অহেতুক – কাবেৰী বৰা

গাভৰু হোৱাৰ দিনা পিন্ধাই দিছিল

তাঁতত বোৱা এটা ৰাতি

উঠন বুকুৰ লাজ ঢাকিবলৈ নে

ইচ্ছাবোৰৰ দমন কৰিবলৈ?

 

অনুভৱ কৰিছিলোঁ সেইদিনাই

সমাজৰ অস্পৃশ্যবোৰ

আইয়ে কৈছিল লাজৰ আৱৰণ সানিবলৈ

স্বাধীনতাবোৰ নিষিদ্ধ হৈছিল সেইদিনাই।

 

এতিয়া ৰাতি আৰু দিন

দুয়ো একেই

বিষাদৰ বৰ্ণিল উৎসৱ

বসন্তৰ শুকান কাঠ।

 

নুচুবা, নাযাবা আনে শুনাকৈ নক’বা তুমি ঋতুমতী

পাকঘূৰণি খাই ঘূৰি থাকে মগজুত

যন্ত্ৰনাবোৰ হজম কৰোঁ

গিলি গিলি শেষ কৰোঁ পৃথিৱীৰ সমস্ত দুখ।

 

আমি য’তেই খোজ দিওঁ

তাতেই হেজাৰ গাত

এৰি আহিছোঁ দীৰ্ঘ বাট

টোপনিতো সাৰে থাকে দুখন হাত।

 

নিয়মৰ সজাত বন্দী কৰি ৰখা হ’ল

আমাৰ কিছু ইচ্ছা-আকাংক্ষা

নতুনকৈ কি ক’ম?

ৰাতিবোৰে ৰিঙিয়াই মাতে

সেউজীয়া পাতৰ তলত আন্ধাৰ

আজিকালি এনেদৰেই ভাবোঁ।
——————————

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
JP bora
4 years ago

Excellent dr……I need more like this…

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক