অসীমত যাৰ হেৰাল সীমা (অনামিকা বৰুৱা)

 

 

অসমীয়া সাহিত্য জগতত সাৰ্থক সৃষ্টিৰ অন্যতম নজিৰৰূপে পৰিগণিত, সকলো প্ৰজন্মৰ প্ৰিয় এখন উপন্যাস “অসীমত যাৰ হেৰাল সীমা”। প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱাৰ ছদ্মনামত লিখা প্ৰথমখন উপন্যাস। কালজয়ী উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৫ চনৰ ১৫ আগষ্টত। তেতিয়াৰ পৰা আজিলৈকে উপন্যাসখনৰ জনপ্ৰিয়তা কিঞ্চিতমানো হ্ৰাস হোৱা নাই। আজিও উপন্যাসখনৰ যাদুৱে পাঠক সমাজক সমানেই মুগ্ধ কৰি ৰাখিছে। সৰল অৰ্থত অসমীয়া সাহিত্য জগতত এইখন এখন অনুপম সংযোজন।

 

কল্পনা আৰু বাস্তৱৰ আলম লৈয়ে সপোনৰ জন্ম। মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও- সি বাস্তৱৰে অসংলগ্ন পুনৰাভিনয়…
এটা সপোনক আধাৰ কৰিয়েই “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে। উপন্যাসখনৰ আৰম্ভণিত কাহিনীকাৰৰ এটা সৰু সপোন। বিয়াৰ বান্ধোনত বান্ধ খাব নোখোজা এজন ডেকা ল’ৰা। মাকৰ চকুপানী, পৰিয়াল-পৰিজনৰ দিহা-পৰামৰ্শ, আদেশ-উপদেশ শিৰোধাৰ্য কৰি এদিন তেওঁ বিয়াত বহিল। পাছে বিয়াৰ বান্ধোন স্বীকাৰ কৰাৰ সাহস দেখুৱাব নোৱাৰি তেওঁ ন-কইনাৰ সন্মুখৰপৰা পলাই ফুৰিল। বিয়াৰ চাৰিদিনৰ পাছত অভাৱনীয়ভাৱে সেই ন-কইনাৰ স’তে মুখামুখি হ’ল। তাৰ পাছত সম্পূৰ্ণকৈ ঘূৰি যায় তেওঁৰ জীৱনৰ গতিপথ। এদিন যাৰ সান্নিধ্যত গোটেই জীৱনটোৱেই অসাৰ বুলি আক্ষেপ কৰিছিল, পাছলৈ সেইগৰাকীৰ প্ৰৱেশেই তেওঁৰ জীৱনটোক ৰং-ৰূপ-ৰসেৰে এনেকৈ সজাই তুলিলে যে তেওঁ তাতেই ডুব গ’ল। পৃথিৱীখন নতুন হৈ ধৰা দিলে তেওঁৰ দুচকুত। আধৰুৱা সপোনটোৱে পূৰ্ণতা পোৱাৰ আগতেই কাহিনীকাৰৰ বাস্তৱ জীৱনৰ চাৰি বন্ধুৱে দখল দিয়ে। (বন্ধুবৰ্গৰ এজন প্ৰফেছৰ, এজন কবি, এজন ডাক্তৰ আৰু আনজন কাহিনীকাৰৰ দৰেই কেৰাণী)। উদ্দেশ্য—পাঁচ বন্ধুৱে লগ হৈ এক অভিনৱ অৱসৰ বিনোদন উপভোগ কৰিব। চিনাকি জনসমাগম এৰি দিহিঙৰ বুকুৱেদি নাৱেৰে উজাই গৈ কোনোবা অজান মুলুকলৈ ধাপলি মেলাৰ প্ৰয়াস। প্ৰায় এমাহজোৰা এই বিচিত্ৰ আয়োজন।

মনত অদম্য উৎসাহ লৈ মেলি দিলে তেওঁলোকৰ নাও দিহিঙৰ বুকুত। পানী ফালি ফালি গৈ প্ৰতি মুহূৰ্তে অৰ্জন কৰিছে নতুন নতুন অভিজ্ঞতা। দৰ্শন কৰিছে নতুন দৃশ্য। নতুন আনন্দৰ সোঁতত বুৰ গৈ তেওঁলোক আগবাঢ়িছে। বাধা-বিঘিনি নাই, বাধ্যবাধকতা নাই। যি ইচ্ছা তাকেই কৰিছে। দৈনন্দিন জীৱনৰ একঘেঁয়েতাক এৰি জীৱনটোক নতুনকৈ উপভোগ কৰিছে। ক্ৰমে এৰি আহিছে লোকালয়ৰ ভিৰ। নাৱেৰে উজাই গৈ পোন্ধৰ দিন পাৰ হোৱাৰ পাছত তেওঁলোকে জনপ্ৰাণীহীন অটব্য অৰণ্যৰ মাজত হঠাৎ অভাৱনীয়ভাৱে সাক্ষাৎ পায় সভ্য সমাজৰ ছাঁটোও নপৰা কিছু আদিম আদিবাসীৰ। কৌতুহলৰ বশৱৰ্তী হৈ তেওঁলোকে নাও এৰি পাৰত ভৰি থলে। কোনেও কাৰো ভাষা বুজি নাপায়। আদিম মানুহখিনিৰ আটাইতকৈ বয়সস্থজনে তেওঁলোকৰে এজন নাৱৰীয়াৰ সৈতে দুই চাৰিটা কথা বিনিময় কৰাত সক্ষম হ’ল। তেওঁলোকক পাই শতাব্দীৰ মলিনতাই ঢাকি ৰখা মানুহজাক সুখী হ’ল। সকলোৱে মিলি ভোজ-ভাত খালে। নিশাটো তাতে কটালে। পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিব খোজাতহে লেঠা লাগিল। নাৱৰীয়াকেইজনে বিদ্ৰোহ কৰিছে। তেওঁলোকে আৰু আগলৈ নাযায়। তাৰপৰা  উজাই গ’লে হেনো ভয়ংকৰ বিপদত পৰিব লগা হ’ব। তাৰপৰা কোনো কেতিয়াও উজাই যোৱা নাই। মৰসাহেৰে কোনোৱে গ’লেও ঘূৰি অহা নাই। কালিকা লগা ঠাই। গোঁসানী আছে। গ’লেই নিশ্চিত মৰণ। ডাবি-ধমকি, অনুনয়-বিনয়, লোভ একোৰেই নাৱৰীয়াকেইজনক তলাব নোৱাৰি প্ৰায় জেদ কৰিয়েই পাঁচ বন্ধুৱে নাও মেলি দিলে। খেয়ালী প্ৰকৃতিৰ অপৰূপ শোভা চাই চাই আগবাঢ়োতেই নিশাৰ আন্ধাৰত কোবাল বৰষুণ-ধুমুহাই তেওঁলোকক উটুৱাই নি ক’ৰবাত পেলাই দিলেগৈ। দিনৰ পোহৰত নিশাৰ ভয়াৱহতাৰ কথা পাহৰি অলপ সুস্থিৰ হ’ব খোজোতেই বন্ধুবৰ প্ৰফেছৰে আন এক চমক দিয়ে। ধুমুহাৰ তাণ্ডৱে তেওঁক ওভতাই লৈ যায় তেৰশ বছৰ পুৰণি তেওঁৰ জন্মভূমিলৈ, অতীত জীৱনলৈ। মূল কাহিনী আৰম্ভ হয় তাৰ পৰা।

 

তেৰশ বছৰ পুৰণি প্ৰফেছৰৰ জন্মভূমিৰ নাম আছিল কমলনগৰ। কমলনগৰৰ মাজেৰে বৈ যোৱা নৈখনৰ নাম আছিল কাঞ্চনমতী। প্ৰায় পঁচিছ হাজাৰ মানুহৰ বাসভূমি কমলনগৰৰ আয়তন দীঘলে দহ মাইল আৰু বহলে আঠ মাইলতকৈ বেছি নহয়। কমলনগৰক পূবৰপৰা পশ্চিমলৈ এডাল সৰলৰেখাৰ দৰে বৈ যোৱা কাঞ্চনমতীয়ে সমানে দুভাগ কৰিছে। কিন্তু দুয়োটা ভাগ প্ৰায় সমান হ’লেও, উত্তৰপাৰৰ তুলনাত দক্ষিণপাৰত মানুহৰ বসতি দুগুণ। কাঞ্চনমতীৰ ওপৰত ইটাৰে গঢ়া বিৰাট পকীদলংখনৰ নাম আছিল বগা-দলং। কমলনগৰৰ লগত ৰাজধানী বা ৰজাৰ সম্পৰ্ক ৰক্ষা কৰিছিল কেৱল মাত্ৰ এজন ৰাজবিষয়াই। বছৰেকত মাথোঁ এবাৰ ৰাজ-দৰবাৰলৈ গৈ কৰ আৰু কমলনগৰৰ ভাল-বেয়া, আয়-ব্যয় আদি সকলো বছৰটোৰ কাৰণে জনাই আহিব লগাত পৰিছিল। গোটেই নগৰৰ শান্তি, সমৃদ্ধি একান্তভাৱে নিৰ্ভৰ কৰিছিল এই প্ৰধান ৰাজবিষয়াৰ ওপৰত। প্ৰকৃততে তেৱেঁই আছিল কমলনগৰৰ একছত্ৰী অধিপতি।

‘‘ৰঙাটিলা”ৰ বাসিন্দা লক্ষ্মীনাৰায়ণ প্ৰধান আৰু প্ৰথম ৰাজবিষয়া। অশোক দ্বিতীয় ৰাজবিষয়া। অশোকৰ আৱাসস্থলৰ নাম “ৰূপালীপাম”। অশোকৰ পত্নী উমা আৰু দুই কন্যা মণি আৰু আৰতি। লক্ষ্মীনাৰায়ণৰ একমাত্ৰ কন্যা গৌৰী। মাতৃহীনা গৌৰী উমাৰ বৰ আদৰৰ। আটায়ে লগ হৈ মাঘবিহু উপলক্ষে খেলমাটিত হোৱা ম’হযুঁজ চাবলৈ ওলাইছে। ইপিনে কৈশোৰৰ অভিন্ন লগ চন্দনক লগত লৈ অশোকেও বকুলপুৰৰ পৰা বাহিৰে বাহিৰে খেলমাটিত ভৰি দিয়েগৈ। তাতেই প্ৰথম গৌৰীৰ সৈতে মুখামুখি হয় চন্দনৰ। সেই প্ৰথম দৰ্শনৰ পৰাই চন্দন আৰু গৌৰীৰ মাজত অহি-নকুল সম্পৰ্ক। কিন্তু দিন বাগৰাৰ লগে লগে চন্দন-গৌৰীৰ হৃদয়ত মৰমৰ বা বলে। ভালপোৱাৰ সুবাসে দুয়োকো আবৰি আনে। তেনেতে তাত বিধি-পঠালি দিয়ে শুকুলাই। চন্দনৰ মুখত চন্দনৰ জীৱনৰ আটাইতকৈ প্ৰিয় ব্যক্তিগৰাকীৰ নাম শুকুলা বুলি শুনি গৌৰীৰ অহংকাৰত আঘাত লাগে। শুকুলা চন্দনৰ মৰমৰ ঘোঁৰাজনীৰ নাম। ইফালে আত্মগৌৰৱতেই হওক বা অহংকাৰতেই হওক গৌৰীয়ে কাকো সুধিব নোৱাৰে শুকুলাৰ কথা। অভিমানত গৌৰীৰ মনত ঈৰ্ষাৰ সৃষ্টি হয়। আনহাতে আকৌ চন্দনৰ প্ৰেমৰ জুইকুৰাত ইন্ধন যোগায় চম্পাই। “নিজৰা”ৰ সম্ৰাজ্ঞী চম্পা। কমলনগৰৰ আটাইতকৈ ৰূপৱতী-গুণৱতী ছোৱালীজনীয়েই হ’ল চম্পা। চন্দনৰ আশৈশৱ লগৰী। চন্দনৰ প্ৰতি চম্পাৰ বুকুত বৈ থাকে নেদেখা কাঞ্চনমতী এখন। কোনেও তাৰ ভূ-কেই নাপায়। দিনবোৰ সুকলমে সুখ-শান্তিৰে গৈ থাকে। উমাই চন্দন-গৌৰীৰ কাজিয়াখনৰ নিষ্পত্তি ঘটাও বুলি লওঁতেই কমলনগৰক দুৰ্যোগে বেঢ়ি ধৰে। অৱশ্যে তাৰ আগতেই কমলনগৰৰ তৃতীয় ৰাজবিষয়া হিচাপে মহাআড়ম্বৰেৰে চন্দনৰ অভিষেক হৈ যায়।

ৰাজধানীৰপৰা বাতৰি আহে— ‘দেশখন মহা-পৰাক্ৰমী শত্ৰুৰ কবলত পৰিছে। ৰাজধানীৰ উত্তৰ, পশ্চিম, পূব সকলোফালে শত্ৰুৱে প্ৰতিখন নগৰকে আক্ৰমণ কৰিছে।’ তাতোকৈ মৰ্মান্তিক খবৰটো হ’ল এটা শক্তিশালী দল আগবাঢ়িছে কমলনগৰৰফালে। ৰাজধানীৰপৰা ন্যূনতমো সাহায্য লাভৰ আশা নাই। কমলনগৰবাসীয়ে  সুৰক্ষাৰ ব্যৱস্থা নিজেই কৰিব লাগিব। হাহাকাৰ লাগি যায় কমলনগৰত। অশোক, চন্দন, লক্ষ্মীনাৰায়ণে লগ হৈ শত্ৰুক ৰুধিব পৰা সম্ভাৱ্য সকলো আঁচনি-পৰিকল্পনা যুগুত কৰে। দেৱমন্দিৰৰ চৌহদত ৰাইজক সমবেত কৰি সমাগত বিপদৰ কথা অৱগত কৰায়। চম্পাৰ পৰামৰ্শমতে চন্দনহঁতে গড় বান্ধে। ল’ৰা-বুঢ়া-ডেকা-গাভৰু সকলোৱে একত্ৰ হৈ ভাগে ভাগে নিজ নিজ দ্বায়িত্বৰ বুজ লয়। প্ৰাণৰ মায়াকো তুচ্ছজ্ঞান কৰি প্ৰতিজন সৈনিকে সাহসেৰে যুঁজ দিয়ে। যুঁজৰ ভয়াৱহতাই কমলনগৰক তচ-নচ কৰি পেলায়। যৌৱনৰ তেজত তগবগাই থকা ডেকাসকল যুঁজত পৰি শেষ হোৱাত শিশু-বুঢ়াসকলো যুঁজলৈ আগবাঢ়ি গ’ল। যুঁজত লক্ষ্মীনাৰায়ণৰ মৃত্যু হয়। যুঁদ্ধৰ নিষ্ঠুৰতাই ন বছৰীয়া শ্যামকো ৰেহাই নিদিলে। ল’ৰা-বুঢ়া-ডেকা-ডেকেৰী কোনো বাদ নপৰিল। হাজাৰ হাজাৰ মানুহ মৰি ভূত হ’ল। অৱশ্যে ৰণত শত্ৰুৰ পৰাজয় হ’ল। কিন্তু ৰণে কমলনগৰৰ প্ৰাণ কাঢ়ি নিলে। চন্দন চিৰজীৱনলৈ ঘূণীয়া হ’ল। কমলনগৰ মৰিশালিত পৰিণত হ’ল। শত্ৰুৰ বাণে বুকু বিন্ধি যোৱা চম্পাই মৃত্যুৰ ওচৰত হাৰ মানিলে। কিন্তু মৃত্যুৰ আগে আগে চন্দনে উপলব্ধি কৰে চম্পাৰ আপুৰুগীয়া প্ৰেম। জীয়াই থাকোতে এদিনলৈ চম্পাক বুজি নোপোৱা চন্দনে মৃত্যুৰ পাছত বুজি উঠে চম্পাৰ হাঁহিৰ আৱৰণৰ অৰ্থ। কালৰ কুটিল গতিয়ে নিঃশেষ কৰি পেলায় কমলনগৰৰ অস্তিত্ব।

মূল কাহিনী এইটোৱেই যদিও কাহিনীৰ প্ৰয়োজনত সৰু-সুৰা ঘটনা-পৰিঘটনাৰ উপস্থাপনে উপন্যাসখনক সাৱলীলতা দিছে। গতি দিছে। যেনে যদু খুৰাৰ জীৱন আৰু পাশা খেল প্ৰীতি। চন্দন-গৌৰীৰ প্ৰতিদিনৰ খণ্ডযুদ্ধ। চম্পাৰ বুদ্ধিমত্তা। উমাৰ নিঃস্বাৰ্থ মৰম। চন্দন-অশোকৰ নিৰ্ভেজাল বন্ধুত্ব। উপন্যাসখনৰ ভাষা প্ৰাঞ্জল। ইয়াৰ বৰ্ণনাত এনে এক কাব্যিক সুৰ আছে যিয়ে উপন্যাসখন পাঠ কৰিবলৈ পাঠকক তীব্ৰভাৱে আকৰ্ষণ কৰে। যি সময়ৰ কাহিনী কাহিনীকাৰে বৰ্ণনা কৰিছে তাক নিখুঁতভাৱে তুলি ধৰাত সক্ষম হৈছে বুলিব পাৰি। খাদ্য সম্ভাৰৰ পৰা সাজ-পোছাকলৈকে, ঘৰ-দুৱাৰ, আলি-পদূলিৰ পৰা প্ৰাকৃতিক পৰিৱেশলৈকে প্ৰতিটো ক্ষেত্ৰতে কাহিনীকাৰে পাঠকক কাহিনীৰ গভীৰলৈ লৈ যায়। শব্দৰ বাছকবনীয়া প্ৰয়োগে চৰিত্ৰসমূহৰ সৈতে একাত্ম্ হোৱাত সহায় কৰে।

উপন্যাসখনৰ মূল চৰিত্ৰসমূহ হ’ল- লক্ষ্মীনাৰায়ণ, অশোক, চন্দন, পাৰ্বতী, উমা, গৌৰী, চম্পা, ৰমা, ৰাধা, ৰূপহী, জয়া, মতি, তিলক, কেতেকী, মুকুতা, যদু খুৰা, নবীন আতৈ, আৰতি, মণি, যশোদা, আইদেউতা, বকুলীবাই, বৃন্দা, মনোহৰ বুঢ়া, আনন্দ, দেৱযানী, ৰাম, শ্যাম।

 

Subscribe
Notify of
7 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
4 years ago

বৰ ভাল , উপন্যাসখন ময়ো পঢ়িছোঁ | আপোনাৰ লেখাটোও ভাল লাগিল |

Anonymous
1 year ago

মোৰ এইখনেই হ’ল প্রিয় উপন্যাস

Anonymous
1 year ago

ভাল লাগিল আগলৈ পুনৰ পাম বুলি আশা থাকিল

Maina
1 year ago

ভাল লাগিল পঢ়ি আগলৈ এনেদৰে ভাল ভাল লিখনীসমুহ দি থাকিব

Puspa
10 months ago
পুষ্প
10 months ago

বহু বছৰৰ আগতেই কিতাপখন পঢ়িছিলো, কাহিনীটোও সম্পূর্ণকৈ মনত নাই। আপুনি সাৰাংশটো খুউব সাৱলীল ভাবে উপস্থাপন কৰিছে। আকৌ এবাৰ পঢ়াৰ লোভটো সামৰিব নোৱাৰিলো।
পুষ্পধৰ দাস।

Anonymous
7 months ago

ভাল লাগিল পঢ়ি আশা কৰোঁ আগলৈ এনেদৰে ভাল লিখনী দি থাকিব