অসমৰ পৰিচয়- ডা° দুৰ্লভ বৰুৱা

অসমৰ পৰিচয়
ডা° দুৰ্লভ বৰুৱা

৭ অক্টোবৰ, ২০১৬ তাৰিখত ‘দৈনিক জনমভূমি’ৰ ‘সম্পাদকলৈ চিঠি’ শিতানত ‘অসমৰ পৰিচয়’ নামেৰে এখন পত্ৰ প্ৰকাশ পাইছিল৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলমিংগটন (ডেলাৱেৰ)ৰপৰা পত্ৰখন লিখিছিল মানসী বৰাই৷ তেখেতক ব্যথিত কৰি তুলিছিল অসমখনক ভাৰতৰ আন ৰাজ্যই নজনা কথাটোৱে৷ উত্তৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, বিহাৰ আদিৰ বহুত লোকৰ বাবে অসমখন আচিনাকি৷ বহুতে অসমৰ নামটোকে শুনা নাই৷ অৱশ্যে অসমৰ চাহ আৰু কামাখ্যাৰ মন্দিৰৰ কথা জানে৷ পশ্চিমবংগৰ লোকে অসমক নাজানে৷ নাজানে অসমীয়া আৰু বাংলা লিপিৰ সাদৃশ্য৷ উক্ত কথাটো এই কাৰণেই প্ৰসংগলৈ টানি অনা হৈছে যে অসমৰ বিয়াগোম অনুষ্ঠান প্ৰতিষ্ঠানবোৰে এই কথাটোলৈ মন কৰিছেনে নাই সেয়া এতিয়াও সন্দেহৰ আবৰ্তত৷ দেশ- বিদেশত অসমীয়া তথা অসমৰ ভাষা- সাহিত্যৰ প্ৰচাৰ হ’ব লাগে৷ কেৱল জয়ন্তী, উৎসৱ, বিহু পালন কৰি থাকিলেই নহ’ব৷

কিছু দিনৰ আগতে এখন মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ ‘ৰূপালী’ পঢ়াৰ সৌভাগ্য ঘটিছিল৷ দুজন বিশিষ্ট ব্যক্তিৰ সম্পাদনাত প্ৰকাশ হোৱা বিভিন্ন শিতানবোৰ দেখি চকু থৰ হ’ল৷ সাধাৰণ মানুহৰ বাবে পঢ়িব পৰা একো নাই৷ আচলতে সকলোতে সাধাৰণ মানুহৰ বোধগম্য গল্প, কবিতা, প্ৰবন্ধ ২০ ভাগ থাকিব লাগে৷ ই কেৱল অসমীয়া ভাষাটোকে যে চহকী কৰিব এনে নহয়, অসমীয়া জনসাধাৰণৰ মনলৈ, বুকুৰ মাজলৈও ভাষা- সাহিত্য সোমাই পৰিব৷

অসমীয়া আমাৰ মাতৃভাষা৷ সাহিত্যই জাতিৰ দাপোণ৷ এই দাপোণত জাতিটোৰ ভাল- বেয়া সকলো প্ৰতিফলিত হ’লেহে সাহিত্য জীয়াই থাকিব৷ কেৱল ভাল গদ্য, উচ্চমানবিশিষ্ট লেখাই ভাষা তথা জাতিক জীয়াই ৰাখিব নোৱাৰে৷ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ বাবে সাহিত্যত কিছু উপাদান থকাটো বাঞ্চনীয়৷ জাতীয় জীৱনক সাহিত্যৰ বোলেৰে ৰং সানিবলৈ হ’লে প্ৰতিজন সাহিত্যিক, প্ৰতিজন সাহিত্যপ্ৰেমী, প্ৰতিজন অসমীয়াই এক মানসিক খাদ্য জনসাধাৰণক দিব লাগিব৷

অসমীয়া ভাষাৰ যে দুৰ্দিন নাহিব সেয়া ক’ব নোৱাৰি৷ আমি সজাগ হ’বৰ হ’ল৷ ককাক সাহিত্য সভাৰ কাণ্ডাৰী, নাতিয়েক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত৷ গৰম বন্ধ কেতিয়া দিব বুলি ক’লে বুজিয়ে নাপায়; বুজি নাপায় বহাগ জেঠ! অসমীয়া ভাষাৰ বাবে আমি ভাবোঁ অসমীয়া জাতি জীয়াই থাকিব লাগিব, বিশ্বত অসমীয়াক, অসমক জনাব লাগিব৷ এটা কথা ঠিক যে পঁচিশ বছৰ, পঞ্চাশ বছৰ, এশ বছৰৰ পাছত ৰূপালী, সোণালী, শতবৰ্ষ পালন কৰাটো ভাল কথা; পুৰণাক স্মৰণ কৰা হয়, নতুনক আদৰা হয় আৰু কৰ্মত প্ৰেৰণা আহে৷ তাৰ মাজতে কিন্তু স্থায়ী কাম কৰাৰ চেষ্টাও কৰিব লাগে৷ গৃহ নিৰ্মাণ, পকা বেৰা, খেলপথাৰ উন্নয়ন, পুথিভঁৰাল আদি নানান স্থায়ী কাম আৰম্ভ কৰিবলগা আছে৷ কেৱল আনন্দতে বাজেটৰ সকলো ধন খৰচ কৰাটো উচিত বুলি নাভাবোঁ৷ “মানুহে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো”৷ সকলোৰে মন একেই নহয়৷ স্মৰণিকা, সাহিত্য সংকলন আদি সকলোতে কিছু পৰিমাণে সৰ্বসাধাৰণ ৰাইজে বুজি পোৱা সাহিত্য নিৰ্বাচন কৰিব পৰাটো সম্পাদকৰ কৃতিত্ব৷ উচ্চমানবিশিষ্ট সাহিত্য, মুধাফুটা লেখাবিলাক সৰ্বসাধাৰণৰ মাজৰপৰাই সৃষ্ট৷ কোনো উচ্চ বা হীন নহয়৷ এখন মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ স্মৰণিকাখনত যোৱা ২৫ বছৰৰ ভিতৰত কিমানজন ছাত্ৰ- ছাত্ৰী সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ল সেইটোও চাবলগীয়া বিষয়৷ যদি শূণ্য তেন্তে কি উপায় উদ্ভাৱন কৰিলে, কেনেদৰে শিক্ষা দিলে তেনে পৰীক্ষাত স্থান লাভ কৰিব পাৰে এইটোও শিক্ষাগুৰুসকলৰ গভীৰ দায়িত্ব আৰু সমাজৰ প্ৰতি কৰ্তব্য৷ কেৱল বে’ল (ঘণ্টা) বাজিলেই শ্ৰেণীত সোমোৱা আৰু বে’লৰ শব্দত পঢ়ুওৱা শেষ কৰা শিক্ষকসকলৰপৰা সমাজে একো আশা কৰিব নোৱাৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক