অসম কাশ্মীৰত নহয় জানো ? (অগ্নিভ দত্ত)

জোহান্সবাৰ্গ চহৰৰ মাজ মজিয়াতে নেলচন মাণ্ডেলা স্কোৱাৰ। খুব ব্যস্ত ঠাই নহলেও প্ৰায়ে টুৰিষ্টেৰে ভৰি থাকে ঠাইকন। কেতিয়াবা সেইফালে গ’লে তাতে অকনমান থিয়হৈ মানুহৰ গতিবিধি লক্ষ্য কৰাটো চখৰ নিচিনাই হৈছে গৈ মোৰ। যোৱা বুধবাৰৰ কথা, লগৰ এজন আহি তাতে লগহৈ আন এফালে যোৱাৰ কথা আছিল। বন্ধু আহি নোপোৱাৰ বাবে তাতে অকনমান ৰৈ ইফালে সিফালে মানুহ চোৱাত লাগিলোঁ।

এনেতে চকুত পৰিল চাৰিজনীয়া মানুহৰ গোট এটাৰ ওপৰত। দেখাত ভাৰতীয় যেনেই লাগিল। সম্ভৱত একে পৰিয়ালৰে হ’ব। পৰিয়ালটোৱে তাতে থকা নেলচন মাণ্ডেলাৰ প্ৰকাণ্ড মূৰ্ত্তিটোক সাক্ষী কৰি খুব ফটো উঠাত ব্যস্ত । ইজনে সিজনৰ ফটো তোলাত লাগিছে । গোটেই কেইজন লগ লাগি ছেলফি উঠাটো লাগিছে মাণ্ডেলাৰ প্ৰকাণ্ড মূৰ্ত্তিটোক সাক্ষী কৰি ।কিন্ত্ত সম্ভৱত গোটেই কেইজন মূৰ্ত্তিটোৰ লগত ভালদৰে ফটো খনত অহা নাই । মই যিহেতু ওচৰতে আছিলো নিজেই আগবাঢ়ি গৈ ক’লো –আপোনালোক গোটেই কেইজন মূৰ্ত্তিটোৰ লগত থিয় হঁওক মই সুন্দৰকৈ ফটো একপি মাৰি দিও।তেখেত সকলে মোৰ প্ৰস্তাৱটোত ভালেই পালে। মইও তেখেত সকলক বিভিন্ন এংগলৰ পৰা ফটো উঠাই দিলো ।কেইবা কপিও ফটো মাৰি দিয়াৰ পাছত কেমেৰাটো আগবঢ়াই দি সৌজন্যতাৰ খাটিৰত তেখেত সকল ভাৰতৰ নেকি সোধাত ভাৰতৰে বুলি ক’লে।

এজনে মোক ফটো মাৰি দিয়াৰ বাবে ধন্যবাদ দি মইনো ক’ৰ সোধাত মইও ভাৰতৰে বুলি ক’লো। ভাৰতৰ বুলি শুনি খুব ভাল পোৱা যেন দেখুৱাই ভাৰতৰ কোন ঠাইৰনো জানিবৰ ইচ্ছা কৰিলে । মই বোলো অসমৰ মানুহ মই। এইবাৰহে লাগিল জেংটো।

অ’ অ’ অসমৰ , অসম কাশ্মীৰত নহয় জানো ? –এজনে তপৰাই মাত দিলে । খংটো যেনে তেনে দমাই অসমখনযে কলিকতাৰ ওচৰে পাজৰে ক’ৰবাত তেনেদৰেই বুজালো ।

তাৰ পাছত ময়ে সুধিলো – আপোনালোক পাছে ভাৰতৰ কোন ঠাইৰনো ?
মোৰ প্ৰশ্ন শেষ হোৱাৰ আগতেই প্ৰায় গোটেই কেইজনেই একেলগে –গুজৰাটৰ বুলি চিঞৰাৰ দৰে কৈ উঠিল । কিবা এটা ভাবি সুধিলো- বোলো এই গুজৰাটখন মুম্বাইত পৰে নেকি? কিবা আচৰিত হোৱাৰ নিচিনা হৈ এজনে মাত দিলে –হেই হেই গুজৰাট আকৌ মুম্বাইত কেনেকৈ হ’ব? গুজৰাট এখন বেলেগ ৰাজ্য৷ আন এজনে আকৌ টপৰাই মাত দিলে –সেই যে প্ৰাইম মিনিষ্টাৰ মোডী য’ৰ হয় আমি তাৰেই।

ক্ৰিকেটত যে কেতিয়াবা ললিপপ বল পালে লালু পাঞ্জু বেটছমেনেও বেট টুফান ঘুৰাই দিয়ে ,তেনেদৰে মইও দিলো বাপ্পেকে এক চাট ঘুৰাই বেট – “বোলো এই মোদি মানে “ ললিত মোদি ” প্ৰাইম মিনিষ্টাৰ হ’ল নেকি” ( যদিও দেশৰ প্ৰধান মন্ত্ৰীজনৰ প্ৰতি এনে অনিচ্ছাকৃত মন্তব্য কৰাৰ কোনো অভিপ্ৰায় নাছিল মোৰ) ? মোৰ কথা শুনি গোটেই কেইজনে মুখখন কিবা বিকটাই দিয়াৰ নিচিনা কৰিলে আৰু মোৰ পৰা বিদায় লোৱাৰ নিচিনা কৰি নিজৰ মাজতে কোৱা যেন শুনিলো – চাল্লা ইয়েটো পাগল হ্যায়!! আন সময়ত বেলেগ কোনোবাই তেনেকৈ কোৱাহ’লে হয়তো উভতি ধৰিলোহেতেন – কাক কি কৈছ বুলি? কিন্ত্ত সেইদিনা নেজানো কিয় মানুহকেইটাৰ মুখকেইখন দেখি কিবা এক আসুৰিক তৃপ্তিৰ হাঁহি এটাহে ওলাই আহিল স্বৰ্ত: ফুত: ভাৱে; মনটোৱে হয়তো তৃপ্তিত কৈ উঠিল -এতিয়া গম পালি অসম ক’ত !?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments