অস্ত্র : অৰ্থৰ সন্ধানত : (-ছন্দামিতা দে‌ৱী)

: মা, অস্ত্র মানে কি ?

পঢ়াত বহিছিলহে মাত্র । চতুৰ্থ শ্রেণীত পঢ়া নুমলীয়া পো’টোৱে সুধিলে । সি ইংৰাজী মাধ্যমৰ ‘কনভেণ্ট স্কুলত’ পঢ়ে । অসমীয়া তৃতীয় ভাষা ।
পটককে অৰ্থটো মনলৈ নাহিল, আহিল উদাহৰণহে—- বন্দুক, বোমা ইত্যাদি । ঠিক অৰ্থটো মই ভাবি নাপালোঁ ।
: অভিধানখন আনচোন ।

ডাঙৰটো ল’ৰা উঠি গৈ ইংৰাজী অভিধানখন লৈ আহিল । পঢ়া টেবুলৰ পৰা উঠিব পৰা সুবৰ্ণ সুযোগ গ্রহন নকৰাৰ কথায় নাহে ।
: অভিধানখন আন, ‘ডিকছনেৰী’খন নহয় ।
: মানে মা শব্দকোষ ?

”অসমীয়া তৃতীয় ভাষাৰ মৰ্যদা যথাৰ্থ” মনে মনে ভাবিলো । এনেও চুবুৰীটোত কোনো ল’ৰা-ছোৱালীয়ে অসমীয়াত কথা নাপাতে । দাবি ধমকী দিলে বৰ বেছি সন্মুখত থকা সময়খিনি অসমীয়াত কথা পাতিব তাৰ পিছত পিছমুৱা হোৱাৰ লগে লগে আকৌ নিজৰ মতে হিন্দীতে কথা পতা আৰম্ভ কৰি দিয়ে ।
: অসমীয়া ‘ডিকছনেৰি’ অ’ ।

এইবাৰ সি ৰুমৰ পৰা ওলাই গল । মোৰ সন্মুখত অসমীয়া কথা বতৰাৰ লিখা এটা আছে । লিখাটোত ‘লাইক, কমেণ্টৰ” দীঘলীয়া শাৰী । ময়ো ‘লাইক’ত ‘ক্লিক’ কৰি দিলো । পঢ়িবৰ নহল পিছে । পিছত সময় পালে পঢ়িম ।
পুনৰ অস্ত্রৰ অৰ্থৰ জগতলৈ সোমাই যাবলৈ চেষ্টা কৰিলোঁ । মনত ভাহি আহিল বিভিন্ন ধৰণৰ অস্ত্র —যাদুঘৰৰ পিয়লি ফুকনৰ বন্দুক, আহোম ৰজাৰ হিলৈ ,হেংদাং ইত্যাদি । নাই বেছি পিছলৈ গৈছো । নতুনকৈ চিন্তা কৰিলোঁ — এ কে ৪৭, মেচিনগান,—-। নাই, বেয়া কথা । এইবোৰৰ নাম ওলালে ভয়হে লাগে কিবা । এইবোৰে কত কাৰ ঘৰ উচন কৰে ঠিকনা নাই ।

এইবাৰ অলপ বেলেগ ধৰণে ভাবিব ধৰিলোঁ । মানুহ নামাৰিলে অস্ত্র নহয় নেকি ? নাৰীৰ চকুপানী হেনো অব্যৰ্থ অস্ত্র ! ‘ইউৰেকা’ ! বিৰাট কিবা এটা উদ্ধাৰ কৰা যেন লাগিল । নিজৰ পৰাই ভবা আৰম্ভ কৰিলোঁ । ‘নিজ’ মানে মই আৰু মোৰ মানুহজন । শেহতীয়াকৈ কি অস্ত্র প্ৰয়োগ হৈছিল এওঁৰ ওপৰত ? —মনত পৰিল । যোৱা পিকখিনিত স্ফুৰ্তি পানীবিধ ধৰিবলৈ এজনে মাতিছিল । ময়ো লগে লগে যাওক বুলি কলো । তেখেত কিন্তু নগল । মোৰ চকুত হেনো ভয়ঙ্কৰ কিবা দেখা পাইছিল । মানে ঘৰত অহাৰ পিছত নিৰ্ঘাত বিস্ফোৰণ হোৱাৰ সংকেত । মোৰ চকুযোৰ তাৰমানে অস্ত্র !! আৰু কিবা আছে নেকি —নিজৰ অস্ত্র ভাণ্ডাৰৰ ‘অডিট’ লব মন গ’ল । মোৰ এজনী বান্ধবী আছে । বিয়া হোৱা নাই । দেখিবলৈও ধুনীয়া । ইয়াতে কিবা ‘প্ৰাইভেট কোম্পানিত’ চাকৰি কৰে । আমাৰ ঘৰত অহা যোৱাও সঘন । এওঁৰ লগৰবোৰে এওঁক ‘লাকী’ বুলি কয়—- “বোলো তোৰ খুলশালি নাই যদিও খুলশালিৰ অভাব অনুভব কৰিবলগীয়া হোৱা নাই দে । তোৰ ‘লাক’ মানিছোঁ দেই ‘দোস্ত’ ।” কথাবোৰ মোৰ কাণত পৰি মনত লাগি থাকে আকৌ । সিদিনা তাই আহিছিল । বাইকৰ পিছফালে । মানে মানুহজনৰ বাইক । একো নকলোঁ । দুদিন । মৌনব্ৰত । সাংঘাতিক অস্ত্র । মহাত্মা গান্ধীৰ ‘চইচ’ ভাল আছিল । একো নোকোৱাকৈ বহুত কিবা কিবি কাম হৈ যায় ।

মানুহজনৰ কথাই আকৌ ভাবিলোঁ । বৰ অদ্ভুতভাবে অস্ত্রৰ চক্রবেহুত ঘেৰা —মৌনব্ৰতৰ পৰা শব্দৰ সুসংযত প্রয়োগলৈকে । প্ৰতিবিধেই মাৰাত্মকভাবে কাৰ্য্যকৰী । মুঠতে অস্ত্রৰ ঝনঝননিত তেখেতৰ অবস্থা যুদ্ধত পৰাভূত হোৱা আত্মসমৰ্পণকাৰী বন্দীৰ দৰে । নিজকে কিবা বিখ্যাত পৰাক্ৰমী সেনাপতি যেন লাগি যায় দেই । বিশেষকৈ ‘পাৰ্টি’, বিয়া সবাহ আদিত যোৱাৰ সময়ত । ‘এটিকেট’ ৰক্ষা কৰি চলা তেখেত যেন এজন দেহৰক্ষী ।

অৱশ্যে কেতিয়াবা প্ৰত্যাক্ৰমণ নচলাও নহয় –চলে । মোৰ ভাইটিৰ বিয়া উপলক্ষে দহ দিন আগতে মাৰ ঘৰত গৈছিলোঁ । কৈ যোৱা আছিল এওঁ বিয়াৰ কমেও পাঁচদিনৰ আগতে যাব । পিছে তেখেতে এবিধ অস্ত্র প্রয়োগ কৰিলে মবাইলত–“অফিচত ছুটি নিদিয়ে । এদিন আগতে আহিম ।” মহাভাৰতৰ যুদ্ধলৈ মনত পৰিল—এজনে শৰ এৰে আনজনে কাটি পেলায় । ময়ো মবাইলত ‘টাইপ’ কৰিলো–“দৰাৰ ভিনিয়েক হ’বলৈ অইন কাৰোবাক কম । ভোজৰ দিন আহিলেও হ’ব ।” নকলেও হ’ব –ছুটি নোপোৱা মানুহজন মই ধৰি দিয়া সময়তেই আহি ওলাইছিল ।

কিন্তু মইচোন এতিয়াও অস্ত্রৰ প্রকাৰতে ব্যস্ত ! অৰ্থ বহু দূৰত । কি হ’ব পাৰে—মানুহক মাৰিব পৰা যন্ত্র নে মানুহক ভয় দেখুৱাব পৰা যন্ত্র । হাতৰ কিতাপখন—! বহুবাৰ পঢ়াৰ টেবুলত প্রয়োগ কৰি পাইছো । হয়– কিতাপো অস্ত্র হ’ব পাৰে । গণতন্ত্ৰত হেনো কলমেই আটাইতকৈ শক্তিশালী অস্ত্র ।

পুৰণি ঘটনা এটা মনত পৰিল । এজন নামজ্বলা ডাক্তৰ–পেছত, নিচাত–লেখক । ভাল লিখে । আলোচনীবোৰত প্রায়েই তেখেতৰ লিখনি প্রকাশ পায় । ৰোগী পিছে তেখেতৰ ভয়ত থৰহৰি কম্পমান । কেতিয়া কিহত বিতুষ্ট হয় কব নোৱৰি । গালি নামৰ অস্ত্রবিধৰ প্রয়োগত তেখেতে অকণো কৃপাণালী নকৰে । দুৰ্কপাল, ময়ো যাব লগা হ’ল তেখেতৰ ‘চেম্বাৰত’ । প্রথমবাৰ ঠিকেই গল । দ্বিতীয়বাৰতহে লেঠা লাগিল । নিৰ্ধাৰিত দিনতকৈ দুদিন পিছত যোৱা হ’ল । লগে লগেই সুমধুৰ(!?) শব্দেৰে কোঠালীটো ভৰি পৰিল । এনে ধৰণৰ এটা শব্দও মোৰ মানুহজনে মোৰ ওপৰত প্রয়োগ কৰিলে কি হ’ব সেয়া কোৱা টান যদিও অচিন দেশত নিজৰ শত্রুক বশ কৰাৰ পন্থা বিচাৰি নিশ্চুপ হৈ ৰলোঁ । বৰ্ষণমূখৰ সম্পূৰ্ণ পাঁচটা মিনিটৰ পিছত ডাক্টৰচাহাব অকণমান ৰ’ল । ইতিমধ্যে ময়ো প্ৰত্যাক্ৰমণ বাট বিচাৰি পাইছিলোঁ ।
: ছাৰ আপোনাৰ লিখা বহুদিন পোৱা নাই অসমীয়া কথা বতৰাত ।
: তুমি পঢ়া নেকি ?
: পঢ়ো । বৰ ভাল পাওঁ পঢ়ি । বিশেষকে আপোনাৰ লিখনি মোৰ বৰ ভাল লাগে । “অনামিকাৰ চকুলো”ৰ নাৰী চৰিত্রটোৱে পঢ়ি থাকোতে উশাহ চুটি কৰি দিয়ে ।

ৰুমৰ পৰিবেশ তেতিয়া শান্ত । অলপ আগৰ ধুমুহা-ঢেৰেকনিৰ অকণো চিন-চাব নাই । আধা ঘণ্টামানৰ সাহিত্য চৰ্চাৰ পিছত চাহ আৰু বিনামূলীয়া ‘প্ৰেছ্ক্ৰিপছন্’ লাভ ।

নাই, এনেকে নহব । অস্ত্রৰ অৰ্থ পোৱা নাই এতিয়াও । অভিধানখন ? সৰু সুপুত্র ইতিমধ্যে পঢ়া টেবুল এৰি টিভিৰ সন্মুখত । বৰপুত্রও অভধানেই বিচাৰি আছে —টিভিৰ সন্মুখত বহি । টিভিৰ ৰুমৰ পৰা ভাহি আহিছে—” ভীম, ভীম, ভীম চোটা ভীম—-“।
——————————————————————————————-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments