অসমীয়া সাহিত্যৰ বুৰঞ্জী (৫) : মৃণালজ্যোতি গোস্বামী

(যোৱা সংখ্যাৰ পাছৰ পৰা)

. প্ৰাক্শংকৰী যুগ

 

শংকৰদেৱৰ পূৰ্বকবি মাধৱ কন্দলি সহিতে তেৰাৰ সমসাময়িক হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলিৰ হাততে বিশুদ্ধ অসমীয়া সাহিত্যই বিকাশ লাভ কৰে আৰু তেওঁলোককে প্ৰাক্-শংকৰী যুগৰ কবি বুলি অভিহিত কৰা হয়। অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰসকলে তেওঁলোকৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ত্ৰয়োদশ শতিকাৰ শেষৰ পৰা পঞ্চদশ শতিকাৰ আদি ভাগলৈ। বিশেষভাৱে ৰাজপৃষ্ঠপোষকতা লাভ কৰা এই কবিচামে মূলতঃ ৰামায়ণমহাভাৰত, জৈমিনীয়াশ্বমেধ আৰু বামন পুৰাণৰ পৰা বিষয়বস্তু আহৰণ কৰি অসমৰ জন মানসিকতাত ৰজিতা খোৱাকৈ মৌলিক তথা স্থানীয় সমলসানি ৰচনা কৰিছে কেইবাখনো কাব্য। প্ৰধানকৈ পয়াৰ, দুলড়ী আৰু ছবি ছন্দত ৰজা তথা প্ৰজাৰ মনোৰঞ্জনৰ বাবে ৰচনা কৰা এই ৰাজি সাহিত্যৰ মাজতেই অসমীয়া ভাষাই স্বকীয় বৈশিষ্ট্যৰে উদ্ভাসিত হোৱাৰ উপৰি উচ্চ সাহিত্যিক ভাব প্ৰকাশ কৰিব পৰা সাধু ভাষাৰ গঢ় লাভ কৰে। অন্ত্যানুপ্ৰাসযুক্ত এই ছন্দায়িত ভাষাৰ মাজেদিয়েই আক্ষৰিক ছন্দ বা অক্ষৰবৃত্ত ছন্দই বিকাশ লাভ কৰে। তলত এই যুগৰ কবিসকলৰ আৰু তেওঁলোকৰ কাব্যকৃতিৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল।

 

  • হেম সৰস্বতী

 

প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ নামৰ দুখন কাব্য পুথি ৰচনা কৰা হেম সৰস্বতীয়ে কমতাধপিতি দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। এওঁৰ সময়সীমা সম্পৰ্কে সাহিত্যৰ বুৰঞ্জীকাৰসকলৰ মজত মতভেদ থকা পৰিলক্ষিত হয়। খেনোৱে এওঁক ত্ৰয়োদশ শতিকাৰ শেষ নাইবা চতুৰ্দশশতিকাৰ প্ৰথমাৰ্ধ (কালিৰাম মেধি ড সত্যেন্দ্ৰ নাথ শৰ্মা), খেনোৱে চৈধ্য শতিকাৰ মাজভাগৰ (কনকলাল বৰুৱা, দেৱানন্দ ভঁৰালি আদি) বুলি ঠাৱৰ কৰিব বিচাৰে। কবিৰ দুয়োখন কাব্যতে অৱশ্যে নিজৰ পৰিচয় সম্পৰ্কে ভিন্ন মত প্ৰকাশ পাইছে। প্ৰহ্লাদ চৰিতত উল্লেখ থকা মতে-

কমতামণ্ডল দুৰ্লভনাৰায়ণ নপৃবৰ অনপুাম।

তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম।।

তাহান তনয় হেম সৰস্বতী ধ্ৰৱৰ অনুজ ভাই।

পদবন্ধে তেহো প্ৰচাৰ কৰিলা বামণ পুৰাণ চাই।।

ইয়াৰ মতে হেম সৰস্বতী দুৰ্লভনাৰায়ণৰ ৰাজ্য কমতাপুৰত থকা ৰুদ্ৰ সৰস্বতীৰ কন্যা দেৱযানীৰ পুত্ৰ আৰু ধ্ৰৱৰ অনুজ ভাই। সেই হিচাপে ৰুদ্ৰ সৰস্বতী এওঁৰ ককাক। কিন্তু হৰ-গৌৰী সম্বাদত কবিয়ে নিজে উল্লেখ কৰিছে।

ভপূ দুৰ্লভনাৰায়ণ পাত্ৰপশুপতিসুত সৰ্ব্বশাস্ত্ৰে পণ্ডিত সুজান।

তাহাৰ তনয় চাৰি ধনঞ্জয় আদি কৰি ধ্ৰৱ ভৈল কুলত প্ৰধান।

অপৰ হেমনত কবি হৰগৌৰী পদ সেৱি হেম সৰস্বতী ভৈল নাম।।

এই কবিতা ফাঁকিত কবিয়ে কৈছে যে পশুপতি পাত্ৰৰ নাতি চাৰিজন, ধ্ৰৱ তাৰে প্ৰধান আৰু হেম সৰস্বতীৰ আন এটা নাম হেমন্ত। দুয়োখন কাব্যৰ কবি পৰিচয় ফঁহিয়াই চালে দেখা যায় যে ৰুদ্ৰ সৰস্বতী আৰু পশুপতি সুতৰ অৱস্থান সম। সেই বিচাৰত হেম সৰস্বতীক ৰুদ্ৰ সৰস্বতী বা পশুপতি পুত্ৰৰ পুত্ৰ বুলি ধৰি লোৱাত আপত্তি নাথাকে। মহেশ্বৰ নেওগে হৰিবৰ বিপ্ৰতকৈ এক পুৰুষৰ পাছৰ বুলি ক’ব খোজে যদিও আন পণ্ডিতসকলে এওঁক প্ৰাক্-শংকৰী যুগৰ আটাইতকৈ প্ৰাচীন কবি বুলি ক’ব খোজে।

হেম সৰস্বতীয়ে লিখা ‘এশ চৰণযুক্ত’ সৰু পুথি প্ৰহ্লাদ চৰিত্ৰ (প্ৰহ্ৰাদ চৰিত্ৰ) অসমীয়া সাহিত্যৰ এখন আপুৰুগীয়া গ্ৰন্থ। অধুনালুপ্ত বামন পুৰাণৰ আধাৰত এই কাব্যখন কবিজনাই ৰচনা কৰিছিল। হিৰণ্যকশিপু আৰু ভক্ত প্ৰহ্লাদৰ তৰ্ক-বিতৰ্কৰ পৰা আৰম্ভ কৰি হিৰণ্যকশিপু বধলৈকে বৰ্ণনা থকা এই কাব্যখনত ঘটনা আৰু পৰিস্থিতিৰ সৰল আৰু সহজবোধ্য বিৱৰণ আছে; কিন্তু সূ-কলাবোধ, সুদূৰ প্ৰসাৰী কল্পনা, চিত্তাকৰ্ষক বৰ্ণনা, ছন্দৰ ব্যাপকতা ইয়াত প্ৰকাশ পোৱা নাই। ভাষা আৰু ৰচনাশৈলীও বৰ উচ্চ খাপৰ আৰু নিমজ নহয় বুলি সমালোচকসকলে মত পোষণ কৰে। কথক ৰূপেও কবি বৰ সফল নহয়। অৱশ্যে ঘৰুৱা জতুৱা ঠাঁচৰ প্ৰয়োগ, যেনে- আচাৰত ভিন হৰি বিচাৰত এক; অলংকাৰত প্ৰয়োগ, যেনে- তালুত লাগিলা যেন প্ৰচণ্ড অগনি (উপমা), গিৰিক ভেদিয়া যেন বহি জাই জল।/ হিৰণ্যৰ তেজে বসুমতী গৈলা তল। (উৎপ্ৰেক্ষা) আদিয়ে কবিৰ বৰ্ণনাত ঘৰুৱা পৰিৱেশৰ সষ্টি কৰিছে। উল্লেখযোগ্য যে তেওঁ অসুৰৰ শাস্ত্ৰক ‘বামনায়’ আখ্যা দিছে আৰু হস্তী সাধামন্ত্ৰৰ উল্লেখো কৰিছে। এইখন পুথিত বৈষ্ণৱ ধৰ্ম আৰু বিষ্ণু ভক্তিৰ মাহাত্ম্য প্ৰকাশ হোৱালৈ চাই কালিৰাম মেধি ডাঙৰীয়াই বৈষ্ণৱ ধৰ্মৰ প্ৰথম অসমীয়া পুথি বুলি আখ্যা দিছে। কাব্যখনত বামনায় শাস্ত্ৰৰ উপাসকসকলৰ বিৰুদ্ধে বৈষ্ণৱ প্ৰহ্লাদৰ বিজয় কীৰ্তন কৰা হৈছে।

৮৯৯টা পদ সম্বলিত আৰু ছটা অধ্যায়ত বিভক্ত হৰগৌৰী সংবাদ কাব্যখন কবি হেম সৰস্বতীৰ দ্বিতীয় পুথি। কাব্যখনৰ প্ৰথম অধ্যায়টিত নৃসিংহ পুৰাণৰ পৰা আহৰিত আৰু নৰসিংহ বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ কথা বৰ্ণনা কৰা হৈছে। দ্বিতীয়ৰ পৰা পঞ্চম অধ্যায়লৈ তাৰকাসুৰৰ যুদ্ধ, হৰৰ কোপত মদন ভষ্ম, হৰ-গৌৰীৰ বিবাহ, কাৰ্তিক কুমাৰৰ জন্ম, আৰু তাড়ক বধৰ কাহিনী বৰ্ণিত হৈছে। এই অধ্যায় কেইটাৰ বিষয়বস্তু হৰ-গৌৰী সম্বাদৰ পৰা আহৰণ কৰা হৈছে বুলি কৈছে যদিও সেইখন পুথি আজিলৈকে আৱিষ্কৃত হোৱা নাই। কিন্তু কালিকা পুৰাণৰ সৈতে আৰু কুমৰ সম্ভৱত এনে কাহিনী বৰ্ণিত হোৱাৰ পৰা অনুমান কৰা হয় যে কবিয়ে হয়তো এইকেইখনৰ পৰাই বিষয়বস্তু চয়ন কৰিছিল। ষষ্ঠ অধ্যায়টিত যোগ সাধনাৰ, অৰ্থাৎ যোগ-কথনম অধ্যায়টিত যোগ প্ৰক্ৰিয়াৰ কথা বৰ্ণনা কৰা হৈছে। এই অধ্যায়টিত বৰ্ণনা কৰিছে-

বায়ু মণ্ডলত বায়ু কৰিবা স্তম্ভন।

বায়ুৰ আহাৰ বিন্দু কৰিবা ভোজন।।

বায়ুক ৰাখয় বিন্দুক ৰাখয় বায়ু।

দুই সমে নৰ হয় চিৰন্তন আয়ু।।

প্ৰণিধানযোগ্য যে হৰগৌৰী সংবাদ পুথিখন এতিয়ালৈকে পাঠ সমীক্ষিত হৈ প্ৰকাশ হোৱা নাই। তথাপিও ক’ব লাগিব হেম সৰস্বতী উচ্চ খাপৰ কবি নহ’লেও ভাব ভাষাৰ উপস্থাপনত বৈষ্ণৱ যুগলৈ তেওঁ এক আৰ্হি দাঙি থৈ গ’ল।

 

  • কবিৰত্ন সৰস্বতী

 

প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ভিতৰত স্পষ্টভাৱে নিজৰ পৃষ্ঠপোষক ৰজাৰ লগতে নিজৰ বংশ পৰিচয় সম্পৰ্কে কাব্যৰ মাজেদি প্ৰকাশ কৰি গৈছে কবিৰত্ন সৰস্বতীয়ে। এওঁ দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। এতিয়ালৈ এখন মাত্ৰ কাব্য উদ্ধাৰ হোৱা এই জনা কবিয়ে কাব্য (জয়দ্ৰথ বধ)খনত নিজৰ পৰিচয় দিছে এনেদৰে-

নপৃ শিৰোমণি দেৱ মহামানী দুৰ্লভনাৰায়ণ ৰাজা।

নিতে পুত্ৰৱতে পালিলা সততে পৃথিৱীৰ যত প্ৰজা।।

তাহান তনয় ভৈল ধৰ্মময় ইন্দ্ৰনাৰায়ণ ৰাজা।

মহাবীৰ ধীৰ স্বভাৱে গম্ভীৰ নিতে কৃত হৰি সেৱা।।

নিজ বাহুবলে পাইলা অবিকলে অখণ্ড মহীমণ্ডলে।

যাত খাটে নমি সততে প্ৰণামি বপিক্ষ নপৃসকলে।।

যাত সৰ্বক্ষণ ইন্দ্ৰনাৰায়ণ বৰ দেনত সদাশিৱ।

হৌক নৰেশ্বৰ পাঞ্চ গৌৰেশ্বৰ পিতাপুত্ৰ চিৰঞ্জীৱ।।

ছোট শিলা নাম আছে এক গ্ৰাম য’ত গ্ৰাম মধ্যে সাৰ।

আছিল তথাত জগত প্ৰখ্যাত চক্ৰপাণি শিকদাৰ।।

পটু নৰবৰ কায়স্থ প্ৰবৰ ধৰ্মবনত মহাযশী।

পণ্ডিত তিলক কুল প্ৰকাশক নিষ্কলংক যেন শশী।।

তাহান তনয় অতি শুভনয় কবিৰত্ন সৰস্বতী।

দ্ৰোণপৰ্ব পদ জয়দথ বধ কৌতুহলে নিগদতি।।

কবি গৰাকীৰ ঘৰ বৰপেটা অঞ্চলৰ ছোটাশিলা গ্ৰামত। চক্ৰপাণি শিকদাৰ নামৰ এজন কায়স্থকুলৰ লোক আছিল তেওঁৰ পিতৃ। ৰাজবিষয়া আৰু চন্দ্ৰমাৰ দৰে নিষ্কলুষ চক্ৰপাণি শিকদাৰ আছিল বংশৰ মুখ উজ্বল কৰোঁতা পণ্ডিত। এনে হেন ব্যক্তিৰ পুত্ৰ কবিৰত্ন সৰস্বতীয়ে ইন্দ্ৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধৰ কাহিনীভাগ অসমীয়ালৈ অনুবাদ কৰে। উল্লেখযোগ্য যে এইজন কবিৰত্ন সৰস্বতীৰে বংশধৰ হ’ল মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ। কবিৰত্ন সৰস্বতীৰ জয়দ্ৰথ বধ  কাব্যখন সম্পূৰ্ণৰূপে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। অসমীয়া সাহিত্যৰ চানেকিত  সন্নিবিষ্ট হৈছে কবিজনাই ৰচনা কৰা ‘কৈলাশ বৰ্ণনা’ অংশহে। দুলড়ী ছন্দত ৰচিত কৈলাশ বৰ্ণনা মুঠ ১৯x২=৩৮ টা ছন্দতে সীমাবদ্ধ। এই কেইটিমান পদৰ পৰাই কবিজনাৰ কাব্য প্ৰতিভাৰ উমান পাব পাৰি। কৈলাশৰ ফল-ফুলৰ শোভা, শিৱৰ অনুচৰবোৰৰ বিকৃত শৰীৰ, নাগৰিকসকলৰ ৰূপযৌৱন, মদন-চঞ্চল ভাব আদি বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়ে অৰ্জুনক সপোনতে কৈলাশ ভ্ৰমণ কৰাই এই চিত্ৰবোৰ অংকন কৰি নিজৰ কবিত্ব শক্তিৰ পৰিচয় দাঙি ধৰিছে। উল্লেখযোগ্য যে এই বৰ্ণনাত অসমৰ ২০ বিধ ফলৰ গছ ২৪ বিধ ফুল আৰু ৪ প্ৰকাৰৰ চৰাইৰ নাম সন্নিবিষ্ট হৈছে। কবিৰ এইবোৰ বৰ্ণনাই আমাৰ মনলৈ আনে শ্ৰীমন্ত শংকৰদেৱৰ ‘হৰমোহনৰ’ উপবন বৰ্ণনা অংশলৈ। অৱশ্যে এটা কথা ঠিক যে কবিৰত্ন সৰস্বতীৰ বৰ্ণনা স্বকল্পিত, সৰল, সৰস। কবিৰ ‘ফুল ভৰে ভাগে ডাল’, ‘উন্নত কঠিন ঘন পীন স্তন’, ‘কোকিলে তেজয় ৰাৱ’ আদি চিত্ৰকল্পময়ী বৰ্ণনাই পাঠকক এক মনোৰম ৰাজ্যলৈ লৈ যায়। কবিৰ ৰচনাত জতুৱা ঠাঁচৰ প্ৰয়োগ সীমিত, ঘৰুৱা উপমাৰ চিত্ৰ সংখ্যাত তাকৰ যদিও গভীৰ অৰ্থব্যঞ্জক। কবিজনাই এইখন কাব্যৰ পূৰ্বতে মহাভাৰতৰে আদি পৰ্বৰ অন্তৰ্গত শকুন্তলা-উপাখ্যান আৰু যযাতিৰ চৰিত্ৰ ৰচনা কৰিছিল বুলি উল্লেখ কৰিছে (ভণিতাত) যদিও বৰ্তমানলৈকে সেয়া উদ্ধাৰ হোৱা নাই।

 

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

Val lagil…

Daisy bora
5 years ago

Val lagil…

Mady
5 years ago

অসমীয়া স্নাতক ছাত্ৰৰ বাবে সহায়কীৰী

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক