অহল্যা, দ্ৰৌপদী ইত্যাদি – গীতিকা শইকীয়া

মনমী ভট্টাচাৰ্যৰ কাব্য সংকলন “অহল্যা, দ্ৰৌপদী ইত্যাদি” : হৃদয়ত খলকনি তুলিব পৰা অনুভূতিৰ সূক্ষ্ম প্ৰকাশ

হৃদয়ৰ গভীৰ উপলব্ধিৰ পৰা নিগৰা অনুভৱৰ প্ৰকাশভংগী ৰূপে কাব্য চৰ্চাক “অনুভূতিৰ কলা” বুলি অভিহীত কৰা হৈ আহিছে৷ হৃদয়ৰ গভীৰ উপলব্ধিৰে কবি এগৰাকীয়ে কেইটামান মাথোঁঁ শব্দ, বাক্যৰে যিকোনো কাহিনী, ঘটনাক এক নিটোল ৰূপত প্ৰকাশ কৰিব পাৰে৷ সেয়েহে কবিৰ কলমত কোনো নিষ্ঠুৰ বাস্তৱৰ নিৰ্মম সত্য প্ৰকাশিত হৈ পৰে৷ হৃদয়ৰ গভীৰতাক উপলব্ধি কৰিব পাৰে বাবেই কবিৰ কলমত জোনাক বিধৌত জোনটিত ষোড়শী গাভৰুৰ ৰূপ বৰ্ণনা অপৰূপ হৈ পৰে৷ কবিৰ হৃদয়ত খলকনি তুলিলেই ভোকত আঁতুৰ শিশুৰ কোলাহলে হেজাৰজনৰ হৃদয়ক কঁপাই তুলিব পাৰে৷ সেয়ে কোৱা হয় যে কাব্য শিল্প প্ৰকৃততে হৃদয়ৰ অনুভূতিৰ কলা৷ হৃদয় আৰু মনৰ চেতনাক জোঁকাৰি দিব পৰা ভাৱ সন্নিবিষ্ট কবিতাই যেতিয়া পাঠকৰ হৃদয়ত খলকনি তুলি দিবলৈ সক্ষম হয় সেই কবিতাই সৰ্বজনীনতাৰ নাম পায়৷

কাব্য চৰ্চাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ এই অনুভূতিৰ কলাৰে বিভিন্ন প্ৰকাশ দেখিবলৈ পোৱা গ’ল নৱতম কবি মনমী ভট্টাচাৰ্যৰ প্ৰথমখন কাব্য সংকলন “অহল্যা, দ্ৰৌপদী ইত্যাদিত৷ “

অলপতে গুৱাহাটীৰ প্ৰেছ ক্লাৱত মনমী ভট্টাচাৰ্যৰ প্ৰথমখন কাব্য সংকলন “অহল্যা, দ্ৰৌপদী ইত্যাদি”ৰ উন্মোচন হয়৷ বিশিষ্ট কবি সমীৰ তাঁতীয়ে উন্মোচন কৰা এই কবিতা পুথিখন প্ৰকাশ কৰিছে সঞ্জীৱন প্ৰকাশনে৷

মনৰ ভিতৰত হয়তো গুমগুমাই থাকে কথাবোৰে! কিয় হয় এনেকুৱা? কিয় কোৱা হয় নাৰী তুমি দুৰ্বল? এই দুৰ্বল মনোভাৱে কেনেকৈ নাৰীৰ মন-মগজু পিষ্ট কৰি পেলালে? কথাবোৰ কবি মনমীয়ে হয়তো তেনেকৈয়ে ভাৱে৷ সেয়েহে মনমীৰ কবিতাত বিৱৰ্তনৰ নাৰী চৰিত্ৰবোৰে প্ৰাণ পাই উঠা দেখিবলৈ পোৱা যায়৷ সেইয়া মহাভাৰতৰ শক্তিশালী চৰিত্ৰ বুলি সততে দেখুৱাবলৈ, বুজাবলৈ প্ৰয়াস কৰা দ্ৰৌপদী তথা কুন্তীয়েই হওক, অথবা ৰামায়ণৰ উৰ্মিলা, মন্দোদৰী, তথা মহাকবি কালিদাসৰ অমৰ সৃষ্টি শকুন্তলাই হওক, অথবা সতী অহল্যায়েই হওক, কবি মনমীয়ে নিজকে সেই চৰিত্ৰসমূহৰ মাজত সুমুৱাই তেওঁলোকৰ হৃদয়ৰ অনুভৱবোৰ যেন বুজিবলৈ প্ৰয়াস কৰিছে, কবিতাবোৰ পঢ়িলে তেনে অনুভৱেই হয়৷

“অহল্যা, দ্ৰৌপদী ইত্যাদি”ত পৌৰাণিক কাহিনীত বৰ্ণিত নাৰী চৰিত্ৰসমূহৰ হ’ব পৰা মানসিক স্থিতিক লৈ কবি মনমীয়ে কৰা বিশ্লেষণ আমি সাধাৰণতে পঢ়িবলৈ পোৱা তথাকথিত পৌৰাণিক কাহিনীৰ নাৰী চৰিত্ৰসমূহৰ বিশ্লেষণবোৰতকৈ কিছু পৃথক, কিছু ভিন্ন যেন অনুভৱ হ’ল৷ ক’বলৈ গ’লে এক সু্স্থ, তথা গভীৰ অধ্যয়নৰ ফচল মনমী ভট্টাচাৰ্যৰ কাব্য গ্ৰন্থ “অহল্যা, দ্ৰৌপদী ইত্যাদি”৷

সেই হাজাৰ শতিকাজোৰা ধ্যান-ধাৰণাৰ কাহিনীবোৰৰ নায়িকাসকলৰ লগত ঘটা ঘটনাবোৰ পঢ়িলে মনতে এবাৰৰ বাবেও প্ৰশ্ন নিশ্চয় উঠে যে তেওঁলোকৰ লগত যিবোৰ ঘটনা হৈছিল সেইবোৰ শুদ্ধ আছিল জানো! অথবা যদি শুদ্ধ নাছিল তেন্তে তেওঁলোকে তাৰ বিৰুদ্ধে প্ৰতিবাদ কিয় কৰা নাছিল? কিয় বৈধ-অবৈধৰ প্ৰশ্ন কৰা নাছিল তেওঁলোকে অথবা সমাজ ব্যৱস্থাই কিয় এবাৰো অনুভৱ, আপত্তি কৰা নাছিল সেই ভেদাভাৱপূৰ্ণ ব্যৱস্থাবোৰৰ…?

সেয়েহে মনমীৰ অংকিত দ্ৰৌপদীয়ে সমাজলৈ প্ৰশ্ন কৰিব পাৰে যে অৰ্জুনে নিজৰ শক্তি তথা দ্ৰৌপদীৰ প্ৰেমক স্বীকৃতি দি সমাজৰ আগত পাণি-গ্ৰহণ কৰিও কেৱল মাতৃভক্তিৰ বাবেই বৈধ-অবৈধৰ প্ৰশ্নক নিঃশ্চিহ্ন কৰি প্ৰেয়সী-পত্নীক নিজৰ ককাই-ভাইৰ মাজত ভগাই লোৱাৰ নিজাববীয়াকৈ সিদ্ধান্ত কিয় ল’লে বুলি! তাত দ্ৰৌপদীৰ কি পক্ষ থাকিব পাৰে সেইয়া জনাৰ চেষ্টা কৰাটো অৰ্জুন, কুন্তী, ধৰ্মৰাজ বুলি বিখ্যাত যুধিস্থিৰৰ মনলৈ নাহিল কেতিয়াও! অথবা ৰচক ঋষিশ্ৰেষ্ঠ ব্যাসদেৱৰ মনলৈও নাহিল!

হয়, কথাবোৰ চিন্তা কৰিবলগীয়া৷ সেয়ে দ্ৰৌপদীৰ হৃদয়ত হ’ব পৰা দুখৰ বোজাৰ অনুভৱ কৰিবলৈয়ে মনমীয়ে কৈছে, –

“অৰ্জুন, মই তোমাৰ প্ৰেমিকা৷

অথচ তোমাৰ সন্মতিত খৰ্ব মোৰ প্ৰেম,

চূৰ্ণ প্ৰেমৰ একান্ত স্বাৰ্থপৰতা৷

মোক মৰম দিয়াজনক তোমাৰ হিংসা নালাগে..

মই সুখ দিয়াজনক তোমাৰ ঘিণ নালাগে

তুমি দূৰত্বক ভয় নকৰা

মোক হেৰুৱাৰ শংকাত!

তুমি বৈধতাৰো খেয়াল নকৰা

মোৰ আঁচোৰখোৱা আত্মসন্মানৰ তাড়নাত! ”

প্ৰকৃতাৰ্থত কবিয়ে দ্ৰৌপদীৰ মানসিক স্তৰত আলোকপাত কৰি সেই পৌৰাণিক যুগৰ বুলিয়েই নহয় সমগ্ৰ নাৰীৰে অন্তৰ্নিহিত দ্বন্দৰ বিষয়ে পৰ্যালোচনা কৰিছে৷ ঠিক সেইদৰে “ৰামায়ণ”ৰ এটি সম্পূৰ্ণৰূপে উপেক্ষিত চৰিত্ৰ আছিল উৰ্মিলা৷ ভাতৃ প্ৰেমত অন্ধ তথা সেই প্ৰেমৰ নামত নিজকে উছৰ্গা কৰি লক্ষ্মণে চৈধ্য বছৰৰ বাবে এৰি গুচি যোৱা উৰ্মিলাৰ মনৰ দ্বন্দক কবি মনমীয়ে খুব গভীৰভাৱে অনুভৱ কৰিবলৈ চেষ্টা কৰিছে৷ সেয়েহে মনমীৰ “উৰ্মিলা”ই চৈধ্যটা বছৰৰ অন্তত হোৱা লক্ষ্মণৰ ওভতনিত উল্লাসিত হৈ পৰা নাই৷ বিবাহৰ সময়ত থকা উৰ্মিলাৰ শৰিৰী মাদকতা চৈধ্য বছৰৰ উপেক্ষাত ৰুক্ষ-শুষ্ক হৈ পৰিছে৷ সেই দশকৰো অধিক উপেক্ষাই সৃষ্টি কৰা বা-মাৰলিজাকে উৰ্মিলাৰ মনৰ কোণত তৰপে তৰপে গেদ জমা হোৱাদি হৈছে৷ বিনিদ্ৰ নিশাবোৰত অবাধ্য লোতকেৰে সিক্ত হৈ হৈ যেন নিমজ হৈ পৰিছিল উৰ্মিলাৰ মানৱী সত্তা! সেয়েহে মনমীৰ অংকিত উৰ্মিলাৰ মনত প্ৰশ্নৰ উদ্ৰেক হয় যে জ্যেষ্ঠ ভাতৃৰ প্ৰতি লক্ষ্মণৰ ভক্তিয়ে ইতিহাসত নাম ৰাখিবলৈকে যেন স্বামী-পত্নীৰ মাজৰ সম্বন্ধক লক্ষ্মণে ভৰিৰে গচকি পেলাই নাৰীত্বৰ অৱমাননা কৰিছিল৷

কবি মনমীয়ে কেৱল ইতিহালৰ নাৰী চৰিত্ৰৰ অৱলোকন কৰিয়েই ক্ষান্ত হোৱা নাই৷ সামগ্ৰিকভাৱে নাৰীসকলৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ দিশতো বিশেষভাৱে আলোকপাত কৰিছে৷ বিবাহ যিদৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়, সেইদৰে পতি-পত্নী কোনোবা এজনৰ অকাল মৃত্যুৰ ফলত পাৰ্থক্যৰ প্ৰাচীৰখন নাৰী-পুৰুষ ভেদে পৃথক পৃথক হোৱাৰ ফলত নাৰীয়ে কিদৰে ক্লেদাক্তপূৰ্ণ জীৱন নিয়াব লগীয়া হয় তাৰ এক স্পৰ্শকাঁতৰ চিত্ৰ আঁকিবলৈ সক্ষম হৈছে তেওঁৰ “বৈধব্য…জীৱনৰ অনাহুত স্তৱক” নামৰ কবিতাটোত৷

স্বামীৰ মৃত্যুৰ লগে লগে অকাল বৈধ্যৰ সংজ্ঞাৰে নাৰীগৰাকীক সংপৃক্ত কৰি দিয়া হয়৷ নিয়ম-কানুনৰ এক বিশাল আবুৰতাৰে ঢাকি পেলোৱা হয় নাৰীগৰাকীৰ জীৱন৷ জীয়াই থাকিও মৃত্যুসম শীতলতাৰে জীৱনক জীয়াবলৈ বাধ্য হৈ পৰে বিধৱা নাৰী৷ সেই বিধৱা নাৰীৰ থাকিব নোৱাৰিব কোনো হেঁপাহ, কোনো মায়া৷ হেঁপাহ মানে ৰঙাকৈ লোৱা ফুটটো, ৰঙা বুটা বঁছা গুণা দিয়া সাজযোৰ অথবা প্ৰিয় ব্যঞ্জনৰ ভৰপূৰ সোৱাদ লোৱাৰ হেঁপাহ৷ বৈধব্যই নাৰীক সকলো ভাল লগা, ভাল পোৱা কাম-কাজতো স্থবিৰতা আনি দিয়ে৷ বিধৱা নাৰীয়ে যাব নোৱাৰে কোনো মংগলময় অনুষ্ঠানত, দিব নোৱাৰে আনন্দৰ বন্যাৰে আৱৰি পেলোৱা মংগলময় উৰুলীৰ ধ্বনি, খোজ দিব নোৱাৰে মন্দিৰৰ মণিকূটৰ ছাঁত! সংসাৰৰ নীৰৱচ্ছিন্ন প্ৰক্ৰিয়াৰ অংগৰূপে মানুহৰ মৃত্যু অবশ্যম্ভাৱী৷ অথচ সেই প্ৰক্ৰিয়াতে যেতিয়া মৃত্যু হোৱা গৰাকী পুৰুষ হয় তেতিয়া সেই পুৰুষৰ জীৱনসংগিনীকে যেন পুৰুষজনৰ মৃত্যুৰ কাৰক হিচাবে ধৰি লৈ নিয়ম-কানুনৰ প্ৰাচীৰখনেৰে এনেদৰেই অনাহুতভাৱে আগুৰি পেলোৱা হয়৷ সেয়েহে কবিয়ে কৈছে, –

“আমিষ যে তোৰ প্ৰিয় ব্যঞ্জন,

ৰঙা তোৰ সবাতোকৈ প্ৰিয় ৰং,

ৰূপচৰ্চা তোৰ প্ৰিয় অৱসৰ,

আয়তী হৈ উৰুলি দিয়া তোৰ প্ৰিয় বিনোদন৷

সবাৰে এক অঘোষিত মৃত্যুৰ প্ৰাৰম্ভণ

সমস্ত আড়ম্বৰৰ ছন্দ পতন৷ “

অৰ্থাত, স্বামীৰ মৃত্যুৰ লগে লগে সমাজৰ নিয়মৰ প্ৰাচীৰখনে জীয়াই থকালৈকে পত্নীৰো মৃত্যুৰ শুভযাত্ৰাৰ আয়োজন কৰা আৰম্ভ কৰি দিয়ে৷

সেইদৰে “অহল্যা” কবিতাটোতো কবিয়ে দেৱৰাজ ইন্দ্ৰৰ নাৰীলোভী মানসিকতা আৰু ঋষি গৌতমৰ আত্মমৰ্যাদাৰ অহমিকাবোধৰ ফলত পত্নী অহল্যা কেনেদৰে অভিশপ্তা হৈ পৰিছিল তাক খুব কাতৰভাৱে দেখুৱাবলৈ চেষ্টা কৰিছে৷ সেই সমগ্ৰ ঘটনাটোত দেৱী অহল্যাৰ কিবা যদি ভূমিকা আছিল সেয়া হ’ল কেৱল নাৰী হোৱাৰ ভূমিকা৷ স্ব-ইচ্ছাই স্বামীৰ সেৱাতে জীৱন নিওৱা অহল্যাক দেৱৰাজ ইন্দ্ৰই কামনাৰ বশৰ্ৱতী হৈ কেৱল ভোগ্য সামগ্ৰীৰূপেই গণ্য কৰিলে৷ আৰু সমগ্ৰ জীৱন সত্তাৰ বাবে জীৱনসংগী হোৱাৰ শপত দিয়া জ্ঞানী ঋষি গৌতমেও তেওঁৰ পত্নীক পৰ-পুৰুষৰ স্পৰ্শৰ ফলত তেওঁৰ আত্ম-মৰ্যাদাৰ খৰ্ব হোৱাৰ ওপৰতহে গুৰুত্ব দিলে৷ তাত দেৱী অহল্যাৰ কোনো মতামত, অনুভৱ একোৰে বিচাৰ কৰা নহ’ল৷ আচৰিতকৈ পৰ-পুৰুষৰ স্পৰ্শৰ বাবেই অভিশপ্ত হৈ ৰোৱা অহল্যাক আকৌ শ্ৰীৰাম, অৰ্থাত আন এজন পুৰুষৰ স্পৰ্শতেও পুনৰ জীৱন দিওৱা হ’ল৷ এয়া কি ধৰণৰ দৃষ্টান্ত! ৰাম ভগৱানৰ অৱতাৰ আছিল বুলি কোৱাৰ যুক্তিতেই কথাটো মানি ল’ব পাৰি জানো! তেন্তে ইন্দ্ৰও দেখোন দেৱতাই আছিল! – এনেধৰণৰ কিছুমান স্পৰ্শকাতৰ কথাকেই কবি মনমীয়ে তেওঁৰ কবিতা অহল্যাত উত্থাপন কৰিছে, –

“দেৱৰাজৰ কামনা পিপাসু চিত,

ঋষি গৌতমৰ আহত আত্মমৰ্যাদা,

আস! কি সকৰুণ পৰিহাস

ছলনাময়ী বুলি বিভূষিতা

অভিশপ্তা অহল্যা৷

অৱতাৰী পুৰুষ স্পৰ্শত

পুনৰ্জীৱিত প্ৰস্তৰ অহল্যা৷ “

মনমীৰ কবিতাৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল আমি সততে আলোচনা কৰা বিষয়বস্তুবোৰৰ ওপৰত তেওঁ এক নিৰ্লোভ দৃষ্টিভংগী দিবলৈ সক্ষম হৈছে৷ বৰ্তমান এনেধৰণৰ কথাবোৰ হয়তো বহুতেই ভাৱে অথবা আলোচনা কৰে৷ কিন্তু সেইবোৰকে সজাই-পৰাই নিটোল ৰূপত তুলি ধৰিবলৈ প্ৰয়াস কৰা কবি, সাহিত্যিকৰ সংখ্যা যথেষ্ট তাকৰ বুলি অনুভৱ হয়৷ সেয়ে মনমীয়ে অভিসাৰিকা নাৰীৰ ওপৰত, নাৰীৰ পুষ্পিতা হোৱাৰ ওপৰত, বিবাহপাশত আৱদ্ধ হোৱা আদি বিষয়বোৰত আলোকপাত কৰি লিখা কবিতাবোৰত তেওঁৰ প্ৰকাশভংগী অপূৰ্ব৷ ৷ কবিৰ মতে বিবাহ একপ্ৰকাৰৰ পৰাধিনতাৰ শিকলি পিন্ধাৰ আখৰা৷ সেয়েহে “বিবাহ” নামৰ কবিতাটোত কবিয়ে কয়, –

“আজি মই মাগিছোঁ বিদায়৷

দায়িত্ব শিৰত পিন্ধিলোঁ

হেৰুৱাই পূৰ্বৰ সকলো অধিকাৰ,

এয়াই বেদৰ বাণীত

নাৰীৰ জন্মস্বত্ব৷

পৰাধীনতাৰ সাজযোৰ পিন্ধি ল’লোঁ,

পিন্ধিলোঁ ত্যাগৰ অলংকাৰ,

প্ৰলেপ সানি লৈ বিচ্ছেদৰ ৰঙত,

আজি মই মাগিলোঁ বিদায়৷ “

এনেকুৱা নহয় যে কবিয়ে কেৱল নাৰীৰ দুৰ্দশাৰ গাঁথাই গাইছে৷ মনমীৰ কবিতাত গৰ্বিত জননীৰ অহংকাৰৰো নিৰ্মোহ আলোচনা দেখিবলৈ পোৱা গৈছে৷ সেয়েহে মহাভাৰতৰ আন এক গুৰুত্বপূৰ্ণ নাৰী চৰিত্ৰ কুন্তীৰ মানসিক স্থিতিৰ ওপৰতো অৱলোকন কৰিছে “কুন্তী” কবিতাটিত৷ আধুনিক দৃষ্টিভংগীত পৌৰাণিক বহু চৰিত্ৰৰে চাৰিত্ৰিক দিশৰ নিৰ্মোহ বিশ্লেষণযুক্ত গ্ৰন্থবোৰত প্ৰায়েই কুন্তী চৰিত্ৰৰ মাজত লুকাই থকা ঋণাত্মক দিশবোৰৰ আলোচনা হোৱা দেখা নাযায়৷ কুন্তীক সতী আখ্যা দিয়াৰ মানসিকতাৰ বাবে চৰিত্ৰটিৰ ঋণাত্মক দিশটো আঁতৰাই থোৱাৰ এক প্ৰচেষ্টা অৱধাৰিতভাৱেই অব্যাহত আছে৷ তেনেধৰণৰ দৃষ্টিভংগীৰ প্ৰতি ক্ষোভ প্ৰকাশেৰে মনমীয়ে কুন্তী চৰিত্ৰটোৰ পৰ্যালোচনা কৰিছে, –

“মই নাৰী ধৰ্মৰ

ধ্বজা বহনকাৰী মহীয়সী৷

শৌৰ্যহীন পাণ্ডুৰ দুৰ্বলতা ঢাকি

মোৰ আঁচল দাগহীন৷

মই পাণ্ডু বংশৰ চন্দ্ৰমা

কুৰুক্ষেত্ৰৰ অন্যতমা নিয়তি৷

ধৰ্ম-অধৰ্মৰ পাশা খেলত

গৰ্বিতা জননী৷ “

সকলোৰে সজ্ঞানে কুন্তীয়ে সমাজ বৰ্হিভূতভাৱে সন্তান প্ৰাপ্তি কৰাটো কাৰোৰে দৃষ্টিতেই ভুল অথবা অক্ষমণীয় অপৰাধ নহ’ল৷ কাৰণ বংশৰক্ষাৰ গুৰুত্ব তাতকৈ অধিক আছিল৷ গতিকে কুন্তীক মহীয়সী নাৰীৰ গৰিমাৰে ঢাকি দিয়া হ’ল৷ শক্তিশালী, যোগ্য পুত্ৰৰ জননী হোৱাৰ গৰ্বেৰে কুন্তীয়ে সেয়েহে মাতৃপ্ৰেমৰ দোহাই দি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ প্ৰয়াসেই কৰি গৈ থাকিল৷ নিজে নাৰী হৈও আন এগৰাকী নাৰীক তেওঁৰে পাঁচপুত্ৰৰ মাজত ভগাই দিয়াৰ বিষয়ত তেওঁৰ হৃদয় নকঁপিল৷ সেয়েহে কবিয়ে কুন্তীক সতী, মহীয়সী নাৰীৰ মৰ্যাদা দিয়াটো কিদৰে মানি ল’ব পাৰি বুলি পাঠকলৈ প্ৰশ্ন এৰিছে৷

সেইদৰে “শকুন্তলা” কবিতাটোতো কবিৰ মনোভাৱ স্পষ্টকৈ বুজিব পাৰি৷ কবিৰ মতে ঋষিৰ অভিশাপত সকলো পাহৰি যোৱা কথাটো এটা অজুহাতহে মাথোঁঁ৷ দৰাচলতে বংশ ৰক্ষাৰ বাবে পুত্ৰ সন্তানৰ সম্ভাৱনা দেখিহে ৰজা দুষ্মন্তই শকুন্তলাক পত্নীৰূপে গ্ৰহণ কৰিছিল৷ সেয়েহে কবিয়ে কৈছে, –

“প্ৰতাৰিত যৌৱন তোৰ

আৱেগ উপেক্ষিতা

খৰ্বিত আত্মাভিমান

তই আত্মসন্মান বৰ্জিতা৷

বংশ ৰক্ষাৰ উন্মাদনাত উভতি আহিল স্বাৰ্থপৰ৷

সম্ভাষণ জনাই তই আজি হৰ্ষিত৷

নাৰীত্বৰ অপমানত

কিমান প্ৰগলভ মহাকবিৰ কণ্ঠ! ”

মহাকাব্যৰ নাৰীসকলৰ অন্যতম “ৰামায়ণ”ৰ “মন্দোদৰী” চৰিত্ৰৰ প্ৰতিও কবি আকৃষ্ট হৈ পৰিছে৷ স্বামী ৰাৱণে পৰস্ত্ৰী সীতাক হৰণ কৰি অনা কথাটোৱে মন্দোদৰীৰ মনত কিদৰে ৰেখাপাত কৰিব পাৰে সেইয়া যেন কবিয়ে বুজিবলৈ প্ৰয়াস কৰিছে৷ সেয়েহে মন্দোদৰীয়ে সন্মোখীন হ’ব পৰা মানসিক স্থিতিৰ পৰ্যালোচনা কবিয়ে এনেদৰে কৰিছে, –

“ইতিহাসে নোসোধে মোক প্ৰেমৰ সংজ্ঞা কি

মন্দোদৰী মাথোঁঁ গুণেৰে বিভূষিতা অপৰূপা স্ত্ৰী

বৰ্তমানে নোসোধে মোক প্ৰেমৰ সৌধ কি

নাৰীবাদৰ ধ্বজা বহনকাৰীৰ সমদলত

মই দাঁতি কাষৰীয়া অপতৃণ৷ “

কবি মনমীয়ে নিজৰ একান্ত অনুভৱকো প্ৰকাশ কৰিবলৈ থমকি ৰোৱা নাই৷ মনমীৰ মতে সাধাৰণতে কোৱাৰ দৰে মাতৃত্ব স্বাৰ্থহীন কেতিয়াও নহয়৷ মমতাৰ চাদৰেৰে আবৃত মাতৃত্বৰ অনুভৱতে এগৰাকী মাতৃয়ে নিজৰ সন্তানক সৰ্বোপৰি মৰম দিয়াটোক মাতৃৰ একান্ত স্বাৰ্থপৰতা বুলি কবিয়ে ভাৱে৷ প্ৰকৃততে “মাতৃত্ব” কবিতাটিত কবিয়ে নিজকেই আত্মাভিমানেৰে গৰ্বিতা এগৰাকী মাতৃ বুলি স্বীকাৰুক্তি কৰিছে, –

“মাতৃত্বৰ আন এটি নাম স্বাৰ্থহীনতা

উক্তিটো মোৰ প্ৰিয় নহয়৷

মাতৃত্ব মোৰ বাবে চূড়ান্ত স্বাৰ্থপৰতা

বুজিও নুবুজাৰ নিৰ্দয়তা৷

মই হৃদয়ক ফাঁকি নিদিওঁ

সেয়ে মাতৃত্ব মোৰ বাবে

সন্মোহনত সংপৃক্ত পৱিত্ৰতা

নিজৰ সন্তানক সৰ্বোপৰি মৰম দিয়াৰ একান্ত স্বাৰ্থপৰতা৷ “

মনমী ভট্টাচাৰ্যৰ “অহল্য, দ্ৰৌপদী, ইত্যাদি…” -এই কবিতা সংকলনখনৰ আটাইতকৈ বেছি ভাল লগা তথা অৰ্থবহ কবিতাটো হৈছে নাৰী দিৱস৷ নাৰী দিৱসৰ ওপৰত তথাকথিতভাৱে চলি অহা ভাৱধাৰাৰ কবিয়ে সম্পূৰ্ণ বিৰোধিতা কৰিছে৷ সেয়েহে কবিয়ে কয় যে, –

“তোমাক

বংশধৰ হাতত সঁপি দিয়াৰ পৰত

উপহাৰ পোৱা

হীৰাৰ আঙঠি পিন্ধি

উদযাপন নকৰোঁ নাৰী দিৱস৷ “

সঁচাকৈয়ে নাৰী দিৱসৰ নামত সৰহ-সংখ্যক নাৰীয়েই এনে ধৰণৰ অনুভৱকে নাৰী দিৱস পালন কৰাৰ আহিলা বুলি ধৰি লৈ আহিছে৷ সেয়েহে কবিয়ে নাৰী দিৱসৰ নামত, সন্তান জন্ম দিয়াৰ বিনিময়ত পোৱা হীৰাৰ আঙঠিৰ প্ৰদৰ্শন কৰাকে নাৰী স্বাধীনতাৰ নিৰ্ণায়ক বুলি ক’ব খোজা নাই৷ কবিয়ে তেতিয়াহে নাৰী দিৱস পালন কৰাৰ পক্ষপাতী যেতিয়া নাৰীক কেৱল নাৰী বুলি নাভাৱি মানৱৰ বিশ্বজনীন ভাৱধাৰাৰে মানুহ বুলি স্বীকৃতি দিয়া হ’ব৷ সেয়েহে মনমীয়ে কয়, –

“প্ৰাত্যহিক খোকোজাবোৰত

শাহুআইয়ে মাহীআইৰ

আৱেষ্টনী মুক্ত হোৱাৰ পৰত,

ননদজনী মোৰ ভনী হোৱাৰ পৰত,

মোৰ আনন্দত

মোৰ প্ৰিয় বান্ধৱীৰ অন্তৰংগতাত

আশ্বস্ত হোৱাৰ পৰত,

ৰান্ধনীশালৰ থালখনত মাতৃবোৰ

লিংগ বৈষম্যৰ উৰ্ধত যোৱাৰ পৰত,

সময় প্ৰহৰ নিৰ্বিশেষে

উদযাপন কৰিম

নাৰী দিৱস৷ “

অৱশ্যে “অহল্যা, দ্ৰৌপদী ইত্যাদি…” কাব্য গ্ৰন্থখনত কবিয়ে কেৱল নাৰী চৰিত্ৰৰ ওপৰতে যে চৰ্চা কৰিছে সেইটো শুদ্ধ নহয়৷ নাৰী চৰিত্ৰৰ লগতে মানুহৰ বৃদ্ধাৱস্থা, প্ৰেমৰ চিঠি, নৱবৰ্ষ, অম্বুবাচী, স্বপ্ন, আবীৰ, এলজেইমাৰ, বন্ধুত্ব, বয়সন্ধিৰ লগত ৰিজাই ফাগুনৰ বৰ্ণনা, ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি লিখা কবিতাবোৰত কবিৰ প্ৰকাশভংগীৰ শলাগ ল’বই লাগিব৷

উল্লেখনীয় যে কবিতা সংকলনখনৰ আটাইবোৰ কবিতাতে কিছু পৰিমাণে কবিৰ তীব্ৰ ভাৱাবেগে হৃদয়ক গভীৰভাৱে আলোড়িত কৰা যেন অনুভৱ হ’ল৷ তীব্ৰ ভাবাবেগত প্ৰায়ে মনত ভাবি থকা কথাবোৰে, অনুভৱবোৰে নিটোল ৰূপত প্ৰকাশ কৰাত স্থবিৰতা পায়৷ ক’ৰবাত যেন আবেগে বুদ্ধিদীপ্ততাৰ প্ৰাচীৰ ভাঙি পেলাই তেনে অনুভৱ হ’ল৷ অৱশ্যে এইক্ষেত্ৰত নতুন কবিগৰাকীয়ে বস্তুনিষ্ঠ বিষয়বস্তুৰ পঠন-পাঠন কৰাৰ প্ৰয়োজনীয়তা আছে৷

প্ৰকৃততে পৌৰাণিক কাহিনীৰ নাৰী চৰিত্ৰসমূহৰ বিশ্লেষণৰ জৰিয়তে মনমীয়ে সমাজত আধুনিক নাৰীৰ স্থিতিৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰিছে৷ বিশ্লেষণ কৰি চাবলৈ যত্ন কৰিছে যে প্ৰকৃতাৰ্থত ক’ৰবাত কিবা সলনি, কিবা পৰিৱৰ্তন হৈছে জানো! সেই কথাৰ অৱতাৰণা কৰিবলৈকে কবিয়ে কৈছে যে সলনি যদি হৈছে, সেইয়া বেশভূষাৰ সলনি হৈছে, ৰূপসজ্জা-শৃংগাৰৰ সলনি হৈছে৷ কিন্তু নাৰীৰ এই বেশভূষা, ৰূপ-শৃংগাৰৰ পৰিধিয়ে পোৱা পৰিৱৰ্তনবোৰো দৰাচলতে নিতান্তই বাণিজ্যিক স্বাৰ্থতহে কৰা হৈছে৷ সেয়েহে বিশ্বায়নৰ বজাৰখনত নাৰীৰ প্ৰসাধন, বেশভূশা ইত্যাদিৰ পয়োভৰেই দেখা যায়৷ তেন্তে কি পৌৰাণিক কাহিনীত বৰ্ণিত নাৰীক লৈ প্ৰকাশ পোৱা সেই মানসিকতা বৰ্তমানেও একেই আছে নেকি বাৰু! কবিৰ প্ৰশ্ন পাঠকলৈ!

নাৰীৰ হৃদয়ত তৰপে তৰপে জমা হৈ থকা কথা কিছুমানৰ, সমাজৰ বিসংগতি বোৰৰ ওপৰত কবিয়ে আলোকপাত কৰি তাত পুৰুষৰো কথা উল্লেখ কৰিছে, আছে পুৰুষৰো ভূমিকাৰ ওপৰত আলোকপাত৷ অৱশ্যে নাৰী বিষয়ক, নাৰীক লৈ হোৱা বিপৰ্যয়, নাৰী চৰিত্ৰৰ কাহিনীবোৰৰ ওপৰত বেছিকৈ আলোকপাত হোৱা দেখি বহুতে কাব্যগ্ৰন্থখনক নাৰীবিষয়ক অথবা নাৰীবাদী বুলি অভিহিত কৰাৰ সুৰুঙা থাকি গ’ল৷

“অহল্যা, দ্ৰৌপদী ইত্যাদি” কাব্যগ্ৰন্থ খনৰ আটাইতকৈ লেখত ল’বলগীয়া দিশটো হৈছে বেটুপাত৷ প্ৰতিভাৱান শিল্পী ঋতুপৰ্ণ বৰাৰ তুলিকাত “অহল্য, দ্ৰৌপদী ইত্যাদি”ৰ প্ৰতিটো চৰিত্ৰই যেন প্ৰাণ পাই উঠিছে বেটুপাতখন দেখি তেনে অনুভৱেই হ’ল৷ এনে লাগে যেন কবিৰ মনৰ ভাৱ শিল্পী ঋতুপৰ্ণ বৰাই খুব সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷

সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ কবি মনমী ভট্টাচাৰ্য তথা তেওঁৰ এই কবিতাৰ সংকলন এক নৱতম সংযোজন৷ মনমীৰ কবিতাত জীৱনৰ কিছুমান চৰম সত্য দেখিবলৈ পোৱা যায়৷ এনে কিছুমান সত্য যিখিনি পুৰুষ-নাৰী উভয়েই পঢ়ি বুজিব পাৰে, হয়তো অনুভৱো কৰে, কিন্তু প্ৰকাশ কৰাৰ সুৰুঙা বিচাৰি নেপায় অথবা প্ৰকাশ কৰিবলৈ ইতঃস্ততবোধ কৰিব পাৰে৷ সেইক্ষেত্ৰত মনমীয়ে যথেষ্ট সাহসেৰে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ সেয়েহে ক’ব পাৰি যে নিজৰ প্ৰথমখন কাব্য গ্ৰন্থৰ জৰিয়তে মনমী ভট্টাচাৰ্যই এগৰাকী প্ৰতিভাৱান কবিৰূপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে৷ ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক