-অসম বন্ধ- -(- গীতাৰ্থী গোস্বামী)

-অসম বন্ধ-
– গীতাৰ্থী গোস্বামী।

তেতিয়াৰ দিনত দূৰভাষটো
হাতে হাতে নাছিল।
হাঁচতিৰ তামোলৰ দৰে
মই অনুভৱেৰে
মেৰিয়াই মেৰিয়াই
বান্ধি থৈছিলোঁ তেওঁক,
তেওঁ মোৰ প্ৰেমাস্পদ আছিল।
সমাজ নিৰ্ধাৰিত নিয়ম
নিমিলা বাবেই
আমি সিদ্ধান্ত লৈছিলোঁ,
কাছাৰীত চহী কৰি
এক হোৱাৰ।
ওৰে দিনটো ভগা বেঞ্চিখনত
বহি থাকিলোঁ মই,
তেওঁৰ অহা নহ’ল,
সিদিনা অসম বন্ধ আছিল।
(দুদিনৰ পাছতে আনৰ লগত
মোৰ বিয়া ঠিক কৰিছিল দেউতাই)
নিৰাশ হৈ উভটি আহোঁতে গধূলি
বুকুখন মোৰ নোহোৱা হৈছিল,
কাছাৰীৰ বকুল জোপাৰ তলত
গাঁত খান্দি পুতি থ’লোঁ
আৱেগবোৰ।
মই তেওঁক ঠগা নাছিলোঁ
আৰু তেওঁও মোক
mobile_pho

গৰ্ভলৈ প্ৰথমজন আলহী আহিছিল,
ৰঙীণ দুপাহমান গোলাপে
কলি পেলাইছিল দুনীয়াত।
আৱেগবোৰ খান্দি আনি
ধূলি জোকাৰি আঁৰি লৈছিলোঁ,
স্বামীৰ বিলাসী গাড়ীৰে
ডাক্তৰখানালৈ গৈছিলোঁ।
পথত বিকট চিঞৰৰ সতে
বৰষুণ পৰিছিল শিলৰ,
গাড়ীৰ ভগা আইনাবোৰে
জোৰোণ পিন্ধাইছিল মোৰ শৰীৰত,
গৰ্ভৰ ঢপঢপনিটো
মোৰ বুকুলৈ বগুৱা বাইছিল,
প্ৰচণ্ড ভয়ত মই চেতনা হেৰুৱাইছিলোঁ।
বৰ্বৰ সমাজৰ নিয়ম নামানি
ক্ষোভেৰে আঁতৰি গৈছিল
মোৰ আলহী জন,
সিদিনাও অসম বন্ধ আছিল।
মই মোৰ প্ৰাণৰ পুতলীক
ঠগা নাছিলোঁ
আৰু সিও মোক ………


এদিন গধূলি
ভাইটিৰ ফোন আহিছিল,
দেউতা গুচি গ’ল।
“কিন্তু কেনেকৈ? ৰাতিপুৱালৈ তেওঁতো সুস্থ আছিল !!”
হৃদয় ৰোগী আছিল দেউতা,
হঠাতে অসুস্থ হৈছিল,
চিকিত্সাৰ মুখ নেদেখিলে,
বাটৰ পৰাই ঘূৰাই পথোৱা হ’ল
তেওঁক মৰিবলৈ,
সিদিনাও অসম বন্ধ আছিল।
আমি দেউতাক ঠগা নাছিলোঁ,
আৰু দেউতাইও আমাক………
আমি প্ৰৱঞ্চিত হৈছিলোঁ
কেইটামান অংগবিহীন অপুৰুষৰ দ্বাৰা…
যুগে যুগে টায়াৰৰ নামত
সিহঁতে জ্বলাই আহিছে মানৱীয়তা।
ইমানৰ পাছতো
উন্মাদ নহৈ পাৰিনে ??

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments