অৰুণাচলৰ কিছু-কথাঃ লুম্মেৰ দাইৰ জীৱন গাঁথা (দুলাল বৰুৱা )

সাহিত্যৰ বৈবিধ্যময় উপাদানবোৰে বহু পাঠকৰ মনলৈ আনে কল্পনাশক্তিৰ এক শক্তিশালী জোৱাৰ। সেই জোৱাৰত পৰিমাৰ্জিত হয় মানুহৰ মনন আৰু চিন্তন। তেনে সাহিত্য স্থায়ী হৈ ৰয় পাঠকৰ মনত। সৃষ্টি কৰে অনুভৱৰ কিছু ধ্বনি-প্ৰতিধ্বনি যাৰ সুকোমল শব্দই যুগ যুগান্তৰলৈ ন-ন পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। অৰুণাচল প্ৰদেশৰ সমৃদ্ধ জনজাতীয় সমাজ সংস্কৄতিৰ পটভূমিত সাহিত্যৰ সৃষ্টি কৰ্মৰে, অসমীয়া সাহিত্যলৈ অনন্য বৰঙণি আগবঢ়োৱা এজন সহজ সৰল আপোনভোলা কৰ্তব্যপৰায়ণ সাহিত্যকৰ্মী লুম্মেৰ দাই। ছিযাং নদীৰ পূৱপাৰত মেব’ অঞ্চলৰ ছিলুক নামেৰে এখনি বৃহৎ গাঁও আছিল। গাঁওখনৰ তিনিটা চুবুৰী লুক্কু, মিমেচিফ’ আৰু ডাপি। এই গাৱঁতে ১৯৪০ চনত ১ জুন তাৰিখে জবো দাই আৰু কমছাক দাইৰ কনিষ্ঠ সন্তান লুম্মেৰ দাইৰ জন্ম। পৰিয়ালৰ আৰ্থিক দুৰৱ্স্থা স্বত্তেও তেওঁৰ অদম্য উত্সাদহক উপেক্ষা কৰিব নোৱাৰি পৰিয়ালে গাঁৱৰে পাঠশালাতে কণমানি লুম্মেৰ দাই বিদ্যাৰম্ভ কৰালে। ১৯৫০ চনত তেখেতে পাছিঘাট মিডল স্কুলত নামভৰ্তি কৰিলেগৈ। তাৰ পাচত ১৯৫৯ পাছিঘাট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।
উচ্চশিক্ষাৰ বাবে কলেজলৈ যোৱাৰ সপোন দেখা লুম্মেৰ দাইৰ আগত আকৌ থিয় হ’ল দাৰিদ্ৰৰ অলংঘণীয় প্ৰাচীৰ। টকা নাছিল সাজ কাপোৰ আৰু গুৱাহাটীলৈ আহি কলেজত নাম ভৰ্তি কৰাৰ বাবে। লিভ ভেকেঞ্চীত থকা টেলিফোন একচেঞ্জত অপাৰেটৰৰ কাম এমাহ কৰাত কাপোৰৰ সমস্যা সমাধা হ’ল। ঠিক তেনে সময়তে ডায়েক ডাগম দাৱাঙে ক’ৰবাৰ পৰা যোগাৰ কৰি দিয়া এশ টকা হাততলৈ তেওঁ গুৱাহাটী পাইছিলহি। তেওঁ ১৯৫৯ চনত কটন কলেজত আই এ মহলাত ভৰ্ত্তি হ’ল। কেই মাহমানৰ পাচতেই নেফা প্ৰকাশনৰ বৃত্তি লাভ কৰি তেখেতে কিছু সকাহ পালে। ১৯৬১ চনত আই এ পৰীক্ষাত বহি কৃতকাৰ্য্য হ’ব নোৱাৰিলে। বন্ধ হৈ গ’ল চৰকাৰী বৃত্তি। কিন্তু সংগ্ৰামী লুম্মেৰ দাইয়ে হাৰ নামানিলে। শ্বিলঙৰ নেফা সচিবালয়ত কোনোমতে ৰেকৰ্ড কীপাৰৰ চাকৰি এটা যোগাৰ কৰি ১৯৬২ চনত ইন্টাৰমেডিয়েট পাছ কৰিলে। ১৯৬৬ চনত ছেইন্ট এডমাণ্ড কলেজৰ পৰা স্নাতক ডিগ্ৰীও লাভ কৰিলে। তাৰ পিচত গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে ইংৰাজী বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত যোগদান কৰে যদিও চূড়ান্ত পৰীক্ষাত নবহাকৈ শিক্ষা জীৱনৰ সামৰণি পেলাইছিল।
১৯৬৯ চনৰ পৰা ১৯৭৩ চন পৰ্য্যন্ত তেখেতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আদি ভাষাৰ অনুবাদক ও ঘোষক হিচাবে সেৱা আগবঢ়োৱাৰ পাচত ১৯৭৩ চনৰ ছেপ্টেম্বৰ মাহত ব’মডিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া(DIPRO) হিচাবে যোগদান কৰে। এই বিভাগতেই ১৯৭৯ চনত সহকাৰী নিৰ্দেশক, ১৯৮১ চনত উপ-নিৰ্দেশক আৰু শেষত ১৯৮৩ চনত নিৰ্দেশক হিচাবে কায্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে।
প্ৰাথমিক বিদ্যালয়তে টাগাং টাকি আৰু লুম্মেৰ দাইৰ সম্পাদনাত “য়্মগ” নামৰ হাতে লিখা আলোচনী এখন ওলাইছিল। পিছলৈ লুম্মেৰ দাইয়ে সম্পাদনা কৰিছিল “গিৰিবাণী” নামৰ আলোচনীখন। এয়া য়েন এক সম্ভাৱনাময় ভৱিষ্যতৰ কৰ্ষণস্থলী। এক মহান চিত্ৰ্ৰকাৰৰ প্ৰথম সৃষ্টিৰ ৰঙীণ আঁক-বাঁক। ’গিৰিবাণী”ত তেওঁৰ এটা প্ৰৱন্ধ ওলাইছিল “আবৰ(আদি)”। চতুৰ্থ শ্ৰেণীত পঢ়া জনজাতীয় এটি ল’ৰাই নিজৰ সীমিত অসমীয়া শব্দৰে “গিৰিবাণী” প্ৰথম সংখ্যালৈ লিখা এটি চমু প্ৰৱন্ধ। শিক্ষাগুৰু বাছালাল বৰুৱাই বিচাৰি পাইছিল শিশু লুম্মেৰ দাইৰ মৌলিক চিন্তাশীলতা আৰু সাহিত্যিক ক্ষমতা। শিক্ষক হিচাবে তেওঁক সাহিত্য সৃষ্টিত অনুপ্ৰেৰণা যোগাইছিল শিক্ষাগুৰু উমেশ্বৰ দলে, অন্নদা প্ৰ্সাদ বৰঠাকুৰ, বাছালাল বৰুৱা আৰু নৰেন্দ বৰকটকীয়ে।
কটন কলেজত পঢ়ি থকা সময়ৰে পৰা তেখেতে অসমীয়া সাহিত্য জগতত নতুন যুগৰ সুচনা কৰা ৰামধেনু, নৱযুগ, আৰু নতুন অসমীয়াৰ বাবে চুটিগল্প লিখিবলৈ আৰম্ভ কৰে। ১৯৬০ চনত ভাষা আন্দোলনত কটনৰ মজিয়াত ৰঞ্জিত বৰপুজাৰী শ্বহীদ হোৱা দেখি তেখেতৰ কলমেদি নিগৰি ওলাইছিল “এটি তপত স্মৃতি” নামৰ গল্পটো ১৯৮৮ চনৰ ২০ ফ্ৰেব্ৰুৱাৰীত তেখেতৰ মানস সন্তান হিচাবে অৰুণাচল প্ৰদেশৰ প্ৰথম বাতৰি কাকত “Echo of Arunachal” এ জন্ম লাভ কৰি আজিও সেৱাত ব্ৰতী আছে। ১৯৫৯ চনত লুম্মেৰ দায়ে ৰচনা কৰিছিল তেখেতৰ প্ৰথম উপন্যাস “পাহাৰৰ শিলে শিলে” (প্ৰকাশ ১৯৬০) তাৰপিছত ১৯৬২ চনত ৰচনা কৰিছিল “পৃথিৱীৰ হাঁহি”, অসম প্ৰকাশন পৰিষদে ১৯৬৩ চনত প্ৰকাশ কৰে। ১৯৬৫-৬৬ চনত তেখেতে ৰচনা কৰা “মন আৰু মন” নামৰ উপন্যাসখন অসমীয়া উপন্যাস জগতত এক মাইলৰ খুটি হিচাবে স্বীকৃত। এই উপন্যাসখনত আদিলোক সকলৰ মানসিক চিন্তাধাৰা, সমাজ জীৱন সুন্দৰকৈ উপস্থাপন কৰি গৈছে। এই খন উপন্যাস দত্তবৰুৱা এণ্ড কোম্পানীয়ে ১৯৬৭ চনত প্ৰকাশ কৰে। ১৯৭৫-৭৬ চনত ৰচনা কৰা “কইনাৰ মূল্য” উপন্যাসখনি ১৯৭৮ চনত মিত্ৰ এজেঞ্চিয়ে প্ৰকাশ কৰে। ২০০০-২০০২ চনত তেখেতে লিখি উলিয়াইছিল তেখেতৰ অন্তিমখন উপন্যাস “ওপৰ মহল”।
এইখিনিতে তেখেতৰ পত্নী শ্ৰীমতী নান্নী দাইৰ কথা উল্লেখ নকৰিলে লিখাটো অসম্পূৰ্ণ হৈ ৰ’ব। লুম্মেৰ দাই জীৱনৰ প্ৰতিটো খোজতে যুগ্ম জীৱনৰ আৰম্ভণিৰে পৰাই সংগী হৈ থকা নান্নী দাই বাইদেৱে তেখেতৰ একক প্ৰচেষ্টাৰে লুম্মেৰ দাইৰ সপোনৰ কুমলীয়া পুলিটিৰ শ্ৰীবৃদ্ধি ঘটাই এজোপা জাতিষ্কাৰ বৃক্ষৰ ৰূপ দিবলৈ সক্ষম হৈছিল। আমি ইয়াতে তেওঁক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
২০০২ চনৰ ৫ এপ্ৰিল তাৰিখে নাতিদীৰ্ঘ অসুস্থতাৰ পাচতেই এই সহজ সৰল, আপোনভোলা অথচ সংগ্ৰামী মানুহজনে ইহলীলা সম্বৰণ কৰিলে। অসম-অৰুণাচলৰ সাহিত্য আৰু সমাজ জীৱনত তেখেতে এক অপুৰণীয় শূণ্যতা এৰি থৈ গ’ল। তেখেতৰ সংস্কাৰমুখী লেখাৰে আনিব খোজা ঢৌ সৰ্বহাৰাৰ দুচকুতো জিলিকি উঠক প্ৰশান্তিৰ সন্তুষ্টি এক অনাবিল আনন্দ। দৃঢ় হওঁক অসম অৰুণাচলৰ সম্প্ৰীতিৰ এনাজৰীডাল। আমাৰ মাজত চিৰদিন জীয়াই থাকক লুম্মেৰ দাই………
[তথ্যৰ সহায় লৈ……]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments