অস্তমিত ( অমিতাভ মহন্ত)

নিশা ২ বাজি ৩৫ মিনিট।

অতনুৱে লিখি গৈছে। কাগজ ভৰ্তি কৰি দিনে ৰাতিয়ে আবৰ্জনা এসোপামান লিখি গৈছে।

লিখাৰ গতিৰ লগে লগে বাঢ়িছে চিগাৰেট। সমানুপাতিকভাবে বাঢ়িছে প্ৰকাশকৰ ফোনকল আৰু প্ৰকাশ নকৰা বিৰক্তি।

সেই পৰিচিত অস্বস্তি আৰু খঙবোৰ দমাই ৰাতি তিনি বজাতো লিখাৰ ব্যৰ্থ প্ৰয়াস কৰি আছে অতনুৱে। উপন্যাসখন সম্পূৰ্ণ নকৰালৈকে কিমান উজাগৰী নিশা কটাব লাগিব সেয়া অনুমান কৰিবলৈও মন যোৱা নাই তাৰ। শেষনিশা মজিয়াত সৌৱা তাৰ সৃষ্টিৰ কাগজৰ পাহাৰ।

নিশা তিনি বাজি পোন্ধৰ মিনিট। উকা কাগজ, পাৰ্কাৰ পেন, শেষ কৰিব নোৱাৰা এটা পেগ…… চকীতেই এটা সৰু কেঁচুৱাৰ দৰে শুই আছে অতনু।

 

বাসৱী সিটো কোঠাত। অতনুক চকীতেই শুই থকা দেখিও জগাই দিবলৈ মন যোৱা নাই। এনেকৈয়ে টোপনিয়ে অলপ সঙ্গ দিয়ে যদি দিয়ক। চকুৰ সন্মুখতে সেই ফুৰ্তিবাজ অতনু দিনে দিনে হেৰাই যাব ধৰিছে। শৰীৰটো ৰৈছে, আত্মাটো কোন কাহানিবাই কলৈ বা গুছি গ’ল। যোৱা তিনি মাহ ধৰি অতনু অফিচলৈ যোৱা নাই। কেৱল লিখি গৈছে…… আৰু লিখাৰ নামত কৰা সেই আঁক বাঁকবোৰ ৰাতিপুৱা পুৰি পেলাইছে।

কিমানটা যে ৰাতি এনেদৰে পাৰ হৈছে। মাজে মাজে গাঁৱৰ ঘৰৰ পৰা মাকৰ ফোন আহে। হয়তো মাকক তাৰ এই অৱস্থাৰ খবৰ দিয়া মানুহ ঘৰতেই আছে।

– নাই মা, প্ৰকাশকৰ তাগিদা। লগতে মোৰো এটা দায়িত্ব, এটা টাৰ্গেট আছে। গ্ৰন্থমেলাৰ আগতে মই কিতাপ উলিয়াবই লাগিব। এতিয়াই কিতাপ নুলিয়ালে পিছলৈ চিজন গুছি যাব।

**

বেলেগক ফাঁকি দিলেও প্ৰকৃততে তাৰ সমস্যাটো ক’ত সেয়া সি ভালদৰে জানে। সমস্যাটোৰ নাম বাসৱী। বাসৱীৰ বাবে তাৰ জীৱনটো সলনি হৈ গৈছে। বাসৱীয়ে পাহৰি গৈছে সেই পুৰণা দিনবোৰ। পাহৰি গৈছে তাই যে বিখ্যাত লেখক অতনুৰ পত্নী আছিল। পাহৰি গৈছে তায়েই যে এসময়ত অতনুক কেৱল লিখাত মনোযোগ দিয়াৰ বাবে চাকৰি এৰিবলৈ জোৰ কৰিছিল।

কেৱল এটা সন্দেহ! তাইক আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিলে অতনুৱে। বাসৱী আতৰি গৈছিল তাৰ জীৱনৰ পৰা, চিৰদিনৰ বাবে।

সি বাসৱীক কেতিয়াও পাহৰিব নোৱাৰে। কিন্তু সমস্যাটো ভবাতকৈ গম্ভীৰ। বাসৱীৰ মনত আছে যে তাই অতনুৰ পত্নী। কিন্তু তাইৰ যে ইতিমধ্যে মৃত্যু হৈছে সেয়া তাই সম্পূৰ্ণ পাহৰি গৈছে। অতনুৱে তাইক একো ক’ব নোৱাৰে। ক’বনো কেনেকৈ? ভূতৰ লগত জানো যুক্তি- তৰ্ক কৰিব পাৰি?

**

– তোক কোনে ক’লে ভূতৰ বাবে চাইকিয়াট্ৰিষ্ট নাথাকে?

সমুদ্ৰৰ কথাত সামান্য সকাহ পালে অতনুৱে। সমুদ্ৰক দুমাহমান আগতে এখন মিটিঙত লগ পাইছিল অতনুৱে। অতি সোনকালেই দুয়ো ভাল বন্ধু হৈ পৰিল। অতনুৰ কেতিয়াবা কিয় জানো সমুদ্ৰক বহুত পুৰণি চিনাকি যেন লাগে। কিন্তু ক’ত, কেনেকৈ লগ পাইছিল সেয়াহে অলপো মনত নাই।

– ভূতৰ ডাক্তৰ? সম্ভৱ জানো?

– তই সেইবোৰ মোৰ ওপৰত এৰি দে। এতিয়া টেনচন্ নলবি। মিনি পেগ এটা বনা।

– তাইক মুক্তি দে ভাই। বাসৱীক মই এনেকৈ কষ্ট পোৱা চাব নোৱাৰো। জীয়াই থাকোঁতেতো বেছেৰীয়ে শান্তি নাপালেই।

– চিন্তা নকৰিবি দোস্ত, হৈ যাব। বাকী তোৰ উপন্যাসৰ খবৰ কি? কিমান আগবাঢ়িছে?

– নাই অ’, দিনে ৰাতিয়ে চেষ্টা কৰিছোঁ। একো নোৱাৰোঁ দেখোন লিখিব। এইফালে দিনে, ৰাতিয়ে পাব্লিছাৰৰ কামোৰ। মই যেন ৰবটহে!

**

– কিবা ইমপ্ৰুভমেণ্ট?

– নাই। দিনে দিনে সি দেখোন বেছিকৈহে কল্পনাৰ জগতখনত সোমাই যাব ধৰিছে। তুমি ধৈৰ্য্য ধৰিব লাগিব বাসৱী। তুমি তাক এই অৱস্থাৰ পৰা বাহিৰলৈ উলিয়ায় আনিব লাগিব।

– মই কি কৰিম সমুদ্ৰ? তুমি ডাক্তৰ। তুমিয়েই ৰাস্তা দেখুৱাব লাগিব।

– মোৰ ট্ৰিটমেণ্টৰ সফলতা তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। তুমিয়েই পাৰিবা বাসৱী।

বাহিৰত বৰষুণ। খিৰিকীখনৰ কাষলৈ গ’ল বাসৱী।

– সমুদ্ৰ, অতনুৰ এই অৱস্থাৰ বাবেটো আমিয়েই দোষী ন?

– তেনেকৈ কিয় কৈছা বাসৱী?

– মই অতনুৰ পত্নী। তথাপি তোমাক ভাল পাইছিলোঁ।

– তোমাক ময়ো সমানেই ভাল পাওঁ বাসৱী। হয়তো মই পৃথিৱীক বুজাব নোৱাৰিম। কিন্তু তুমি জানা যে মই তোমাৰ আৰু অতনুৰ সম্পৰ্কটোক অভাৰটে’ক কৰিবলৈ কেতিয়াও যোৱা নাই। হয় অতনুৱে গম পাইছে, কিন্তু সেইটো এটা এক্সিডেণ্ট।

– আৰু তাৰ পিছতেই অতনুৰ এই অৱস্থা!

**

অতনুৱে জ্বৰত চটফটাই আছে, ভ্ৰম বকিছে। কাষত বাসৱী। গোটেই ৰাতি অতনুৰ মুৰটো নিজৰ কোলাত লৈ পৰিচৰ্চা কৰিছে তাই। কপালৰ পটীখন বাৰে বাৰে সলনি কৰি দি আছে। বহুত মিছ কৰিছে তাই, সেই পুৰণা অতনুক।

**

চকু মেলিলে অতনুৱে। এক গভীৰ প্ৰশান্তিত তাৰ মন ভৰি পৰিল। বাসৱীয়ে কপালখন লাহে লাহে মালিচ কৰি দি আছে। তাইৰ আঙুলিবোৰ হিম শীতল। মৃতদেহৰ পৰশ………

**

সময়: চাৰি বাজি সাত মিনিট।

উকা কাগজ, পাৰ্কাৰ পেন, শেষ কৰিব নোৱাৰা এটা পেগ…… খকমককৈ সাৰ পালে অতনুৱে। কাষৰ কোঠাটোলৈ চকু গ’ল অতনুৰ। তাৰ বাবে তাইৰো ৰাতিৰ টোপনি নোহোৱা হৈছে। বেছেৰী…

 

বাৰাণ্ডালৈ গৈ চিগাৰেট এটা জ্বলালে অতনুৱে। লগতে জ্বলালে লিখাৰ নামত বাসৱীক ভাবি লৈ কৰা পাগলামীবোৰ।

 

অতনুৱে জানে এই ৰাইটাৰ্চ ব্লক সি কেনেকৈ পাৰ হ’ব পাৰিব। তাৰ বুকুৰ কুটুম কবিতাইহে তাক পথ দেখুৱাব পাৰিব, নিৰ্দিষ্ট কোনো হেঁচাত ওলোৱা গল্প-উপন্যাসৰ শাৰীয়ে নোৱাৰে। কলেজীয়া দিনবোৰৰ অতনুজন ভাঁহি উঠিল তাৰ চকুত। কবি অতনু!

সময় পাছে সলনি হৈছে। অতনুৱে বুজিছে, কোনো লেখক বজাৰৰ চাহিদাৰ উৰ্ধত নহয়। বতাহেও নুশুনা হুমুনিয়াহ এটাৰে অতনু লিখিবলৈ বহিল। লিখি শেষ কৰিবই লাগিব।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments