অসমৰ সত্ৰসমূহ আৰু অসমীয়া সংস্কৃতিত ইয়াৰ অবদান – কলচুম বিবি

 

নৱ-বৈষ্ণৱ আন্দোলনৰ ফলস্বৰূপে প্ৰতিষ্ঠা হোৱা সত্ৰসমূহে অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনত পাঁচশ বছৰৰো অধিক কাল ধৰি বিশেষ ভূমিকা পালন কৰি আহিছে৷ সত্ৰসমূহক কেন্দ্ৰ কৰিয়েই সাহিত্য, সংগীত আৰু বিবিধ শিল্প কলাৰ উদ্ভাৱন ঘটিছে৷ অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ, গাঁৱৰ চুকে -কোণে সত্ৰবোৰ স্থাপিত হৈ সমগ্ৰ অসমবাসীক এটা ধৰ্মৰ ডোলেৰে বান্ধি ঐক্য আৰু সংহতি প্ৰতিষ্ঠাত প্ৰভূত বৰঙনি যোগাই আহিছে৷ মানুহৰ শৰণ-ভজনৰ দ্বাৰা আত্মবিশ্বাস আৰু আত্ম-উপলব্ধিৰ কৰ্ষণৰ বাবে অতীতৰে পৰা সত্ৰবোৰে অবদান যোগাই আহিছে৷
‘সত্ৰ’ শব্দটো বিশ্লেষণ কৰিলে দেখা যায় যে শব্দটোৰ এক গভীৰ অৰ্থ আছে; যাক মধ্যযুগৰ পৰা বিভিন্নজনে বিভিন্ন অৰ্থত ব্যৱহাৰ কৰি আহিছে৷ সত্ৰ শব্দটো ভাঙিলে সৎ +ত্ৰ= সত্ৰ পোৱা যায়৷ ’সৎ’ মানে হৈছে ধাৰ্মিক লোক আৰু ’ত্ৰ’ মানে ত্ৰাণ কৰা৷ অৰ্থাৎ সৎ লোকক ত্ৰাণ কৰোৱা বা পুণ্য ধামলৈ গতি কৰা৷ এই শব্দটোক বিভিন্ন গ্ৰন্থত বিভিন্নজনে যজ্ঞ, ধৰ্মস্থান, দাতব্য, যোগ, সদাব্ৰত, ভোজনালয়, সৰোবৰ, গৃহ, অৰণ্য আদি অৰ্থতো ব্যৱহাৰ কৰা দেখা যায়৷

সত্ৰ শব্দটো মূলতে এটা সংস্কৃত শব্দ, যাৰ অৰ্থ ’ দীঘলীয়া যজ্ঞ’৷ আমি বৈদিক সাহিত্যত তিনিধৰণৰ যজ্ঞ পাওঁ – একাহ, অহীন আৰু সত্ৰ যজ্ঞ৷ এদিনত সম্পন্ন হোৱা যজ্ঞক একাহ, এদিনতকৈ বেছি কিন্তু বাৰদিনতকৈ কম দিনত সম্পন্ন হোৱা যজ্ঞক অহীন আৰু আনহাতে যিবোৰ বাৰদিনতকৈ অধিক কাল অনুষ্ঠিত হয়, সেইবোৰক সত্ৰ যজ্ঞ বোলা হয়৷ বৈদিক সাহিত্যৰ পৰা অসমীয়ালৈ অহাৰ কাৰণ ব্যাখ্যা কৰি সত্যেন্দ্ৰনাথ শৰ্মাই ভাগৱত পুৰাণৰ প্ৰসংগ টানি আনি কৈছে যে নৈমিষাৰণ্যত সৌনক আদি মুনিসকলে সহস্ৰকাল ব্যাপী সত্ৰানুষ্ঠান কৰোঁতে ঋষিসকলে উগ্ৰশ্ৰবা সুতক ভাগৱত ব্যাখ্যা কৰিবলৈ অনুৰোধ জনায়৷ ঋষিসকলৰ অনুৰোধ মৰ্মে সুতে ভাগৱতৰ ব্যাখ্যা শুনায়৷ সত্ৰক উপলক্ষ কৰি ভাগৱত চৰ্চা হোৱা বাবে অসমীয়া বৈষ্ণৱসকলে নৈমিষা সত্ৰৰ লাক্ষণিক অৰ্থকে প্ৰধানভাবে গ্ৰহণ কৰি বৈষ্ণৱ ভক্তিৰ কেন্দ্ৰ আৰু ভক্তসকলৰ সংযোগস্থল অৰ্থত ’সত্ৰ’ শব্দটো ব্যৱহাৰ কৰিবলৈ ধৰে৷

নাৰায়ণচন্দ্ৰ গোস্বামীৰ ’সত্ৰীয়া সংস্কৃতি স্বৰ্ণৰেখা’ শীৰ্ষক গ্ৰন্থত ’সত্ৰ’ শব্দটো ’যজ্ঞভূমি’ ৰূপত ব্যৱহাৰ কৰিছে৷ যজ্ঞভূমি মানে পৱিত্ৰ ভূমি৷ ইয়াত সত্ৰৰ সংজ্ঞা এইদৰে দিয়া হৈছে -“য’ত ঈশ কথা ভক্তৰ মুখত প্ৰকাশ পায়, য’ত অবিৰাম ভক্তৰ সমাবেশ হৈ যৎ সংলাপ কৰোঁতে নিজান্দ সুখ পৰিপূৰ্ণ বৈকুণ্ঠ পৰি হৰি ভগৱন্তে তন্ময় ৰিতস্ত ভক্তৰ আকুল আহ্বানত তেৰাসৱৰ নিকটস্থ হৈ আত্মবিস্মৃত হয়, সেই ভক্ত ভগৱন্তৰ ৰজপুত স্থানেই হ’ল সত্ৰ/স্থান৷“ শংকৰদেৱে কৰা ভাগৱতৰ দ্বাদশ স্কন্ধৰ অনুবাদত ’সত্ৰ’ শব্দটো ঋষিসকলে কৰা যজ্ঞাদি কৰ্মৰ অৰ্থত ব্যৱহাৰ কৰা হৈছে৷ বৈকুণ্ঠনাথ ভট্টদেৱে তেওঁৰ ’শৰণ মালিতা’ত সত্ৰৰ সংজ্ঞা এইদৰে দিছে –“যি স্থান দেৱতা আৰু বৈষ্ণৱৰ দ্বাৰা বন্দিত, যি স্থানত একান্ত ভক্তসকলে ঈশ্বৰৰ প্ৰিয় কাৰ্য সাধন কৰে, যি স্থানত দৈনন্দিন নৱবিধ ভক্তিয়ে বিৰাজ কৰে, সেই শ্ৰেষ্ঠ স্থানকে সত্ৰ বুলি কোৱা হয়৷ “
সত্ৰ শব্দটো মহাপুৰুষ শংকৰদেৱে প্ৰথম ভাগৱত অনুবাদত প্ৰয়োগ কৰিছে আৰু সেই অৰ্থত মূল ভাগৱতৰ আৰ্হিত তেওঁ সত্ৰৰ ধাৰণা আৰু তাত্ত্বিক ৰূপটো প্ৰতিষ্ঠা কৰি গৈছে, যদিও গুৰুজনাই নিজে উপাসনা কৰা অনুষ্ঠানবোৰক বুজাবলৈ ’সত্ৰ’ শব্দটো ব্যৱহাৰ কৰা নাছিল৷ তাৰ সলনি তেওঁ সেই অনুষ্ঠানবোৰক ’দেৱগৃহ’ বা ’হৰিগৃহ’ বুলিছিল৷ শংকৰোত্তৰ যুগৰ চৰিতকাৰসকলেহে সত্ৰ গৃহ নাম দিছিল৷ তাৰ ভিতৰত দ্বিজ ভূষণ, ৰামচৰণ আদি উল্লেখযোগ্য৷

সত্ৰৰ গঠনপ্ৰণালী মনকৰিবলগীয়া৷ আকৰ্ষণীয় শৈলীত সত্ৰসমূহ নিৰ্মাণ কৰা হৈছে৷ কেইবাটাও শাখাত বিভক্ত প্ৰণালীবোৰ হ’ল- মণিকূট, কীৰ্তনঘৰ, হাটী, অক্ষয়বন্তি, পাদশিলা, আসন, কৰগোট, সিংহদ্বাৰ আদি৷ সত্ৰৰ এটা প্ৰধান অংশ হৈছে মণিকূট৷ মণিকূটৰ আন এটা নাম হৈছে ভাঁজঘৰ৷ এই গৃহটো ধেনুভেৰীয়া আৰু ই কীৰ্তনঘৰটোৰ পথালিকৈ পূব-প্ৰান্তত অৱস্থিত৷ সত্ৰৰ বিগ্ৰহৰ পূজা-অৰ্চনা বা শাস্ত্ৰৰ থাপনা মণিকূটত কৰা হয়৷ মণিকূট বা কীৰ্তন ঘৰত থকা ’গুৰু আসন ’ বা ’সিংহাসন’ সত্ৰৰ এক অপৰিহাৰ্য অঙ্গ৷

সত্ৰৰ আন এটা উল্লেখযোগ্য গৃহ হৈছে নামঘৰ বা কীৰ্তনঘৰ৷ এই গৃহটো সাধাৰণতে পূবা-পশ্চিমাকৈ থকা দেখা যায়৷ গৃহটোৰ দুয়োফালে দুখন আহল-বহল বাৰাণ্ডা থকা দেখা যায়৷ ইয়াৰ খুঁটাবোৰ ডাঙৰ৷ এই গৃহতেই প্ৰাৰ্থনা, ভাগৱত পাঠ, নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়৷ কীৰ্তন ঘৰৰ পশ্চিম মূৰত একোটাকৈ টুপ থাকে আৰু সেইফালে মূল দুৱাৰ থাকে৷ মূল দুৱাৰখনক মুখ্যদ্বাৰ বা সিংহদ্বাৰ বোলা হয়৷
ইয়াৰ বাহিৰেও সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, কেউলীয়া, ভকত আদি থাকিবৰ বাবে সত্ৰসমূহত চাৰিশাৰী ঘৰ দেখা যায়৷ এই ঘৰবোৰক চাৰি হাটী বোলা হয়৷ পূৰ্ণাঙ্গ সত্ৰ এখনত চাৰি হাটী থাকিব লাগে, যদিও সকলোবোৰ সত্ৰতে ইয়াক দেখা নাযায়৷

’অক্ষয়বন্তি’ সত্ৰৰ আন এক অপৰিহাৰ্য অঙ্গ৷ অহৰ্নিশে জ্বলি থকা এই চাকিটো মিঠাতেলৰ৷ কেতিয়াবা নুমাই গ’লে ইয়াক মূল সত্ৰৰ পৰা যথাবিহিত নিয়মেৰে জুইৰ বন্তি কঢ়িয়াই আনি জ্বলোৱা হয়৷
’পাদশিলা’ মহাপুৰুষ দুজনাৰ স্মৃতিচিহ্ন৷ কিছুমান সত্ৰত পাদশিলা ঘৰটোৰ ওপৰতে মঠ নিৰ্মিত কৰা হৈছে৷ সত্ৰৰ প্ৰবেশ পথত ’বাটচ’ৰা’ বা ’কৰাপাট’ থাকে৷ ইয়াৰ বাহিৰেও সত্ৰত ভঁৰালঘৰ, ছোঁঘৰ, দৌলঘৰ, পুখুৰী, পকী কুঁৱা আদি থকা দেখা যায়৷
সত্ৰসমূহক তিনিটা ভাগত ভগাব পাৰি – উদাসীন সত্ৰ, অৰ্ধ-উদাসীন, গৃহস্থী৷ যিবোৰ সত্ৰ কেৱল উদাসীন বা কেউলীয়া ভকতৰ বাসস্থান, য’ত গৃহস্থী জীৱন-যাপন কৰিবলৈ দিয়া নহয়, য’ত নাৰীৰ ৰাত্ৰিবাস নিষেধ সেইবোৰ উদাসীন সত্ৰ৷ যিবোৰ সত্ৰত উদাসীন আৰু গৃহস্থী দুয়ো ধৰণৰ ভকত থাকে সেইবোৰ অৰ্ধ-উদাসীন৷ আনহাতে যিবোৰ সত্ৰত আন দহজনৰ দৰে সাংসাৰিক জীৱন-যাপন কৰে সেইবোৰ গৃহস্থী৷
চৰিতকাৰসকলৰ আদৰ্শ অনুসৰি সত্ৰসমূহ তিনিভাগত বিভক্ত৷ সেইবোৰ হ’ল- মূল, আজ্ঞাপৰ আৰু শলাবন্তি৷ মহাপুৰুষ দুজনাই স্থাপন কৰা সত্ৰবোৰ মূল সত্ৰৰ অন্তৰ্গত৷ গুৰুৰ আজ্ঞা লৈ প্ৰতিষ্ঠা কৰা সত্ৰ আজ্ঞাপৰ আৰু মূল সত্ৰৰ পৰা বন্তি আনি প্ৰতিষ্ঠা কৰা সত্ৰবোৰ শলাবন্তি সত্ৰৰ অন্তৰ্গত৷

পুৰণি অসমীয়া সাহিত্যলৈ সত্ৰসমূহে যিবোৰ অবদান আগবঢ়াই আহিছে সেয়া ৰাজকীয় পৃষ্ঠপোষকতাতকৈ কোনো গুণে কম নহয়৷ গুৰু দুজনাৰ নেতৃত্বত যি ধৰ্মীয় সাহিত্য গঢ়ি উঠিছিল সেয়া অসমীয়া সাহিত্যৰ অমূল্য সম্পদ৷ নাট, গীত, চৰিত সাহিত্য আদি সৃষ্টিৰ ক্ষেত্ৰত সত্ৰ সত্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ বিভিন্ন সময়ত বিভিন্ন জনে ৰচনা কৰি থৈ যোৱা নাটসমূহৰ ভিতৰত অঙ্কীয়া নাটসমূহ অসমীয়া সংস্কৃতিৰ অনবদ্য সম্পদ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অঙ্কীয়া নাটৰ জন্মদাতা৷ শঙ্কৰদেৱৰ অঙ্কীয়া নাট ছয়খন৷ মাধৱদেৱে ৰচনা কৰা নাটসমূহক ঝুমুৰা বুলি কোৱা হয়৷ মহাপুৰুষ দুগৰাকীৰ আৰ্হিত পৰৱৰ্তী বৈষ্ণৱ সন্ত-মহন্তসকলে অলেখ নাট ৰচনা কৰাৰ লগতে অভিনয় কৰি গৈছে৷ গীতসমূহৰ ভিতৰত গুৰু দুজনাই ৰচনা কৰা বৰগীতসমূহৰ স্থান সকলোতকৈ ওপৰত৷ সঙ্গীত শাস্ত্ৰৰ বিধি মতে বৰগীতবোৰ পূৰ্ণ পৰ্যায়ৰ গীত৷ ব্ৰজাৱলী ভাষাত ৰচিত এই গীতবোৰৰ অসমৰ ধ্ৰুপদী বা ক্লাছিকেল সংগীত৷ কীৰ্তনঘোষা, নামঘোষা এই দুয়োখনৰ ৰচনা প্ৰাৰ্থনাসংগীত ৰূপে ৰচিত কৰা হৈছিল৷

অসমৰ বিভিন্ন সত্ৰসমূহত বিভিন্ন ধৰণৰ নাচৰ প্ৰচলন থকা দেখা যায়৷ আউনীআটী, গড়মূৰ, দক্ষিণপাট, কমলাবাৰী আদি সত্ৰত নটুৱা নাচ প্ৰচলন থকা দেখা যায়৷ ইয়াৰ বাহিৰে সূত্ৰধাৰী নৃত্য, কৃষ্ণভংগী, গোপীভংগী আদি নাচসমূহ উল্লেখযোগ্য৷
সত্ৰীয়া চিত্ৰকলাসমূহৰ অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ৷ চিহ্নযাত্ৰাত অংকিত সাতখন বৈকুণ্ঠৰ চিত্ৰ, শংকৰদেৱৰ শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলাৰ ছবিবোৰ, সত্ৰৰ সাতখলপীয়া সিংহাসন ইত্যাদি উল্লেখযোগ্য৷

অসমীয়া সংস্কৃতিত সত্ৰসমূহৰ অনবদ্য অৱদানসমূহ কম শব্দত আলোচনা কৰি শেষ কৰিব নোৱাৰি৷ বৃহৎ পৰিসৰৰ অন্তৰ্গত এই অবদানসমূহে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে৷ শংকৰদেৱৰ সময়ৰে পৰা শঙ্কৰোত্তৰ যুগলৈকে ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাৰ লগতে সত্ৰসমূহও বিভিন্ন ধৰণৰ গীত, নাট, পুথি আদি ৰচনাত আগ ভাগ লৈছিল৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক