অসমৰ মাদ্ৰাছাৰ আধুনিকীকৰণ : কিছু চিন্তা (প্ৰথম ভাগ) (আশ্বিক জামান )

ashique zaman

আৰৱী ’মাদ্ৰাছা’ শব্দৰ অৰ্থ হ’ল – শিক্ষা অনুষ্ঠান, যদিও আজি আমি মাদ্ৰাছা বুলিলে কেৱল ইছলামিক ধৰ্মীয় শিক্ষা-অনুষ্ঠান বুলি হে বুজোঁ। ১২০৬ চনত ভাৰতত তুৰ্কি মুছলমান শাসন (দিল্লী চুলতানাত) স্থাপনৰ লগতে আৰম্ভ হয় ভাৰতীয় মাদ্ৰাছাৰ ইতিহাস। মধ্যযুগত মাদ্ৰাছাৰ প্ৰধান কাম আছিল প্ৰশাসন ব্যৱস্থাৰ কাৰণে শিক্ষিত মানৱ-সম্পদৰ সৃষ্টি কৰা। গতিকে, মধ্যযুগৰ মাদ্ৰাছাৰ পাঠ্যক্ৰম যুগুতোৱা হৈছিল মুছলমান শাসকবৰ্গৰ আৰু শাসন ব্যৱস্থাৰ সুবিধাৰ্থে। দিল্লী চুলতানাতৰ মানচিত্ৰই ক্ৰমে প্ৰায় সমগ্ৰ ভাৰতবৰ্ষক সামৰি ল’লে, আৰু তাৰ লগতে প্ৰশাসনৰ সুবিধাৰ্থে ভাৰতৰ বিভিন্ন প্ৰান্তত স্থাপিত হ’ল মাদ্ৰাছা। সেই যুগত মাদ্ৰাছাই সাধাৰণ মানুহৰ মাজত শিক্ষাৰ পোহৰ বিয়পোৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল, আৰু আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল এই শিক্ষা মূলতঃ ধৰ্ম-নিৰপেক্ষ আছিল। যাৰ ফলত অ-মুছলমান সম্প্ৰদায়ৰ অভিভাৱকেও নিজৰ সন্তানক মাদ্ৰাছালৈ পঠাইছিল। প্ৰায় উনবিংশ শতিকা লৈকে এই ব্যৱস্থা বাহাল আছিল, যাৰ ফলত ৰাজা ৰামমোহন ৰায়, ড: ৰাজেন্দ্ৰ প্ৰসাদ আৰু ড: ছচিদানন্দ সিনহাকে আদি কৰি ভাৰতৰ বহু প্ৰখ্যাত মানুহৰ শিক্ষা জীৱন আৰম্ভ হৈছিল মাদ্ৰাছাত।

কিন্তু দৃশ্যপটৰ আমূল পৰিবৰ্তন ঘটিল উনবিংশ শতিকাৰ পৰা। এফালে ভাৰতত কেইবা শতিকা যোৰা মুছলমান শাসনৰ সমাপ্তি, আনহাতে, ইংৰাজ সাম্ৰাজ্যবাদী শক্তিৰ নতুন ঔপনিবেশিক ব্যৱস্থাৰ বিস্তাৰ। এই পৰিবৰ্তিত পৰিস্থিতিত ভাৰতীয় উপমহাদেশৰ মুছলমান এক দোদুল্যমান অৱস্থাৰ সন্মুখীন হৈছিল। কি কৰিব ঠিক বুজি উঠিব পৰা নাছিল। এই অচলাৱস্থাৰ প্ৰভাৱ আৰু প্ৰতিফলন ভাৰতীয় মুছলমান সমাজৰ প্ৰতিটো দিশতে ঘটিল।

বৃটিছ ঔপনিবেশিক শাসন ব্যৱস্থাৰ বিস্তাৰ আৰু একত্ৰীকৰণৰ লগে লগে মাদ্ৰাছা শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা ক্ৰমে কমি গ’ল। এই নতুন শাসন ব্যৱস্থাৰ কাৰণে প্ৰয়োজন হ’ল এক নতুন শিক্ষা ব্যৱস্থাৰ। লৰ্ড মাকাউলিয়ে ১৮৩৪ চনত আৰম্ভ কৰিলে এক নতুন শিক্ষা ব্যৱস্থা যাক আজিৰ ভাৰতীয় আধুনিক/ধৰ্মনিৰপেক্ষ শিক্ষা ব্যৱস্থাৰ বীজ বুলি ক’ব পাৰি। এই শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য কিন্তু সাধাৰণ মানুহৰ মাজত শিক্ষাৰ প্ৰসাৰ বা প্ৰচাৰ নাছিল, লৰ্ড মাকাউলিৰ নিজৰ ভাষাত – “So that a generation may arise, which is Indian in birth and English in thought.”, আন শব্দত এই শিক্ষা ব্যৱস্থাৰ মূল উদ্দেশ্য আছিল ঔপনিবেশিক সাম্ৰাজ্যক খোপনি পোতাত সহায় কৰা।

ভাৰতীয় মুছলমান উলেমা সকলে এই পৰিবৰ্তিত পৰিস্থিতিৰ প্ৰতি দুই ধৰণৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে – এক, ৰাজনৈতিক অভ্যুত্থানৰ যোগেদি বৃটিছ সাম্ৰাজ্যক উত্খাত কৰা – ১৮৫৭ ৰ বিপ্লৱত সক্ৰিয় অংশগ্ৰহণ (যাক ভুলতে চিপাহী বিদ্ৰোহ বুলি কোৱা হয়)। কিন্তু এই ৰাজনৈতিক প্ৰতিক্ৰিয়াই, যাক অতি কঠোৰ ভাৱে দমন কৰা হ’ল, উলেমা সকলক বৃটিছ সাম্ৰাজ্যবাদ বিৰোধী শক্তি বুলি প্ৰশাসন যন্ত্ৰৰ ওচৰত চিৰ দিনৰ বাবে চিহ্নিত কৰিলে। ফলত উলেমা সকলক ঔপনিবেশিক শাসনৰ আনুষ্ঠানিক গণ্ডীৰ পৰা সদায় আঁতৰাই ৰখা হ’ল আৰু উলেমা সকলৰো বৃটিছ ব্যৱস্থা তথা পশ্চিমীয়া আধুনিকতাৰ বিৰোধ সময়ৰ লগত ক্ৰমাত উগ্ৰতৰ হ’ব ধৰিলে। পিছলৈ এই বিৰোধে এক আনুষ্ঠানিক ৰূপ ল’লে যেতিয়া দাৰুল উলুম মাদ্ৰাছা, দেওবন্দকে আদি কৰি ভাৰতৰ বিভিন্ন মাদ্ৰাছা মহাত্মা গান্ধী তথা কংগ্ৰেছৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিলে।

দুই, লৰ্ড মাকাউলিৰ নতুন শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য উলেমা সকলৰ মনত এক তীব্ৰ শংকাৰ সৃষ্টি কৰিলে, এই ঔপনিবেশিক শিক্ষা ব্যৱস্থাই ভাৰতীয় মানুহৰ সাংস্কৃতিক আৰু ধৰ্মীয় জীৱনৰ মূল শিপাডালেই কাটি দিব বুলি ভাবিলে। গতিকে, উলেমা সকলে সমগ্ৰ উপমহাদেশতে ’কৌমি মাদ্ৰাছা’ (community run Madrassa)ৰ এক বৃহৎ নেটৱৰ্ক স্থাপন কৰি ঔপনিবেশিক সাম্ৰাজ্যৰ সাংস্কৃতিক তথা ধৰ্মীয় আগ্ৰাসনৰ পৰা ভাৰতীয় মুছলমান সমাজক আঁতৰাই ৰখাৰ চেষ্টা কৰিলে। এই কৌমি মাদ্ৰাছাসমূহ কালক্ৰমত হৈ পৰিল ভাৰতীয় মুছলমানৰ শিক্ষা আৰু ধৰ্মীয় চাহিদা পূৰণৰ একমাত্ৰ ব্যৱস্থা। আৰু এয়াই ’চাকৰি কেন্দ্ৰিক’ আধুনিক শিক্ষা-ব্যৱস্থাৰ সলনি ’ঈশ্বৰ-কেন্দ্ৰিক’ মাদ্ৰাছা শিক্ষাৰ আৰম্ভণি। ১৮৬৬ চনত উত্তৰ প্ৰদেশৰ দেওবন্দত দাৰুল উলুম মাদ্ৰাছাৰ যোগেদি এই মাদ্ৰাছা আন্দোলনৰ সূত্ৰপাত।

জনসাধাৰণৰ দান-বৰঙণিৰে চলা এই মাদ্ৰাছা সমূহৰ বিনামূলীয়া শিক্ষাৰ প্ৰভাৱ নগৰ-চহৰৰ পৰা আৰম্ভ কৰি ভাৰতৰ মুছলমান জন বসতি থকা প্ৰায় প্ৰতিখন গাঁওলৈ বিয়পি পৰিল। ফলত এফালে এই মাদ্ৰাছা সমূহে যেনেকৈ নাগৰিক আৰু গ্ৰামীণ মুছলমানৰ মাজত থকা বৌদ্ধিক দূৰত্ব (intellectual gap) দূৰীকৰণত সহায় কৰিলে, আনহাতে ঔপনিবেশিক আধুনিক শিক্ষাৰ পৰা মুছলমান সমাজৰ এক অতি বৃহৎ অংশক দূৰত ৰাখিলে। আধুনিক শিক্ষাৰ পৰা এক দীৰ্ঘ সময় মুছলমান সমাজ দূৰত থকাৰ ফলত আধুনিক যুগে আনি দিয়া সুযোগ(opportunities)সমূহৰ লাভ বা সুবিধা মুছলমান সমাজে গ্ৰহণ কৰিব নোৱাৰিলে আৰু অন্যান্য সম্প্ৰদায়ৰ তুলনাত বিভিন্ন ক্ষেত্ৰত পিছুৱাই গ’ল, এই পশ্চাৎগমনৰ প্ৰতিফলন আজিও মুছলমান সমাজৰ সামাজিক, অৰ্থনৈতিক তথা আন আন দিশত পৰিলক্ষিত হয়।

কেৱল ধৰ্ম-কেন্দ্ৰিক শিক্ষা ব্যৱস্থাই যে মুছলমান সমাজৰ উন্নয়ন কৰিব নোৱাৰে আৰু আধুনিক শিক্ষাৰ পৰা সমূলি দূৰত থকাটো যে এই সমাজৰ কাৰণে ভৱিষ্যতত আত্মঘাতী হ’ব এই কথা কিছু নেতৃস্থানীয় ব্যক্তি বুজি নোপোৱাকে নাছিল। তাৰ ভিতৰত অন্যতম আছিল ছাৰ চৈয়দ আহমেদ। ১৮৭৩ চনত তেওঁ আলিগড়ত মাদ্ৰাছাতুল উলুম (পিছত মহামেডান এংলো অ’ৰিয়েন্টেল কলেজ আৰু বৰ্তমান আলিগড় মুছলিম বিশ্ববিদ্যালয়) স্থাপন কৰি মুছলমানৰ মাজত আধুনিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এক আন্দোলনৰ পাতনি মেলে যাক আলিগড় আন্দোলন বুলি জনা যায়। এই আন্দোলনৰ অংশ হিচাপে ১৮৮৬ চনত সদৌ ভাৰত মুছলিম শিক্ষা সমাৰোহ (All India Muslim Educational Conference) অনুষ্ঠিত কৰা হয়, যাৰ মূল উদ্দেশ্য আছিল ভাৰতীয় মুছলমানৰ কাৰণে এক সঠিক শিক্ষা নীতি নিৰ্ধাৰণ কৰা আৰু ভাৰতীয় মুছলমান সকলক মূল সূঁতিৰ আধুনিক ইংৰাজী শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰা। ছাৰ চৈয়দ আহমেদে তেওঁৰ কিতাপ ’তাহজিব-উল-আখলাখ’ ত লিখিছে যে, যদি ভাৰতীয় মুছলমানে কেতিয়াবা গৰখীয়া, ৰান্ধনী, কাঠ-মিস্ত্ৰি বা চাকৰৰ বাহিৰে আন কিবা হ’বলৈ আশা কৰে তেন্তে উত্তৰ-ৰেনেঁচা ইউৰোপীয়ান সমাজৰ মানৱতা আৰু বৈজ্ঞানিক আদৰ্শৰ লগত নিজকে সমান তালে আগুৱাই লৈ যাব লাগিব, আৰু তাৰ বাবে মুছলিম সমাজ ’মানকুলাত’ (পৰম্পৰা)ৰ অন্ধ অনুসৰণ বাদ দি ’মাকুলাত’ (যুক্তি)ক আকোৱালি ল’ব লাগিব। মুঠতে, ছাৰ চৈয়দ আহমেদৰ মতে ১৮৫৭ চনৰ বিপ্লৱত মুখ থেকেচা খোৱা ভাৰতীয় মুছলমানৰ এতিয়া উত্তৰণৰ পথ এটাই – ইংৰাজী শিক্ষা গ্ৰহণ আৰু বৃটিছ শাসনৰ প্ৰতি সমৰ্থন। কিন্তু দখলদাৰী বৃটিছৰ প্ৰতি ৰাজনৈতিক সমৰ্থন তথা অনুগত্যৰ আহ্বান কেৱল আলিগড় আন্দোলনকে স্থবিৰ নকৰিলে, জাতীয়তাবাদী দেওবন্দ আন্দোলনৰ নেতৃত্বই ছাৰ চৈয়দ আহমেদক বৃটিছৰ দালাল আদি আখ্যা দি অপমানিতও কৰিলে।

দেওবন্দ আৰু আলিগড়ৰ মাজৰ পথ বিচাৰিও এটা প্ৰচেষ্টা নচলা নহয়। এই প্ৰচেষ্টা আৰম্ভ কৰিছিল মাওলানা শ্বিৱলি নুমানীয়ে, লক্ষ্ণৌ চহৰত ১৮৯৪ চনত ’নাদৱাত-উল-উলামা’ মাদ্ৰাছাৰ স্থাপনৰ মাজেদি। এই মাদ্ৰাছাই নিজৰ পাঠ্যক্ৰমত বিজ্ঞান আৰু ব্যৱহাৰিক ইংৰাজী অন্তৰ্ভুক্ত কৰি মাদ্ৰাছা শিক্ষাক কিছু পৰিমাণে আধুনিকীকৰণৰ চেষ্টা কৰিছিল। কিন্তু আৰৱী ভাষা আৰু ইছলামিক ইতিহাস কেন্দ্ৰিক এই শিক্ষাই শিক্ষাৰ্থীৰ নিয়োগৰ ক্ষেত্ৰত বিশেষ একো বাস্তৱিক উন্নতি সাধিব নোৱাৰিলে। কিন্তু আজিও যেতিয়াই মাদ্ৰাছা আধুনিকীকৰণৰ কথা আলোচনা হয়, চৰকাৰী আৰু বেচৰকাৰী দুয়ো পৰিসৰতে, অতি হাস্যকৰ ভাৱে এই ’নাদৱা মডেল’ কে অলপ টানি-হেঁচি আকৌ পৰিবেশন কৰা হয়, বৰ্তমান অৱশ্যে বিজ্ঞান আৰু ব্যৱহাৰিক ইংৰাজীৰ লগত কম্পুটাৰৰ পাঠ্যক্ৰমো অন্তৰ্ভুক্ত কৰাৰ কথা কোৱা হয়। যেন দুটা কম্পিউটাৰ মাদ্ৰাছাৰ শ্ৰেণী কোঠাত দি দিয়াৰ লগেলগেই মাদ্ৰাছা শিক্ষাৰ আধুনিকীকৰণ হৈ যাব।

স্বাধীনতাৰ পিছৰে পৰা প্ৰতিটো চৰকাৰে, মাদ্ৰাছা আধুনিকীকৰণৰ বাবে বৃহৎ পৰিমাণৰ ধন ৰাশি ধাৰ্য্য কৰা বুলি কাকতেত-পত্ৰে প্ৰকাশ। কিন্তু সেই ধন ৰাশি ক’ত কেনেকৈ ব্যৱহাৰ হ’ল তাৰ সুদুত্তৰ পোৱা নাযায়, যদিও দাড়ি, টুপি লৈ কম্পিউটাৰৰ কি-বৰ্ডত কাম কৰি আছে এনেকুৱা আলোকচিত্ৰ মাজে সময়ে বাতৰি কাকতত দি উপলব্ধি কৰোৱা হয় যে মাদ্ৰাছা আধুনিকীকৰণৰ কাম তীব্ৰ-গতিত চলি আছে। কিন্তু আচলতে মাদ্ৰাছাৰ কিবা আধুনিকীকৰণ হৈছে নে? আধুনিকীকৰণৰ কিবা সু-নিৰ্দ্দিষ্ট নীতি আছে নে? নতুন মোডী চৰকাৰেও বৰ্তমান বাজেটত ১০০ কোটি টকা মাদ্ৰাছা আধুনিকীকৰণৰ নামত ধাৰ্য্য কৰিছে, কিন্তু এক নিৰ্দ্দিষ্ট নীতি তথা পৰিকল্পনা অবিহনে সেই টকাও যে কিছু মধ্যভোগী মুছলমান নেতা-পালিনেতাৰ পকেটস্থ হ’ৱ এই কথা কোৱা বাহুল্য। মোডী চৰকাৰে যিহেতু দক্ষতা বিকাশ (skill development) ত বিশেষ গুৰুত্ব দিছে, সেয়ে এই কথা আশা কৰিব পাৰি যে, এই ১০০ কোটি টকাৰ উচিত আৰু পৰিকল্পিত ব্যৱহাৰৰ দ্বাৰা মাদ্ৰাছা আধুনিকীকৰণৰ এক নতুন বাট মুকলি হ’ব। কিন্তু তাৰ বাবে আমি জানিব লাগিব মাদ্ৰাছাৰ কোনবোৰ দিশ আধুনিকীকৰণ কৰিব লাগে আৰু কিয় লাগে? আধুনিকীকৰণ জাপি দিব গৈ কিবা ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হ’ব নেকি? এই আলোচনা আগলৈ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments