অসীমৰ সীমা ( উজ্জল ফুকন )

“টুপুং” আৰু এটা শিলগুটি পৰিল পুখুৰীত। অলপ বুৰবুৰণিৰ মাজত শিলটো হেৰাই গ’ল। ঠিক তাৰ আশাবোৰৰ দৰে।
“টুপুং” আকৌ এটা শিল দলিয়ালে অসীমে। যেন পানীখিনি স্থিৰ হৈ যোৱাটো সি ভাল পোৱা নাই। তাৰ চাৰিওফালে ৰাজ, বিমান, তিলক, পৰাণ আৰু হোমেনে আগুৰি আছে। আনদিনা হোৱা হ’লে পুখুৰীটোৰ পাৰটো হাঁহি-খিকিন্দালিৰ মাজত উৰি থাকিলহেঁতেন! কিন্তু আজিৰ সন্ধিয়াটোক যেন এক অস্বাভাৱিক নিৰৱতাই গ্ৰাস কৰিছে।
“কি হে হোমেন দা, আজি ৰাইজ ঠাণ্ডা যে! কিবা জেং কে’চ নেকি?” কোনোবা হোষ্টেলৰ পোৱালিয়ে জুমৰ মাজৰ পৰা চিঞৰি সুধিলে।
“যা বে নিজৰ গছপুলিত পানী দে গৈ। আমাৰ গছৰ হাৱা খাব নালাগে।” হোমেনে নোচোৱাকৈ উত্তৰ দিলে।
ৰাজে লাহেকৈ মাত দিলে “তই শিলগুটি মাৰি মাৰি পুখুৰীটো পুতিব নোৱাৰ। যাওঁ ব’ল হোষ্টেললৈ।”
অসীমে পোন্দোৱাকৈ চালে ৰাজলৈ।

“অ’ কথাটো তই ঠিকেই কৈছ। এখন বাছ ধৰিব নোৱাৰিলি বুলিয়েই তই যাত্ৰা নকৰিবি নেকি? লাইফৰ কাউণ্টাৰত বহুত বাছ পাই যাবি।” তিলকৰ মাত সেইটো।
“কিন্তু নিজৰ বুলি ভবা বাছখনত কোনোবা বেলেগ এটা উঠি নিজৰ বুলি ক’লে কেনে লাগে আৰু সি যদি তোৰ বন্ধু হয় তেতিয়াও তই এনেকৈ ভাবিব পাৰিবি নে?” অসীমে তিলকলৈ চাই সুধিলে।
“মাতটো ওলাইছে যেতিয়া চিন্তা নাই। বৰফ গলিছে।” অসীমে নুশুনাকৈ বিমানে ৰাজক ক’লে।
“চা অসীম, তই আমাৰ গ্ৰুপৰ প্ৰেমিক চৰাই। তই এনেকৈ ভাঙি পৰা দেখুৱালে ছোৱালীবোৰে চল পাব। তই নিয়মমতে পাত্তাই দিব নালাগে এইবোৰ কথা।” ৰাজে ক’লে।
“পাত্তা নিদিলোঁহেঁতেন যদি তাই বেলেগ কাৰোবাৰ লগত গ’লহেঁতেন! আৰু গৌৰৱেতো এবাৰ মোক ক’ব পাৰিলে হয়।” অসীমে ডাঙৰ মাটিৰ চপৰা এটা পানীলৈ মাৰি পঠিয়ালে।
“দোষ্টি, তই বেছি নাভাবিবি। ৱি আৰ ৱিথ ইউ। তাই তোক মিছ কৰিলে। পস্তাৱ তাই।” পৰাণে ক’লে।
“এতিয়া তই মুকলি চৰাই। তোৰ ভালহে লাগিব লাগে। কিমান ধুনীয়া ধুনীয়া নতুন চৰাই ঘূৰি ফুৰিছে তোৰ কাৰণে। তই হাত মেলিলেই হ’ল। তই তাইৰ পৰা মুক্তি পোৱাৰ বাবে আচলতে আমি পাৰ্টি কৰিব লাগে। কি কয় ৰাইজ?” বিমানে চিঞৰি উঠিল।
“কুকুৰহঁত, তহঁতে তাইৰ লগত মই অকলে কথা পতা দিনাও পাৰ্টি খোৱা নাছিলিনে? আৰু তয়েই কোৱা নাছিলিনে বিমান ‘তোৰ লাইফ বনি গ’ল বুলি” অসীমে ক’লে।
“দোষ্টি, তই ভাল ফালটো চা। ইয়াৰ পৰা কি বুজিলি? আমি তোৰ সুখতো আছো দুখতো আছো। এনেই ব মানে বন্ধু নহয় আমি। জান দি দিম বে তোৰ কাৰণে।” বিমানে ক’লে।
“ক্ষান্ত হ গদাধাৰী ভীম। ডিঙিটো নিতিওঁতেই তই জান দিয় কিয়। ব’ল দোষ্টি দেৱদাসৰ মনটো সৌ পানীত পেলা আৰু বিন্দাচ হৈ ফুৰ্তি কৰোঁ। ” তিলকে ক’লে।
ইতিমধ্যে ৰাজ আৰু হোমেন দৰৱ আনিবলৈ আগবাঢ়িল।

অসীমে ভাবিলে “চাল্লা এইকেইটা কেনে বন্ধু বুজি পোৱাই মস্কিল। অই পইচা লৈ যা।” অসীমে চিঞৰিলে সিহঁতলৈ চাই।
“হ’ব দে, আজি আমাৰ ফালৰ পৰা।” হোমেনে দূৰৰ পৰা চিঞৰিলে।
অলপ পিছত গোটেই জাকটো দৰৱৰ সৈতে হোষ্টেলৰ ফালে আগবাঢ়িল। হোষ্টেল – ৪ ৰ কোনোবা ৰূমৰ পৰা জুবিনৰ মাতটো ভাহি আহিল “প্ৰীতিৰ সুবাসে…. ধুৱাই দিলেহি…”

“উস… আৰু নোৱাৰি। আজি আৰু এইবোৰ গান শুনিব নোৱাৰি। দে অ’ দৰৱ অকণমান দেচোন মোক।” হোষ্টেল ৩ আৰু ৪ ৰ মাজৰ ৰাস্তাত লেপেটা কাঢ়ি বহি দিলে অসীম।
“অই ইয়াত দৰৱ খাব নালাগে। ৰূমলৈ ব’ল।” হোমেন আৰু বিমানে প্ৰায় দাঙি নিয়াদি অসীমক লৈ গ’ল।
সচৰাচৰ কৰাৰ দৰে হোমেনে প্ৰত্যেকৰ গ্লাছত প্ৰসাদ বিতৰণ কৰিব ধৰিলে। তিলকে কম্পিউটাৰটোৰ কাষত বহি ডিজেৰ দায়িত্ব ল’লে। ভলিউম একেবাৰে কম কৰি দিলে।
“মায়াবিনী …. , বুকু দহে …হিয়া জ্বলে” তিলকে লাহে লাহে জুবিনক ৰূমটোৰ ভিতৰলৈ মাতি আনিলে।
চুলিখিনি আঙুলিৰ ফাকেৰে মাজে মাজে উঠাই থকা অসীমো লাহে লাহে গানবোৰৰ মাজলৈ সোমাই গৈ থাকিল। দৰৱ বাঢ়ি অহাৰ লগে লগে ভলিউমো বাঢ়ি আহিল।
“দোষ্টি তোৰ মনত আছেনে এইটো ৰূমতে তই এনেকুৱা দৰৱৰ বটল এটা দাঙি আমাক কি কৈছিলি?” বিমানে সুধিলে অসীমক। বাকীকেইটাই বুজিলে বিমানে এতিয়া কটা ঘাঁ-টুকুৰা খজুৱাই শেষ কৰিব।
“ৰিয়া মোৰ। মোৰ মাথোঁ মোৰ। মই বটল দাঙি কৈছিলোঁ। সেইদিনা গৌৰৱো আছিল। গ’লগৈ তাই মোৰ কাষৰ পৰা। আৰু অলপ ঢালি দে দোষ্টি।” অসীমে ক’লে।
“তাই ছোৱালীজনী কিন্তু ভাল আছিল।” হোমেনে ক’লে।
“….তহঁতে এতিয়াও তাইক ভাল বুলি কৱ????” অসীমে চিঞৰি উঠিল।
“দোষ্টি, মানে তাইৰ চৰিত্ৰ বেয়া নহয়। আৰু দেখিবলৈ কেনেকুৱা তোক আৰু কি ক’ম।” হোমেনে ক’লে।
“অ’ সেইটো হয়। তাই ভাল ছোৱালী।” অসীমে ক’লে।
“আৰু আমাৰ চিনাকি ল’ৰাৰ ওচৰলৈ গৈছে দেচোন। বিয়াৰ পিছত চাহ খাব যাব পৰিম সিহঁতৰ তাত।” হোমেনে ক’লে।
“মূৰখোৱাহঁত তহঁতে বিয়াও ভাবি পেলালি সিহঁতৰ!” অসীমে বিমানলৈ চাই ক’লে।
“ধুনীয়া ভাল ছোৱালী এজনী লগৰ এটালৈ বিয়া হ’লে কিনো বেয়া। আৰু মই সঁচাকৈ কৈছোঁ পিছত তয়ো হাঁহিবি এইবোৰ কথা ভাবি।” ৰাজে ক’লে।
“নাজানো আৰু কি কৈছ তহঁতে। দোষ্টি আৰু অলপ ঢালি দে।” অসীমে হোমেনলৈ চাই ক’লে।
“দোষ্টি, তই লুনাক কেনেকুৱা দেখ?” পৰাণে অসীমক সুধিলে।
“আমাৰ জুনিয়ৰ। অ’ তাইক মাজতে মই ভাল লাইন মাৰিছিলোঁ। কিন্তু হঠাৎ কিয় জানো তাই মোৰ ফালে একেবাৰে নোচোৱা হ’ল। মোক দূৰত দেখিলেই তাই ওলোটা খোজ লয়।” অসীমে গ্লাচটোত চুমুক দি চিন্তা কৰি ক’লে।
“আজি কথা ওলাইছে যেতিয়া এই কথাটোও কৈয়ে দিও” পৰাণে ক’লে। হোমেন আৰু ৰাজে তাক ইঙ্গিতেৰে মনে মনে থাকিবলৈ ক’লে।

কিন্তু ইতিমধ্যে পৰাণৰ জিভা পিছল হৈছিল। “আমি তাইক তোৰ হৈ প্ৰ’পজ কৰিছিলোঁ।” পৰাণে লাহেকৈ ক’লে।
“কি?” অসীমে চিঞৰি উঠিল।
গানৰ ভলিউম কমাই দিলে তিলকে। ৰূমটো হঠাৎ অদ্ভূত ধৰণে নিৰৱ হৈ পৰিল।
“কোন কোন আছিল ক’?” অসীমে চিঞৰি উঠিল।
“ৰাজ, হোমেন আৰু মই।” পৰাণে লাহেকৈ ক’লে।
“ঠিক আছে। তাই কি উত্তৰ দিলে? আৰু তহঁতে কৈছিলি কি?” অসীম যেন পগলা হৈ গ’ল।
“তাই একো উত্তৰ নিদিলে। কিন্তু মুখৰ অঙ্গী-ভঙ্গী দেখি গম পালোঁ, তোৰ আশা নাই।” হোমেনে ক’লে।
“তহঁতে কাক সুধি কৈছিলি কুকুৰহঁত। তহঁত বন্ধু নে শত্ৰু মোৰ? আৰু কি কি ক’লি তাইক। ” অসীমে আকৌ চিঞৰি উঠিল।
ৰাজে কেঁচা চানা অলপ তাৰ হাতত দি ক’লে “অসীমে তোমাক পগলাৰ নিচিনা ভাল পায় লুনা। আৰু তাৰ নিচিনা ল’ৰা তুমি দ্বিতীয় এটা নাপাবা” এনেকৈ কৈছিলোঁ।
“অ’ বেয়া কোৱা নাছিলি দেখোন। তাই কি ক’লে।” এইবাৰ তিলকে সুধিলে।
“এহ তাই উত্তৰ দিয়াৰ আগতেই আমাৰ পৰাণে যিটো দাইলগ দিলে সকলো শেষ হৈ থাকিল।” ৰাজে ক’লে।
“কি ক’লে কুকুৰে” অসীমে সুধিলে।
“অকল তাৰ নিচিনা ল’ৰাই দ্বিতীয় এটা নাপাবা এনে নহয়। আমি সকলো অদ্বিতীয়। তোমাৰ বান্ধৱী ৰুমীকো ক’বা কথাটো।” সি একে খৰচতে নিজৰ কামটো কৰি থওঁ বুলি ভাবিছিল।
“কুকুৰহঁত চাল্লা, ইজ্জৎ মাৰি শেষ কৰি দিলি।” অসীমে খঙত সিহঁতলৈ চাই ক’লে।
“দেখিলি ই কুকুৰ বুলি কৈছে আমাক। তাই গৰু বুলি কৈছিল মোক। সহায় কৰিলে এইবোৰেই পাবি” পৰাণে ৰাজ আৰু হোমেনলৈ চাই বকি থাকিল।
“তাই তহঁতক গৰু বুলি ক’লে?” অসীমে খঙৰ মাজতে হাঁহি উঠিল।
“ইয়াক কৈছিল। আমাক নহয়।” ৰাজ আৰু হোমেনে প্ৰায় একেলগে চিঞৰি উঠিল।
“হ’ব দে বুজিছোঁ। অই দোষ্টি তোৰ নামটো আৰু লাইফটো কিন্তু কাঞ্চন বৰুৱাৰ কিতাপখনৰ নামটোৰ লগত মিলি গৈছে ‘অসীমত যাৰ হেৰাল সীমা।'”
“কাঞ্চন…..নামটো বৰ ধুনীয়া ” অসীমে চিগাৰেটৰ ধোঁৱা লাহে লাহে উৰুৱাই ক’লে।
“আমাৰ লগৰ সাগৰিকাৰ ভনীয়েকৰ নামো কাঞ্চন। বৰ ধুনীয়া দেখাত। মই এবাৰ লগ পাইছিলোঁ।” বিমানে ক’লে।
“অই কাইলৈ যামচোন ওলাবি। নামটো শুনিয়েই বুজি পাইছোঁ বৰ ধুনীয়া ছোৱালী হ’ব। ” অসীমে বিমানক লাহেকৈ ক’লে।
ৰাজে বুজিলে গাড়ী আকৌ খালত সোমাল। সকলোকে চালে সি। নিজৰ নিজৰ সপোনৰ পৃথিৱীত ঘূৰি ফুৰিছে গোটেই জাক। মাথোঁ পৰাণক নেদেখিলে।
আৰু এটা ৰাম দেৱৰ বটলো নাই। সিহঁতে চাৰিটা আনিছিল। এতিয়া দেখোন তিনিটা খালি বটল হে আছে।
“পৰাণে বটল চুৰ কৰিছে…..নাহ” ৰাজে যেন বিশ্বাস কৰিব টান পালে। এনেতে পিছপিনৰ দুৱাৰখন খুলি পৰাণে প্ৰৱেশ কৰিলে।
“ক’লৈ গৈছিলি অ'” অসীমে সুধিলে।
পৰাণে উত্তৰ দিয়াৰ আগতেই চিঞৰ-বাখৰ হোৱাৰ শব্দ ভাহি আহিল।
এটা পোৱালি উকিয়াই দৌৰি যোৱা দেখি বিমানে সুধিলে “কি হৈছে ঐ?”
“দাদা, হোষ্টেল-৫ৰ পানীত মদ ওলাইছে। সকলোৱে খালি বটললৈ দৌৰিছে।” পোৱালিয়ে বিমানৰ পিছৰ প্ৰশ্নটোৰ কাৰণে নৰৈ দৌৰ দিলে হোষ্টেল ৫ ৰ ফালে।
“হোষ্টেল ৫ গৌৰৱহঁতৰ হোষ্টেল। সি আজি অহা নাই আমাৰ ইয়ালৈ। পাৰ্টি কৰিবলৈ লাজ পাইছে। সেইকাৰণে সিহঁতৰ পানী টেংকিটোত ৰাম দেৱ এটা ঢালি থৈ আহিলো। এতিয়া পানী পিয়ে বা যিখন মুখেই ধোৱক কিয় বাবা ৰামৰ গোন্ধ পাবই। ৰামচন্দ্ৰ কি জয়। দোষ্টি তোৰ বাবেই কৰিলোঁ আৰু।” পৰাণে অসীমলৈ চাই ক’লে।
“কি? তই টেংকিত মদ মিলাই দিলি। শেষ।” অসীমে মূৰত হাত দি তালৈ চালে।
“with love from Ashim” বুলি লিখি আহিম বুলি ভাবিছিলোঁ। কাগজ আছিল। কিন্তু কলম নিব পাহৰিলোঁ।” পৰাণে ক’লে।
“কুকুৰ চাল্লা। মোক মাৰিয়েই পেলা তহঁতে মিলি। কাঞ্চনৰ শপত তই লগৰ বুলিহে বাচি গৈছ!” অসীমে হাঁহি থকা পৰাণলৈ চাই ক’লে।
“কাঞ্চনৰ শপত। গাড়ী খালত।” ৰাজে হাঁহি হাঁহি অসীমলৈ চালে। সকলোৱে হাঁহিত যোগ দিলে।

(বি:দ্ৰ: গল্পটোত বৰ্ণনা কৰা কথাখিনি কোনো জীৱিত বা মৃত ব্যক্তিৰ লগত জড়িত নহয়। ক’ৰবাত কিবা সাদৃশ্য দেখা পালে সেয়া সম্পূৰ্ণ কাকতালীয়। ধন্যবাদ।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments