অৰণ্যৰ ভিতৰ চ’ৰাত (-ঘণশ্যাম ৰাজবংশী)

সন্ধিয়া ভাত কেইটা খায়ে সাজু হওঁ অৰণ্যৰ ভিতৰত থকা টংচিটোলৈ৷ কেতিয়াবা লৈ যোৱা হয় নিশাৰ ভাত সাজো৷ শিৱিৰৰ পৰা টংচিৰ দুৰত্ব ডেৰ দুই কিলোমিটাৰ মান হ’ব৷ লুঙ লুঙীয়া হাবিৰ পথ৷ পথটোৰে গৈ থকাত হঠাৎ সন্মুখত গঁড়, হাতী, বাঘ ওলায়৷ সিহঁতক খেদি মেলিহে নিশা টংচি পাওঁ গৈ৷ আন্ধাৰেই থাকক বা জোনাকৰ পোহৰেই থাকক, বৰষুণ আহক বা ধুমুহাই আহক টংচিত যাবই লাগিব এদিন এৰি এদিন সলনা-সলনিকৈ৷ কেইবাদিনো মাক-পোৱালি গঁড়ৰ আগত ওলাইছিলো৷ মাক-পোৱালি গঁড়ৰ আগত ওলালেই আগতেই পোৱালিটোয়ে মানুহৰ ওচৰলৈ আহিব বিচাৰে৷ হঠাৎ পোৱালিটো আগবাঢ়িলেই মাকে খেদিবলৈ আহে ধেৰ ধেৰাই বিকত শব্দ কৰি৷ মুখ মেলি কামুৰিবলৈ খেদি আহে সময়ত গুলি ফুটাবলৈয়ো নোৱাৰা হৈ পৰো৷ জানোচা গুলি কৰোতে গঁড়ৰ গাতেই লাগে৷ গঁড়ৰ আক্ৰমণতে বহুজন সহবনকৰ্মী আহত আৰু নিহত হৈছিল চকুৰ আগত৷ যিমানেই সাহসী নহওক কিয় মাক-পোৱালি গঁড়ৰ খেদা যি সকলে পাইছে সেই সকলে দেখিলেই পলাব ধৰে৷
এদিন সন্ধিয়াৰ ঘটণা এটিৰ কথা৷ শিৱিৰৰ ওচৰে পাজৰে দুটা মতা-মাইকীয়ে খেদা-খেদিকৈ দৌৰি আছিল৷ এসময়ত গৈ যেনিবা মাইকী গঁড় জনীক মতাটো বস কৰি ওপৰত উঠি ল’লে৷ মাইকীজনীয়ে মতাটোক পিঠিৰ ওপৰতে উঠা ঘূৰাই লৈ ফুৰিছে৷ মাজে মাজে সুহুৰী বজোৱাৰ দৰেও শব্দ শুনি থাকিলো৷ সন্ধিয়া পাৰ হৈ যোৱাত টংচিলৈ ওলাবৰ সময় হ’ল৷ জানুৱাৰী মাহ কুৱঁলীত একো নেদেখি টৰ্চৰ পোহৰেও কাম নিদিয়ে তেনেদৰেই আন্দাজ মতে গৈ আছিলো লুঙ লুঙীয়া পথটোৰে তিনিজন৷ পিঠিত বান্ধি লৈছিলো সাধাৰণ কম্বল এখন এখন প্ৰতিজনে৷ শিৱৰৰ পৰা গৈ ঘন জোপোহাৰ বনৰ মাজ মান পাইছিলোহে৷ হঠাৎ টৰ্চৰ পোহৰত গঁড় দুটাক দেখি সিহঁতৰ গাত পোহৰ পৰাৰ লগে লগে মতাটো মাইকী জনীৰ পিঠিৰ পৰা নামিয়েই আমালৈ খেদি আহিল৷ এটা হ’লেই কথা সুকিয়া আছিল৷ সমান সমান এহাল সিহঁতৰ প্ৰেমকৰ্মত আমি বাধা স্বৰূপ হৈ পৰিছিলো৷ এহাতে টৰ্চ এহাতে ৰাইফল৷ লগৰ জামালউদ্দিন গৃহৰক্ষী জনক টৰ্চ দি মই গুলি কৰিবলৈ ধৰিলো৷ চাৰি ৰাউণ্ড মুখৰ আগত৷ গুৰুম গুৰুম কৈ ফুটাও মাটিবোৰ চিটিকি কাণে মুখে পৰা দেখিছিলো৷ এবাৰ পিচলৈ এবাৰ আগলৈ অহা-যোৱা কৰি আছিল৷ ৰাইফলৰ নলী ওপৰলৈ কৰিবলৈয়ো মই সময় পোৱা নাই৷ গঁড়টো মোৰ মুখৰ আগত এই মোক এই ধৰে ধৰে৷ পিচত থকা জনক চিঞৰিলো-
– কুৰ্মী ওচৰলৈ আহ ঐ কাপোৰ পেলায় দে সিহঁতৰ মুখত৷
এপাকত মোৰ মুৰৰ টুপি খুলি পেলায় পিচুৱাই আহিলো৷ প্ৰথম গুলিৰ শব্দত মাইকী জনী অন্যফালে হাবিৰ মাজেৰে হৰহৰাই দৌৰ৷ মুৰৰ টুপিটো দলিয়াই দিয়াৰ লগে লগে টুপিত কামুৰি জোকাৰিব ধৰিলে খঙত৷ তিনিও পিচুৱাই পিচুৱাই ইকাৰৰ জোপাহাৰ আৰ লৈ লুকাই পৰিলো৷ সেইদিনা দেখিছিলো গঁড়ৰ নিশাৰ ৰুদ্ৰ মুৰ্তী৷ মুখৰে ধেৰ ধেৰণী কৰাত ধোৱা ওলায় থকা দেখিছিলো৷ মোক যদি সিদিনা কামুৰিব পাৰিলে হয় কিমান যে টুকুৰা টুকুৰী কৰিলে হয় গঁড়টোহে জানিলে হেঁতেন৷
বহু সময় জোপাহাৰ আৰ লৈ থকাৰ পিচত গঁড়টো আতৰি গ’ল৷ আমি পুনৰ খোজ ল’লো টংচিলৈ৷ কিছু দুৰ অহাৰ পিচত আমাৰ গোন্ধ পায় আকৌ আমাক খেদা ধৰিলে৷ গা পৰা ৰাস্তাতে কম্বল খন পেলায় দি দৌৰিব ধৰিলো৷ যেনেতেনে গৈ হে টংচিত বগাই উঠিলো আটাইকেইজনে৷ টংচিৰ পৰা টৰ্চ জ্বলাই চাব ধৰিলো ৩/৪ মিটাৰত ৰৈ ওপৰলৈ মুৰ কৰি চাই আছে৷ দেখিলো কাণ ফটাক৷ যুদ্ধ লগাত চাগে তাৰ তেনে গতি হৈছিল৷
ঃ জামাল এইটো কাণ ফটাতো অ’ সেয়েহে আজি আমাৰ পিচা এৰা নাই৷
জীপৰ আৱাজ পালেও খেদি আহে এইটোয়ে৷ আমাৰ গোন্ধ পোৱাটো সি স্বাভাৱিক কাৰণ এই তিনি মাহ কম্বল ধুৱও নোৱাৰি শুকাবও নোৱাৰি৷ সেয়েহে চাগে কম্বলৰ গোন্ধ আৰু কুৰ্মীৰ জংঘলী ভাঙ খোৱা গোন্ধেও তাক পাগলা কৰি দিলে৷ ইফালে মাইকীও পলাল কাণফটাৰ৷ প্ৰেম কৰি থকাত বাধা পালে ক’ত আৰু মানে৷ আজি আমাক ভালটোয়ে লগ পাইছিল বোপায় হঁত৷
নিশা ২ মান বাজিছিল মাইকী জনীয়ে টংচিৰ পূৱত থকা দণ্ডিটোৰে আহি আছে৷ তাই অহা গম পায় মাইকীজনীক মতাটোয়ে বিচাৰি যোৱা দেখিছিলো৷ শম্ভু কুৰ্মীৰ প্ৰেচাৱ লগাত টংচিৰ ওপৰৰ পৰাই পাইপ খুলি দিলে৷ মাটিত পৰাৰ লগে শব্দ হোৱাত মই ক’লো-
– লাহে লাহে এৰ অ’ কুৰ্মী৷ বেচিকৈ এৰি দিলে বানপানী হ’ব৷
এজন এজন কৈ তিনিজনে তলত প্ৰেচাৱ কৰাত প্ৰেচাৱৰ দোঙা বান্ধি গ’ল৷ মই চিৰিত বহি গঁড় জনী অহালৈ চাই আছিলো৷ ৫ মিনিট মানৰ পিচত দেখিলো প্ৰেচাৱৰ গোন্ধ পায় গঁড় জনীয়ে মনে মনে আহি প্ৰেচাৱৰ দোঙাত মুখ দি দি মাটিবোৰ খায় আছে৷ হঠাৎ টৰ্চ জ্বলায় দিয়াত ওপৰলৈ চায় যি দৌৰ দিলে৷ মই বহু সময় তাইলৈ চাই থাকিলো৷ ভাবিছিল নেকি গঁড়জনীয়ে আকৌ আমি গুলি ফুটাও বুলি৷ অলপ পিচতে আহিল মতাটো মাইকী জনীৰ মাত শুনাত সিয়ো দৌৰিছে মাইকীটো যোৱাৰ ফালে৷ লগ পোৱা যেন লাগিল আকৌ সিহঁতৰ জোৰ লাগিল বুলি অনুমান কৰিলো৷ টংচিটোৰ আশে-পাশে কেইবাটাও দণ্ডি থকাত ৰেলৰ জংচন সদৃশ হৈ আছে টংচিৰ ওচৰত৷ যি ফালৰ পৰা নাহক টংচি পাৰ হৈয়ে নদী খনলৈ ওলায় যায় পানী খাৱলৈ৷ ( ঠাইবোৰ নাম আছে যদিও উল্লেখ কৰা নাই অৰণ্য চিকৰতিৰ বাবে৷ ) অকল গঁড়েই নহয় হাতী, বাঘ, পহু আদিও৷ এইবোৰ অৰণ্যৰ ভিতৰ চ’ৰাৰ ক’ৰ এৰিয়া ( বিপদ যুক্ত ঠাই) এনেবোৰ ঠাইত একমাত্ৰ বনকৰ্মী সকলেহে অহা-যোৱা কৰে৷ অন্য দৰ্শানৰ্থীৰ বাবে এনেবোৰ অঞ্চলৰ বাবে নিষেধ৷
ৰাতি পুৱাবলৈ বেচি সময় নাই যদিও কুৱঁলীয়ে আৱৰি ধৰাত আৰু চাৰিওফালে অৰণ্যৰ দৃশ্যই এক মোহনীয়া ৰূপ লৈছে৷ মোৰ বৰ ঠাণ্ডা লাগিছিল সেইদিনা৷ গাত লোৱা কম্বলো বাটত পেলায় থৈ আহিলো টংচিত আহোতে৷ সেইখনৰ বা কি গতি কৰিলে কাণফটাই? দেখিলেহে ক’ব পাৰিম৷ পোহৰ হওঁ হওঁ নদীৰ পাৰলৈ গৈ পুৱাৰ কামটো কৰিব লাগিল৷ কুৰ্মী জামালকো তললৈ নামি আহিব দিলো৷ নদীলৈ যোৱা ডণ্ডীটোৰে তিনিও খোজ লৈছো মাজ ভাগ পাইছোহে হঠাৎ দেখিলো কুৱঁলীৰ মাজে মাজে দণ্ডিটোৰে আহি আছে প্ৰকাণ্ড দঁতাল হাতীটো৷ মই মাত্ৰ ক’লোহে এই হাতী, আহিলেই নহয় শুড়ডাল কোচাই আমাৰ ফালে খেদি৷ ১ মিনিটৰ ব্যৱধান কোনে কোন ফালে দৌৰি ডাঠ হাবিৰ মাজত সোমালো ক’ব নোৱাৰিলো৷ আমি ঝৰ ঝৰাই সোমায় যোৱাত পহুয়েও চিঞৰীব ধৰিলে৷ দণ্ডি এৰি দিয়াত হাতীয়ে দণ্ডিটোৰে ওলায় টংচিৰ ওচৰৰে পাৰ হোৱাত টংচিৰ চিৰিত হাতীৰ ঠেং লাগি চিৰি বাগৰি পৰাৰ শব্দ শুনিলো৷ হাতীয়েও দিলে চিঞৰ কিজানি তাৰ গাতে পৰিল বুলি ভাবি৷ আমি যিমান ভয় খায়ছিলো তাক দেখি, সিয়ো চাগে আমাক দেখি দুগুন ভয় খায়ছিল৷ সেয়েহে তাৰ লৰা ধপৰাত দেং মেলোতেই চিৰিত ঠেং লাগিছিল৷ ইফালে আমাৰ নদীৰ পাৰত পুৱাৰ কৃতকৰ্ম কৰিবলৈ আহি বিপদে আগুৰি ধৰাত নিজকে বৰ অসহায় বোধ কৰিলো৷ তথাপিও গ’লো নদীৰ বালিলৈ ওলায়৷ বালিত বহি লৈছো তিনিজনে বিহাৰী মানুহে ৰেল লাইনৰ চিৰিত বহাৰ দৰে৷ পানীৰ যুৱলীলৈ যাব লওঁতে দেখা পালো পুহমহীয়া নদীত সাতুৰি সাতুৰি পাৰ হ’ব ধৰিছে বাঘে৷ মুৰটোহে দেখিছো পানীত গাটো দেখা নাই৷ আমাক পুৱা হয়তো দুৰৰ পৰা পহু বুলিয়ে চাগে ভাবিছিল বহি থকাত৷ যেই ঠিয় হ’লো তৰানৰা চিগি যোৱা দি বাঘে ভতিয়াই অন্য দণ্ডিৰে পাৰ হৈ গ’ল৷ প্ৰায়ে ঘটি থকা ঘটনা দেখি থকা দৃশ্য তাৰ মাজতে ৰগৰ কৰো সহকৰ্মীৰ লগত৷
– জামাল আজি চাগে মামাৰ ভাগ্য বেয়া৷ মামা চাগে হাই হাই কৰি ভাবিছে৷ পুৱাই দেখিলো দুই ঠেংঙীয়াক ক’ত পাম আজি চাৰি ঠেংঙীয়াক৷
এই শিৱিৰত থাকোতে প্ৰতিদিনেই মুখা-মুখি হৈছিলো৷ হয় হাতীৰ লগত নহয় গঁড় বাঘৰ লগত৷ অকলে শিৱিৰত থাকোতেও হাতীয়ে যিহে উৎপাত লগায়৷ পায় থৈছো তাৰো সোৱাদ৷ এদিনীয়া মানুহ হ’লে হাগিমুতি হাৰ্টফেলই কৰি দিব৷ চোতালত পহু চৰি থাকোতেই চকুৰ আগতে বাঘে ধৰে পহুক৷ গঁড় ৬/৭ টা মান চৰিবলৈ আহে৷ কিমান যে কি হ’ল মই আৰু সহকৰ্মী সকল ভুক্তভুগী কি খৰালী কি বাৰিষা৷
এবাৰ বৰদৈছিলা আহিল ঠিক ১১ মান বজাত৷ লৈ গ’ল উৰুৱাই টংচিৰ চালি৷ গছ জোপা এই ভাঙো এই ভাঙো কৰে৷ ওচৰতে কেইবাজোপা গছ উঘালী পৰিব ধৰিছে৷ উপায় বিহিন হৈ পৰিলো৷ যিমান পাৰো ভগৱানকে চিঞৰীব ধৰো৷ হে কৃষ্ণ কৃষ্ণ কৰা পৰিত্ৰাণ৷ তুন নাও বুঢ়ে আহে নাহিকে জ্ঞান৷ যিমান পাৰো ঘোষা গাব ধৰো মনত থকাবোৰ৷ মোৰ দৰে সহকৰ্মী সকলে ধুমুহাৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱানক কাকুতি মিনতি কৰিব ধৰে৷ বতাহ বৰষুণৰ লগতে ঔ ফুলীয়া শিলো পৰিব ধৰিছিল৷ সিহঁতক কৈছিলো মুৰটো বচায় ৰাখ আৰু লগত লৈ অহা ভগৱানে দিয়া সম্পত্তিটোও যতনে ৰাখিবি অ’ যাতে নপৰে শিল৷ ৷ প্ৰভু ঈশ্বৰৰ বাহিৰে আমাক আৰু কোনেও যে ৰক্ষা কৰিব নোৱাৰে তাকেই ভাবি থাকো৷ শিৱিৰ সলনি হৈ এতিয়া ৰেঞ্জ হেড কোৱাৰ্টাৰত থকাত৷ পাল পাতি পাতি শিৱিৰ টংচিবোৰ ভিজিত কৰাৰ লগতে তেওঁলোকৰ লগতো থাকি নিশাটো পহৰা কৰি পুনৰ পুৱা শিৱিৰলৈ উভতি আহো৷
নতুনকৈ অহা হীৰক শৰ্মা বনপালক গ্ৰেড-১ জনৰ লগত গৈছিলো নিশাৰ তহলদাৰীত যাওঁতে দেখুৱাই গৈছিলো ক’ত ক’ত কেনেদৰে মুখামুখি হৈছিলো জীৱ-জন্তুৰ লগত আৰু ক’ত কি ধৰণৰ জীৱ-জন্তু আছে কৈছিলো৷ কম দিনৰ ভিতৰতে চহৰত থকা যুৱক জন সাহসী হৈ পৰা আৰু প্ৰকৃতিৰ লগত খাপ খায় পৰিব পৰা হ’ল৷ সেই এলেকাটোৰ শিৱিৰৰ দুজন বনকৰ্মী লগ পাইছিলো তেওঁলোক উঠি আছে টংচি৷ আমি গৈ ১’৩০ মিনিট মান বজাত পাইছিলো৷ মই সহকৰ্মী কেইজনক ক’লো- মই কিছুসময় টংচি উঠি আন শিৱিৰৰ চিগনেল লও৷
ঃ মই বাৰু টংচিৰ চিৰিত বহো৷ তোমালোক দুজন নদীৰ পাৰলৈ যোৱা আৰু দুজনে তলত অলপ সময় থাকিম৷ তলত আছিল হীৰক শৰ্মা বনপালক গ্ৰেড ১ জন আৰু ছিদ্দিক আলি৷ ছিদ্দিকক কেইটামান জোকে ভৰিত লাগি থকাত এৰুৱাই আছে আৰু শৰ্মাই দিঙিত হাতত দি দি জোকবোৰ পেলায় আছে৷ ময়ো চাই লৈছিলো টৰ্চ জ্বলাই দুডাল মান পেণ্টত লাগি আছিল বাবে এৰুৱাই দি গম লৈ আছো৷ বাৰে বাৰে হীৰক শৰ্মাই মুৰ আৰু ডিঙিৰ পৰা জোকবোৰ এৰুৱাই আছে৷ মোক ক’ব ধৰিলে-
-বংশীদা ইয়াত ইমান জোক! মুৰ ওপৰলৈ উঠিছে দেখোন৷
– ভালদৰে চোৱা৷ তুমি যিহে বগা চাহাবৰ দৰে তাতে আকৌ গুৱাহাটীৰ পৰা আহিছা দুই চাৰিটা জোকে খাৱই দিয়া৷
– নহয় বংশী দা বহুত মুৰত পৰে দেখোন৷
– কি কোৱাহে গছৰ পৰা পৰিছে! ইয়াত চিনাজোক আছে বুলি জানো৷ সেইবোৰ মাটিত বগাই খেৰ ইকৰাত বগাই থাকে৷ কিন্তুু ইয়াত গছত থকা জোক! চাওঁ এটা কাম কৰা টংচিত বহি থকা দৃশ্যৰ ফটো লৈ থোৱা মোৰ মনত থাকিব এইঠাই খিনি আৰু নাতি-নাতিনীক ক’ব পাৰিম চা এয়া মই “অৰণ্যৰ ভিতৰ চ’ৰাত৷ “

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments