অসমৰ নিবনুৱা সমস্যা, আমাৰ মানসিকতা আৰু অন্যান্য (শেৱালী দত্ত)

সমস্যা জর্জৰিত অসম ভূমি। প্রকৃতিয়ে সৃষ্টি কৰা এশ এবুৰি সমস্যাৰ পৰা মানৱ সৃ্ষ্ট বিভিন্ন সমস্যা আৱহমান কালৰেপৰাই কম বেছি পৰিমাণে বিৰাজমান। কিন্ত এটা প্রশ্ন হ’ব পাৰে যে, এই সকলো সমস্যা প্রকৃত সমস্যা হয়নে? এইখিনিতে ভাৰতবর্ষৰ এটা সমস্যাৰ কথা প্রসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি। ভাৰতৰ খাদ্য সমস্যা ভাৰতীয় মানুহৰ বাবে এটা প্রধান সমস্যা। ভাৰতৰ খাদ্য সমস্যাৰ ৰেহ-ৰূপ নিৰীক্ষণ কৰিবলৈ এবাৰ এজন বিদেশী বিশেষজ্ঞ ভাৰতলৈ আহিল। বিশেষজ্ঞ আহি ৰাজধানী মহানগৰী দিল্লীত নামিয়েই দেখিবলৈ পালে বজাৰত বিভিন্ন ধৰণৰ খাদ্যৰ পয়োভৰ| দোকান-বজাৰত নিত্য ব্যৱহার্য খাদ্য সামগ্রী চাউল, দাইল, আলু, পিয়াজ, তেল, নিমখ, বিভিন্ন শাক-পাচলি, আপেল, আঙুৰ, কল, নাচপতি আদি বিভিন্ন ফলমূল। বিশেষজ্ঞজনে দোকান বজাৰত খাদ্যৰ এনে পয়োভৰ দেখি ভাৰতৰ খাদ্য সমস্যাৰ স্বৰূপ বুজি পাবলৈ বেছিপৰ নালাগিল। ভাৰতীয় লোকৰ বাবে যিটো সমস্যা, বিদেশী বিশেষজ্ঞৰ দৃষ্টিৰে সেইটো সমস্যা নহয়। তেওঁৰমতে খাদ্য সমস্যা সেইটোহে য’ত বজাৰ সমাৰত খাদ্য ক্ৰয় কৰিবলৈ পোৱা নাযায়। ইমান উভৈনদী হৈ থকা দেশ এখনত খাদ্য সমস্যা হ’ব নোৱাৰে।

আমাৰ অসমৰ যিবোৰ প্রধান সমস্যা এতিয়ালৈকে চিহ্নিত কৰি অহা হৈছে, সেই সমস্যাবোৰৰ ভিতৰত নিবনুৱা সমস্যাটোও এটা প্রধান সমস্যা।ভাৰতৰ খাদ্য সমস্যাটোৰ দৰেই অসমৰ নিবনুৱা সমস্যাটোও কিছু পৰিমাণে ভেজাল। অসমৰ নিবনুৱাসকল এটা কাৰণেই নিবনুৱা যে তেওঁলোকে শিক্ষা-দীক্ষা গ্রহণ কৰি চৰকাৰী চাকৰি এটা লাভ কৰিব পৰা নাই। ইয়াৰ পশ্চিমীয়া দেশসমূহৰ দৰে আমাৰ ৰাজ্যত কর্ম সংস্কৃতিৰ মনোভাৱ গঢ়ি উঠা নাই। অসমৰ গাঁৱে ভূঞে, নগৰে-চহৰে বহু স্ব-নির্ভৰশীল পদ্ধতিৰে উপার্জন কৰিব পৰা পথ সুচল হৈ পৰি আছে। সেই সুবিধা অসমৰ যুৱক-যুৱতীয়ে গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে সক্ষম নোহোৱাৰ কাৰণ বহুতো। উদাহৰণস্বৰুপে, অসমৰ এখন গৃহস্থীৰ ঘৰত পাঁচপুৰা ৰোপিত মাটি আছে। দেউতাকৰ খেতি কৰিবৰ দুহালমান গৰুও আছে বা এখন পাৱাৰ টিলাৰো আছে; কিন্ত পুতেক বিশ্ববিদ্যালয়ৰ ডিগ্রীধাৰী হোৱাৰ বাবেই কৃষিত আত্মনিয়োগ নকৰি টকা-পইচা দি হ’লেও চৰকাৰী চাকৰিৰ অনুসন্ধানত কাল অতিবাহিত কৰিছে। ফলত বহুজনৰ চাকৰি কৰিবৰ বাবে বয়সৰ সময় সীমাও উকলি গৈছে। কিন্ত শিক্ষিত যুৱকজনে তাক বৃত্তি হিচাপে গ্রহণ নকৰি নিজে মালিক হৈ আনৰ দ্বাৰাহে কাম কৰোৱায়।কাৰোবাৰ ঘৰত গাড়ী-মটৰ আছে, কিন্ত চালক নিজে হ’বলৈ ইচ্ছা নকৰে। আনক নিয়োগ কৰি নিজে মালিক হৈ এলাহত দিন কটায়। অসমীয়া সমাজৰ পৰা এনে অনেক উদাহৰণ দাঙি ধৰিব পাৰি।

এসময়ত অসমীয়া সমাজত এজনে আনজনৰ চুলি কাটি দিয়ে। কিন্ত এতিয়া তেনে অ্ভ্যাস অসমীয়া মানুহৰ নাই। সকলোৱে চেলুনতহে চুলি কাটে। তাৰোপৰি চুলি কটা ব্যৱসায় অসমীয়া মানুহৰ হাততো নাই, বিহাৰীলোকেহে অসমত এই ব্যৱসায় চলাই আছে। তেনেদৰে বৃত্তি হিচাপে গ্রহণ কৰি অসমীয়া যুৱক-যুরতীয়ে কৰিব পৰা বহুতো কামেই অসমত পৰি আছে। এনে কিছুমান কর্ম হীনমন্যতাত ভোগাৰ বাবেই হওঁক বা শ্রমৰ মর্য্যদা দিব নজনাৰ দোষতেই হওঁক, অসমীয়া যুৱক-যুৱতীয়ে গ্রহণ কৰিবলৈ কুন্ঠাবোধ কৰে। এনেবোৰ কাম কৰিবৰ বাবে অসমীয়া মানুহৰ সামাজিক দৃষ্টিভংগী সলনি কৰিব লাগিব। যিকোনো শ্রমৰ মৰ্য্যদা দিবলৈ শিকিব লাগিব।

কর্ম সংস্কৃতি গ্রহণ নকৰি নিষ্কৰ্মাৰ জীৱন-যাপন কৰিবলৈ লোরাৰ আন এটি কাৰণ হ’ল ইংৰাজে দি যোৱা শিক্ষা ব্যৱস্থাটো। বর্তমান আমাৰ শিক্ষা ব্যৱস্থাত আত্মনির্ভৰশীল শিক্ষাৰ কোনো পদ্ধতি অৱলম্বন কৰা হোৱা নাই। আমাৰ বিদ্যালয়, মহাবিদ্যালয় আনকি অভিযান্তিক মহাবিদ্যালয়কে আদি কৰি কাৰিকৰী শিক্ষানুস্থান সমূহো বর্তমান নিবনুৱা উৎপাদনৰ কাৰখানালৈ ৰুপান্তৰিত হৈছে। কিন্ত ইয়াৰ বিপৰীতে ইংলেণ্ড, আমেৰিকাকে আদি কৰি বহু পশ্চিমীয়া দেশত কাৰিকৰী তথা আত্মনির্ভৰশীল শিক্ষা ব্যৱস্থা প্রচলন থকা হেতু সেইবোৰ দেশত নিবনুৱা সমস্যা নাই বুলিয়েই ক’ব পাৰি। ইংলেণ্ডত এজন ছাত্র বা এগৰাকী ছাত্রীক এটা বিশেষ স্তৰলৈ সাধাৰণভাৱে অধ্যয়ণ কৰিবলৈ দি তাৰ পিছত প্রতিভা অনুসৰি বিভিন্ন দিশত অধ্যয়ণ কৰিবলৈ দিয়া হয়। নিজৰ অনুৰাগ, আগ্রহ আৰু প্রতিভা অনুসৰি এজন ছাত্র বিজ্ঞানী, গৱেষক, চিকিৎসক, অভিযন্তা, অধ্যাপক, শিক্ষক, ব্যৱসায়ী, কৃষক, কহাঁৰ, কমাৰ, কুমাৰ, সোণাৰী, চিত্রকৰ আদি বিভিন্ন পথেৰে অগ্রসৰ হয়। তেওঁলোকে তেনে শিক্ষা গ্রহণ কৰি সময়ত চাকৰিয়েই হওঁক বা নিজৰ ব্যবসায়-বাণিজ্যই হওঁক নিজৰ আগ্রহ-ৰুচি অনুসৰি আত্মনিয়োগ কৰে। কিন্ত আমাৰ দেশত তেনে শিক্ষা ব্যৱস্থা নোহোৱাৰ হেতু নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে, যি নিবনুৱা সমস্যাৰ কাৰণে উগ্রপন্থী সমস্যাকে আদি কৰি সমাজত নানা সমস্যাৰ সৃষ্টি হৈছে। একপ্রকাৰে আমাৰ শিক্ষা ব্যৱস্থাই নিবনুৱা সমস্যাৰ মূল কাৰণ বুলি উল্লেখ কৰিব পাৰি।

কর্ম–সংস্কৃতি আৰু আমাৰ মানসিকতাৰ লগত আন এটা কথা সাঙোৰ খাই আছে সেইটো হৈছে দেশপ্রেম। স্বদেশক, স্বজাতিক ভাল নোপোৱা মানুহে কর্ম–সংস্কৃতিৰ মূল্য দিব পাৰিব বুলি ক’ব নোৱাৰি। জাপানৰ মানুহৰ দেশপ্রেমৰ বিষয়ে কেইবছৰমানৰ পূর্বে কথাছবি পৰিচালক জাহ্নু বৰুৱাদেৱে ‘দৈনিক অসম’ বাতৰিকাকতত লিখিছিল এটি ঘটনাৰ কথা। ঘটনাটো এনেধৰণৰ- জাহ্নু বৰুৱা গৈছিল মুম্বাইলৈ কথাছবিৰ কামৰ বাবে। তেওঁ যিখন হোটেলত আছিল সেইখন হোটেলতে তেওঁ থকা কোঠাটোৰ কাষতে এজন জাপানী ইঞ্জিনিয়াৰ আছিল। জাপানী ইঞ্জিনিয়াৰজন আহিছিল মুম্বাইলৈ ফুৰিবলৈ, বিশেষকৈ সাগৰৰ মাজত থকা ‘এলিফেন্টা কেভ’ চাবৰ বাবে। ইঞ্জিনিয়াৰজন আমাৰ বৰুৱাদেৱৰ লগত চা-চিনাকি হৈ তেওঁৰ কোঠালৈ আহি টেবুলত বেয়া হৈ পৰি থকা এটা জাপানীজ কেমেৰা দেখিবলৈ পালে। জাপানীজ কেমেৰা বেয়া হৈ পৰি থকা দেখি বৰুৱাদেৱৰ অনুমতি লৈ ইঞ্জিনিয়াৰজনে লগেলগে সেইটো ভাল কৰিবৰ বাবে খুলিমেলি কামত লাগি গ’ল। একেলেথাৰিয়ে দুদিন লাগি কেমেৰাটো কার্য্যক্ষম কৰি তুলিলে। পিছদিনাই তেওঁ জাপানৰ টকিঅ’ চহৰলৈ উৰা মাৰিব লাগিব ; যিহেতু তেওঁ যাবৰ বাবে টিকট সাজু হৈ আছে।বৰুৱাদেৱে তেওঁক সুধিলে—আপুনি আহিছিল ‘এলিফেন্টা কেভ’ চাবৰ বাবে। কাইলৈ আপুনি যাবগৈ লাগিব। কিন্ত আপুনি মোৰ কেমেৰা ভাল কৰি থাকোতেই সময় গ’ল দেখোন? তেতিয়া ইঞ্জিনিয়াৰজনে ক’লে যে—মই ‘এলিফেন্টা কেভ’ চাবৰ বাবে জীৱনত সময়পালে আহিম কেতিয়াবা। কিন্ত মোৰ দেশৰ কেমেৰা এটা বেয়া হৈ থাকিলে দেশৰ বদনাম হ’ব।

এনে উত্তৰ হয়তো বৰুৱাদেৱেও আশা কৰা নাছিল। জাপানৰ এজন ইঞ্জিনিয়াৰৰ ইমানেই দেশৰ প্রতি প্রেম। আমি ভাৰতীয় ইঞ্জিনিয়াৰ বা অন্যান্য কর্মচাৰীৰ পৰা এনে আদর্শ বা দেশপ্রেমৰ আশা কৰিব পাৰোনে ? আমাৰ এনে মহান দেশপ্রেম , কর্তব্যনিষ্ঠা থকা হ’লে অসমৰ বা ভাৰতৰ অৱস্হা নিশ্চয় এনেকুৱা নহ’লহেতেন। আত্মবিশ্লেষণ কৰিলেই আমাৰ স্বৰূপ আমি নিজে নিজে গম পাম। জননায়ক জয়প্রকাশৰ ভাষাত ক’বলৈ গ’লে ‘’মূৰৰ চুলি যেতিয়া সকলো পকে, তেতিয়া আৰু ৰং লগোৱাৰ প্রয়োজন নাই।‘’

আমেৰিকান সকলৰো দেশপ্রেম, কর্তব্যনিষ্ঠা আৰু দূৰদর্শিতা অতি গভীৰ। আমেৰিকান জোতা কোম্পানী এটাই এবাৰ তেওঁলোকৰ দাবী পূৰণৰ কাৰণে প্রতিবাদ জনোৱাৰ পদ্ধতি অতি অভিনৱ ধৰণৰ আছিল। জোতা কোম্পানীৰ কর্মচাৰী সকলে আন্দোলন কৰিবৰ বাবে সিদ্ধান্ত ল’লে যে তেওঁলোকৰ দাবী মালিকপক্ষই পূৰণ নকৰালৈকে কেৱল এটা ভৰিৰ এপাট জোতাহে প্রস্তত কৰিব আৰু দাবী পূৰণ কৰিলে আনপাত জোতা প্রস্তত কৰি দিব। কথামতে কাম আৰম্ভ কৰিলে। কাৰাখানাত তেওঁলোকে এপাট জোতা প্রস্তুত কৰি গ’ল আৰু সেইমতে বজাৰত বিক্ৰী কৰিবৰ বাবে বাকচত ভৰাই গ’ল। এতিয়া মালিক পক্ষৰ সমস্যা হ’ল যে বজাৰত এপাত জোতা কোনে কিনি পিন্ধিব। অৱশেষত মালিক পক্ষই তেওঁলোকৰ দাবী মানি ল’লে আৰু কর্মচাৰীসকলেও আনপাত জোতা নির্মাণ কৰি আন্দোলনৰ সমাপ্তি ঘোষণা কৰিলে। ভাবি আচৰিত লাগে যে সাধাৰণ জোতা কোম্পানী এটাৰ কর্মচাৰীসকলৰো কর্তব্যনিষ্ঠা, দেশপ্রেম আৰু দূৰদর্শিতা ইমান গভীৰ! আমাৰ দেশত বা ৰাজ্যত কিবা এটা প্রতিবাদকল্পে আমি পোনচাতেই আৰম্ভ কৰি দিওঁ বন্ধ ঘোষণা। কিন্ত এদিনৰ বন্ধই দেশৰ কিমান ক্ষতি কৰিব, সেই ক্ষতি যে আমাৰ নিজৰেই আৰু সাধাৰণ বনুৱা শ্ৰেণী খাতিখোৱা লোকৰ যে জীৱনৰ কি বিলাই বিপত্তি হ’ব আমি সেইকথা উপলব্ধি কৰিব পাৰোনে? ছাত্র সংগঠনেই হওঁক, ৰাজনৈতিক দলেই হওঁক বা কোনো উগ্রপন্থী সংগঠনেই হওঁক— সকলোৱেই প্রতিবাদস্বৰূপে ‘বন্ধ’ দুস্কৃতি পালন কৰাৰ পৰিবর্তে অন্য পদ্ধতি অৱলম্বন কৰিব নোৱৰেনে? তাৰ বাবে আমাৰ দূৰদর্শিতা আৰু দেশপ্রেমৰ অভাৱ।

আজি ভাৰত ৰাষ্ট্ৰই বিশ্ব বেংকৰ ওচৰত বা বিদেশী চৰকাৰৰ ওচৰত ধাৰত দিনক দিনে পোত গৈছে। শিক্ষাৰ কাৰণে, বাট-পথ নির্ম্মাণ কৰিবৰ বাবে, কৃষিৰ বাবে চৰকাৰে সদায় আনৰ ওচৰত হাত পাতি আহিছে। যদি সদায় ধাৰ হৈয়ে থাকে তেনেহ’লে আমাৰ দেশ তথা জাতিক পৰৰ হাতত চমজাই দিবৰ বাবে বেছিদিন নালাগিব। সমস্যা জর্জৰিত দেশ আৰু জাতিৰ কথা ভাবিয়েই বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কবিতাৰ মাজেৰে আক্ষেপ প্রকাশ কৰি গৈছে—
‘’মাতৃভূমি তিলে তিলে / ঘোৰ দৈন্যত গই যে আছে তল / মূল্য কিহৰ তেন্তে তোমাৰ/ তুমি ইমান লাহ –বিলাহৰ ধল।‘’

নিবনুৱা সমস্যাৰ লগতেই নিবিড়ভাৱে জড়িত হৈ আছে শিক্ষা ব্যৱস্থা, সমাজ ব্যৱস্থা তথা সমাজৰ মানসিকতা, কর্ম-সংস্কৃতি, দেশপ্রেম, কর্তব্যনিষ্ঠা, দূৰদর্শিতা আদি বহুতো কথা। অসমীয়া যুৱকে, অসমীয়া জনসাধাৰণে কর্ম-সংস্কৃতিত আত্মনিয়োগ কৰা হ’লে বিদেশী সমস্যাই অসমক চিন্তিত কৰিব নোৱাৰিলেহেঁতেন। বিদেশী সমস্যাৰো মূল কাৰণ বুলি ক’ব পাৰি অসমীয়া জাতিৰ কর্মবিমুখিতা। অসমীয়া মানুহ কর্মবিমুখ হোৱাৰ বাবেই কাকতি ফৰিঙৰ দৰে জাকে জাকে বিদেশী ভৰি পৰিছেহি। বিদেশীসকলে আহি প্রমাণ কৰি দিছেহি যে অসমীয়া সকলতকৈ তেওঁলোক যোগ্য। এতিয়া আমাৰ যুৱক-যুৱতীসকলেও এলাহ, লজ্জা, ভয়, শঙ্কা পৰিহাৰ কৰি নিজৰ যোগ্যতা প্রমাণ কৰিবলৈ কামত হাত দিব লাগিব আৰু নাগৰিক সকলেও যুগৰ পৰিৱত্তর্নৰ লগত নিজৰ ধ্যান ধাৰণাৰ সলনি কৰি যুৱক যুৱতীক উৎসাহ অনুপ্রেৰণা দিব লাগিব। তেতিয়াহে নিবনুৱা সমস্যাৰ লগত এনে সমস্যাই সৃষ্টি কৰা আনুসঙ্গিক সকলো সমস্যাৰ ওৰ পেলাব পৰা যাব।

শেৱালী দত্ত

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Sahil Ahmed
2 years ago

মই পঢ়াম