অৰণ্যৰোদন ( নাজমা বেগম )

হোপাই জোপাই বিষ্ণু বৰুৱাই যিমান পাৰে জোৰেৰে চাইকেলৰ গতি বঢ়াইছে৷ চমুতকৈ চমু ৰাস্তাৰ গতি তেওঁৰ নখ দৰ্পণত৷ তথাপি আজি ৰাস্তাটো দীঘল যেন লাগিছে, শেষ নহয়হে নহয়৷ বৰ মইনাৰ ডেডবডি চিনাক্ত কৰিবলৈ অনাৰ দিনাও পুলিচ ভানখনৰ পুৰণি লোহা কেইডাল খামুচি ড্ৰাইভাৰক কৈছিল-‘জোৰেৰে চলা অ বোপাই ৰাস্তাটো বৰ দীঘল লাগিছে৷’

সুলেখা মানে তেওঁৰ পত্নীৰ মৃত্যুৰ দিনাও বজাৰৰ পৰা সো সোৱাই পোন হৈ থকা পথটোও তেওঁৰ বাবে দীঘল হৈছিল৷ হয় হয় সুখৰ কিম্বা দুখৰ প্ৰতিটো সময়ত তেওঁক চিনাকি পথটোৱে অচিনাকি ৰূপ ধৰি তেওঁৰ পৰীক্ষা লয়৷ সৰু মইনাৰ ওপৰত অকৰা খঙ এটা উজাই আহিছে তেওঁৰ৷ যোৱা প্ৰায় দুবছৰ ধৰি সি ঘৰলৈ নহাৰ দৰে৷ যজা নাতিনী দুজনীৰ পাচ বছৰীয়া জন্মদিনটো সুলেখাই ধুমধামেৰে পাতিছিল, নিজৰ এজনী ছোৱালী নহ’ল বুলি বিষ্ণু বৰুৱাৰ সন্মুখত প্ৰায়েই আক্ষেপ কৰি থকা সুলেখাই সৰু মইনাৰ একেলগে দুজনী ছোৱালী হোৱাৰ আনন্দত কাম বন পেলাই প্ৰায় দুমাহ সৰু মইনাৰ ঘৰত আছিলগৈ৷ অলপ ডাঙৰ হ’লত সিহঁত দুজনীও আইতাকৰ পিছ নেৰা হৈছিল৷ পুতলা বনোৱা, মাটিৰ লডা সাজি আম, অমিতা, কল আদি সজা কামবোৰ বোৱাৰী স্বাগতাই পেটে পেটে বৰ ভাল নাপাইছিল৷ প্ৰতিটো কামত তেওঁ উচপিচাই উঠিছিল৷ স্কুলত নাম লিখাৰ পৰা জান আৰু জুৰি তেওঁৰ আলাসৰ নাতিনী দুজনীৰ অহাটো কমি আহিছিল৷ বন্ধ মিলাই বছৰেকত যেনে তেনে এবাৰ আহিছিল৷ সুলেখাই বন্ধ পালেই সৰু মাইনালৈ সঘনাই ফোন লগাই থকা কথাটো স্বাগতাই বেয়া পাই পোনে পোনে কৈছিল বন্ধত তাহাতাৰ গান নাচ ছবিৰ স্কুলৰ কথা৷ তাৰ পিছৰ পৰা সুলেখাই দৰকাৰী কথা নাথাকিলে সৰু মইনা ক ফোন নকৰা হ’ল৷ গভীৰ নিশা উচুপি উঠা সুলেখাক তেওঁ একোকে নুবুজোৱা হ’ল৷ ডাঙৰ মইনাৰ অকাল মৃত্যুকো দুয়ো দুয়োকে একো নোকোৱাকৈ সহিছিল৷ সৰু মইনাৰ বিচ্ছেদৰ যন্ত্ৰণাও সহিছিল৷ স্বাধীন অসমৰ সপোনৰ পিছত দৌৰি দৌৰি সেনাবাহিনীৰ বৰ্বৰ অত্যাচাৰত থকা সৰকা নিস্প্ৰাণ দেহটো যেতিয়া তেওঁ থানাৰ পৰা আনিছিল সেইদিনাও দুয়ো আৰে আৰে কান্দিছিল৷ সৰু মইনাক সেনাবাহিনীৰ চকুৰ পৰা আতৰাবলৈ অসমৰ বাহিৰলৈ পঠিয়াই দিবলৈ দুয়ো বুকু ডাঠ কৰিছিল৷ অকলে অকলে জীৱন সামৰি অভ্যস্ত হোৱাৰ সময়তেই বিষ্ণু বৰুৱা ৰ জীৱনত আন এটি ধুমুহা আহিছিল৷ একেবাৰে সৰুজনী ভনী তেওঁৰ আকৰী আছিল, কথা বতৰা পাতিব নোৱাৰাৰ বাহিৰে সকলো কাম কাজতে পাকৈত আশাক বিয়া দিয়াৰ দায়িত্বও তেওঁ সামৰি লৈছিল৷ পিছে বৰ মইনাৰ মৃত্যুৰ পিছত নিসন্তান আশাৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল৷ আকৰী আজলী আশাই সকলো সহি থকাৰ তেতিয়াহে পোহৰলৈ আহিল যিদিনা সুলেখাই পুখুৰীৰ পাৰত গা ধোৱা আশাৰ পিঠিত ফলা খৰিৰ কোব দেখিলে৷ প্ৰথমে স্বীকাৰ নকৰা আশাই বিষ্ণু বৰুৱাৰ অভয় পাই সকলো বুজাই দিলে, সেই যে আহিছিল তাই আৰু ঘূৰি নগ’ল৷ সৰু মইনাৰ বিয়া, সুলেখাৰ মৃত্যুৰ পিছত এতিয়া আশাৰ আকাৰ ইংগিত ৰ মাজতে তেওঁৰ জীৱন চলি গৈছে৷ কথাবোৰ ভাবি ভাবি আহি তেওঁ পদুলি ৰ পৰাই আশাক চিঞৰিলে, তাই কাণেৰে নুশুনে বুলি জানিও চিঞৰি কিবা এটা স্ফূৰ্তি পালে তেওঁ, কিজানি ডেৰ বছৰৰ মুৰত সৰু মইনা আহিব, অভিমানত বিষ্ণু বৰুৱাই তালৈ ফোন নকৰা হ’ল, সি মাহৰ মুৰত কেতিয়াবা খবৰ এটা লয় তাকো লৰালৰিকৈ থৈ দিয়ে সি৷ জান জুৰিৰ লগত পিছে সঘনাই মবাইলত তেওঁৰ কথা বতৰা হয়৷ আজিৰ খবৰটোও জুৰিয়ে দিয়া, তাহাত ডিব্ৰুগড়ৰ মোমায়েকৰ তালৈ গৈছে, আজি ঘুৰাৰ কথা৷ তাহাতে হেনো দেউতাকক কৈছে ঘূৰি যাওঁতে ককাৰৰ ঘৰত সোমাই যাব বুলি৷ অকাৰণতে শোক এটাই বুকুত খুন্দিয়াই ধৰিছিল বিষ্ণু বৰুৱাক৷ পঢ়িবলৈ বা ডাঙৰ মইনাৰ ঘটনাই স্পৰ্শিব নোৱাৰাকৈ আতৰাই পঠিওৱা সৰু মইনা বৰ বেছি সলনি হৈ গৈছিল৷
সকলো ভাবনাক ঠেলি আতৰাই আশাক তেওঁ বুজালে সৰু মইনা ৰ কথা, জান আৰু জুৰিৰ কথা৷ জুৰিয়ে কোৱা মতে তাহাত ২ টা মান বজাত নগাওঁ পাই যাব লাগে৷ এতিয়া ঘড়ীত বাৰৰ কটা পাৰ হৈ গ’ল৷ বিষ্ণু বৰুৱাই লৰালৰিকৈ পাৰ দুটা ধৰিলে, পুখুৰীত জাল পেলাই ডাঙৰ ডাঙৰ মিৰিকা, ভকুৱা উঠালে৷ আশাৰ যেন মাটিত ভৰি নপৰিব৷ সৰু মইনাই ভাল পোৱা ধৰণে মাছ বনাবলৈ জানে মাথো আশাই৷ বাৰীৰ পৰা মধুসোলেং আনিব যাওঁতে ওচৰৰ গগৈনীক আকাৰে ইংগিতে বুজাই আহিল সৰু মইনা অহাৰ কথা৷ বিধে বিধে খোৱাৰ জোগাৰত লাগিল আশা কিন্তুু তাইৰ আগত পাৰ মাৰিব নোৱাৰি নিদিয়ে তাই, সেয়ে তেওঁ ঠিক কৰিলে পাৰ দুটা জান জুৰিক দিয়েই পঠাব, তাতেই খাবগৈ৷ সুলেখাৰ মুখখন মনলৈ আহিল তেওঁৰ, হাঁহ পাৰ মাৰিব নিদিয়া মানুহজনীয়ে নাতিনীয়েক হতৰ বাবেই হাঁহ পাৰ পুহিব লৈছিল, আহিলে সেইবোৰ খুৱাই স্ফূৰ্তি পাইছিল৷ পাৰৰ কোমল মাংসবোৰ চোবাই ভাল পোৱা জান জুৰিক নিজ হাতে বনাই খুৱাইহে শান্তি পাইছিল তেওঁ৷ তেওঁৰ মৃত্যুৰ পিছত ৬ বছৰীয়া জান জুৰিৰ ৰাউচি জোৰা কান্দোনেহে বিষ্ণু বৰুৱাক বেছিকৈ কন্দুৱাইছিল৷
আশাই ভাত পানী বনাই আজৰি হৈ বাট আৰু ঘৰ, বাট আৰু ঘৰ, তাতবাতি কাঢ়ি থাকিল৷ ঘড়ীটোলৈ যে কেইবাৰ চালে৷ নাতিনী দুজনীক বুকুত সুমুৱাই লোৱাৰ হেঁপাহ তেওঁৰ বুকুত তীব্ৰ হৈ উঠিল, কি যে মোহ এইবোৰ _ মনৰ মাজতে ভাবিলে তেওঁ৷ ঘড়ীৰ কাটাই ৩ ঘৰ চো চো হ’ ল৷ তেওঁ লাহেকৈ জুৰিৰ মবাইল ৰ নাম্বাৰ টিপিলে, দুয়োজনীৰ এটাই মবাইল, একেই মাত, তেওঁৰ খেলিমেলি লাগে৷ কিন্তুু তেওঁক আচৰিত কৰি ফোনটো তুলিলে সৰু মইনাই৷ কণ্ঠত কোনো জড়তা নাই, নাই আবেগ৷ দেউতা আমি ধাবা এখনত খাই আছো, অলপ পিছত পাই যাম আমি৷ তোমালোকক দিগদাৰ দিব মন নগ’ল৷ ইহঁত দুটাক তোমাক কবলৈ ইমান বাধা দিলো নুশুনিলে৷ আৰু শুনা দেউতা মোৰ মাটি বাৰীৰ কথা অলপ পাতিবও আছিল, আৰু একো শুনি থকাৰ ধৈৰ্য্যই নহ’ল তেওঁৰ৷ লাহেকৈ ফোনটো কাটি আশাৰ তাতশালৰ কাষত বান্ধি থোৱা পাৰ দুটাৰ সজাঁটো তেওঁ দাঙি দিলে৷ ধপধপাই উৰি গৈ পোৱালি দুটাই কু কুৱাই মাকৰ ওচৰত আদৰ বিচাৰিলে৷ আশাই নেদেখাকৈ গামোচাখনেৰে চকুপানী বোৰ মচি তেওঁ এজন পাকৈত ভাৱৰীয়া হোৱাৰ প্ৰস্তুতি চলালে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments