অসূৰ্যস্পৰ্শা কাহিনী : পাৰ্থপ্ৰতিম কলিতা

সেইদিনা আকাশখনৰ গোমা ৰূপ দেখি

পিতাই সোণকালেই আহিছিল
আই কুঁচি মুচি পিতাইৰ বুকুত সোমাইছিল
নিলাজ হৈ খিৰিকীৰ গাত লাগিছিল
বৰষুণৰ চিটিকনি
.
সেইদিনাও বৰষুণ হৈছিল
পিতাই সোণকালেই আহিছিল
নিলাজ বোৰ লাজ হৈছিল সিদিনা
লাজবোৰ ভাল লগা
হাঁহিটো ভগাই লৈছিল আয়ে পিতাইৰ লগত
.
তাৰ পিছৰ পৰা
সূৰ্যৰ প্ৰথমটো পোহৰ পৰিছিল আমাৰ পদুলিত
ফাগুনৰ গোটেইবোৰ ফুল ফুলিছিল আইৰ উদৰত
মই নেদেখিলেও দেখিছিলো
শুনা নুশুনাকৈ শুনিছিলো সলাজ হাঁহিৰ চিম্ফনী
মোৰ বাবে ৰচা হেজাৰ সপোন
.
মই লাহে লাহে অনুভৱ কৰিছিলো মোৰ সৰু উশাহ
জৰায়ুৰ বিছনাত মেলি দিছিলো
মোৰ সৰু হাত সৰু ভৰি
মাজৰাতিও সাৰ পাই পিতাই শুনিছিল
মোৰ বুকুৰ স্পন্দন
বুজিছিলো…
মোৰ আই সাগৰতকৈও বহল
পিতাই আকাশতকৈও ওখ
.
মনৰ ভ্ৰম নে অবিশ্বাস?
নাজানো…
মকৰাজালত ওলমি ৰৈছিল ন টা চন্দ্ৰ মাহ
ক্ৰমশঃ কমি আহিছিল মোৰ বুকুৰ কম্পনাংক
স্তব্ধ হৈছিল মোৰ উশাহ
.
পুনঃ সংযোজন:
মহাশয়, মোৰ আইক লগ পালে সুধিবচোন
কিয় নাপালো সূৰ্যৰ পৰশ
পিতাইক লগ পালে সুধিব
মোৰ কি দোষ
ছোৱালী হৈ ওপজাৰ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments