অস্থায়ী (পৰশমণি বৰা)

অস্থায়ী


পৰশমণি বৰা


“In life, We all have an unspeakable secret, an irreversible regret, an unkept promise, an unheard request, an irreplaceable loss, an unreachable dream & an unforgettable first love;
Still life is about being happy anyhow, because everything in life can be summed up in just 3 words, ‘LIFE GOES ON.”

পু্ৱাবোৰ সদায়ে আৰম্ভ হয় একোটা এছএমএছৰে। চকু মেলি ম’বাইলটোৰ স্ক্রীণখনলৈ চকু ফুৰায়েই ইনবক্সত জমা হোৱা মেছেজবোৰ পঢ়ি চোঁৱা হয়, ‘Good morning’ৰ লগত কিছুমান খুহুতীয়া কথাৰ সম্ভাৰ; হাঁহি একোটাৰে পাতনি মেলা হ’ল এটা নতুন দিনৰ।
ক্লাছ নথকা দিনটোৰ আৰম্ভণি এনেকৈয়ে হয়; ৰিমাইণ্ডাৰ, ঘড়ী বাজিব নোৱাৰা কৰি থৈ ‘অলপ শান্তি দিয়া’ ভাবত শুই থাকা দেৰিলৈকে, বেলিটো উঠি আহক, কোনো কথা নাই, বন্ধ বাৰ, আজি নুশুলে কাহানিকে শুম- এই ভাব। সপ্তাহটো আৰম্ভ হ’লেইযে আকৌ পিন্ধিব লাগিব যান্ত্রিকতাৰ সাজ, শুৱাই থ’ব লাগিব ভিতৰৰ মানুহজনীক নিচুকাই থৈ, নহ’লে গালি-শপনিকে পাৰি হ’লেও; যন্ত্রৰতো আবেগ বোলা একো বস্তু নাথাকে!
তাইৰ আজিৰ ক্লাছ নথকা দিনটো পিছে অলপ অগতানুগতিক ভাবে আৰম্ভ হ’ল। ৰিংট’নৰ শব্দত সাৰ পাই উঠি অহা খংটো সামৰি স্ক্রীণখনত চকু পেলাই ৰিচিভ কৰিবলৈ যাওঁতেই কাট খালে, উভটি ডায়েল কৰি ভালকৈ বকিম বুলি ভাবোতেই দেখিলে তাই- জমা হোৱা কেইবাটাও মেছেজ; প্রায়কেইটাৰ সাৰাংশ একেই- “ওলাই আহ ৬ বজাৰ ভিতৰত…কাম ফাষ্ট…ইটচ্ অল এবাউট্ আৱাৰ প্রজেক্ট”। ঘড়ীত বাজিছে ৫:৪০ আৰু ৬:00 বজাত তাই ওলাই যাব লাগে! গালি পাৰি- পাৰি ওলাই গৈ পানী এবাল্টি ঢালি আহি থাপতে যি পালে তাকেই মুখত সোমাই তাই ওলাই গ’ল।

যিমান বেয়া হ’ব বুলি ভাবিছিল দিনটো পিছে সিমান বেয়াকৈও নগ’ল। তিনি ঘণ্টা ধৰি হাবি-বননি দেও দি খোজ কাঢ়ি সিহঁতে ছেম্প’ল গোটালে- সেন্দুৰীয়া বান্দৰৰ জাকটোৱে টহল দি খাই পেলাই থৈ যোৱা তৰা গছৰ অৱশিষ্টবোৰ, ফলবোৰৰ গুটিবোৰ; লগতে ল’লে ফটো আৰু ভি ডি অ’- চাৰিজনীয়া সিহঁতৰ দ’লটোৰ গাইডৰ মতেই আৰু হাবিখনৰ মাজৰ বহল বিলখনৰ পাৰত বহি পাতলীয়া পুৱাৰ আহাৰো খাই ল’লে খুহুতীয়া কথাৰ মহলা মাৰি। জোকৰ কামোৰৰপৰা বাচিবলৈ পিন্ধা Leech guard যোৰ লৰালৰিৰ কোবত থাকি অহাৰ কথা মনত তেতিয়াহে পৰিল তাইৰ, কাপোৰৰ জোতাযোৰ খুলি চোৱাত চুলিৰ দৰে লিংলিঙিয়া কেইবাটাও জোক ওলাই আহিল। ঘিণ লাগিলেও অত্যন্ত অভ্যস্ত হাতেৰে আঁতৰাই তেজে ৰঙা কৰা ভৰি দুখন ধুই লৈ বেগটোত থকা এণ্টিচেপ্টিক মলম অকণমান উলিয়াই তাই সানি ল’লে। এইবাৰ তাইৰ উভটনি যাত্রা আৰম্ভ হ’ল।
লাহে লাহে ভাল লাগি অহা হৈছে এই সকলোবোৰ। মাক-দেউতাকৰ তীব্র আপত্তি থকা স্বত্তেও একমাত্র জনসমাগমৰপৰা দূৰত থাকিবলৈকেই তাই আঁতৰি আহিছিল ইমান দূৰলৈ; এটা তিক্ত অতীতৰ অধ্যায় সমাপ্ত কৰি। আৰম্ভণিতে ভাল নলগা সকলোবোৰ পিছে এতিয়া ভাল লগা হৈছেগৈ। বাছি লোৱা বিষয়টোৰ প্রতি তাইৰ আগ্রহ বাঢ়ি অহা হৈছেগৈ, প্রজেক্টৰ কামৰ বাবেই হ’লেও ওচৰৰ হাবিখনলৈ গৈ- গৈ প্রকৃ্তিৰ সৈতে বেছিকৈ একাত্ম হোৱাৰ সুযোগো পাইছে তাই; সেইবোৰেই এতিয়া তাইক তীক্ত- ৰিক্ত, পাৰ কৰি অহা এছোৱা সময়ৰপৰা দূৰলৈ লৈ আনিছে। ভাগৰুৱা হ’লেও আজি অকণো ভাগৰ অনুভৱ নকৰিলে তাই। ৰূমমেট নাই, ওলাই গৈছে দিনটোলৈ বুলি; অগত্যা ভাত ৰান্ধি খাই- বৈ তাই বিচনাত বাগৰি পৰিল কিছুসময়ৰ বাবে।

চিলমিলিয়া টোপনিটো আহোতেই চিনাকী ৰিংট’নটোৰ শব্দত তাই আকৌ সাৰ পালে। অচিনাকী নাম্বাৰটো ৰিচিভ কৰোঁ নকৰোঁকৈ থাকি অৱশেষত ৰিচিভ কৰি মাত দিলে তাই, আৰু বহুবেলিৰ মূৰত সিফালৰপৰা ভাঁহি অহা ‘হেল্ল’’টো ঠেকা খাই আহি বাজি থাকিল তাইৰ কাণত প্রতিধ্বনিৰ দৰে; শিল পৰা কপৌৰ দৰে ৰৈ গ’ল কিছুসময় তাই, তাৰ পাছতেই নিজকে চম্ভালি তাই মাত দিলে, “কিয় ফোন কৰিছা?”
“………”
“হেল্ল’! ক’বলৈ যদি একোৱেই নাই তেন্তে মই থঁও।”
“মই যাওঁগৈ। তোমাক মাত এষাৰ দি যাবলৈ ফোন কৰিলোঁ।”
“কেনি?”
“হয়তো আৰু উভটি নাহো।… ভালে থাকিবা।”
“সাঁথৰৰ দৰে কথা ক’বলৈ বাদ দিয়া। তুমি আগতেও তেনেকৈয়ে কৈছিলা, ক’তা এতিয়াও তোমাৰ মাত শুনিয়েই আছোঁ দেখোন! ইমান তিতা- কেঁহাৰ পাছত আকৌ মোলৈ ফোন কৰি খবৰ লোৱাৰ কোনো প্রয়োজন মই নেদেখোঁ। য’লৈ যোৱা গৈ থাকা, পাহৰা দিন কিছুমান আকৌ উভতাই আনিবলৈ মই বিচৰা নাই… নকৰিবা আৰু মোলৈ ফোন।”
“Take my life and be happy.. আৰু তোমাক কেতিয়াও আমনি নিদিও। পাৰিলে মোক ক্ষমা কৰি দিবা আৰু সকলো পাহৰিবলৈ চাবা। ৰাখোঁ।”
যিমান উষ্মাৰে তাই কথা পাতিছিল, সিমান শীতল হৈ পৰিল। প্রয়াসৰ শেষৰ কথাকেইষাৰে তাইক ভবাই তুলিলে। কেতিয়াৰেপৰা এনেকুৱা কথা কোৱা মানুহ হৈ পৰিলনো সি! একো কথাতেই তল পৰি নিদিয়া মানুহটো ইমান কোমল! আৰু খুব কষ্টৰে কোৱাৰ দৰে ওলোৱা তাৰ মাতষাৰ- কিবা হ’ল নেকি! কিয় জানো তাইৰ এবাৰ উভটি সেই নাম্বাৰটোলৈ ফোন কৰিবলৈ মন গ’ল; কিন্তু তৎক্ষণাত তাইৰ জেদী মনটোৱে হাক দি উঠিল আৰু সিমানতে তাই ফোনটোৰপৰা দৃষ্টি আঁতৰাই মুখখন ধুবলৈ ওলাই গ’ল।
গধুলিৰ সাত বাজিল। ইমান সময় ধৰি তাই সকলোবোৰ কাম কৰি থাকিল ঠিকেই, কিন্তু একো কামেই নিয়াৰিকৈ কৰা নহ’ল। বতৰ গোমা কৰি আনিলে, বৰষুণ দিয়াৰ সম্ভাৱণা দেখি খিৰিকী জপাবলৈ তাই উঠি গ’ল। কবৰ দি থৈ অহা সময় কিছুমানে তাইৰ সন্মুখত অহা যোৱা কৰিবলৈ ধৰিলে- যিবোৰ সময় হয়তো কবৰ দিয়া হোৱাই নাছিল, হয়তো শুৱাই থোৱা হৈছিল জোৰ কৰিহে। আত্মনিমগ্ন হৈ থাকোতে তাই পুনৰ চক্ খালে ম’বাইলটোৰ মাতত। একেটা নাম্বাৰৰপৰাই অহা ফোন। অলপ সময়ৰ আগতে পুনৰ ফোন আহিলে ৰিচিভ নকৰোকৈ থকা মানুহজনীয়ে যন্ত্রবৎ ফোনটো হাতত তুলি ল’লে।
“কোৱাঁ প্রয়াস।”
“মই বুমণি। মনত আছেনে কুঁহি, তাৰ বায়েক…”
“বা!…তুমি…কিয় নাথাকিব মনত! ভালে আছানে?”
“………”
“হেই! কিয় লাগিছে বাৰু তুমি কন্দাৰ নিচিনা!কি হ’ল?… সি ক’ত?”
“………”
“তোমাৰ মাতষাৰ কঁপাৰ দৰে কিয় লাগিছে?”
“…সি নাহে। সি যোৱাগৈৰ কথা নাছিল, কিন্তু সি চোঁৱা তাৰ শপত দি ইমান দিন নকন্দাকৈ থাকিবলৈ ক’লে…আৰু এতিয়া সি চকু নেমেলে… সি গ’লগৈ।”
“তুমি কি কৈছা বা? ইমান দিন মানে? আৰু মোকো সি যাবগৈ বুলিছিল। ফোনটো দিয়ানা তাক!”
“সি আৰু তোমাক মাত নিদিয়ে। সি…”
আধৰুৱা বাক্যটো আৰু কোৱা নহয়গৈ। ভাঁহি অহা অন্য এক নাৰীকন্ঠত তাই বুজা সাৰাংশই তাইক কৈ যায় অলিখিত এক কাহিনী- একমাত্র বায়েকৰ বিয়াৰ জা- যোগাৰ কৰিবলৈ বুলি ছুটী লৈ আহোতেই হোৱা পথ দুর্ঘটনা এটাত প্রয়াসৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল প্রায় এমাহমানৰ আগতেই। অস্ত্রোপচাৰৰ পাছত লাহে- লাহে ভাললৈ অহা স্বাস্থ্য কালিৰেপৰা হঠাৎ বেয়া হোৱা দেখিয়েই ডাক্তৰে শেষ সময়ৰ আগজাননী দি দিছিল।
ইতিমধ্যে দোপাল পিটা বৰষুণ এজাক নমাইছে।
অকণো ভবাৰ অৱকাশ নোপোৱাকৈয়ে ঘটি যোৱা কাণ্ডটোত তাই মুক হৈ পৰে। চেপা বিষ এটা উজাই আহি তাইৰ কণ্ঠ ৰুদ্ধ কৰি তুলিলে। এনেকুৱাতে দুৱাৰত পৰা কৰাঘাতৰ শব্দই তাইৰ সম্ভিত ঘূৰাই আনিলে। দুৱাৰ খুলিলত সোমাই আহে তাইৰ ৰূমমেট। গুণগুণাই অহা জিঞাৰ দৰে মনৰ ছোৱালীজনীয়ে গুণগুণায়েই মুখ-হাত ধুই আহেগৈ। একো কথাৰ পাতনি নেমেলাকৈয়ে তাই হঠাৎ কুঁহিক সাবটি গুণগুণাই থকা বাদ দি উচুপিবলৈ ধৰিলে। সৰু ছোৱালীৰ দৰে ফেঁকুৰি উঠা তাইৰ ৰুমমেটক সামৰিবলৈ তাই সুধি উঠে, “কিয় কান্দিছ অ’?”
“সি কাইলৈ যাবগৈ… মই আজি লগ কৰি আহিলোঁ তাক। মোৰ বেয়া লাগিছে, আজি আমি ফুৰিছিলোঁ নদীখনৰ কাষে- কাষে… তই আৰু মই যে এদিন ফুৰি আহিম বুলিছিলোঁ সেই ঠাইডোখৰত।”
“ধেৎ আঁকৰি, সি আকৌ আহিব নহয়, আকৌ তেতিয়া যাবি আকৌ! নাকান্দ এতিয়া।”
ইতিমধ্যে তাইৰ দুচকুৱেদি নিমখীয়া পানীৰ সোঁত এটা ব’বলৈ আৰম্ভ কৰিছে।
“…কুঁহি, আমি ফুৰিবলৈ গ’লেও নদীৰ কাষে-কাষে নাযাওঁ হা! আকৌ গ’লে মোৰ তালৈ মনত পৰিব… আমি নাযাওঁ দেই!”
“সি আকৌ আহিব অ’, আকৌ আহিব সি, সি হেৰাই নাযায় নহয়। তই হেৰাবলৈ নিদিবি। দিবি জানোঁ? দিবিনে? নিদিয় নহয়! আৰু অঁ, আমি বেলেগ ঠাইলৈ গ’লেও সেইডোখৰলৈ নাযাওঁ, হ’ব? মই নাযাওঁ, তয়ো নাযাবি।”
শব্দ কৰি কান্দোনত ভাঙি পৰা ছোৱালীজনীক বুজাবলৈ কুঁহিয়ে ভাষা বিচাৰি নাপালে। তাইৰ কাণত বাজি থাকিল প্রয়াসক শেষবাৰৰ বাবে লগ পোৱাৰ সময়ৰ কথাবোৰ, অলপ আগতে তাইৰ কাণত প্রতিধ্বনিত হৈ ৰোৱা প্রয়াসৰ শেষ মাতষাৰ- যিষাৰ মাত হাজাৰবাৰ শুনিব বিছাৰিলেও তাই আৰু শুনিবলৈ নাপাব। সেই প্রথমজাক বৰষুণ নমাই অনা মানুহজনক তাই আৰু কেতিয়াও লগ নাপাব- সেই কথা তাই ৰূমমেটক বুজাব কেনেকৈ! এৰি অহা সময়বোৰে অগা-দেৱা কৰি যাবলৈ ধৰিলে তাইৰ আগত। বিৰ্ বিৰাই তাই কৈ থাকিল, “তুমি উভটি আহা। তুমি সেই খঙাল মানুহটোৱেই হৈ থাকা লাগিলে, কেলকুলাচ কৰি ব্যস্ত হৈ থকা, কথা কমকৈ পতা মানুহটো, মই সময় উলিয়াব নোৱাৰাৰ বাবেই জিদ কৰি গুছি যোৱা মানুহটো। বৰষুণক ভাল পাব’লৈ শিকাই এতিয়া বৰষুণৰ লগতেই তুমি গুছি যাবগৈ নোৱাৰা…”
বাহিৰত তেতিয়া এজাক ছাগলী খেদা বৰষুণ আৰু তাৰ তালে-তালে নচা বিজুলী!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments