অস্পৃশ্য -নীলোৎপল বড়া

মই তাত নাছিলোঁ

য’ত উদযাপন কৰা হৈছিল
জীৱন, যৌৱন আৰু যৌনতা
পুষ্টিহীন মোৰ দুহাত বগাই
গজি উঠা নাছিল
আমোদৰ মেজাংকৰি লতা
নিদ্ৰাহীন ৰাতিবোৰৰ হিচাপ বহীত
টুকি ৰখা আছিল মাথো
অৱহেলাৰ গাঁথা

শিলবোৰ সাতুৰি নাদুৰি গাভৰু হোৱা
নদীখনত মই গা ধোৱা নাছিলোঁ
নদীৰ বুকুত ভৰি থৈ
উমান লোৱা নাছিলোঁ
কিমান গভীৰতাৰে বৈ থাকে
নদীৰ বিষাদ মালিতা
অথবা চুই চোৱা নাছিলোঁ
জীয়ন পানীৰ খিকিন্দালিৰ ঢৌ
বিৰাগৰ সোঁত বুকুত কঢ়িয়াই
বিচাৰি ফুৰিছিলোঁ
আপোন মানুহৰ পানী তোলা ঘাট

ৰ’দলৈ বাট চাই চাই
ভেঁকুৰ হোৱা আমি
নক্ষত্ৰৰ নষ্ট ছাঁ
প্ৰতিশ্ৰুতিৰ পোহৰ নাথাকে
আমাৰ কলিজাত
ধূলি, ধোঁৱাৰ সাক্ষীত শিকিলো
জীৱন কি
প্ৰেমৰ কি সংজ্ঞা

আমাৰ
প্ৰস্তৰ শৰীৰত থাকে
বীৰ্যহীন বুকু
আৰু দুহাতৰ পৃথিৱীত
সূৰ্যহীন পথাৰ
পুৰাতন বাস্তৱৰ পাঠ আওঁৰাই
বোকাৰে লিপি লওঁ
হাত, ভৰি, গা

মই চিনি পাওঁ
মুখাৰ নেপথ্যৰ আন্ধাৰ
সেয়ে আজি মই এঘৰীয়া৷

( হেৰাই যাওঁ বুলি ভাবিও যি নোৱাৰে হেৰাই যাব সময়ৰ ভটিয়নী ঢৌত উটি ব্যস্ততাৰ মিছিলত, তেওঁৰ সমান অসুখী কোনো নাই )

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

বহুত ভাল লাগিল পঢ়ি।