অসম আৰু অসমীয়াৰ সমস্যা:কিছু চিন্তা (বিশ্বজিৎ সুত্ৰধাৰ)

বৃটিছে এসময়ত চাহ বাগান খুলিলে ৷বাগানত কাম কৰাৰ বাবে শ্ৰমিক লাগে ৷ কিন্তু কোনো অসমীয়াই শ্ৰমিকৰ কাম নকৰে ৷ সূলভ মূল্যৰ শ্ৰমিক পাবৰ বাবে বৃটিছে মাটিৰ খাজনা বেছি কৰিলে ৷ দলিকা পুৰাণৰ মতে: সোনকালে দুখীয়া হওঁক খাজনা বেছি কৰো, কুলি পাবলৈ আৰু কিহৰ ভয় কৰো ৷ যেতিয়া বৃটিছে মাটিৰ খাজনা বঢ়ালে, অসমীয়াই মাটি এৰি দিলে, কিন্তু সস্তীয়া শ্ৰমিক নহ’ল ৷ ফলত বৃটিছে বাহিৰৰ পৰা চলনা কৰি হলেও শ্ৰমিক সংগ্ৰহ কৰিলে ৷ অসমৰ থলুৱাই কিন্তু দাস নহ’ল ৷ কাৰণ অসমীয়াৰ দাস হোৱাৰ প্ৰয়োজনেই নাছিল ৷ বৰং অসমৰ কৃষকে পথৰুঘাটত বৃটিছৰ বিপক্ষে যুদ্ধকৰিলে, সৰ্থেবাৰীৰ লচিমাত কৃষক বিদ্ৰোহ হ’ল ৷
আমি অসমীয়াৰ উভৈনদী সম্পদ আছিল ৷ বৃটিছ আৰু ভাৰতীয়সকলে আজি শ বছৰ শোষণ কৰিও আজিলৈকে আমাক সম্পূৰ্ণৰূপে দুখীয়া কৰিব পৰা নাই ৷ গতিকে আমাৰ ল’ৰাই বাহিৰত কিয় কাম কৰিব লাগে ৷ আমাৰ সম্পদক আমি নিজাকৈ ব্যৱহাৰ কৰিব লাগিব ৷ কিন্তু আমাৰ নেতৃত্ব কাৰ হাতত? দিগ্বীজয় সিংঙৰ দৰে এজন তৃতীয় শ্ৰেণীৰ নেতাৰ কথাত উঠা-বহা কৰা এখন চৰকাৰে আমাক কি দিব পাৰে ?
মই এটা সৰু উদাহৰণ দিও ৷ বৰপেটা জিলাৰ বৰপেটা চহৰৰ পৰা প্ৰায় ১২কিলোমিটাৰ দূৰত বাঘবৰ নামৰ এখন পাহাৰ আছে ৷ মই প্ৰত্যাহ্বান জনাব পাৰো যে যদিহে উপযুক্তভাবে সেই পাহাৰখনক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়, তেন্তে আমি বৰপেটীয়া কেইটাইতাৰেই ভাত খাব পাৰিম ৷ কিন্তু এতিয়া আপুনি বাঘবৰলৈ যাব নোৱাৰে ৷ ৰাস্তা নাই, দলং নাই একো নাই, মাত্ৰ এজন এম. এল. এ. আছে ৷ অকৰ্মণ্য ৷ আচলতে কিহৰ দায়ত অসমৰ থলুৱাই আজি অন্য ৰাজ্যলৈ সৰু সৰু কম দৰমহাৰ কাম কৰিবলৈ যাব লগা হৈছে? অসমৰ বঞ্চিত বিক্ষুব্ধ যুৱকে উপায় নাপাই সন্ত্ৰাসবাদী হয়, তেনে যুৱকক ভালপথলৈ আনিবলৈ চেষ্টা নকৰি গুলিয়াই মাৰিবলৈ চৰকাৰে ইউনিফাইড কমাণ্ড চলাই, অথচ সেইখন চৰকাৰে অসমৰ উন্নয়নৰ বাবে এটা ইউনিফাইড কাৰ্যপন্ঠা তৈয়াৰ কৰিব নোৱাৰে ৷ এখন ৰাষ্ট্ৰীয় শিক্ষা আঁচনিৰ গাইড লাইনত কেইহাজাৰমান অস্থায়ী শিক্ষকৰ নিযুক্তি দিয়াৰ সফলতাক সাৱটি ধৰি উত্তৰ কাছাৰৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীক পাহৰি যোৱা আমিবোৰৰ বাবে ড. হীৰেন গোঁহাইৰ মূল্য কম, অথচ গোটেই জীৱন ধৰি অসমীয়াৰ নামত মাত মতাৰ চলনা কৰা, কোনোধৰণৰ আদৰ্শ নথকা তেলুৱা চৰিত্ৰৰ হোমেন বৰগোহাঞিক বহুৱাই লৈ মদ কেনেকৈ খাব লাগে তাৰ বিষয়ে আলোচনা পতাত আমিবোৰ সিদ্ধহস্ত ৷ আচলতে আধুনিক অসমৰ ইতিহাসক নতুনকৈ বিশ্লষণ কৰাৰ সময় আহিছে ৷ নিজকে এজন আন্তৰাষ্ট্ৰীয় নেতা হিচাপে ‘ইমেজ’ তৈয়াৰ কৰিবৰ বাবে নিজৰ দেশখনৰ ‘ইনফ্ৰাট্ৰাকচাৰেল’ উন্নয়নত অলপো মন নিদিয়া, অসমৰ দৰে মূল ভাৰতীয় ৰাজ্যগোটৰ পৰা বিচ্ছিন্ন ৰাজ্যক কেনেদৰে পংগু কৰিবৰ বাবে  তথাকথিত ভাৰতীয়কৰণৰ মহামন্ত্ৰ আওৰাব লাগে তাক ভালকৈ জনা জৱাহৰলালৰ পৰা অসমৰ ডুপ্লিকেট নাগৰিক মনোমোহনলৈকে আমি বিশ্লেষণ কৰাৰ সময় আহিছে ৷ আমি ভোদা অসমীয়াই কেৱল ব্যক্তিগত জীৱনৰ জয়গান গাবলৈ ভাল পাওঁ, কিন্তু সামাজিক ক্ষেত্ৰত এজন মানুহে তৈয়াৰ কৰা বিপদৰ কথা নাভাবো ৷ শৰত চন্দ্ৰ সিংহৰ ব্যক্তিগত ফালটোৰ আহফলা বিশ্লেষণ আমি কৰিছো, কিন্তু অসমৰ বড়ো আন্দোলনটোৰ শিপাডাল যে শৰত সিংহইয়ে ৰোপণ কৰিছিল সেই বিষয়ে আমি আজিলৈকে ক’তোৱে ভালকৈ আলোচনা কৰা নাই ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments