অসমৰ সাংস্কৃতিক তথা কলা জগতৰ এজন জনপ্ৰিয় শিল্পী শ্ৰীযুত দ্বীপনজ্যোতি ভৰালী

সাহিত্য ডট অৰ্গ: নমস্কাৰ। আপুনি অসমৰ সাংস্কৃতিক তথা কলা জগতৰ এজন জনপ্ৰিয় শিল্পী শ্ৰীযুত দ্বীপনজ্যোতি ভৰালী। আপোনাক আমাৰ ‘সাহিত্য ডট অৰ্গ’ আলোচনীলৈ আদৰণি জনালোঁ।
অসমীয়া চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু দূৰদৰ্শন ধাৰাবাহিকৰ আপুনি এজন জনপ্ৰিয় অভিনেতা। বৰ্তমান ৰং চেনেলত ‘বান্ধোন’ ধাৰাবাহিক খনত আমি আপোনাক লগ পাই আছো। আজি আপোনাৰ লগত কথা পাতি আপোনাৰ এই যাত্ৰাৰ বিষয়ে কিছু কথা পাতিম। আমি প্ৰথমেই আপোনাৰ জন্মস্থানৰ লগতে বাল্যকালৰ বিষয়ে অলপ জানিব বিচাৰিম। আপোনাৰ শৈশৱৰ সেই দিনবোৰ কেনেকুৱা আছিল?

দ্বীপনজ্যোতি ভৰালী: নমস্কাৰ, মই.দ্বীপনজ্যোতি ভৰালীয়ে প্ৰথমেই ‘সাহিত্য ডট অৰ্গৰ’ সমূহ সদস্য তথা বিষয়ববীয়াক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো মোক অনুষ্ঠানটিৰ মাজলৈ আদৰণি জনোৱাৰ বাবে।
শৈশৱ বৰ মধুৰ, জন্মস্থান ধিংলৈ মনত পৰিলেই শৈশৱৰ মিঠা স্মৃতিয়ে মনত দোলা দিয়ে। জন্মস্থান ধিং আঠগাঁৱৰ ঘৰখনৰ কাষতেই গাঁৱৰ বুঢ়া নামঘৰভাগ জন্মৰ পৰাই দেখি আহিছিলো। জনা নজনাৰ পৰাই সাংস্কৃতিক যাত্ৰাৰ আৰম্ভণি এই নামঘৰটিৰ পৰাই আৰম্ভ কৰিছিলো। আঠগাওঁ বালক প্ৰাথমিক বিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি হাইস্কুলৰ শিক্ষা ধিং কে.বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহৰণ কৰিছিলো। সাংস্কৃতিক জগতখনত প্ৰথম গুৰুজনাৰ সৃষ্টি খোল বাদ্যৰে খোজ পেলাইছিলো আৰু তাৰ লগে লগে অভিনয় কৰিবলৈয়ো শিকিছিলো। মোৰ দেউতাকে ধৰি গাঁৱৰ জেষ্ঠ্য সকলৰ পৰা নামঘৰত হোৱা ভাওনাৰ জৰিয়তে দশম শ্ৰেণীত পঢ়ি থাকোঁতে ঢোল আৰু বাঁহী বজাবলৈ শিকিছিলো, ধিঙতেই। শৈশৱটো গঢ়িবৰ বাবে ধিঙত কোনো বস্তুৰ কেতিয়াও অভাৱ অনুভৱ কৰা নাছিলো, বিশেষকৈ ধিঙৰ সমূহ ৰাইজ সদায় সাংস্কৃতিক দিশত উৎসাহী। ধিঙবাসীৰ মৰমেৰেই আজি সাংস্কৃতিক জগতখনত ভৰি দিয়াৰ বাবে উৎসাহিত হৈ আজিৰ এই সময়খিনিত ঠিয় হৈছোঁহি। শৈশৱৰ মিঠা স্মৃতিবোৰে এতিয়াও মোক উৎসাহিত কৰে।

সাহিত্য ডট অৰ্গ: ভ্ৰাম্যমাণ থিয়েটাৰ, দূৰদৰ্শনৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰ এই তিনিও বিভাগত আপোনাৰ অভিনয় কৰাৰ বিশেষ অভিজ্ঞতা আছে, এখন নাটক বা চলচ্চিত্ৰ জনপ্ৰিয় বা অজনপ্ৰিয় হোৱাৰ মুখ্য দিশ কি বুলি আপুনি ভাবে?

দ্বীপনজ্যোতি ভৰালী: নাটক, চিনেমা, ধাৰাবাহিক, এই সকলোবোৰ দলীয় ঐক্যৰ ওপৰত নিৰ্ভৰ কৰে। কাহিনী, অভিনয়, সঙ্গীত, কলা কৌশল এই সকলোবোৰ পৰিবেশৰ লগত খাপ খালেই নাটক, ধাৰাবাহিক বা চিনেমাখন ৰাইজৰ মাজত জনপ্ৰিয় হয়। ইয়াৰ বাবে সকলোৰে একাগ্ৰতা, অধ্যয়ন আৰু কৰ্মনিষ্ঠাৰ প্ৰয়োজন হয় আৰু এইখিনিৰ অভাৱ হলেই জনপ্ৰিয় হোৱাৰ পৰা বঞ্চিত হয়।

সাহিত্য ডট অৰ্গ: আপোনাৰ প্ৰতিটো চৰিত্ৰৰ অভিনয় খুব সাৱলীল আৰু নিখুঁত। ইয়াৰ বাবে আপুনি নিশ্চয় বহুত কষ্ট কৰিছে। আমি জানিব বিচাৰিছো যে আপুনি কেতিয়াৰ পৰা অভিনয়ৰ লগত জড়িত হৈ পৰিছিল আৰু আপুনি অভিনয় প্ৰশিক্ষণ লৈছিল নেকি?

দ্বীপনজ্যোতি ভৰালী: জনা নজনাৰ পৰাই অভিনয়ৰ লগত জড়িত হৈছিলো নামঘৰত ভাওনাৰ জৰিয়তে। আমাৰ ঘৰখনতেই পাইছিলো প্ৰথম অভিনয়ৰ শিক্ষা। দেউতা, বৰদেউতা, খুৰা ককা সকলোৱেই অভিনয়ৰ লগত জড়িত আছিল, আৰু মইয়ো তেখেতসকলৰ আঙুলিত ধৰি আগবাঢ়িবলৈ শিকিছিলো। শৈশৱ পাৰ কৰাৰ পিছত ধিং নটসূৰ্য্য নাট্যগোষ্ঠীৰ তত্ত্বাৱধানত শ্ৰদ্ধাৰ ৰফিকুল হুছেইন, অজিত বৰঠাকুৰ আৰু ধিঙৰেই শ্ৰদ্ধাৰ দিলীপ বৰা দেৱৰ পৰা প্ৰথম এটি পোন্ধৰ দিনীয়া কৰ্মশালাত অংশ লৈ অভিনয়ৰ কিছু আনুষ্ঠানিক শিক্ষা লৈছিলো। সেইখিনিয়েই মোৰ অভিনয়ৰ আনুষ্ঠানিক শিক্ষা।

সাহিত্য ডট অৰ্গ: বৰ্তমান কৰ’না ভাইৰাছৰ বাবে চলচ্চিত্ৰ উদ্যোগত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে?

দ্বীপনজ্যোতি ভৰালী: কৰ’না ভাইৰাছে আমাৰ চলচ্চিত্ৰ উদ্যোগটিক বৰ বেয়াকৈ জুৰুলা কৰিছে। লকডাউনৰ ফলত উদ্যোগটিৰ সকলো কাম-কাজ বন্ধ হৈ থকাত আমাৰ দৰে সাংস্কৃতিক কামত ব্যস্ত থকাসকল বৰ বেয়াকৈ আৰ্থিক অনাটনৰ মাজত সোমাই পৰিছো। উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খাইছো। কিন্তু উপায় নাই, অচিন ব্যাধিক আমি জয় কৰালৈ ধৈৰ্য্যৰে যুঁজিবই লাগিব। সেয়েহে আপোনালোককো অনুৰোধ জনাইছোঁ, এই মহামাৰীক ৰোধিবৰ বাবে আপোনালোকো সদায় সজাগ হৈ থাকক। আমাৰ আশা, সোনকালেই ভালদিন আকৌ আহিব।

সাহিত্য ডট অৰ্গ: আজি পৰ্য্যন্ত অভিনয় কৰা কোনটো চৰিত্ৰ আপোনাৰ আটাইতকৈ প্ৰিয়?

দ্বীপনজ্যোতি ভৰালী: চৰিত্ৰ এটা সুন্দৰকৈ উপস্থাপন কৰিবলৈ হ’লে, প্ৰথমে চৰিত্ৰটি অধ্যয়ন কৰি তাক ভাল পাবলৈ শিকিব লাগে। তেতিয়াহে চৰিত্ৰ এটাৰ সুন্দৰ প্ৰকাশ হয়। সেইফালেৰে চালে মই অভিনয় কৰা সকলো চৰিত্ৰই মোৰ প্ৰিয়। তথাপিও তাৰ মাজতে কিছুমান চৰিত্ৰই মনত এক বিশেষ সাঁচ বহুৱাই, যিবোৰ চৰিত্ৰ মনত পেলালে এক বিশেষ আনন্দ পোৱা যায়। তাৰ ভিতৰত ধিং জগন্নাথ মন্দিৰ প্ৰাঙ্গনত কৰা ‘পাৰ্থকুমাৰ’ নাটকৰ অভিমন্যুৰ চৰিত্ৰটি (1995), 2001 ত হেঙুল থিয়েটাৰত গড মাদাৰ নাটকত কৰা ‘মিতু’ৰ চৰিত্ৰটি আৰু ধাৰাবাহিক ‘ৰ’দালি’(2012)ৰ চৰিত্ৰটিৰ লগতে বৰ্তমান প্ৰচাৰ হৈ থকা ৰং চেনেলৰ বান্ধোন ধাৰাবাহিক খনৰ বিনয় বৰুৱাৰ চৰিত্ৰটি মোৰ অতিকৈ প্ৰিয়।

সাহিত্য ডট অৰ্গ: আগৰ তুলনাত বৰ্তমান অসমীয়া চলচ্চিত্ৰ জগতত বহুখিনি উন্নতি হৈছে ইয়াৰ মূল কাৰণ কি বুলি আপুনি ভাবে?

দ্বীপনজ্যোতি ভৰালী: ৰাইজৰ সহযোগিতা চলচ্চিত্ৰ জগতৰ উন্নতিৰ মূলমন্ত্ৰ। এখন চলচ্চিত্ৰ নিৰ্মাণত যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়, আমাৰ অসমীয়া চিনেমাৰ দৰ্শক তেনেই কম। থকাসকলেও যদি অসমীয়া চিনেমা নাচায় তেন্তে চলচ্চিত্ৰ জগতৰ উন্নতি অসম্ভৱ।

সাহিত্য ডট অৰ্গ: এজন নিৰ্দেশকে কোনটো দিশক বেছি গুৰুত্ব দিয়া উচিত, কাহিনী নে অভিনয়?

দ্বীপনজ্যোতি ভৰালী: নাটক, ধাৰাবাহিক বা চিনেমা সকলোতে কাহিনী আৰু অভিনয় দুয়োটাই গুৰুত্বপূৰ্ণ। এজন নিৰ্দেশকে এইক্ষেত্ৰত দুয়োটা দিশতেই সমানে গুৰুত্ব দিয়া উচিত।

সাহিত্য ডট অৰ্গ: আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

দ্বীপনজ্যোতি ভৰালী: সাংস্কৃতিক দিশটোৰ লগতে লাগি থাকি জীৱনটো শেষ কৰিব পাৰিলে সুখী হ’ম। জন্মস্থান ধিংৰ সাংস্কৃতিক দিশটোৰ উন্নতিৰ বাবে কিবা এটা কৰাৰ হেঁপাহ আছে। সময়ে সুবিধা দিলে সেইখিনিও কৰিম। সদায় অসমৰ অসমীয়া সংস্কৃতিৰ পথাৰখনৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখিম। শেষত, সকলোলৈ মোৰ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ, সকলো যেন কুশলে থাকক।

সাহিত্য ডট অৰ্গ: ধন্যবাদ৷ সাহিত্য ডট অৰ্গ তৰফৰ পৰা আপোনাক আমাৰ হাৰ্ডিক শুভেচ্ছা জ্ঞাপন কৰি আপোনাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments