছিল মাথোঁ তেৰ বছৰ। সংসাৰ জীৱনৰ পৰা মুক্ত হৈ চন্দ্ৰপ্ৰিয়াই দৈশিঙৰী গাঁৱৰ পৰা দুমাইলমান দূৰৰ অকয়া গাঁৱত এখন “ছোৱালীৰ পাঠশালা” পাতে; প্ৰথমে চন্দ্ৰপ্ৰিয়াই পতা স্কুলখনৰ কোনো বেৰ নাছিল, পিছলৈ স্কুলখন লোকেল ব’র্ডে লয় আৰু মাহিলি ছয় টকাকৈ তাই দৰমহা পায়; চন্দ্ৰপ্ৰিয়াই স্কুলখন পাতিবৰ বাবে বহুত পৰিশ্ৰম কৰিছিল; অকয়াৰ এনে এখন ঘৰ নাছিল যিটো ঘৰলৈ তাই যোৱা নাছিল; বালিকা শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তাই প্ৰতি ঘৰতে কংগ্ৰেছী নেত্ৰীৰ দৰে বক্তৃতা দি ফুৰিছিল। চন্দ্ৰপ্ৰিয়াৰ “ছোৱালী পাঠশালা”খনৰ কথা সেইসময়ৰ ছাব-ইন্সপেক্টৰ নীলকান্ত বৰুৱাৰ কাণত পৰিছিল আৰু তেওঁ এদিন স্কুলখন পৰিদর্শন কৰিবলৈ আহে। তেৰ বছৰীয়া সৰুছোৱালীজনীৰ শিক্ষাৰ প্ৰতি আগ্ৰহ দেখি তেওঁ মুগ্ধ হৈ নগাঁৱৰ মিছন স্কুলত আধৰুৱা পঢ়াজীৱন পুনৰ আৰম্ভ কৰিবৰ বাবে সুবিধা কৰি দিয়ে।
১৯১৫ চনত নগাঁও চহৰৰ মিছন স্কুলত চন্দ্ৰপ্ৰিয়া আৰু ভনীয়েক ৰামেশ্বৰীয়ে নতুনকৈ শিক্ষাজীৱন আৰম্ভ কৰে; সেইখন স্কুলত গৈ দুয়োগৰাকীৰ নামদুটা হয়গৈ চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা; দুইজনীয়ে সেইখন স্কুলতে সংলগ্ন হোষ্টেলত থাকি পঢ়া-শুনা কৰিছিল; মিছন স্কুলৰ শিক্ষক আছিল সুদূৰ আমেৰিকাৰ পৰা অহা মিছ দৌ আৰু মিছ লং; কিছুদিনৰ পিছতেই চন্দ্ৰপ্ৰভাই অনুভৱ কৰিলে যে হিন্দু ছাত্ৰীসকলক খ্ৰীষ্টান ছাত্ৰীসকলতকৈ অকণমান বেলেগধৰণে ব্যৱহাৰ কৰা হয় তথা অৱহেলাৰ চকুৰেও চোৱা হয়; এনেকুৱা পৰিৱেশ দেখি চন্দ্ৰপ্ৰভাৰ মনটো বিদ্ৰোহী হৈ উঠিল; মনৰ মাজত বহুতো ক্ষোভ আৰু অভিযোগ পু্ঞ্জীভূত হ’ল; এই ক্ষোভৰ উদ্গীৰণ হ’ল তেতিয়া যেতিয়া নেকি এগৰাকী নতুনকৈ অহা হিন্দু ছোৱালীক হোষ্টেলৰ সলনি গুদামঘৰত থাকিবলৈ দিলে এইবাবেই যে তাই খ্ৰীষ্টান ধর্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। চন্দ্ৰপ্ৰভাই সকলো ছাত্ৰীকে এই কামৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সাহস যোগালে; চন্দ্ৰপ্ৰভা এই আন্দোলনত জয়ীও হ’ল; জীৱনত অন্যায়ৰ বিৰুদ্ধে তেখেতৰ এয়াই আছিল প্ৰথম যুদ্ধ আৰু প্ৰথম যুদ্ধতেই জয়ৰ গৌৰৱ; তেখেতে ভাবিছিল—“সাহস আৰু মনোবলৰ দৰে পৃথিৱীত ডাঙৰ অস্ত্ৰ কিয়েইবা আছে”। (অভিযাত্ৰী-নিৰূপমা বৰগোহাঞি)।

(ক্ৰমশ..)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments