অৰিশিখা কুটিৰ – জিতা ফুকন

শিলঙৰ প’ল ফিল্ডৰ এক মায়াৱী আৱেলি৷ দুৰত নাতিনী দুজনীয়ে এটা বলৰ পিচত দৌৰি আছে৷ বহুতো মানুহ বিচৰণ কৰি আছে ঘাঁহনিডৰাত৷ প্ৰেমিক প্ৰেমিকাৰ যুঁটি দুটামানে হাতে হাত ধৰা ধৰিকৈ জীৱনপ্ৰেমৰ ৰস পান কৰিছে, ল’ৰা-ছোৱালী কিছুমানে খেলিছে, পৰিয়াল এটাই একেলগে ফটো উঠিছে, এজাক পাখিলগা পখিলাৰ দৰে গাভৰুকেইগৰাকীমানে ছেলফি উঠিছে, এক বৃদ্ধ দম্পতীয়ে লাখুটি লৈ কথা পাতি পাতি খোজ কাঢ়িছে . . . সকলোৰে এৰাব নোৱাৰা ব্যস্ততা৷ জীৱনৰ ছবিখন চাবলৈ, জীৱনক উপলব্ধি কৰিবলৈ যেন প্ৰকৃতিয়েই শেষ আশ্ৰয়৷

হয়, প্ৰকৃতি একমাত্ৰ নহ’লেও এক উৎকৃষ্ট উপাদান, জীৱনক উপলব্ধি কৰাৰ! বহুত দূৰৰ জীৱনটোক জাৰি-জোকাৰি চাওঁতে, যাত্ৰাপথৰ হিচাপ-নিকাচ কৰোঁতে অচল হৈ পৰা জমা-খৰচৰ বহীখনত আউল ভঙাত প্ৰকৃতিয়ে সহৃদয়তাৰে সহায় কৰে৷ প্ৰকৃতি বিদিশা বৰাৰো বৰ প্ৰিয় সংগী৷
বাষষ্ঠি বছৰীয়া জীৱনটোত বৰাই জীৱন যেনেকৈ দেখিছে, তেনেকৈ দেখিছে মৃত্যুক৷ নিচেই কাষৰ পৰা৷ মৃত্যুক চুই চাইছে আৰু মৃতদেহত দেখিছে জীৱনৰ অসাৰতা৷ স্বামীৰ এটা স্ত্ৰোকত মৃত্যু আৰু একমাত্ৰ পুত্ৰৰ দুৰ্ঘটনাত! যোৱা সাতোটা বছৰৰ ঘটনাৰাজী এতিয়াও সজীৱ বিদিশাৰ চকুত৷ এই অতীতে তেওঁক না জীৱলৈ দিছে না মৰিবলৈ দিছে৷ স্বামী অৰিন্দমৰ লগত বহুতৰে ঈৰ্ষাম্বিত এক প্ৰেম আৰু বিশ্বাসৰ সম্পৰ্ক আছিল তেওঁৰ৷ পিছৰ বছৰত 2011 চনৰ পুত্ৰৰ ঘটনাটো যেন ভূতৰ ওপৰত দানহ পৰা দি পৰিল৷ তাৰ পিচত উঠি বহিবলৈ পাঁচ বছৰ লাগিল বৰানীৰ৷ জীৱনৰ এই ধুমুহা, বা-মাৰলি ইত্যাদিবোৰৰ উপৰি সকলোৰে বাবে সাধাৰণ বাৰ্ধক্যৰ আৰ্শিবাদটো আছেই৷ মানসিকভাৱে দুৰ্ৱল এগৰাকী মানুহৰ সৱল বাৰ্ধক্যতো হ’বই নোৱাৰে৷

গোলাঘাটৰ কাকতিবাৰীত ঘৰ, বিদিশা বৰাৰ৷ জীৱনৰ ধুমুহাই জোকাৰি যোৱা মানুহগৰাকী বৰ্তমান কৰ্মসূত্ৰে শিলঙত থকা জীয়েক-জোঁৱায়েকৰ ঘৰৰ বাসিন্দা৷ শেষতীয়াভাৱে নতুন এক চিন্তাধাৰাক বিদিশাই লালন-পালন কৰিবলৈ লৈছে৷ জীৱনক নতুন দৃষ্টিৰে চোৱাৰ অপকট প্ৰয়াস কৰিছে৷ স্বামী তথা পুত্ৰ শোকত ডুবি থকা মানুহগৰাকীক কেতিয়া কালৰ বতাহে পৰশ পেলালে গমেই নাপালে৷ কিন্তু এয়াতো তেওঁৰ কাম্য নাছিল৷ মৃত্যুৰ সত্যাসত্য তেওঁ বুজে৷ তেওঁ মানুহ হিচাপে নিজৰ সামৰ্থ্যও বুজি পায় আৰু শোকৰ পৰিধি ভাঙি ওলাই আহিবও নোৱাৰে৷ কিন্তু এয়া তেওঁৰ জীৱন নহয়! জীৱনক এনেকৈ উপসাহ কৰি মৃত্যুৰ লগত মিতিৰালি পতাটো সমাধান নহয়৷ জীৱনটোক বিদিশা বৰাই নতুনকৈ সজাব বিচাৰে, কিন্তু কেনেকৈ?

উত্তৰ বিচাৰি নাপায় বিদিশাই৷ তাৰ সলনি ছাঁ-পোহৰৰ খেলাৰ দৰে কিছুমান ভগ্ন ছবি তেওঁৰ চকুৰ পতাত ভাঁহি আহে৷ সেই ভগ্ন ছবিবোৰৰ মাজত এটুকুৰা ছবি হ’ল ‘অৰিশিখা কুটিৰ’ৰ য’ত এসময়ত জীৱন আছিল সাঁতুৰি-নাদুৰি, হেমা আৰু আকাশৰ শৈশৱৰ কল-কলনি, প্ৰশান্তিৰ দলিচা পাৰি থোৱা দিন আৰু ৰাতিবোৰ, অৰিন্দম-বিদিশাৰ একান্ত ব্যক্তিগত উদযাপনবোৰ . . . . . কিন্তু সেইবিলাক কিয় ধৰি ৰাখিব নোৱাৰিলে, বিদিশাই? ইমান দুৰ্ৱল তেওঁতো কোনোদিনেই নাছিল?

“আইতা যাওঁ বলা, দেউতা আহি গ’ল নিবলৈ, আইতা আইতা . . . . ”
অকালবাৰ্ধক্যই কোঙা কৰা বিদিশা বৰাই অলপ দূৰত বাট চাই থকা জোঁৱায়েক মানৱৰ ওচৰত সহজ হ’বলৈ আখৰা চলালে৷ সঁচাই, জীয়েক হেমা আৰু মানৱৰ সংসাৰখনত মাণিক বিচাৰাটোৱেই এতিয়া তেওঁৰ বাবে সময়ৰ আহ্বান৷ সিহঁত দুয়োটায়ে তেওঁক সুদুৰ গোলাঘাটৰ অৰিশিখা কুটিৰৰ অন্ধকাৰ কোঠাৰ পৰা সযত্নে উদ্ধাৰ কৰি আনি শিলঙৰ সেউজীয়াৰ মাজত এৰিছেহি, নিজক চিনিবলৈ, নিজক জানিবলৈ! গাড়ীৰ খোলা খিড়িকীত পৰিচয় সুধি যোৱা বতাহজাকক তেওঁ ফুচফুচাই ক’লে, “তথাপিও জীৱন জীৱন বৰ অনুপম!”

মানৱে টেপটো অন কৰিলে, বাজি উঠিল হাজৰিকাদেৱৰ ’শিলঙৰে মনালিছা লিংডৌ . . . . . . ’! শাহুৱেকে খিড়িকীৰ গ্লাচখন বন্ধ কৰি দিলে, নিজকে বিছিন্ন কৰিলে মনৰ জগতখনৰ পৰা, আচল পৃথিৱীত সুখৰ মেলা পাতিবলৈ! হিয়া আৰু জানৰ কণমানি বাহুদুটাই তেওঁক আশ্ৰয় জনালে৷

… … … … …

ৰাতিৰ খোৱা টেবুল, বিশেষত্ব এয়ে যে আজি হেমায়ে সাতবছৰৰ পিছত মাকৰ হাতৰ ৰন্ধা খাদ্যৰ সোৱাদ লৈছে৷ বিৰতিক লৈ তাইৰ আক্ষেপ নাই, তাই গুৰুত্ব দিছে মাকৰ সন্তুষ্টি আৰু প্ৰচেষ্টাক! হেমাৰ সদায়ে এটা গৌৰৱ আছিল যে মাকে যি ৰান্ধিলেও আঙুলি চুপি খাবলৈ বাধ্য খাওঁতাজন৷ সেয়া মাকৰ হাতৰ যাদু বুলি কয় তাই৷ জীয়েকহঁতৰ কাৰণে তাই এই যাদু আয়ত্ব কৰিবলৈ সদায় চেষ্টা চলায়৷

“ৰিয়াই কিবা এটা খালে ভাল লাগিলহেঁতেন!”

“সিঁহতৰ সেইটোয়ে অভ্যাস জানানে, লেবেজান হৈ যোৱালৈকে খেলিব, তাৰপিচত কেতিয়া গাড়ীৰ পৰা উঠাই বিছনাত শুৱাই দিওঁ গমেই নাপায়৷ তুমি তাকে লৈ চিন্তা নকৰিবা মা৷”

মাকে বিষয়টো তাতে সমাপ্ত কৰিলে কিন্তু, হেমা আৰু মানৱৰ নিৰ্বিকাৰ আচৰণ আজিৰ দিনৰ বাস্তৱবাদী অভিভাৱকৰ আচৰণ নে জীৱনৰ সৰলীকৃত সূত্ৰ বুলি ক’ব ভাবি নেপালে৷ তেওঁ কিন্তু সন্তুষ্ট নহয় দুয়োজনীয়ে নোখোৱাকৈ শুই যোৱাত৷

জীৱনৰ সকলো ধাৰণাই আপেক্ষিক, এজনৰ বাবে শুদ্ধ ধাৰণাটো আন এজনৰ বাবে শুদ্ধ নহ’বও পাৰে! ভাৱে বিদিশাই৷ যুক্তি নোহোৱাও নহয় জী-জোঁৱায়েকৰ কিছুমান ধাৰণাত! হেমাৰ অকাট্য যুক্তি হ’ল, মাকে গোলাঘাটৰ ঘৰ ভাৰা দিব লাগে৷ এবাৰলৈ মানিবলৈ মন যায়, বিদিশাৰ, কাৰণ হেমাও সেই ঘৰৰ সম-অংশীদাৰ! কিন্তু তেওঁ অজান এক কাৰণত মানি ল’ব নোৱাৰে এই কথা . . . .

… … … … … …

সময়ৰ চকৰি ঘূৰি আছে অবিৰত! ঘূৰা নাই বিদিশাৰ দেহৰ অণু-পৰমাণুবিলাকহে! তেওঁ স্থবিৰ যি হ’ল আৰু হ’লেই৷ জীয়েকৰ যত্ন নোহোৱা হ’লে তেওঁ আজি ক’মাত অৱস্থান কৰিলেহেঁতেন! স্বীকাৰ কৰে বিধ্বস্ত মাতৃগৰাকীয়ে৷ জীৱনৰ পাঠে তেওঁক বহুত শিকালে, তথাপি তেওঁ দুখত ভাঙি পৰিবলৈ এৰা নাই বা জীৱনৰ মোহ এৰি জীয়েকৰ ওচৰৰ পৰা একেবাৰে গুচি গৈ ‘অৰিশিখা কুটিৰ’ৰ ভগ্নাংৱশেষৰ মাজত জীৱনৰ বীজ ৰোপণ কৰিব পৰা নাই! ধংসৰ পথাৰতে সিঁচা হয় সৃষ্টিৰ বীজ! হয়, সৃষ্টিৰ বীজ সিঁচাৰ পৰিকল্পনা বিদিশাই ইতিমধ্যেই কৰিছে৷

… … … … …

দেওবাৰৰ ৰাতিপুৱা৷ নতুন দিন, নতুন জীৱনক বোকোচাত তুলি উলিয়াই আনিছে পূৱতি সূৰুযটোৱে৷ মুখখন ধুই ডিছেম্বৰ মাহৰ কোমল ৰদ কাঁচলি গাঁত লওঁ বুলি হেমা ছাদৰ ওপৰত বাতৰি কাগজখনৰ সৈতে বহিলগৈ৷ অলপপৰ পিচত দুকাপ চেনি নিদিয়া গ্ৰীণ টী লৈ মাকো সেইখিনি পালেগৈ৷ মাকৰ পৰিবৰ্তন দেখি ভাল লাগিল হেমাৰ৷ জীৱন লগৰী আৰু পুত্ৰক সমসাময়িকভাৱে হেৰুৱাই সকলো হেৰুৱাই পেলোৱা মানুহগৰাকীক এনেকৈ মূৰ দাঙি উঠোৱাৰ বাবে হাজাৰ আয়োজন কৰি যোৱা সাত-আঠ বছৰে ভাগৰি পৰিছিল একমাত্ৰ জীয়েক হেমা৷

মাক-জীয়েকৰ একান্ত মুহূৰ্তটি পিছফালৰ পৰা ক্ষন্তেকৰ বাবে অনুভৱ কৰি আপ্লুত হ’ল মানৱ৷ সি তেওঁলোকক মুহূৰ্তটিৰ সৈতে অকলে এৰি দিয়াৰ সিদ্ধান্ত লৈ উভতি গুচি গ’ল৷

……………

এদেও দুদেও কৰি আগবাঢ়িছে জীৱন৷ মৃত্যু জিনাৰ সপোনে আকৌ কাৰোবাৰ চকুত গৰ্ভধাৰণ কৰিছে; একলা দুকলাকৈ বাঢ়ি আহিছে হেঁপাহ; যাৰ আচল নাম হ’ল জীৱন! প্ৰশান্তিৰ নিশ্বাস নামি আহিছে সকলোৰে বুকুলৈ৷ আৰু এই নিশ্বাস বুকুয়েদি নামি নদী হৈ জীৱনসাগৰত একাকাৰ হোৱাৰ প্ৰয়াস কৰিছে৷ পিতৃ-মাতৃক সৰুতেই হেৰুৱাই অনাথ হোৱা মানৱৰো সপোন এটা মনত গজিবলৈ লৈছে, এগৰাকী মাকৰ ছাঁয়াৰে ধন্য হোৱাৰ! হেমাৰ কাৰণে বেচেৰায়ো কম কষ্ট স্বীকাৰ কৰা নাই, গতিকে এয়া এক পুত্ৰবত অধিকাৰ সিও ডাবি কৰে৷ অসমৰ চাকৰি এৰি নেহুৰ দৰে জনজাতি প্ৰধান বিশ্ববিদ্যালয়ৰ চাকৰিটোত সোমাবলৈ পণ লৈ ওলাই আহোতে ইমান ভবা নাছিল সি৷ মাত্ৰ ভাবিছিল, দুজনী কণমাণিৰে সৈতে ‘বৰাপানী স্পেচ চেন্তাৰত’ অবদলীকৃত স্থায়ী পদত কৰ্মৰত পত্নীৰ সংসাৰ সম্পূৰ্ণ কৰিব লাগে৷ সেয়াই আৰম্ভণি, আৰু কোনোদিন পিছলৈ ঘূৰি চোৱা নাই মানৱৰ বিশ্বজয়ী মনটোৱে৷ সকলো জয় কৰি গৈ আছে সময়ৰ আহ্বানৰ স’তে৷ পৰিয়ালৰ গুৰুত্ব আছে তাৰ বাবে, তাৰ জীৱনৰ বাবে৷ হেমাৰ মাক আৰু তাৰ শাহুয়েকৰ স’তে সিহঁতৰ জীৱন ওতঃপ্ৰোতভাৱে জড়িত৷ হেমাক জন্ম দিয়া তথা মানৱসম্পদ হিচাপে গঢ়ি তোলা মাকগৰাকী তাৰ চিৰনমস্য৷ সেয়েহে মানসিকভাৱে প্ৰায় বিধ্বস্ত তথা জঠৰ অৱস্থাত উদ্ধাৰ কৰা মানুহগৰাকীৰ দুটাবছৰৰ উন্নতিয়ে পৰিয়ালটোক যথেষ্ট আনন্দ দিছে৷ শেষতীয়াভাৱে যোৱা ছমাহৰ মাকৰ শাৰীৰিক মানসিক অৱস্থাৰ দ্ৰুত উন্নতি পৰিলক্ষিত হৈছে৷

… … … … …

জীৱনৰ গতিবেগ কেতিয়াবা বাঢ়ি যায়, দুৰ্ঘটনা হোৱাৰ ভয়ত গতি কমাবলৈ চিন্তা কৰিব লগা হয়৷ বিদিশাৰ বৰাৰ জীৱনৰ গতিক হেমা আৰু মানৱে নিয়ন্ত্ৰন কৰাৰ চেষ্টা চলায়৷ সিহঁতে বিচাৰিছে মাক সিহঁতৰ বাবে থাকক চিৰদিন, কিন্তু তেওঁ যেতিয়াৰ পৰা সুস্থিৰ হ’ল, তেওঁৰ গতিহীন জীৱনক গতি দিয়াৰ চেষ্টাত নিৰূপিত হ’ল৷ আচলতে নিৰুপায়, তেওঁ৷ তেওঁক মৰমে সাময়িকভাৱেহে লাঘৱ কৰিলে, স্থায়ীভাৱে নহয়৷ বিদিশাৰ হৃদয়ৰ বিস্তাৰ তাতোকৈ বেছি৷

তেওঁৰ সমস্ত পৰিকল্পনা শুনি মেলা মুখ মেলাতেই থাকিল হেমা-মানৱৰ! সাধাৰণ মানুহৰ পচন্দৰ কাম এনে কেতিয়াও হ’ব নোৱাৰে, ভাৱে মানৱে৷ ৰাতিৰ বাৰবজাৰ ঘণ্টা বাজিছে ক’ৰবাত, বিদিশা বৰাই জীয়েক আৰু জোৱায়েকক বুজাই আছে ‘অৰিশিখা কুটিৰ’ৰ নৱৰূপ৷ ইতিমধ্য তেওঁ সকলো যোঁ-জা কৰিছে৷ হেমাই ভাবি নাপালে কি ক’ব প্ৰত্যুত্তৰ হিচাপে . . . . . বহুত সময়ত বহুতো প্ৰশ্নৰ উত্তৰ পোৱা নাযায়!

গাড়ীখন যোৱাৰ পিচত নেদেখা হোৱালৈ চাই থাকি তাতে ৰৈ যোৱা হেমাৰ হাতত ধৰি মানৱ ঘৰৰ ভিতৰত সোমাল৷ দুয়োৰে দুখক সাহসত পৰিণত কৰি গুচি গ’ল লৌহ মানৱীগৰাকী; যদিও, মাতৃৰ সংগ হেৰুওৱা হেমাৰ মনটো একো যুক্তিতে পতিয়ন যোৱা নাই! যিগৰাকী মানুহক হেমা আৰু মানৱে জীৱনৰ পাঠ শিকোৱাৰ চেষ্টা কৰিছিল, সেইগৰাকী মানুহৰ দৃষ্টিৰ দুৰত্ব দেখি ধন্য হ’ল দুয়ো৷ হেমাৰ চকুত ভাঁহি আহিল ‘অৰিশিখা কুটিৰ’ আৰু নানান অনাথ শিশুৰ কলৰৱ!■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক