অস্ত্ৰ -নাজিফ হাজৰিকা

 

: হেল্ল’, এক মিনিট ৰহ্ , হেডফোনডাল লগাই লওঁ । – প্ৰণামিকাই ফোনত কথা পাতি থকাৰ মাজতে কলে ।
: হেডফোন মানে ? মই এতিয়া ৰাখিমেই ফোন । – প্ৰশান্তই ওলোটাই কলে ।

: হেই, ৰ না , কথা পাতিছোঁহে !
: উম, ক ।
: আজি কি হ’ল জান ? ফেচবুকত এগৰাকী মহিলাই ম’বাইলৰ স্ক্ৰীণশ্বট কিছুমান ৰাজহুৱা কৰি দিলে । তাকে লৈ গোটেই ফেচবুক ফালি আছে ।
: উম , মই যে এই কাৰবাৰটো একদম ফটুৱা পাওঁ । কিবা আছে নিজৰ মাজত সমাধান কৰি ল’লেই হয় , ৰাজহুৱা কৰাটো ফটুৱা কাৰবাৰ ।
: উম, ময়ো বেয়া পাওঁ জান । কি যে ফটুৱামি!
: পিছে মই এতিয়া ৰাখিছোঁ দেই ।
: বেছি অলপ , কথা পাতিছিলোঁহে কিবা !
: মোৰ মূৰটো বিষাইছে, আৰু কথা পাতি থাকিলে আৰু বিষাব । তই মূৰ বিষোৱাটো বিচাৰিছ যদি পাতিম দে ।
( প্ৰশান্তই ইম’শ্যনেল অস্ত্ৰ এপাট এৰিলে )
: হব দে, ৰাখিছোঁ ।
: উম, বাই ।

ফোনটো থৈ প্ৰণামিকাই দুখমনেৰে গাৰুটোৰে নিজকে ঢাকিলে । এটা সময়ত এঘণ্টাতকৈয়ো বেছি সময় কথা পতা প্ৰশান্তই আজিকালি দহ মিনিটো নাপাতে !
সেই আগৰ সময়বোৰ হেৰাই গ’ল ।

প্ৰশান্তয়ো সিটো মূৰত ফোনটো থৈ ভাবিলে -” মজ্জা অস্ত্ৰ এপাট এৰিলোঁ বাপ্পেকে !” ।

* * *
” ৱেল ব’উল , ৱেল ব’উল , ৱেল ব’উল প্ৰশান্ত ” ।
প্ৰশান্তৰ য়ৰ্কাৰ বলত তেজপুৰৰ বেটছ্মেন আছিকৰ খুটি উফৰি যোৱাত লগৰ গোটেইখিনিয়ে প্রশান্তক প্ৰশংসা কৰি চিঞৰি উঠিল ।
প্ৰশান্তই পেটে পেটে ভাবিলে – ” মজ্জা অস্ত্ৰ এপাট এৰিলোঁ বাপ্পেকে ! কোনেও গমেই নাপালে ” ।
প্ৰশান্তৰ প্ৰথম দুটা বলত আছিকে দুটা ছিক্স মৰাত প্ৰশান্তই সেই বিশেষ অস্ত্ৰপাত উলিয়ালে , টুপ্পা বল (অবৈধ ডেলিভাৰী ) ।
প্ৰশান্তই যেতিয়া বলিং কৰোঁতে বেছিকৈ মাৰ খায়, তেতিয়াই সি টুপ্পা মাৰে । কিন্তু ইমানেই ধুনীয়াকৈ মাৰে যে কোনেও গমেই নাপায় । অম্পায়াৰ আৰু বেটছ্মেন দুয়ো ভেবা লাগি চাই থাকোঁতেই যায় ।

খেল শেষ হ’ল , প্ৰশান্তহঁত জিকিল । অজয়ে প্ৰশান্তৰ ওচৰলৈ আহি ক’লে –
: তই বাৰু আছিকক আউট কৰা বলটো টুপ্পা মাৰিছিলি নেকি ?
: উম , মনে মনে থাক এতিয়া ।
: চাল্লা কোনেও গমেই নাপালে বে !
: আৰে ভাই , এই দুই নম্বৰী অস্ত্ৰবোৰ হাতত থৈ দিব লাগে , সময়ত কাম দিয়ে ।

প্ৰশান্ত ঘৰ আহি পোৱাৰ পিছত ফোনটো বাজি উঠিল , প্ৰণামিকাৰ ফোন ।
: হেল্ল ‘
: কি কৰিছ ?
: এইয়া অলপ ভাগৰ লাগিছে , জিৰণি লৈছোঁ ।
: কিবা খালি ?
: মই এতিয়া কথা নাপাতোঁ দেই ! খেলি আহিছোঁ যে , মূৰটো অলপ বিষাই আছে ।
: ৰ চোন , কিবা খালি নে নাই সুধিবলৈ হে ফোন কৰিছিলোঁ !
: হব এতিয়া ৰাখিছোঁ ।
: বেছি কিয় কৰনো ?
: হব দে , মোৰ মূৰ বিষাই থকাৰ পাছতো কথা পতাটো বিচাৰিছ যদি একো নাই , ক, পাতিম কথা ।
: হ’ব, হ’ব দে। ৰাখিছোঁ ।
: উম ।

ফোনটো থৈ প্ৰশান্তই ভাবিলে – ” মজ্জা অস্ত্ৰ এপাট এৰিলোঁ বাপ্পেকে ! ” ।

প্ৰশান্তই আজিকালি প্ৰণামিকাৰ লগত কথা খুব কম পাতে । কিয় কমকৈ পাতে , সি নিজেও নাজানে ।
* * *
” ধাম , ধাম , ধাম ”
” ঐ গৰু দৰ্জা খোল।”
নেকিবৰ ৰুমৰ দৰ্জাত ঢকিয়াই ঢকিয়াই তাক মাতিলে প্ৰশান্তই । নেকিবে দৰ্জা খুলি দিলে ।
: ক’ৰ পৰা ওলালিবে তই ?
: আহিছিলোঁ যোৰহাটলৈ কিবা কাম এটাত ।
যোৰহাটলৈ আহিলে প্ৰশান্তই নেকিবৰ ৰুমত নোসোমোৱাকৈ নাহে । যোৰহাট পলিটেকনিকত পঢ়ি থকা নেকিব তাৰ বাল্য বন্ধু ।
বিছনাৰ ওপৰত ৩০ পাটমান স্কেল পৰি থকা দেখি প্ৰশান্তই নেকিবক সুধিলে –
: ইমানবোৰ স্কেল কি কৰ ?
: মাল আকৌ এইবোৰ ।
: মাল ? মানে ?
: মানে নকল আকৌ ।
: নকল ?
– এইটো চা ।
নেকিবে স্কেল এপাট তুলি আনি বগা কাগজত পেলাই দিলে , লগা লগা স্কেলত লিখি ৰখা আখৰবোৰ জিলিকি উঠিল । প্ৰশান্তৰ চকু টেলেকা-টেলেকে হৈ পৰিল ।
: অব্বে , মজ্জা বে ।
প্ৰশান্তই পেটে পেটে ভাবিলে – ” মজ্জা অস্ত্ৰ এপাট শিকিলোঁ বাপ্পেকে ! ” ।
তাত থাকোঁ‌তেই প্ৰণামিকাৰ ফোনটো আহিল ।
: হেল্ল’
: কি কৰিছ ?
: আছোঁ লগৰ এটাৰ ৰুমত । পিছত কথা পাতি আছোঁ ৰ ।
: ৰচোন , শুনচোন !
: এতিয়া মই কিবা কাম এটাত ব্যস্ত আছোঁ , ৰ ।
: শুনচোন অলপ ।
: বাৰু দে , তই বিচাৰিছ যেতিয়া পাতিম বাৰু, ক’ ।
: হ’ব দে , একো নাই । সোনকালে আহিবি খালি ।
: উম বাই।
: বাই।
প্ৰশান্তই আকৌ মনে মনে নিজেকে ক’লে -” অস্ত্ৰ এপাট এৰিলোঁ বাপ্পেকে ! ”

নেকিবৰ পৰা শিকা অস্ত্ৰপাত প্ৰশান্তৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত যথেষ্ট কামত আহিল । পৰীক্ষাত পৰা কোনো এজন গাৰ্ডেও প্রশান্তক ধৰিব নোৱাৰিলে ।
দুই নম্বৰী অস্ত্ৰবিদ্যাত প্ৰশান্ত অপ্ৰতিৰোধ্য !
কোনেও তাক আজিলৈকে ধৰিব পৰা নাই ।
* * *
: এইবোৰ কি বে ?
দৰং কলেজৰ লগৰ এটাৰ ৰুমত সোমাই প্ৰশান্তই সুধিলে।
: মাইক্ৰ’ জেৰক্স আকৌ ।
: মানে ?
: মানে নকল মাৰিবলৈ আকৌ ।
: তামাম দেখোঁন । কি কৰিব লাগে মোকো বুজাই দেচোন ।
: একো নাই , কিতাপ লৈ জেৰক্সৰ দোকানলৈ যাবি, 35 % ত জেৰক্স মাৰি দিয়ক বুলি ক’লেই হ’ল !
: হয় নেকি ? ৰ, এই টেকনিকটো আমাৰ কলেজতো শিকাবগৈ লাগিব ।
প্ৰশান্তই পেটে পেটে ভাবিলে – ” তামাম অস্ত্ৰ এপাট পালোঁ বাপ্পেকে ! ” ।
* * *
লাহে লাহে প্ৰায় সকলো বিষয়তে প্ৰশান্ত দুই নম্বৰী অস্ত্ৰ বিদ্যাত পাৰ্গত হৈ পৰিল । প্ৰণামিকাৰ লগত লাহে লাহে দূৰত্ব বাঢ়ি গ’ল ।
এদিন প্ৰশান্তলৈ তাই ফোন কৰিলে –
: হেল্ল ‘
: ভালে আছ ?
: উম আছোঁ, ক ।
: কি কৰিছ ?
: এনেই আছোঁ , তই ?
: WhatsApp টো খোলচোন , বস্তু কেইটামান দিছোঁ ।
: কিনো ?
: দিছোঁ আৰু কিবা ; খুলি চাচোন ।
প্রশান্তই WhatsApp টো খুলিলে । প্ৰণামিকাই দিয়া স্ক্ৰীণশ্বটবোৰ সি পঢ়ি গ’ল । প্ৰায় ডেৰ বছৰৰ আগতে সি তাইলৈ দিয়া মেছেজবোৰ –
” প্ৰণামিকা , তই মোৰ বুকুত কেতিয়ানো সোমালি , মই গমেই নাপালোঁ ” ,
” প্ৰণামিকা , তোৰ লগত কথা পাতি মোৰ আমনি নালাগে জান ! ” ,
” প্ৰণামিকা , তই সদায় এইদৰেই থাকিবি দেই মোৰ লগত !” ……..
স্ক্ৰীনশ্বটবোৰ পঢ়ি পঢ়ি প্ৰশান্ত ঢলি পৰিল চকী খনতে !
নিজৰ নৈতিক স্খলন অনুভৱ কৰি মূৰটো সঁচাকৈ তাৰ ঘূৰাই গ’ল । চকুৰ কোণত জমা হোৱা চকুলো সি জোৰকৈ ধৰি ৰাখিলে ।

প্ৰণামিকাৰ পাশুপত অস্ত্ৰত সি আহত পখীৰ দৰে ধৰফৰাই থাকিল ।
—————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক