অহংকাৰ (অয়ন উত্তম)

বাইকখন ছাইড-ষ্টেণ্ড কৰি ফুলমাস্ক হেলমেটটো পিন্ধিয়েই সোমাই গ’লোঁ ডাঃ পি জি ডেকা নাৰ্ছিং হোমলৈ৷ সুনীতা নামৰ নাৰ্ছগৰাকী ডাক্তৰৰ চেম্বাৰৰ বাহিৰত এখন টুলত বহি থকা দেখি ইংগিতেৰে সুধিলোঁ ডাক্তৰ আছেনে বুলি৷ হাঁহি এটা মাৰি লাহেকৈ মূৰ দুপিয়ালে সুনীতাই৷ ভিতৰত চলি থকা ফেনৰ শব্দৰ তালে তালে চেম্বাৰৰ সেউজীয়া পৰ্দাখনেও অবিৰাম নৃত্য কৰি আছে৷ পৰ্দাখনৰ ফাঁকেৰে দেখা পালোঁ, ডাঃ ডেকাই হাঁহিমুখেৰে কথা পাতি আছে সন্মুখত বহি ৰোৱা এহাল দম্পতীৰ সৈতে৷ ৰোৱাৰ সময় নাছিল মোৰ হাতত৷ সুনীতাই কিবা কোৱাৰ আগতেই হেলমেটটো খুলি সোমাই গ’লোঁ চেম্বাৰলৈ৷ মই এইদৰে সোমাই অহাত কিছু অপ্ৰস্তুত হ’ল দম্পতীহাল৷ হয়তো কথাত যতি পৰিল৷
ডাঃ ডেকাই মিচিকিয়া হাঁহিৰে মোৰফালে চাই ক’লে– ‘‘অ’, নিতুল তুমি? ৰ’বা মই এওঁলোকক বিদায় দি লওঁ৷’’ ডাক্তৰৰ কথাষাৰ শুনাৰ লগে লগে দম্পতীহাল থিয় হ’ল৷ থিয় হোৱাৰ লগে লগে মহিলাগৰাকীয়ে শাড়ীখনেৰে পেটটো ঢাকি ল’লে৷ তেতিয়াহে মন কৰিলোঁ, মহিলাগৰাকী অন্তঃসত্তা৷ মুখত লাজৰ এটি আভা৷ পুৰুষজন মানিবেগৰ পৰা ২০০ টকা উলিয়াই ডাঃ ডেকাৰ সন্মুখৰ টেবুলত থ’লে আৰু ক’লে— ‘‘বাৰু ছাৰ, মাজে মাজে আহি থাকিম৷’’ ডেকাই উত্তৰ দিলে— ‘‘নিশ্চয়, আহিব আৰু ভালদৰে যত্ন ল’ব এখেতৰ৷’’ তেওঁলোক ওলাই যোৱাৰ লগে লগে মই সুধিলোঁ— ‘‘কথাটো সঁচা নে?’’ ডেকাই ক’লে— ‘‘ওঁ, ছিৰিয়াচ, সেইবাবে তোমাক ফোন কৰি মাতিছিলোঁ৷ তোমাৰ কথাবোৰ জানো বাবেই ব্যক্তিগতভাৱে তোমাক বিচাৰিছিলোঁ এই সময়ত৷ তোমাৰ প্ৰয়োজন আছে৷’’

মৌন হৈ বহি পৰিলোঁ ডেকাৰ সন্মুখৰ চকীখনত৷ ডেকাই উঠি আহি মোৰ কান্ধত হাতখন থৈ ক’লে— ‘‘স্বামী-গৃহত বহুত অত্যাচাৰ কৰিছিল তাইক৷ তাইক দেখিয়েই বুজিছোঁ৷ ডিঙি আৰু মুখত ক’লা দাগ স্পষ্টভাৱে জিলিকি আছে৷ কেচুঁৱাটি জন্ম হোৱাৰ পিছত বহুত ব্লাড গৈছে৷ সুস্থ সন্তান জন্ম দিছে, কিন্তু প্ৰয়োজনীয় তেজ সংগ্ৰহ কৰি দিয়াৰ পিছতো তাইৰ স্বাস্থ্যৰ উন্নতি হোৱা নাই৷ সেমেকা চকুকেইটাৰে মোক ইংগিত দিছিল, তোমাক তাই চাব বিচাৰিছে বুলি৷ মই লগে লগে তোমালৈ ফোন কৰিলোঁ৷ তুমি লগ কৰিব পাৰিবা, কিন্তু চাবা, স্বামী-গৃহৰ মানুহে যেন তোমাক নেদেখে৷ মই ব্যৱস্থা কৰিছোঁ, তাইক প্ৰাইভেট কেবিন এটাত থৈছোঁ৷ বৰ্তমান শাহু আৰু স্বামী ওলাই গৈছে ভাত খাবলৈ৷ তোমাৰ হাতত অলপ সময় আছে৷ যোৱা, তাইক লগ কৰাগৈ৷’’

মৌচুমী ৰয়— বেংগলী পৰিয়ালৰ ছোৱালী যদিও কলেজত প্ৰথম চিনাকি হৈছিলোঁ ‘শকুন্তলা তোমাৰ নাম’ নামৰ অসমীয়া নাটকত কৰা অভিনয় দেখি৷ খুব শকত নাছিল যদিও মুখখনত লাগি আছিল এটা মিঠা হাঁহি৷ হাঁহিটোৰ লগে লগে এটা ডিম্পল পৰিছিল সোঁ-গালত৷ প্ৰথম চিনাকিতে সহজ হ’লোঁ আমি দুয়োজন৷ স্নাতক তৃতীয় বাৰ্ষিকত পঢ়ি আছিলোঁ, শেষ বৰ্ষ৷ এইখনেই আছিল শেষ কলেজ-সপ্তাহ৷ উপ-সভাপতি পদত আছিলোঁ যদিও সাংস্কৃতিক কাৰ্যসূচীখিনি ময়েই চম্ভালিব লাগিছিল৷ তাই উচ্চতৰ মাধ্যমিকৰ কলা শাখাত নাম লগায়েই এনে অপৰূপ অভিনয় কৰা দেখি বুজিছিলোঁ, সংস্কৃতিবান পৰিয়ালৰ ছোৱালীয়েই হ’ব৷ পিতৃৰ নাম অমল ৰয় বুলি কোৱা দেখি আচৰিত হৈছিলোঁ, কাৰণ অমল ৰয়ৰ ‘ভাৰতীয় মিষ্টান্ন ভাণ্ডাৰ’ত প্ৰায়ে আড্ডা চলিছিল বন্ধুবৰ্গৰ সৈতে৷
এই চিনাকিয়েই প্ৰেমৰ ৰূপ পাবলৈ বেছি দিন নালাগিল৷ অমল ৰয়ৰ হোটেলৰ পৰা তেওঁৰ ঘৰলৈ যাবলৈও বেছিপৰ নালাগিল৷ পৰিয়ালটোৰ সৈতে সু-সম্পৰ্ক গঢ়ি উঠিছিল৷ পিতৃ-মাতৃয়ে বুজিছিল আমাৰ মনৰ কথা৷ কিন্তু . . .
অভিমানী আছিলোঁ মই, বহুত৷ সামান্য কথাতেই ক্ষুব্ধ হৈ পৰোঁ মাজে মাজে৷ তেতিয়ালৈকে আমাৰ ভালপোৱাৰ কথা সৰু চহৰখনৰ প্ৰায়বোৰ মানুহেই গম পাইছিল৷ বেয়া পোৱা লোকৰ সংখ্যা বেছি নাছিল যদিও তাৰ মাজতে মৌচুমীৰ মামাহঁতৰ পৰিয়ালে আমাৰ এই ভালপোৱাৰ কথাবোৰ সহ্য কৰিব পৰা নাছিল, কাৰণ নিবনুৱা মই৷ স্নাতক ডিগ্ৰী লোৱাৰ পিছত ঘৰখন চলোৱাৰ দায়িত্ব মূৰ পাতি লোৱাৰ লগতে আৰম্ভ কৰিছিলোঁ সৰু-সুৰা বাণিজ্য৷ দৈনিক বজাৰৰ বাবে নিবিদা দিছিলোঁ আৰু আশা কৰা মতেই বজাৰখন এবছৰৰ চুক্তিত লাভ কৰিছিলোঁ৷ বজাৰৰ পৰা দৈনিক আয় ভালেই আছিল যদিও বজাৰখন চম্ভালা কঠিন আছিল৷ তাৰ মাজতেই আছিল আলফা-ছালফাৰ উৎপাত, ধন দাবী ইত্যাদি৷ শত্ৰুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে৷ বন্ধুবৰ্গই সহায়-সহযোগ কৰিছিল যদিও মৌচুমীৰ মামাকৰ পৰিয়ালে অমল ৰয়ক মোৰ বিৰুদ্ধে নানা অভিযোগ দিবলৈ ধৰিলে৷ এই কথা মোৰ কাণত পৰাৰ পিছত এদিন মৌচুমীৰ মামা ৰতন ভাৱালক বজাৰত লগ পালোঁ৷ এনেয়ো খং উঠি আছিল, তেওঁক দেখি খংটোৱে ক্ৰিয়া আৰম্ভ কৰিবলৈ ধৰিলে৷ বজাৰত বহুত মানুহৰ আগত হঠাৎ কৈ দিলোঁ ভাৱালক— ‘‘আপুনি যি ইচ্ছা কৰিব পাৰে, কিন্তু মোৰ বিৰুদ্ধে মিছা অভিযোগ আনি মৌচুমীক মোৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা নকৰিব৷ আপোনাৰ বিপদ হ’ব৷’’ এয়াই হয়তো মৌচুমী আৰু মোৰ বিচ্ছেদৰ মূল কাৰক হিচাপে চিহ্নিত হ’ল৷ মামাক আৰু অমল ৰয়ে মৌচুমীক শিলচৰলৈ লৈ গ’ল৷ দূৰত্ব বৃদ্ধি কৰিলে আমাৰ মাজত৷ ঘূৰি আহি মৌচুমীক লগ কৰিলোঁ এবাৰ৷ সম্পূৰ্ণ সলনি হৈছিল তাইৰ দেহ-মন৷ উজ্জ্বলতাবোৰ হেৰাই গৈছিল, মনৰ দৃঢ়তাখিনিও নাছিল তেতিয়া৷ বহুত বুজালোঁ তাইক, কিন্তু তাইৰ বিয়া লিডুৰ এজন ব্যৱসায়ীৰ পুত্ৰৰ সৈতে ঠিক কৰা বুলি জানিবলৈ দিলে৷ বিয়া দিয়াৰ উপযুক্ত বয়স নাছিল তাইৰ, আনহাতে যিজন লোকৰ সৈতে বিয়া দিবলৈ যো-জা চলাইছে, তেওঁৰ বয়স ৪০ৰ উৰ্ধ্বৰ৷ মোৰ প্ৰতিবাদে কাম নিদিলে, অনিচ্ছাসত্ত্বেও তাই বিয়াত বহিবলৈ বাধ্য হ’ল৷ আৰু আজি …
কেবিনটোলৈ সোমাই যোৱাৰ লগে লগে তাই মোলৈ কৰুণভাৱে চালে৷ তাইৰ চকুলৈ চাব পৰা নাছিলোঁ, ধুনীয়া মৌচুমীজনীৰ দেহত মাংস বুলিবলৈ একোৱেই নাছিল৷ ওচৰলৈ গৈ মাত দিলোঁ— ‘‘কি অৱস্থা হ’ল তোমাৰ? কিয়?’’ তাই কোনোমতে মোক ক’বলৈ চেষ্টা কৰিছে, কিন্তু মাতটো শুনা পোৱা নাই৷ কাণখন তাইৰ মুখৰ আগলৈ নিলোঁ— ‘‘মোক বাধ্য কৰাইছিল বিয়াত বহিবলৈ দেউতাই৷ যদি এই বিয়াত সন্মতি নিদিওঁ, দেউতাই আত্মহত্যা কৰিব বুলি কৈছিল৷ মোক শিলচৰত মানসিকভাৱে বহুত কষ্ট দিছিল দেউতা আৰু মামাহঁতে৷ আনহাতে, যদি বিয়াত নবহোঁ, তেন্তে তোমাকো ছালফা লগাই হত্যা কৰোৱাৰ ভাবুকি দিছিল মামাই৷ হতাশ হৈ পৰিছিলোঁ, একমাত্ৰ তোমাৰ ভালৰ বাবেই মই বিয়াত বহিছিলোঁ৷ তাৰপিছৰখিনি মই নকওঁ, তুমি ধৰিব পাৰিছাই৷ ডাঃ ডেকাক সকলো কৈছোঁ, তোমাক এবাৰ চাবলৈ, এবাৰ চুই চাবলৈ হাহাকাৰ কৰি আছিলোঁ৷ এতিয়া বহুত শান্তি পাইছোঁ জানা৷ অহা জনমত তোমাক পাব বিচাৰোঁ, পামনে?’’ চকুলো বাগৰি আহিছিল তাইৰ দুচকুৰে৷ কঁপালত হাতখন ফুৰাই তাইক ক’লোঁ— ‘‘তোমাৰ একো নহয়, চিন্তা নকৰিবা৷ মই জীয়াই আছোঁ এতিয়াও৷ তোমাক ঘূৰাই আনিম মই৷ তুমি কথা দিব পাৰিবা, মোৰ হ’বা বুলি৷’’ এটি হাঁহি বাগৰি আহিল তাইৰ শেঁতা পৰা ওঁঠৰ পৰা … হয়তো সেই হাঁহি একমাত্ৰ মোৰ বাবে থৈছিল তাই … শেষবাৰৰ বাবে তাই হাঁহিছিল … সোঁ গালত জিলিকি উঠিছিল তাইৰ সেই ধুনীয়া ডিম্পলটো …

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments