অস্তিত্ব – অনুৰাধা বৰুৱা

“আপুনি মোক লিখা- মেলা কৰিলে কিয় বেয়া পায়?”
প্ৰশ্নবোধক দৃষ্টিৰে তাই মানুহজনৰ মুখলৈ চাইছিল৷

“কিয়? এবাৰ মানা কৰাৰ পাছতো একেটা কথাতে লাগি থকা স্বভাৱটো মই বেয়া পাওঁ৷ লিখা- মেলা কৰি মোক আৰু আমাৰ ঘৰখনক পোহপাল দিব পাৰিম বুলি যদি ভাবিছা তেন্তে মই চাকৰি এৰি দিম৷” কথাখিনি কৈ কোঠাটোত অলপ সময়ো ৰৈ নাথাকি ফোঁ-ফোঁৱাই ওলাই গৈছিল তেওঁ৷ তাই যথাসম্ভৱ অনুমান কৰিছিল যে তেওঁৰ কথাখিনিত ক্ষোভ আছিল৷
কিন্তু তাই যি বিচাৰে সেয়া তেওঁ কিয় অনুভৱ নকৰে! কেৱল তেওঁ যি কয় তাতেই যেন হয়ভৰ দিয়াটো তাইৰ কৰ্তব্য৷

কি বিচাৰে তেওঁ! নিজৰ ইচ্ছা- অনিচ্ছাক বাদ দি তাই দেখোন আজিলৈকে তেওঁ বিচৰা সকলোখিনিয়েই দিবলৈ চেষ্টা কৰিছে৷ বিয়া হৈ অহাৰেপৰা মনৰ সকলো জলাঞ্জলি দি তেওঁৰ সকলো কথাতে একমত হৈ আহিছে৷ লাগিলে সেয়া নিজৰ বাবে বিবেচনাত্মক নহ’বও পাৰে৷ তথাপিও তেওঁ অসন্তুষ্ট৷ বুজাবুজিৰ মাজত থাকিয়েই ইমানদিনে হয়তো তাই সকলো সহ্য কৰি গৈ আছে; আৰু হয়তো গোটেই জীৱনেই সহ্য কৰি থাকিব লাগিব৷ কাৰণ তাইৰ একমাত্ৰ ভাৰসা দেখোন তেওঁৱেই৷ ক্ষণিকৰ বাবে তাইৰ নিজকে যন্ত্ৰমানৱ যেন লাগি গ’ল৷ ভাৰসা, এই ভাৰসা শব্দটোৱেই বৰ দুৰ্বল৷ আৰু আজিৰ কিছুমান মহিলাক এই ভাৰসাই বেৰি ৰাখিছে৷ একাংশ বিবাহিত মহিলাৰ বাবে এয়া যেন এক মানসিক অন্তৰ্দ্বন্দ্ব৷

আজিৰ যুগত কিছুমান বিবাহিত মহিলাই নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰাৰ কাৰণ এই ভাৰসা৷ সেয়ে পুৰুষসকলৰ সদায় অধীন হৈ থাকিব লগীয়া হৈ পৰে৷ কাৰণ তাই নিজৰ বাবে ভাৰসা কৰিবলগীয়া হৈ পৰে সেই পুৰুষজনৰ ওচৰত৷
কিন্তু কি কৰিব? অতীজৰে পৰা চলি অহা এই নিয়ম, হয়তো নিয়ম বুলি ক’লে ভুল হ’ব৷ এয়া যে যুগে যুগে পাই অহা সেইসকল নাৰীৰ মানসিক যন্ত্ৰণা, যিয়ে এগৰাকী বহুমুখী নাৰীক মানসিক পীড়া দি আহিছে৷ যিয়ে সুবিধা থাকিলেও নিজৰ বাবে একো কৰিব নোৱাৰে৷ কিন্তু তাই দুৰ্বল নহয়৷ একমাত্ৰ এখন ঘৰৰ কথা ভাবি পিছুৱাই আহে৷ ক’বলৈ সহজ, কিন্তু এগৰাকী নাৰী অকলে থকাও সম্ভৱ নহয়৷ কেতিয়াবা নিজৰ পিতৃ- মাতৃৰ ঘৰখনতে অৱহেলাৰ সন্মুখীন হৈ পৰে, তেনেক্ষেত্ৰত পিছৰ কথাখিনিৰ বাবে একেবাৰে অসম্ভৱ৷
একাংশ নাৰীৰ স্বামীৰূপী পুৰুষসকলে মানি লবলৈ টান পায় তেওঁৰ পত্নীয়ে তেওঁতকৈ বেছি জনাটো বা তেওঁতকৈ বেছি আগবাঢ়ি যোৱাটো; বা কেতিয়াবা পত্নীৰ সাফল্যত নিজকে ধিক্কাৰ দিয়াও দেখা যায়৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে
তেওঁলোকৰ এটা ভুল ধাৰণাই সকলোবোৰ সলনি কৰি দিয়ে আৰু তাৰবাবে তেওঁৰ পত্নীগৰাকীয়েই মানসিক অশান্তি ভোগ কৰিবলগীয়া হৈ পৰে৷ বেছি জনাটো এগৰাকী নাৰীৰ ভুল নেকি?

মানুহ যিমানেই উৰ্দ্ধগামী হয়, সিমানেই মানুহৰ মন, সমাজ আৰু তাৰ পৰিৱেশত এক অভাৱনীয় পৰিৱৰ্তন আহে৷ এনে মানসিকতাৰ মানুহবোৰৰপৰাই হয়তো আমাৰ সমাজখনে আজিও পূৰ্ণতা পোৱা নাই৷ এই ক্ষেত্ৰত শিক্ষিত সমাজখনো বাদ পৰা নাই৷ গতিকে এখন কিতাপতেই আবদ্ধ কৰি ৰখা জীৱনটো সেই মানসিকতাৰ মাজত খুবেই দেখা যায়, য’ত সামাজিক বা সাম্প্ৰতিক জগতখনৰ কোনো প্ৰভাৱ নাথাকে৷

“বোৱাৰী, অ’ বোৱাৰী..”

“অঁ মা, কিবা ক’ব?”

“কিয় আজি মোৰ চেক্-আপ আছিল নহয়!”

“অ’ পাহৰিছিলোঁৱেই মা৷ ওলাই লওঁ ৰ’ব৷ আপুনিও সাজু হৈ লওক যাওক৷

ঘৰৰ গাড়ীখনৰ ‘দ্ৰাইভিং ছীট’ত বহি তাইৰ নিজকে আচহুৱা যেন লাগিল৷ শ্ব’কেচৰ লকাৰটোলৈ বাৰে বাৰে মনত পৰিছে৷ বিয়া হৈ অহা দিন ধৰি লকাৰটো খুলিবলৈকে পাহৰিলে৷ ৷ আৰু আজি নিজকে এনেদৰে আৱিষ্কাৰ কৰিছে৷
হঠাৎ যেন জীৱনৰ গতিবেগত বিকৰ্ষণ বলে ক্ৰিয়া কৰিছে, এনে ভাৱ হ’ল তাইৰ৷

দিনটোৰ ব্যস্ততাৰ অন্তত বুকুৰ আপোন সংগী ডায়েৰীখন মেলি ল’লে তাই৷ ভাবিবলৈ আৰম্ভ কৰিলে ক’ৰপৰা হঠাৎ এনেকৈ আৰম্ভণি হৈ পৰিছিল৷ কিছুমান কথাও বৰ্তমানৰ বাবে যোগ্য বা অযোগ্যৰ স্থান দখল কৰাটো হয়তো স্বাভাৱিক৷ কিন্তু সকলোবোৰ অসম্ভৱ হৈ পৰিব বুলি তাই ভবা নাছিল৷

“আজি মাক লৈ গ’লা নে?”

“উম্…” স্ৱামীৰ প্ৰশ্নত তাইৰ নিৰ্লিপ্ত উত্তৰ৷ অলপ সময় নীৰৱে পাৰ হ’ল …৷

“কি লিখিছা?” মানুহজনৰ মাতত তাই উচাপ্ খাই উঠিল৷

“নাই! একো নাই!” মানুহজনৰ গুৰু গম্ভীৰ প্ৰশ্নত তাইৰ মুখৰ মাতটো চেপাকৈ ওলাইছিল৷

“বহুত ৰাতি হ’ল৷ শুই থাকা৷ কাইলৈৰপৰা তোমাৰ ওচৰত এইখন নেদেখো যাতে৷ মনত ৰাখিবা৷
” তেওঁ শুই পৰিল৷

আৰু তাই…! তাই এক চেপা উত্তেজনাত বুকুত হাতখন ৰাখি থৰ হৈ পৰিল৷ এক অনাহুত বাটেৰে দুটা জীৱনৰ স্তৱক৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক