অসম বুৰঞ্জীৰ দুটি কালগ্ৰস্ত ৰাহু কেতুঃ পদ্মনাভ আৰু কৃষ্ণৰাম – ধীৰেন শইকীয়া

অসম বুৰঞ্জীৰ দুই উল্লেখযোগ্য চৰিত্ৰ হ’ল পদ্মনাভ ভট্টাচাৰ্য আৰু কৃষ্ণৰাম ভট্টাচাৰ্য। উল্লেখযোগ্য যে এই দুয়োগৰাকী লোকৰ কৃতকৰ্মৰ বাবে তেওঁলোকক ড° লীলা গগৈৰ দৰে বৰেণ্য লোকে  ‘দুই পথালিফোঁটা ভট্টাচাৰ্য অসমৰ আকাশৰ দুটি কালগ্ৰস্ত ৰাহু কেতু’ বুলি উল্লেখ কৰিছিল। এই ক্ষুদ্ৰ প্ৰবন্ধত অসম বুৰঞ্জীৰ দুয়োগৰাকী নিন্দিত লোকৰ বিষয়ে উল্লেখ কৰিব ওলাইছোঁ।

পদ্মনাভ ভট্টাচাৰ্যঃ

আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্ব কালত  (1603-1641)কনৌজৰ পৰা অহা দশৰথ নামৰ ব্ৰাহ্মণ পণ্ডিতক স্বৰ্গদেৱে চুঙাপাৰা নামৰ ঠাইখনত মাটি ভেটি দি থাপিছিল। এইগৰাকী ব্ৰাহ্মণ পণ্ডিত দশৰথৰেই নাতিয়েক আছিল পদ্মনাভ ভট্টাচাৰ্য, যাক স্বৰ্গদেউ ৰূদ্ৰসিংহই মাজুলীৰ সাকোপৰা গাঁৱত ঘৰ মাটি দি থাপিছিল। আনকি তেওঁৰ পৰা স্বৰ্গদেৱে পঞ্চাক্ষৰী শিৱমন্ত্ৰও গ্ৰহণ কৰিছিল। এওঁকেই মুকলিমুৰীয়া গোঁহায়ো বোলে।

এইগৰাকী পদ্মনাভ ভট্টাচাৰ্যই বংগদেশৰ নদীয়াৰ শান্তিপুৰত সংস্কৃত পঢ়ি পণ্ডিত হৈ উভতি আহি আহোম স্বৰ্গদেউৰ ৰাজগুৰু হৈ আছিল। পদ্মনাভ ভট্টাচাৰ্যই তেওঁৰ তান্ত্ৰিক সাধনা আৰু গোঁসানী মন্ত্ৰৰ বলত ৰাজ পৰিয়ালৰ ভূত ভৱিষ্যতৰ বহু কথা কৈছিল। হয়তো সেইবাবেই এইদিশত পদ্মনাভৰ ওচৰত স্বৰ্গদেউ ৰূদ্ৰসিংহও লেতুসেতু হৈ পৰিছিল, পিছে এই কাৰ্য ৰাজচ’ৰাৰ দেওধাই বাইলুঙে ভাল পোৱা নাছিল। তথাপি, স্বৰ্গদেউৰ ভয়ত একো মুখ ফুটাই কোৱা নাছিল।

কৃষ্ণৰাম ভট্টাচাৰ্যঃ

পিছলৈ এইগৰাকী পদ্মনাভ ভট্টাচাৰ্যকেই স্বৰ্গদেউ ৰুদ্ৰসিংহই তান্ত্ৰিকমতে তেওঁক দীক্ষা দিবলৈ কৈছিল। কিন্তু এই সময়ত পদ্মনাভ ভট্টাচাৰ্যই স্বৰ্গদেউক এনে কাম তেওঁৰ দৰে সাধাৰণ সাধকৰ দ্বাৰা সম্ভৱ নহয় বুলি বংগদেশৰ নদীয়াৰ শিমলা গাঁৱৰ প্ৰভাকৰ (শোভাকৰ)ভট্টাচাৰ্যৰ ঘৰৰ কৃষ্ণৰাম ন্যায়বাগীশক কটকী পঠিয়াই এই কামৰ বাবে (তান্ত্ৰিকমতে দীক্ষা দিবলৈ) আনিবলৈ পৰামৰ্শ কৰিছিল। স্বৰ্গদেউ ৰূদ্ৰসিংহই তেতিয়া নদীয়াৰ কৃষ্ণৰাম ন্যায়বাগীশৰ ঘৰলৈ টেপাই বৈৰাগী নামৰ দূত এজনৰ হাতত এখন চিঠি দি মাতি পঠিয়াইছিল। উল্লেখ্য যে এই চিঠিখন দিছিল পদ্মনাভ ভট্টাচাৰ্যই।

কথা হ’ল পদ্মনাভে কি লিখিছিল চিঠিখনত? জনামতে, নৱদ্বীপ আৰু কাশীত অধ্যয়নৰত থাকোতে পদ্মনাভ ভট্টাচাৰ্য আৰু কৃষ্ণৰাম ভট্টাচাৰ্য দুয়ো সহপাঠী আছিল। আই ভৱানীৰ সাধক কৃষ্ণৰাম ভট্টাচাৰ্যৰ অলৌকিক কাৰ্য কৰাৰো জ্ঞান আছিল, বাকসিদ্ধ সু-পুৰুষ তান্ত্ৰিক সাধকজন আহিলে ৰাজচ’ৰাত সন্মান, শ্ৰদ্ধা উভয়েই পোৱাৰ উপৰিও শকত অংকৰ দান দক্ষিণা পাব বুলিও চিঠিত লিখা আছিল। কথা হ’ল পদ্মনাভ ভট্টাচাৰ্যই নিজে স্বৰ্গদেউৰ তাত থাকি পোৱা সুবিধাৰ কথা হিয়া উবুৰিয়াই লিখাৰ সমান্তৰালকৈ ৰাজচ’ৰাৰ টেপাই বৈৰাগীয়েও ৰাজচ’ৰাৰ ঐশ্চৰ্য বিভূতিৰো বহু লোভ দেখুৱাইছিল কৃষ্ণৰামক। সাতে-পাঁচে এইবোৰৰ লালসাতে আৰম্ভণিতে ‘যাব নোৱাৰিম’  বোলা কৃষ্ণৰামে কথাষাৰ পিছলৈ পুনৰ ভাবি চাইছিল। প্ৰথমে, টেপাই বৈৰাগীয়ে অসমৰ কথা কওঁতে কৃষ্ণৰামে উচাত মাৰি এনেহেন যাদুমন্ত্ৰ তথা জংঘলৰ দেশখনলৈ আহিবলৈ অমান্তি হোৱাত বৈৰাগীয়ে ৰাজচ’ৰাত তেওঁ চিৰদিনৰ বাবে নাথাকিলেও অসমৰ কামাখ্যা মাৰ তীৰ্থখনকে এবাৰ দৰ্শন কৰি আহক বোলাত পিছলৈ বহু ভাবি-গুণি কামৰূপ তথা অসমলৈ দুমাহৰ মূৰত আহিছিল কৃষ্ণৰাম।

এই সময়ত স্বৰ্গদেউ ৰূদ্ৰসিংহ গুৱাহাটীতেই আছিল। কপালত ৰক্ত চন্দনৰ ৰেখা, টিকনিত ফুল, গাত উত্তৰীয় লোৱা কৃষ্ণৰামক দেখি স্বৰ্গদেউ ৰূদ্ৰসিংহই প্ৰথমে বৰ বিশেষ উৎসাহবোধ দেখুওৱা নাছিল। স্বৰ্গদেউ ৰূদ্ৰসিংহই তেতিয়া এগৰাকী শাস্ত্ৰজ্ঞ সিদ্ধপুৰুষহে বিচাৰিছিল, পিছে কৃষ্ণৰাম আছিল এগৰাকী আই ভগৱতীৰ সাধকহে। তথাপি নীলাচলৰ বাহৰত তেওঁৰ সেৱা শুশ্ৰুষাৰ দিহা কৰিব দিছিল ৰাজকৰ্মচাৰীসকলক। পিছলৈ কৃষ্ণৰামক চাই স্বৰ্গদেউ ৰূদ্ৰসিংহই প্ৰথমে তেওঁৰ পৰা দীক্ষা নলৈ ঘৰলৈ ওভতাইহে পঠিয়ালে।

কৃষ্ণৰাম ভট্টাচাৰ্য উভতি যোৱাৰ পিছত অসমত প্ৰলয়ংকৰী বানপানী আৰু তিনিদিন ভূমিকম্প হৈছিল, ফলত কেইবাটাও মঠ-মন্দিৰ ধ্বংস হৈছিল। এই কথাত পদ্মনাভ ভট্টাচাৰ্য আৰু টেপাই বৈৰাগীয়ে স্বৰ্গদেৱে কৃষ্ণৰাম ভট্টাচাৰ্যক উভতাই পঠোৱাৰ বাবেই এনে সীমাহীন অথন্তৰ হৈছিল বুলি সজোৰে কৈছিল। তেতিয়া, অন্ধবিশ্বাসী স্বৰ্গদেৱে কৃষ্ণৰাম ভট্টাচাৰ্যক অতি শীঘ্ৰে মাতি আনি দেশৰ ব্ৰাহ্মণসকলক দীক্ষা দিয়াওক বুলিও পৰামৰ্শ দিব ধৰিলে। পিছে, কৃষ্ণৰাম ভট্টাচাৰ্যক উভতাই পঠোৱাৰ বাবে বানপানী কিম্বা ভূমিকম্প হোৱা বুলি কোৱা এয়া অথন্তৰ  নিঃসন্দেহে এটা পৰম্পৰাগত অন্ধবিশ্বাসৰ বাহিৰে অন্য একো নহয়। মন কৰিবলগীয়া কথা হ’ল ৰাজচ’ৰাৰ কোনো দেওধাই বাইলুঙেও কৃষ্ণৰাম ভট্টাচাৰ্যক এনেদৰে পুনৰ ৰাজচ’ৰালৈ উভতাই অনাত হয়ভৰ দিয়া নাছিল। এনেদৰেই এটা বিতৰ্কিত অৱস্থাৰ মাজেদি কৃষ্ণৰাম ভট্টাচাৰ্য ৰূদ্ৰসিংহৰ ৰাজত্বকালত ৰাজচ’ৰাত স্থান পাই কামাখ্যা মন্দিৰৰ পূজা সেৱাৰ তত্বাৱধানৰ বাবে নীলাচলত সংস্থাপিত হৈছিল। স্বৰ্গদেউ ৰূদ্ৰসিংহৰ ৰাজত্বকাল 1696-1714 খৃঃ বুলি ধৰিলে কৃষ্ণৰাম ভট্টাচাৰ্য গুৱাহাটীলৈ অহা সময় 1700 খৃঃ ৰ আগে পিছে যেন লাগে। এনেদৰেই জানি শুনিও এজোপা কনিবিহৰ পুলি ৰুইছিল স্বৰ্গদেউ ৰূদ্ৰসিংহই, যি জোপা বাঢ়ি গৈ অসমৰ ভাষা-সংস্কৃতি তথা আধ্যাত্মিক জীৱন সকলো বিষয়তে কেৱল সৃষ্টি কৰি গ’ল বহু সমস্যাৰ।

এইগৰাকী ভগৱতী সাধক কৃষ্ণৰাম ভট্টাচাৰ্যই আহোম স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াসকলক শিষ্য পাতি ৰাজনীতিৰ বাঘজৰী আঁজুৰিবলৈকো হাত মেলিছিল। ড° লীলা গগৈ দেৱে তেখেতৰ ‘বেলি মাৰ গ’ল’ গ্ৰন্থত লিখিছেঃ

“এইগৰাকী কৃষ্ণৰাম ভট্টাচাৰ্যই বৰৰজা ফুলেশ্বৰীৰ ইহকাল পৰকালৰ গৰাকী হৈ উঠিছিল। কৃষ্ণৰামৰ অদৃশ্য হাতে মোৱামৰীয়া বিদ্ৰোহীক যে হাত বাউল দি মাতিছিল, তাৰো সাক্ষী বুৰঞ্জীৰ পাতত এৰি থৈ গৈছে।… পৰ্বতীয়া গোঁসাইৰ সুচনিত ফুলেশ্বৰীয়ে অসমৰ প্ৰাচীন পূজা পদ্ধতি উচ্ছেদ কৰি ৰঘুনন্দনৰ স্মৃতি অনুসৰি নতুন পদ্ধতি চলাবলৈ মঠ-মন্দিৰৰ মূৰ্তিসমূহ অনাই সোনাৰি নৈৰ বাহৰিত ব্ৰহ্মপুত্ৰত পেলাই দিয়াইছিল। দুৰ্গাৰ্চনমঞ্জৰী নামে পুথি ৰচনা কৰি কামাখ্যাৰ পুজা পদ্ধতি সলাইছিল। নতুন পুজা পদ্ধতিমতে কাম চলাবলৈ পাঁচ হেজাৰ ব্ৰাহ্মণক শাক্তপন্থত দীক্ষিত কৰি ৰজাঘৰৰ হতুৱাই ব্ৰহ্মোত্তৰ দিয়ালে।…….থলুৱা ধৰ্ম সংস্কৃতিক উচ্ছেদ কৰি নিজা আদৰ্শৰে ৰঘুমলা হৈ ছাটি ধৰাৰ প্ৰচেষ্টা কৃষ্ণৰামে অষ্টাদশ শতাব্দীতে আৰম্ভ কৰিছিল।….বৈষ্ণৱসকলক নিৰ্যাতন কৰি ঘৃণা আৰু বিতৃষ্ণা বৃদ্ধি কৰিছিল। শিষ্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ ৰাজবিষয়াসকলৰ মাজতো ভেদ-ভাবৰ কঁঠীয়া পাৰিছিল। বৰৰজা ফুলেশ্বৰীৰ আমোলত পৰ্বতীয়া গোঁসায়ে অতুল ঐশ্বৰ্য আহৰণ কৰি ভৰা নাৱত পিতৃগৃহ নদীয়ালৈ পঠিয়াইছিল। অজস্ৰ সম্পত্তি আৰু অৰ্ধৰাজ্য লাভ কৰিলেও কৃষ্ণৰামে পিতৃভূমিৰ আকৰ্ষণ এৰিব পৰা নাছিল। ৰজাঘৰৰ ভাত খালেও নদীয়াৰ মাতহে মাতিছিল। ………প্ৰমত্ত সিংহয়ো কৃষ্ণৰামক বিপুল অৰ্থ সম্পত্তি দান কৰি অধিক ঐশ্বৰ্যশালী কৰি তুলিছিল। ইতিমধ্যে কৃষ্ণৰাম ভট্টাচাৰ্যৰ পুতেক ৰামানন্দ বিদ্যালংকাৰ আহি পিতৃৰ আসনত অধিষ্ঠিত হ’বলৈ আখৰা কৰিছিলহি।”

সঁচাকৈয়ে কৃষ্ণৰাম ভট্টাচাৰ্যৰ মানুহক সন্মোহন কৰিব পৰা গুণো আছিল। ৰূদ্ৰসিংহ স্বৰ্গদেৱেও আৰম্ভণিতে বেয়া পোৱা কৃষ্ণৰাম ভট্টাচাৰ্যক শেষলৈ বৰ বিশ্বাসত লোৱাৰ লগতে নীলাচলস্থিত কামাখ্যা মন্দিৰৰ তত্বাৱধায়ক নিযুক্ত দিবলৈ শিৱসিংহক কৈ গৈছিল। পিতৃৰ মৃত্যুৰ পিছত শিৱসিংহই এই শাক্ত ব্ৰাহ্মণত শৰণ লয় আৰু ৰাজগুৰু পাতি কামাখ্যা মন্দিৰৰ দায়িত্ব দিয়ে। প্ৰধানতঃ তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্যৰ প্ৰতিপত্তি বাঢ়ে। ৰাজ পৃষ্ঠপোষকতা পাই বংগদেশত প্ৰচলিত বিধিমতে বিবাহ তথা শ্ৰাদ্ধ আদি সমাপন কৰিবলৈ ধৰিলে। এই কথাত ৰাজ্যৰ প্ৰাচীন পণ্ডিতসকলে জাঙুৰ খাই উঠি তেওঁৰ সৈতে বাদানুবাদত লিপ্ত হ’ল, আনকি শিৱসিংহ (1714-1744)য়ো তেওঁৰ শিষ্যসকলক এই নব্য স্মৃতিমতে বিবাহ তথা শ্ৰাদ্ধ আদি সমাপন কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে বাকী লোকসকলে প্ৰাচীন নিয়মেই অনুসৰণ কৰিব বুলিও সিদ্ধান্ত দিয়ে। উল্লেখ্য যে এইজন শিৱসিংহৰ দিনতেই প্ৰজাক আটাইতকৈ বেছি মাটি বৃত্তি দান কৰা হয়। সেই ফালৰ পৰা চাবলৈ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজত্বকাললৈ(1714-1744)কৃষ্ণৰাম ভট্টাচাৰ্যৰ জীৱন সুখকৰেই আছিল, পিছে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত (1769-1780) কৃষ্ণৰাম ভট্টাচাৰ্যৰ দিন বেয়ালৈ যায়।

কৃষ্ণৰাম ভট্টাচাৰ্যই লক্ষ্মীসিংহক স্বৰ্গদেউ পতাত ভাল পোৱা নাছিল। প্ৰমত্ত সিংহৰ মলৌ নামৰ পুত্ৰজনে কৃষ্ণৰাম ভট্টাচাৰ্যৰ সহায়তেই তিপমীয়া ৰজা হৈছিল বুলিও জনা যায়। কৃষ্ণৰাম ভট্টাচাৰ্যই স্বৰ্গদেউ লক্ষ্মীসিংহক হত্যা কৰি ভূধৰ গোঁহাইক ৰজা পাতিব খোজাৰ আন এক নিকৃষ্ট ষড়যন্ত্ৰতো জড়িত হৈছিল বুলিও জনা গৈছিল। আন এক অভিযোগ মতে কৃষ্ণৰামে হেনো কাৰোবাৰ হতুৱাই স্বৰ্গদেউ লক্ষ্মীসিংহক হীৰা চেলেকাই হত্যা কৰিবলৈও ষড়যন্ত্ৰ কৰিছিল।

আনকি এই বিচাৰত পৰ্বতীয়া গোঁসায়ে নিজ হাতেৰে লিখা মন্ত্ৰ তথা অন্য পত্ৰ প্ৰমাণো উদ্ধাৰ হৈছিল। পিছে,  কোমল মনৰ স্বৰ্গদেউ লক্ষ্মীসিংহই বামুণ গোঁসাই বুলি কৃষ্ণৰাম ভট্টাচাৰ্যক সেইবাৰলৈ একো নকৰিলে যদিও লজ্জিত হৈ কৃষ্ণৰামে সেইবাৰ স্বদেশলৈ যাওঁ বুলি দিখৌৰ বৰঘাটত নাৱত উঠিছিলগৈ। পিছে, বহু কথা চিন্তা কৰি কৃষ্ণৰামক উভতাই ৰাজচ’ৰালৈ আনিছিল। কৃষ্ণৰামৰ এনে কাণ্ডৰ পিছত হেনো সকলো বিষয়াকে কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ ল’লে ৰাজদ্ৰোহী, ভকতদ্ৰোহীয়ে ৰৌ ৰৌ নৰকত পৰিব বুলিও হৰিধ্বনি দি কৈছিল স্বৰ্গদেৱে। আনহাতে, কৃষ্ণৰামৰ অপকৰ্মবোৰ জানিয়েই বংগদেশৰ পৰা ৰমানন্দ ভট্টাচাৰ্য নামৰ আন এগৰাকী পণ্ডিতক অনাই তেওঁৰ ওচৰত শৰণ লৈছিল স্বৰ্গদেৱে।

মুঠতে, কৃষ্ণৰাম ভট্টাচাৰ্যই অসমৰ ব্ৰাহ্মণ সমাজক নব্য আৰু প্ৰাচীন এই দুইভাগত ভাগ কৰিছিল। শূদ্ৰসকলক অস্পৃশ্যজ্ঞান কৰা কৃষ্ণৰামে বৈষ্ণৱসকলকো হেয় কৰিবলৈ এৰা নাছিল। মোৱামৰীয়া মহন্তসকলকো কৃষ্ণৰাম ভট্টাচাৰ্যই বৰৰজা ফুলেশ্বৰীৰ হতুৱাই শাক্ত ধৰ্মত দীক্ষা ল’বলৈ জোৰ কৰিছিল।

ৰাজগুৰু হিচাপে মকৰল হোৱা কৃষ্ণৰাম ভট্টাচাৰ্যৰ অপকৰ্মবোৰ জানিয়েই ৰমানন্দ ভট্টাচাৰ্য ওৰফে ন গোঁসাই বা পহুমৰীয়া গোঁসাইক ৰাজগুৰু মকৰল কৰা কথাটোৱেও কৃষ্ণৰামক যথেষ্ট জেদি কৰি তুলিছিল। এসময়ত এইগৰাকী কৃষ্ণৰামকে শিৱসিংহই কামৰূপৰ অৰ্দ্ধেক ৰাজ্য, ধন-সোন দান কৰিছিল। কৃষ্ণৰামেও সেইবোৰ দেখি শিৱসিংহক কৈছিলঃ আহোমৰ চেংদেও আৰু আমাৰ গোঁসানী একে।এইগৰাকী দুষ্টবুদ্ধিৰ কৃষ্ণৰামেই ১৭৯৫ত ঘটা দন্দুৱা দ্ৰোহৰ সময়ত হৰদত্ত বুজৰবৰুৱাক স্বৰ্গদেউ লক্ষ্মীসিংহৰ বিৰুদ্ধে উচতনিমূলক কামকাজত লিপ্ত আছিল।

ড° লীলা গগৈদেৱেও সেয়েহে আহোম ৰাজত্বকালত ৰজাঘৰত কুটনীতি আৰু ষড়যন্ত্ৰৰ বিহগুটি সিঁচা অন্যতম দুগৰাকী হিচাপে পদ্মনাভ ভট্টাচাৰ্য আৰু কৃষ্ণৰাম ভট্টাচাৰ্যৰ কথা উল্লেখ কৰিছে। হয়তো এইবোৰ কথাৰ উপলব্ধি কৰিয়েই আহোম স্বৰ্গদেউ গদাধৰ সিংহই মৃত্যুমুখী অৱস্থাত ৰূদ্ৰসিংহক কৈছিল- ”সৰুক বৰ বাব নিদিবি, ৰাজসভাত নটিনী ননচুৱাবি, পথালিফোঁটাক বিশ্বাস নকৰিবি।”

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক