অহংকাৰী গোলাপ ফুল (অঞ্জল বৰা)

বসন্ত কালৰ এটা সুন্দৰ পুৱা এখন হাবিত এপাহ গোলাপ ফুল ফুলিছিল৷ অন্যান্য বিভিন্ন উদ্ভিদ আৰু গছ-গছনিৰে হাবিখন ভৰি আছিল৷ যেতিয়াই গোলাপ ফুলপাহে চাৰিওফালে চালে, তেতিয়াই এজোপা পাইন গছে কোৱা শুনিলে “আহ! কিমান সুন্দৰ ফুল৷ মইও তেওঁৰ দৰে সুন্দৰ হ’বলৈ আশা কৰোঁ৷” ইয়াকে শুনি অন্য এজোপা গছে ক’লে “মৰমৰ পাইন, তেনেদৰে নাভাবিবা, কাৰণ আমি কেতিয়াও আনৰ সৈতে একে হ’ব নোৱাৰোঁ৷”
গছজোপাই তেওঁৰ ডিঙিটো ঘুৰাই নিজেই নিজকে ক’লে “মই দেখিছোঁ যে, এই হাবিখনৰ মইহে আটাইতকৈ সুন্দৰ উদ্ভিদ৷” এজোপা সূৰ্যমুখী ফুলে তেওঁৰ হালধীয়া ডিঙিটো লৰাই ক’লে “তুমি তেনেদৰে কিয় কৈছা? এইখন হাবিত অনেক ধুনীয়া আৰু সুন্দৰ উদ্ভিদ আছে৷ তুমি মাত্ৰ তাৰ ভিতৰৰে এজন৷” ৰঙা গোলাপ পাহে উত্তৰ দিলে “মই দেখি আছোঁ প্ৰত্যেকেই মোৰ পিনে চাই আছে আৰু মোক প্ৰশংসা কৰিছে৷” তেনে সময়তে গোলাপ পাহে এজোপা কেকেটাছ দেখি ক’লে “কাঁইটেৰে ভৰি থকা এই লেতেৰা উদ্ভিদ জোপা চোৱা!” পাইনজোপাই ক’লে “ৰঙা গোলাপ, এইটো কেনে ধৰণৰ কথা, প্ৰকৃত সৌন্দৰ্য মানে কি কোনে ক’ব পাৰে? তোমাৰ দেহতো কাঁইট আছে৷”

অহংকাৰী গোলাপ পাহে খঙেৰে পাইনজোপালৈ চালে আৰু ক’লে, “মই ভাবো তোমাৰহে ভাল সৌন্দৰ্যবোধ আছে!! তুমি নাজানাই প্ৰকৃততে সৌন্দৰ্য মানে কি৷ তুমি মোৰ কাঁইটৰ লগত কেকটাছৰ কাঁইটক কেতিয়াও তুলনা কৰিব নোৱাৰা৷”

“কি অহংকাৰী ফুল”, গছজোপাই ভাবিবলৈ ধৰিলে৷

গোলাপ পাহে নিজকে কেকেটাছজোপাৰ কাষৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিলে৷ কিন্তু তেওঁ নিজকে আঁতৰাই আনিব নোৱাৰিলে৷ দিন পাৰ হৈ যোৱাৰ লগে লগে গোলাপ পাহে কেকটাছজোপালৈ চাই ইতিকিং কৰিবলৈ ধৰিলে “এই গছজোপা অপ্ৰয়োজনীয়!! কিমান দুৰ্ভাগ্যৰ কথা মই তাৰ কাষৰীয়া হ’ব লগা হৈছে৷

কেকটাছজোপাই কেতিয়াও দুখ কৰা নাছিল বৰং সি গোলাপ পাহক পৰামৰ্শহে দিছিল যে, “ভগৱানে কোনো বস্তুকে বিনা কাৰণত কেতিয়াও সৃষ্টি কৰা নাই৷”

বসন্ত ঋতু পাৰহৈ গ’ল আৰু বতৰ দিনে দিনে গৰম হৈ আহিবলৈ ধৰিলে৷ হাবিত জীয়াই থকাতো অতি কঠিন হৈ পৰিল৷ গছ আৰু জীৱ-জন্তুক পানীৰ প্ৰয়োজন হ’ল কিন্তু তাৰবাবে বৰষুণ নোহোৱাত সকলোৱে কষ্ট পাবলৈ ধৰিলে৷ ৰঙা গোলাপ পাহ মৰহি যাবলৈ ধৰিলে৷ গোলাপ পাহে এদিন দেখিলে এটা ঘৰচিৰিকাই তাৰ সৰু ঠোঁটেৰে কেকটাছজোপাত খুট মাৰিছে আৰু আঁতৰি গৈছে৷ এনেদৰে বাৰে বাৰে কৰাৰ পিছত গোলাপ পাহে পাইনজোপাক এনে কৰাৰ কাৰণ সুধিলে৷ পাইনজোপাই বুজাই দিলে যে, চৰাইটোৱে কেকটাছজোপাৰ পৰা পানী সংগ্ৰহ কৰিছে৷

“তেওঁ গছজোপাত ফুটা কৰাৰ কেকটাছজোপাই কষ্ট পোৱা নাইনে?” গোলাপ পাহে সুধিলে৷

“হয়, কিন্তু কেকটাছজোপাই কোনো চৰায়ে পানীৰ বাবে মৃত্যু হোৱাতো চাব নোৱাৰে,” পাইনজোপাই উত্তৰ দিলে৷

গোলাপ পাহে তেওঁ চকুদুটা ডাঙৰ কৰি আচৰিত হৈ সুধিলে, “মানে কেকটাছজোপাত পানী আছে?”

“হয়, তুমিও তেওঁৰ পৰা পানী ল’ব পাৰা৷ তুমি যদি কেকটাছজোপাক সহায়ৰ বাবে কোৱা তেন্তে ঘৰচিৰিকাটোৱে তোমাৰ বাবেও পানী আনি দিব পাৰে৷”

ৰঙা গোলাপপাহে তেওঁ পুৰণি ব্যৱহাৰৰ বাবে বৰ অনুতপ্ত হ’ল আৰু কেকটাছজোপাক পানী বিচাৰিবলৈ লাজ পালে৷ কিন্তু শেষত পানীৰ বাবে কেকটাছজোপাক সহায় বিচাৰিব লগা হ’ল৷ কেকটাছজোপাই সহৃদয়তাৰে গোলাপজোপাক পানী দিবলৈ মান্তি হ’ল৷ তেতিয়া গোলাপ পাহে এটা শিক্ষা লাভ কৰিলে যে, তেওঁ পুনৰ কেতিয়াও কেৱল চকুৰে দেখাৰ ওপৰত ভিত্তি কৰি কাকো বিচাৰ নকৰে৷

(ইংৰাজীৰ পৰা অনুবাদ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক