অস্পৃশ্য (অনামিকা বৰুৱা)

অস্পৃশ্য

অনামিকা বৰুৱা

সাৰ পায়েই ম’বাইলটো চালো। ৪ বাজি ত্ৰিছ মিনিট গৈছে। ৫টা বাজিবলৈ এতিয়াও ৩০ মিনিট আছে। সদায় হয় এনেকুৱা। ম’বাইলত এলাৰ্ম দিয়া আছে পুৱা ৫টাত। কিন্তু এলাৰ্মৰ শব্দত সাৰ পোৱাৰ আগতেই সদায় মোৰ টোপনি ভাঙে। নিজৰ ওপৰতে খং উঠি যায় কেতিয়াবা। ইমান মোৰ টোপনি পাতল! বেজী এটা পৰিলেও সাৰ পাওঁ। ৰাতি যিমান দেৰিকৈ শুলেও দুবাৰ তিনিবাৰ সাৰ পাওঁ। ৰাতিপুৱাও দেৰিলৈকে শুবলৈ সময় নহয়। আগতে ছোৱালীজনীক বিবেকানন্দত এড্‌মিছন নিদিওঁতে ৬টাত উঠিলেও হৈছিল: কিন্তু এতিয়া নহয়। তাইৰ স্কুল বাছ যায় ৭টাত। গতিকে চকু মেলাৰ পৰাই এক ধৰণৰ খৰধৰ লাগি যায়। তাতে মইনাই গা ধুবলৈ যিমান হে সময় লয়! মই মইনালৈ চালো। নাই খবৰেই নাই। তাইক উঠোৱাতো এটা সমস্যা। গাত ধৰি জোকাৰি নিদিলে মহাৰাণীৰ চকু মেলেই নাখায়। তাইক উঠাই গাটো ধুৱাবলৈকে মই ৫টাত উঠিব লাগে। নহ’লে গোটেই ৰূটিন্‌খন খেলি মেলি হৈ যায়।

মইনা মিষ্টাৰৰ দূৰ সম্পৰ্কীয় ভতিজী। আগৰবাৰ আমাৰ ঘৰত থকা ছোৱালীজনী মনে মনে পলায় যোৱাত ভাল ভয় খালো। এদিন স্কুল বন্ধ থাকোতে মোৰ ৭ বছৰীয়া ছোৱালীজনীক অকলে অকলে ঘৰত এৰিথৈ তাই যেতিয়া নোহোৱা হ’ল মাথাই কাম নকৰা হৈছিল। পুলিচত খবৰ দি বিচাৰ খোচাৰ কৰি একো খা খবৰ নাপাওঁতে মিষ্টাৰৰ চাকৰিটো যাব বুলিয়েই ভাবিছিলো। দুদিন পিছত গম পাইছিলো তাই মাকৰ লগত মিলি মনে মনে পৰিকল্পনা কৰি ভিনিয়েকৰ লগত তিনিচুকীয়াৰ পৰা পাঠশালালৈ পলাই গৈছিল। নহ’লে অহা মাত্ৰ দুমাহ হোৱা ছোৱালী এজনী যি ঘৰৰ চাৰিসীমাৰ বাহিৰ হৈ পোৱা নাই অকস্মাত্‌ হেৰায় থাকিল চিন্তাৰ কাৰণ হোৱাটোৱে স্বাভাবিক। তাৰপাছত আৰু ছোৱালী তোৱালী নাৰাখো বুলিয়েই ভাবিছিলো। কিন্তু নহ’লে নহয়। আচলতে কাম বন কৰাত বৰ বিশেষ অসুবিধা নহ’লেও দুপৰীয়া স্কুলৰ পৰা অহাৰ পিছত ল’ৰা ছোৱালী দুটাক ভাতকেইটা দিয়াটোৱে আটাইতকৈ ডাঙৰ সমস্যা। আমি দুয়োজনেই চাকৰিলৈ ওলায় যোৱাৰ পিছত ছোৱালীজনীক বাছৰপৰা নমায় আনি হাত ভৰি ধুৱাই দি ভাতকেইটা দিবলৈকে কোনোবা এজনী নহ’লেই নহয়। কিন্তু এই মোক সহায় কৰা ছোৱালীহঁতক মই কাম কৰা বা ৰখা ছোৱালী বুলি ক’বলৈ বেয়া পাওঁ। পাপী পেটটোৰ কাৰণেই সিমান দূৰৰ পৰা নিজৰ ঘৰখন এৰি মোৰ ঘৰত আছেহি মোৰ প্ৰয়োজনতেই। সিহঁতক হাঁহি আনন্দৰে ৰাখিবলৈ সদায় যত্নপৰ হওঁ। এদিন কথা প্ৰসংগত ল’ৰাটোৱে আগৰ থকা ছোৱালীজনীক তাই কাম কৰা ছোৱালীহে বুলি কিবা কওঁতে তাক দুখ পোৱাকৈ শাস্তি দিছিলো। আকৌ এবাৰ বুজাই কৈছিলো তাক-“কাম কৰা ছোৱালী নহয় তাই বা’। আমাৰ ঘৰতেই থাকে যেতিয়া তাই আমাৰ পৰিয়ালৰে এজন সদস্য। তাই আমাৰ ঘৰত আছে তোমালোকৰ কাৰণে। স্কুলৰ পৰা আহি তোমালোকে যাতে ভোকত থাকিবলগীয়া নহয় সেইবাবেহে তাই তাইৰ জন্মৰ চিনাকি ঘৰখন এৰি আমাৰ লগত আছেহি। তোমালোকে এনেকুৱা একো নকৰিবা যিটোৰ কাৰণে তাই কিবা হীনমন্যতাত ভুগিব লগা হয়। মনত কষ্ট পাব লগা হয়। সন্মান কৰিব তাইক। যি মানুহে আনক সন্মান দিব বা কৰিব নাজানে সেই মানুহে নিজেও আনৰ পৰা সন্মান আশা কৰিব নোৱাৰে। তুমি দেখিছাই দেখোন তাইৰ লগত মই কোনো কথাতে কোনো ধৰণৰ বৈষম্য নাৰাখোঁ। তেন্তে মোৰ ল’ৰা হৈ তোমাৰ মুখত তেনে কথা ওলাল কেনেকৈ? শুনি লাজ পাইছো মই। আৰু কোনোবাদিনা যদি মই এই ধৰণৰ কথা শুনো মোতকৈ বেয়া কোনো নহ’ব কিন্ত মনত থবা।”

আৰু এই মইনা! পৃথিৱী ওলট পালট হৈ যাওক কি জানো কৰে এঘণ্টাৰ কমত গা ধোৱা নহয় কেতিয়াও! তাইক ৰাতিপুৱা উঠাই দিয়াৰ পৰাই মোৰ দিনটোৰ কাম আৰু চিঞৰ বাখৰ যি আৰম্ভ হয়; শেষ হয় ৰাতি বিচনাত পৰাৰ পাছত। চাকৰিটো কৰি ভালো লাগে বেয়াও লাগে। ভাল লাগে নিজৰ ভৰিত নিজে থিয় দিবলৈ পায়। বিশেষকৈ দৰমহা পোৱাৰ পৰা কেইদিনমানলৈ মনটো বেছি ভাল লাগি থাকে। বেয়া লাগে একেবোৰ কামকে সদায় কৰি কৰি। তাতে চেণ্ট্ৰেলৰ চাকৰি বুলি বন্ধ চন্ধও কম। কাৰোবাৰ বেমাৰ আজাৰ নহ’লে মোৰ তেনেকৈ ছুটীও লোৱা নহয়। বিৰক্তি লাগে কেতিয়াবা। চাকৰিত সোমোৱাৰ আগলৈকে ডাকঘৰ মানে অকল চিঠি-পত্ৰৰ আদান প্ৰদানৰ এটা কাৰবাৰ বুলিয়েই ভাবিছিলো। ৰঙা ৰঙৰ অসম পৰিবহন নিগমৰ বাছবোৰে বস্তা একোটাত ভৰায় চিঠিবোৰ ইঠাইৰ পৰা সিঠাইলৈ নিয়ে আৰু পিয়নে ঘৰে ঘৰে গৈ চিঠিবোৰ দি আহে। খবৰ দিয়া লোৱাৰ এটা সহজ পন্থা। কিন্তু চাকৰিত সোমাইহে গম পাইছো চিঠি-পত্ৰয়েই নহয় ক্ষুদ্ৰ সঞ্চয়ৰ পৰা আৰম্ভ কৰি আৰু বহুত কিবা কিবি কাম হয় ইয়াত। নীতি নিয়মবোৰো ইমান ধৰা বন্ধা যে কামত গাফিলতি কৰাৰো সুৰুঙা নাই। তাৰমাজতো কোনো কোনোৱে যে ফাঁকি নিদিয়াকৈ নাথাকে তেনে নহয়। অহ্‌ আজিতো পি.এম.জি(Postmaster General) অহাৰ কথা। প’ষ্টমাষ্টৰে কালিয়ে অৰ্ডাৰ দি দিছে সকলোকে সময়মতে অফিচত উপস্থিত হ’বলৈ। এই ওপৰৱালাবোৰ কিয় যে আহে! আমাৰ একো কামত নাহে বৰং অনবৰতে সন্ত্ৰস্ত হৈ থাকিব লাগে। মই কোনোদিনে সময়্ত গৈ অফিচ নাপাওঁ। ১৫-২০ মিনিট পলম হৈয়ে যায়। এই পলম হোৱা সময়খিনিক বাদ দি বাকী কামত যিকোনো টেবুলত বহিলেও মই কামখিনি নিষ্ঠাৰে কৰো। কাম কৰাতো মোৰ নিচা। অৱশ্যে ওপৰৱালাবোৰ আহিলে সমজুৱাকৈ এটা লাভ হয়-অফিচটো পৰিস্কাৰ কৰা হয়। কালিও চাফ্‌-চিকুণ কৰোঁতে উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিটোলৈ মোৰ মনত পৰি গ’ল। মণি অৰ্ডাৰ বুকিং কাউণ্টাৰত মই, চিঠি ৰেজিষ্ট্ৰেচন কাউণ্টাৰত বৰ্ণালী বাইদেউ আৰু টি.আৰ.চি (Telephone Revenue collection) কাউণ্টাৰত ৰতন। মোৰে সৈতে আমাৰ অফিচত মহিলা কৰ্মচাৰী কেইবাগৰাকীও আছে। চম্পা, অজন্তা, দেউৰী বাইদেউ, মধুমিতা বাইদেউ, বৰ্ণালী বাইদেউ, আৰু প্ৰেমেশ্বৰী বাইদেউ। অজন্তা আৰু মই একেলগৰ। চম্পা আমাতকৈ সৰু। দেউৰী বাইদেউ, মধুমিতা বাইদেউ আৰু বৰ্ণালী বাইদেউ প্ৰায় সমসাময়িক। প্ৰেমেশ্বৰী বাইদেউ বহুত চিনিয়ৰ। অৱসৰ ল’বলৈ দুবছৰমান আছে।

ধানটোৱে প্ৰতি কনটো মানুহটোৱে প্ৰতি মনটো। ব্যক্তিবিশেষে সকলোৰে চিন্তাৰ পৰিধি সুকীয়া সুকীয়া। মই সাধাৰণতে অকলেই থাকি ভাল পাওঁ। কাৰণ বাকীসকলৰ দৰে পাকঘৰটোক ডাকঘৰলৈ তুলি আনিব লগা হোৱা ধৰণৰ আলোচনাবোৰত মই কোনো ৰস বিচাৰি নাপাওঁ। আইসকলৰ লগত মোৰ ধ্যান ধাৰণাবোৰ অলপ নিমিলে। দুই তিনিজনী লগ হৈ বিয়নী মেল পাতি ফুৰা কামবোৰ মই আগৰে পৰাই বেয়া পাওঁ। গতিকে তেৰাসৱৰ মেলবোৰত ভাগ নলৈ মই দূৰৰ পৰাই আলেঙ আলেঙ সকলোকে লক্ষ্য কৰি থাকো। সৰু সৰু খুটি নাতিবোৰ নিজৰ মনতেই বিশ্লেষন কৰি থাকো। বৰ্ণালী বাইদেউ দেখাত ধুনীয়া। বি.এচ্‌.চি পাছ। চুটি-চাপৰ অলপ শকত। গাৰ ৰং বগা। কিন্তু প্ৰতিটো কথাতে যেন অলপ বেছি স্পৰ্শকাতৰ। নিজক লৈ অলপ বেছি সচেতন। নিজক সজায় ভালপায়। সদায় দামী দামী নতুন নতুন শাৰী পিন্ধে। টিক্‌টিকিয়া ৰঙা লিপষ্টিক লগায়। প্ৰসাধনৰ নামত মুখৰ সৌন্দৰ্য্য বঢ়াবলৈ যেয়ে যি কয় তাকে কৰে। পূজা-পাতলো বহুত কৰে। মানুহজনক ভৰসা কৰিব নোৱাৰি শাক পাছলি মাছ-মাংসৰ বজাৰো নিজেই কৰে। ঘৰখন সজোৱাতো বিৰাট চখ্‌। অশেষ ব্যস্ততাৰ মাজতো বাৰীত-টাবত ফুলৰ পুলি ৰুৱে। সেইবোৰৰ যত্ন লয়। সময়ত ফুলি উঠা ফুলবোৰৰ ফটো তুলি আনি আমাক দেখুৱায়। গানো গায়। বাকী একমাত্ৰ ল’ৰাটোৰ কাৰণে কৰা চিন্তা ভাবনাৰ কথা আজি থাওক। সেয়া অন্য এখন মহাভাৰত হ’ব। কিন্তু এই সৌন্দৰ্য্য পিয়াসী সৌন্দৰ্য্য সাধনা কৰা আধুনিক মনটোত কেনেকৈ যে অন্ধবিশ্বাসে ঠাই পায় মই ভাবি উলিয়াব নোৱাৰো। বাইদেৱে খুব ধুতী নীতি মানে। পায় নাপায়বোৰ খুব মানে। পূজা-পাতলৰ নামত প্ৰ্ৰায়ে লঘোণ দিয়ে। এক ধৰণৰ মেনিয়া নেকি জানো! মই দুৰ্ঘোৰ নাস্তিক। মাজে মাজে মোৰ লগত এই লৈ খকা খুন্দা লাগিয়ে থাকে। মই নিজে নিজে ভাবো অতি বেছি একোৰে ভাল নহয়। উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়ো বিহ। মই নিয়ম সিমানলৈকেহে মানো যিমানখিনিয়ে মোক বা আনক অসুবিধাত নেপেলায়। আৰু সদায় ঘৰৰ পৰা বাহিৰলৈ ওলায় যোৱা মানুহ এগৰাকীৰ ক্ষেত্ৰত অহেতুক নিয়ম মানি চলা অসম্ভব। কিন্তু এই বৰ্ণালী বাইদেউ অলপ ব্যতিক্ৰম। তেওঁৰ মঙ্গলবাৰ, বৃহস্পতি বাৰ, শনি বাৰ, আঁউসী, একাদশী এইবোৰতো আছেই; কোনোবাই টিফিনত ভাত খাই ভুলতে যদি তেওঁৰ টেবুলখন ছুলে হ’ল আৰু। মাহেকীয়া হৈ কোনোবাই কেনেবাকৈ যদি তেওঁক ছুৱে তেওঁ হেনো ঘৰলৈ মূৰ-গা তিয়াই গা ধুৱেগৈ। কাৰোবাৰ বংশত কোনোবা জন্ম হ’ল বা মৰিলে সেই চুৱাও ডাকঘৰলৈ বিয়পে। আমি কিছুমান কথা তেওঁক নোকোৱাকৈয়ে থাকো। এইখিনিলৈকে তথাপি ঠিকেই আছিল কিন্তু কালি যি হ’ল!

ইলা হৰিজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। লক্ষ্মী বাচফোৰ ছুইপাৰ। মানুহ হিছাপে মই কেতিয়াও কাকো ঘিণ কৰি নাইপোৱা। অসমীয়া, মুছলমান, খ্ৰীষ্টান, শিখ এনেকৈ ধৰ্মৰ ভাগ বটোৱাৰাও মোৰ মনত নাথাকে। উচ্চ নীচৰ ভেদাভেদবোৰো মোৰ চকুত নপৰে। কিন্তু টয়লেট‌ চফা কৰি বা ঝাৰু দি উঠিও হাত নোধোৱা লক্ষ্মীলৈ মোৰ কেতিয়াবা ঘিণ লাগে। তাই হৰিজন বুলি নহয় লেতেৰী বুলিহে ঘিণ লাগে তেতিয়া। পি.এম.জি অহাৰ খবৰ পাইয়েই প’ষ্টমাষ্টৰে সকলোকে নিজৰ নিজৰ কাউণ্টাৰবোৰ চাফ্‌-চিকুণ কৰি ল’বলৈ ক’লে। ইলাই আমাৰ টেবুল আৰু কম্পিউটাৰবোৰ কাপোৰ এখনেৰে মহাৰি ধূলিবোৰ জোকাৰি দিলে। লগে লগে লক্ষ্মীক ক’লো তই তলবোৰ ভালকৈ সাৰি দে। তাইক সাৰিবলৈ দি আমিবোৰ আঁতৰি আহিলো।…….আবেলিৰ সময়। আমি আটাইকেইটা নিজৰ নিজৰ হিচাপ মিলোৱাত ব্যস্ত। এনেতে বৰ্ণালী বাইদেৱে মঞ্জু বাইদেউক ৰবৰ আনি দিবলৈ চিঞৰিলে। টকাৰ বান্দিল বনাবলৈ ৰবৰ লাগে। মঞ্জু বাইদেউও কম নহয় নিজে নানি লক্ষ্মীক আনি দিবলৈ ক’লে। লক্ষ্মীয়ে আনি বাইদেউক দিওঁতেই কিবাকৈ তাইৰ হাতখন বৰ্ণালী বাইদেউৰ হাতত লাগি গ’ল। বচ্‌ বাইদেৱে ইমান বেয়াকৈ আৰু অদ্ভুত ধৰণেৰে চিঞৰ বাখৰ কৰিলে যে কথাবোৰ শুনি মোৰ শিক্ষা দীক্ষা সকলোবোৰ অথলে যোৱা যেন লাগি গ’ল। বাইদেউৰ কথাৰ সাৰাংশটো এনেধৰণৰ-তেওঁ উচ্চ বৰ্ণৰ মানুহ। বৈবাহিকসুত্ৰে বামুণ। তাতে সেইদিনা তেওঁৰ কিবা ব্ৰত আছিল। এতিয়া লক্ষ্মীয়ে তেওঁক ছুই দিয়াৰ কাৰণে তেওঁ অপবিত্ৰ হ’ল আৰু তেওঁ দিনটোৰ ব্ৰত মিছাতে ভংগ হ’ল। কাৰণ লক্ষ্মী হৰিজন সম্প্ৰদায়ৰ। অস্পৃশ্য। তাইহঁতে ছুলে মানুহৰ জাত যায়।

লাজ পাইছিলো মই। মোৰ এগৰাকী সহকৰ্মীৰ এনে আচৰণে অপৰাধী সজাইছিল মোক। তেনেকৈ কোৱাতকৈ তেওঁ যদি ক’লে হয় তই এইমাত্ৰ ইমান লেতেৰা ছুইছ’ হাত ধুইছিলি জানো? বা লক্ষ্মীয়ে ছুৱাৰ কাৰণে তেওঁৰ ইমানেই অস্বস্তি লাগিছিল যদি ঘৰলৈ গৈ মনে মনে গাটো ধুই পেলালেই হ’লহেতেন! এনেকৈ ৰাজহুৱাকৈ লক্ষ্মীক অপমান নকৰিওতো পাৰিলেহেতন! লক্ষ্মীক অপমান কৰাৰ অধিকাৰেইবা তেওঁক কোনে দিলে? তেওঁৰ শিক্ষাই? তেওঁ উচ্চ বৰ্ণৰ অহংকাৰে? তেওঁৰ পদমৰ্য্যাদাই? যিজন ভগৱানৰ তেওঁ দিন ৰাতি আৰাধনা কৰে সেইজন ভগৱানেইচোন তেওঁৰ দৰে লক্ষ্মীকো স্ৰজন কৰিছে। সৃষ্টি কৰোঁতে প্ৰভুৱে জানো কৈছিল তুমি উচ্চ বৰ্ণৰ তেওঁ নীচ বৰ্ণৰ। এই বৰ্ণভেদ মানুহেহে সৃষ্টি কৰিছে। আৰু হৰিজনসকল! মোৰ মাজে মানে বাপুজীক সুধিবৰ মন যায় তুমি আচলতে তেওঁলোকক জীৱন দিলা নে জীৱনৰ নামত এটা অভিশাপ দিলা যিটো আমৃত্যু প্ৰতিজন হৰিজনে কঢ়িয়াব লাগে কেৱল হৰিজন হৈ জন্ম ল’লে বুলিয়েই….!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments