অস্তৰাগ (মল্লিকা শৰ্মা বৰদলৈ)

“ওলাই আহা ৰামচন্দ্ৰ,
দুৱাৰদলিৰ বাজে,
ঘৰতে নোৱাব মাৱে,
নকৰিবা লাজে……“

আয়তিৰ উৰুলিৰে ৰভাৰতল মুখৰিত হৈ উঠিছে, এগৰাকীয়ে নাম লগাই দিছে, বাকীবোৰে লগতে যোগ দিছে৷ প্ৰতিভাৰ সৰু পুতেক অনিল মানে ধনৰ বিয়া আজি৷ বেণ্ড-পাৰ্টী, বিয়ানাম, নাচ-গান, হাঁহি-ধেমালিৰে চৌদিশ উপচি পৰিছে৷ ডাঙৰ পুতেক সুনীলে ভায়েকৰ বিয়া বুলি যিমান পাৰে দেহে মনে খাটিছে৷ বোৱাৰীয়েকজনীও পিছ পৰি থকা নাই, তাইও সমানেই লাগিছে ৷ বিয়াৰ বজাৰৰ লিষ্ট বনোৱাৰ পৰা আৰম্ভ কৰি মানধৰা কাপোৰ বন্ধালৈকে…৷ বিয়াঘৰলৈ অহা ডেকা-বুঢ়া কাৰোৱেই গাত তত নাই৷ এনেয়ো অনিল ল’ৰাটো সকলোৰে লগতে মিলি থাকে৷ তাতে আকৌ তাৰ ধেমেলীয়া স্বভাৱটোৰ বাবেই তাক বেয়া পোৱা কোনো নাই৷ বিয়াৰ দিনাও সি মানুহক হহুঁৱাবলৈ এৰা নাই৷ হাঁহিবলৈ সুবিধা নোপোৱা মানুহবোৰেও যেন হাঁহি লৈছে এই সুযোগতে৷ পিছে প্ৰতিভাহে এই সময়তো সুখী হ’ব পৰাগৈ নাই৷ যিমানেই হাঁহিবলৈ চেষ্টা কৰিছে, সিমানেই এই উৰুলি-জোকাৰবোৰে তাইৰ বুকুখনত বিন্ধিছে ৷

ৰভাৰতলৰ এটা মূৰত গিৰীয়েক বহি আছে ৷ চকুৰে ঢুকি পালেও মনেৰে ঢুকি নোপোৱাকৈ৷ মাজে মাজে তাইৰ ফালে চায়, হয়তো কিবা ক’ব বিচাৰে, পিছ মুহূৰ্ততে আকৌ অন্যমনস্ক হৈ পৰে৷ তাইও সোধাৰ প্ৰয়োজনবোধ নকৰে, এনেকৈয়ে জীৱন চলি আহিছে, বছৰৰ পিছত বছৰ ধৰি৷ কোনেও কাকো একো নোকোৱাকৈ, নোসোধাকৈ৷

কিমান দিন পাৰ হৈ গ’ল বাৰু? পয়ত্ৰিছ বছৰ…? হয়, প্ৰায় পয়ত্ৰিছটা বছৰ আগতে, তাইও ঠিক এনেকুৱা ৰভা এখনৰ তলেৰেই ঘৰ সোমাইছিলহি৷ তেতিয়া যদিও ইমান জাক জমকতা নাছিল, তথাপি পৰিবেশ একেই আছিল৷ দুজনী বায়েক, ভায়েক, তাই আৰু মাক-দেউতাকেৰে সুখী পৰিয়ালটোৰ পৰা বিয়া হৈ আহিছিল অমৰেন্দ্ৰৰ লগত৷ প্ৰতিভাৰ ভিনীহিয়েকৰ অমৰেন্দ্ৰৰ দাদাকৰ লগত থকা চিনাকিৰ বাবেই কথাটো ওলাইছিল প্ৰথমে৷ তাৰ পিছত তেওঁলোকৰ জোৰতেই অমৰেন্দ্ৰই প্ৰতিভাক চাবলৈ আহিছিল ৷ প্ৰথমবাৰ চাবলৈ যাওঁতেই তাইক হেনো তাৰ পচন্দ হৈছিল ৷ তাইৰো অৱশ্যে তাক দেখি ভালেই লাগিছিল৷ অমৰেন্দ্ৰৰ দৰে সুগঢ়ী পুৰুষ তাইৰ দৰে কিমান নাৰীৰ হয়তো সপোনহে৷ নাকচ কৰাৰ কথাই নাছিল৷ দুয়োখন ঘৰৰ মতত বিয়া হৈ গৈছিল প্ৰতিভা আৰু অমৰেন্দ্ৰৰ৷

মাক-দেউতাক নথকা ঘৰখনত অমৰেন্দ্ৰৰ দাদাক বৌৱেকেই আছিল অভিভাৱক৷ তেওঁলোকেই প্ৰতিভাৰ প্ৰতি থকা শাহু-শহুৰৰ প্ৰতিটো দায়িত্ব মূৰ পাতি লৈছিল৷ সৰল মনৰ মানুহহালৰ চেনেহৰ ছাঁত তাই কেতিয়াও অনুভৱ কৰিব লগীয়া হোৱা নাছিল নিজৰ ঘৰখনৰ অভাৱ৷ বিয়াৰ পিছত অমৰেন্দ্ৰ নিজৰ কামত আৰু তাই বৌৱেকৰ লগত ঘৰ চম্ভালাত ব্যস্ত হৈ পৰিল৷ পুৱা দৌৰাদৌৰিকৈ কামবোৰ কৰি গিৰিহঁতক কামলৈ পঠোৱা, পিছত নিজৰ কামবোৰ কৰি অতাই অলপ কিতাপ পঢ়া সকলোবোৰ ভাল লাগিছিল তাইৰ, আৰু সন্ধিয়া নিজৰ প্ৰিয় মানুহজনৰ সংগত তাইৰ সময়বোৰ মধুৰ হৈ পৰিছিল…৷

সময়বোৰ নিজৰ গতিত গৈ থাকিল৷ তাৰ মাজতে আহিল সুখবৰটো৷ ঘৰলৈ, জীৱনলৈ নতুন সদস্য আহিব৷ অমৰেন্দ্ৰৰ লগতে দাদাক বৌৱেকৰো আনন্দৰ সীমা নাই৷ তাইক যেন মূৰত তুলিহে ৰাখিব৷ মাকৰ দৰে নিস্বাৰ্থভাৱে যত্ন লোৱা বৌৱেকজনীৰ কথা ভাবিলে তাইৰ চকুপানীয়েই ওলাই আহে৷ সময়ত সকলোৰে অপেক্ষাৰ অন্তত প্ৰতিভাৰ ল’ৰা সন্তান এটা জন্ম হ’ল৷ তাইৰ মনত আছে, সেইদিনা দেখা অমৰেন্দ্ৰৰ চকুপানীখিনি৷ যি মুহূৰ্তত নিজৰ সন্তানক হাতত তুলি দিছিল, সেই মুহূৰ্তত ওলাই অহা আনন্দৰ অশ্ৰু আছিল সেয়া৷ সুনীল, সকলোৰে আদৰৰ সোণ একোলা একোলা লওতে কেতিয়ানো ডাঙৰ হ’ল তাই গমেই নাপালে৷ সোণৰ তিনিবছৰ বয়সত অভাবনীয়ভাবেই তাইৰ দ্বিতীয় সন্তান ধন আহিল সংসাৰলৈ৷ পৰিয়ালটো সম্পূৰ্ণ হৈ পৰিল৷ সোণৰ লগত খেলিবলৈ লগ এটাও হ’ল৷ সকলোৰে আদৰৰ বাবেই চাগে সোণ সৰুৰে পৰাই অলপ জেদী হৈ উঠিছিল৷ বিপৰীতে ধন বৰ বুজন, শান্ত৷ দুয়োটাকে স্কুলত দিব পৰা হোৱাৰ পিছত বৰদেউতাক- বৰমাক ল’ৰা-ছোৱালীহালৰ লগত বেলেগে থাকিবলৈ ল’লে যদিও, খেলা-ধুলা, ফুৰা-চকা সকলোবোৰ একেলগেই কৰিছিল সিহঁতে৷ মুঠতে এটা আদৰ্শ আৰু সুখী পৰিয়াল৷

ল’ৰা দুটা যিমানেই ডাঙৰ হ’ল, সময়ৰ লগে লগে তাইও দৌৰিব লগীয়া হ’ল৷ সিহঁতৰ স্কুলৰ পঢ়া চোৱাৰ পৰা আৰম্ভ কৰি, ঘৰৰ সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰোতে নিজৰ বাবে সময়েই নোহোৱা হৈ আহিল৷ তাৰ মাজতে ক’ৰবাত অমৰেন্দ্ৰৰ বাবেও সময় উলিওৱাৰ প্ৰয়োজন বুলি তাই হয়তো ভাবিব পৰা নাছিল৷ লাহে লাহে কথাবোৰ তাইৰ অজানিতে সলনি হ’ব ধৰিছিল৷ তাইৰ মনৰ কথাবোৰ নকলেও বুজি উঠা মানুহজন আঁতৰি গৈছিল তাইৰ পৰা তাইক বুজাৰ সুযোগ নিদিয়াকৈয়ে৷

সেয়া আছিল, ল’ৰাহতঁৰ গৰমৰ বন্ধৰ সময়৷ পৰীক্ষা শেষ হোৱাত মামাকৰ লগত দুৰাতিমান থকাকৈ গৈছিল দুয়োটা৷ বহুদিনৰ বিৰতিৰ পিছত তেওঁৰ লগত দুআষাৰ মনৰ কথা পতাৰ হেঁপাহেৰে তাই সেইদিনা অমৰেন্দ্ৰৰ কাষ চাপি গৈছিল৷ কিন্তু কথাবোৰ দেখোন ভবাতকৈ বেলেগহে হৈছিল সেইদিনা৷ তাই ভাবিছিল তেওঁৰো চাগে ভাল লাগিব বহুদিনৰ মূৰত পত্নীৰ লগত নিৰিবিলি সময়৷ কিন্তু তেনে হোৱা নাছিল৷ মেলি থকা বাহুটোত মূৰটো থৈ শুব লওতেই কোঁচাই নিছিল হাতখন অমৰেন্দ্ৰই৷ বজ্ৰাহত মানুহৰ দৰে থৰ লাগিছিল তাই, বুকুত জোৰকৈ খুন্দিয়াইছিল কিহবাই৷ সাধাৰণ যেন লাগিলেও তাইৰ বাবে অচিনাকি আছিল গিৰীয়েকৰ এই আচৰণ৷ তথাপি গৈছিল আগুৱাই, সেই তাহানিত উদাস হৈ থকা মনটোত কি হৈছে জানিবলৈ, মূৰটো বুকুৰ মাজত সাৱটি লোৱাৰ দৰে টানি আনিব লওতেই, উচাৎ মাৰি উঠিছিল সি৷ আৰু কি কৈছিল?

—’-’“চাও অশান্তি নিদিবা, টোপনি ধৰিছে, মোক শুবলৈ দিয়া৷ তুমিও শুই থাকাগৈ যোৱা … “

পাখি কটা চৰাইজনীৰ দৰে, তাই কোনোমতে খোজকাঢ়ি কোঠাটোৰ পৰা ওলাই আহিছিল৷ কি হৈছিল, কিয় হৈছিল, একো উৱাদিহ নাপাই কেবল কান্দিছিল৷ তাইৰ মৰমবোৰে যে তাক অশান্তিও দিব পাৰে কেতিয়াবা কেনেকৈ ভাবিব তাই৷ ক’লৈ গ’ল, ভগাই ভগাই শেষ নোহোৱা মৰমবোৰ৷ কথা পাতি পাতি নাভাগৰা ৰাতিবোৰ, হাঁহি ভৰা পুৱাবোৰ …? ক’তো একো উত্তৰ নাছিল৷ তাই মাঁথো অকলশৰীয়া হৈ ৰৈ গৈছিল সেইদিনা৷ আকৌ আৰম্ভ হৈছিল দৈনন্দিন ব্যস্ততাবোৰ৷ কিন্তুু মনৰ পৰা কথাবোৰ যাওঁ বুলিও যোৱা নাছিল৷ চেষ্টা কৰিও তাই অমৰেন্দ্ৰৰ মনৰ কথা উলিয়াব পৰা নাছিল৷ সময়ে সকলো ঠিক কৰিব বুলি আশা কৰিছিল প্ৰতিভাই৷ কিন্তু হৈছিল জানো ঠিক কথাবোৰ, তাই ভবাৰ দৰে…?

কেইমাহমান পিছত, অমৰেন্দ্ৰই দৰকাৰী কামৰ বাবে চহৰৰ বাহিৰলৈ গৈছিল চাৰিদিনৰ বাবে৷ চাৰিদিন পিছত উভতি আহিছিল ঠিকেই, লগতে প্ৰতিভাৰ বাবে লৈ আহিছিল প্ৰচণ্ড এজাক ধুমুহা৷ সন্ধিয়া কোনোবা এগৰাকীক লৈ ঘৰ সোমাইছিলহি৷ প্ৰতিভাই ভাবিছিল, নিশ্চয় তেওঁৰ কোনোবা চিনাকি চাগে৷ একো নভবাকৈ আলহীক সোধ পোচ কৰিব লওতেই গিৰীয়েকে তাইক শুনাই কোৱা কথাষাৰ কাণত পৰিছিল৷

—“আজিৰপৰা তাই আমাৰ ইয়াতে থাকিব “৷
—-কি কয় মানুহজনে? এনেকৈ কথা নাই বতৰা নাই মানুহ এজনী কিয় থাকিব আমাৰ ঘৰত?

মূৰটোৱে কাম নকৰা হৈ আহিছিল কথাবোৰ ভাবি ভাবি৷ তাই প্ৰথমবাৰৰ বাবে তৰ্ক কৰিছিল অমৰেন্দ্ৰৰ লগত৷ বিভিন্ন যুক্তি তৰ্কৰ অন্তত তাৰ মুখৰ পৰা সঁচা কথাটো ওলাইছিল —
—-“ থাকিবই, তাইক মই ভালপাওঁ, মোৰ লগত একো নভবাকৈ গুচি আহিছে তাই ….“৷

বাকীখিনি প্ৰতিভাই শুনা নাছিল, শুনাৰ প্ৰয়োজন নাছিল৷ চকুৰ আগত কেৱল ধোঁৱা ধোঁৱা দেখি, ঢলি পৰি গৈছিল মজিয়াত৷

যেতিয়া চকু মেলিছিল, বৌৱেকে কান্দি কান্দি তাইৰ কাষতে বহি আছিল৷ দাদাকে অপৰাধীৰ দৰে তলমূৰ কৰি ৰৈ আছিল৷ আৰু মানুহজন? তাইৰ প্ৰিয় মানুহজন? আছিল দূৰৈত, বহু দূৰৈত৷ কাষতে থাকিও তাই মনেৰে ঢুকি নোপোৱা দূৰত্বলৈ গুচি গৈছিল ইতিমধ্যে৷ কবলৈ, সুধিবলৈ বহুত কিবাকিবি আছিল, অথচ পৰা নাছিল তাই৷ সেই মানুহজনৰ লগত এষাৰ কথাও পাতিবলৈ তাইৰ বিবেকে নকৈছিল৷ ল’ৰা দুটাক লৈ আঁতৰি যোৱাৰ কথা ভবাৰ বাহিৰে আন সকলো হেঁপাহ শেষ হৈ গৈছিল৷ যাব খুজিছিল সম্পৰ্কবোৰ শেষ কৰি, অথচ যাওঁ যাওঁ বুলিও যোৱাগৈ নাছিল৷ নিজকে বাৰে বাৰে প্ৰশ্ন কৰিছিল৷ কিয় যাব সকলোবোৰ এৰি? এইখন তাই নিজ হাতে সজোৱা হেঁপাহৰ ঘৰ৷ আঁতৰি গলেই যেনিবা তাই, কাৰ কি লোকচান হ’ব? কোনে কি হেৰুৱাব? কিয় সিহঁতক সুখী হ’বলৈ দি নিজক কষ্ট দিব তাই? তাইৰ কণমানি ল’ৰাদুটাৰ পৰিচয় কি হ’ব? আটোমটোকাৰীকৈ সজোৱা তাইৰ চৰাইৰ বাহটোত চৰাইৰ পোৱালি দুটাক বুকুত সাবটি ভগ্ন হৃদয়ৰে মাঁথো ৰৈ গৈছিল ….৷

তাতেই প্ৰতিভাৰ সংঘৰ্ষ শেষ হৈ যোৱা নাছিল ৷ কিমানবাৰ তাই জীয়াই জীয়াই মৰিছিল৷ মৰি মৰি আকৌ জী উঠিছিল৷ নিৰ্লজ্জতাৰ চৰম সীমা পাৰ কৰি তাইৰ সন্মুখেৰে যেতিয়াই সেই নাৰীৰ সৈতে গিৰীয়েকে ৰুমত সোমায়, তাইৰ আত্মাৰ মৃত্যু হৈছিল৷ তথাপি তাই হাৰি যোৱা নাছিল, জী উঠিছিল প্ৰতিবাৰে৷ জুইত জ্বলি জ্বলি অধিক উজ্জ্বল হৈ উঠা সোণ টুকুৰাৰ দৰে৷ লাহে লাহে সোণ আৰু ধন ডাঙৰ হ’ল৷ সকলো বুজা হ’ল৷ ধনে দুখ লুকুৱাব শিকিছিল, সি কথাবোৰ সাধাৰণভাৱে ললেও সোণে নোৱাৰিছিল৷ আৰম্ভ হৈছিল প্ৰতিদিনেই কাজিয়া, তৰ্ক৷ আৰু তাৰ পৰিণতিত এদিন সেই মানুহজনী ঘৰৰ পৰা কাকো নোকোৱাকৈ গুচি গৈছিল ক’ৰ’বালৈ৷ অশান্ত হৈ পৰিছিল অমৰেন্দ্ৰ৷ হয়তো, প্ৰতিভাও৷ কোনো সম্পৰ্ক নাথাকিলেও চকুৰ আগত সদায় দেখি থকা মানুহ এজনী নোহোৱা হৈ যোৱাটো মানি লবলৈ কঠিন হৈছিল হয়তো৷ বিচাৰি বিচাৰি উলিয়াছিল তেওঁৰ ঠিকনা৷ কিন্তু তেওঁ উভতি নাহিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল৷ আকৌ উভতি নহাৰ বাবেই তেওঁ আঁতৰি গৈছিল৷ প্ৰতিভাৰ ওচৰত ক্ষমা খুজিবলৈ সাহস নাছিল৷ অমৰেন্দ্ৰক বুজোৱাৰ ইচ্ছাও হয়তো শেষ হৈ গৈছিল৷ অমৰেন্দ্ৰৰ মন সলনি হৈছিল ইতিমধ্যে৷ নিজৰ ভুলবোৰ বহু আগতেই বুজি উঠিছিল৷ আকৌ কাষ চাপিব বিচাৰিছিল পূৰ্ব পত্নীৰ৷ কিন্তু, প্ৰতিভাও আছিল দৃঢ়প্ৰতিজ্ঞ৷ পাৰি জানো, নিজৰ আত্মসন্মানত আকৌ এবাৰ আঘাত কৰাৰ অনুমতি দিব? পাৰি নেকি? সকলোবোৰ ঠিক কৰিব পৰাৰ সময় কেতিয়াবাই পাৰ হৈ গৈছিল৷ কেবল দুজন অচিনাকি মানুহৰ দৰেই ৰৈ গৈছিল প্ৰতিভা আৰু অমৰেন্দ্ৰৰ সম্পৰ্ক৷

সুনীলে নিজৰ পচন্দৰ ছোৱালীৰ লগত বিয়া পাতি, ঘৰৰ পৰা আঁতৰি গৈছিল৷ দেউতাকৰ লগত কোনো সম্পৰ্ক ৰখাৰ ইচ্ছা নাছিল৷ মাকৰ ওচৰত অভিমান আছিল৷ যি হৈ গ’ল সেইবোৰত ক’ৰবাত মাকৰো ভুল বুলি সি ভাবিছিল৷ যুঁজি যুঁজিও হাৰি নোযোৱা প্ৰতিভা, সেইখিনিতে অলপ ভাগি পৰিছিল৷ যি সন্তানৰ ভৱিষ্যতৰ বাবে নিজৰ আত্মসন্মানকো ত্যাগ কৰিলে, সেই সন্তানেও যেতিয়া তাইক নুবুজিলে, বাকী মানুহে বুজিব বুলি কি আশা কৰিব….৷ কেৱল ধন আছে তাইক বুজা৷ ধনৰ বিয়াৰ পিছত সিও যদি আঁতৰি যায়? শংকিত হৈ পৰে বাৰে বাৰে প্ৰতিভা৷ এই চিন্তাটোৱে সুখৰ সময়তো তাইক সুখী হ’ব নিদিয়ে৷ কোনে জানে, সময়ে আৰু কি কি লিখি থৈছে তাইৰ বাবে ….

“মা“ —

ধনৰ মাতত উচপ খাই উঠিল প্ৰতিভা৷ ইমান সময়ে যে, দৰাক নোওৱাবৰ সময় হ’ল গমেই পোৱা নাছিল৷ মানুহবোৰৰ তৎপৰতা দেখিহে তন্ময়তা ভাঙিল৷ নাই এতিয়াও মাকৰ আঁচলত মুখ মচা ল’ৰাটোৱে কেতিয়াও এৰি যাব নোৱাৰে তাইক৷ যি হলেও তাই এইবাৰ পৰিস্থিতিৰ সন্মুখত দূৰ্বল হৈ নপৰে৷ নিজৰ অধিকাৰৰ বাবে যুঁজিব এইবাৰ৷

মানুহবোৰে দৰাৰ মাকক চিঞৰি চিঞৰি মাতিলে, দৰাৰ গা ধুৱাব লাগে৷ আজি ল’ৰাটোক সৰুতে ধুওৱাৰ দৰে আকৌ এবাৰ মৰমেৰে গা ধুৱাই দিব তাই, আয়তিৰ পবিত্ৰ উৰুলিৰে নিমিষতে মনটো মুকলি হৈ পৰিল, সকলোৱে একেলগে গীত জুৰিলে—–

“আগে দিয়া পাছে দিয়া, পঞ্চআয়তিয়ে
অ’ ৰাম ৰাম,
দূৰ্বাঘাটৰ পানী আনি, ৰামৰ মূৰত দিয়ে
অ’ ৰাম ৰাম……“৷ ৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments