অহেতুক – (নাজমা বেগম)

|| অহেতুক ||

===============
– নাজমা বেগম

একো এটা সিদ্ধান্ত ল’ব নোৱাৰা এই আহুকলীয়া সময়কণ বহুবাৰ পাৰ লগীয়া হৈছে মাধুৰীমাই । কোনোফালেই মনটোক তাই ঢাল খুৱাব পৰা নাই । থিৰ হওঁ বোলা মনটোক আকৌ কিছুমান বিশৃংখল ভাৱনাই জোকাৰি পিষ্ট কৰি থৈ যায় । সুবিশাল সাগৰৰো এটা সীমা আছে কিন্তু এই অবুজ মনটোৰ ? না তাৰ সীমা আছে না পাৰ আছে না বান্ধিব পৰাকৈ শক্তিশালী তাই !

ধুনা গুচি যোৱাৰ শূন্যতা এই দুদিন তাই বাৰুকৈয়ে উপলব্ধি কৰিছে । আৱিৰে এই কথা বুজিয়েই তাইক বাৰে বাৰে তাৰ কাষলৈ মাতিছে । আৱিৰেওঁ জানে ধুনা গুচি যোৱাৰ পিছত মাধুৰীমা আৰু হিমাংশুৰ মাজত সৃষ্টি হ’ব পৰা জটিলতা খিনি । কোনেও নুবুজা কোনেওঁ নেদেখা ছবি কিছুমান কেৱল আবিৰে দেখিছে ।
“গম কা খাজানা তেৰা ভি হে মেৰা ভি”_ মবাইলত বাজি উঠা গানৰ ৰিংটন টোৱে তাইৰ চিন্তাত ব্যাঘাত জন্মালে
ওঁ বাবুমুনু কোৱা _ আবিৰক যিটো নামেৰে মাতি হেঁপাহ পলায় তেনেকৈ গভীৰ আবেগ সানি মাতিলে তাই ।
জেঠাই কাইলৈ অবিনাশ গুৱাহাটী আহিব । তুমি তাৰ গাড়ীতে গুচি আহিবা । দেউতাক ক’ম মই । আৰু শুনা তুমি কাপোৰ কানি সৰহকৈ আনিবা । কাম নাথাকিলে গাঁৱৰ ঘৰলৈ সোনকালে ঘুৰিব নালাগে । আৱিৰে কৈ গৈছে বিৰতি নোলোৱাকৈ ।
চাওঁ ৰহ্ অ গুৱাহাটী খনত গৈ দিনৰ দিনটো ঘৰটোতে সোমাই থাকিব লাগে । বৰ অশান্তি পাওঁ । মাধুৰীমাৰ খাৰাংখাচ কথা ।
আৰু এতিয়া ঘৰত থাকিওঁ তুমি অসুবিধা পাবা । চাই লোৱা কি কৰা জনাবা মোক ৰাতি । কৈ সি ফোনটো কাটিলে ।
সচা�কৈয়ে ধুনা গুচি যোৱাৰ পিছত এই দুদিন কমখন অশান্তি পাইছেনে তাই । হিমাংশু আৰু তাই ইটোৱে সিটোৰ মুখামুখি হবলৈওঁ কষ্ট পায় । কথা বতৰা নোৱাৰাতহে চলে । এই অসুবিধাৰ কথা অনুমান কৰিয়েই আবিৰে জোৰ দিছে তাইক গুৱাহাটীলৈ যাবলৈ । কিন্তু তাই যাবলৈ বিচাৰিছেওঁ আৰু বিচৰাওঁ হয়তো নাই । হিমাংশুৰ কথা ভাবিয়েই যদি যাবলৈ মনটো আগবাঢ়িছে তাৰ কথা ভাবিয়েই পিছুৱাইছে । এই অগা পিছুৱাৰ খেলখনেই তাইৰ গোটেই জীৱনটো খেলিমেলি কৰি পেলালে । ঠিক খেলিমেলি বুলি নাভাৱে মাধুৰীমাই কিন্তু মাকে ভাবে , মাকৰ প্ৰতিটো হুমুনিয়াহ যেন তাইলৈয়ে সৰে এনে লাগে মাধুৰীমাৰ কিন্তু নিয়তিৰ ওপৰত বহুত বিশ্বাসী মাধুৰীমাৰ কোনো দুৰ্বল মুহূর্ততো অনুভৱ হোৱা নাই যে তাই ভুল কৰিছে । কোনো এক কঠিন পৰিস্থিতিৰ মাজত পৰিওঁ তাইৰ অনুভৱ হোৱা নাই এই সিদ্ধান্ত ভুল আছিল বুলি । সচাকৈয়ে তাই জিনিছে ভালপোৱাক হৃদয়ৰে জিনিছে
========================
অসহ্য এই গোটেই ৰাতি অচিনাকি মতা মানুহ এজনৰ লগত বাছৰ যাত্ৰা সচাকৈয়ে অসহ্য । যিমান পাৰে মুখত কঠোৰতা সানি মাধুৰীমা গহীন হৈ দিলে যাতে মানুহজনে তাইক একো সুধিব নোৱাৰে । তিনিদিন মান আগতে দেউতাকক গুৱাহাটীত দেখুৱাব লৈ গৈছিল মাক আৰু সৰুজন মোমায়েকে । সাধাৰণ বুলি ভাবি থকা কাহ চৰ্দিয়ে এনেকুৱা এটা বেমাৰ হবগৈ পাৰে তাহাতা কোনেওঁ ভবা নাছিল শৰীৰত কেন্সাৰৰ উপস্থিতিয়ে সিহঁতৰ দৰে সৰু পৰিয়ালটোৰ মুৰত ব্ৰজপাত পৰাদি পৰিছিল । এই দুদিনত তাই ঘৰৰ গৰু গাই যি আছিল বিক্ৰী কৰি পইচা অলপ লৈ জীৱনত অকলশৰে গুৱাহাটীলৈ আহিছে । তাকো নৈশ বাছত । ওচৰত গোমোঠা মুখৰ মতা মানুহজন । বাছ চলিল কিছুদুৰ যোৱাৰ পিছত বাছখনৰ লাইটবোৰ নুমুৱাই দিয়াৰ পিছত মাধুৰীমাৰ বুকুৱে ধান বনাদি ধকধকাব ধৰিলে । কিমানবোৰ কাহিনী যে তাই শুনিছে । ভয় খাই থাকোঁতে কেতিয়ানো তাই শুই গ’ল গমেই নাপালে । জখলাবন্ধাত চিঞৰ বাখৰতহে তাই খপজপাই সাৰ পালে । কাষৰ মানুহজন নামি গৈছিল চাগে । বাছখন চলিব ধৰাৰ লগে লগে আন মানুহৰ লগতে তাইৰ সহযাত্ৰীজনো উঠি আহিল । এইবাৰহে তাই মানুহজনলৈ চালে । অসম্ভৱ গহীন মানুহজন । আহিয়েই চিটটো আওঁজাই শুবলৈ ল’লে । তায়ো বিশেষ নাভাবি শুই গ’ল । কাহিলী পুৱা বাছৰ পৰা নামিয়েই তাই ৰৈ থকা মামাকক লগ ধৰি দেউতাকৰ কাষ পালেগৈ । দুদিনতে স্বাস্থ্য ভাগি পৰা দেউতাকক দেখি মাধুৰীমাৰ বুকু ভাগি গ’ল । পৃথিৱীখন সিহঁতৰ দৰে দুখীয়া মানুহৰ বাবে নহয় চাগে । ডাক্তৰৰ লগত প্ৰয়োজনীয় কথাবোৰ পাতিবলৈ তাই বহিলগৈ বাহিৰৰ দীঘল বেঞ্চখনত ।
সকলো মানুহৰে চিন্তাক্লিষ্ট বেদনাত সিক্ত মুখ , জীৱনৰ ওপৰত সকলোৱে চাগৈ তাই হেৰুৱাৰ দৰে আশা হেৰুৱাই চলি থকা এটা পুতলা মাথোন ।
কালি আপুনি বাছত মোৰ লগতে আহিছিল চাগে? হঠাতে কাৰোবাৰ মাতত তাই বাস্তৱলৈ ঘুৰি আহিল ।
অহ্ কালি তাইৰ কাষতে বহি অহা মানুহজন ।
হয় হয় । তাই বিনয়ৰে উত্তৰ দিলে । তাৰ পিছত মামাক ,তাই আৰু হিমাংশু মানে তাইৰ বাছৰ সহযাত্ৰীজনৰ মাজত বিভিন্ন কথা বতৰা হ’ল । মানুহজনে কেন্সাৰ ৰোগত পত্নীক হেৰুৱাৰ কথা, ঘৰত থকা দুমহীয়া কেঁচুৱাটোৰ কথা কওঁতে মাধুৰীমাৰো দুচকু সেমেকি উঠিল । হিমাংশুক তাই দাদা বুলি মতাৰ অনুমতি লোৱাৰ লগতে দেউতাকৰ চিকিৎসাৰ বিষয়ে ভালেমানখিনি কথা সুধি ললে । ডাক্তৰৰ পৰা কিবা কাগজ সংগ্ৰহৰ উদ্দেশ্য অহা হিমাংশু তাইৰ দেউতাকক দেখাৰ পিছত এজন বেলেগ মানুহ হৈ পৰিল । জীৱন যুদ্ধত তিল তিলকৈ নিজৰ প্ৰিয়তমাক হেৰুওৱা মানুহজনে তাইৰ দেউতাকক দেখিয়েই গম পালে কেইদিনৰ আলহী দেউতাক এই পৃথিৱীৰ ? সেয়ে তাইৰ অলক্ষিতে মোমায়েকক পৰামৰ্শ দিলে ঘৰলৈ লৈ আহিবলৈ দেউতাকক ।
কিন্তু নিষ্ঠুৰ নিয়তিয়ে সেইকণ সুবিধাওঁ নিদিলে সেইদিনা ৰাতিয়েই তাহাতাৰ জীৱনৰ সকলো আশা নিৰ্বাপিত কৰি দেউতাক হেৰাই গ’ল । মাকৰ হিয়াভগা কান্দোনেওঁ তাইৰ চকুলো বোৱাব নোৱাৰিলে । সন্মুখৰ এন্ধাৰ পৃথিৱীখনত তাই হৈ পৰিল তেনেই অকলশৰীয়া ।
========================
সেই সময়বোৰ নাযায় নুপুৱায় হ’ল মাধুৰীমাৰ বাবে । মাথোন হায়াৰ চেকেন্ডাৰীলৈ পঢ়ি ক’তো এটা কামো জোগাৰ কৰিব পৰা নাছিল আনহাতে আনৰ ঘৰত কাম কৰিব যাব পৰাকৈওঁ তাই নিজকে সাজু কৰিব পৰা নাছিল । এবিঘা দুবিঘাকৈ মাটিবোৰ বিক্ৰী কৰি থকাৰ বাহিৰে উপায় নাছিল আৰু মাটি ক্ৰয় কৰা গ্ৰাহক হিচাবেই আকৌ তাই লগ পাইছিল হিমাংশুক । সিহঁতৰ অৱস্থা দেখাৰ পিছত হিমাংশুৱে দুয়োটা ভায়েকক তেওঁৰ নিজৰ ব্যৱসায়ত সুমুৱাই লৈ ঘৰখনক সকাহ দিছিল । দুয়োখন ঘৰৰ মাজত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল । তেতিয়াহে গম পাইছিল মাধুৰীমাই হিমাংশুৰ সন্তান দুটি আৱিৰৰ বয়স ছবছৰ আৰু কণমানি ধুনা সাতমহীয়া ।
ধুনাৰ জন্মৰ পিছতে জৰায়ুৰ কৰ্কট ৰোগত মৃত্যু হৈছিল হিমাংশুৰ পত্নী অৱন্তিকাৰ । হিমাংশুৰ মাক আৰু দেউতাকেই আৱৰি ৰাখিছিল দুয়োটি সন্তানক । ভিতৰি ভিতৰি সম্পূর্ণ ভাগি পৰিছিল হিমাংশু । সেই কথা বাৰে বাৰে কৈছিল হিমাংশুৰ মাকে । মাধুৰীমায়ো লক্ষ্য কৰিছিল অনবৰতে জুপুকা মাৰি থকা হিমাংশুক । ধুনাৰ কলকলনিয়েওঁ হাঁহি দিব নোৱাৰা মানুহজন বয়সতকৈ বেছি বুঢ়া হৈ পৰিছিল । কোনো কাৰণ নোহোৱাকৈ কোনো অজুহাত নোহোৱাকৈ মাধুৰীমা সঘনাই আহিব ল’লে হিমাংশুহঁতৰ ঘৰলৈ । মাক দেউতাকৰ দুখী মনটোক তাই যেন কিছু সকাহ দিব পাৰিছিল । ধুনাই তাইৰ মাত চিনিব পৰা হৈছিল আৰু আবিৰ তাই নাহিলেই মন মাৰি থকা বুলি মাকে অহাৰ লগে লগে কৈছিল । আৰু তেনেকুৱা এটা দুৰ্বল মূহূৰ্ততে অনুভৱ কৰিছিল মাধুৰীমাই কিবা এটা হৈছে তাইৰ । অনবৰতে ধুনা আবিৰক আৱৰি ৰখাৰ মনটো মাকে পঢ়িব পাৰিছিল । আৰু তাই ধুনা আবিৰক চাই আহোগৈ বোলা কথাটোত যেতিয়া মাকে নালাগে থ বুলি কৈছিল তেতিয়াই মাধুৰীমাই বুকুত এক তীব্ৰ যন্ত্ৰণা অনুভৱ কৰিছিল । প্ৰতি মূহূৰ্ততে তাই চটফটাই উঠিছিল একো কব নোৱাৰা মনটোৰ হাজাৰ প্ৰশ্নৰ ভৰত তাই কেৱল উচুপিছিল ..
মৰ তই কান্দি কান্দি । কি হয় তোৰ সেই দুটা ? হা কি হয় ? তই গাভৰু ছোৱালী তেনেকৈ আন এঘৰলৈ গৈ থাকিলে কোনে কি ভাবিব তই জাননে ? _মাকৰ কথাবোৰৰ উত্তৰো নাছিল মাধুৰীমাৰ ওচৰত । আৰু তাইৰ অস্থিৰতাৰো উত্তৰ নাছিল । আৰু দুদিনমান পিছত যেতিয়া হিমাংশুৰ লগত আবিৰ আহি মাধুৰীমাক গবা মাৰি ধৰি কান্দিব ধৰিলে সকলোৰে মাত হৰিল । হিমাংশু চটফটাই আতৰি গ’ল । নিৰ্বাক মাকৰ মুখত বিয়পি ৰ’ল কেৱল অসহায়তা ।
=======:============:=====
কোনেওঁ ভবা নাছিল আশা কৰা নাছিল এনেকুৱা এটা সিদ্ধান্ত মাধুৰীমাই ল’ব বুলি । ঠিক হোৱা বিয়াখন নিজেই ভাঙি দিছিল মাধুৰীমাই । কাৰো একো প্ৰশ্নৰ উত্তৰ নিদি তাই সকলোকে এৰাই চলিছিল । নিজৰ মনৰ মাজৰ যুদ্ধখন জয় কৰি এক সিদ্ধান্তলৈ অহাৰ পিছত মাধুৰীমাই অনুভৱ কৰিছিল শিশু দুটিৰ প্ৰতি জন্ম হোৱা এই দুৰ্বলতাৰ আঁৰত তাইৰ বুকুত জন্ম হোৱা প্ৰেম । অজানিতে আবিৰহঁতৰ কথা ভাবি দুৰ্বল হোৱা মূহূৰ্তবোৰেই তাইকো ক্ৰমান্বয়ে হিমাংশুৰ কাষলৈ লৈ গৈছিল যদিওবা হিমাংশুৱে কেতিয়াও কোনো কথাতে তাইক গুৰুত্ব দিয়া নাই । প্ৰেম ভালপোৱা বহু দূৰৈৰ কথা । এনেকুৱাওঁ হয়নে বাৰে বাৰে মাধুৰীমাই নিজকে সুধি চাইছিল এজনী গাভৰু ছোৱালীৰ কিয় এনে আকৰ্ষণ জন্মিছিল দুটি কণমানি শিশুৰ প্ৰতি ? কিন্তু তাইৰটো একো আকৰ্ষণ নাছিল হিমাংশুৰ প্ৰতি । লাহে লাহে কিয় তাই আবিৰ ধুনাক এৰি এটা ক্ষণো থাকিব নোৱাৰা হ’ল । একো উত্তৰ বিচাৰি নোপোৱা কথাবোৰৰ সমাধান বিচাৰি তাই হিমাংশুক লগ ধৰিছিল । পোনচাটেই হিমাংশুৱে এই ভালপোৱা অস্বীকাৰ কৰিছিল । তাইক কটু কথা শুনাইছিল । হাৰ মনা নাছিল মাধুৰীমাই । হিমাংশুৰ মাক দেউতাকৰ আগত তাই অকপটে স্বীকাৰ কৰিছিল তাইৰ ভালপোৱা আৰু তাই লব খোজা দায়িত্বৰ কথা । পুত্ৰৰ মনৰ কথা , তাৰ যাতনাৰ কথা ভাবি তেওঁলোকে একো কোৱাৰ সাহস কৰা নাছিল কিন্তু মাধুৰীমা আছিল নাচোৰবান্দা । অৱশেষত হিমাংশুৰ প্ৰচণ্ড আপত্তিৰ পিছতো মাক দেউতাকে আবিৰ আৰু ধুনাৰ খাতিৰতে মাধুৰীমাক বোৱাৰী কৰি আনিলে । কোনো নাহিল মাধুৰীমাৰ ঘৰৰ মানুহ । দুটাকৈ সন্তান থকা বয়সীয়া মানুহ এজনৰ প্ৰেমত তাইৰ দৰে গাভৰু ছোৱালী নিমজ্জিত হ’ব পৰা কথাটো কোনেও সহজভাৱে নললে । বিয়াৰ দিনা ৰাতিয়েই হিমাংশুৱে সকলো প্ৰয়োজনীয় বস্তু লৈ তাহাতাৰ শোৱনি কোঠা এৰি ওলাই আহিল । আগফালৰ আলহী শোৱা কোঠাটো নিজৰ কৰি লোৱাৰ পৰত সি মাধুৰীমাক কৈ আহিল
” তুমি কি বিচাৰি মোৰ কাষলৈ আহিলা নাজানোঁ কিন্তু অৱন্তিকা শাৰীৰিক ভাৱে মোৰ কাষত নাথাকিলে ওঁ তেওঁৰ অস্তিত্ব মোৰ কাষত সদায় বিৰাজমান । তুমি হাজাৰ কৰিওঁ অৱন্তিকাৰ আসন লব নোৱাৰা ”
বুকু ভেদি যোৱা কথাবোৰ শুনিওঁ বিচলিত নহ’ল মাধুৰীমা । ইমান দুৰ্বল তাই নহয় । কেৱল শৰীৰৰ দাবী বিচাৰিয়েই তাই এই সিদ্ধান্ত লোৱা নাই । আবিৰ আৰু ধুনাক সাৱটিয়েই আৰম্ভ কৰিলে তাই এক ব্যতিক্ৰমী জীৱন । কোনেওঁ বুজিব নোৱাৰা কোনেওঁ অনুমান কৰিব নোৱাৰা । প্ৰতিটো পুৱা শিৰৰ সেন্দুৰকণেই তাইৰ সাহস আৰু দায়িত্ব বঢ়াই যাব ধৰিলে ।
এটা মাহৰ অগা পিছাকৈ শাহু শহুৰৰ মৃত্যু হোৱাৰ পিছত মাধুৰীমাৰ দায়িত্ব বহুগুণে বৃদ্ধি হ’ল। সময়ে আজুৰি পিজুৰি তাইক শক্তিশালী কৰিলে । আবিৰ ধুনা ডাঙৰ হৈ আহিল , সমাজৰ চকুত পতি পত্নী হৈ ৰোৱা হিমাংশু মাধুৰীমাৰ কাহিনী কিন্তু তাই আবিৰ ধুনাক খুলি কৈছিল । পঢ়া শুনা সামৰি প্ৰথমে চাকৰি তাৰ পিছত দুয়োৰে বিয়াৰ দায়িত্বওঁ পালিলে মাধুৰীমাই । কিন্তু কোনোদিনে তাই হিমাংশুৰ শৰীৰ বিচাৰি কাতৰ নহ’ল । পত্নীৰ প্ৰতি অগাধ ভালপোৱা কঢ়িয়াই ফুৰা মানুহজন তাইৰ মৰমৰ হৈ ৰ’ল ।
================
ঘনে ঘনে বাটলৈ চাইছে মাধুৰীমাই । আনদিনা ইমান সময়ত হিমাংশু ঘৰ পায়হি আজি হয়তো ধুনা নাই বাবেই নিজম ঘৰখনত তাইৰ মুখামুখি হ’ব নোৱাৰিম বুলিয়েই এতিয়ালৈকে তেওঁ উভটি অহা নাই । বিয়া হৈ ধুনা এবছৰ তেওঁলোকৰ লগতেই থাকিলে , চাকৰি বদলিৰ পিছতহে তাই শহুৰৰ ঘৰলৈ বুলি গলগৈ । উকা উদং ঘৰখনত ধুনা যোৱাৰ পিছত হেঁপাহ পলুৱাই কান্দিলে মাধুৰীমাই । কি আবেগ কি মৰমত যে তাই গোটেই গাভৰু জীৱন এই ল’ৰা ছোৱালী দুটাৰ নামত শেষ কৰি দিলে ভাবি নিজেই আচৰিত হৈছে তাই । মাহীমাক শব্দৰ পৰা নিজক বচাবলৈকে তাই দুয়োটা ল’ৰা ছোৱালীক জেঠাই বুলিব শিকাইছিল । নাজানে মাধুৰীমাই কেতিয়াবা কোনোবাদিনা আবিৰ ধুনাই মাকৰ অভাৱ অনুভৱ কৰিছে নেকি কিন্তু কোনোদিনে তাই নিজৰ ফালৰ পৰা কৃপনালি কৰা নাই ।
====================== চিন্তি সিদ্ধান্তলৈ আহিল মাধুৰীমা । আবিৰ আৰু ধুনা নোহোৱা ঘৰখনত তাই কোনসতে থাকিব হিমাংশুৰ লগত ? প্ৰয়োজনত মাত বোল কৰা মানুহজনে খোৱা বোৱা প্ৰায় বাহিৰতে কৰে গতিকে সেইখিনি চিন্তাৰ পৰা তাই মুক্ত ।
আবিৰৰ বন্ধুজনৰ লগত গাড়ীত যোৱা সিদ্ধান্ত বাদ দি তাই বাছৰ এটা টিকট আবেলি কৰাই আনিলে । কাপোৰ কানি সামৰি বাট চাইছে হিমাংশু ঘূৰি অহালৈ নহলে হয়তো তাই বহুবছৰৰ বনকৰা মানুহ পৱন দাইটিৰ হাততে চাবিপাত দি যাব ।
আঠ বাজি যোৱাৰ পিছতো হিমাংশু যেতিয়া নাহিল মাধুৰীমাই বুজিলে তেওঁ উভতি নহাৰ এটাই কাৰণ সেইটো হ’ল মাধুৰীমাৰ মুখামুখি হ’ব নোৱাৰা । পৱন দাইটিক সকলো বুজাই পৰাই মাধুৰীমা ৰিক্সা এখনত উঠি বাছৰ কাউন্টাৰ পালেহি । এতিয়াও বাছলৈ এঘন্টা । বেছি ৰাতি হ’লে ৰিক্সা নাপাব বুলিয়েই তাই লৰালৰিকৈ গুচি আহিল । এবাৰ হিমাংশুৰ মুখখন চাবলৈ বুকুখন চটফটাই উঠিল । আজিলৈকে তাইক পত্নীৰ মৰ্যাদা দিব নোৱাৰাৰ পিছতো তাইৰ বুকুখনে হাহাকাৰ কৰে ভালপোৱাৰ এপলক সান্নিধ্য বিচাৰি । মনে মনে ভাবে মাধুৰীমাই কিমান ভাগ্যৱান অৱন্তিকা । যিজন মানুহে মাধুৰীমাৰ সতে ছাব্বিশ টা বছৰ কেৱল মাত্ৰ পতিৰ নাম ভূমিকা লৈ থাকিল সেই মানুহজনে কিমান ভালপাব পাৰে পত্নীক ? কোনোদিনে কোনো কথাতে তেওঁ মাধুৰীমাক একো অভাৱত পৰিব দিয়া নাই । তাইৰ ৰুমটোলৈ সোমাই অহা নাই , অপ্ৰয়োজনত কথা এষাৰ পতা নাই সেই মানুহজনৰ ওপৰত সচাকৈয়ে একো অভিযোগ নাই মাধুৰীমাৰ ।
বাছখন ষ্টাৰ্ট দিলে , পানীৰ বটল এটা কিনি বাছত উঠিবলৈ আগবাঢ়োতেই দেখিলে মাধুৰীমাই হিমাংশু দৌৰি আহিছে তাইৰ কাষলৈ । তাই ৰৈ দিলে ।
কলৈ যোৱা ?ফোপাই জোপাই সুধিলে তেওঁ ।
আবিৰৰ ওচৰলৈ । মই ৰৈছিলো আপোনালৈ । ফোনো কৰিছিলো । মই দাইটিক কৈ আহিছোতো । ভালকৈ থাকিব । হিমাংশুৰ চকুলৈ চাই থকাৰ সাহস কৰিব নোৱাৰি মাধুৰীমা বেগটো লৈ বাছত উঠিল ।
মাধু___হঠাতে হিমাংশুৰ মুখৰ পৰা বাগৰি অহা শব্দটিয়ে ৰখাই দিলে মাধুৰীমাক । তাই ঘুৰি চালে ।
মাধু প্লীজ তুমি নাযাবা । প্লীজ । হিমাংশুৱে দুহাত জুৰিলে । আন মানুহবোৰে চোৱাচুই কৰা দৃশ্যটো তাইৰ সহিব নোৱাৰিলে । পাৰভাঙি অহা আৱেগ কোনোমতে সামৰি তাই নামি আহিল । বাছখন গুচি যোৱা নিজম ঠাইডোখৰত ৰৈ দিলে মাধুৰীমা । কাষত হিমাংশু । কাৰোৰে মুখত মাত নাই । দুখে যিদৰে কাতৰ কৰে আজি সুখে তাইক দুৰ্বল কৰিছে । দুভৰি আগুৱাই দিবলৈ তাই শকতি পোৱা নাই । চকুপানীৰে বাট নেদেখা হৈছে মাধুৰীমা । সচাকৈয়ে এইজনেই নে সেইজন হিমাংশু ? যাৰ অকণমান প্ৰেমৰ বাবে ভালপোৱাৰ বাবে তাই গোটেই জীৱন বাট চালে ।
ব’লা ,যাওঁগৈ _কৈ বেগটো লৈ হিমাংশু আগবাঢ়িল । পিছে পিছে কঁপা কঁপা দুভৰিৰে মাধুৰীমা । বাছ আস্থানৰ সৰু পাণ দোকান এখনত ৰেডিঅ ত বাজি আছিল তাইৰ প্ৰিয় গীত
“তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলী “

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক