“অসম চৰকাৰী ভাষা আইন’১৯৬০” কিছু প্ৰায়োগিক চিন্তন (ভাস্কৰজ্যোতি দাস)

অসম চৰকাৰী ভাষা আইন১৯৬০
কিছু প্ৰায়োগিক চিন্তন

ভাস্কৰজ্যোতি দাস


আগকথা
000000

পূৰ্বৰ অসম শাসকীয় ভাষা অধিনিয়মখন “অসম চৰকাৰী ভাষা আইন’১৯৬০” নামেৰে সেই চনৰে ২৪ অক্টোবৰ তাৰিখে অসম বিধান সভাত গৃহীত হয় আৰু ১৭ ডিচেম্বৰত ৰাজ্যপালৰ অনুমোদনৰ পাচত ১৯ ডিচেম্বৰৰ “অসম ৰাজপত্ৰ(অসাধাৰণ)ত প্ৰকাশ পায় । এই আইনৰ ধাৰা “৩” মতে অসম ৰাজ্যৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সকলো বা যিকোনো চৰকাৰী কামত অসমীয়া ব্যৱহৃত হ’ব আৰু কাছাৰ জিলাত অনুৰুপ কামৰ বাবে বঙালী ভাষা ব্যৱহৃত হ’ব । অৱশ্যে স্বায়ত্বশাসিত জিলাৰ বাবে প্ৰায়োগিক সুবিধাৰ হেতু ইংৰাজী ভাষাৰ পোষকতা কৰা হয় । এই আইনৰ ১(৩) উপচ্ছেদ মতে সমগ্ৰ অসমত ১৮/১২/১৯৭০ তাৰিখৰ ভিতৰত এই আইনখন সম্পূৰ্ণৰূপে বলবৎ হ’ব লাগে ।

আইনখনৰ ফলপ্ৰসু প্ৰণয়নৰ স্বাৰ্থত অসম চৰকাৰৰ ৰাজনৈতিক বিভাগৰ ভাষা প্ৰয়োগ শাখাই ১৯৬৪ চনত পাঁচজনীয়া সদস্যৰে এখন পৰিভাষা সমিতি গঠন কৰি দিয়ে । সমিতিয়ে ৰাজ্যৰ বিভিন্ন বিভাগত প্ৰয়োগ হ’ব পৰাকৈ প্ৰায় ৫,০০০ শব্দ-অৰ্থ সম্বলিত “প্ৰশাসনীয় পৰিভাষা” নামৰ এখন পুস্তক প্ৰকাশ কৰে ১৯৬৬ চনত । পৰৱৰ্তী সময়ত ক্ৰমে ২য়, ৩য় আৰু চতুৰ্থ সংখ্যাকেইটা প্ৰকাশ কৰি ১৯৮৪ চনত এখন সংকলিত তথা পূৰ্ণাংগ প্ৰশাসনীয় পৰিভাষা প্ৰকাশ কৰে । একেদৰে পৰৱৰ্তী পৰ্য্যায়ত ড: সত্যেন্দ্ৰনাথ শৰ্মা (সভাপতি), ড: বিশ্ব নাৰায়ণ শাস্ত্ৰী, চৈয়দ আব্দুল মালিক, শ্ৰী নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি তথা শ্ৰী যতীন হাজৰিকাৰ দৰে বৰেণ্য লোকসকলক সদস্য হিচাপে লৈ “চৰকাৰী ভাষা প্ৰয়োগ, মুল্যায়ণ আৰু পৰামৰ্শ সমিতি” নামেৰে এখন সমিতি গঠন কৰা হয় ।

১৯৭৮ চনত দিল্লীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় ৰাজ্যভাষা সন্মিলনে সৰ্বমুঠ ৪৫ টা প্ৰস্তাৱ গৃহীত কৰে । এইসমুহ প্ৰস্তাৱৰ ভিতৰত সপ্তম প্ৰস্তাৱ মতে অসম চৰকাৰে ১৯৭৯ চনৰ ৩ এপ্ৰিলত ভাষা প্ৰয়োগ শাখাটোক সঞ্চালকালয় পৰ্যায়লৈ উন্নীত কৰে । এই সঞ্চালকালয়ে ১৯৮২ চনত অসমৰ বিভিন্ন কাৰ্যালয়ত অসমীয়া ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পৰ্যায়ত ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ জিলা আৰু মহকুমাবোৰত থকা স্বীকৃতিপ্ৰাপ্ত মুঠ ১৪৪ টা বৃত্তিমুখী প্ৰশিক্ষণ কেন্দ্ৰলৈ চৰ্তসাপেক্ষে অসমীয়া মুদ্ৰলিখন যন্ত্ৰ বিনামুলীয়াকৈ যোগান ধৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকললৈ ৩০ টকাৰ জলপানীও আগ বঢ়ায় ।

কিন্তু পৰিতাপৰ বিষয় যে আইনখনে ধাৰ্য কৰা সময়সীমা উকলি যোৱা প্ৰায় ৪০-৪২ বছৰমানেই হ’ল । অথচ চৰকাৰে লোৱা এনে পদক্ষেপসমুহৰ পাচতো অসমত কিন্তু চৰকাৰী কাৰ্যালয়ত নিজৰ ভাষা প্ৰয়োগ আধৰুৱাকৈও হৈ নুঠিল ।

কেৰোণটো ক’ত ?
00000000000

এষাৰ কথা আছে যে-“ভাষাৰ প্ৰতি অসচেতন হ’লেই ভাষাৰ দুৰ্গতি আৰম্ভ হয়” কিন্তু, ভাৰতৰ বিভিন্ন ৰাজ্যত দেখা দিয়াৰ দৰে পৃথিবীৰ উন্নত দেশসমুহত এয়া চকুত নপৰে । ইয়াৰ মুখ্য কাৰণ হ’ল ভাৰতৰ আঞ্চলিক ভাষাসমুহত আন আন ভাষা-উপভাষাৰ সংমিশ্ৰণ । চৰকাৰী কাৰ্যালয়সমুহত অসমীয়া ভাষা প্ৰয়োগৰ ক্ষেত্ৰত আসোঁৱাহসমুহ দুৰীকৰণৰ বাবে আইন আছে যদিও প্ৰয়োগৰ ক্ষেত্ৰত পৰ্যাপ্ত কাৰ্য্যব্যৱস্থা নোলোৱাৰ বাবেই এনে হোৱা দেখা যায় ।

কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰততে কাৰ্যালয় তথা কাৰ্যালয়বিধিৰ ধাৰণাটো বৃটিছ শাসনৰ পাচত অহা । বৃটিছ প্ৰশাসনৰ বিভিন্ন কামকাজ পৰিচালনাৰ বাবে কাৰ্যালয়ত ইংৰাজী ভাষাটোৰ ব্যৱহাৰ যিদৰে আৰম্ভ হৈছিল সেইধৰণেৰে এতিয়াও চলি আছে । প্ৰাৰম্ভিক অৱস্থাত প্ৰশিক্ষণ দিয়াৰ পৰা আৰম্ভ কৰি ভাষা শিক্ষণৰ বিষয়সমূহ পাঠ্যপুথিত অন্তৰ্ভূক্ত থকাৰ বাবেই বৃটিছৰ সাধাৰণ শিক্ষা ব্যৱস্থাটোক মুলত “কেৰাণী শিক্ষা ব্যৱস্থা” বুলিহে কোৱা হৈছিল । তেতিয়াৰ বৃটিচ সাম্ৰাজ্যবাদ আৰু তাৰ পৰা আৰম্ভ হোৱা ব্যৱসায়ত সৰলতাৰ স্বাৰ্থতে ইংৰাজী ভাষাৰ প্ৰয়োগ ঘটিছিল । স্বাধীনোত্তৰ কালত প্ৰাদেশিক ভাষাৰ স্বীকৃতিৰ পাচতে আঞ্চলিক ভাষাসমুহৰ প্ৰদেশভিত্তিক প্ৰয়োগ আৰম্ভ হয় আংশিকভাৱে আৰু পৰৱৰ্তী সময়ত সম্পূৰ্ণকৈ । কিন্তু পৰিতাপৰ বিষয় এয়ে যে কিছুমান ৰাজ্য এইক্ষেত্ৰত পিচপৰি ৰ’ল আৰু আমাৰ ৰাজ্য অসমো তাৰ মাজৰে এখন ।

৫০ বছৰৰ আগতেই প্ৰণয়ন কৰা এখন আইন প্ৰয়োগ নোহোৱাটো যথেষ্ট চিন্তনীয় আৰু সমানে উদ্বেগজনক । ইয়াৰ মূল কাৰণ হ’ল সচেতনতাৰ অভাৱ । ২০১১ চনৰ লোকপিয়ন অনুযায়ী অসমত বসবাস কৰা লোকসকলৰ ভিতৰত ৭৩.১৮ শতাংশ হ’ল সাক্ষৰ । কিন্তু ইয়াৰে কেৱল ৪ ৰ পৰা ৫ শতাংশইহে ইংৰাজী ভাষাটো জানে, বুজে আৰু ক’ব পাৰে । সেই অৰ্থত অসমৰ সাক্ষৰসকলৰ শতকৰা ৯৫ শতাংশ লোকেই অসমীয়া ভাষাটো কম বেছি পৰিমাণে কয়, বুজে আৰু (বা) লিখে আৰু বাকী ৫ শতাংশইহে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষা প্ৰয়োগ কৰিব পাৰে । তেনে অৱস্থাত অসমৰ কাৰ্যালয়সমুহত বাস্তৱক্ষেত্ৰত ৯০ শতাংশ ইংৰাজী ভাষা প্ৰয়োগ হোৱাটো কিমান পৰিতাপৰ বিষয় সেয়া নক’লেও হ’ব । গণতান্ত্ৰিক দেশ এখনৰ ভাষাৰ ক্ষেত্ৰত থকা এই অসামঞ্জস্যতা ৰাইজৰ স্বাৰ্থত কিদৰে প্ৰয়োগ হৈছে তাৰ খতিয়ান চৰকাৰেহে দিব পাৰিব । প্ৰয়োগৰ ক্ষেত্ৰত চৰকাৰে বলিষ্ঠ ভূমিকা ল’লেহে এইক্ষেত্ৰত কিবাকিবি হ’ব বুলি আশা কৰিব পাৰি ।

অসমৰ প্ৰশাসন যন্ত্ৰৰ দুটা মূল বিভাগ হ’ল সচিবালয় প্ৰশাসন বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগ । এই দুয়োটা বিভাগেই প্ৰত্যক্ষভাৱে ৰাইজৰ লগত জড়িত আৰু সেয়ে হয়তো এই গুৰুত্বপূৰ্ণ বিভাগ দুটাত কোনো বিভাগীয় মন্ত্ৰী নিদি মুখ্যমন্ত্ৰীয়ে নিজেই বিভাগ দুটাৰ কামকাজ চলায় । দুয়োটা বিভাগৰে ভিতৰত সাধাৰণ প্ৰশাসন বিভাগটো প্ৰত্যক্ষভাৱে ৰাইজৰ ওচৰত দায়বদ্ধ হোৱাৰ লগতে ৰাইজ আৰু চৰকাৰৰ যোগসুত্ৰকাৰী । সাধাৰণ প্ৰশাসন বিভাগৰ জিলা পৰ্যায়ৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়টো হ’ল উপায়ুক্তৰ কাৰ্যালয় । এই কাৰ্যালয়তেই আছে ৰাজহ, দণ্ডাধীশ, প্ৰশাসনীয়, অসামৰিক প্ৰতিৰক্ষা, কোষাগাৰ, পৰিকল্পনা, উন্নয়ন, খাদ্য অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা, আবকাৰী আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ যিবোৰত থাকে ৰাইজৰ প্ৰত্যক্ষ যোগাযোগ । ইয়াৰোপৰি উপায়ুক্তজন জিলাখনৰ বিভিন্ন বিভাগৰ কামকাজৰ প্ৰত্যক্ষ বা পৰোক্ষ নিৰীক্ষণকাৰী । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অনুৰূপ ধৰণেৰে ইয়াৰে কিছু বিভাগ মহকুমা পৰ্যায়ত আছে ।ইয়াৰ পাচৰ পৰ্যায়ৰ কাৰ্যালয় যেনে চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ইত্যাদি সমূহতো ৰাইজ প্ৰত্যক্ষভাৱে জড়িত । এক অৰ্থত ক’বলৈ গ’লে এই সমূহ ৰাইজৰে কাৰ্যালয় । এই কাৰ্যালয়সমূহত থকা বিষয়াসকলৰে ভিতৰত ভালেসংখ্যক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াও আছে যিসকল অনা-অসমীয়া । বাকী বিষয়াসকল ৰাজ্যিক অসামৰিক সেৱাৰ । অনা অসমীয়া বিষয়াসকলৰ অসমীয়াৰ ক্ষেত্ৰত থকা জড়তাৰ বাবেই তেওঁলোকে কাৰ্যালয়ত ইংৰাজী ভাষাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়ে । কিন্তু, এইধৰণৰ পদসমূহত অধিষ্ঠিত অসমীয়া বিষয়াসকলেও অনুৰূপ কামেই কৰে যাৰ ফলত ৰাইজৰ কাৰ্যালয়ৰ বহু কাম এনে কাৰ্যালয় আৰু চৰকাৰৰ মাজতে সীমাবদ্ধ থাকে আৰু ৰাইজ এইক্ষেত্ৰত অজ্ঞ হৈয়েই থাকে । বিষয়সমূহ জনহিতকৰ হোৱাৰ বাবে এইসমূহত অসমীয়া ভাষাৰ প্ৰয়োগ হ’লেহে স্বচ্ছ প্ৰশাসন আশা কৰিব পাৰি । অসমীয়া ভাষা চৰকাৰীভাৱে প্ৰয়োগৰ ওপৰত গুৰুত্ব দিবলৈ চৰকাৰ কিছু কঠোৰ হ’ব লাগে যাতে চৰকাৰী কাম-কাজৰ পদ্ধতি তথা পৰ্যায়ৰ বিষয়ে ৰাইজ অৱগত হৈ থাকে ।

উপায় কি ?
000000

১৯৭৮ চনৰ মাৰ্চ মাহত তদানীন্তন প্ৰধানমন্ত্ৰী মুৰাৰজী দেশাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় চৰকাৰী ভাষা সন্মিলনৰ পৰামৰ্শ নং-১১ ৰ মতে ৰাজ্য ভাষা জানি প্ৰয়োগ কৰিব নোখোজাসকলৰ বিৰুদ্ধে যথাযোগ্য অনুশাসনমুলক ব্যৱস্থা গ্ৰহণ কাৰ্যকৰী কৰিব লাগে । প্ৰশাসনীয় সেৱাৰ পৰীক্ষাতো ভাষাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা বিকল্প সেয়ে ৰখা হৈছিল । অথচ ইয়াৰ পাচতো চৰকাৰী ভাষা প্ৰয়োগ অসমত হোৱা নাই বা যি হৈছে সেয়াও এপাচি শাকত এটা জলকীয়াৰ দৰে । চৰকাৰীভাৱে কিছু পদক্ষেপ ল’লেহে ইয়াৰ সমাধানৰ সুত্ৰ ওলাব ।

১. পূৰ্বৰ কোঠাৰী শিক্ষা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হ’ব লাগে । অসমীয়া নজনা লোকক কোনো কাৰণতে কোনো পদত মকৰল কৰিব নালাগে । যিকোনো মকৰলৰ ক্ষেত্ৰত লোৱা পৰীক্ষাৰ মাধ্যম অসমীয়া হ’ব লাগে ।

২. অসম বিধানসভাৰ সকলো কাম অসমীয়া মাধ্যমত কৰিব লাগে । কোনো বিধায়কে অসমীয়া নাজানিলে তেওঁক নিৰ্দিষ্ট সময়ৰ ভিতৰত ভাষাটো শিকিবলৈ আইন প্ৰণয়ন কৰিব লাগে । বিধানসভাত অসমীয়া নজনা বিধায়কৰ বক্তব্য তেওঁৰ ভাষাৰ উপৰিও দ্বিভাষীৰ যোগেদি অসমীয়াত নথি ভূক্ত কৰিব লাগে ।

৩. বিভাগীয় মুৰব্বীসকললৈ চৰকাৰে প্ৰেৰণ কৰা নিৰ্দেশ, নিয়োগ, পদোন্নতি, নিলম্বন ইত্যাদিসমূহৰ পত্ৰ অসমীয়াত হ’ব লাগে । এনে বিভাগসমূহৰ পৰা অহা কাগজ-পত্ৰত প্ৰয়োগ কৰা ভাষা অসমীয়া নহ’লে সেইবোৰ চৰকাৰে গ্ৰহণ কৰিব নালাগে তথা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিব লাগে ।

৪. এটা কাৰ্যালয়ত সম্পাদিত সকলো কাৰ্য্যতে যেনে ৰচিদ, ৰোকৰ বহী, প্ৰাপ্তিৰ নথি, নিবিদা, আৱেদনৰ প্ৰ-পত্ৰ, স্মাৰক ইত্যাদিসমূহত ১০০ শতাংশই অসমীয়া প্ৰয়োগ হ’ব লাগে । ৰাজ্যভাষাত কামৰ পাৰদৰ্শিতা দেখুওৱা কৰ্মচাৰীক বিশেষ বঁটা, প্ৰশংসাপত্ৰ ইত্যদিৰে উৎসাহ জনাব লাগে ।

৫. ৰাজ্যৰ লগতে জিলা তথা মহকুমা পৰ্যায়ত চৰকাৰী ভাষা প্ৰয়োগৰ হেতু একোখন তদাৰকী সমিতি গঠন কৰিব পাৰি । এনে সমিতিসমূহে চৰকাৰী কাৰ্যালয়সমূহ পৰিদৰ্শন কৰি আসোঁৱাহ তথা অসুবিধাসমুহ দূৰ কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ত থকা সমিতিলৈ নিৰ্দিষ্ট সময়ৰ অন্তৰালত প্ৰতিৱেদন দাখিল কৰিব লাগে ।

৬. ৰাজ্যিক তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সকলক দিয়া প্ৰশিক্ষণৰ কাৰ্য্যসূচীত ” কাৰ্যালয়ত অসমীয়া ভাষা প্ৰয়োগ” এটা বিষয় হিচাপে ৰাখিব লাগে । ইয়াৰ বাবে প্ৰয়োজনীয় আইন সংশোধনৰ দিহা কৰিব লাগে ।

৭. চৰকাৰী কৰ্মচাৰীক প্ৰয়োগিক অসমীয়াৰ প্ৰশিক্ষণ দিব লাগে । প্ৰশিক্ষণৰ পাচত চৰকাৰী ভাষা প্ৰয়োগ নকৰাজনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা ল’ব লাগে ।

৮. চৰকাৰী কাৰ্যালয় সমূহত ইউনিক’ড ভিত্তিৰ কী-ব’ৰ্ডৰ প্ৰয়োগ কৰিব লাগে । কিয়নো ই অতি সহজে বোধগম্য আৰু তুলনামুলকভাবে আন সঁজুলিতকৈ বহুগুনে ফলপ্ৰসু ।

শেষত
0000

বিজ্ঞসকলে কোৱাৰ দৰে যি নিজৰ ভাষা জানি (বা নজনাৰ গৌৰৱ কৰি) ইয়াৰ প্ৰয়োগ নকৰি আন ভাষাত গুৰুত্ব দিয়ে সি স্ৱাধীন হৈও পৰাধীন । অসম মূলত: এখন চহা, কৃষকৰ দেশ । সেয়ে, কৃষিপ্ৰধান দেশ এখনৰ প্ৰশাসন যন্ত্ৰৰ প্ৰতিটো স্তৰত ৰাজ্যিক ভাষা প্ৰয়োগ এশ শতাংশ হ’লেহে দেশ আগুৱাব পাৰিব ।

সহায়: ভাষা প্ৰয়োগ পত্ৰিকা, চতুৰ্থ সংখ্যা (১৯৮৫ চন) ত প্ৰকাশিত কিছু লেখা ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments